বাৰিষা আঁতৰিছে। বিহাৰৰ বৰাগাওঁ খূৰ্দ গাঁৱৰ মহিলাই তেওঁলোকৰ কেঁচামাটিৰ ঘৰবোৰত লেপিবলৈ পথাৰৰ পৰা বোকামাটি কঢ়িয়াইছে। তেওঁলোকে আহৰি পালেই, বিশেষকৈ উৎসৱৰ আগে আগে ঘৰবোৰ এনেদৰে মাটি লেপি চিকুণায়।
লীলাৱতী দেৱীয়েও (২২) আনবোৰৰ সৈতে বোকামাটি আনিবলৈ গৈছে। কিন্তু তেওঁৰ তিনিমহীয়া পানীকেঁচুৱাটি টোপনি যাব খোজা নাই। তেওঁৰ ২৪ বছৰীয়া স্বামী অজয় ওৰাৱন ঘৰৰ ওচৰতে নিজৰ গেলামালৰ দোকানখনত বহিছে। কোলাৰ কেঁচুৱাটিৰ কপালত ঘনে ঘনে হাত দি জ্বৰ উঠিছে নেকি তেওঁ চাইছে। “কেঁচুৱাটিৰ গা ভালে আছে যেনেই মোৰ লাগিছে,” তেওঁ অনুমান কৰিলে।
২০১৮ত লীলাৱতীৰ ১৪ মহীয়া জীয়াৰী জ্বৰ হৈ ঢুকাইছিল। “মাত্ৰ দুদিন তাইৰ জ্বৰ উঠিছিল, গা ইমানো তপত নাছিল,” লীলাৱতীয়ে কয়। তাত বাদে কি কাৰণত তাই কেঁচুৱাটি ঢুকাল, মাক-দেউতাকে নাজানে। তাত হস্পিতালৰ কোনো তথ্য-পাতি নাই, কোনো প্ৰেছক্ৰিপশ্যন নাই, দৰৱো নাই। আৰু কেইদিনমানলৈ জ্বৰ শাম নাকাটিলে মাক-দেউতাকে কেঁচুৱাটোক কাইমুৰ জিলাৰ অধৌৰা ব্লকৰ তেওঁলোকৰ গাঁৱৰ পৰা ন কিলোমিটাৰ দূৰৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়াৰ কথা ভাবি থৈছিল। কিন্তু তেনে কৰা নহ’ল।
কাইমুৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ দাঁতি কাষৰতে থকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ সীমাৰ বেৰবোৰ নাই। সেই স্বাস্থ্যকেন্দ্ৰটোৰ ভিতৰত ভালুক, নাহৰফুটুকী আৰু নীলগাই সোমাই ৰোগীক আৰু কামলৈ মন নথকা স্বাস্থ্যকৰ্মীক ভয় খুওৱা বৰাগাওঁ খূৰ্দ গাওঁখনৰ লগতে গাতে লাগি থকা বৰাগাওঁ কালানৰ গঞাই (সেই দুখন গাঁৱৰ বাবে একেটাই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ) দেখিছে।
“উপ স্বাস্থ্যকেন্দ্ৰ এটা (বৰাগাওঁ খূৰ্দত) আছে যদিও ভৱনটো এতিয়া পৰিত্যক্ত। সেইটো গোহালিলৈ পৰিণত হৈছে,” ২০১৪ৰ পৰা সীমিত সফলতাৰে কাম কৰি অহা স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী (আশাকৰ্মী) ফুলবাসী দেৱীয়ে কয়।

২০১৮ত লীলাৱতী আৰু অজয় ওৰাৱন (ওপৰৰ শাৰীত)ৰ কোলাৰ জীয়াৰীজনী জ্বৰ হোৱাত কাইমুৰ বন্যপ্ৰাণী অভয়াৰণ্যৰ কাষতে থকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোলৈ নিয়া নহ’ল, তাৰ আগেয়ে তাই ঢুকাল । কিন্তু এই স্বাস্থ্যকেন্দ্ৰটোও জৰাজীৰ্ণ , এম্বুলেঞ্চখন অচল, বহুবছৰ ধৰি অব্যৱহৃত হৈ পৰি আছে (তলৰ শাৰীত)
