তাইৰ পেটত দুটা সন্তান আছে- কোনো আল্ট্ৰাচাউণ্ডৰ ৰিপ’ৰ্ট নাই, কিন্তু এক সাংঘাতিক আত্মবিশ্বাসেৰে ৰোপিয়ে ব্যক্তিগত প্ৰসূতি ক্লিনিকখনৰ ডাক্তৰক ক’লে।

ৰোপিয়ে দুবছৰ আগৰ এই ঘটনাটো মনত পেলাই বৰ ৰস পাইছে। ডাক্তৰৰ ষ্টেথিস্কোপডাল ব্যৱহাৰ কৰাৰ আমোদজনক ভংগীমা দেখুৱাই তেওঁ আৰম্ভ কৰে, “কান মে ৱহ লগায়া” (কাণত সেইপাত পিন্ধিলে)। ডাক্তৰে নিশকতীয়া চেহেৰাৰ গৰ্ভৱতী মহিলাগৰাকীৰ মধ্যমীয়া পেটটো পৰীক্ষা কৰি চাই ক’লে যে যমজ সন্তান হোৱাৰ কোনো সম্ভাৱনা নাই।

“বাইদেউ, দুটা হ’ব দুটা,” ক্লিনিকখনৰ প্ৰসৱ কোঠাৰ বাহিৰৰ টুল এখনত তেওঁক বহুৱাই থোৱাৰ আগতে তেওঁ আকৌ এবাৰ সেইকথা কয়। ৭০ উৰ্দ্ধ ৰোপি আৰু প্ৰসৱ যন্ত্ৰণাত ছটবটাই থকা প্ৰসৱিতাগৰাকী আছিল উত্তৰ-পূৱ মহাৰাষ্ট্ৰৰ মেলঘাট অৰণ্যৰ দাঁতিৰ জইতাদেহি গাঁৱৰ পৰা ২০ কিলোমিটাৰ দূৰৰ পাৰাটৱাড়া চহৰত।

সন্ধিয়ালৈ এজন ল’ৰা জন্ম পালে, কেইছেকেণ্ডমানৰ ভিতৰত আন এটি সন্তানৰ মুৰটো দেখা গ’ল। এইবাৰ কন্যাসন্তান। যমজ ভাই-ভনী।

কেঁচা ঘৰটোৰ গোবৰ-পানীৰে মচা নিমজ মজিয়াখনত পাৰি থোৱা কাঠৰ খাটখনত বহি থকা ৰোপিয়ে ডাঙৰকৈ হাঁহিলে। তিনিটা কোঠাৰ ঘৰটোৰ ভিতৰৰ তিনিখন খাট খালী হৈ আছে, তেওঁৰ তিনি ল’ৰা পৰিয়ালৰ দুই একৰ খেতিমাটিত কাম কৰিবলৈ গৈছে।

তেওঁ কৰ্কু ভাষাতে বেয়া মাত এষাৰ মাতিলে। তাৰ অৰ্থ ভাঙিলে গাধৰ গুপ্তাংগই হ’ব। তেওঁৰ হাঁহি ৰখা নাই। হাঁহোতে তেওঁৰ মুখমণ্ডলৰ ৰেখাবোৰ আৰু বেছি দ হৈ পৰিছে। “মই তাকেই তেওঁক ক’লো,” চহৰৰ ডাক্তৰক গালি দিয়াৰ আত্মসন্তুষ্টিৰ ভাৱটো তেওঁৰ মুখত স্পষ্টকৈ ফুটি উঠিল।

Ropi, Jaitadehi village's last remaining traditional dai, says she must have delivered at least 500-600 babies
PHOTO • Kavitha Iyer

জইতাদেহি গাঁৱৰ শেষৰজন পাৰম্পৰিক ধাই ৰোপি , অতিকমেও ৫০০-৬০০ সন্তান প্ৰসৱ কৰোৱা বুলি তেওঁ কয়

সেই যে তেওঁৰ আত্মবিশ্বাস, সেয়া আহিছে দুকুৰি বছৰৰ অভিজ্ঞতাৰ পৰা। কৰ্কু সম্প্ৰদায়ৰ ৰোপি জইতাদেহিৰ শেষৰজন পাৰম্পৰিক ধাই। অতিকমেও ৫০০-৬০০ টা সন্তান প্ৰসৱ কৰোৱাৰ অভিজ্ঞতা থকা বুলি তেওঁ আমাক কয়। তেওঁ সঠিক হিচাপ ৰখা নাই। তেওঁ কৰোৱা প্ৰসৱত কেতিয়াও মৃত সন্তান জন্ম পোৱা নাই, একপ্ৰকাৰ গৌৰৱ কৰিয়েই তেওঁ কয়। “চব চৌখা (সিহঁত আটায়ে সুস্থ-সবল আছিল)।” ধাইসকল হৈছে প্ৰথাগতভাৱে চলি অহা সন্তান প্ৰসৱ কৰোৱা তিৰোতা, তেওঁলোকৰ কোনো আধুনিক প্ৰশিক্ষণ বা প্ৰমাণপত্ৰ নাই যদিও মিডৱাইফ (ধাত্ৰী)ৰ কাম কৰে।

