“কিনো ক’ম, মোৰ পিঠি ভাগিছে আৰু কামিহাড়বোৰ ফুলি গৈছে”, বিবাবাঈ লয়াৰেই কয়। “যোৱা দুই তিনি বছৰত মোৰ তলপেট কোঁচ খাই গৈছে, পেট-পিঠি একাকাৰ হৈ গৈছে। ডাক্তৰে কোৱা মতে মোৰ হাড়বোৰ ফোপোলা হৈ গৈছে”।

মুন্সী ব্লকৰ হাডাশী গাঁৱত আমি তেওঁৰ ঘৰতে লাগি থকা টিনপাতেৰে নিৰ্মিত এটা কম পোহৰৰ পাকঘৰত বহি আছো। প্ৰায় ৫৫ বছৰীয়া বিবাবাঈয়ে এটা মাটিৰ চৌকাৰ ওপৰত এখন টাৱাত থাকি যোৱা ভাতখিনি গৰম কৰি আছে। তেওঁ মোক বহিবলৈ এখন কাঠৰ পীৰা দি পুনৰাই কামত লাগে। তেওঁ বাচনখিনি ধুবলৈ থিয় হওঁতে মই দেখো যে কঁকালৰ পৰা তেওঁ ইমানেই বেঁকা যে তেওঁৰ থুতৰিটো আহি প্ৰায় আঁঠুত লাগি যোৱাৰ উপক্ৰম হৈছে। আৰু আঁঠুদুটা ওপৰলৈ ৰাখি যেতিয়া তেওঁ বহিছিল, তেতিয়া আঁঠুদুটাই কাণ চুইছিলহি।

যোৱা ২৫ বছৰত হাড় ঠুনুকা হোৱা ৰোগ অষ্টিঅ’প’ৰ’ছিছ আৰু আন চাৰিটা অস্ত্ৰোপচাৰে বিবাবাঈক আনি এই অৱস্থাত পেলালেহি। প্ৰথমে তেওঁ এটা ডিম্বনলীচ্ছেদ (মহিলাৰ বন্ধ্যাকৰণ) কৰাইছিল, তাৰ পাছত হাৰ্নিয়া আৰু তাৰ পাছত জৰায়ুছেদনৰ লগতে অন্য এটা অস্ত্ৰোপচাৰো কৰাইছিল যিটোত তেওঁৰ অন্ত্ৰ, তলপেটৰ চৰ্বি তথা পেশীসমূহৰ কিছু অংশ কাটি পেলাব লগা হৈছিল।

“তোলনি হোৱাৰ ঠিক পাছতেই বাৰ-তেৰ বছৰত মোৰ বিয়া হৈছিল। প্ৰথম পাঁচটা বছৰত মই গৰ্ভধাৰণ কৰা নাছিলোঁ,” কেতিয়াও বিদ্যালয়লৈ যাবলৈ নোপোৱা বিবাবাঈয়ে কয়। সকলোৱে আপ্পা বুলি জনা মাহীপতি লয়াৰে বিবাবাঈৰ স্বামী যি তেওঁতকৈ বিশ বছৰ ডাঙৰ আৰু পুণে জিলাৰ বিভিন্ন শাখাত চাকৰি কৰা এগৰাকী অৱসৰপ্ৰাপ্ত জিলা পৰিষদ শিক্ষক। লয়াৰে পৰিয়ালটোৱে তেওঁলোকৰ পামত ধান, বুট, মাহ আৰু মটৰ আদিৰ খেতি কৰে। তেওঁলোকৰ এযোৰ বলদ, এটা মহ আৰু এটা পোৱালিৰে সৈতে এজনী গাই আছে যাৰ গাখীৰ বেচি তেওঁলোকে অতিৰিক্ত উপাৰ্জন কৰে। মাহীপতিয়ে পেঞ্চনো পায়।