“ডাক্তৰবোৰ অধৌৰাত থাকে (চহৰ, তাৰ পৰা ১৫ কিলোমিটাৰ দূৰত)। তাত ম’বাইলৰ নেটৱৰ্ক নাই, জৰুৰী অৱস্থাত কাকো যোগাযোগ কৰিব পৰা নাযায়,” ফুলবাসীয়ে কয়। তথাপিও তেওঁ প্ৰায় ৫০ গৰাকী মহিলাক সেই প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোলৈ আৰু আন এটা জৰাজীৰ্ণ তথা মহিলা ডাক্তৰ নথকা মাতৃ আৰু শিশু হস্পিতালৰ ৰেফাৰেল কেন্দ্ৰটোলৈ আনিছে (সিটো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ গাতে লাগি আছে)। ইয়াৰে আটাইখিনি দায়িত্ব এগৰাকী এএনএম আৰু পুৰুষ ডাক্তৰৰ হাতত থাকে। দুয়োজনেই গাওঁখনত নাথাকে আৰু নেটৱৰ্ক নথকাত জৰুৰী অৱস্থাত যোগাযোগ কৰাটো টান হৈ পৰে।
কিন্তু ফুলবাসীয়ে দায়িত্ব মুৰপাতি লৈছে। তেওঁ বৰাগাওঁ খূৰ্দৰ ৮৫ টা পৰিয়ালৰ (৫২২ জনসংখ্যাৰ) তদাৰক কৰে। ফুলবাসীকে ধৰি গাওঁখনৰ প্ৰায়ভাগেই ওৰাৱন সম্প্ৰদায়ৰ, এই অনুসূচিত জনজাতিটোৰ জীৱন আৰু জীৱিকা খেতি আৰু অৰণ্যকেন্দ্ৰীক। তেওঁলোকৰ কিছুসংখ্যকৰ খেতিমাটি আছে য’ত তেওঁলোকে ঘাইকৈ ধানখেতি কৰে, কিছুমানে অধৌৰা আৰু আন চহৰলৈ দিনহাজিৰাৰ কাম বিচাৰি যায়।
“আপুনি ভাবিছে চাগে এয়া সংখ্যাত কম। কিন্তু চৰকাৰী বিনামূলীয়া এম্বুলেঞ্চ সেৱা ইয়াত নচলে,” প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ বাহিৰত বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকা পুৰণি এম্বুলেঞ্চ এখনলৈ আঙুলিয়াই ফুলবাসীয়ে কয়। “তাৰোপৰি মানুহৰ মাজত কপাৰ-টি আৰু গৰ্ভনিৰোধক বড়িক লৈ (যেনে কপাৰ-টি সংস্থাপনৰ প্ৰক্ৰিয়া, বড়ি খালে মুৰ ঘুৰোৱা আৰু দুৰ্বল ভাৱ হোৱাৰ ভয আদিক লৈ) ভুল ধাৰণাবোৰ আছেই। আকৌ ঘৰৰ কামৰ পৰা আজৰি হৈ মাতৃ আৰু শিশু, পলিঅ’ আদিক লৈ ‘সজাগতা’ অভিযানৰ বাবে কাৰনো সময় ওলায়?”
বৰাগাওঁ খূৰ্দৰ গৰ্ভৱতী মহিলা আৰু সদ্যপ্ৰসৱ কৰা মহিলাৰ সৈতে আমাৰ কথা হওঁতে স্বাস্থ্যসেৱাৰ নাটনিৰ আভাস পাইছিলো। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ( এন.এফ.এইছ.এছ.-৪, ২০১৫-১৬ )ৰ কাইমুৰ জিলাৰ তথ্য মতে জিলাখনৰ ৮০ শতাংশ সন্তান প্ৰসৱ বিগত পাঁচ বছৰত আনুষ্ঠানিকভাৱে চিকিৎসালয়তে হৈছিল, কিন্তু আমি কথা পতা প্ৰতিগৰাকী মহিলাই ঘৰতে প্ৰসৱ কৰিছে। উক্ত সমীক্ষাত এই কথাও কোৱা হৈছে যে ঘৰতে জন্ম হোৱা কোনো শিশুকেই জন্মৰ ২৪ ঘণ্টাৰ ভিতৰত হস্পিতাললৈ নিয়া হোৱা নাছিল।
