যোৱা তিনি বছৰত আপুনি কিমানখন চিকিৎসালয় দেখা কৰিছিল?

এই প্ৰশ্ন সোধোতে সুশীলা দেৱী আৰু তেওঁৰ স্বামী মনোজ কুমাৰৰ মুখ ক্লান্তিৰ ছাঁ আৰু হতাশাই আৱৰি পেলাইছিল। ২০১৭ৰ জুনত বান্দিকুই নগৰৰ মাধুৰ হাস্পতালত সুশীলাৰ প্ৰথম বন্ধ্যাকৰণ কৰাৰ পিছৰ পৰা দুয়োজনে (দুয়োজনৰ নাম সলনি কৰা হৈছে) কিমান চিকিৎসালয়লৈ গৈছিল, তাৰ সীমা-সংখ্যা নাই, কিমান পৰীক্ষা কৰিলে আৰু কিমান পৰস্পৰবিৰোধী ৰোগনিৰ্ণয়ৰ নিদান পালে, তাৰ হিচাপ মনত নাই।

দহ বছৰীয়া বৈবাহিক জীৱনত তিনিজনী ছোৱালীৰ পিছত এটা ল’ৰা সন্তান জন্মৰ এবছৰৰ পিছত এই দম্পতীহালে ভাবিলে ২৭ বছৰীয়া সুশীলা দেৱীৰ জন্ম নিৰোধৰ ব্যৱস্থা কৰা হওঁক। তেওঁলোকে আশা কৰিছিল যে তেওঁলোকৰ পৰিয়াল আৰু জীৱন ভাল হৈ পৰিব। ৰাজস্থানৰ দাউছা তহচিলৰ তেওঁলোকৰ গাওঁ ধানি জামাৰ পৰা ২০ কিলোমিটাৰ দূৰত থকা বান্দিকুইৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ যোৱাৰ চিন্তা কৰিলে, যদিও তেওঁলোকৰ ধানী জামা গাঁৱৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দূৰত কুন্দল গাঁৱত চৰকাৰী জনস্বাস্থ্য কেন্দ্ৰ এখন আছিল।

“সাধাৰণতে শীতকালৰ মাহবিলাকত চৰকাৰী স্বাস্থ্যকেন্দ্ৰবিলাকত বন্ধ্যাকৰণ শিবিৰ অনুষ্ঠিত হয়। সোনকালে আৰোগ্য লাভ কৰে কাৰণে মহিলাসকলে বন্ধ্যাকৰণ শীতকালত কৰিবলৈ ভাল পায়। গ্ৰীষ্মকালীন মাহত বন্ধ্যাকৰণ অস্ত্ৰোপচাৰ কৰিম বুলি কোৱাৰ পিছত মই তেওঁলোকক দাউছা বা বান্দিকুইৰ ব্যক্তিগত চিকিৎসালয়লৈ লৈ যাওঁ,” স্বীকৃত সামাজিক স্বাস্থ্যকৰ্মী চমুকৈ আশাকৰ্মী ৩১ বছৰীয়া সুনীতা দেৱীয়ে কয়। ২৫ খন বিচনাযুক্ত মাধুৰ হাস্পতাললৈ এই দম্পত্তীৰ লগত সুনীতাও গ’ল। চিকিৎসালয়খন ৰাজ্যিক পৰিয়াল কল্যাণ আঁচনিৰ অধীনত পঞ্জীভূক্ত হেতুকে বন্ধ্যাকৰণ অস্ত্ৰোপচাৰ কৰোতে সুশীলাৰ পৰা পইছা লোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ চৰকাৰৰ পৰা উদগনিমূলক ১৪০০ টকা পালে।

বন্ধ্যাকৰণ অস্ত্ৰোপচাৰৰ কেইদিনমানৰ পিছত সুশীলাৰ মাহেকীয়া হয়, ইয়াৰ লগে লগে এক যন্ত্ৰণাময় বিষ আৰু অৱসাদ হ’বলৈ ধৰে, এই যন্ত্ৰণাময় অৱস্থা পৰৱৰ্তী তিনিটা বছৰৰ অধিককাল সময়তে অব্যাহত থাকিল।

