২০২০ৰ আগস্তত দ্বিতীয়টো সন্তান জন্ম দিয়াৰ পিছত অঞ্জনী যাদৱ মাকৰ ঘৰলৈ আহিছিল। তাৰপিছত তেওঁ গিৰীয়েকৰ ঘৰলৈ উভতি নগ’ল। এতিয়া ৩১ বছৰ বয়সীয়া অঞ্জনীয়ে দুটা সন্তানৰ সৈতে বিহাৰৰ গয়া জিলাৰ বোধগয়া ব্লকৰ বাকৰৌৰ গাঁৱত মাক-দেউতাকৰ লগত থাকে। গিৰীয়েকৰ ঘৰলৈ আধা ঘণ্টাৰো বাট নহয় যদিও তেওঁ গাওঁখনৰ নাম ক’ব খোজা নাই।

“হস্পিতালত সন্তান জন্ম দিয়াৰ দুটা দিন হৈছিল মাত্ৰ, বৌৱে মোক ভাত ৰান্ধিবলৈ আৰু ঘৰ চাফাই কৰা কামত লগাইছিল। তেওঁ নিজেও সন্তান জন্ম দিয়াৰ পিছতে তেনেদৰে ঘৰৰ কাম কৰিছিল বুলি মোক কৈছিল। তেওঁ মোতকৈ ১০ বছৰে ডাঙৰ। প্ৰসৱৰ সময়ত মোৰ খুব তেজ গৈছিল। সন্তান জন্মৰ আগত নাৰ্ছে মোক কৈছিল যে মই গুৰুতৰ ৰক্তহীনতাত ভুগি আছো আৰু শাক-পাচলি আৰু ফলমূল খাব লাগিব। মই মোৰ শাহু-শহুৰৰ ঘৰত থাকিলে মোৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিলহেঁতেন।”

শেহতীয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (ৰা.প.স্বা.স.-৫) অনুযায়ী দেশৰ প্ৰায়ভাগ ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ মহিলা আৰু শিশুই যোৱা অৰ্দ্ধশতিকাজুৰি ৰক্তহীনতাত ভূগি আছে।

গিৰীয়েক সুখীৰামে (৩২) গুজৰাটৰ চুৰাটত কাপোৰৰ কাৰখানা এটাত কাম কৰে বুলি অঞ্জনীয়ে কয়। যোৱা ডেৰটা বছৰ ধৰি তেওঁ ঘৰলৈ অহা নাই। “তেওঁ মোৰ ডেলিভাৰিৰ সময়ত অহাৰ কথা আছিল, কিন্তু দুদিনতকৈ বেছি ছুটি ল’লে কামৰ পৰা তেওঁক উলিয়াই দিব বুলি কোম্পানীয়ে সকীয়নি দিলে। এই ক’ৰনা বেমাৰ অহাৰ পিছত আমাৰ দৰে দুখীয়া মানুহৰ পইছা-পাতি, স্বাস্থ্যৰ ফালে টান পৰিছে আৰু মানসিকভাৱেও ভাগি পৰিছে। মই অকলশৰীয়া হৈ পৰিছিলো, অকলেই সকলো কৰিবলগীয়া হৈছিল।”

“তেওঁৰ অনুপস্থিতিত সেই ভয়লগা পৰিৱেশ এটাৰ পৰা ওলাই অহাটোৱে মই বাচি ল’লো। প্ৰসৱোত্তৰ কালৰ স্বাস্থ্যসেৱাৰ কথা বাদেই, কোনোৱে ঘৰৰ কামখিনিতো মোক সহায় কৰা নাছিল, পানীকেঁচুৱাটোকো কোলাত নলয়,” পাৰিক তেওঁ কয়। অঞ্জনী যাদৱৰ এতিয়াও ৰক্তহীনতা কমা নাই। এইখন ৰাজ্যত হাজাৰ হাজাৰ মহিলাৰ একেই অৱস্থা।