মহাৰাষ্ট্ৰৰ বিদৰ্ভ অঞ্চলৰ অমৰাৱতী জিলাৰ মেলঘাট বনাঞ্চলৰ ধৰ্ণি আৰু চিখালদাৰা ব্লকত কৰ্কু জনজাতিৰ ৰোপিৰ দৰে মহিলাৰ ভূমিকা কেৱল সন্তান জন্ম দিয়াত সহায় কৰাতে সীমাবদ্ধ নহয়। লাগ বুলিলেই চিকিৎসাৰ বাবে হাত মেলি ঢুকি নোপোৱা দূৰণিবটীয়া হাবি-বনে আগুৰা পাহাৰীয়া অঞ্চলত এই অভিজ্ঞতাসম্পন্ন ধাত্ৰীসকলেই প্ৰসূতিক সন্তান প্ৰসৱৰ পিছৰ পৰ্য্যায়তো পৰিচৰ্য্যা কৰি স্বাস্থ্যসেৱা আগবঢ়াই আহিছে।

মেলঘাটৰ বহু গাঁৱত এতিয়াও দুই-এগৰাকী ধাই আছে, কিন্তু তেওঁলোকৰ এতিয়া বয়স হৈছে, ৰোপিয়ে কয়। ইয়াৰ পৰৱৰ্ত্তী প্ৰজন্মৰ ধাই নোলাব। জইতাদেহিৰ আনগৰাকী ধাই ঢুকোৱা বহুবছৰ হ’ল। ৰোপিয়ে যিমানদূৰ মনত পৰে, তেওঁৰ এগৰাকী জীয়াৰী নে বোৱাৰীয়ে এই কাম শিকিছে যদিও সেই পৰিয়ালটোৰ কোনেও তেতিয়াৰে পৰা ধাই হিচাপে কাম কৰা নাই।

ৰোপিৰো কেউটা সন্তানেই ঘৰতে জন্ম পাইছিল, তেওঁৰ মাক আৰু ধাইয়ে সহায় কৰিছিল। তেওঁৰ চাৰিজন ল’ৰা আছিল, তাৰে এজন এটা দশক আগতে নৰিয়াত পৰি ঢুকাল। তেওঁৰ দুজনী জীয়াৰীও আছে, দুয়োৰে বিয়া হৈছে আৰু জইতাদেহিতে থাকে। লগত আছে নাতি-আজোনাতি। (তেওঁৰ জীয়েক দুজনীৰ এজনীয়ে এই কাম শিকিছিল যদিও কোনেও এই কাম কৰিবলৈ আগ্ৰহ নকৰিলে।)

“মোৰ বোৱাৰীয়ে ইমান ভয় খায়, তাই মোৰ লগত সন্তান প্ৰসৱ কৰা কোঠাতে নোসোমায়,” তেওঁ কয়। “তাই আনকি মোক কাপোৰ বা সীয়নিৰ বাবে সূতাও দিয়াতো বাদেই, নাচায়েই। এইছা কাপনে লগতা (এনেকৈ কঁপিবলৈ ধৰে),” তেজ দেখি চক খোৱা সৰু বোৱাৰীৰ ভাও দেখুৱাই তেওঁ কয়।

আগৰ প্ৰজন্মৰ তিৰোতাই দেহৰ এই প্ৰক্ৰিয়াবোৰ দেখি ভয় খোৱা নাছিল, ৰোপিয়ে মনত পেলায়। “আমাৰ হাতত উপায় নাছিল, সাহসী হ’বলগাত পৰিছিল। সৰু-সুৰা বেমাৰত দৌৰি আহিবলৈ কোনো ডাক্তৰ-নাৰ্ছ নাছিল।”

Ropi with her great grandchildren: her own children were all born at home, assisted by her mother and a dai
PHOTO • Kavitha Iyer

আজোনাতিৰ সৈতে ৰোপিঃ মাক আৰু ধাইৰ সহায়ত তেওঁ নিজৰ কেউটা সন্তানৰে প্ৰসৱ ঘৰতে কৰাইছিল