“মোৰ আটাইকেইটা সন্তান ঘৰতে জন্ম হৈছিল,” বিবাবাঈয়ে কৈ য়ায়। তেওঁৰ প্রথমটো সন্তান পুত্ৰসন্তান আছিল, তেওঁৰ সোতৰ বছৰ বয়সতে জন্ম হৈছিল। “সেই সময়ত আমাৰ গাঁৱত পকী ৰাস্তা আৰু যান-বাহন নথকা বাবে আমি গৰুগাড়ীৰে আমাৰ পিতৃগৃহলৈ [পর্বতমালাৰ সিপাৰৰ এখন গাঁও] গৈ আছিলো। মোৰ উল্ব তৰল ফাটিছিল, প্রসৱ বেদনা আৰম্ভ হৈছিল আৰু সেই গৰুগাড়ীতে আমাৰ প্রথমটো সন্তান জন্ম হৈছিল” বিবাবাঈয়ে ৰোমন্থন কৰে। পাছত মূলাধাৰ গ্রন্থিৰ ফাঁটটো চিকিৎসা কৰিবৰ বাবে তেওঁ এটা যোনিদ্বাৰ ছেদন (এপিছিয়’ট’মি) কৰাব লগা হৈছিল। ক’ত কৰাইছিল সেয়া তেওঁ মনত পেলাব পৰা নাই।

'My back is broken and my rib cage is protruding. My abdomen is sunken, my stomach and back have come together...'
PHOTO • Medha Kale

‘মোৰ পিঠি ভাগি গৈছে আৰু কামিহাড় ফুলি গৈছে। মোৰ পেট শুকাই গৈছে, পেট-পিঠি একাকাৰ হৈ গৈছে...’

বিবাবাঈৰ মনত আছে যে দ্বিতীয়বাৰ গর্ভধাৰণৰ সময়ত হাডাশীৰ পৰা প্রায় দুই কিলোমিটাৰ দূৰত্বৰ এখন গাঁও ক’লৱানৰ এখন ব্যক্তিগত ক্লিনিকৰ ডাক্তৰে তেওঁৰ হিম’গ্লবিন কম বুলি আৰু তেওঁৰ ভ্রূণৰ বিকাশ স্বাভাৱিকতকৈ কমকৈ হোৱা বুলি কৈছিল। গাঁৱত নাৰ্ছৰ পৰা বাৰটা ইনজেকশ্যন আৰু আইৰন টেবলেট লোৱাৰ কথা তেওঁৰ মনত আছে। সেইখিনি সম্পূর্ণ কৰাৰ পাছত তেওঁৰ এজনী কন্যা সন্তান জন্ম হয়। “ছোৱালীজনীয়ে কেতিয়াও শব্দ এটা কৰা নাছিল বা কন্দাও নাছিল। দোলনাখনত শুই শুই তাই মাথো ওপৰৰ চিলিংখনলৈ চাই থাকিছিল। তাই যে স্বাভাৱিক নহয় সেয়া আমি সোনকালেই বুজি পালো”, বিবাবাঈয়ে কয়। সবিতা, সেই ছোৱালীজনীৰ বয়স এতিয়া ছয়ত্রিশ বছৰ। পুণেৰ চাছুন চিকিৎসালয়ত তাইক ‘মানসিক বা বৌদ্ধিকভাৱে ভাৰসাম্যহীন’ বুলি চিনাক্ত কৰা হয়। যদিও তাই বাহিৰা লোকৰ সৈতে কাচিৎহে কথা পাতে, পামৰ কামত সহায় কৰাৰ লগতে কিন্তু ঘৰৰ বেছিভাগ কামেই সবিতাই কৰে।

বিবাবাঈয়ে আৰু দুটি সন্তানৰ জন্ম দিয়ে। দুয়োটিয়ে পুত্র। তেওঁৰ চতুর্থ সন্তান, সৰুটি পুত্র ফটা ওঁঠ আৰু তালু সহ জন্ম হৈছিল। “তাক গাখীৰ খুৱালে নাকেৰে ওলাই আহিছিল। ডাক্তৰে (ক’লৱানৰ এখন ব্যক্তিগত চিকিৎসালয়ত) আমাক প্রায় বিশ হাজাৰ মান টকাৰ অস্ত্রোপচাৰ এটা কৰিব লাগিব বুলি কৈছিল। কিন্তু সেই সময়ত আমি যৌথ পৰিয়ালত আছিলো আৰু মোৰ স্বামীৰ পিতৃ তথা ককায়েকে কথাটো সিমান গুৰুত্ব সহকাৰে নল’লে (অস্ত্রোপচাৰ জৰুৰী বুলি) আৰু তেনেকৈয়ে এমাহত মোৰ সন্তানটি হেৰুৱালো”, বিবাবাঈয়ে দুখেৰে কয়।

