দেওবাৰে পুৱা ১০.৩০ বাজিছে আৰু হানী কামৰ বাবে সাজু হৈছে। ড্ৰেছিং টেবুলৰ সন্মুখত থিয় হৈ তেওঁ সাৱধানে উজ্জল ৰঙা লিপষ্টিক লগাইছে। “মোৰ পোছাকৰ লগত এই ৰং ধুনীয়াকৈ খাপ খাব,” সাত বছৰীয়া কন্যা সন্তানক খুৱাবলৈ লৰালৰি কৰা হানীয়ে কয়। ড্ৰেছিং টেবুলৰ ওপৰত কেইখনমান মাস্ক আৰু এজোৰ ইয়াৰফোন পৰি আছে। টেবুলৰ ওপৰত বিভিন্ন প্ৰসাধন সামগ্ৰী বিশৃংখল হৈ পৰি আছে, ইফালে ড্ৰেছিং আইনাখনত কোঠাৰ এটা চুকত থকা ভগৱান আৰু পৰিয়ালৰ লোকৰ আলোকচিত্ৰ প্ৰতিফলিত হৈছে।

নতুন দিল্লীৰ মঙলপুৰী এলেকাৰ বস্তিত এটা কোঠাৰ তেওঁৰ ভাড়াঘৰৰ পৰা ৭-৮ কিলোমিটাৰ দূৰত এখন হোটেলত এজন গ্ৰাহকক লগ ধৰিবলৈ হানী (নাম সলনি কৰা হৈছে) সাজু হৈছে। তেওঁ প্ৰায় ৩২ বছৰ বয়সীয়া আৰু পেছাত এগৰাকী যৌনকৰ্মী। ৰাজধানী দিল্লীৰ নাংলৈ জাঠ এলেকাৰ সমীপত তেওঁ কাম কৰে। তেওঁৰ আচল ঘৰ আছিল হাৰিয়ানাৰ গ্ৰামাঞ্চলত। “১০ বছৰৰ আগতে ইয়ালৈ আহিলো আৰু এতিয়া এই অঞ্চলৰ বাসিন্দা হৈ পৰিলো। দিল্লীলৈ অহাৰ পিছৰ পৰা ইটোৰ পিছত সিটো দুৰ্ভাগ্যই মোৰ লগ এৰা নাই।”

কেনে ধৰণৰ দুৰ্ভাগ্য?

“চাৰিবাৰ গৰ্ভপাত হোৱা বহুত ডাঙৰ কথা। মোৰ ক্ষেত্ৰত এইবিলাক হৈছে, মোক খুৱাবলৈ, যত্ন ল’বলৈ বা চিকিৎসালয়লৈ লৈ যাবলৈ কোনো নাছিল”, নিজেই নিজৰ মতে বহুদূৰ আগুৱাই আহিল বুলি এক কৃত্ৰিম হাঁহি মাৰি হানীয়ে কয়।

“মই এই বৃত্তিত ভৰি দিয়াৰ এইটোৱেই একমাত্ৰ কাৰণ। মই খাবলৈ বা মোৰ সন্তানক খুৱাবলৈ টকা নাই” এতিয়াও মোৰ গৰ্ভত এটি সন্তান আছে। পঞ্চমবাৰৰ বাবে মই গৰ্ভধাৰণ কৰিছো। মই দুমাহৰ অন্তঃসত্বা হৈ থকা অৱস্থাত স্বামীয়ে মোক এৰি থৈ গুছি গৈছিল। মোৰ ৰুগ্নতাৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে, মোক মই কাম কৰা কাৰখানাৰ মালিকে কামৰ পৰা বাহিৰ কৰি দিলে, সেই কাৰখানাত প্লাষ্টিকৰ টেমা তৈয়াৰ কৰা হয়। কাৰখানাৰ কামৰ পৰা মই মাহে ১০,০০০ টকা উপাৰ্জন কৰিছিলো,” তেওঁ কয়।

