“ইয়ালৈ বৰ সোনকালে আহিল। দেওবাৰে তেওঁলোক আবেলি ৪ বজাৰ আগতে নাহে। হাৰমনিয়াম বজোৱা শিকিবলৈ বুলি এইখিনি সময়ত মই ইয়ালৈ আহিছো,” বিউটিয়ে কয়।

‘ইয়ালৈ’ মানে চতুৰ্ভুজ স্থান নামৰ বেশ্যালয়খনৰ কথা কোৱা হৈছে, বিহাৰৰ মুজফ্ফৰপুৰ জিলাৰ মুছাহাৰী ব্লকত এইখন আছে। ‘এইখিনি সময়ত’ মানে পুৱা ১০ বাজিছে, তেওঁক মই লগ পাইছো আৰু ‘তেওঁলোক’ মানে তেওঁৰ তালৈ আবেলি সময়ত অহা গ্ৰাহকৰ কথা কৈছে। বিউটি, এই নামেৰেই তেওঁক কৰ্মস্থলত জানে, এগৰাকী যৌনকৰ্মী। ১৯ বছৰ বয়সতে এই কামত সোমোৱা বিউটিৰ ইতিমধ্যে পাঁচ বছৰৰ অভিজ্ঞতা হৈ গৈছে। তেওঁ অন্তঃসত্ত্বা হোৱা তিনিমাহ হৈছে।

তথাপিও তেওঁ কাম এৰা নাই। তাৰোপৰি তাই হাৰমনিয়াম বজোৱা শিকি আছে, কিয়নো তাইৰ মাকে কৈছে যে “সংগীতে তাইৰ শিশুটিৰ ওপৰত ভাল প্ৰভাৱ পেলাব।”

কথা পতাৰ মাজতে তাইৰ আঙুলিবোৰ হাৰমনিয়ামত চলিছে। বিউটিয়ে কয়, “এইয়া মোৰ দ্বিতীয় সন্তান। ইতিমধ্যে মোৰ দুবছৰীয়া পুত্ৰসন্তান এটি আছে।”

আমি তেওঁক লগ পোৱা কোঠাটোৰ প্ৰায় আধাখিনি ঠাই আগুৰি থকা মজিয়াখনত ডাঙৰ মেট্ৰেছ এখন পাৰি থোৱা আছে। তাৰ পিছফালে ৬ ফুট দীঘল, ৪ ফুট বহল আইনা এখন পথালিকৈ বেৰত লগোৱা আছে। কোঠাটো প্ৰায় ২৫ ফুট দীঘল আৰু ১৫ ফুট বহল হ’ব। মেট্ৰেছখনৰ ওপৰত গ্ৰাহকে বহি বা আউজি মুজৰা চাব পৰাকৈ কুচন-গাৰু আদিৰে সজোৱা থাকে। মুজৰা নৃত্য প্ৰাক-ঔপনিৱেশিক কালতে উদ্ভৱ হোৱা বুলি কোৱা হয়। মোগলৰ দিনৰে পৰা চতুৰ্ভুজ স্থান আছিল বুলিও কোৱা হয়। চতুৰ্ভুজৰ প্ৰতিগৰাকী যৌনকৰ্মীয়ে মুজৰা শিকিব লাগে। বিউটিয়েও নিশ্চয়কৈ জানে।

All the sex workers in the brothel are required to know and perform mujra; Beauty is also learning to play the harmonium
PHOTO • Jigyasa Mishra

বেশ্যালয়খনত প্ৰতিগৰাকী যৌনকৰ্মীয়ে মুজৰা জানিব লাগিব; বিউটিয়ে হাৰমনিয়াম বজোৱাও শিকি আছে

ইয়ালৈ মুজফ্ফৰনগৰৰ বজাৰৰ মূল ৰাস্তাটোৰে আহিব লাগে। দোকানী, ৰিক্সাচালক আদিয়ে আপোনাক বাট দেখুৱাই দিব, বেশ্যালয়খন ক’ত আছে সেয়া সকলোৱে জানে। চতুৰ্ভুজ স্থান কমপ্লেক্সত একেধৰণৰ ঘৰ আছে। ৰাস্তাৰ দুয়োকাষে থকা প্ৰতিটো ঘৰতে ২ৰ পৰা ৩ টা মহলা আছে। এই ঘৰবোৰৰ বাৰান্দাত বিভিন্ন বয়সৰ মহিলাবোৰ বহি আছে, কিছুমানে চকীত বহি গ্ৰাহকৰ অপেক্ষা কৰিছে। উজ্জ্বল আৰু গাত লিপিট খাই থকা কাপোৰ পিন্ধা মহিলাবোৰে উগ্ৰ প্ৰসাধন সানি আত্মপ্ৰত্যয়েৰে থিয় দিছে আৰু ৰাস্তাৰে পাৰ হৈ যোৱা প্ৰতিজনৰে ওপৰত চোকা নজৰ ৰাখিছে।