ৰা.প.স্বা.স.-৫ৰ মতে বিহাৰৰ প্ৰায় ৬৪ শতাংশ মহিলাই ৰক্তহীনতাত ভূগি আছে।

দেশখনে “প্ৰজননক্ষম বয়স হোৱা মহিলাৰ মাজত ৰক্তহীনতা দূৰ কৰাৰ লক্ষ্যত উপনীত হোৱাৰ দিশত কোনো অগ্ৰগতি লাভ কৰা নাই, এতিয়া ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ ৫১.৪ শতাংশ মহিলা ৰক্তহীনতাত ভূগি আছে,” ২০২০ৰ বিশ্ব পুষ্টি প্ৰতিবেদনত ক’ভিড-১৯ প্ৰসংগত এই তথ্য দাঙি ধৰা হৈছে।

PHOTO • Jigyasa Mishra

যোৱা বছৰ দ্বিতীয়টো সন্তান জন্ম দিয়াৰ পিছৰে পৰা অঞ্জনী যাদৱ মাকৰ ঘৰতে আছে। গিৰীয়েকৰ ঘৰত তেওঁৰ যতন লওঁতা বা কামত সহায় কৰোঁতা কোনো নাই, তাতে আকৌ তেওঁৰ গিৰীয়েকো দূৰত থাকে

ছবছৰ আগতে বিয়া হৈ অঞ্জনীয়ে আন মহিলাৰ দৰে কাষৰে গাঁৱৰ শাহু-শহুৰৰ ঘৰত থাকিবলৈ আহে। তেওঁৰ গিৰীয়েকৰ পৰিয়ালটো যৌথ পৰিয়াল আছিল, মাক-দেউতাক, দুজন জাঙৰ ভায়েক, ভায়েকহঁতৰ ঘৈণীয়েক আৰু ল’ৰা-ছোৱালী। অঞ্জনীয়ে ৮ম মানত পঢ়া এৰিছিল আৰু গিৰীয়েকে ১২ম শ্ৰেণীলৈ পঢ়িছে।

বিহাৰত ১৫ৰ পৰা ১৯ বছৰ বয়সৰ মহিলাৰ মাজত কৈশোৰ অৱস্থাৰ প্ৰজনন ক্ষমতাৰ হাৰ ৭৭ শতাংশ, এয়া ৰা.প.স্বা.স.-৫ৰ তথ্য। ৰাজ্যখনৰ প্ৰায় ২৫ শতাংশৰো অধিক মহিলাৰ বডি মাচ ইনডেক্স (বিএমআই) স্বাভাৱিকতকৈ কম। আকৌ ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ গৰ্ভৱতী মহিলাৰ ৬৩ শতাংশৰো অধিকে ৰক্তহীনতাত ভূগি আছে, সমীক্ষাটোত কোৱা হৈছে।

বাকৰৌৰৰ মাকৰ ঘৰত নিজৰ মাক, ভায়েক, তেওঁৰ পত্নী আৰু তেওঁলোকৰ দুটি সন্তানৰ সৈতে অঞ্চনী থাকে। তেওঁৰ ভায়েক, ২৮ বছৰ বয়সীয়া অভিষেকে গয়া চহৰত ডেলিভাৰী বয় হিচাপে কাম কৰে, অঞ্জনাৰ মাক বন কৰা মহিলা। ''গোটেই পৰিয়ালটো মিলি মাহত ১৫,০০০ মান টকা আহে। মই ইয়াত থকাক লৈ কাৰো আপত্তি নাই যদিও তেওঁলোকৰ ওপৰত মই নিজকে বোজা যেন অনুভৱ কৰোঁ, তেওঁ কয়।

''মোৰ স্বামী চুৰাটত আন তিনিজন সহকৰ্মীৰ সৈতে এটা কোঠালীতে ভাড়া কৰি থাকে। তেওঁ অলপ টকা উপাৰ্জন কৰি অকলে এটা কোঠা ভাড়া কৰিব পৰা হোৱালৈকে মই অপেক্ষা কৰিছো, তেতিয়া আমি দুজন তাত (চুৰাটত) একেলগে থাকিব পাৰিম,’’ অঞ্জনীয়ে কয়।