১৬ বছৰ বয়সতে হানীৰ পিতৃ-মাতৃয়ে হাৰিনায়াত তেওঁৰ বিবাহ সম্পন্ন কৰিছিল। কেইবছৰমান হানী আৰু তেওঁৰ স্বামী হাৰিয়ানাতে আছিল। স্বামীয়ে গাড়ী চালকৰ কাম কৰিছিল। প্ৰায় ২২ বছৰমান বয়সত হানী আৰু তেওঁৰ স্বামী দিল্লীলৈ আহে। কিন্তু দিল্লীলৈ আহি পোৱাৰ পিছত সুৰাসক্ত স্বামী প্ৰায়ে অন্তৰ্ধান হোৱা আৰম্ভ কৰিলে। “কেতিয়াবা কেইবামাহৰ কাৰণে হানীক এৰি স্বামী নোহোৱা হয়। ক’লৈ যায়? মই নাজানো। এতিয়াও তেনেকুৱা কৰে আৰু মোক সেই বিষয়ে কেতিয়াও একো নকয়। মাত্ৰ আন মহিলাৰ সৈতে আঁতৰি যায় আৰু যেতিয়া হাতত টকা নোহোৱা হয়, তেতিয়া উভতি আহে। তেওঁ খাদ্য-সামগ্ৰী যোগনীয়াৰ এজেণ্ট হিচাপে কাম কৰে আৰু উপাৰ্জনৰ ধনৰ প্ৰায় গোটেইখিনি নিজৰ বাবে খৰছ কৰে। মোৰ চাৰিবাৰকৈ গৰ্ভপাত হোৱাৰ এয়ে মূল কাৰণ। মোৰ প্ৰয়োজন হোৱা ঔষধো তেওঁ আনি নিদিয়ে বা পুষ্টিকৰ খাদ্যৰ কথাও নাভাবে। মই ক্ৰমাৎ দুৰ্বল হৈ পৰিছিলো,” তেওঁ কৈ যায়।

'I was five months pregnant and around 25 when I began this [sex] work', says Honey
PHOTO • Jigyasa Mishra

মই এই কামত জড়িত হোৱাৰ সময়ত মোৰ বয়স আছিল প্ৰায় ২৫ বছৰ আৰু সেই সময়ত মই পাঁচ মাহৰ গৰ্ভৱতী , হানীয়ে কয়

বৰ্তমান ৭ বছৰীয়া কন্যা সন্তানৰ সৈতে মঙলপুৰীৰ ৩৫০০ টকাৰ এটা ভাড়া ঘৰত হানী থাকে। স্বামীও তেওঁলোকৰ সৈতে থাকে, কিন্তু কেইমাহমানৰ মুৰে মুৰে তেওঁ ক’ৰবালৈ গুছি যায়। “কাৰখানাৰ কাম যোৱাৰ পিছত কোনোমতে চলি থাকিবলৈ মই বহুতো চেষ্টা কৰিলো, কিন্তু নোৱাৰিলো। তেতিয়া গীতা বাইদেৱে মোক যৌনকৰ্মী হোৱাৰ কথা ক’লে আৰু মোৰ প্ৰথমজন গ্ৰাহক যোগাৰ কৰি দিলে। মই তেতিয়া পাঁচমহীয়া গৰ্ভৱতী - বয়স প্ৰায় ২৫ বছৰ, তেতিয়া মই এই কামত জড়িত হ’লো,” তেওঁ কয়। আমি কথা পাতি থাকোতে তেওঁ নিজৰ কন্যা সন্তানক খুৱাই আছিল। ব্যক্তিগত খণ্ডৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত দ্বিতীয় শ্ৰেণীত হানীৰ কন্যাই পঢ়ে, প্ৰতি মাহে ৬০০ টকা মাচুল দিব লাগে। তলাবন্ধৰ সময়ত ছোৱালীজনীৰ অনলাইন ক্লাছ কৰিবলগীয়া হওঁতে হানীৰ ফোনৰ পৰা কৰে, সেই ফোনেৰে হানীৰ গ্ৰাহকেও যোগাযোগ কৰে।