তেওঁৰ মাক আৰু আইতাক দুয়োগৰাকীয়ে ধাই আছিল আৰু তেওঁ আইতাকৰ সৈতে গৈ গৈ তেওঁ সেই কাম শিকিছিল। ৰোপিয়ে কয় যে তেওঁৰ মাকে কোনোদিন স্কুললৈ নোযোৱা চঞ্চল জীয়াৰীক আইতাকৰ সৈতে প্ৰসৱৰ কামত সংগ দিবলৈ যাবলৈ দিয়া নাছিল। “বাকেই হেজেদো (ঘৰতে থাক),” তেওঁ সৰু ছোৱালীজনীক কৰ্কু ভাষাতে গালি দিয়া তাইৰ মনত পৰে। “কিন্তু মোৰ আইতাই মোক লগত লৈ যায়, তেতিয়া মোৰ বয়স ১২ কি ১৩।” সেয়ে ১৬ বছৰ মান বয়সত বিয়াত বহা তেওঁ বহু আগৰে পৰা আইতাকৰ সহায়ক হিচাপে কাম কৰিবলৈ লয়।

*****

১,৫০০ বৰ্গকিলোমিটাৰ মাটিত বিয়পি থকা মেলঘাট ব্যাঘ্ৰ প্ৰকল্পটো মেলঘাটৰ শাৰী শাৰী পাহাৰ আৰু অৰণ্যখনৰে এটা অংশ। ইয়াৰ অনাৰ্দ্ৰ, ঘন অৰণ্যৰ মাজত থকা বনগাওঁবোৰত কৰ্কু আৰু গণ্ড নামে থলুৱা আদিবাসী সম্প্ৰদায়ৰ বসতি। ইয়াৰে বহুতৰে বসতি ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত, তাৰে বাফাৰ এলেকাত আৰু দাঁতিকাষৰীয়া অঞ্চলত। ইয়াৰে বেছিভাগ মানুহ কৃষক আৰু গৰখীয়া। বনৰ পৰা পোৱা বাঁহ আৰু গছ-লতাৰ পৰা পোৱা আয়ৰ ওপৰতে তেওঁলোকে নিৰ্ভৰ কৰি চলে।

বনাঞ্চলখনৰ একেবাৰে মাজভাগত ১৫০ ঘৰ মানুহেৰে বৰ্তাখেড়া ক্ষুদ্ৰ গাওঁখন চিখালদাৰাৰ তালুকা চহৰখনৰ পৰা ৫০ কিলোমিটাৰ দূৰত অৱস্থিত। গাওঁখনৰ ৭০ বছৰ বয়সীয়া চাৰ্কু বাবুলাল কাছডেকাৰে “যিমানদূৰ মনত পৰে” ধাই হিচাপে কাম কৰি আহিছে। যোৱা দশকবোৰত স্বাস্থ্যসেৱাৰ সুবিধা অকণমান উন্নত হৈছে যদিও মেলঘাটৰ ভিতৰুৱা গাওঁবোৰত এতিয়াও দহগৰাকী গৰ্ভৱতী মহিলাৰ পাঁচগৰাকীৰ পৰিয়ালে ঘৰতে সন্তান প্ৰসৱ কৰোৱাটো বিচাৰে। (২০১৫-১৬ৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা চমুকৈ এন.এফ.এইছ.এছ.-৪ত উল্লেখ যে গ্ৰামাঞ্চলৰ ৯১ শতাংশ সন্তান প্ৰসৱ আনুষ্ঠানিকভাৱে কৰা হৈছে যদিও সেই পৰিসংখ্যাই মেলঘাটৰ ভিতৰুৱা গাঁৱৰ বাস্তৱিক তথ্য সামৰি নল’বও পাৰে)।

২০২১ৰ এপ্ৰিলত, বৰ্তাখেড়াত এটা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ উপকেন্দ্ৰ এটা স্থাপন কৰা হ’ল। এটা মহলাৰ ঘৰ, মই যাওতে বনোৱা দুমাহ হৈছিল যদিও তাত পানীৰ সুবিধা তেতিয়াও হৈ উঠা নাছিল। এগৰাকী সহায়ক নাৰ্ছ-মিডৱাইফ (এ.এন.এম.)ক যিকোনো সময়ত ফোন কৰি মাতিব পাৰে। তেওঁ প্ৰথম মহলাৰ আবাসিক সুবিধাত থাকিব লাগে যদিও বৰ্তাখেড়াৰ এ.এন.এম. শান্তা বিহিকে দুৰ্বে এগৰাকী স্থানীয় মহিলা, গাঁৱতে বিয়া হৈছে।