কিন্তু আমি যিমানখিনি দেখিছো, সেয়া বেশ্যালয়ত কাম কৰা মুঠ যৌনকৰ্মীৰ কেৱল ৫ শতাংশহে হ’ব, বিউটিয়ে কয়। “আনবোৰৰ দৰে আমিও সপ্তাহত এই এটা দিন অব্যাহতি লও। যদিও আমাৰ বাবে এয়া অৰ্দ্ধছুটীহে। সন্ধিয়া ৪-৫ বজাত আমি আকৌ কামলৈ আহো আৰু ৰাতি ৯ বজালৈ থাকো। আনদিনা আমি পুৱা ৯ বজাৰ পৰা ৰাতি ৯ বজালৈ কাম কৰো।”

*****

চৰকাৰী তথ্য নাই, কিন্তু প্ৰায় এক কিলোমিটাৰলৈ বিস্তৃত চতুৰ্ভুজ স্থানৰ যৌনকৰ্মীৰ সংখ্যা ২,৫০০তকৈ বেছি হ’ব পাৰে । বিউটিয়ে কোৱামতে আমি থকা ফালটোত এই বেপাৰত থকা মহিলাৰ সংখ্যা ২০০ মান হ’ব। একেটা ফালতে কাম কৰি থকা ৫০ গৰাকী মহিলা তাত নাথাকে, বাহিৰৰ পৰা আহে। বিউটিও সেই বাহিৰা কৰ্মীৰ মাজৰে এগৰাকী, তেওঁলোক মুজফ্ফৰনগৰৰ আন ঠাইত বাস কৰে।

প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ব্যৱসায় চলাই অহা মহিলাবোৰেই চতুৰ্ভুজ স্থানৰ ঘৰবোৰৰ মালিক, বিউটিৰ লগতে আন বহুতেই এই কথা কয়। আমীৰাৰ কথাই ধৰক। তেওঁৰ মাতৃ, খুড়ীয়েক আৰু আইতাকে তেওঁৰ হাতত সেই ব্যৱসায় এৰি গৈছে। “এনেদৰেই ইয়াত চলি আহিছে। বাকীবোৰে পুৰণি কাৰোবাৰ পৰা ঘৰ ভাড়াত লৈছে আৰু আমাৰ দৰে কাম কৰিবলৈ আহে,” ৩১ বছৰীয়া আমীৰাই কয়। “এয়াই আমাৰ ঘৰ। বাহিৰৰ মহিলাবোৰ বস্তি অঞ্চলৰ পৰা বা ৰিক্সাচালক বা ঘৰুৱা বন কৰা পৰিয়ালৰ পৰা আহে। কিছুমানক ইয়ালৈ লৈও (সৰবৰাহ কৰি বা অপহৰণ কৰি) অনা হয়,” তাই যোগ দিয়ে।

অপহৰণ, দাৰিদ্ৰ্য আৰু ইতিমধ্যে সেই ব্যৱসায়ত জড়িত পৰিয়ালত জন্ম পোৱা আদিয়ে মহিলাক দেহোপজীৱিনী ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য কৰে। বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰকাশ কৰা এখন গৱেষণা পত্ৰত এই কথা উল্লেখ কৰা হৈছে। ইয়ে মহিলাসকল সামাজিক আৰু আৰ্থিকভাৱে পদানত হৈ থকাটো স্পষ্ট কৰে যিটো ইয়াৰে আন বহু কাৰণৰ মাজৰ ঘাই কাৰণ।

Most of the houses in Chaturbhuj Sthan are owned by women who have been in the business for generations; some of the sex workers reside in the locality, others, like Beauty, come in from elsewhere in the city
PHOTO • Jigyasa Mishra
Most of the houses in Chaturbhuj Sthan are owned by women who have been in the business for generations; some of the sex workers reside in the locality, others, like Beauty, come in from elsewhere in the city
PHOTO • Jigyasa Mishra

প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ব্যৱসায় চলাই অহা মহিলাবোৰেই চতুৰ্ভুজ স্থানৰ ঘৰবোৰৰ মালিক; কিছুমান যৌনকৰ্মী সেই অঞ্চলতে থাকে, বিউটিৰ দৰে আনবোৰে চহৰখনৰ আন ঠাইৰ পৰা আহে

বিউটিৰ মাক-দেউতাকে তেওঁৰ এই বৃত্তিৰ কথা জানেনে?

