“এইজনী ছোৱালী,” ডাক্তৰে ক’লে।

আশাৰ এয়া চতুৰ্থটো শিশু, কিন্তু শেষৰটো হয়নে নহয় তেওঁ নিশ্চিত নহয়। স্ত্ৰীৰোগ বিশেষজ্ঞগৰাকীয়ে তেওঁৰ মাক কান্টাবেনক সান্তনা দি কোৱা কথাকেইটা তেওঁৰ কাণত পৰিছিলঃ “মা, আপুনি নাকান্দিব। লাগিলে আৰু আঠটা ছিজাৰিয়ান কৰিম। তাই ল’ৰা জন্ম দিয়ালৈকে মই ইয়াত আছো। সেই দায়িত্ব মই লৈছো।”

ইয়াৰ আগেয়ে আশাই জন্ম দিয়া তিনিওটা সন্তানেই কন্যা আছিল, প্ৰতিবাৰেই চিজাৰিয়ান কৰা হৈছিল। এতিয়া আহমেদাবাদ চহৰৰ মণিনগৰত থকা এখন ব্যক্তিগত নিদানশালাত লিংগ নিৰ্ণয় কৰাৰ একপ্ৰকাৰ নিৰ্দেশ দিয়া ধৰণৰ কথা ডাক্তৰে কৈ থকা তেওঁ শুনিবলৈ পাইছে (এনে পৰীক্ষা অবৈধ, কিন্তু প্ৰায় সৰ্বত্ৰে উপলব্ধ)। এয়া তেওঁ চতুৰ্থবাৰ গৰ্ভধাৰণ কৰিছিল। কান্টাবেনৰ সৈতে তেওঁ ৪০ কিলোমিটাৰ দূৰৰ খানপাৰ গাঁৱৰ পৰা আহিছিল। মাক-জীয়েক দুয়োকে প্ৰবোধ দিব পৰা অৱস্থা নাছিল। তেওঁলোকে জানিছিল যে আশাৰ শহুৰেকে গৰ্ভপাতৰ বাবে তাইক অনুমতি নিদিব। “এয়া আমাৰ বিশ্বাসৰ পৰিপন্থী,” কান্টাবেনে কয়।

আন কথাতঃ এয়া আশাৰ শেষবাৰৰ গৰ্ভধাৰণ নহয়।

আশা আৰু কান্টাবেন দুয়োজনেই ভাৰৱাড়় পশুপালক সম্প্ৰদায়ৰ, তেওঁলোকে সাধাৰণতে ভেড়া আৰু ছাগলী পোহে। অৱশ্যে আহমেদাবাদ জিলাৰ ধোলকা তালুক, য’ত তেওঁলোকৰ গাওঁ খানপাৰ অৱস্থিত, তাতে ২৭১ ঘৰ পৰিয়াল আৰু ১৫০০ মান জনসংখ্যাৰ (২০১১ৰ লোকপিয়ল মতে) প্ৰায়ভাগেই কম সংখ্য়ক গৰু-ম’হ পালন কৰে। পশুপালক সম্প্ৰদায়ৰ পাৰম্পৰিক সামাজিক পদানুক্ৰম অনুসৰি এই সম্প্ৰদায়টো একেবাৰে নিম্নখাপত পৰে আৰু গুজৰাটত ই অনুসূচিত জাতি হিচাপে অন্তৰ্ভূক্ত।

*****

কান্টাবেনে তেওঁৰ শাড়ীৰ আঁচলখন মুৰৰ ওপৰত লৈ খানপাৰৰ আমি অপেক্ষা কৰি থকা সৰু কোঠাটোলৈ সোমাই আহিল। চুবুৰীৰ আৰু কাষৰ গাঁৱৰ কেইগৰাকীমান তিৰোতাই তেওঁলোকৰ প্ৰজনন স্বাস্থ্য সংক্ৰান্ত সমস্যা আলোচনাৰ বাবে তাতে গোট খাইছে, যিটো বিষয় কাহানিও তেওঁলোকৰ বাবে আলোচনাৰ বাবে সহজ নহয়।

'You don’t cry. I will do eight more caesareans if needed. But I am here till she delivers a boy'

‘আপুনি নাকান্দিব লাগিলে আৰু আঠটা ছিজাৰিয়ান কৰিম তাই ’ৰা জন্ম দিয়ালৈকে মই ইয়াত আছো”