বৰাগাওঁ খূৰ্দৰ আন এঘৰত, ২১ বছৰীয়া কাজল দেৱীয়ে তেওঁৰ চাৰিমহীয়া ল’ৰাসন্তানটো লৈ মাকৰ ঘৰৰ পৰা স্বামীৰ ঘৰলৈ উভতিছে। গৰ্ভধাৰণৰ গোটেই সময়চোৱাত ডাক্তৰৰ সৈতে কোনোধৰণৰ পৰামৰ্শ বা পৰীক্ষা কৰোৱা হোৱা নাছিল। তেতিয়ালৈ শিশুটিৰ টিকাকৰণো কৰোৱা নাছিল। “মই মাৰ ঘৰত আছিলো, ভাবিলো যে ইয়ালৈ আহি টিকাকৰণ কৰোৱাম,” কাজলে কয়। তেওঁ নাজানে যে ১০৮ ঘৰ মানুহেৰে ৬১৯ জনসংখ্যাৰ চুবুৰীয়া বৰাগাওঁ কালানৰ তেওঁৰ মাকৰ ঘৰতে টিকাকৰণ কৰাব পাৰিলেহেঁতেন, সেইখন গাঁৱৰ বাবে এগৰাকী আশাকৰ্মী আছে।


‘মই শুনিছো যে হস্পিতালত হেনো শিশু সলাই পেলায়, বিশেষকৈ ল’ৰাসন্তান হ’লে । সেয়ে ঘৰতে প্ৰসৱ কৰাই ভাল ,’ কাজল দেৱীয়ে কয়
ভয়ত আৰু বহুসময়ত ল’ৰাসন্তানৰ আগ্ৰহৰ বাবেই তেওঁলোক ডাক্তৰৰ সৈতে পৰামৰ্শ কৰাৰ পৰা দূৰতে থাকে। “মই শুনিছো যে হস্পিতালত সন্তান সলাই পেলায়, বিশেষকৈ ল’ৰাসন্তান হ’লে। সেয়ে ঘৰতে প্ৰসৱ কৰাই ভাল,” গাঁৱৰ বয়সস্থ মহিলাৰ সহায় লৈ ঘৰতে কিয় প্ৰসৱ কৰিছিল বুলি সোধাত কাজলে তেনেকৈ উত্তৰ দিছিল।
বৰাগাওঁ খূৰ্দৰ আন এগৰাকী বাসিন্দা সুনীতা দেৱীয়ে কয় যে প্ৰশিক্ষিত নাৰ্ছ কিম্বা ডাক্তৰ নোহোৱাকৈয়ে তেওঁ ঘৰতে প্ৰসৱ কৰিছিল। তেওঁৰ চতুৰ্থটো সন্তানো কন্যা, তাই মাকৰ কোলাত গভীৰ নিদ্ৰাত পৰিছে। গৰ্ভধাৰণ কালত সুনীতাই কেতিয়াও স্বাস্থ্যপৰীক্ষা বা প্ৰসৱৰ বাবে হস্পিতাললৈ যোৱা নাছিল।
“হস্পিতালত বহুত মানুহ থাকে। ইমানবোৰ মানুহৰ সন্মুখত মই প্ৰসৱ কৰিব নোৱাৰো। মোৰ লাজ লাগে, তাতে আকৌ কন্যা সন্তান হ’লে বেছি লাজ পাওঁ,” হস্পিতালত গোপনীয়তা ৰক্ষা কৰা হয় বুলি ফুলবাসীয়ে কোৱা কথাত অবিশ্বাস কৰা সুনীতাই কয়।
“ঘৰত প্ৰসৱ কৰাই আটাইতকৈ ভাল, বয়সস্থ মহিলাৰ সহায় পায়। চাৰিটা সন্তানৰ পিছত এনেয়ো আপোনাক ইমান বেছি সহায়ৰ প্ৰয়োজন নহয়,” সুনীতাই হাঁহি এটা মাৰি কথাখিনি কয়। “তাৰপিছত এইজনে আপোনাক বেজী দিবলৈ আহে আৰু আপুনি সুস্থ অনুভৱ কৰে।”
তেওঁলোকক বেজী দিবলৈ অহাজনক গাঁৱৰ কিছুমানে “ডিগ্ৰীবিহীন ডাক্তৰ” বুলিও কয়, তেওঁ সাত কিলোমিটাৰ দূৰৰ তালা বজাৰৰ পৰা আহে। তেওঁৰ ডিগ্ৰী কি, বেজীনো কি দিয়ে, সেয়া কোনেও ভালকৈ নাজানে।
সুনীতাই নিজৰ কোলাৰ কেঁচুৱাটোলৈ চালে। আকৌ এজনী ছোৱালী জন্ম দিয়াৰ অপৰাধবোধ, তাইৰ লগতে আনকেইজনী কন্যাসন্তানক কেনেকৈ বিয়া দিব, পথাৰত সহায় কৰিবলৈ কোনো পুৰুষ সদস্য নথকা ঘৰখনত তাইৰ গিৰীয়েকৰ কথা ভাবি তাইৰ মনটো আশংকাত দুলি থাকিল।