উপকেন্দ্ৰটোত ডাক্তৰৰ পদ এটা আছে, যিটো পদত থকাজনে সামূহিক স্বাস্থ্য বিষয়া হিচাপে কাম কৰিব লাগে। কিন্তু পানীৰ সুবিধা নথকা কাৰণে সেই পদত নিযুক্তি দিয়া কোনো আহিব নোখোজে, গাঁৱৰ মানুহে মোক কয়। তাৰপৰা ২০ কিলোমিটাৰ দূৰৰ চেমাদহ গাঁৱৰ পি.এইছ.চি. এটাত প্ৰশিক্ষণ লৈ থকা নতুনকৈ স্নাতক হোৱা ডাক্তৰজন সোনকালেই আহি দায়িত্ব ল’ব বুলি আশা কৰা হৈছিল (মই যোৱাবছৰ সাক্ষাৎ কৰা সময়ত)।

Bortyakheda’s ANM Shanta Durve (left) urges Charku, the village's elderly dai, to come along even for deliveries the PHC
PHOTO • Kavitha Iyer

বৰ্তাখেড়াৰ .এন.এম. শান্তা দুৰ্বে (বাওঁফালে)য়ে স্বাস্থ্যকেন্দ্ৰটোত প্ৰসৱৰ কাৰণে সহায় কৰিবলৈ গাঁৱৰ বয়োজ্যেষ্ঠ ধাই চাৰ্কুক মাতি নিয়ে

কিন্তু বহু মহিলাই উপকেন্দ্ৰটোলৈ যাব নিবিচাৰে, এ.এন.এম.গৰাকীয়ে কয়। “তেওঁলোকে নিজৰ মাজৰ মহিলাই প্ৰসৱত সহায় কৰি দিলে তেওঁলোকে ভাল পায়, তাত বিশ্বাসৰ কথা আহি পৰে,” ওচৰৰে মৰ্চি ব্লকৰ উপকেন্দ্ৰত এটা দশকৰ অভিজ্ঞতাৰ পিছত উপকেন্দ্ৰটোত পোষ্টিং পোৱা ৩০ বছৰ বয়সীয়া শান্তাই কয়।

প্ৰসৱ চেমাদহত কৰোৱা হয় যদিও তেওঁ চাৰ্কুক সহায়ৰ বাবে মাতে। মানুহে ধাইগৰাকীৰ পৰামৰ্শ মানিব ভাল পায়, শান্তাই কয় আৰু বৰ্তাখেড়াত এতিয়া কোনো উঠি অহা প্ৰজন্মৰ ধাই নাই কাৰণে দুখ কৰে। কোনেও চাৰ্কুৰ সেৱাৰ পৰম্পৰা আগবঢ়াই নিনিব। দ্বিতীয়গৰাকী ধাইৰ বয়স বেছি হোৱা কাৰণে কাম কৰিবলৈ প্ৰায় এৰাৰ নিচিনা। কেইবছৰমান আগতে চৰকাৰে ইউনিচেফৰ সৈতে লগ লাগি আয়োজন কৰা ছুটি প্ৰশিক্ষণ পাঠ্যক্ৰমতো তেওঁ ভাগ নল’লে।

দিনজোৰা প্ৰশিক্ষণত ভাগ লোৱা চাৰ্কুৱে কয়, “আমি ভাবো যে আমি সকলো জানো, কিন্তু তেওঁলোকে আমাক কিছুমান গুৰুত্বপূৰ্ণ বস্তু শিকালে। এই ধৰক কেনেকৈ চাবোন ব্যৱহাৰ কৰিব লাগে, কেনেকৈ হাত ধুব লাগে আৰু নতুন ব্লেড ব্যৱহাৰ কৰিব যে লাগে এইবোৰ কথা।”

প্ৰসৱৰ কাৰণে কোনোবা মহিলাক তেওঁ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোলৈ বা ব্যক্তিগত ক্লিনিকলৈ নিয়ে, তেতিয়া প্ৰসৱত মহিলা নাৰ্ছেই সহায় কৰে। নাৰ্ছে হাত দাঙি নিদিয়ালৈ পুৰুষ ডাক্তৰ মহিলাসকলে এৰাই চলে। জটিলতাই দেখা দিলেহে ডাক্তৰ মতা হয়।

এই কামৰ বাবে চাৰ্কুৱে কোনো পইছা নাপায়। তথাপি কিয় তেওঁ যায়? “চলো ব’লা তো জাতি (মাতিব আহিলে যাওঁ)। মই থাকিলে যদি মাকজনীয়ে সকাহ পায়, মইনো কিয় নোযোৱাকৈ থাকো?”

