তাইৰ বয়স ২২ আছিল, ইতিমধ্যে তিনি-চাৰিবছৰ ধৰি বিভিন্ন স্বাস্থ্য সমস্যাই জুমুৰি দি ধৰা মীনুৱে ২০২১ৰ গ্ৰীষ্মৰ সেই পুৱাবেলা পানী আনিবলৈ পুখুৰীটোলৈ বুলি চিৰিৰে নামিছিল। দয়াপুৰ গাঁৱৰ পুখুৰীটোৰ চিৰিবোৰ আছিল জৰাজীৰ্ণ। তাই পিচল খাই চিৰিৰে বাগৰি গৈ মুখথেকেচা খাই পৰিল।
“মই বুকু আৰু পেটত তীব্ৰ বিষ অনুভৱ কৰিছিলো,” তাই বাংলা ভাষাতে কথাখিনি ক’লে। “মোৰ যোনিৰ পৰা তেজ ওলাবলৈ ধৰিলে। বাথৰুমলৈ গৈ দেখো যে মোৰ যোনিৰ পৰা কিবা এটা ওলাই মজিয়াত পৰিছে। মাংসপিণ্ডৰ দৰে সেইটো মোৰ দেহৰ পৰা ওলাই আছে। মই টানি উলিয়াবলৈ চেষ্টা কৰিলো, কিন্তু গোটেইটো উলিয়াব নোৱাৰিলো।”
কাষৰে ব্যক্তিগত ক্লিনিক এখনলৈ যোৱাত তাই নিশ্চিত হ’ল যে তাইৰ গৰ্ভপাত হৈছে। ওখ, ক্ষীণ মীনুৰ চিন্তাৰে ভাৰাক্ৰান্ত মীনুৰ মুখত হাঁহি এটা লাগি আছে। সেই ঘটনাৰ পিছৰ পৰা তেওঁৰ মাহেকীয়া ঋতুচক্ৰ অনিয়মীয়া হৈ পৰিল। দেহটো বিষে আগুৰিলে আৰু মানসিকভাৱেও তাই ভাগি পৰে।
পশ্চিমবংগৰ ২৪ পৰগনা জিলাৰ গোচাবা ব্লকৰ তাইৰ গাওঁখনৰ জনসংখ্যা প্ৰায় ৫,০০০। সেউজ পাহাৰ আৰু জলাহ বনেৰে ভৰা সুন্দৰবনৰ ৰাস্তাৰে ঢুকি পাব পৰা কেইখনমান ভিতৰুৱা গাঁৱৰ ভিতৰত সিখনো এখন।
সেই যে পৰিল, তেতিয়াৰে পৰা মীনুৰ ৰক্তক্ষৰণ এমাহলৈ বন্ধ হোৱা নাছিল। অবিৰত ৰক্তক্ষৰণতে তাইৰ কষ্ট শেষ হোৱা নাছিল। “শাৰীৰিক সম্পৰ্ক কৰিলে মই বহুত কষ্ট পাইছিলো,” তাই কয়। “এনে লাগিছিল যেন মোক চিৰাচিৰ কৰি ফালি পেলোৱা হৈছে। মলত্যাগ কৰিলে যেতিয়া বল দিবলগা হয়, বা ওজন বস্তু দাঙোতে এনে লাগে যেন মোৰ জৰায়ু ওলাই আহিছে।”