“এইখন গাঁৱত সৰু-ডাঙৰ ৮০ৰ পৰা ৯০ টা ভাৰৱাড় পৰিয়াল আছে,” কান্টাবেনে কয়। “হৰিজন (দলিত), ভাগ্ৰিছ, আনকি থাকৰ আৰু কেইঘৰমান কুম্ভাৰ (কুমাৰ)ৰ পৰিয়াল ইয়াত আছে। কিন্তু প্ৰায়ভাগ পৰিয়ালেই ভাৰৱাড় সম্প্ৰদায়ৰ।” কলি থাকৰ গুজৰাটৰ এটা ডাঙৰ জাতি, আন ৰাজ্য়ৰ ঠাকুৰৰ সৈতে একে নহয়।

“আমাৰ ছোৱালীবোৰ কম বয়সতে বিয়া হয়। কিন্তু ১৬ৰ পৰা ১৮ বছৰ বয়সলৈ, শহুৰ-শাহুৰ ঘৰলৈ যাবলৈ সাজু নোহোৱা পৰ্যন্ত পিতৃগৃহতে থাকে,” ৫০ বছৰ বয়সীয়া কান্টাবেনে কয়। তেওঁৰ জীয়ৰী আশাৰো কম বয়সতে বিয়া হৈছিল। ২৪ বছৰ বয়স হয় মানে তাইৰ তিনিটা ল’ৰা-ছোৱালী হৈছিল আৰু এতিয়া চতুৰ্থটো সন্তানৰ বাবে অপেক্ষাৰত। বাল্যবিবাহ এক নিয়ম হৈ পৰিছে আৰু সম্প্ৰদায়টোৰ প্ৰায়ভাগ মহিলাই তেওঁলোকৰ বয়স, বিয়াৰ চন-তাৰিখ বা প্ৰথমটো সন্তান হওঁতে বয়স কিমান আছিল সেয়া সঠিককৈ নাজানে।

“মই কেতিয়া বিয়াত বহিছিলো মোৰ মনত নাই, কিন্তু বিয়াৰ এবছৰ পিছতে মই গৰ্ভৱতী হৈছিলো,” কান্টাবেনে কয়। আধাৰ কাৰ্ডত থকা তাইৰ জন্মৰ চনটোও তাইৰ স্মৃতিৰ সমানেই নিৰ্ভৰযোগ্য।

“মোৰ নজনী ছোৱালী আৰু এই দহ নম্বৰজন ল’ৰা,” তাতে সেইদিনা গোট খোৱা মহিলাবোৰৰ মাজৰে হীৰাবেন ভাৰৱাড়ে কয়। “মোৰ ল’ৰাটো ৮ম মানত পঢ়ি আছে। মোৰ ছোৱালীকেইজনীৰ ছজনীৰ বিয়া হৈছে, দুজনীৰ এতিয়াও বিয়া হোৱা নাই। আমি যোৰা পাতি সিহঁতক বিয়া দিছো।” একাধিক আৰু লেথাৰি নিচিগাকৈ গৰ্ভধাৰণ কৰাটো এই তালুকৰ খানপাৰ আৰু আন গাওঁবোৰৰ এই সম্প্ৰদায়টোৰ বাবে স্বাভাৱিক কথা। “আমাৰ গাঁৱত এগৰাকী মহিলাই তেৰবাৰ গৰ্ভপাতৰ পিছত পুত্ৰসন্তান পাইছিল,” হীৰাবেনে কয়। “এয়া বলিয়ালি। ল’ৰাসন্তান নোপোৱালৈকৈ যিমানবাৰেই হওঁক লাগিলে, মানুহে ইয়াতে গৰ্ভধাৰণ কৰোৱায়। সিহঁতে একো নুবুজে। সিহঁতক মাত্ৰ ল’ৰা লাগে। মোৰ শাহুৰ আঠটা সন্তান (পুত্ৰসন্তানৰ আশাতে)। মোৰ খুড়ীৰ ১৬ টা। আপুনি এয়া বলিয়ালি নকৈ কি বুলি ক’ব?”