“বিষ যেতিয়া প্ৰথম আৰম্ভ হৈছিল, মই তেওঁক তেতিয়া বিষ নিৰাময়ৰ ঔষধ দিছিলো। ইয়াৰ ফলত অলপ উপশম হৈছিল। প্ৰতি মাহতে মাহেকীয়াৰ সময়ত অসহ্য যন্ত্ৰণাত সুশীলা কান্দি থাকে,” ২৯ বছৰীয়া সুশীলাৰ স্বামী মনোজে কয়।

বিষ বাঢ়িবলৈ ধৰিলে। অত্যাধিক ৰক্তক্ষৰণ হোৱাৰ পিছত মোৰ বমিভাৱ আহে আৰু মই সদায় দুৰ্বল হৈ থাকো। অষ্টমমান শ্ৰেণীলৈকে অধ্যয়ন কৰা গৃহিণী সুশীলাই কয়।

যেতিয়া এই অৱস্থা তিনি মাহ ধৰি চলিবলৈ ধৰিলে, তেতিয়া যাও-নাযাওকৈ এই পৰিয়ালটো কুন্দলৰ জনস্বাস্থ্য কেন্দ্ৰলৈ গ’ল।

Susheela and Manoj from Dhani Jama village have been caught in a web of hospitals, tests and diagnoses since Susheela's nasbandi
PHOTO • Sanskriti Talwar
Susheela and Manoj from Dhani Jama village have been caught in a web of hospitals, tests and diagnoses since Susheela's nasbandi
PHOTO • Sanskriti Talwar

সুশীলাৰ বন্ধ্যাকৰণৰ পিছৰে পৰা ধানি জামা গাঁৱৰ সুশীলা আৰু মনোজ চিকিৎসালয়ৰ পৰীক্ষা আৰু ৰোগ নিৰ্ণয়ৰ জালৰ মাজত সোমাই পৰে

“চৰকাৰী স্বাস্থ্যকেন্দ্ৰবিলাকত ক’থনো কৰ্মচাৰী উপস্থিত থাকে?,” সুশীলাৰ স্বাস্থ্য পৰীক্ষা নকৰাকৈ বিষৰ উপশমৰ বাবে জনস্বাস্থ্য কেন্দ্ৰই টেবলেট দিয়ে বুলি মনোজে আমাক কয়।

সুশীলাক দুৰ্বল-শক্তিহীন কৰি তোলা বিষৰ প্ৰভাৱ তেওঁলোকৰ যুগ্মজীৱনৰ সকলো দিশতে পৰিবলৈ ধৰিলে। বন্ধ্যাকৰণৰ পাঁচ মাহৰ পিছত সুশীলাক বন্ধ্যাকৰণ অস্ত্ৰোপচাৰ কৰা চিকিৎসকজনক দেখুৱাবলৈ তেওঁ বান্দিকুইৰ মাধুৰ হাস্পতাললৈ আহিল।

তাৰপিছত কিছুমান পৰীক্ষা কৰিবলৈ দিলে, ইয়াৰ ভিতৰত তলপেটৰ ছন’গ্ৰাফি কৰিবলৈ দিলে, চিকিৎসকে ক’লে যে ডিম্ববাহী নলীৰ সংক্ৰমণ হৈছে আৰু তিনিমাহৰ বাবে ঔষধ খাবলৈ দিলে।

“মোৰ পত্নীৰ সংক্ৰমণ কেনেকৈ হ’ব পালে? আপোনালোকে অস্ত্ৰোপচাৰ ভালকৈ কৰা নাছিল?” মনোজে খঙেৰে চিকিৎসকক ক’লে। চিকিৎসকজনে কোৱা কথা তেওঁলোকৰ মনত আছেঃ “আমি আমাৰ কাম ভালকৈ কৰিছো, এয়া তোমালোকৰ ভাগ্য,” তেনেকৈ কৈ চিকিৎসকজন আঁতৰি গ’ল।