বহুবছৰ আগৰ কথা, তেওঁ এই কামৰ বিনিময়ত চাউল-গমধান পাইছিল। পাই এটাত (পাৰম্পৰিক পিতলৰ গিলাচ আকাৰৰ ডাঙৰ পাত্ৰ) দুই বা তিনি পাই চাউল বা গমধান আৰু কেতিয়াবা আকৌ সামান্য নগদ অৰিহণাও পাইছিল।

যোৱা দশকবোৰত ধাইৰ উপাৰ্জন তেনেকৈ বঢ়া নাই। ২০২১ৰ জুনত মই লগ পোৱাৰ এসপ্তাহ আগতে কৰোৱা এটা প্ৰসৱৰ বাবে তেওঁ ৫০০ টকা আৰু চাৰি কিলো গমধান পাইছিল। প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ পিছতে সন্তান ভূমিস্থ হৈছিল। “প্ৰসৱকাল দীঘলীয়া হ’লেও মোক সমানেই পইছা দিলেহেঁতেন,” তেওঁ কয়।

Charku with two of her great grandkids: at least half of the babies born in Bortyakheda over the past three decades had Charku present at the time of their birth, and she has delivered her own grandchildren and a great-grandchild
PHOTO • Kavitha Iyer

দুই আজোনাতিৰ সৈতে চাৰ্কুঃ বৰ্তাখেড়াত জন্ম পোৱা শিশুৰ আধাসংখ্যকেই জন্মৰ সময়ত চাৰ্কুক পাইছে , নিজৰ নাতি আৰু আজোনাতিৰো প্ৰসৱ তেওঁ নিজেই কৰাইছে

চাৰ্কুৰ গিৰীয়েক পাঁচ বছৰ আগতে ঢুকাইছে। তেওঁ খেতি কৰা এক একৰ মাটিত এতিয়া তেওঁৰ জীয়েক-জোৱায়েকে খেতি কৰে। ধাই হিচাপে তেওঁৰ কেতিয়াও স্থিৰ আয় নাছিল, চাৰ্কুৱে কয়। যোৱা বছৰকেইটাত কেতিয়াবা তেওঁৰ মাহে ৪,০০০ পৰ্য্যন্ত টকা উপাৰ্জন হৈছে আৰু কেতিয়াবা আকৌ মাহটোত ১০০০ টকাও পোৱা নাই।

বৰ্তাখেড়াত জন্ম পোৱা শিশুৰ অতিকমেও আধাসংখ্যকে জন্মৰ সময়ত চাৰ্কুক পাইছে, গাঁৱৰে তিৰোতাবোৰে কয়। নিজৰ নাতি আৰু আজোনাতি এটাৰো প্ৰসৱ তেওঁ নিজেই কৰাইছে।

তেওঁ প্ৰসৱত সহায় কৰা কেইগৰাকীমানৰ শিশু কেইদিনমানৰ ভিতৰতে ঢুকাইছে। “জন্মৰ সময়ত নহয়, জন্মৰ কেইদিনমান পিছত।” মৃত্যুৰ কাৰণ কি তেওঁ নাজানে। কোনেও নাজানে, তেওঁ কয়।

এতিয়া চকুৰে নমনা হোৱা কাৰণে তেওঁ পৰিয়ালবোৰক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোলৈ বা নতুনকৈ পতা উপ-স্বাস্থ্যকেন্দ্ৰটোলৈ যোৱাৰেই পৰামৰ্শ দিয়ে।

*****

নিজৰ কিমান বয়স হৈছে সঠিককৈ নজনা ৰোপিৰ আজিকালি ভৰিদুখন বিষায়। ভৰিৰ সৰুগাঁঠি দুটা উখহি উঠে আৰু আঠুদুটা প্ৰচণ্ড বিষায়। তেওঁ চহৰৰ ডাক্তৰক দেখুওৱা নাই, স্থানীয় বৈদ্য (বিকল্প দৰৱ দিয়া বৃত্তিধাৰী লোক) এজনে দিয়া তেল ঘহি অকণমান সকাহ পাইছে।

তেওঁ গাওঁখনত চিনাকি মানুহৰ ঘৰে ঘৰে আৰু জীয়েকহঁতৰ ঘৰলৈ যায় যদিও কোনোবাই প্ৰসৱৰ কাৰণে সহায় বিচাৰি আহিলে আজিকালি নাযায়। ঘৰৰ বাহিৰত বেছিসময়ত থাকিব পাৰিব নে নাই আৰু চকুৰে মণিব পাৰিব নে নাই, সেই লৈ তেওঁৰ নিজৰ ওপৰত ভৰসা নাইকিয়া হৈছে। “মই তেওঁলোকক চহৰৰ ক্লিনিকলৈ যাবলৈ কওঁ (পাৰাটৱাড়া চহৰ) আৰু এম্বুলেঞ্চ অহালৈ ৰৈ দিওঁ। বাহনখন লগেলগে গাঁৱলৈ ঘূৰি অহাৰ কথা থাকিলে তেওঁ লগত যায়,” ৰোপিয়ে কয়।

Ropi's family has a small goat-rearing business, and they also cultivate two acres. Her earning as a dai remain modest, and have not improved greatly over the decades
PHOTO • Kavitha Iyer
Ropi's family has a small goat-rearing business, and they also cultivate two acres. Her earning as a dai remain modest, and have not improved greatly over the decades
PHOTO • Kavitha Iyer

