টেমুনাটো হাড়ৰ দৰে টান হৈ পৰিছে, “হড্ডি কি তৰহ” প্ৰীতি যাদৱে কয়।

২০২০ৰ জুলাইত তাই সোঁফালৰ স্তনত বুটমাহ এটাৰ সমান টেমুনা দেখিছিল। পাটনা চহৰৰ কৰ্কট প্ৰতিষ্ঠানৰ অনক’লজিষ্টে বায়’পছি কৰোৱাৰ লগতে শল্যচিকিৎসাৰে টেমুনাটো কাটি পেলাবলৈ কোৱাৰ প্ৰায় এবছৰ হ’ল।

কিন্তু প্ৰীতি হস্পিতাললৈ ঘূৰি নগ’ল।

কৰাই ল’ম, চোতালত ফুলি থকা জোপোহা ফুলেৰে পৰিয়ালৰ আহল-বহল ঘৰটোৰ বাৰান্দাত মুগা ৰঙৰ প্লাষ্টিকৰ চকী এখনত বহি থকা প্ৰীতিয়ে কয়।

তেওঁৰ মৃদুকৈ কোৱা কথাকেইটাত অকণ হতাশা লুকাই আছে। যোৱা কেইটামান বছৰতে তাইৰ চাৰিজন নিকটাত্মীয় লোক কৰ্কট ৰোগত ঢুকাইছে। ২০২০ৰ মাৰ্চত ক’ভিড-১৯ বিশ্ব মহামাৰীৰ প্ৰাদুৰ্ভাৱ বঢ়াৰ কেইবছৰমান আগেয়ে বিহাৰৰ সাৰণ জিলাৰ সোণেপুৰ গাঁৱত ভালেমানৰ লোকৰ গাত কৰ্কট ৰোগ ধৰা পৰিছে। (তেওঁৰ অনুৰোধ মৰ্মে গাওঁখনৰ নাম উল্লেখ কৰা হোৱা নাই আৰু তেওঁৰ নাম কাল্পনিক ৰখা হৈছে।)

২৪ বছৰীয়া প্ৰীতিৰ বাবে টেমুনাটো কেনেদৰে অপাৰেচন কৰি উলিয়াই পেলোৱা হ’ব সেইটোৱে একমাত্ৰ সমস্যা হৈ থকা নাই। তেওঁৰ ঘৰৰ মানুহে তেওঁৰ বাবে দৰা চাইছে, চুবুৰীয়া গাঁৱৰে সেনাবাহিনীত কাম কৰা কোনোবা ডেকাল’ৰা। “চাৰ্জাৰী আমি বিয়াৰ পাছতো কৰাব পাৰিম, নহয়নে? ডাক্তৰে কৈছে যে সন্তান জন্ম দিয়াৰ পিছত টেমুনাটো নিজে নিজে নোহোৱা হৈও যাব পাৰে,” তেওঁ কয়।

কিন্তু তেওঁলোকে পৰিয়ালৰ একাধিক কৰ্কট ৰোগৰ কথাবোৰৰ লগতে তেওঁৰ টেমুনা আৰু সাম্ভাব্য চাৰ্জাৰীৰ কথা দৰাঘৰক ক’বনে? “সেইটোৱে ভাবি ওৰ পোৱা নাই,” তেওঁ কয়। তাইৰ চাৰ্জাৰীটোতে গোটেই সমস্যাটো পাক লাগি আছে।

Preeti Kumari: it’s been over a year since she discovered the growth in her breast, but she has not returned to the hospital
PHOTO • Kavitha Iyer

প্ৰীতি কুমাৰীঃ স্তনত টেমুনাটো বাঢ়ি অহাৰ কথা লক্ষ্য কৰা এবছৰেই হ’ল, কিন্তু তাই হস্পিতাললৈ ঘূৰি নগ’ল

২০১৯ত ভূবিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰা প্ৰীতিক টেমুনাটো ওলোৱাৰ পাছৰ বছৰটোৱে আৰু বেছি অকলশৰীয়া কৰি তুলিছে। দেউতাকৰ বৃক্কৃীয় কৰ্কট ৰোগ ধৰা পৰাৰ কেইমাহমানৰ পিছতে ২০১৬ৰ নৱেম্বৰত তেওঁ ঢুকায়। যোৱাটো জানুৱাৰীত তেওঁৰ মাক হৃদৰোগত আক্ৰান্ত হৈ ঢুকায়, হৃদৰোগ বিশেষজ্ঞ থকা ভালেমান হস্পিতালত ২০১৩ চনৰ পৰা মাকে চিকিৎসা কৰাই আহিছিল যদিও একো কামত নাহিল। মাক-দেউতাক দুয়োজনৰে বয়স ৫০ৰ অলপ বেছি আছিল। ''তেতিয়াৰে পৰা মই নিজেই চলিছো,’’ তাই কয়, ''মা থকাহেঁতেন মোৰ মনৰ কথা বুজি পালেহেঁতেন।’’