“শহুৰ-শাহুৱে পুত্ৰসন্তান বিচাৰে,” ৪০ বছৰ বয়সীয়া ৰমিলা ভাৰৱাড়ে কয়। “আপুনি তেনে নকৰিলে আপোনাৰ শাহু-ননদকে ধৰি চুবুৰীয়াই আপোনাক ঠাট্টা-মস্কৰা কৰিব। বৰ্তমান পৰিস্থিতিত ল’ৰা-ছোৱালী ডাঙৰ কৰাটো উজু নহয়। মোৰ ডাঙৰ ল’ৰাটোৱে ১০ম মানত দুবাৰ অনুত্তীৰ্ণ হৈছে আৰু এতিয়া তৃতীয়বাৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব। সন্তান ডাঙৰ কৰাত কিমান কষ্ট সেয়া আমি মহিলাসকলেহে বুজি পাওঁ। কিন্তু আমি কি কৰিব পাৰো?”

পুত্ৰসন্তানক দিয়া অত্যাধিক অগ্ৰাধিকাৰেই পৰিয়ালৰ সিদ্ধান্ত, তাতে মহিলাৰ প্ৰজনন বিষয়ক পচন্দ-অপচন্দই ঠাই নাপায়। “পুত্ৰ সন্তানৰ কাৰণে ইশ্বৰেই আমাক ৰৈ থাকিবলগীয়া কৰিলে আমি কি কৰিব পাৰো?” ৰমিলাই সোধে। “মোৰো পুত্ৰসন্তানৰ আগতে তিনিজনী কন্যাসন্তান আছে। আগতে আমি সকলোৱে পুত্ৰসন্তানৰ বাবে অপেক্ষা কৰিছিলো, এতিয়া কথাবোৰ অলপ সলনি হৈছে।”

“কি পাৰ্থক্য আছে? মোৰ চাৰিজনী ছোৱালী নাই জানো?” ১,৫২২ জনসংখ্যাৰ চুবুৰীয়া লানা গাঁৱৰ ৰেখাবেনে কয়। আমি কথা পাতি থকা মহিলাৰ গোটটোত আহমেদাবাদ চহৰৰ ৫০ কিলোমিটাৰমান ব্যাসাৰ্ধৰ ভিতৰত পৰা খানপাৰ, লানা আৰু আম্বালিয়াৰা গাঁৱৰ ভিন ভিন চুবুৰীৰ পৰা মহিলাসকল আহিছে। এতিয়া তেওঁলোকে এই প্ৰতিবেদকৰ লগতে নিজৰ মাজতে কথা পাতিবলৈ ধৰিছে। ৰমিলাই পৰিস্থিতি সলনি হ’ব পাৰে বুলি কোৱা কথাৰ ওপৰত ৰেখাবেনে প্ৰশ্ন তুলিলেঃ “ময়ো এটা পুত্ৰসন্তানৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে, নহয়নে বাৰু?” তেওঁ প্ৰশ্ন কৰে। “আমি ভাৰৱাড় সম্প্ৰদায়ৰ মহিলা, আমি পুত্ৰসন্তান জন্ম দিবই লাগিব। কেৱল কন্যাসন্তান জন্ম দিলে তেওঁলোকে আমাক বাঁজী বুলি ক’ব।”

'The in-laws want a boy. And if you don’t go for it, everyone from your mother-in-law to your sister-in-law to your neighbours will taunt you'

‘“শহুৰ-শাহুৱে পুত্ৰসন্তান বিচাৰে, আপুনি তেনে নকৰিলে আপোনাৰ শাহু-ননদকে ধৰি চুবুৰীয়াই আপোনাক ইতিকিং কৰিব

ৰমিলাবেনে সম্প্ৰদায়টোৰ দাবীৰ এই পৰম্পৰাক সাহসেৰে সমালোচনাৰ কৰাৰ বিপৰীতে প্ৰায়ভাগ মহিলাই সামাজিক হেঁচা আৰু সাংস্কৃতিক পৰম্পৰাৰ মেৰপেচত পৰি নিজেই ‘পুত্ৰসন্তানক অগ্ৰাধিকাৰ’ দি আহিছে। আহমেদাবাদ জিলাৰ গ্ৰামাঞ্চলৰ প্ৰায় ৮৪ শতাংশ মহিলাই কয় য়ে তেওঁলোকে পুত্ৰসন্তান বিচাৰে, এয়া ইণ্টাৰনেচনেল জাৰ্নেল অৱ হেলথ্ চায়েন্স এণ্ড ৰিচাৰ্ছত ২০১৫ৰ এক অধ্যয়নত প্ৰকাশিত তথ্য। গৱেষণাপত্ৰখনত উল্লেখ কৰা মতে মহিলাৰ মাজত এই প্ৰৱণতাৰ কাৰণ হৈছে এনেধৰণৰ যে পুৰুষৰ “উপাৰ্জন ক্ষমতা বেছি, বিশেষকৈ কৃষি অৰ্থনীতিত, তেওঁলোকে পৰিয়ালটো আগবঢ়াই নিয়ে, তেওঁলোকেই সাধাৰণতে উত্তৰাধিকাৰ লাভ কৰে।”