ৰোপিৰ পৰিয়ালে ছাগলী পালন কৰে আৰু দুই একৰ মাটিত খেতি কৰে ধাই হিচাপে তেওঁ সামান্য টকা পায় আৰু বহুদশক বাগৰিল যদিও পইছা নাবাঢ়িল

এটা সময়ত যেতিয়া ধাইৰ কাম কৰাত তেওঁ ব্যস্ত হৈ আছিল, জইতাদেহিৰ সকলোৱে তেওঁক ততালিকে আৰু ধীৰ-গম্ভীৰ হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে চিনি পাইছিল। “আগতে মানুহে মোক এই কামত মাতিব আহিলে মোক কি কি লাগিব সেই বস্তুখিনি যোগাৰ কৰিবলৈ কৈছিলো - এখন ব্লেড, সূতা, বেজী।” বহুতেই পেৰিনিয়েল টিয়েৰ (প্ৰসৱৰ সময়ত যোনিপথৰ ফলা অংশ) ভালদৰেই চিলাব জানে, এই কথাটো তেওঁ এনেকৈ কয় যেন সেয়া একো ডাঙৰ কথা নহয়।

প্ৰসৱ বেদনা আৰম্ভ হৈছেহে মাত্ৰ নে আগৰপৰাই হৈ আছে, তাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ ঘৰুৱা কাম-বন সামৰি হ’বলগীয়া মাতৃৰ ঘৰলৈ যাব। তাতে উৎকণ্ঠাত গোটেই পৰিয়ালটো তেওঁ অহালৈ বাট চাই থাকে।

ৰোপিয়ে প্ৰাৰ্থনাৰে কামটো আৰম্ভ কৰে। তাৰপিছত হাত ধোৱে আৰু মহিলাগৰাকীৰ অৱস্থা নিৰীক্ষণ কৰে।

“মাকজনীয়ে একো নকৰে (হ’বলগীয়া মাকজনীৰ), কিন্তু সদায় জীয়েকৰ কাষত থিয় দি ৰয়। ‘সোনকালে কৰি দিয়া মা, সোনকালে কৰা,’ মাকজনীয়ে এনেদৰে মাতি থাকে। মাকৰ আহ্বান বিষত ছটবটাই থকা জীয়েকৰ কান্দোনৰ সমান হয়গৈ। তেওঁলোকে ভাবে সেয়া যেন মোৰ হাততহে আছে!” ৰোপিয়ে কয়।

কেতিয়াবা প্ৰসৱ বেদনা বহুঘণ্টা ধৰি থাকে আৰু ৰোপিয়ে ঘৰলৈ আহি এমোকোৰা ভাত খাই যায়, গিৰীয়েকলৈ বা পুতেকলৈ ভাত বাঢ়ি দিয়ে। “তেনে পৰিস্থিতিত সন্তানটো জন্ম নোপোৱালৈ মোক নাযাবলৈ মাকজনীয়ে কাবৌ কৰে। কিন্তু কেতিয়াবা প্ৰসৱ বেদৱা গোটেই ৰাতি বা গোটেই দিনটো হৈ থাকিব পাৰে। এনে পৰিস্থিতিত মোত বাদে আন সকলোৱে ভয় খায়।”

তেওঁ প্ৰায়ে অকণমান তেল বিচাৰে (পাকঘৰত থকা যিকোনো তেল), সেই তেলেৰে তেওঁ মহিলাগৰাকীৰ পেটত মালিচ কৰি দিয়ে। ৰোপিয়ে কয় যে তেওঁ পেটটোৰ ভিতৰখন অনুভৱ কৰিব পাৰে আৰু সন্তানটো ওলোটাকৈ আছে নে টানকৈ মালিচ কৰি শিশুটো সঠিক দিশত উলিয়াব পৰা যাব সেয়া অনুমান কৰি লয়। কেতিয়াবা এনেকুৱা হৈছে যে শিশু এটি ভৰিৰ ফালৰ পৰা জন্ম পাইছে। কিন্তু এনে প্ৰসৱ কৰোৱাতো তেওঁ কোনো অসুবিধা পোৱা নাছিল বুলি তেওঁ কয়।

কিছুমান পাৰম্পৰিকভাৱে চলি অহা বিশ্বাস সলনি কৰাটো কঠিন কাম। নৱম মাহ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰসৱ বেদনা আৰম্ভ নহ’লে ভুমকালে আশীৰ্বাদ কৰা পানী কেইঢোকমান খাবলৈ চাৰ্কুৱে পৰামৰ্শ দিয়ে বুলি কয়