পৰৱৰ্তী তিনিমাহত প্ৰতি ১০ দিনমানৰ মুৰত এই পৰিয়ালটোৱে পুৱা ১০ বজাত ঘৰৰ পৰা মটৰ চাইকেলেৰে মাধুৰ হাস্পতাললৈ যায়। গোটেই দিনটো পৰীক্ষা-নিৰীক্ষাৰ মাজত পাৰ হয় আৰু চিকিৎসকে লিখি দিয়া ঔষধ ক্ৰয় কৰে। মনোজে কাম ক্ষতি কৰি আৰু তিনি কন্যা সন্তান (এতিয়া সিহঁতৰ বয়স ক্ৰমে ৯ বছৰ, সাত বছৰ আৰু পাঁচ বছৰ) আৰু পুত্ৰক (এতিয়া চাৰি বছৰীয়া) ধানি জামাত থকা ককা-আইতাৰ ঘৰত থৈ যায়। প্ৰতিবাৰতে চিকিৎসালয়ত ২,০০০ৰ পৰা ৩,০০০ টকা পৰ্যন্ত খৰছ হয়।

তিনি মাহ চিকিৎসা কৰাৰ শেষত মনোজে সম্পৰ্কীয় লোকৰ পৰা ধাৰলৈ অনা ৫০,০০০ টকাৰ প্ৰায় গোটেইখিনি খৰছ হয়। কলা বিভাগত স্নাতক ডিগ্ৰী থকা সত্বেও মনোজে কেৱল বেলদাৰি (অৰ্থাৎ নিৰ্মাণক্ষেত্ৰ বা পথাৰৰ শ্ৰমিক) কাম কৰি মাহে ১০,০০০ মান টকা উপাৰ্জন কৰে, যদিহে নিয়মীয়াকৈ কাম কৰিব পাৰে। সুশীলাৰ অৱস্থাৰ পৰিৱৰ্তন নহ’ল, পৰিয়ালটোৰ ঋণ বাঢ়ি গৈছে আৰু উপাৰ্জন নোহোৱা হৈছে। জীৱনটো ধূসৰ হৈ পৰিছে, সুশীলাই কয়।

“মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত তীব্ৰ বিষত মোৰ জীউ ওলাই যোৱা যেন লাগে, অথবা ইমান দুৰ্বল লাগে যে ঘৰৰ কোনো কাম কৰিব নোৱাৰো,” তেওঁ কয়।

Susheela first got a nasbandi at Madhur Hospital, Bandikui town, in June 2017
PHOTO • Sanskriti Talwar

২০১৭ৰ জুনত বান্দিকুই চহৰৰ মাধুৰ হাস্পতালত সুশীলাই প্ৰথম বন্ধ্যাকৰণ অস্ত্ৰোপচাৰ কৰাইছিল

২০১৮ৰ নৱেম্বৰত মনোজে পত্নী সুশীলাক দাউছাৰ জিলা চিকিৎসালয়লৈ নিয়াৰ কথা ভাবিলে। জিলা সদৰত থকা এই চিকিৎসালয়লৈ মনোজৰ গাঁৱৰ পৰা ২০ কিলোমিটাৰমান দুৰত্ব। ২৫০ খন বিচনাযুক্ত চিকিৎসালয়লৈ যিদিনা তেওঁলোক গ’ল, মাতৃ স্বাস্থ্য সেৱাৰ এটা সুকীয়া বিভাগ থকা চিকিৎসালয়খনত সেইদিনা অপেক্ষাৰত মানুহৰ দীঘল শাৰী।

“প্ৰায় গোটেই দিনটো শাৰীত থিয় হৈ থাকিলো। মই অধৈৰ্য হৈ পৰিলো। গতিকে সেই চিকিৎসালয়ৰ পৰা ওলাই দাউছাত থকা ব্যক্তিগত চিকিৎসালয়লৈ যোৱাৰ সিদ্ধান্ত ল’লো,” মনোজে কয়। তেওঁলোকে ভবা নাছিল যে হাস্পতাললৈ অহা-যোৱা আৰু পৰীক্ষা কৰাৰ অন্তহীন পাকচক্ৰত তেওঁলোক সোমাই পৰিব, তাৰ পিছতো স্পষ্টভাৱে ৰোগনিৰ্ণয় নহ’ল।