আকৌ গৱেষণাপত্ৰখনৰ মতে ছোৱালীবোৰক আৰ্থিক বোজা বুলি বিবেচনা কৰা হয় যাৰ কাৰণঃ “যৌতুক প্ৰথা; বিয়াৰ পিছত সাধাৰণতে ছোৱালী গিৰীয়েকৰ পৰিয়ালৰ মানুহ হৈ পৰে আৰু (তেনেদৰে) পিতৃ-মাতৃৰ ৰোগ আৰু বৃদ্ধাৱস্থাৰ দায়িত্ব এৰে।”

*****

কাষৰে ৩,৫৬৭ জনসংখ্যাৰ আম্বালিয়াৰা গাঁৱৰ ৩০ বছৰীয়া জীলুবেন ভাৰৱাড়ে ডিম্বনলীচ্ছেদ কৰাইছিল। তেওঁ ধোলকা তালুকৰ কথ (কোথা বুলিও কয়) গাঁৱৰ ওচৰৰ এখন চৰকাৰী হস্পিতালত কেইবছৰমান আগতে কৰোৱা বুলি তেওঁ মনত পেলায়। কিন্তু তেওঁৰ চাৰিটা সন্তানৰ পিছতহে বন্ধ্যাকৰণ কৰোৱা হয়। “দুটা পুত্ৰসন্তান নোপোৱালৈকে মই ৰ’বলগীয়া হ’ল,” তেওঁ কয়। “মোৰ ৭ কি ৮ বছৰ বয়সতে বিয়া হৈছিল। মই ডাঙৰ হোৱাৰ পিছত শহুৰৰ ঘৰলৈ পঠিওৱা হৈছিল। তেতিয়া চাগে মোৰ ১৯ মান বয়স হৈছিল। বিয়াৰ সাজ সলাব নৌপাওতেই মোৰ গা ভাৰী হ’ল। তাৰপিছত সেয়া প্ৰায় এবছৰৰ মুৰে মুৰে হৈছিল।”

গৰ্ভনিৰোধক বড়ি খোৱা বা জৰায়ুস্থাপিত আহিলা (কপাৰ-টি) লগোৱাক লৈ তেওঁ নিশ্চিত নাছিল। “তেতিয়া মই খুব কম জানিছিলো। ভালকৈ জনা হ’লে হয়তো মোৰ এগালমান সন্তান জন্ম নহ’লহেঁতেন,” মনৰ কথা তেওঁ প্ৰকাশ কৰি কয়। “কিন্তু আমাৰ ভাৰৱাড়সকলৰ মাজত মাতাজীয়ে (মেলাদি মা, জনগোষ্ঠীয় দেৱী) যি দিয়ে সেয়াই আমি শিৰপাতি ল’ব লাগিব। মই আন এটা সন্তানৰ বাবে আগ নাবাঢ়িলে মানুহে কোৱাকুই কৰিলেহেঁতেন। সিহঁতে ভাবিলেহেঁতেন যে মই আন মতাৰ বাবে আগ্ৰহী। তেনেকুৱা কথাৰ মুখামুখি মই কেনেকৈ হ’লোহেঁতেন?”

জীলুবেনৰ প্ৰথমটো সন্তান ল’ৰা আছিল, কিন্তু পৰিয়ালে আৰু এটাৰ বাবে দাবী কৰিলে, কিন্তু তাই একেলেথাৰিয়ে দুবাৰকৈ কন্যাসন্তান প্ৰসৱ কৰিলে। তাৰে এজনীয়ে কথা ক’বও নোৱাৰে, শুনাও নাপায়। “ভাৰৱাড়়সকলৰ পৰিয়ালত দুটা ল’ৰা লাগে। আমি কিছুমান মহিলাই এহাল ল’ৰা-ছোৱালীতে সন্তুষ্ট হয় যদিও আমি মাতাজীৰ আশীৰ্বাদৰ কাৰণে এতিয়াও আশা কৰোঁ,” তেওঁ কয়।

Multiple pregnancies are common in the community in Khanpar village: 'There was a woman here who had one son after 13 miscarriages. It's madness'.
PHOTO • Pratishtha Pandya