“ঘৰ ভাড়া দিয়া আৰু খোৱা বস্তু তথা ঔষধ ক্ৰয় কৰাৰ জোখাৰে এই জীৱিকা চলে। প্ৰথমৱস্থাত মই মাহে ৫০,০০০ টকালৈকে উপাৰ্জন কৰিছিলো। সেই সময়ত মই যথেষ্ট ডেকা আৰু ধুনীয়া আছিলো। এতিয়া মোৰ অলপ ওজন বাঢ়িছে,” খোলা হাঁহি এটা মাৰি হানীয়ে কয়। “মই ভাবিছো মোৰ প্ৰসৱৰ পিছত মই এই কাম বাদ দিম আৰু ভাল কাম বিচাৰিম, ঘৰত বন কৰা মানুহ বা ঝাড়ুদাৰ কাম হ’লেও কৰিম। কিন্তু ভাগ্যই বা মোক কোন ফালে টানি নিয়ে।”

“মই এই গৰ্ভৱতী অৱস্থাতো উপাৰ্জন কৰিবলৈ ওলোৱাৰ কাৰণ হ’ল যে মই পঞ্চমবাৰৰ বাবে গৰ্ভপাত হোৱা নিবিচাৰো। মোৰ আহিবলগীয়া সন্তানক মই সাধ্যানুসাৰে ভাল ঔষধ আৰু খাদ্য খুৱাব বিচাৰো, সেই কাৰণেই মোৰ গৰ্ভধাৰণৰ নৱম মাহতো মই গ্ৰাহকৰ অনুৰোধ ৰক্ষা কৰিছো। সাধাৰণতে এইটো কষ্টকৰ, কিন্তু ইয়াৰ বাহিৰে মোৰ আন কোনো উপায় নাই। মই যিমানদূৰ জানো ইয়াৰ ফলত সন্তান প্ৰসৱৰ সময়ত কিছুমান নতুন জটিলতাৰ সৃষ্টি হ’ব পাৰে,” হানীয়ে কয়।

“গৰ্ভাৱস্থাৰ শেষৰ তিনি মাহত যৌন কৰ্মত সক্ৰিয় হ’লে বিভিন্ন ধৰণৰ বিপদ হ’ব পাৰে,” পাৰিক লক্ষ্ণৌৰ প্ৰসূতি বিশেষজ্ঞা ডা. নীলম সিঙে জনায়। “তেওঁৰ পেশী বিদাৰণ (হাৰ্নিয়া)ৰ দৰে সমস্যা হ’ব পাৰে আৰু যৌন কৰ্মৰ ফলত সংক্ৰমিত ৰোগৰ সংস্পৰ্শত আহিব পাৰে। ইয়াৰ ফলত অকাল প্ৰসৱৰ সম্ভাৱনা থাকে আৰু শিশুটোও যৌন কৰ্মৰ ফলত সংক্ৰমিত ৰোগৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে। গৰ্ভধাৰণৰ প্ৰথমাৱস্থাত সঘনে যৌন সম্পৰ্ক কৰিলে গৰ্ভপাত কৰাবলগীয়া হ’ব পাৰে। বেছিভাগ ক্ষেত্ৰতে যৌনকৰ্মীৰূপে কাম কৰা মহিলাই গৰ্ভধাৰণ কৰাটো নিবিচাৰে। কিন্তু যদি গৰ্ভৱতী হয় আৰু তেওঁলোকে যৌন কৰ্ম অব্যাহত ৰাখে, ইয়াৰ ফলত কেতিয়াবা দেৰিকৈ আৰু বিপজ্জনক গৰ্ভপাত কৰাবলগীয়া হয়, যাৰ ফলত তেওঁলোকৰ প্ৰজননৰ লগত জড়িত শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।”