প্ৰসৱৰ পিছত ধাইগৰাকীয়ে ঠাইখিনি চাফাও কৰে, ৰোপিয়ে কয়। “আগতে আমি নৱজাতকক জন্মৰ লগে লগে গা ধুৱাই দিছিলো। আজিকালি সেয়া নকৰো,” তেওঁ কয়। পৰম্পৰা মতে প্ৰথমে নৱজাতকক গা ধুৱাই লৈহে মাকক স্তনপানৰ বাবে কোলাত তুলি দিয়া হয়।

চাৰ্কুৱে সহমত প্ৰকাশ কৰে। “আগতে আমি পানী গৰম কৰি শিশুটিক জন্মৰ পিছতে ততালিকে গা ধুৱাই দিছিলো। কেতিয়াবা শিশুটিক কেইদিনমান পিছতহে মাকৰ গাখীৰ খাবলৈ দিয়া হয়।” কিছুমান পৰিয়ালে প্ৰথমটো দিনত শিশুটিক গুড় মিহলোৱা পানী খুৱায়।

আজিকালি স্থানীয় এ.এন.এম.গৰাকীয়ে পৰামৰ্শ কৰা কাৰণে জন্মৰ পিছতে গা ধুৱাই দিয়া প্ৰথা কাচিহে অনুসৰণ কৰা হয়। মেলঘাটত নৱজাতকৰ মৃত্যুৰ সমস্যালৈ ৰাজ্যিক পৰ্য্যায়ৰ দৃষ্টি পৰা কাৰণে তেওঁলোকে আনুষ্ঠানিক প্ৰসৱৰ বাবে প্ৰচাৰ চলাই আহিছে। (বহুতো গৱেষণা আৰু প্ৰতিবেদনত মেলঘাট অঞ্চলৰ নৱজাতকৰ মৃত্যুৰ উচ্চ হাৰ আৰু সাংঘাতিক পুষ্টিহীনতাৰ কথা উল্লেখ আছে)। জন্মোত্তৰ কালৰ ৰীতি-নীতি আৰু দেৱ-দেৱীলৈ অৰ্ঘ্য আগবঢ়োৱাতকৈ শিশুটিৰ স্বাস্থ্যক আজিকালি অগ্ৰাধিকাৰ দিয়া হয়, বৰ্তাখেড়াৰ এ.এন.এম. শান্তাই কয়। ঘৰুৱা প্ৰসৱৰ প্ৰক্ৰিয়াত সুৰক্ষাৰ দিশটো নিশ্চিত কৰিবলৈ চৰকাৰ-ইউনিচেফৰ যুটীয়া প্ৰশিক্ষণেও সহায় কৰিছে।

আজিকালি যেতিয়া মাকে সামান্য জিৰণি লোৱাৰ পিছত যেতিয়া শিশুটোৱে লৰচৰ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া বহি নাইবা শুই নৱজাতকক কেনেকৈ স্তনপান কৰাব লাগে ধাইগৰাকীয়ে দেখুৱায় দিয়ে। এতিয়া সন্তান প্ৰসৱৰ আধাঘণ্টাৰ ভিতৰতে নৱজাতকক মাকৰ গাখীৰ খাবলৈ দিয়া হয়, চাৰ্কুৱে কয়।

কিছুমান পাৰম্পৰিকভাৱে চলি অহা বিশ্বাস সলনি কৰাটো কঠিন কাম। নৱম মাহ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰসৱ বেদনা আৰম্ভ নহ’লে ভুমকালে (এগৰাকী আধ্যাত্মিক গুৰু) আশীৰ্বাদ কৰা পানী কেইঢোকমান খাবলৈ চাৰ্কুৱে পৰামৰ্শ দিয়ে বুলি কয়।

গৰ্ভৱতী মহিলা এগৰাকীৰ ল’ৰা সন্তান হ’ব নে কন্যাসন্তান, সেয়া অনুমান কৰি ক’বলৈ ৰোপিয়ে ভাল পায়। ল’ৰাসন্তান হ’লে পেটটো উঠঙা হৈ থাকে। “কন্যা হ’লে পেটটো কাষৰ ফালে ফুলে।” কিন্তু এনেকৈ জানো কৈ দিব পাৰি, এই সাধাৰণীকৰণক লৈ তেওঁ নিজেই হাঁহে। এয়া অনুমানৰ ওপৰত নিৰ্ভৰশীল আৰু ইশ্বৰে নিবিচাৰে যে মনুষ্য জনম লোৱাৰ আগতেই আমি ভ্ৰুণ নিৰ্ধাৰণ কৰো।

Charku's eyesight is dimming, and she tells families more and more frequently to head to the PHC or the new sub-centre.
PHOTO • Kavitha Iyer
Ropi too sends away most people who come to seek her help, tellign them, 'I can’t do it any longer'
PHOTO • Kavitha Iyer