*****

''আহক, আপোনাক মোৰ বান্ধৱীৰ সৈতে চিনাকি কৰি দিওঁ। তেওঁৰ জীৱনটো শাহুৱেকে মোৰ দৰেই নৰক কৰি পেলাইছে,’’ অঞ্জনাই ক’লে। মই তেওঁক অনুসৰণ কৰি তেওঁৰ বান্ধৱী গুড়িয়াৰ ঘৰ, মানে তেওঁৰ গিৰীয়েকৰ ঘৰ ওলালো। গুড়িয়া (২৯) চাৰিটা সন্তানৰ মাক। আটাইতকৈ সৰুটো ল’ৰা যদিও তেওঁৰ শাহুৱেকে তেওঁৰ বন্ধ্যাকৰণ কৰাব খোজা নাই। কিয়নো তেওঁৰ মতে গুড়িয়াই বেছি নহ’লেও আৰু এটা ল’ৰা সন্তান জন্ম দিব লাগে। উপাধি নকৈ কেৱল নামটোৰে সম্বোধন কৰিলে ভালপোৱা গুড়িয়া দলিত সম্প্ৰদায়ৰ।

প্ৰায়ভাগ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত যোৱা অৰ্দ্ধশতিকাত মহিলা আৰু শিশুৰ মাজত ৰক্তহীনতাই আগতকৈ ভয়াৱহ ৰূপ লৈছে- ৰা.প.স্বা.স.-৫ৰ এই তথ্য

''তিনিজনী ছোৱালী জন্ম দিয়াৰ পিছত শাহুৱে ল’ৰা সন্তান এটা বিচাৰিছিল। তাৰ পিছত যেনিবা মোৰ ল’ৰা সন্তান এটা জন্ম পালে, জীৱনটো আগতকৈ সহজ হ’ব বুলি ভাবিছিলো। কিন্তু এতিয়া শাহুৱে কয় যে তিনিজনী ছোৱালী আছে হেতুকে অতিকমেও দুটা ল’ৰাসন্তান লাগিবই। তেওঁ মোক অপাৰেচন কৰাব দিয়া নাই,’’ গুড়িয়াই পাৰিক কয়।

২০১১ৰ লোকপিয়ল মতে শিশুৰ লিংগ অনুপাতৰ ক্ষেত্ৰত বিহাৰত গয়াৰ স্থান তৃতীয়। জিলাখনত এই অনুপাত ০ৰ পৰা ৬ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত এই ৰাজ্যখনৰ গঢ় অনুপাত ৯৩৫ৰ বিপৰীতে ৯৬০।

গুড়িয়া টিন আৰু এছবেষ্ট’চ দিয়া দুটা কোঠালীৰ ঘৰত থাকে। ঘৰটোৰ বেৰবোৰ মাটি লেপি দিয়া, শৌচালয় নাই। তেওঁৰ গিৰীয়েক শিৱসাগৰ (৩৪), তেওঁৰ মাক আৰু তেওঁলোকৰ তিনি সন্তান এই সৰু ঘৰটোতে থাকে। শিৱসাগৰে তাৰে ধাবা এখনত সহায়কৰ কাম কৰে।

১৭ বছৰ বয়সতে বিয়া হোৱা গুড়িয়াই কেতিয়াও পাঠশালা গৰকি নাপালে। ''আমি পাঁচজনী ছোৱালীৰ ডাঙৰজনী আছিলো মই, মা-দেউতাই মোক স্কুললৈ পঠিয়াব পৰাকৈ সামৰ্থ্য নাছিল,’’ তেওঁ আমাক কয়। ''কিন্তু মোৰ দুজনী ভনী আৰু একমাত্ৰ ভাইটো, আটাইতকৈ সৰু, আটায়ে স্কুললৈ গৈছে।’’