“অসহ্য খজুৱতি আৰু বিষৰ কাৰণে মই এবাৰ ছন’গ্ৰাফি কৰাইছিলো,” হানীয়ে কয়। “মই জানিব পাৰিলো যে মোৰ উৰুত এবিধ অস্বাভাৱিক খজুৱতি হোৱাৰ লগতে তলপেট আৰু যৌনাংগ উখহিবলৈ ধৰিছে। অসহ্য বিষ আৰু টকাৰ খৰছৰ বাবে মৰি যাম যেন লাগিছিল।” চিকিৎসকে তেওঁক কৈছিল যে এয়া যৌন ক্ৰিয়াৰ ফলত সংক্ৰমিত ৰোগ। “সেই সময়ত মোৰ এজন গ্ৰাহকে মোক আৱেগিক আৰু আৰ্থিক সহায় কৰিছিল। মই চিকিৎসকক মোৰ পেছাৰ বিষয়ে কোৱা নাছিলো। সেই কাৰণেই হয়তো সমস্যা হৈছিল। তেওঁ যদি মোৰ স্বামীক লগ ধৰিব বিচাৰিলেহেঁতেন, তেন্তে মই মোৰ কোনো এজন গ্ৰাহকক তেওঁৰ ওচৰলৈ লৈ গ’লোহেঁতেন।”

“সেই মানুহজনক ধন্যবাদ, আজি মই আৰু মোৰ ছোৱালী কুশলে আছো। মোৰ চিকিৎসাৰ প্ৰায় আধা খৰছ তেওঁ বহন কৰিছিল। তেতিয়া মই ভাবিলো যে এই কাম চলাই যাম,” হানীয়ে কয়।

'I felt like killing myself with all that pain and the expenses I knew would follow,' says Honey, who had contracted an STD during her pregnancy
PHOTO • Jigyasa Mishra
'I felt like killing myself with all that pain and the expenses I knew would follow,' says Honey, who had contracted an STD during her pregnancy
PHOTO • Jigyasa Mishra

ইমান বিষ আৰু চিকিৎসাৰ বাবে কৰিবলগীয়া খৰছৰ কথা ভাাবি তেতিয়া মোৰ মৰি যাম যেন লাগিছিল , হানীয়ে ক’লে গৰ্ভৱতী অৱস্থাত তেওঁৰ যৌনৰোগ হৈছিল

“বহুতো সংগঠনে তেওঁলোকক কণ্ডম ব্যৱহাৰ কৰাৰ কথা কয়,” যৌনকৰ্মীৰ ৰাষ্ট্ৰীয় সংগঠনৰ সমন্বয়ৰক্ষী কিৰণ দেশমুখে কয়। “যিহেতু যৌনকৰ্মী মহিলাৰ মাজত গৰ্ভস্ৰাৱতকৈ গৰ্ভপাত অতি স্বাভাৱিক ঘটনা। কিন্তু সাধাৰণতে তেওঁলোক চৰকাৰী চিকিৎসালয়লৈ যায়, আৰু তেওঁলোকৰ পেছা সম্পৰ্কে জানিব পাৰিলে তেওঁলোকক অৱহেলা কৰে।”

চিকিৎসকসকলে কেনেকৈ জানিব পাৰে?

“তেওঁলোক প্ৰসূতি বিশেষজ্ঞ,” মহাৰাষ্ট্ৰৰ চাংলিত থকা বেশ্যা অন্যায় মুক্তি পৰিষদ (চমুকৈ ভিএএমপি)ৰ সভানেত্ৰী দেশমুখে কয়। “চিকিৎসকে তেওঁলোকৰ ঠিকনা বিচাৰে আৰু তেওঁলোক থকা অঞ্চলৰ বিষয়ে জানি লোৱাৰ পিছত তেওঁলোকে ধাৰণা কৰি লয়। মহিলাসকলক তাৰ পিছত গৰ্ভপাতৰ কাৰণে তাৰিখ দিয়ে আৰু প্ৰায়ে সেই তাৰিখ পিছুৱাই থাকে। বহু সময়ত চিকিৎসকে ঘোষণা কৰে যে এতিয়া গৰ্ভপাত কৰা সম্ভৱ নহয়, ‘কাৰণ তোমালোকৰ গৰ্ভধাৰণৰ সময় চাৰি মাহ হৈছে আৰু এতিয়া গৰ্ভপাত কৰা বেআইনী’।”