মাক ঢুকোৱাৰ পিছতহে নতুন দিল্লীস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান কেন্দ্ৰত পৰিয়ালে জানিব পাৰিলে যে পৰিয়ালটোৰ কৰ্কটৰোগৰ কাৰণ ঘৰৰ পানীৰ গুণগত মানৰ কাৰণেও হ’ব পাৰে। ''ডাক্তৰে মাৰ মানসিক চাপৰ কথাও সুধিছিল। পৰিয়ালৰ মৃ্ত্যুৰ ইতিবৃত্তি কওঁতে ডাক্তৰে আমি খোৱা পানীৰ বিষয়ে বিভিন্ন কথা সুধিলে। কিছুবছৰ ধৰি আমাৰ ঘৰৰ দমকলটোৰ পানী আধাঘণ্টামান পানী উলিওৱাৰ পিছতে হালধীয়া হৈ পৰিছিল, প্ৰীতিয়ে কয়।

ভূঃজলত নিৰাপদ মাত্ৰাতকৈ অধিক আৰ্ছেনিকৰ উপস্থিতিয়ে ক্ষতি কৰা বুলি তথ্য থকা ভাৰতৰ সাতখন ৰাজ্যৰ ভিতৰত বিহাৰো এখন (আনকেইখন অসম, চত্তীশগড়, ঝাৰখণ্ড, মণিপুৰ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ)। বিহাৰত প্ৰীতি থকা গাওঁ সাৰণকে ধৰি ১৮ খন জিলাৰ ৫৭ টা ব্লকত ভূঃজলত অতিবেছি আৰ্ছেনিক , প্ৰতি লিটাৰত ০.০৫ মিলিগ্ৰামতকৈ বেছি থকা বুলি কেন্দ্ৰীয় ভূঃজল ব’ৰ্ডে প্ৰকাশ কৰিছে (টাস্ক ফ’ৰ্ছ আৰু ৰাজ্য চৰকাৰৰ সংস্থাই কৰা অধ্যয়নৰ তথ্য সম্বলিত ২০১০ৰ দুখন প্ৰতিবেদন অনুসৰি )। উল্লেখ্য যে অনুমোদিত সীমা ১০ মাইক্ৰ’গ্ৰাম।

*****

পৰিয়ালত প্ৰীতিৰ ডাঙৰজনী বায়েক ঢুকাওতে প্ৰীতিৰ বয়স আছিল ২ কি ৩ বছৰ। ''তাইৰ সকলো সময়তে পেটৰ বিষ হৈ আছিল। দেউতাকে বিভিন্ন ক্লিনিকলৈ তাইক নিছিল যদিও বচাব নোৱাৰিলে,’’ তেওঁ কয়। তেতিয়াৰে পৰা মাকৰ মানসিক চাপ বাঢ়িছিল।

তাৰপিছত, ২০০৯ত তেওঁৰ খুড়াক (দেউতাকৰ সৰুজন ভায়েক) ঢুকাল, ২০১২ত তেওঁ খুড়ীয়েকক (ঢুকোৱা খুড়াকৰ পত্নী) হেৰুৱালে। তেওঁলোক আটায়ে যৌথ পৰিয়ালত আছিল। দুয়োজনৰে তেজৰ কৰ্কট ৰোগ হৈছিল। দুয়োজনে খুব পলমকৈ চিকিৎসা বিচাৰি অহা বুলি ডাক্তৰে কৈছিল।

২০১৩ত সেই একেজন খুড়াৰ ল’ৰা প্ৰীতিৰ ৩৬ বছৰ বয়সীয়া সম্পৰ্কীয় ভায়েকজনক চুবুৰীয়া বৈশালী জিলাৰ হাজিপুৰ চহৰত চিকিৎসা কৰিও বচাব পৰা নগ’ল। তেওঁৰো তেজৰ কৰ্কট ৰোগ হৈছিল।

ৰোগ আৰু মৃত্যুই বিধ্বস্ত কৰা পৰিয়ালটোত প্ৰীতিয়েও দায়িত্বৰ বোজা মুৰ পাতি ল’বলগীয়া হৈছিল। ''দশম শ্ৰেণীত পঢ়ি থকামানৰ পৰাই মা-দেউতা যেতিয়া ডাক্তৰক দেখাবলৈ বেছিদিনৰ বাবে ওলাই যায়, ময়ে ঘৰখন চাওঁ। এনে দিন আহিছিল যেতিয়া প্ৰতি বছৰে কোনোবা নহয় কোনোবা ঢুকাইছিল। নাইবা কোনোবা টান নৰিয়াত পৰিছিল।’’

Coping with cancer in Bihar's Saran district
PHOTO • Kavitha Iyer

বিহাৰৰ সাৰণ জিলাত কৰ্কট ৰোগৰ সৈতে যুঁজ

কিন্তু তেওঁলোকে পৰিয়ালৰ একাধিক কৰ্কট ৰোগৰ কথাবোৰৰ লগতে তেওঁৰ টেমুনা আৰু সাম্ভাব্য চাৰ্জাৰীৰ কথা দৰাঘৰক ক’বনে? “সেইটোৱে ভাবি ওৰ পোৱা নাই,” তাই কয়। তাইৰ চাৰ্জাৰীটোতে গোটেই সমস্যাটো পাক লাগি আছে