তেওঁৰ জ্যেষ্ঠপুত্রই এতিয়া তেওঁলোকৰ ঘৰুৱা পামত কাম কৰে। আৰু তেওঁৰ তৃতীয় সন্তান সৰু পুত্রই পুণেত এগৰাকী এলিভেটৰ টেকনিচিয়ান হিচাপে কাম কৰে।

চতুর্থ সন্তানৰ মৃত্যুৰ পাছত হাডাশীৰ পৰা প্রায় পঞ্চাশ কিলোমিটাৰ আঁতৰৰ পুণেৰ এখন ব্যক্তিগত চিকিৎসালয়ত  বিবাবাঈয়ে এটা ডিম্বনলীচ্ছেদ (বন্ধ্যাকৰণ) কৰাইছিল। তেতিয়া তেওঁৰ বয়স ত্রিশৰ প্রায় ওচৰা-ওচৰি আছিল। তেওঁৰ বৰজনাই ইয়াৰ সমস্ত খৰচ-পাতি বহন কৰিছিল। অৱশ্যে খৰছৰ সবিশেষ বিবাবাঈৰ মনত নাই। বন্ধ্যাকৰণৰ কিছু বছৰ পাছৰ পৰা বিবাবাঈৰ পেটৰ বিষ এটা আৰম্ভ হয় আৰু চকুত পৰাকৈ পেটৰ বাওঁফালটো ফুলি উঠে। যদিও বিবাবাঈয়ে সেয়া ‘গেছ’ বুলি ভাবিছিল, চিকিৎসকে হার্নিয়া হোৱা বুলি ধৰা পেলায়। হার্নিয়া ইমান বেয়াকৈ হৈছিল যে ই জৰায়ুটো চেপি ধৰিছিল। পুণেৰ এখন ব্যক্তিগত চিকিৎসালয়ত হার্নিয়াৰ অস্ত্রোপচাৰ হৈ যায়। এই অস্ত্রোপচাৰৰ খৰচ বিবাবাঈৰ এজন ভতিজাই বহন কৰে, কিমান তেওঁ নাজানে।

Bibabai resumed strenuous farm labour soon after a hysterectomy, with no belt to support her abdominal muscles
PHOTO • Medha Kale

পেটৰ পেশীসমূহক ধৰি থ’ব পৰাকৈ কোনো বেল্ট আদি নিপিন্ধাকৈয়ে বিবাবাঈয়ে জৰায়ুচ্ছেদনৰ ঠিক পাছতেই আকৌ পামত কাম কৰিবলৈ লয়

ত্রিশ বছৰৰ শেষৰ ফালে ভয়ংকৰভাৱে বিবাবাঈৰ ঋতুস্রাৱ হ’বলৈ লয়। তেওঁ মনত পেলায়, “পামত কাম কৰোঁতে ৰক্তক্ষৰণ ইমানেই বেছি হৈছিল যে তেজৰ চেঁকুৰা মাটিত সৰি পৰিছিল। মই সেইবোৰ মাটিৰে ঢাকি দিছিলো।” এনেকৈ দুবছৰ ভোগাৰ পাছত বিবাবাঈয়ে ক’লৱানৰ এখন ক্লিনিকত আকৌ এগৰাকী ব্যক্তিগত চিকিৎসকক দেখা কৰে। চিকিৎসকগৰাকীয়ে বিবাবাঈক তেওঁৰ জৰায়ু নষ্ট হৈ যোৱা বুলি কয় আৰু ততালিকে তাক উঠাই পেলাব লাগিব বুলি জনায়।