বাওঁফালেঃ চাৰ্কুৰ চকু দুৰ্বল হৈ পৰিছে, তেওঁ সেয়ে আজিকালি তেওঁৰ কাষলৈ অহা পৰিয়ালবোৰক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ বা নতুন উপকেন্দ্ৰটোলৈ যোৱাৰে কথা কয়। সোঁফালেঃ ৰোপিয়েও তেওঁৰ ওচৰলৈ সহায় বিচাৰি অহা মানুহক না কৰে, কয়, ‘মই এই কাম কৰিব নোৱাৰা হৈছো’

বৰ্তাখেড়াত গাঁৱৰ মানুহে কয় যে ধাইসকলে সামূহিক স্বাস্থ্য ব্যৱস্থাটোত সহায়কৰ কাম কৰে, গৰ্ভৱতী মহিলালৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা সুবিধাসমূহ পোৱাটো সহজ কৰি তোলে (নিয়মীয়া স্বাস্থ্য পৰীক্ষা, আইৰন-ফলিক এচিড আৰু কেলচিয়ামৰ টেবলেটৰ যোগান)। সন্তান পৰিকল্পনা আৰু সময়মতে হস্পিতালত ভৰ্ত্তি হোৱা নিশ্চিত কৰা আদি বিভিন্ন কাম তেওঁলোকে কৰে।

জইতাদেহিৰ গঞাই পাৰাটৱাড়া চহৰৰ ব্যক্তিগত বৃত্তিধাৰী ডাক্তৰৰ ওচৰলৈ যায়, ৰোপিৰ পিছত যে ধাই নাথাকিব, সেয়া লৈ তেওঁলোক চিন্তিত নহয়। এইখিনি সময়ত ৰোপিয়ে সন্তান প্ৰসৱ কৰোৱা চৰকাৰী প্ৰতিষ্ঠানবোৰৰ বিষয়ে কেইটামান কথা ক’ব খোজে। “কিছুমান মহিলা ইমান ক্ষীণ, গোটেই নমাহ তেনে মহিলাই বমি কৰি থাকে। সিহঁতে মাংস নাখায়, কিছুমান খাদ্য দেখিলে তেওঁলোকে মুখ কোঁচাই দিয়ে। গৰ্ভৱতী মহিলাই সকলো খাব লাগে। একোৱেই নিষিদ্ধ নহয়,” তেওঁ কয়। “ডাক্তৰে গৰ্ভৱতী মহিলাক এইবিলাক বিষয়ত পৰামৰ্শ দিয়া উচিত।”

তেওঁলোকৰ সম্প্ৰদায়ত ধাইগৰাকীক কৰ্কু পৰিয়ালত সন্তান জন্মৰ পঞ্চম দিনা নিমন্ত্ৰণ কৰা হয়। সেইদিনা তেওঁক অৰিহণা দিয়া হয়, নৱজাতকে অনিশ্চিত সময়খিনি পাৰ কৰিব পৰাৰ প্ৰতিদান হিচাপে প্ৰতিকী অৰ্থত সেয়া আগবঢ়োৱা হয়। “কিছুমান দুৰ্ঘটনাক্ৰমে ঢুকায়, কিছুমান বেমাৰত ঢুকায়, কিছুমান জন্মতে ঢুকায়,” ৰোপিয়ে দাৰ্শনিকৰ দৰে ভাবি কয়। “সকলোৱে এদিন এই পৃথিৱী এৰিব লাগিব। কিন্তু সন্তান জন্ম দিয়াৰ সময়ত মাতৃ আৰু সন্তানটো জীয়াই থকাটো একধৰণৰ বিজয়।”

প্ৰসৱৰ পিছত সন্তান বাচি থকাৰ বাবে পোৱা কৃতজ্ঞতাই ধাই হিচাপে ডাঙৰ সুখানুভূতি, ৰোপিয়ে কয়। এতিয়া এই কাম এৰাৰ পৰা তেওঁ সেই সুখানুভূতিৰ পৰা বঞ্চিত হৈছে। সহায় বিচাৰি অহা প্ৰায়ভাগকে আজিকালি তেওঁ ঘুৰাই পঠিয়ায়। “যাও বাবা, মেৰে চে হোতা নহী,” তেওঁ কয়। “এতিয়া আৰু এই কাম কৰিব নোৱাৰা হৈছো।”

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত -কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি ? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদ: পংকজ দাস

Kavitha Iyer

Kavitha Iyer has been a journalist for 20 years. She is the author of ‘Landscapes Of Loss: The Story Of An Indian Drought’ (HarperCollins, 2021).

Other stories by Kavitha Iyer
Illustration : Priyanka Borar

Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper.

Other stories by Priyanka Borar
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das