মাটি-বাৰী একেলগে থকা এটা ডাঙৰ যৌথ পৰিয়ালৰ পাকঘৰৰ কাম চম্ভালোতে তেওঁৰ পঢ়া-শুনা পিছ পৰিছিল। তেওঁৰ দুই ভায়েকৰ এজনে বিয়া পতাত বৌয়েকৰ উপস্থিতিত তেওঁ পাকঘৰ, কাপোৰ ধোৱা-মেলা আৰু ৰোগীৰ শুশ্ৰুষাৰ কামত সকাহ পালে। পৰিয়ালটোৰ বিলৈৰ সীমা নাই, এবাৰ ভায়েকৰ পত্নীক সাপে কামুৰিছিল, মৰাৰ পৰা তেওঁ বাচিছিল। আকৌ ২০১৯ত প্ৰীতিৰ ভায়েকে খেতিপথাৰৰ কামত চকুত গুৰুতৰ আঘাত পোৱাত বহুকেইমাহলৈ তেওঁৰো সেৱা-শুশ্ৰুষা কৰিবলগীয়া হৈছিল।

ঘাত-মাউৰী হোৱাৰে পৰা প্ৰীতিয়ে হতাশাত ভূগিবলৈ লয়। ''হতাশ হৈছিলো, দুশ্চিন্তাই আগুৰি ধৰিছিল।’’ তাই কোনোমতে অকণমান ভাললৈ আহিছিল কি নাই, তাইৰ নিজৰ গাতে ৰোগে ঠাই পালে।

তেওঁলোকৰ গাঁৱৰ আনসকলৰ দৰে পৰিয়ালটোৱে দমকলটোৰ পৰা উলিওৱা পানী ফিল্টাৰ নকৰাকৈ আৰু গৰম নকৰাকৈ ব্যৱহাৰ কৰি আহিছিল। ১২০-১৫০ ফুটমান দ দুটা দশক পুৰণি ব’ৰৱেলটো তেওঁলোকৰ গা ধোৱা, কাপোৰ ধোৱা, খোৱা-বোৱা, ৰন্ধা-বঢ়া আদি সকলো কামত ব্যৱহৃত হৈ আহিছে। ''দেউতা ঢুকোৱাৰ পিছৰে পৰা আমি আৰ অ’ ফিল্টাৰৰ পানী খোৱা আৰু ৰন্ধা-বঢ়াৰ কাৰণে ব্যৱহাৰ কৰি আহিছো,’’ প্ৰীতিয়ে কয়। তেতিয়ালৈ ভূঃজলৰ আৰ্ছেনিকৰ প্ৰদূষণৰ ভালেমান অধ্যয়নৰ পৰা সজাগ হোৱা জিলাখনৰ বহুতেই এই প্ৰদূষণৰ ভয়াৱহতাক লৈ সতৰ্ক হৈ পৰিছিল। আৰ অ’ বিশুদ্ধিকৰণ প্ৰক্ৰিয়াৰে পানীৰ পৰা কিছু পৰিমাণে আৰ্ছেনিক দূৰ কৰিব পৰা যায়।

বিশ্ব স্বাস্থ্য সংস্থাই বহু আগেয়েই ১৯৫৮ চনতে কৈছে যে আৰ্ছেনিকেৰে প্ৰদূষিত পানী দীৰ্ঘদিন ধৰি সেৱন কৰিলে আৰ্ছেনিকচিছ মানে আৰ্ছেনিকৰ বিষক্ৰিয়া হ’ব পাৰে যিটোৰ পৰা ছালৰ বিভিন্ন ৰোগৰ যেনে ছাল স্বাভাৱিক ৰং নাইকিয়া হৈ পৰা, হাত-ভৰিৰ তলুৱাত টান প্ৰলেপ পৰাকে ধৰি ছাল, মূত্ৰাশয়, বৃক্ক বা হাওঁফাওঁৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা থাকে। মধুমেহ, উচ্চ ৰক্তচাপ আৰু প্ৰজনন সংক্ৰান্ত বিসংগতিৰো প্ৰদূষিত পানী সেৱনৰ সৈতে সম্পৰ্কৰ সম্ভাৱননীয়তাৰ সাক্ষ্য থকাৰ কথাও সংস্থাটোৱে কৈছে।

২০১৭ৰ পৰা ২০১৯ৰ সময়ছোৱাত পাটনাৰ এটা ব্যক্তিগত দাতব্য ন্যাস মহাবীৰ কৰ্কট প্ৰতিস্থান আৰু গৱেষণা কেন্দ্ৰই তেওঁলোকৰ বহিৰ্বিভাগৰ কৰ্কট ৰোগীৰ পৰা যাদৃশ্যিকভাৱে তেজৰ নমুনা সংগ্ৰহ কৰি দেখে যে ছালৰ কৰ্কটৰোগত ভোগা ৰোগীৰ তেজত আৰ্ছেনিকৰ মাত্ৰা অধিক। গংগা উপত্যকাটোৰ লোকৰ ক্ষেত্ৰত তেজত আৰ্ছেনিকৰ পৰিমাণৰ সৈতে কৰ্কট ৰোগৰ প্ৰকাৰ আৰু জনসাংখ্যিকী তথ্যৰ সৈতে ভূস্থানিক মানচিত্ৰ এখনৰ মিলো তেওঁলোকে মন কৰিলে।