চৰকাৰী চিকিৎসালয়ত চিকিৎসা বিচাৰি নোযোৱা মহিলাৰ সংখ্যা তেনেই তাকৰ। ৰাষ্ট্ৰসংঘৰ মানৱ সৰবৰাহ আৰু এইআইভি/এইডছ প্ৰকল্পৰ উন্নয়ন কাৰ্যসূচীৰ ২০০৭ৰ প্ৰতিবেদন অনুসৰি প্ৰায় “৫০ শতাংশ যৌনকৰ্মীয়ে (নখন ৰাজ্যত চলোৱা সমীক্ষাৰ তথ্য মতে) চৰকাৰী চিকিৎসালয়ত প্ৰসৱপূৰ্ৱ বা প্ৰসৱোত্তৰ স্বাস্থ্যসেৱা বিচাৰি নাযায়।” কালিমা, প্ৰসৱৰ সময়ৰ জৰুৰী অৱস্থা আৰু মনোভাৱ আদি ইয়াৰ কাৰণবোৰৰ ভিতৰত পৰে।

“এই বৃত্তি প্ৰত্যক্ষভাৱে প্ৰজনন স্বাস্থ্যৰ লগত জড়িত।” ২৫ বছৰ ধৰি যৌনকৰ্মী সৰবৰাহৰ বিৰুদ্ধে কাম কৰি অহা বাৰানসীৰ সংগঠন গুড়িয়া সংস্থাৰ প্ৰতিষ্ঠাতা আৰু সঞ্চালক অজিত সিঙে কয়। দিল্লীৰ জিবি ৰোড এলেকাৰ মহিলাসকলক সহায় কৰি অহা সংগঠনৰ সৈতেও সিঙে কাম কৰি আহিছে। নিজৰ অভিজ্ঞতাৰে তেওঁ কয় “যৌনকৰ্মী মহিলাৰ ৭৫-৮০ শতাংশৰ আন ধৰণৰ প্ৰজনন স্বাস্থ্যজনিত সমস্যা আছে।”

“আমাৰ সকলো ধৰণৰ গ্ৰাহক আছে,” হানীয়ে কয়। নাংলৈ জাঠৰ নিজৰ ভাড়া ঘৰত আমি কথা পাতি থাকোতে তেওঁ কয়। “এমবিবিএছ চিকিৎসকৰ পৰা আৰক্ষী, ছাত্ৰৰ পৰা ৰিক্সা চালকলৈকে - সকলো আমাৰ ওচৰলৈ আহে। যেতিয়া বয়স কম আছিল, তেতিয়া যিয়ে বেছি পইছা দিয়ে তেনে লোকৰ ওচৰলৈ গৈছিলো, কিন্তু বয়স বঢ়াৰ লগে লগে গ্ৰাহক অপছন্দৰ কথা নাই। কাৰ্যতঃ আৰক্ষী আৰু চিকিৎসকৰ লগত আমাৰ সম্পৰ্ক ভালে ৰাখিব লাগিব। আপুনি নাজানে যে কেতিয়া এই লোকসকলৰ দৰকাৰ হ’ব।”

এতিয়া তেওঁ এমাহত কিমান উপাৰ্জন কৰে?

“তলাবন্ধৰ সময়খিনি বাদ দিলে, মই মাহে প্ৰায় ২৫,০০০ টকা উপাৰ্জন কৰিছিলো। অৱশ্যে এয়া মোটামুটি হিচাপ। গ্ৰাহকৰ ভিন্নতা অনুসৰি টকাৰ পৰিমাণো কম-বেছি হয়। তেওঁলোকৰ বৃত্তিৰ ওপৰতো নিৰ্ভৰ কৰে। টকাৰ পৰিমাণ নিৰ্ভৰ কৰে আন এটা কথাৰ ওপৰত, আমি গোটেই নিশা থাকিব লাগিব নে তেওঁলোকৰ লগত কেইঘণ্টামান থাকিব লাগিব,” হানীয়ে কয়। “গ্ৰাহকজনক লৈ সন্দেহ থাকিলে আমি হোটললৈ নাযাও আৰু ইয়াৰ সলনি গ্ৰাহকজনক আমাৰ নিজৰ ঠাইলৈ মাতি পঠিয়াও। মোৰ ক্ষেত্ৰত, মই নাংলৈ জাঠত থকা গীতা বাইদেউৰ ঘৰলৈ আনো। প্ৰতি মাহতে কেইবানিশা বা কেইবাদিন মই গীতা বাইদেউৰ ঘৰত থাকো। গ্ৰাহকে মোক যিমান দিয়ে, তাৰ আধা মই তেওঁক দিব লাগে। সেয়া তেওঁৰ কমিছন,” টকাৰ পৰিমাণ বিভিন্ন ধৰণৰ হয়, কিন্তু গোটেই নিশাৰ কাৰণে ন্যুনতম তেওঁ কোৱা মতে ১,০০০ টকা দিব লাগিব।