সেয়ে, তেওঁৰ বয়স যেতিয়া প্রায় চল্লিশ বছৰ হ’ল, বিবাবাঈয়ে পুণেৰ এখন প্রখ্যাত চিকিৎসালয়ত জৰায়ু আঁতৰাবলৈ এটা অস্ত্রোপচাৰ কৰে। তেওঁক জেনেৰেল ৱাৰ্ডত এসপ্তাহ ৰখা হয়। “ডাক্তৰসকলে অস্ত্রোপচাৰৰ পাছত এডাল বেল্ট ল’বলৈ কৈছিল (পেটৰ পেশীসমূহ ধৰি ৰাখিব পৰাকৈ), কিন্তু আমাৰ লোৱা নহ’ল”, বিবাবাঈয়ে কয়। হয়তো তেওঁলোকে বেল্টডালৰ গুৰুত্ব বুজি নাপালে। তেওঁ পর্যাপ্ত জিৰণিও নাপালে আৰু পুনৰাই পামৰ কামত লাগি গ’ল।

যদিও এই অস্ত্রোপচাৰৰ পাছত একৰ পৰা ছমাহলৈ কোনো গধুৰ কাম নকৰিবলৈ পৰামর্শ দিয়া হৈছিল, খেতিপথাৰত কাম কৰা মহিলাসকলৰ ‘ইমান দিনলৈ জিৰণি লোৱাৰ বিলাসিতা নাথাকে’ আৰু তেওঁলোক সাধাৰণতে সোনকালেই কামলৈ উভতি যায়। এয়া এপ্রিল ২০১৫ৰ ইন্টাৰনেশ্যনেল ৰিছার্চ জার্নেল অৱ ছ’চিয়েল ছায়েন্সেজ-ত প্রকাশিত ‘প্রাক-ৰজোনিবৃত্তিকালীন গ্রাম্য মহিলাসকলৰ মাজত জৰায়ুচ্ছেদন’ বিষয়ক এক গৱেষণা পত্ৰৰ এক টোকাত প্রকাশ।

বহুদিনৰ পাছত বিবাবাঈৰ পুত্রসকলে তেওঁৰ কাৰণে দুডাল বেল্ট আনি দিয়ে। কিন্তু তেওঁ আৰু এতিয়া সেইকেইডাল ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাছিল। “দেখিছেনে, মোৰ আৰু এতিয়া তলপেট বুলি একো নাই, সেয়ে বেল্ট কেইডাল খাপ নাখায়”, তেওঁ কয়। জৰায়ুচ্ছেদনৰ দুবছৰৰ পাছত (চন-তাৰিখ আদি তেওঁৰ মনত নাই) পুণেৰ অন্য এখন চিকিৎসালয়ত বিবাবাঈৰ অন্য এটা অস্ত্রোপচাৰ হৈ যায়। “এইবাৰ”, বিবাবাঈয়ে কয়, “অন্ত্রও (আংশিকভাৱে) আঁতৰাই পেলোৱা হ’ল”। পিন্ধি থকা ৯ য়ার্ড শাড়ীখনৰ গাঁঠিটো খুলি তেওঁ মোক তেওঁৰ ভিতৰলৈ সোমাই অৱতল আকৃতি লোৱা পেটটো দেখুৱালে। এটা মাংসহীন, পেশীহীন পেট। যেন অলপ শোঁটোৰা পৰা ছালহে মাথোন।

তেওঁৰ পেটৰ অস্ত্রোপচাৰৰ বিষয়ে, বিশেষকৈ কি কাৰণত অস্ত্রোপচাৰটো হৈছিল, সেই বিষয়ে বিবাবাঈৰ মনত নাই। কিন্তু সৰদেশপাণ্ডেৰ গৱেষণাপত্ৰত উল্লেখ থকা মতে জৰায়ুচ্ছেদনৰ অস্ত্ৰোপচাৰৰ পিছত পিত্তাশয়, অন্ত্র আৰু মূত্ৰবাহী নলীত আঘাত পোৱাটো সাধাৰণতে দেখা যায়। পুণে আৰু সাতাৰা জিলাৰ গ্রামাঞ্চলত সমীক্ষা কৰা চৌৰাল্লিশগৰাকী জৰায়ুচ্ছেদনৰ কৰোৱা প্রাক-ৰজোনিবৃত্তিকালীন মহিলাৰ অৰ্ধেকে অস্ত্রোপচাৰৰ পাছত প্রস্রাৱৰ সমস্যা আৰু পেটৰ অত্যাধিক বিষৰ দৰে তাৎক্ষণিক জটিলতাৰ কথা উল্লেখ কৰে। আৰু বহুতে এই অস্ত্রোপচাৰৰ পাছত দীর্ঘদিনীয়া স্বাস্থ্য সমস্যাত ভোগা বুলি আৰু পূর্বৰ পৰা ভুগি থকা পেটৰ বিষৰ পৰাও উপশম নোপোৱা বুলিও জনাইছিল।