“হয়, সকলোৱে জানে। মই মোৰ মাৰ কথা মানিয়েই গৰ্ভপাত কৰোৱা নাই,” তেওঁ কয়। “গৰ্ভপাত কৰাম নেকি মাক সুধিছিলো। পিতৃ অবিহনে এটা সন্তান ডাঙৰ কৰাটোৱে টান কাম। কিন্তু মায়ে ক’লে যে এয়া (গৰ্ভপাত) পাপ, আমাৰ ধৰ্মত এনে নিয়ম নাই।”

ইয়াতে ভালেমান কম বয়সীয়া ছোৱালীও আছে, কিছুমান বিউটিতকৈও সৰু। তেওঁলোকৰ মাজতো গৰ্ভধাৰণ কৰা আৰু সন্তান জন্ম দিয়া ছোৱালী আছে।

বহু গৱেষকে কয় যে কৈশোৰৱস্থাৰ গৰ্ভধাৰণ হ্ৰাস কৰাটো ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য (চমুকৈ SDG)ত সামৰি লোৱা যৌন আৰু প্ৰজনন স্বাস্থ্য সংক্ৰান্ত উদ্দেশ্যাৱলীৰ মাজৰ স্পষ্টকৈ উল্লেখিত গুৰুত্বপূৰ্ণ দিশ। বিশেষকৈ ৩ আৰু ৫ নং SDGত ‘সুস্বাস্থ্য আৰু কুশলে থকা’ আৰু ‘লিংগ সমতা’ৰ কথা উল্লেখ কৰা হৈছে। আশা কৰা হৈছে যে ২০২৫ৰ ভিতৰত এই লক্ষ্যসমূহত উপনীত হ’ব পৰা যাব, তাৰমানে এতিয়াৰ পৰা ৪০ মাহৰ অন্তত। কিন্তু বাস্তৱ সত্য শুনিলে গাৰ নোম শিয়ৰি উঠে।

এইছআইভি/এইডছৰ ৰাষ্ট্ৰসংঘৰ কাৰ্য্যসূচীৰ কী পপুলেচন এটলাচত কোৱা হৈছে যে ২০১৬ত ভাৰতত প্ৰায় ৬৫৭,৮০০ মহিলা বেশ্যাবৃত্তিৰ লগত জৰিত হৈ আছে। যাহওক, যৌনকৰ্মীৰ ৰাষ্ট্ৰীয় নেটৱৰ্ক (NNSW)য়ে ২০২০ৰ আগষ্টত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক দাখিল কৰা তাতকৈ শেহতীয়া তথ্য অনুসৰি ভাৰতত মহিলা যৌনকৰ্মীৰ সংখ্যা প্ৰায় ১২ লাখ হ’ব। ইয়াৰে ৬.৮ লাখ (UNAIDSয়ে উল্লেখ কৰা সংখ্যা) পঞ্জীকৃত যৌনকৰ্মী, যিয়ে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা সেৱা লাভ কৰে। ১৯৯৭ত স্থাপিত NNSW হৈছে যৌনকৰ্মী পৰিচালিত সংস্থাবোৰৰ এক নেটৱৰ্ক। এই নেটৱৰ্কে ভাৰতৰ মহিলা, ট্ৰান্সজেণ্ডাৰ আৰু পুৰুষ যৌনকৰ্মীৰ অধিকাৰৰ হৈ কাম কৰে।

Each house has an outer room with a big mattress for clients to sit and watch the mujra; there is another room (right) for performing intimate dances
PHOTO • Jigyasa Mishra
Each house has an outer room with a big mattress for clients to sit and watch the mujra; there is another room (right) for performing intimate dances
PHOTO • Jigyasa Mishra