গুড়িয়াৰ ঘৰৰ মূল দুৱাৰখনলৈ এটা ঠেক ৰাস্তা গৈছে, কোনোমতে বহলে চাৰি ফুটমান হ’ব, তাৰে ঠিক বিপৰীতে আকৌ চুবুৰীয়াৰ ঘৰ। কোঠাটোৰ বেৰত দুটা স্কুলবেগ ওলমি আছে, বেগকেইটা কিতাপেৰে ভৰি আছে। ''এয়া মোৰ ছোৱালীহঁতৰ। সিহঁতে আজি এবছৰ ধৰি কিতাপলৈ মুখে কৰা নাই,’’ গুড়িয়াই কয়। তেওঁৰ জীয়াৰী দুজনী, ১০ বছৰীয়া খুশবু আৰু ৮ বছৰীয়া বৰ্ষা দুয়োৰে পঢ়া-শুনাৰ ক্ষতি হৈছে। ক’ভিড-১৯ অতিমাৰীৰ কাৰণে দেশজুৰি হোৱা প্ৰথমটো লকডাউনৰে পৰা বন্ধ হৈ থকা স্কুলবোৰ এতিয়াও খোলা নাই।

PHOTO • Jigyasa Mishra

গুড়িয়াক শাহুৱেকে বন্ধ্যাকৰণ কৰাব নিদিয়ে, তেওঁক আৰু এটা ল’ৰা সন্তান জন্ম দিবলৈ শাহুৱেকে কৈছে

'মোৰ ছোৱালী দুজনীয়ে মধ্যাহ্ন ভোজন কৰিবলৈ পাইছিল কাৰণে দিনত এবাৰ ভালদৰে খোৱা হৈছিল। কিন্ত এতিয়া আমি যিহকে পাওঁ তাকে খাই বাচি আছো,’’ গুড়িয়াই কয়।

স্কুল বন্ধ হোৱাত সিহঁতো ভোকত থাকিবলগীয়া হৈছে। এতিয়া ডাঙৰ ছোৱালী দুজনীয়ে মধ্যাহ্ন ভোজন নাপায়, ঘৰতো খাবলৈ বিশেষ একো নাথাকে। অঞ্জনীৰ পৰিয়ালৰ দৰে গুড়িয়াৰো স্থায়ী আয় নাই, খাদ্যৰো ঠিক নাই। এই সাতজনীয়া পৰিয়ালটো গিৰীয়েকৰ অস্থায়ী কামটোৰ পৰা পোৱা ৯,০০০ টকাৰ ওপৰতে ভৰসা কৰিবলগীয়া হয়।

২০২০ৰ বিশ্ব পুষ্টি প্ৰতিবেদন অনুযায়ী ''অসংগঠিত আৰ্থিক খণ্ডৰ শ্ৰমিক বিশেষভাৱে বিপদোন্মুখ হৈ পৰে, কিয়নো তেওঁলোকৰ সামাজিক সুৰক্ষা নাথাকে আৰু ভাল স্বাস্থ্যসেৱাও নাপায়, তাৰোপৰি উৎপাদনশীল সম্পদৰ সুবিধাও তেওঁলোকে হেৰুৱাইছে। লকডাউনত উপাৰ্জনৰ বাট হেৰুৱাই বহুতে নিজৰ লগত পৰিয়ালৰ পেট পোহাত অসমৰ্থ হৈছে। বহুতৰে কাৰণে উপাৰ্জন নাই মানে খাদ্যও নাই, আকৌ কম খাদ্য মানে কম পুষ্টিও।’’

গুড়িয়াৰ পৰিয়ালটোৱেই প্ৰতিবেদনৰ কথাখিনি স্পষ্টকৈ ফুটাই তোলে। তেওঁলোকৰ এফালে ক্ষুধা নিবাৰণৰ যুঁজ, আনফালে দলিত হোৱাৰ বাবে উপেক্ষিত। তেওঁৰ গিৰীয়েকৰ কামটোও নিশ্চিত নহয়। পৰিয়ালটোৱে স্বাস্থ্যসেৱাৰো কোনোধৰণৰ সুবিধা পোৱা নাই।