''তেজ আৰ্ছেনিকৰ পৰিমাণ অধিক থকা প্ৰায়ভাগ ৰোগীয়েই আছিল গংগা নদীৰ নিকটৱৰ্তী জিলা (সাৰণ জিলাকে ধৰি)ৰ। তেওঁলোকৰ তেজত আৰ্ছেনিকৰ পৰিমাণ বেছি থকাৰ কথাটোৱে আৰ্ছেনিকৰ সৈতে কৰ্কট ৰোগ, বিশেষকৈ কাৰ্চিন’মাৰ সম্পৰ্ক থকাৰ স্পষ্ট কৰি দিয়ে,’’ এই অধ্যয়নৰ ভালেকেইখন গৱেষণাপত্ৰ লিখা প্ৰতিষ্ঠানখনৰ এগৰাকী বিজ্ঞানী ডা. অৰুণ কুমাৰে কয়।

'Even if I leave for a few days, people will know, it’s a small village. If I go away to Patna for surgery, even for a few days, everybody is going to find out'

'গাওঁখন তেনেই সৰু, মই এদিনৰ কাৰণে ওলাই গ’লেও গাঁৱৰ মানুহৰ নজৰত পৰিব। মই যদি চাৰ্জাৰীৰ কাৰণে পাটনালৈ যাওঁ, লাগিলে কেইটামানৰ দিনৰ কাৰণেও হওঁক, সকলোৱে গম পাব’

''আমাৰ প্ৰতিষ্ঠানটোত ২০১৯ত ১৫ হাজাৰৰো অধিক কৰ্কট ৰোগৰ ঘটনা পঞ্জীয়ন কৰা হৈছে,’’ অধ্যয়নৰ ২০২১ৰ জানুৱাৰীৰ প্ৰতিবেদনত এই বুলি উল্লেখ আছে। ''ৰোগৰ প্ৰাদুৰ্ভাৱৰ তথ্য বিশ্লেষণ কৰি দেখা গৈছে যে গংগা নদীৰ আশে-পাশে থকা চহৰ-নগৰত কৰ্কট ৰোগৰ ঘটনা সৰ্বাধিক। আটাইতকৈ বেছি কৰ্কট ৰোগৰ ঘটনা পঞ্জীয়ন হোৱা জিলাকেইখন হৈছে বক্সাৰ, ভোজপুৰ, সাৰণ, পাটনা, বৈশালী, মুংগেৰ, বেগুশৰাই ভগলপুৰ।’’

প্ৰীতিৰ পৰিয়ালৰ লগতে গাওঁখনৰ বহুতেই কৰ্কট ৰোগত পুৰুষ-মহিলাক হেৰুৱাইছে, কিন্তু কমবয়সীয়া যুৱতীৰ ক্ষেত্ৰত অনক’লজিষ্টক দেখুওৱাটো আন ব্যতিক্ৰমী ধৰণৰ সমস্যা হৈ পৰে। কৰ্কট ৰোগৰ সৈতে, বিশেষকৈ কম বয়সীয়া যুৱতীৰ ক্ষেত্ৰত সামাজিক কালিমাৰ কথা আহি পৰে। প্ৰীতিৰ ভায়েক এজনে কয়, ''গাঁৱৰ মানুহে বু বু-বা বা কৰোটা স্বভাৱ...ঘৰৰ মানুহে সাৱধান হৈ থাকিবলগীয়া হয়।’’

'গাওঁখন তেনেই সৰু, মই এদিনৰ কাৰণে ওলাই গ’লেও গাঁৱৰ মানুহৰ নজৰত পৰিব। মই যদি চাৰ্জাৰীৰ কাৰণে পাটনালৈ যাওঁ, লাগিলে কেইটামানৰ দিনৰ কাৰণেও হওঁক, সকলোৱে গম পাব,’ প্ৰীতিয়ে কয়। ''আমাৰ পানীতে যে কৰ্কট ৰোগ আছে, সেই কথা আগতেই জনাহেঁতেন।

তাই এজন মৰমীয়াল স্বামী পাব বুলি আশা কৰে, কিন্তু সেই টেমুনাটো সুখৰ বাটত হেঙাৰ হ’ব নেকি বুলি উদ্বিগ্নও হয়।

*****

“তাই স্তনপান কৰাব পাৰিবনে?”

পাটনাৰ হস্পিতাল এখনৰ ৱাৰ্ডত ভৰ্ত্তি হৈ থকা ৰামুনী দেৱী যাদৱে তেওঁৰ পৰা কেইখনমান বিচনা এৰি শুই থকা ২০ মান বছৰ বয়সৰ মহিলা এগৰাকীলৈ চাই এই কথা ভাৱে, মহিলাগৰাকীৰ বিয়া হোৱা মাত্ৰ ছমাহ হৈছে। ২০১৫ৰ গ্ৰীষ্মকালৰ কথা। “মোৰ স্তনৰ চাৰ্জাৰী প্ৰাৰম্ভিক পৰ্য্যায়তে কৰা হ’ল। মোৰ চাৰিওটা ল’ৰা বয়স্ক হোৱাৰ পিছত মোৰ কৰ্কট ৰোগ হয়। কিন্তু এই ছোৱালীবোৰৰ কি হ’ব?” ৫৮ বছৰ বয়সীয়া ৰামুনী দেৱীয়ে প্ৰশ্ন কৰে।