জিলা চিকিৎসালয়ত ডাক্তৰৰ বাবে শাৰী পাতি থাকোতে দাউছাত থকা ৰাজধানী হাস্পতাল আৰু মেটাৰনিটি হোমৰ কথা তেওঁলোকক কোনোবাই কৈছিল, তাকেই অনুসৰণ কৰি মনোজে তাইক সেইখন হাস্পতাললৈ লৈ গ’ল। তাতে সুশীলাৰ আগৰ ছন’গ্ৰাফি ৰিপ’ৰ্টটো মানি নলৈ নতুনকৈ কৰাৰ বাবে পৰামৰ্শ দিলে।

ইয়াৰ পিছত কি কৰিব, সেই লৈ কিংকৰ্তব্যবিমূঢ় হৈ পৰা মনোজে গাঁৱৰ এজন লোকৰ পৰামৰ্শ মতে কেইসপ্তাহমানৰ পিছত দাউছাৰ খান্দেলৱাল নাৰ্ছিং হোমলৈ সুশীলাক লৈ গ’ল। তাত আকৌ ছন’গ্ৰাফি কৰা হ’ল আৰু ৰিপ’ৰ্টত দেখা গ’ল যে ডিম্ববাহী নলীত টেমুনা হৈছে। আকৌ কিছুদিনৰ বাবে ঔষধ খাবলৈ দিলে।

“ব্যক্তিগত চিকিৎসালয়ত কাম কৰা মানুহে জানে যে গাঁৱৰ মানুহে চিকিৎসালয়ৰ এই কৰ্মপদ্ধতিৰ কথা নাজানে। সিহঁতে ভাবে যে সিহঁতে যি ক’ব আমি মানি ল’ম।’ দাদুৱাৰ তৃতীয়খন ব্যক্তিগত চিকিৎসালয়ত কেনেকৈ চিকিৎসা কৰাব সেই লৈ মনোজ বিবুদ্ধিত পৰিছে। ব্যক্তিগত চিকিৎসালয়খনৰ নাম শ্ৰীকৃষ্ণ হাস্পতাল। ইয়াত চিকিৎসকে এলানি পৰীক্ষা কৰা আৰু পুনৰ ছন’গ্ৰাফি কৰাৰ পিছত ক’লে যে পাকস্থলীৰ শেষাংশ অলপ উখহিছে।”

“এখন চিকিৎসালয়ে আমাক ক’লে যে ডিম্ববাহী নলী উখহিছে, আন এখনে ক’লে সংক্ৰমণ হৈছে, আৰু তৃতীয়খন চিকিৎসালয়ে ক’লে যে পাকস্থলীৰ অন্ত্ৰ উখহিছে। যেনেকৈ ৰোগ নিৰ্ণয় কৰে, তেনেকৈ প্ৰতিখন চিকিৎসালয়ে ঔষধ খাবলৈ লিখি দিয়ে। এখনৰ পৰা আন এখনলৈ দৌৰি দৌৰি মোৰ মগজুৱে কাম নকৰা হৈছে, নিশ্চিত হ’ব নোৱাৰিলো যে কোনজন চিকিৎসকে নিৰ্ণয় কৰা ৰোগ সত্য আৰু কি হৈ আছে?” সুশীলাই কয়। প্ৰতিখন চিকিৎসালয়ে দিয়া ঔষধ সুশীলাই খাইছে কিন্তু কোনো ঔষধে ৰোগৰ প্ৰকৃত আঁতৰাব নোৱাৰিলে।

দাউছাৰ তিনিখন ব্যক্তিগত চিকিৎসালয়লৈ সুশীলাক এখনৰ পিছত এখনলৈ লৈ যোৱাৰ ফলত মনোজৰ পুনৰ ২৫,০০০ টকা ধাৰ লাগিল।