*****

বেলি লহিয়াইছে। বোধগয়া ব্লকৰ মুছাহাৰ তোলা (বস্তি বা কলনি)ৰ মানুহবোৰৰ জীৱন নিত্য-নৈমিত্তিক চলিছে। ৰাজ্যখনৰ অনুসূচিত জাতিৰ একেবাৰে নিম্নস্তৰৰ এই সম্প্ৰদায়ৰটোৰ তিৰাতোবোৰে দিনটোৰ কাম-বন শেষ কৰি কথাৰ মহলা মাৰিবলৈ ভাতিবেলা সময়ত লগ লাগিছে। ল’ৰা-ছোৱালীহঁতৰ লগতে ইটোৱে সিটোৰ ওকণি চাইছে।

সকলোকে তেওঁলোকৰ ঘৰৰ দুৱাৰমুখ বা নঙলাতে বহি থকা দেখা গৈছে, দুয়োকাষে ওফন্দি থকা নলা আৰু অতিকৈ ঠেক গলিবোৰ। ''মুছাহাৰ তোলা বুলিলে এনেকুৱাই বৰ্ণনা চকুত ভাঁহি নুঠে জানো? আমি এনেকৈয়ে গৰু-গাহৰিৰ মাজত বাস কৰো,’’ ১৫ বছৰ বয়সতে বিয়া হৈ এই কলনিটোলৈ অহা মালা দেৱীয়ে (৩২) কয়।

৪০ বছৰ বয়সীয়া তেওঁৰ গিৰীয়েক লাল্লান আদিবাসী গয়া জিলা সদৰৰ ব্যক্তিগত ক্লিনিক এখনৰ চাফাই কৰ্মচাৰী। কেতিয়াও গৰ্ভনলীচ্ছেদনৰ সুবিধা মালাই নাপালে আৰু এতিয়া চাৰিটা সন্তানৰ পৰিৱৰ্তে যদি এটা থাকিলহেঁতেন বুলি হুমুনিয়াহ কাঢ়ে।

তেওঁলোকৰ ডাঙৰজন ল’ৰা ১৬ বছৰীয়া শম্ভুয়ে একমাত্ৰ স্কুলত নাম লিখাইছে, ৯ম মানত পঢ়ে। ''৩য় শ্ৰেণীৰ পিছত জীয়াৰীকেইজনীক পঢ়ুৱাব নোৱাৰিলো। লল্লনে মাহে ৫,৫০০ টকা পায় আৰু আমি ছজনীয়া পৰিয়াল। এইখিনিৰে পৰিয়ালটোক আঁটে বুলি ভাবিছে নেকি?’’ তেওঁ প্ৰশ্ন কৰে। মালাৰ আটাইতকৈ ডাঙৰ আৰু সৰুকেইটা ল’ৰা। আন দুজনী ছোৱালী।

PHOTO • Jigyasa Mishra

মালাই কয় যে তেওঁ গৰ্ভনলীচ্ছেদনৰ সুবিধা নাপালে আৰু এতিয়া চাৰিটা সন্তানৰ পৰিৱৰ্তে যদি এটা থাকিলহেঁতেন বুলি হুমুনিয়াহ কাঢ়ে

শৈক্ষিক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰাত এই চুবুৰীটোৰো স্কুললৈ যোৱা ল’ৰা-ছোৱালীখিনিৰো পঢ়াশালিৰ সৈতে সম্পৰ্ক চিগিল। পঢ়াৰ লগতে মধ্যাহ্ন ভোজনৰ খাদ্যও নোপোৱা হ’ল, ভোক বাঢ়িল। স্কুল খোলা থকা দিনতো এই সম্প্ৰদায়ৰ খুব কম সংখ্যকেহে স্কুললৈ যায়। সামাজিক উচ-নীচ, বৈষম্য আৰু আৰ্থিক বোজাৰ ফলত মুছাহাৰ শিশুৱে, বিশেষকৈ ছোৱালীয়ে খুব কম বয়সতে পঢ়া এৰে আৰু আন সম্প্ৰদায়বোৰৰ তুলনাত তেওঁলোকৰ সম্প্ৰদায়ৰ স্কুল এৰা ল’ৰা-ছোৱালীৰ হাৰ বেছি।