প্ৰীতিৰ গাঁৱৰ পৰা প্ৰায় ১৪০ কিলোমিটাৰ মান দূৰৰ যাদৱ পৰিয়ালটোৰ বক্সাৰ জিলাৰ চিমৰি ব্লকৰ বাড়কা ৰাজপুৰ গাঁৱত প্ৰায় ৫০ বিঘা মাটি আছে। ঠাইখনৰ ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোকৰ দখল আছে। ছবছৰ যুঁজি কৰ্কট জয় কৰা ৰামুনী দেৱীয়ে ৰাজপুৰ কালান পঞ্চায়তত (তেওঁৰ গাওঁখনতে আছে) মুখীয়া (সচিব) পদৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা কৰিছে, যদিহে ক’ভিডৰ কাৰণে পিছুৱাই যোৱা নিৰ্বাচন পতা হয়।

Ramuni Devi Yadav: 'When a mother gets cancer, every single thing [at home] is affected, nor just the mother’s health'
PHOTO • Kavitha Iyer

ৰামুনী দেৱী যাদৱঃ ‘মাকৰ যেতিয়া কৰ্কট হয়, মাকৰ স্বাস্থ্য বুলিয়েই নহয়, গোটেই ঘৰখনতে আউল লাগে

ৰামুনীয়ে কেৱল ভোজপুৰীহে ক’ব পাৰে, তেওঁৰ পুতেক আৰু গিৰীয়েক উমাশংকৰ যাদৱে তেওঁৰ হৈ ভাঙনি কৰি দিয়ে। বাড়কা ৰাজপুৰত কৰ্কট ৰোগৰ ভালেমান ঘটনা ধৰা পৰিছে, উমাশংকৰে কয়। ১৮ খন জিলাৰ ৫৭ টা ব্লক, য’ত কেন্দ্ৰীয় ভূঃজল ব’ৰ্ডৰ প্ৰতিবেদন মতে ভূঃজলত আৰ্ছেনিকৰ মাত্ৰা অধিক, তাতে বক্সাৰ জিলাও পৰে।

ট্ৰাকভৰ্ত্তি কঠাল আৰু মালডা আমৰ বস্তাবোৰ এই মাত্ৰ আহি পোৱা তেওঁলোকৰ বাগানখনত খোজ কাঢ়ি কথা পাতোতে ৰামুনীয়ে কয় যে শেষৰটো চাৰ্জাৰী কৰাৰ পাছত ৰেডিয়েচন চিকিৎসা কৰোৱাৰ আগলৈকে পৰিয়ালৰ লোকে তেওঁক জানিবলৈ দিয়া নাছিল যে তেওঁৰ অৱস্থা কেনে গুৰুতৰ হৈ পৰিছে।

“আৰম্ভণিতে কি হৈছে আমি জনা নাছিলো আৰু আমাৰ অজ্ঞানতাৰ কাৰণে বহুত সমস্যাৰ সৃষ্টি হৈছিল,” চুবুৰীয়া ৰাজ্য উত্তৰ প্ৰদেশৰ বেনাৰেসত প্ৰথমটো চাৰ্জাৰীৰ কথা বিৱৰি তেওঁ কয়। টেমুনাটো আঁতৰ কৰি পেলোৱা হ’ল যদিও পুনৰ সেইটো ডাঙৰ হ’বলৈ ধৰিলে আৰু বিষো আৰম্ভ হ’ল। তেওঁলোক সেইটো বছৰতে, ২০১৪ত একেখন ক্লিনিকলৈ গ’ল, তাত পুনৰাই চাৰ্জাৰি কৰি টেমুনাটো আঁতৰোৱা হ’ল।

“কিন্তু যেতিয়া আমি বেণ্ডেজ সলাবলৈ স্থানীয় ডাক্তৰৰ ক্লিনিকলৈ গ’লো, ডাক্তৰে ক’লে যে ঘাঁটুকুৰা বৰ ভয়ংকৰ,” উমাশংকৰে কয়। ২০১৫ৰ মাজভাগত পাটনাৰ মহাবীৰ কৰ্কট প্ৰতিষ্ঠানলৈ যোৱাৰ বাবে কোনোবাই কোৱাৰ আগলৈ যাদৱ পৰিয়ালে ইতিমধ্যে দুখনতকৈও অধিক হস্পিতাল সাক্ষাৎ কৰিছিল।

মাহৰ পিছত মাহ ধৰি হস্পিতাললৈ তাঁত বাতি কৰা আৰু গাঁৱৰ পৰা প্ৰায়ে বাহিৰলৈ যোৱাটোৱে পৰিয়ালটো বিশৃংখল কৰি পেলায়। “মাকৰ যেতিয়া কৰ্কট ৰোগ হয়, কেৱল মাকৰ স্বাস্থ্যই নহয়, গোটেই ঘৰখনেই আউল লাগি যায়,” তেওঁ কয়। “সেই সময়ত মোৰ এজনী বোৱাৰী আছিল, বাকী তিনি পুত্ৰৰ বিয়া পিছতহে হয়। বোৱাৰীজনীয়ে অকলে কোনোমতেহে পৰিয়াল চলাব পাৰিছিল।”