জয়পুৰত থকা দূৰ সম্পৰ্কীয় লোককে ধৰি পৰিয়ালৰ সকলোৱে তেতিয়া ক’লে যে ৰাজ্যিক ৰাজধানীত এখন ভাল চিকিৎসালয় আছে। গাঁৱৰ পৰা ৭৬ কিলোমিটাৰ দৰত থকা এইখনে ভাল চিকিৎসালয়।

এই দম্পতীয়ে পুনৰ চিকিৎসাৰ বাবে যাত্ৰা আৰম্ভ কৰিলে। জয়পুৰলৈ যাবলৈ নিজৰ নথকা বাবে পুনৰ ধাৰলৈ টকা ল’লে। চিকিৎসালয়খনৰ নাম ডা. সৰ্দাৰ সিং মেম’ৰিয়েল হাস্পতাল। আকৌ কৰোৱা ছন’গ্ৰাফিত দেখা গ’ল যে সুশীলাৰ জৰায়ুত টেমুনা হৈছে।

“এই টেমুনাটো ক্ৰমান্বয়ে ডাঙৰ হৈ যাব,” চিকিৎসকে ক’লে। চিকিৎসকে পৰিস্কাৰ কৰি ক’লে যে জৰায়ু আঁতৰ কৰি পেলাবলৈ অস্ত্ৰোপচাৰ কৰিব লাগিব, সুশীলাই আমাক জনালে।

Illustration: Labani Jangi

সচিত্ৰ বৰ্ণনাঃ লাৱণি জংগি

পাঁচখন ব্যক্তিগত মালিকানাধীন চিকিৎসালয়ৰ তিনিখনে (ৰাজস্থানৰ বান্দিকুই চহৰৰ) তথ্য জনাৰ অধিকাৰ আইনৰ বাবে তথ্য জনালে। তথ্য অনুসৰি ২০১০ৰ এপ্ৰিলৰ পৰা অক্টোবৰ মাহৰ সময়খিনিত কৰা মহিলাৰ ৩৮৫ টা অস্ত্ৰোপচাৰৰ ভিতৰত ২৮৬ টা জৰায়ু অপসাৰণ। অস্ত্ৰোপচাৰ কৰা অধিকাংশ মহিলা ৩০ অনুৰ্ধ বয়স আৰু তাৰে একেবাৰে কনিষ্ঠগৰাকীৰ বয়স মাত্ৰ ১৮ বছৰ।

২০১৯ৰ ২৭ ডিচেম্বৰত, ৩০ মাহৰ পিছত কমেও আঠখন হাস্পতাললৈ যোৱাৰ অন্তত সুভি পালছে হাস্পতালৰ ট্ৰমা ছোণ্টাৰত অস্ত্ৰোপচাৰ কৰি সুশীলাৰ জৰায়ু আঁতৰ কৰা হ’ল - এইখনো দাউছাৰ এখন ব্যক্তিগত মালিকানাধীন চিকিৎসালয়। চিকিৎসালয়ত মনোজে দিবলগা হ’ল ২০,০০০ টকা আৰু ঔষধ-পাতি যাৱতীয়া খৰছৰ বাবদ ভৰিলে ১০,০০০ টকা।

বিষ আৰু ঋণৰ পাকচক্ৰৰ পৰা ওলাই অহাৰ বাবে সুশীলা-মনোজে জৰায়ুৰ অস্ত্ৰোপচাৰৰ প্ৰস্তাৱ মানি ল’বলৈ বাধ্য হ’ল।

বান্দিকুইৰ পাঁচখন ব্যক্তিগত চিকিৎসালয়ে কৰা জৰায়ু অপসাৰণৰ অস্ত্ৰোপচাৰৰ তদন্তৰ দাবী ২০১০ৰ নৱেম্বৰত তথ্য জনা অধিকাৰ আইনৰ অধীনত বিচাৰি এখন আবেদন অখিল ভাৰতীয় গ্ৰাহক পঞ্চায়ত নামৰ অনাচৰকাৰী সংস্থা এটাৰ লগত জৰিত অধিবক্তা দুৰ্গা প্ৰসাদ ছাইনিয়ে দাখিল কৰিছিল, আমি মনোজ-সুশীলাৰ দুৰ্বিসহ বৰ্ণনা শুনাওতে তেওঁ আমাক ক’লে।