প্ৰতিটো ঘৰতে এটা বাহিৰা কোঠালী আছে, তাতে গ্ৰাহকে বহি বা আউজি মুজৰা চাব পৰাকৈ গাৰু-কুচনেৰে সজোৱা মেট্ৰেছ পাৰি থোৱা আছে; অন্তৰংগ নৃত্য উপভোগৰ বাবে আন এটা কোঠালীও (সোঁফালে) আছে

বিউটিৰ প্ৰায় সমবয়সীয়া ল’ৰা এজন আমি থকা কোঠাটোলৈ সোমাই আহিল, আমি কথা পাতি থকা শুনি আমাৰ সৈতে যোগ দিলে। “মই ৰাহুল। ইয়াতে খুব কম বয়সৰ পৰা কাম কৰি আহিছো। বিউটি আৰু আন কেইজনীমান ছোৱালীৰ বাবে গ্ৰাহক আনি দিয়া কাম কৰো,” তেওঁ সিমানখিনি কৈ মনে মনে থাকিল, নিজৰ বিষয়ে আন একো নক’লে। বিউটিৰ লগত আমাৰ কথোপকথন আগবাঢ়িল।

“মই মোৰ ল’ৰাটো, মা-দেউতা আৰু দুই ডাঙৰ ভাইৰ লগত থাকো। ৫ম মানত পঢ়াশালি এৰিলো। স্কুললৈ গৈ ভাল পোৱা নাছিলো। চহৰত মোৰ দেউতাই ডিব্বা (চিগাৰেট, দিয়াশলাই বাকচ, চাহ, পান আৰু আন সামগ্ৰী ভৰাই বিক্ৰী কৰা সৰু বাকচ) এটা কঢ়িয়াই লৈ ফুৰি বস্তু বিক্ৰী কৰিছিল। সেয়াই। মোৰ বিয়া হোৱা নাই,” বিউটিয়ে কয়।

“মোৰ প্ৰথমটো সন্তান মই ভালপোৱা মানুহজনৰ। তেঁৱো মোক ভাল পাইছিল। একো নক’লেও সিটো কথা তেওঁ কৈছিল,” বিউটিয়ে তাচ্ছিল্যৰ সুৰত হাঁহে। “তেওঁ মোৰ পাৰ্মানেণ্ট গ্ৰাহকৰ মাজৰে এজন আছিল।” ইয়াৰে বহুতেই নিয়মীয়া গ্ৰাহক বুজাবলৈ পাৰ্মানেণ্ট শব্দটো ব্যৱহাৰ কৰে। কিছুমানে আকৌ তেনে গ্ৰাহকক পাৰ্টনাৰ বুলিও মাতে। “মোৰ প্ৰথমটো সন্তানো পৰিকল্পিত নাছিল। এইবাৰো মই জানি-বুজি গৰ্ভধাৰণ কৰা নাই। কিন্তু দুয়োবাৰেই মই তেওঁৰ অনুৰোধত সন্তান ৰাখিছো। তেওঁ সন্তানৰ সকলো খৰছ বহন কৰিব বুলি কৈছিল আৰু সেই মতে কথা ৰাখিছেও। এইবাৰো তেওঁ মোৰ চিকিৎসাৰ সকলো খৰছ বহন কৰিছে,” সন্তুষ্টিৰ সুৰত তেওঁ কয়।

ভাৰতৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ অনুসৰি বিউটিৰ দৰে ১৫ৰ পৰা ১৯ বছৰ বয়সৰ মহিলাৰ ৮ শতাংশই অতিকমেও এবাৰ সন্তান প্ৰসৱ কৰিছে আৰু ৩ শতাংশই প্ৰথমবাৰৰ বাবে গৰ্ভধাৰণ কৰিছে।

পাৰ্মানেণ্ট গ্ৰাহক আহিলে ইয়াৰে কিছুমান যৌনকৰ্মীয়ে জন্মনিৰোধৰ ব্যৱস্থা নলয়, ৰাহুলে কয়। গৰ্ভধাৰণ কৰিলে গৰ্ভপাত কৰায়। নাইবা বিউটিয়ে কৰাৰ দৰে সন্তান জন্ম দিয়ে। তেওঁলোকে পুৰুষবোৰক যিকোনো প্ৰকাৰে সন্তুষ্ট কৰি বেছিদিনৰ কাৰণে ধৰি ৰাখিবলৈ বুলিয়ে ইমানখিনি কৰে।

Beauty talks to her 'permanent' client: 'My first child was not planned. Nor was this pregnancy... But I continued because he asked me to'
PHOTO • Jigyasa Mishra