ওপৰত বাওঁফালেঃ ‘চাৰিটা সন্তানৰ পিছত আপোনাক আৰু সহায় লগা নহয়,’ সুনীতাই কয় । ওপৰত সোঁফালেঃ দূৰত্ব আৰু খৰছৰ কথা ভাবি ভয় খোৱা সাতমহীয়া গৰ্ভৱতী কিৰণ দেৱীয়ে হস্পিতাললৈ যোৱা নাই । তলৰ শাৰীতঃ গাঁৱৰ পৰিত্যক্ত উপকেন্দ্ৰটো গৰু -ছাগলীৰ জিৰণি চ’ৰা হৈ পৰিছে
প্ৰসৱৰ ৩-৪ সপ্তাহ আগত আৰু পাছত বাদে আন দিনবোৰত সুনীতাই ঘৰৰ কাম-বন শেষ কৰি পথাৰলৈ যায়। “তেনেই অকণমান কাম থাকে, বীজ সিঁচা আদি,” মুখৰ ভিতৰতে সুনীতাই কথাখিনি কওঁ-নকওঁকৈ কয়।
সুনীতাৰ ঘৰৰ পৰা কেইঘৰমান এৰি কিৰণ দেৱী (২২)ৰ ঘৰ। তেওঁৰ প্ৰথম সন্তানটোৰ পিছত এতিয়া গৰ্ভধাৰণৰ সাতমাহ চলি আছে। গাড়ী ভাড়া কৰা টকা আৰু খোজকাঢ়ি যাবলগীয়া কথাটো ভাবিয়ে তেওঁ এবাৰো হস্পিতাললৈ যোৱা নাই। কিৰণৰ শাহুৱেক কেইমাহমান আগতে (২০২০ত) ঢুকাইছে। “কঁপি কঁপি তেওঁ ইয়াতে ঢুকাইছিল। আমি হস্পিতাললৈ যামনো কেনেকৈ?” কিৰণে প্ৰশ্ন কৰে।
বৰাগাওঁ খূৰ্দ বা বৰাগাওঁ কালানত যদি কাৰোবাৰ যদি গা বেয়া হয়, তেন্তে যাবলৈ বুলি ঠাই তেনেই সীমাবদ্ধ। হয় আপুনি উমৈহতীয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোলৈ যাব লাগিব, য’ত সীমাৰ বেৰ নাই, নাইবা মাতৃ আৰু শিশু হস্পিতালৰ সেই শাখাটোলৈ যাব লাগিব (মূল হস্পিতালখন কাইমুৰ জিলা হস্পিতালৰ এটা অংশ) য’ৰ একমাত্ৰ ডাক্তৰজনেই উপস্থিত নাথাকিব পাৰে, নাইবা তাৰ পৰা ৪৫ কিলোমিটাৰ দূৰৰ কাইমুৰ জিলা সদৰত থকা হস্পিতালখনত যাব লাগিব।
কিৰণৰ গাঁৱৰ মানুহে প্ৰায়ে এইচোৱা বাট খোজকাঢ়িয়ে যায়। যাতায়তৰ নামত কেইখনমান অনিয়মীয়া বাছ আৰু দুই-এখন ব্যক্তিগত বাহন চলে। আকৌ ম’বাইল ফোনত নেটৱৰ্ক বিচাৰি পোৱাটো তেনেই দুৰূহ হৈ পৰে। সপ্তাহৰ পিছত সপ্তাহ কাৰো সৈতে ফোনত যোগাযোগ নোহোৱাকৈয়ে মানুহবোৰ চলে।
ফুলবাসীয়য়ে গিৰীয়েকৰ ফোনটো উলিয়ালে। কামত সিটোৱে অলপ সহায় কৰেনে বুলি সোধোতে তেওঁ ফোনটোক “সযতনে ৰখা কিন্তু কামত নহা পুতলা” বুলিহে ক’লে।
ডাক্তৰ বা নাৰ্ছ নহয়, যাতায়ত আৰু যোগাযোগাৰ ভাল সুবিধাইহে এই অচল অৱস্থাক গতি দিব পাৰে, তেওঁ কয়।
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত -কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected] ।
অনুবাদ: পংকজ দাস