আৰটিআই তথ্যৰ পৰা দেখা গ’ল যে ২০১০ৰ এপ্ৰিল-অক্টোবৰৰ সময়খিনিত বান্দিকুইৰ পাঁচখন ব্যক্তিগত চিকিৎসালয়ৰ তিনিখনত মহিলাৰ ওপৰত চলোৱা ৩৮৫ টা অস্ত্ৰোপচাৰৰ ২৮৬ টা হ’ল গৰ্ভাশয় অপসাৰণ কৰা অস্ত্ৰোপচাৰ। মাধুৰ হাস্পতাল (য’ত সুশীলাৰ বন্ধ্যাকৰণ কৰা হৈছিল), মদন নাৰ্ছিং হোম, বালাজী হাস্পতাল, বিজয় হাস্পতাল আৰু কাট্টা হাস্পতালৰ দৰে চিকিৎসালয়ক লৈ প্ৰশ্ন উঠিছে। গৰ্ভাশয় বা জৰায়ু অপসাৰণ কৰা অস্ত্ৰোপচাৰ কৰোৱা মহিলাসকলৰ অধিকাংশ ৩০ বছৰ অনুৰ্ধ আৰু একেবাৰে কনিষ্ঠগৰাকী মাত্ৰ ১৮ বছৰ বয়সীয়া। অধিকাংশ মহিলা জিলাখনৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ, যেনে বাইৰৱা, গুজ্জৰ আৰু মালি। মনোজ আৰু সুশীলা বাইৰৱা সম্প্ৰদায়ৰ, ধানি জামা গাঁৱৰ মুঠ জনসংখ্যাৰ ৯৭ শতাংশ এই সম্প্ৰদায়ৰ - অৰ্থাৎ অনুসূচিত জাতিৰ।

আমি কন্যা শিশুৰ ভ্ৰুণ হত্যাৰ বিষয়ে আলোচনা কৰি থাকোতে এজনে আঙুলিয়াই দি প্ৰশ্ন কৰিলে যে কিমান মহিলাৰ গৰ্ভাশয় থাকে, অধিবক্তা ছাইনিয়ে এনে মন্তব্যৰ আঁৰত থকা সন্দেহৰ কথা ব্যক্তি কৰিলে।

“চিকিৎসক, জনস্বাস্থ্য কেন্দ্ৰ আৰু আশা কৰ্মীৰ মাজৰ যোগসূত্ৰৰ এয়া ফলাফল (ব্যাপক হাৰত অপ্ৰয়োজনীয় জৰায়ু অপসাৰণৰ অস্ত্ৰোপচাৰ) বুলি আমি বিশ্বাস কৰো। আমি প্ৰমাণ কৰিব নোৱাৰো,” ছাইনিয়ে কয়। ৰাজস্থানত মূল কাৰ্যালয় থকা ‘প্ৰয়াস’ নামৰ বেচৰাকাৰী সংস্থাটোৰ প্ৰতিষ্ঠাতা ডা. নৰেন্দ্ৰ গুপ্তাই ২০১৩ত ৰাজস্থান, বিহাৰ আৰু চত্তীশগড়ৰ মুনাফালোভী ব্যক্তিগত চিকিৎসায়লৰ ‘জৰায়ু অপসাৰণ অস্ত্ৰোপচাৰ’ কেলেংকাৰীৰ বিৰুদ্ধে ‘ ৰাজহুৱা স্বাৰ্থজড়িত আবেদন ’ত বান্দিকুইৰ তথ্যসমূহ অন্তৰ্ভূক্ত কৰা হৈছে। উক্ত আবেদনত এনে অস্ত্ৰোপচাৰৰ বলি হোৱা মহিলাসকলক ক্ষতিপূৰণ দিবলৈ কোৱাৰ লগতে যথোপযুক্ত নীতিৰ পৰিৱৰ্তন ঘটাবলৈও আবেদন জনোৱা হয়।