Geeta (in orange) is the overseer of sex workers in her area; she earns by offering her place for the women to meet clients
PHOTO • Jigyasa Mishra
Geeta (in orange) is the overseer of sex workers in her area; she earns by offering her place for the women to meet clients
PHOTO • Jigyasa Mishra

নিজৰ এলেকাত যৌনকৰ্মীসকলৰ তত্বাৱধায়ক গীতা (কমলাৰঙী পোচাকত): মহিলাসকলক গ্ৰাহকক লগ পোৱাৰ বাবে তেওঁ থকা ঠাই দি উপাৰ্জন কৰে

প্ৰায় ৪০ বছৰীয়া গীতা তেওঁৰ এলেকাৰ যৌনকৰ্মী মহিলাসকলৰ তত্বাৱধায়ক। তেওঁ নিজেও যৌনকৰ্মী হিচাপে জীৱিকা নিৰ্বাহ কৰিছিল, কিন্তু তেওঁৰ আন মহিলাক গ্ৰাহকক লগ কৰিবলৈ ঠাই দি বেছি উপাৰ্জন কৰে আৰু প্ৰতিগৰাকীৰ পৰা কমিছন লয়। “মই অভাৱগ্ৰস্ত আৰু ক’তো কাম নোপোৱা মহিলাক এই ব্যৱসায়লৈ আনো, মই মোৰ নিজৰ ঠাই দিও, তেওঁলোকৰ উপাৰ্জনৰ মাত্ৰ ৫০ শতাংশ মই লওঁ,” গীতাই কয়।

“জীৱনত বহুত দেখিলো,” হানীয়ে কয়। “প্লাষ্টিক কাৰখানাত কাম কৰাৰ পৰা মোক স্বামীয়ে এৰি থৈ যোৱাৰ পিছত কামৰ পৰা উলিয়াই দিয়ালৈকে। এতিয়া ভেঁকুৰ আৰু যৌনাংগৰ সংক্ৰমণ লৈ জীয়াই আছো আৰু এতিয়াও এই ৰোগৰ বাবে ঔষধ খাই থাকিবলগীয়া হৈছে। এনে লাগে যেন ভাগ্যৰ এনে দুৰ্বিপাক চিৰদিন চলি থাকিব,” এইকেইদিন হানীৰ স্বামী তেওঁ আৰু জীয়ৰীৰ লগতে আছে।

হানীৰ বৃত্তি সম্পৰ্কে স্বামীয়ে জানে নে?

“খুব ভালকৈ জানে,” হানীয়ে কয়। “তেওঁ সকলো জানে। এতিয়া আৰ্থিকভাৱে তেওঁ সম্পূৰ্ণৰূপে মোৰ ওপৰত নিৰ্ভৰশীল। আজি তেঁৱেই মোক হোটেলত নিজৰ মটৰ চাইকেলেৰে নমাই থৈ আহিব। কিন্তু মোৰ পিতৃ-মাতৃ (তেওঁলোক খেতিয়ক)য়ে মোৰ এই বৃত্তিৰ সম্পৰ্কে মুঠেও নাজানে। তেওঁলোকে জনা মই কেতিয়াও নিবিচাৰো। তেওঁলোক বুঢ়া হৈছে, হাৰিয়ানাত থাকে।”

