নিজৰ ঘৰৰ বাহিৰত খাট এখনত বহি থকা ৪০ বৰ্ষীয় মালনে নিজৰ মাক ঘৰলৈ উভতি অহালৈ অপেক্ষা কৰিছে। তেওঁ নিজৰ পচন্দৰ ফুলাম চোলা আৰু ভৰিলৈকে আগুৰা গাউন পিন্ধিছে। মোক দেখি তেওঁৰ মুখখনত হাঁহি বিৰিঙিল। আগতে এবাৰ লগ পোৱা কাৰণে তেওঁ মোক চিনি পাইছে। ‘আই নাহী ঘৰী (মা, ঘৰত নাই),’ শিল-মাটিৰে সজা সিহঁতৰ দুটা কোঠাৰ ঘৰটোৰ দুৱাৰডলিত বহোতে তেওঁ মোক ক’লে।
মালন মৌৰে তেওঁৰ ৬৩ বৰ্ষীয় মাতৃ ৰাহীবাঈ আৰু ৮৩ বৰ্ষীয় পিতৃ নানাৰ সৈতে ৱাডি গাঁৱত থাকে (তেওঁলোকৰ নাম আৰু গাঁৱৰ নাম সলনি কৰা হৈছে)। এই গাওঁখন পুণে জিলাৰ মুলচি তালুকত আছে, তাতে এই পৰিয়ালটোৱে তিনি একৰ মাটিত ধান, গমধান আৰু শাক-পাচলিৰ খেতি কৰে।
মালনৰ তেতিয়া বয়স প্ৰায় ১৮ বছৰ। পুণেৰ চচুন জেনেৰেল হস্পিতালত তেওঁৰ ‘ব’ৰ্ডাৰলাইন মানসিক বিসংগতি’ৰ কথা ধৰা পৰে।
তাৰ আগতে ১২ বছৰলৈ তেওঁ ৰাজ্যচালিত স্থানীয় প্ৰাথমিক বিদ্যালয়ত পঢ়িবলৈ গৈছিল। ‘তেওঁৰ আটাইকেইজন সহপাঠীয়ে ৪ম শ্ৰেণী উত্তীৰ্ণ হৈ আগবাঢ়িল, কিন্তু তেওঁ মাটিত বগাই ফুৰাৰ বাদে একো কৰিব নোৱাৰিলে,’ ৰাহীবাঈয়ে কয়। ‘শেষত শ্ৰেণীশিক্ষকে তেওঁক বিদ্যালয়ৰ পৰা উলিয়াই নিবলৈ মোক কয়,’ মালনৰ তেতিয়া বয়স ১৫ বছৰ আছিল।
তেতিয়াৰে পৰা মালনে নিজৰ মাকৰ সৈতে সৰু-সুৰা কাম কৰি দিনবোৰ কটাই আহিছে। কিন্তু যেতিয়া মন যায়, তেতিয়াহে কৰে। তেওঁ কথা কোনোমতেহে ক’ব পাৰে। কথাও সাধাৰণতে ৰাহীবাঈ আন কেইজনমানৰ সৈতেহে কথা পাতে। কিন্তু তেওঁ কথা বুজি পায় আৰু যোগাযোগ কৰিব পাৰে। মই তেওঁৰ সৈতে কথা পাতোতে তেওঁ মুৰ দুপিয়াইছে, হাঁহিছে আৰু এক ক্ষণমানৰ বাবে কথা ক’লে।