“বিহাৰ, চত্তীশগড় আৰু ৰাজস্থানৰ বহুতো মহিলাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰোতে জানিব পৰা যায় যে তেওঁলোকক বিপথে পৰিচালিত কৰা হৈছিল, এই অস্ত্ৰোপচাৰ কৰা অতি জৰুৰী।” পিআইএলত উল্লেখ কৰা হৈছিল। “তেওঁলোকক বিশ্বাস কৰোৱা হৈছিল যে তেওঁলোকে যদি চিকিৎসকৰ পৰামৰ্শ মানি নলয়, তেন্তে কৰ্কট ৰোগ হৈ যাব পাৰে।”

'We believed it [the unnecessary hysterectomies] was the result of a nexus...But we couldn’t prove it', said advocate Durga Prasad Saini
PHOTO • Sanskriti Talwar

‘মোৰ বিশ্বাস হৈছিল যে এয়া প্ৰয়োজনীয় (জৰায়ুৰ অপ্ৰয়োজনীয় অপসাৰণ অস্ত্ৰোপচাৰ) এয়া এক দুষ্টচক্ৰৰ ষড়যন্ত্ৰৰ ফল… এয়া প্ৰমাণ কৰিব নোৱাৰিলো,’ অধিবক্তা দুৰ্গা প্ৰসাদ ছাইনিয়ে কয়।

পিআইএলত আন কিছুমান প্ৰয়োজনীয় তথ্য উল্লেখ কৰা হৈছে- এই অস্ত্ৰোপচাৰৰ বিপদ আৰু দীৰ্ঘকালীন পাৰ্শ্চক্ৰিয়া - যিবোৰ সাধাৰণতে মহিলাৰ মাজতে থাকি যায় আৰু অস্ত্ৰোপচাৰ কৰাৰ আগতে তেওঁলোকৰ সন্মতি গ্ৰহণ কৰা সম্পৰ্কেও সন্দেহৰ অৱকাশ আছে।

ব্যক্তিগত চিকিৎসালয় আৰু চিকিৎসকসকলে এই অভিযোগ অস্বীকাৰ কৰিছে, সংবাদ মাধ্যমৰ খবৰ অনুসৰি প্ৰয়োজন হোৱা বাবেহে অস্ত্ৰোপচাৰ কৰা হৈছিল।

“দাউছা জিলাৰ ব্যক্তিগত মালিকানাধীন চিকিৎসালয়সমূহে প্ৰেছক্ৰিপশ্যনত নিৰ্দেশিত কৰাৰ পিছতহে জৰায়ু অপসাৰণৰ অস্ত্ৰোপচাৰ কৰে। আগতে তেনেকৈ কৰা নাছিল। এইবিলাক অপৰীক্ষিত আৰু অবাধে কৰা হৈছিল। গাওঁবাসীক প্ৰতাৰণা কৰা হৈছিল। মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত যিসকল মহিলাৰ তলপেটৰ বিষ আদি সমস্যা হয়, তেওঁলোকক এখনৰ পিছত আন এখন চিকিৎসালয়লৈ পঠোৱা হয় আৰু অৱশেষত জৰায়ু অপসাৰণ কৰিবলৈ পৰিয়ালটোক কোৱা হয়,” ছাইনিয়ে কয়।

ডা. গুপ্তাৰ আবেদনে আৰু এটা কথালৈ দৃষ্টি আকৰ্ষণ কৰে যে ভাৰতত ১৫ আৰু ৪৯ বয়সসীমাৰ মাজৰ ৩.২ শতাংশ মহিলাৰ জৰায়ু অপসাৰণৰ অস্ত্ৰোপচাৰ কৰাৰ তথ্য ২০১৫-১৬ৰ সময়ত চলোৱা চতুৰ্থ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ ( এন এফ এইছ এছ-৪ )ত চৰকাৰে অন্তৰ্ভূক্ত কৰিব লাগিছিল। এনে অস্ত্ৰোপচাৰৰ ৬৭ শতাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰা হয়। ৰাজস্থানত ১৫-৪৯ বয়সৰ ২.৩ শতাংশ মহিলাৰ জৰায়ু অপসাৰণ অস্ত্ৰোপচাৰ কৰা হৈছিল, এন এফ এইছ এছ-৪ৰ মতে।