তেওঁৰ ল’ৰাকেইটাৰো ছালৰ ৰোগ হৈছিল, এতিয়া তেওঁলোকে বুজিব পাৰিছে যে ২৫ বছৰমান পুৰণি ১০০-১৫০ ফুট গভীৰতাৰ ব’ৰৱেলটোৱে ইয়াৰ কাৰণ হ’ব পাৰে। ৰামুনীৰ মাকৰ কেম’থেৰাপী, চাৰ্জাৰী আৰু ৰেডিয়েচন থেৰাপী চলি থকাৰ সময়ত ঘৰখন বিশৃংখল হৈ পৰিছিল। এজন ল’ৰাৰ সীমা সুৰক্ষা বলৰ দায়িত্বত বাহিৰতে আছিল, আনজন কাষৰে গাঁৱত শিক্ষকতাৰ কামত ব্যস্ত, তাতে আকৌ খেতিৰ কাম আছেই।

“মোৰ অন্তিমটো চাৰ্জাৰীৰ পিছত মই এই নতুনকৈ বিয়া হোৱা মহিলাগৰাকীক হস্পিতালত দেখিলো। মই তাইৰ কাষলৈ গ’লো আৰু মোৰ অপাৰেচনৰ দাগ দেখুৱাই ক’লো যে ভয় কৰিবলগীয়া একো কথা নাই। তাইৰো স্তনৰ কৰ্কট ৰোগ হৈছিল আৰু বিয়া হোৱাৰ কেইমাহমান হৈছিল যদিও গিৰীয়েকে তাইৰ ইমান ভালকৈ যত্ন লোৱা দেখি মই সুখী হৈছিলো। ডাক্তৰে পিছত আমাক কৈছিল যে তাই স্তনপান কৰাব পাৰিব। সেইটো শুনি মোৰ বৰ ভাল লাগিছিল.” ৰামুনীয়ে কয়।

Ramuni Devi and Umashankar Yadav at the filtration plant on their farmland; shops selling RO-purified water have also sprung up
PHOTO • Kavitha Iyer

ৰামুনী দেৱী আৰু উমাশংকৰ যাদৱক তেওঁলোকৰ খেতিৰ পানী পৰিশোধন প্ৰকল্পটোৰ কাষত দেখা গৈছে; আৰ অ’ৰে শোধিত পানী বিক্ৰী কৰা বিপণীৰ চাহিদা বাঢ়িছে

তেওঁৰ পুত্ৰ শিৱজীতে কয় যে বাড়াকা ৰাজপুৰৰ ভূঃজল অতিকৈ প্ৰদূষিত হৈ পৰিছে। “আমাৰ মাৰ অসুখ বাঢ়ি অহাৰ আগলৈকে আমি বুজা নাছিলো যে স্বাস্থ্য আৰু পানীৰ মাজত কিবা সম্পৰ্ক আছে। আমাৰ পানীৰ কিবা অদ্ভূত ৰং এটা আছে। ২০০৭লৈ সকলো ঠিকেই আছিল, কিন্তু তাৰপিছত পানীৰ ৰং ইষৎ হালধীয়া হৈ পৰে। এতিয়া আমি গা ধোৱা আৰু কাপোৰ ধোৱা কামতহে ভূঃজল ব্যৱহাৰ কৰো,” তেওঁ কয়।

ৰন্ধা-বঢ়া আৰু খোৱাপানীৰ বাবে তেওঁলোকে কেইটামান স্থানীয় সংস্থাই দান কৰা পৰিশোধন প্ৰকল্পটোৰ পানী ব্যৱহাৰ কৰে। পানী পৰিশোধন প্ৰকল্পটো প্ৰায় ২৫০ টা পৰিয়ালে ব্যৱহাৰ কৰে, কিন্তু ২০২০ৰ ছেপ্টেম্বৰতহে (যাদৱ পৰিয়ালৰ মাটিত) প্ৰকল্পটো স্থাপন কৰা হয়, যিটো অঞ্চলত ১৯৯৯ৰে পৰা ভূঃজল প্ৰদূষিত হৈ অহা বুলি ইতিমধ্যে ভালেকেইখন প্ৰতিবেদনত কোৱা হৈছে।

পৰিশোধন প্ৰকল্পটো ইমান সফল হোৱা নাছিল। গ্ৰীষ্মকালত প্ৰকল্পটোৰ পৰা পৰিশোধিত পানী বৰ গৰম হৈ পৰে বুলি গাঁৱৰ মানুহে কয়। কাষৰ গাওঁবোৰত ২০-৩০ টকাতে আৰ অ’ পৰিশোধিত পানী বিক্ৰী কৰা দোকানৰ সংখ্যা বাঢ়িছে, সেই পানী পিছে আৰ্ছেনিকমুক্ত হয় নে নহয় সেয়া তেওঁলোকে নাজানে।