বিউটিয়ে তেওঁৰ পাৰ্মানেণ্ট গ্ৰাহকৰ সৈতে কথা পাতিছেঃ ‘মোৰ প্ৰথমটো সন্তান পৰিকল্পিত নাছিল। এইবাৰো তেনেকুৱাই.. কিন্তু তেওঁ ৰাখিবলৈ কোৱাত মই আগবাঢ়িছো’

“প্ৰায়বোৰ গ্ৰাহকেই লগত কণ্ডম নানে,” ৰাহুলে কয়। “তেতিয়া আমি (কুটনা, বেশ্যা যোগান ধৰা লোক) খৰখেদাকৈ দোকানলৈ গৈ সেয়া কিনি আনো। কিন্তু কেতিয়াবা সুৰক্ষাবিহীনভাবেই কিছুমানে নিয়মীয়া গ্ৰাহকৰ সৈতে আগবাঢ়িবলৈ সন্মত হয়। তেনে কৰিলে আমি মাত নামাতো।”

পুৰুষে জন্মনিয়ন্ত্ৰণৰ পদ্ধতি অনুসৰণ কৰাৰ অভ্যাস সমগ্ৰ দেশতে তেনেই কম, অক্সফ’ৰ্ড ইউনিভাৰ্চিটি প্ৰেছে প্ৰকাশ কৰা এক প্ৰতিবেদনত এই কথা কোৱা হৈছে। ২০১৫-১৬ত পুৰুষ বন্ধ্যাকৰণ আৰু কণ্ডমৰ ব্যৱহাৰৰ হাৰ আছিল মাত্ৰ ৬ শতাংশ আৰু ১৯৯০ৰ দশকৰ মাজভাগৰ পৰাই এই হাৰ অপৰিৱৰ্তনশীল অৱস্থাত আছে। ২০১৫-১৬ত মহিলাই যিকোনো ধৰণৰ জন্মনিয়ন্ত্ৰণ পদ্ধতি ব্যৱহাৰ কৰাৰ হাৰ বিহাৰৰ ২৩ শতাংশৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশত ৭০ শতাংশ আছিল।

“আমি চাৰি বছৰ ধৰি ইজনে-সিজনক ভালপাওঁ,” বিউটিয়ে তেওঁৰ পাৰ্টনাৰজনৰ কথা কয়। “কিন্তু পৰিয়ালৰ হেঁচাত পৰি তেওঁ অলপতে বিয়া পাতিলে। মোৰ পৰা অনুমতি লৈছিল। ময়ো সন্মতি দিলো। নিদিমনো কিয়? বিয়া পাতিবপৰা বিধৰ ছোৱালীৰ শাৰীত মই নপৰো, তাতে আকৌ তেওঁ কেতিয়াও মোক বিয়া পাতিম বুলি কোৱা নাছিল। মোৰ সন্তানটোৱে এটা ভাল জীৱন পাওঁক, তাৰ বাহিৰে মোক একো নালাগে।”

“মই তিনিমাহৰ মূৰত এবাৰ স্বাস্থ্যপৰীক্ষা কৰাও। চৰকাৰী হস্পিতাললৈ মই নাযাও, প্ৰাইভেট ক্লিনিকলৈ যাও। দ্বিতীয়বাৰৰ বাবে গৰ্ভধাৰণ কৰা বুলি ধৰা পৰাত অলপতে মই আৱশ্যকীয় পৰীক্ষাবোৰ (এইছআইভিকে ধৰি) কৰালো, সকলো ঠিকেই আছে। চৰকাৰী হস্পিতালত আমি ভাল আচৰণ নাপাও। সিহঁতে ইতিকিঙৰ সুৰত কথা পাতে আৰু আমাক হীন চকুৰে চায়,” বিউটিয়ে কয়।

*****

ৰাহুলে দুৱাৰমুখলৈ গৈ মানুহ এজনৰ সৈতে কথা পাতিলে। “এই মাহৰ ভাড়া দিয়াৰ বাবে ঘৰৰ মালিকৰ পৰা অতিৰিক্ত এসপ্তাহৰ সময় বিচাৰিছিলো। তাকেই মালিকে সুধিবলৈ আহিছিল,” তেওঁ বুজাই কয়। “আমি মাহে ১৫,০০০ টকাৰ দি তেওঁৰ ঘৰটো ভাড়াত লৈছো।” চতুৰ্ভুজ স্থানৰ প্ৰায়বোৰ ঘৰেই বয়সস্থ মহিলা যৌনকৰ্মীৰ, ৰাহুলে পুনৰাই বুজাই কয়।