Despite her health problems, Bibabai Loyare works hard at home (left) and on the farm, with her intellactually disabled daughter Savita's (right) help
PHOTO • Medha Kale
Despite her health problems, Bibabai Loyare works hard at home (left) and on the farm, with her intellactually disabled daughter Savita's (right) help
PHOTO • Medha Kale

স্বাস্থ্যজনিত সমস্যা স্বত্ত্বেও বৌদ্ধিকভাৱে বিকল কন্যা সবিতা (সোঁহাতে)ৰ সহায়ত বিবাবাঈ লয়াৰে (বাওঁহাতে)ই ঘৰত কঠোৰ শ্ৰম কৰে

এই সকলোবোৰৰ লগতে যোৱা দুই-তিনি বছৰৰ পৰা বিবাবাঈয়ে অতিকৈ অষ্টিঅ’প’ৰ’ছিছত ভুগিছে। অষ্টঅ’প’ৰ’ছিছ হৈছে জৰায়ুচ্ছেদন আৰু ৰজোনিবৃত্তিৰ প্রাথমিক পর্যায়ৰ ফলস্বৰূপে দেখা দিয়া হৰম’নৰ সঘন ভাৰসাম্যহীন অৱস্থা। অষ্টঅ’প’ৰ’ছিছৰ ফলত এতিয়া আনকি শোৱাৰ সময়তো বিবাবাঈৰ বাবে পোন হৈ থকাটো অসম্ভৱ হৈ পৰিছে। তেওঁৰ সমস্যাটো ‘অতিবেছিকৈ ৰাজহাড়ৰ বক্ৰতা (কাইফ’ছিছ’)ৰ লগত অষ্টিঅ’প’ৰেটিক কম্প্রেছন ফ্রেকছাৰ’ বুলি চিনাক্ত কৰা হৈছে আৰু বর্তমান তেওঁ প্রায় ৪৫ কিলোমিটাৰ আঁতৰৰ পিম্পৰি-ছিনছাৱাড়ৰ চিখালিত থকা এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

তেওঁৰ ডাক্তৰী ৰিপ’ৰ্টসমূহ থকা প্লাষ্টিকৰ মোনা এটা মোৰ হাতত তুলি দিয়ে। বিষ আৰু বেমাৰে জর্জৰ এটা জীৱনৰ বিপৰীতে মাথোঁ এখন এক্স-ৰে ৰিপ’র্ট, কিছু ঔষধৰ বিধানযুক্ত কাগজ আৰু তিনি পৃষ্ঠাৰ এটা ফাইল। তাৰ পাছত তেওঁ খুউব সাৱধানে এটা প্লাষ্টিকৰ বাকচ খোলে আৰু তেওঁৰ বিষ তথা অসুবিধাৰ পৰা সাময়িক উপশম দিয়া কেপচুলৰ এটা পটি দেখুৱায়। এই কেপচুলবোৰেই হৈছে নন-ষ্টেৰ’ইডেল এণ্টি ইনফ্লেমেট’ৰি ঔষধ যিবোৰ তেওঁ একো বস্তা চাউল চাফা কৰাৰ দৰে গধুৰ কাম কৰাৰ সময়ত লয়।