২০১১ৰ লোকপিয়ল মতে বিহাৰত মুছাহাৰৰ জনসংখ্যা ২৭ লাখ ২০ হাজাৰ । তেওঁলোক দুষধ আৰু চামৰসকলৰ পিছতে জনসংখ্যাৰ ফালৰ পৰা তৃতীয় স্থানত থকা অনুসূচিত জাতি। ৰাজ্যখনৰ মুঠ ১ কোটি ৬৫ লাখ ৭০ হাজাৰ দলিতৰ প্ৰায় ছয়ভাগৰ একাংশহে মুছাহাৰসকল, কিন্তু বিহাৰৰ ১০ কোটি ৪০ লাখ মুঠ জনসংখ্যাৰ তুলনাত তেওঁলোক মাত্ৰ ২.৬ শতাংশ (২০১১ৰ লোকপিয়ল অনুযায়ী)।

২০১৮ৰ অক্সফাম প্ৰতিবেদনত কোৱা হৈছে যে ''মুছাহাৰসকলৰ ৯৬.৩ শতাংশ ভূমিহীন আৰু ৯২.৫ শতাংশই কৃষি শ্ৰমিক হিচাপে কাম কৰে। উচ্চ হিন্দুসকলে অস্পৃশ্য বুলি বিবেচনা কৰা তেওঁলোকৰ সাক্ষৰতাৰ হাৰ কেৱল ৯.৮ শতাংশ, এই হাৰ দেশৰ দলিতসকলৰ ভিতৰত আটাইতকৈ কম। এই সম্প্ৰদায়ৰ কেৱল ১ কি ২ শতাংশ মহিলা সাক্ষৰ।’’

এটা সময়ত বুদ্ধৰ বোধপ্ৰাপ্তিৰ এই বোধগয়াত সাক্ষৰতাৰ এই হাৰ, সেয়াই বিড়ম্বনা।

''আমি কেৱল সন্তান জন্ম দিবলৈ আৰু সিহঁতক লালন-পালন কৰিবলৈ জনম ধৰিছো, কিন্তু টকা নাথাকিলে সেইখিনিও কৰিম কেনেকৈ?’’ সৰুটো ল’ৰাক ৰাতিৰ ৰৈ যোৱা পইতা ভাত কেইটামান বাটি এটাত আনি দি প্ৰশ্ন কৰে। ''তোক দিবলৈ এয়ে আছে, খালে খা, নাখালে ভোকত থাক,’’ অসহায় হৈ পৰা মালাই কথাখিনি কওঁতে খং উঠিছে।

PHOTO • Jigyasa Mishra
PHOTO • Jigyasa Mishra

বাওঁফালেঃ গিৰীয়েকৰ মৃত্যুৰ পিছত শিৱানীয়ে ভায়েকৰ ওপৰতে নিৰ্ভৰ কৰ চলিছে। সোঁফালেঃ ঘৰৰ বাহিৰৰ ঠেক গলিবোৰত কথাৰ মহলা মাৰি বোধগয়াৰ মুছাহাৰ কলনিৰ তিৰোতাসকলে আবেলিৰ সময় কটাইছে

মহিলাৰ সেই গোটটোৰে এগৰাকী হৈছে শিৱানী আদিবাসী (২৯)। হাওঁফাওঁৰ কৰ্কট ৰোগ হৈ গিৰীয়েকৰ মৃত্যুৰ পিছত শিৱানীয়ে দুটি সন্তান আৰু তেওঁৰ গিৰীয়েকৰ পৰিয়ালটোৰ সৈতে আঠজনীয়া যৌথ পৰিয়ালটোৰ লগত থাকে। তেওঁৰ পোনপটীয়া কোনো আয়ৰ উপায় নাই, সেয়ে গিৰীয়েকৰ ভায়েকৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰ কৰি চলে। ''মোৰ ল’ৰা-ছোৱালীকেইটাৰ কাৰণে শাক-পাচলি, গাখীৰ আৰু ফল-মূল আনিবলৈ মই পোনপটীয়াকৈ তেওঁক ক’ব নোৱাৰো। তেওঁ যি দিয়ে আমি তাতেই কৃতজ্ঞ। প্ৰায়ে আমি মাৰ ভাত খায়ে থাকো,’’ শিৱানীয়ে পাৰিক কয়।