The younger women here learn the mujra from the older generation; a smaller inside room (right) serves as the bedroom
PHOTO • Jigyasa Mishra
The younger women here learn the mujra from the older generation; a smaller inside room (right) serves as the bedroom
PHOTO • Jigyasa Mishra

ইয়াতে নৱাগতবোৰে আগৰ প্ৰজন্মৰ মহিলাৰ পৰা মুজৰা শিকে; ভিতৰৰ সৰু কোঠাটো (সোঁফালে) শোৱনি কোঠা হিচাপে ব্যৱহাৰ কৰা হয়

তেওঁলোকৰ প্ৰায়ভাগেই এতিয়া ব্যৱসায়ত সক্ৰিয় নহয় আৰু কুটনা আৰু নতুন চামৰ যৌনকৰ্মীক ঘৰ ভাড়াত দিয়ে। কেতিয়াবা যৌনকৰ্মীৰ গোটকো ভাড়াত দিয়ে। তেওঁলোকে তলৰ মহলাটো ভাড়াত দি প্ৰথম নাইবা দ্বিতীয় মহলাত নিজে থাকে। “কিছুমানে নিজৰ দ্বিতীয় প্ৰজন্মক, তেওঁলোকৰ জীয়ৰীক, ভতিজাকক নাইবা নাতিনীয়েকক এই কাম গতাই দিয়ে আৰু একেটা ঘৰতে থাকে,” ৰাহুলে কয়।

NNSWৰ তথ্য অনুসৰি লেখত ল’বলগীয়া সংখ্যক যৌনকৰ্মীয়ে (পুৰুষ, মহিলা আৰু ট্ৰান্সজেণ্ডাৰে) ঘৰৰ পৰাই কাম কৰে আৰু নিজে নাইবা এজেণ্টৰ যোগেদি ফোনেৰে গ্ৰাহক যোগাৰ কৰে। চতুৰ্ভুজ স্থানৰো বহুতে এনেদৰে ঘৰৰ পৰাই কাম কৰা যেন লাগে।

ঘৰবোৰ দেখাত একে। মূল দুৱাৰত লোহাৰ গ্ৰীলত কাঠৰ নামফলক লগোৱা আছে। ফলকত ঘৰৰ মালিকৰ নাম নাইবা সেই ঘৰ পৰিচালনা কৰা মুৰব্বী মহিলাগৰাকীৰ নাম লিখা থাকে। নামৰ তলে তলে পদবোৰ থাকে, যেনে নৰ্তকী এৱম গায়িকা (নাচনী আৰু গায়িকা)। তলত প্ৰদৰ্শনৰ সময়ো লিখা থাকে, প্ৰায়ে পুৱা ৯ বজাৰ পৰা ৰাতি ৯ বজালৈ বুলি লিখা থাকে। কিছুমান ফলকত আকৌ ‘পুৱা ১১ বজাৰ পৰা নিশা ১১ বজা’ৰ সময় লিখা থাকে। কেইখনমানত ‘নিশা ১১ বজালৈ’ বুলিও লিখা আছে।

দেখাত একে এই ঘৰবোৰৰ এটা মহলাত ২-৩ টা কোঠা থাকে। আনবোৰৰ কোঠাত থকাৰ দৰে বিউটিৰ কোঠাটোতো এখন ডাঙৰ মেট্ৰেছে কোঠাটোৰ বেছিভাগ ঠাই আগুৰি আছে। তাৰ পিছফালে বেৰত এখন ডাঙৰ আইনা পথালিকৈ লগোৱা আছে।

“আমাৰ এনে কিছুমান বয়সীয়াল গ্ৰাহক আছিল যিয়ে আমাক মুজৰাৰ কাৰণে ৮০,০০০ পৰ্য্যন্ত টকা দিছিল,” ৰাহুলে কয়। “সেইখিনি টকা, বা যিমানখিনি দিয়ে, সেইখিনি আমাৰ তিনিগৰাকী ওস্তাদ (সংগীতজ্ঞ) তবলাবাদক, সাৰংগীবাদক আৰু হাৰমনিয়াম বাদক- নৰ্তকী আৰু কুটনাৰ মাজত ভাগ কৰা হয়।” কিন্তু এনেধৰণৰ অনুষ্ঠান তেনেই বিৰল, এতিয়া স্মৃতিত পৰিণত হৈছে।