“পুষ্টিহীনতাৰ লগতে কঠিন শাৰীৰিক শ্রম আৰু এই পাহাৰীয়া অঞ্চলত দৈনিক কামে মহিলাৰ শৰীৰত ধ্বংসাত্মক প্রভাৱ পেলাইছে,” যোৱা আঠাইশ বছৰে হাডাশীৰ পৰা প্রায় পোন্ধৰ কিলোমিটাৰ আঁতৰৰ পাউড় গাঁৱত চিকিৎসক হিচাপে কাম কৰি অহা ডাঃ বৈদেহী নাগৰকাৰে কয়। “আমাৰ চিকিৎসালয়ত, জন্মজনিত বেমাৰৰ চিকিৎসাৰ বাবে আগবাঢ়ি অহা মহিলাৰ সংখ্যাৰ আগতকৈ বাঢ়িছে যদিও আইৰনৰ অভাৱ, ৰক্তহীনতা, আৰথ্রাইটিছ আৰু অষ্টিঅ’প’ৰ’ছিছৰ দৰে পুৰণি ৰোগবোৰ এতিয়াও নিৰাময় নোহোৱাকৈ থাকি গৈছে”।

“আৰু হাড়ৰ স্বাস্থ্য, যিটো কৃষি কর্মত অপৰিহার্য, সেয়াতো সম্পূর্ণৰূপে অৱহেলিত- বিশেষকৈ বয়োজ্যেষ্ঠ লোকসকলৰ ক্ষেত্রত”, তেখেতৰ স্বামী ডাঃ শচীন নাগৰকাৰে যোগ দিয়ে।

The rural hospital in Paud village is 15 kilometres from Hadashi, where public health infrastructure is scarce
PHOTO • Medha Kale

পাউড় গাঁৱৰ গ্রাম্য চিকিৎসালয়খন হাডাশীৰ পৰা প্রায় পোন্ধৰ কিলোমিটাৰ আঁতৰত, তাত ৰাজহুৱা স্বাস্থ্যৰ আন্তঃগাঁথনি দূৰ্বল

ইমান যাতনা কিয় ভুগিলে বিবাবাঈয়ে জানেঃ “সেই দিনবোৰত (বিশ বছৰ পূর্বে) পুৱাৰ পৰা নিশালৈ গোটেই দিনটো আমি বাহিৰত কাম কৰি কটাইছিলো। হাড় ভঙা শ্ৰম কৰিছিলো। সাত-আঠ বাৰ পাহাৰৰ ওপৰলৈ (তেওঁৰ ঘৰৰ পৰা মোটামুটি তিনি কিলোমিটাৰ আঁতৰত) গৈ গোবৰ পেলোৱা, কুঁৱাৰ পৰা পানী তোলা বা জুই জ্বলাবলৈ খৰি অনা...”

এতিয়াও, বিবাবাঈয়ে তেওঁৰ বৰপুত্র আৰু বোৱাৰীক পামত খেতি কৰাত সহায় কৰে। “কৃষক পৰিয়ালে প্রকৃততে কেতিয়াও জিৰণি নলয়”, তেওঁ কয়। “আৰু মহিলাৰ ক্ষেত্রত তেওঁ গর্ভৱতীয়ে নে ৰুগীয়া কোনো প্রভাৱ নপৰে”।

৯৩৬ জনসংখ্যাৰ হাডাশী গাঁৱত কোনো ধৰণৰ ৰাজহুৱা স্বাস্থ্যৰ আন্তঃগাঁথনি নাই বুলিয়ে ক’ব পাৰি। ইয়াৰ আটাইতকৈ ওচৰৰ উপস্বাস্থ্য কেন্দ্রটো আছে ক’লৱানত আৰু আটাইতকৈ ওচৰৰ প্রাথমিক স্বাস্থ্যকেন্দ্রটো আছে ১৪ কিলোমিটাৰ আঁতৰৰ কূলে গাঁৱত। বিবাবাঈয়ে বহু দশকজুৰি ব্যক্তিগত চিকিৎসক আৰু ব্যক্তিগত চিকিৎসাকেন্দ্রত চিকিৎসা কৰাই অহাৰ কাৰণটো হয়তো আংশিকভাৱে এইটো- যে কোন চিকিৎসালয়ত বা কোন চিকিৎসকৰ ওচৰত চিকিৎসা কৰাব সেই সিদ্ধান্ত তেওঁলোকৰ যৌথ পৰিয়ালটোত সকলো সময়তে পুৰুষেই লয়।