''বিহাৰৰ মুছাহাৰসকলৰ ৮৫ শতাংশই অপুষ্টিত ভূগি আছে...,’’ অক্সফামৰ প্ৰতিবেদনৰ এই তথ্য।

মালা আৰু শিৱানীৰ জীৱনটোৰ সৈতে বিহাৰৰ ভিন্ন প্ৰান্তৰ আন অগণন দলিত মহিলাৰ জীৱনবোৰৰ বেছি পাৰ্থক্য নাই।

বিহাৰৰ অনুসূচিত জাতিৰ প্ৰায় ৯৩ শতাংশ ই গ্ৰামাঞ্চলত বাস কৰে। ৰাজ্যখনৰ ভিতৰতে দলিতৰ জনসংখ্যা গয়া জিলাখনত সৰ্বাধিক, ৩০.৩৯ শতাংশ। মুছাহাৰসকল 'মহাদলিত’ সম্প্ৰদায়ত ধৰা হয়। তেওঁলোক অনুসূচিত জাতিবোৰৰ ভিতৰত আটাইতকৈ দৰিদ্ৰ সামাজিক গোট।

সমাজ আৰু আৰ্থিক পটভূমিৰ পৰা চাবলৈ গ’লে অঞ্জনী, গুড়িয়া, মালা আৰু শিৱানীৰ মাজত সামান্য পাৰ্থক্য থাকিব পাৰে। কিন্তু তেওঁলোকৰ মাজত এটা মিল আছে- সেয়া হৈছে তেওঁলোকৰ নিজৰ দেহ, তেওঁলোকৰ স্বাস্থ্য, ক’বলৈ গ’লে তেওঁলোকৰ নিজৰ জীৱনটোৰ ওপৰতে নিজৰ নিয়ন্ত্ৰণ নথকা অৱস্থাটো। তেওঁলোকে বিভিন্ন পৰ্য্যায়ত বোধকৰো পেটৰ তাড়নাত ভূগিছে। শেষৰটো সন্তান প্ৰসৱ কৰাৰ কেবামাহ পাৰ হৈছে যদিও অঞ্জনীয়ে এতিয়াও ৰক্তহীনতাত ভূগি আছে। গুড়িয়াই নিজৰ বন্ধ্যাকৰণ কৰাব পাৰিব বুলি আৰু আশা কৰি থকা নাই। মালা আৰু শিৱানীয়ে ভাল ভৱিষ্যত এটাৰ সপোন কাহানিবাই এৰি আহিছে, জীয়াই থকাটোৱে তেওঁলোকৰ বাবে কঠিন কাম হৈ পৰিছে।

পৰিচয় গোপনীয় কৰি ৰখাৰ স্বাৰ্থত এই প্ৰতিবেদনত মানুহৰ নামবোৰ সলনি কৰা হৈছে।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

জিজ্ঞাসা মিশ্ৰাই ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ অনুদানেৰে এক স্বতন্ত্ৰ সাংবাদিকতাৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতা সম্পৰ্কে প্ৰতিবেদন আগবঢ়াইছে। ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদনা নিয়ন্ত্ৰণ আৰোপ কৰা নাই।

অনুবাদ: পংকজ দাস

Jigyasa Mishra

Jigyasa Mishra is an independent journalist based in Chitrakoot, Uttar Pradesh.

Other stories by Jigyasa Mishra
Illustration : Priyanka Borar

Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper.

Other stories by Priyanka Borar
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das