অধ্যনয়ত প্ৰকাশ পাইছে যে উত্তৰ আৰু পূৱ ভাৰতৰ আৰ্ছেনিকৰ দ্বাৰা প্ৰদূষিত নদী উপত্যকাৰ প্ৰায়ভাগৰেই উঁহ হিমালয়। গংগা উপত্যকাৰ বিষাক্ত প্ৰদূষণৰ ভূতাত্বিক উৎস আছে। আৰ্ছেনিক অগভীৰ সজলক শিলাস্তৰত অক্ষতিকৰ খনিজ পদাৰ্থ যেনে আৰ্ছেন’পাইৰাইটচৰ জাৰণ প্ৰক্ৰিয়াৰ দ্বাৰা নিঃসৰিত হয়। জলসিঞ্চনৰ কাৰণে পানীৰ অত্যাধিক নিষ্কাশনৰ ফলত ভূঃজলৰ স্তৰ নামি যোৱাত কিছুমান গাঁৱত প্ৰদূষণৰ মাত্ৰা বাঢ়িছে বুলি কেতবোৰ অধ্যয়নত প্ৰকাশ পাইছে। ইয়াৰ আন কিছুমান কাৰণো নথকা নহয়ঃ

“আন ভালেমান কাৰক থকা বুলি আমি ভাবো, তাৰে ভিতৰত গেদীয় আৰ্ছেনিকৰ কথা ক’ব পাৰি যেনে ৰাজমহল বেচিনৰ গণ্ডৱানা কয়লা স্তৰত আৰ্ছেনিকৰ পৰিমাণ ২০০ পিপিএম (পাৰ্টচ পাৰ মিলিয়ন)। দাৰ্জিলিং অঞ্চলৰ হিমালয়ৰ দূৰৱৰ্তী ছালফাইডৰ শিলাখণ্ডত আৰ্ছেনিকৰ পৰিমাণ ০.৮ শতাংশলৈ থাকিব পাৰে। গংগাৰ নদী ব্যৱস্থাৰ উজনী অংশকো আৰ্ছেনিকৰ উৎসস্থল বুলি ধৰা হয়,” ভাৰতৰ ভূতাত্বিক সমীক্ষাৰ প্ৰাক্তন এছ. কে. আচাৰ্য্য আৰু আন কেইজনমানে ১৯৯৯ত নেচাৰ মেগাজিনত লিখা এক গৱেষণা পত্ৰত এই তথ্য উল্লেখিত।

অধ্যয়নটোত কোৱা হৈছে যে অগভীৰ আৰু বেছি গভীৰ কুঁৱাত আৰ্ছেনিকৰ প্ৰদূষণ কম, প্ৰদূষিত কুঁৱাবোৰৰ গভীৰতা ৮০ৰ পৰা ২০০ ফুট। ডা. কুমাৰে কয় যে তেওঁৰ প্ৰতিষ্ঠানটোৱে এক বিস্তৃত অধ্যয়ন চলাই থকা গ্ৰামাঞ্চলত মানুহৰ অভিজ্ঞতাৰ সৈতে এই কথাখিনিৰ মিল আছে। তাতে বৰষুণৰ পানী আৰু অগভীৰ কুঁৱাত আৰ্ছেনিকৰ পৰিমাণ কম বা একেবাৰেই নাই। কিন্তু গ্ৰীষ্মকালত বহু পৰিয়ালৰ ব’ৰৱেলৰ পানীৰ ৰং ঘোলা হৈ পৰে।

*****

Kiran Devi, who lost her husband in 2016, has hardened and discoloured spots on her palms, a sign of arsenic poisoning. 'I know it’s the water...' she says
PHOTO • Kavitha Iyer
Kiran Devi, who lost her husband in 2016, has hardened and discoloured spots on her palms, a sign of arsenic poisoning. 'I know it’s the water...' she says
PHOTO • Kavitha Iyer

২০১৬ত গিৰীয়েকক হেৰুওৱা কিৰণ দেৱীৰ হাতৰ তলুৱাত কিছুমান দাগ পৰিছে, ছালৰ ৰং নাইকিয়া হৈছে আৰু টান হৈ পৰিছে, এয়া আৰ্ছেনিকৰ বিষক্ৰিয়াৰ চিন। ‘মই জানো এয়া পানীৰ কাৰণে হৈছে...’ তেওঁ কয়

বাড়কা ৰাজপুৰৰ উত্তৰে প্ৰায় চাৰি কিলোমিটাৰ দূৰত বক্সাৰ জিলাতে পৰা তিলক ৰায় কা হাট্টা নামে ৩৪০ ঘৰ পৰিয়ালৰ গাওঁখন অৱস্থিত, তাৰে বহুতেই ভূমিহীন পৰিয়াল। তাতো দমকলবোৰৰ পানীৰ ৰং ঘোলা।