The entrance to a brothel in Chaturbhuj Sthan
PHOTO • Jigyasa Mishra

চতুৰ্ভুজ স্থানৰ বেশ্যালয়ৰ প্ৰৱেশদ্বাৰ

বিউটিয়ে এই কঠিন সময়ত পৰ্যাপ্ত উপাৰ্জন কৰিব পাৰিছেনে? ‘ভাল দিনত উপাৰ্জন ভাল হয়, কিন্তু প্ৰায়ে নিৰাশ হওঁ। যোৱা বছৰটো খুবেই বেয়া আছিল। এইখিনি সময়ত আনকি আমাৰ নিয়মীয়া গ্ৰাহকো আহিবলৈ এৰিছে। আকৌ অহাবোৰেও তেনেই কম পইছা যাচে।’

বিউটিয়ে এই কঠিন সময়ত পৰ্যাপ্ত উপাৰ্জন কৰিব পাৰিছেনে?

“ভাল দিনত উপাৰ্জন হয়, কিন্তু প্ৰায়ে নিৰাশ হওঁ। যোৱা বছৰটো খুবেই বেয়া আছিল”, তেওঁ কয়। “এইখিনি সময়ত আনকি আমাৰ নিয়মীয়া গ্ৰাহকো আহিবলৈ এৰিছে। আকৌ অহাবোৰেও তেনেই কম পইছা যাচে। কিন্তু যিয়ে যেনেকৈ দিয়ে মানি ল’বলগীয়া হয়, আমাৰ আন উপায় নাই। তাৰে মাজৰ কোনোবাই ক’ভিড গাত লৈ আহিলেও সেই ৰিস্ক ল’বলগীয়া হয়। ভাবি চাওকচোনঃ এই বেশ্যালয়খনৰ কাৰোবাৰ গালৈ যদি ভাইৰাছ সংক্ৰমিত হয়, তেন্তে সকলোৰে জীৱনৰ প্ৰতি ভাবুকি নামি আহিব।’

বিউটিয়ে কয় যে ভাৰতত ক’ৰনাভাইৰাছৰ দ্বিতীয় ঢৌৰ অহাৰ এমাহ আগেয়ে তেওঁ মাহে ২৫,০০০ৰ পৰা ৩০,০০০ পৰ্যন্ত উপাৰ্জন কৰিছিল। কিন্তু এতিয়া কোনোমতে ৫,০০০ টকা যোগাৰ হয়। দ্বিতীয় ঢৌৰ বাবে হোৱা তলাবন্ধ তেওঁৰ লগতে তাৰে আন বহু যৌনকৰ্মীৰ ইতিমধ্যে দুৰ্বিষহ হৈ পৰা জীৱনৰ ওপৰত দানহ পৰাদি পৰিছে।

*****

চতুৰ্ভুজ স্থানৰ মহিলাসকল যোৱা বছৰ মাৰ্চত কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ পৰাও লাভান্বিত হোৱা নাই। সেই সাহায্যৰ অধীনত তিনিমাহৰ বাবে ২০ কোটি দৰিদ্ৰ মহিলাক মাহে ৫০০ টকাকৈ দিয়া হৈছিল। কিন্তু হিতাধিকাৰী মহিলাৰ জন ধন খাতা থাকিব লাগিব। এই বেশ্যালয়খনত মই কথা পতা এগৰাকী মহিলাৰো জন ধন খাতা নাছিল। আকৌ বিউটিয়ে ক’বৰ দৰেঃ “৫০০ টকাৰে কৰিমনো কি, বাইদেউ?”

ভোটাৰ আইডি, আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড, জাতিৰ প্ৰমাণপত্ৰ আদি বনোৱাৰ ক্ষেত্ৰত যৌনকৰ্মীসকলে প্ৰায়ে সমস্যাৰ সন্মুখীন হৈ আহিছে , এই কথা NNSWয়ে উল্লেখ কৰিছে। সন্তান থকা বহুতো এনে অকলশৰীয়া মহিলা আছে যিয়ে বাসস্থানৰ প্ৰমাণ দিয়াত অপাৰগ হয়। আনকি জাতিৰ প্ৰমাণপত্ৰৰ বাবেও নথিপত্ৰ দিয়াতো সমস্যা হয়। তেওঁলোকক ৰাজ্য চৰকাৰৰ সাহায্যৰ পেকেজো প্ৰায়ে দিয়া নহয়।

