মহিলাৰ-স্বাস্থ্য-সন্দৰ্ভত-পাৰিৰ-ধাৰাবাহিক-প্ৰতিবেদন

Nov 25, 2021

মহিলাৰ স্বাস্থ্য সন্দৰ্ভত পাৰিৰ ধাৰাবাহিক প্ৰতিবেদন

এয়া পাৰিয়ে সমগ্ৰ ভাৰত সামৰি কৰা প্ৰতিবেদনৰ এক শৃংখল। এই ধাৰাবাহিক শৃংখলৰ প্ৰতিবেদনবোৰৰ জৰিয়তে মহিলাৰ প্ৰজনন স্বাস্থ্য বিষয়ক বিভিন্ন দিশ যেনে বাঁজী হোৱাৰ কলংকৰ পৰা আৰম্ভ কৰি মহিলাক বন্ধ্যাকৰণৰ বাবে বাধ্য কৰোৱা, পৰিয়াল পৰিকল্পনাত অদৃশ্য হৈ পৰা পুৰুষৰ ভূমিকা, বহুতকে ঢুকি পোৱাত অপাৰগ গ্ৰামীণ স্বাস্থ্য ব্যৱস্থাৰ দুৰৱস্থা, অযোগ্য চিকিৎসক আৰু বিপজ্জনক পৰিস্থিতিৰ মাজত সন্তান প্ৰসৱ, মাহেকীয়াৰ নামত বৈষম্য, পুত্ৰ সন্তানৰ অগ্ৰাধিকাৰ আদি বিভিন্ন দিশ সামৰি লোৱা হৈছে। সমাজত শিপাই থকা মহিলাৰ স্বাস্থ্য সংক্ৰান্ত বদ্ধমূল ধাৰণা আৰু প্ৰথা, ব্যক্তি আৰু সম্প্ৰদায়, লিংগ আৰু অধিকাৰৰ লগতে ভাৰতৰ গ্ৰামাঞ্চলৰ মহিলাৰ দৈনন্দিন জীৱনৰ প্ৰত্যাহ্বান আৰু সৰু সৰু সফলতাৰ কাহিনীবোৰো এই ষ্ট’ৰিবোৰৰ জৰিয়তে দাঙি ধৰা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Translator

PARI Translations, Assamese

Author

PARI Contributors