২০১৩-১৪ত মহাবীৰ কৰ্কট প্ৰতিষ্ঠানে এইখন গাঁৱত চলোৱা এক অধ্যয়নত প্ৰকাশ পাইছিল যে গাওঁখনৰ ভূঃজলত আৰ্ছেনিকৰ পৰিমাণ অত্যাধিক, তিলক ৰায় কা হাট্টা গাওঁখনৰ পশ্চিম ভাগটোত এই পৰিমাণ আৰু বেছি, মূল গৱেষক ডা. কুমাৰে কয়। আৰ্ছেনিকচিচৰ সাধাৰণ লক্ষণ গাওঁখনত “বহুলভাৱে দেখা গৈছে।” গাওঁখনত ২৮ শতাংশৰে হাত আৰু ভৰিৰ তলুৱাত হাইপাৰকেৰাটচিচ (ঘাঁ) আছে, ৩১ শতাংশৰ মেলান’ছিছ মানে ছালৰ স্বাভাৱিক ৰং নাইকিয়া হোৱা ৰোগ আছে, ৫৭ শতাংশই যকৃতৰ সমস্যাত ভূগিছে, ৮৬ শতাংশৰ গেছট্ৰাইটিছ আছে আৰু ৯ শতাংশ মহিলাৰ মাহেকীয়া ঋতুচক্ৰ অনিয়মীয়া।

কিৰণ দেৱীৰ গিৰীয়েক এইখন গাঁৱতে ইটা আৰু বোকামাটিৰে সজা ঘৰত আছিল, স্থানীয়ভাৱে যাক বিচ্চু কা দেৰা বুলি কোৱা হয়। “ভালেকেইমাহ তলপেটৰ বিষত ভূগি থাকি ২০১৬ত তেওঁৰ মৃত্যু ঘটে,” তেওঁ কয়। চিমৰি আৰু বক্সাৰ চহৰৰ ডাক্তৰৰ ওচৰলৈ তেওঁক পৰিয়ালৰ লোকে লৈ গৈছিল আৰু বিভিন্ন চিকিৎসাও কৰোৱা হৈছিল। “যক্ষ্মা হোৱা বুলি ডাক্তৰে কৈছিল। আকৌ যকৃতৰ কৰ্কটো হ’ব পাৰে বুলি কৈছিল,” ৫০ উৰ্দ্ধ বয়সৰ কিৰণে কয়। তেওঁলোকৰ সৰু এটুকুৰা মাটিও আছিল, কিন্তু গিৰীয়েকে দিনহাজিৰা কৰিহে পেট পুহিছিল।

২০১৮ৰ পৰা কিৰণ দেৱীৰ হাতত ডাঠ দাগ পৰিছে, ছালৰ বৰণ নাইকিয়া হৈছে। এয়া আৰ্ছেনিকৰ বিষক্ৰিয়াৰ চিন। “মই জানো এয়া পানীৰ কাৰণে হৈছে, কিন্তু নিজৰ দমকলটো যদি ব্যৱহাৰ নকৰো, তেন্তে মই যাম ক’লৈ?” তেওঁৰ ঘৰৰ বাহিৰতে দমকলটো আছে, কাষতে ছালি এখনৰ তলত বলদ গৰু এটাই ঘাঁহ পাগুলি আছে।

খৰাং দিনবোৰত পানী খুবেই বেয়া হৈ পৰে (নৱেম্বৰৰ পৰা মে’লৈ), পনীয়া চাহৰ বৰণ ধৰে। “আনকি আমি দুপৰীয়াৰ ভাতসাজৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া এনে অৱস্থাত মই কেনেকৈ পাটনালৈ গৈ ডাক্তৰক দেখুৱাম বা পৰীক্ষা কৰাম?” তেওঁ সোধে। তেওঁৰ হাতৰ তলুৱা দুখন বৰকৈ খজুৱায়, ডিটৰ্জেণ্ট বাৰ চুলে বা গৰুৰ গোবৰ চপালে জ্বলা-পোৰা কৰে।

''মহিলা আৰু পানীৰ একেবাৰে ওচৰ সম্পৰ্ক আছে’’, ৰামুনীয়ে কয়।। ''কিয়নো দুয়ো ঘৰখনৰ প্ৰাণকেন্দ্ৰ। সেয়ে পানী বেয়া হ’লে মহিলাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়।’’ তাৰোপৰি সামাজিক কালিমাৰ ভয়ত বহু মহিলাই কৰ্কট ৰোগ হোৱাৰ পিছতো চিকিৎসা কৰাবলৈ সাহ নকৰে, উমাশংকৰে কয়।

ৰামুনীৰ স্তনৰ কৰ্কট হোৱাৰ পিছতে গাঁৱৰ অংগনবাদী কেন্দ্ৰত পানীৰ গুণাগুণক লৈ এক সজাগতা অভিযান চলোৱা হৈছিল। মুখীয়া হিচাপে নিৰ্বাচিত হ’লে তেওঁ এনে আৰু অভিযান চলাব বুলি কয়। ''সকলোৱে আৰ অ’ৰ পানী কিনিবলৈ সক্ষম নহয়। সকলো মহিলাই সহজেই হস্পিতাললৈ যাবও নোৱাৰে। আমি এই সমস্যাৰ সমাধানৰ বাট বিচাৰি উলিয়াবলৈ চেষ্টা চলাই যাম,’’ তেওঁ কয়।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদ: পংকজ দাস

Kavitha Iyer

Kavitha Iyer has been a journalist for 20 years. She is the author of ‘Landscapes Of Loss: The Story Of An Indian Drought’ (HarperCollins, 2021).

Other stories by Kavitha Iyer
Illustration : Priyanka Borar

Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper.

Other stories by Priyanka Borar
Editor and Series Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das