প্ৰয়াসৰ তথ্যনুসন্ধানকাৰী গোটত যোগাযোগ কৰা বহুতো মহিলা জৰায়ু অপসাৰণ অস্ত্ৰোপচাৰৰ পিছত কয় যে ইয়াৰ পিছতো তেওঁলোকৰ সমস্যা একেই থাকি গ’ল। জৰায়ু অপসাৰণ অস্ত্ৰোপচাৰৰ দুমাহৰ পিছত আমি যেতিয়া সুশীলাক তেওঁৰ নিজৰ ঘৰত সাক্ষাৎ কৰিছিলো, তেতিয়াও অস্ত্ৰোপচাৰ পাৰ্শ্চক্ৰিয়া কিছু পৰিমাণে আছিল যদিও তেওঁ বাল্টি দঙা বা আন ঘৰুৱা কাম কৰিছিল যদিও তেওঁক খুব সাৱধানে চলিবলৈ কোৱা হৈছিল। মনোজ আকৌ কাম কৰিবলৈ যাবলৈ আৰম্ভ কৰিছে আৰু উপাৰ্জনৰ ধনৰ আধাতকৈ বেছি ঋণ পৰিশোধত ব্যয় কৰিব লগা হৈছে, ঋণদাতাৰ পৰা কমেও এক লাখ টকা মনোজে লৈছিল, নিজৰ আত্মীয়ৰ পৰাও ঋণ লৈছিল। এই সময়খিনিত সুশীলাৰ অলংকাৰ বিক্ৰী কৰিছিল- ইয়াৰ পৰা ২০-৩০ হাজাৰ টকা পাইছিল।

যোৱা তিনিটা বছৰৰ ঘটনা প্ৰৱাহে পৰিয়ালটোক এতিয়াও জুৰুলা কৰি ৰাখিছে - এতিয়াও নিশ্চিত নহয় যে ইমান দীঘলীয়া বিষ কিহৰ কাৰণে হৈছিল বা কিয় ইমান ৰক্তক্ষৰণ হৈছিল, জৰায়ু অপসাৰণৰ প্ৰকৃততে শুদ্ধ চিকিৎসা হ’ল নে নহ’ল, সেই সম্পৰ্কে নিশ্চিত নহ’ল। তেওঁলোকে মাথোন স্বস্তিৰ নিশ্বাস পেলাইছে যে অস্ত্ৰোপচাৰৰ পিছত সুশীলাৰ বিষ হোৱা নাই।

“পইছা খৰছ কৰি সৰ্বশ্ৰান্ত হোৱা মানুহে শেষত মাথোন এয়াই কৰিব পাৰে, মনোজে কয়। - মানুহে পইছা খৰছ কৰি কৰি ভাগৰুৱা হৈ পৰে  আৰু শেষত আপুনি এটা কথাতেই সন্তোষ লভিবলগীয়া হয় এই ভাবি যে আপুনি ঠিকেই কৰিছে।

প্ৰচ্ছদ সচিত্ৰকৰণ: পশ্চিমবংগৰ নাডিয়া জিলাৰ এখন সৰু চহৰৰ লাৱণি জংগীয়ে কলকাতাৰ চেণ্টাৰ ফৰ ছ’চিয়েল চায়েন্সৰ পৰা বাঙালী শ্ৰমিকৰ প্ৰব্ৰজনৰ ওপৰত পিএইচডি কৰি আছে। তেওঁ স্বশিক্ষিত চিত্ৰশিল্পী আৰু ভ্ৰমণ কৰি ভাল পায়।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদ - পংকজ দাস

Anubha Bhonsle is a 2015 PARI fellow, an independent journalist, an ICFJ Knight Fellow, and the author of 'Mother, Where’s My Country?', a book about the troubled history of Manipur and the impact of the Armed Forces Special Powers Act.

Other stories by Anubha Bhonsle
Sanskriti Talwar

Sanskriti Talwar is an independent journalist based in New Delhi. She reports on gender issues.

Other stories by Sanskriti Talwar
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das