গ্ৰামীণ মহাৰাষ্ট্রৰ বহুলোকৰ দৰে ভগত (বেজ) বা দেৱঋষি (আস্থাৰে নিৰাময়কাৰী)সকলৰ ওপৰত বিবাবাঈৰ আস্থা সদায়ে কম আছিল। তেওঁ মাথো এবাৰহে গাঁৱৰ এগৰাকী বেজৰ ওচৰলৈ গৈছিল। “তেওঁ মোক এখন প্রকাণ্ড থালি এখনৰ ওপৰত বহিবলৈ দিছিল আৰু মোৰ মূৰত পানী ঢালি দিছিল, যেন মই এটা শিশুহে! মই এইবোৰ খুবেই বেয়া পাইছিলো। সেই এবাৰেই যি গৈছিলো,” তেওঁ মনত পেলায়। আধুনিক ঔষধৰ ওপৰত তেওঁৰ বিশ্বাস অগতানুগতিক, আৰু এয়া তেওঁৰ স্বামীৰ শিক্ষা বা এগৰাকী বিদ্যালয় শিক্ষক হিচাপে তেওঁৰ পেচাৰো প্রভাৱ হ’ব পাৰে।

ইতিমধ্যে আপ্পাৰ ঔষধৰ সময় হয় আৰু তেওঁ বিবাবাঈক মাত লগায়। প্রায় ১৬ বছৰ আগতে, তেওঁ অৱসৰ ল’বলৈ থকাৰ দুবছৰ পূর্বে বর্তমান ৭৪ বছৰীয়া আপ্পাৰ পক্ষাঘাত হৈছিল যাৰ ফলত তেওঁ প্রায় শয্যাশায়ী হৈ পৰিছিল। তেওঁ কথা ক’ব নোৱাৰে, খাব নোৱাৰে নাইবা বেছিকৈ নিজে লৰচৰো কৰিব নোৱাৰে। কেতিয়াবা তেওঁ নিজকে বিচনাৰ পৰা দুৱাৰ পর্যন্ত চোঁচৰাই নিয়ে। তেওঁলোকৰ ঘৰলৈ মই প্রথমবাৰলৈ যোৱাৰ দিনা বিবাবাঈ মোৰ লগত কথা-বতৰাত ব্যস্ত হৈ তেওঁক ঔষধ দিয়াত পলম কৰা বাবে তেওঁ বিৰক্ত হৈ পৰিছিল।

বিবাবায়ে তেওঁক দিনটোত চাৰিবাৰ খুৱায়, আৰু তেওঁৰ ছ’ডিয়ামৰ অভাৱ পূৰণ কৰিবলৈ ঔষধ আৰু নিমখ পানী দি থাকে। নিজৰ স্বাস্থ্যৰ সমস্যা যিয়ে নহওক, এই কাম কিন্তু বিবাবাঈয়ে ১৬ বছৰ ধৰি চেনেহেৰে সময়মতে কৰি আহিছে। কোনো ওজৰ-আপত্তি নৰখাকৈ তেওঁ নীৰৱে খেতি আৰু ঘৰৰ কাম যিমান পাৰি কৰি যাবলৈ যত্ন কৰে। দশকৰ পিছত দশক কৰা কাম আৰু অসুস্থতাই তেওঁৰ জীৱনটো ঘেৰি ধৰি আছে, কিন্তু তেৱেই নকয় জানো, কৃষকৰ ঘৰৰ মহিলাই কেতিয়াও জিৰণি নলয়।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদ: সৃষ্টি শ্রেয়ম

Medha Kale

Medha Kale is based in Pune and has worked in the field of women and health. She is the Translations Editor, Marathi, at the People’s Archive of Rural India.

Other stories by Medha Kale
Illustration : Priyanka Borar

Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper.

Other stories by Priyanka Borar
Editor : Hutokshi Doctor
Series Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Srishti Shreyam

Srishti Shreyam is an interdisciplinary artist based out of Mumbai. An erstwhile media person associated with various Assamese news channels, Srishti currently works as a freelance voice over artist and an Assamese language expert. She has published two collections of short stories in Assamese. Srishti is also a filmmaker. She has written and directed a short film.

Other stories by Srishti Shreyam