Beauty looks for clients on a Sunday morning; she is three-months pregnant and still working
PHOTO • Jigyasa Mishra

বিউটিয়ে দেওবাৰে ৰাতিপুৱাৰ ভাগত গ্ৰাহকৰ বাবে বাট চাইছে; তাইৰ গৰ্ভধাৰণ কৰা তিনিমাহ হৈছে, তথাপিও কাম এৰা নাই

“দেশৰ ৰাজধানী চহৰত থাকিও যেতিয়া চৰকাৰৰ পৰা সহায়ৰ হাত নাপাও, তেন্তে দেশৰ গ্ৰামাঞ্চলৰ অৱস্থা কেনে হ’ব পাৰে কল্পনা কৰক যিবোৰ ঠাইলৈ চৰকাৰী আঁচনি পলমকৈ গৈ পায় বা নাপায়েই,” নতুন দিল্লীস্থিত যৌনকৰ্মীৰ সৰ্বভাৰতীয় নেটৱৰ্ক চমুকৈ AINSWৰ সচিব কুসুমে কয়। “এনে বহু যৌনকৰ্মী আছে যিয়ে এই বিশ্ব মহামাৰীৰ সময়ত বাচি থাকিবলৈ এটাৰ পিছত আনটো ঋণ ল’বলগীয়া হৈছে।”

হাৰমনিয়ামত বিউটিৰ আখৰা শেষ হ’বৰ হৈছে। “ডেকা বয়সৰ গ্ৰাহকবোৰে মুজৰা ভাল নাপায় আৰু আহিয়েই পোনে পোনে শোৱনি কোঠালৈ যায়। আমি তেওঁলোকক কওঁ যে কিছু সময়ৰ বাবে হ’লেও (সাধাৰণতে কমেও ৩০ৰ পৰা ৬০ মিনিট চলে) নাচ চোৱাটো বাধ্যতামূলক, লাগিলে কম সময়ৰ বাবেই হওঁক। নহ’লে আমাৰ গোটটোক কেনেকৈ টকা আদায় দিম আৰু ঘৰৰ ভাড়া কেনেকৈ দিম? এনে ল’ৰাৰ পৰা আমি কমেও ১০০০ টকা লওঁ।” যৌনকৰ্মৰ বাবে বেলেগকৈ টকা লোৱা হয়, তেওঁ বুজাই কয়। “সাধাৰণতে ঘণ্টা হিচাপত আমি টকা লওঁ। গ্ৰাহকভেদে মূল্যও বেলেগ বেলেগ হয়।”

দিনৰ ১১ বাজি ৪০ মিনিট গৈছে। বিউটিয়ে হাৰমনিয়ামটো আঁতৰাই হাতমোনাটোৰ পৰা আলু পৰঠা থকা পেকেটটো উলিয়াইছে। “দৰৱখিনি খাবলৈ আছে (মাল্টিভিটামিন আৰু ফলিক এচিড), গতিকে এতিয়াই পুৱাৰ আহাৰ খোৱাটো ভাল হ’ব,” তেওঁ কয়। “মই কামলৈ আহিলে মায়ে এনেকৈ ৰান্ধি টোপোলা কৰি দি পঠিয়ায়।”

“আবেলিলৈ মই গ্ৰাহক এজন আহিব বুলি আশা কৰিছো,” তিনিমহীয়া গৰ্ভৱতী বিউটিয়ে কয়। “দেওবাৰে সন্ধিয়া ধনী গ্ৰাহক পোৱাটো ইমান সহজ নহয়। প্ৰতিযোগীতা বৰ বাঢ়িছে।”

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

জিজ্ঞাসা মিশ্ৰাই ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ স্বতন্ত্ৰ সাংবাদিকতাৰ অনুদানেৰে জনস্বাস্থ্য আৰু নাগৰিকৰ স্বাধীনতা সম্পৰ্কে প্ৰতিবেদন প্ৰস্তুত কৰি আহিছে ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদকীয় হস্তক্ষেপ কৰা নাই

অনুবাদ: পংকজ দাস

Jigyasa Mishra

Jigyasa Mishra is an independent journalist based in Chitrakoot, Uttar Pradesh.

Other stories by Jigyasa Mishra
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Series Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das