“অনৈতিক মানৱ সৰবৰাহ (প্ৰতিৰোধ) আইন, ১৯৫৬ৰ অধীনত যৌনকৰ্মীৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰি ১৮ বছৰৰ ওপৰৰ যিকোনো ব্যক্তি জীয়াই থকা এক অপৰাধ,” ভিএএমপি আৰু এনএনএছডব্লিউ- দুয়োটাৰ আইনী উপদেষ্টা পুণেৰ আৰতি পায়ে কয়। “এগৰাকী যৌনকৰ্মীৰ সৈতে থকা আৰু তেওঁৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল সংগী/স্বামী আৰু অভিভাৱক তথা প্ৰাপ্তবয়স্ক সন্তানো এই অপৰাধৰ অন্তৰ্ভূক্ত। তেনে ব্যক্তিৰ সাত বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে।” কিন্তু হানীয়ে স্বামীৰ ইচ্ছাৰ বিৰুদ্ধে যোৱাৰ সম্ভাৱনা নাই।

“তলাবন্ধ শেষ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে এজন গ্ৰাহকক আজি মই লগ পাবলৈ আহিছো। এই সময়খিনিত গ্ৰাহক প্ৰায় নাই বা একেবাৰে কম,” তেওঁ কয়। “এতিয়া আমাৰ ওচৰলৈ যি আহে, এই বিশ্ব মহামাৰীৰ দিনত, তেনে লোকক বিশ্বাস কৰিব নোৱাৰো। আগতে আমি এইছআইভি আৰু যৌনৰোগৰ ক্ষেত্ৰত পূৰ্বসতৰ্কতা ল’বলগীয়া হৈছিল। এতিয়া এই কৰ’ণাৰ বাবেও সাৱধানতা অৱলম্বন কৰি লাগে। এই গোটেই তলাবন্ধটো আমাৰ বাবে এক অভিশাপ। একেবাৰে উপাৰ্জন নাই। আমাৰ হাতত থকা সকলো টকা শেষ হ’ল। মই আনকি মোৰ ঔষধ (ভেঁকুৰজনিত সংক্ৰমণ ৰোধৰ মলম আদি) দুমাহ ধৰি ক্ৰয় কৰিব পৰা নাই, কোনোমতে খোৱা বস্তুখিনি যোগাৰ কৰি জীয়াই আছো,” মটৰ চাইকেলখন উলিয়াই তেওঁক হোটেললৈ থৈ আহিবলৈ কোৱাৰ মাজতে হানীয়ে কৈ যায়।

বেটুপাটৰ সচিত্ৰকৰণ অন্তৰা ৰমনে কৰিছে তেওঁ বেংগালুৰুৰ সৃষ্টি ইনষ্টিটিউট অৱ আৰ্ট , ডিজাইন এণ্ড টেকনলজি-ৰ পৰা ভিজুৱেল কমিউনিকেশ্যন বিষয়ত অলপতে স্নাতক ডিগ্ৰী লাভ কৰিছে তেওঁৰ চিত্ৰৰ বিষয়বস্তু আৰু আৰ্হি অনুশীলনৰ ৰূপৰ ওপৰত ধাৰণাত্মক কলা আৰু আখ্যান কথিকাই প্ৰৱল প্ৰভাৱ বিস্তাৰ কৰিছে

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

জিজ্ঞাসা মিশ্ৰাই ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ অনুদানেৰে এক স্বতন্ত্ৰ সাংবাদিকতাৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতা সম্পৰ্কে প্ৰতিবেদন আগবঢ়াইছে। ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদনা নিয়ন্ত্ৰণ আৰোপ কৰা নাই।

অনুবাদ - পংকজ দাস

Jigyasa Mishra

Jigyasa Mishra is an independent journalist based in Chitrakoot, Uttar Pradesh.

Other stories by Jigyasa Mishra
Illustration : Antara Raman

Antara Raman is an illustrator and website designer with an interest in social processes and mythological imagery. A graduate of the Srishti Institute of Art, Design and Technology, Bengaluru, she believes that the world of storytelling and illustration are symbiotic.

Other stories by Antara Raman

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Series Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das