একাধিক গৰ্ভধাৰণ খানপাৰ গাঁৱত স্বাভাৱিক কথা ‘ইয়াৰ এগৰাকী মহিলাই তেৰবাৰ গৰ্ভপাতৰ পিছত পুত্ৰসন্তান পাইছিল, এয়া বলিয়ালি’

সেয়া আছিল তাইৰ দ্বিতীয়টো পুত্ৰসন্তান জন্মৰ পিছত, আন মহিলাসকলৰ পৰামৰ্শ অনুযায়ী আৰু সাম্ভাব্য বিকল্পৰ কথা জানি লৈ জীলুবেনে অৱশেষত শাহুৱেকৰ সৈতে কথলৈ গৈ বন্ধ্যাকৰণ কৰালে। “আনকি মোৰ গিৰীয়েও সেয়া কৰাবলৈ কৈছিল,” তেওঁ কয়। “কিমান আৰ্জিব পাৰে আৰু কিমানখিনি ঘৰ আহি পায় সেয়া তেওঁ জানিছিল। আমাৰ জীৱিকাৰো কোনো ভাল উপায় নাই। আমি চোৱাচিতা কৰিবলৈ সম্বল হিচাপে এই জন্তুকেইটাই আছে।”

ধোলকা তালুকৰ এই সম্প্ৰদায়টো সৌৰাষ্ট্ৰ বা কচ্চৰ ভাৰৱাড় পশুপালকৰ সৈতে সম্পূৰ্ণ বেলেগ। সেই সম্প্ৰদায়ৰ লোকৰ ভেড়া আৰু ছাগলীৰ ডাঙৰ ডাঙৰ জাক আছে, ধোলকাৰ ভাৰৱাড়সকলৰ কেইটামান গৰু বা ম’হহে আছে। “ইয়াতে পৰিয়ালে প্ৰতি দুই-চাৰিটা জন্তু আছে,” আম্বালিয়াৰাৰ জয়াবেন ভাৰৱাড়়ে কয়। “সেইকেইটাৰে ঘৰৰ চাহিদা মুঠেই পুৰণ নহয়। তাৰ পৰা আয় নাই। সিহঁতৰ আহাৰ আমি যোগাৰ কৰো। কেতিয়াবা মানুহে আমাক খেতিৰ সময়ত ধান দিয়ে, নহ’লে সেয়াও কিনিবলগীয়া হয়।”

“ইয়াৰে মতাবোৰে পৰিবহন, নিৰ্মাণ আৰু কৃষি আদি বিভিন্ন খণ্ডত অকৌশলী শ্ৰমিক হিচাপে কাম কৰে,” গুজৰাটত ভাৰৱাড়়সকলৰ অধিকাৰৰ হৈ কাম কৰা আহমেদাবাদৰ মালধাৰি সংগঠনৰ সচিব ভাৱনা ৰাবাৰিয়ে কয়। “কামৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে দিনে ২৫০ৰ পৰা ৩০০ টকা উপাৰ্জন কৰে।”

For Bhawrad women of Dholka, a tubectomy means opposing patriarchal social norms and overcoming their own fears

ধোলকাৰ ভাৰৱাড়় সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে গৰ্ভনলীচ্ছেদ কৰোৱা মানে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰোধিতা কৰা আৰু নিজৰ মনৰ শংকাক জয় কৰা

জয়াবেনে কয় যে মতাবোৰে “বাহিৰলৈ যায় আৰু দিনহাজিৰা কৰে। মোৰ মতাটোৱেও যায় আৰু চিমেণ্টৰ বস্তা দাঙে আৰু ২০০-২৫০ টকা পায়।” ওচৰতে চিমেণ্টৰ কাৰখানা থকাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা, য’ত তেওঁ ভালেদিন কাম পায়। আনবোৰৰ দৰে তেওঁৰ পৰিয়ালৰো বিপিএল (দৰিদ্ৰ সীমাৰেখাৰ তলৰ) ৰেচন কাৰ্ড নাই।

জয়াবেনে দুটাকৈ ল’ৰা আৰু এজনী কন্যাসন্তানৰ পিছতো জন্মনিয়ন্ত্ৰণ কৰিবলৈ মৌখিক জন্মনিৰোধ বা কপাৰ টি সংস্থাপিত কৰাবলৈ ভয় কৰে। স্থায়ী অস্ত্ৰোপচাৰ কৰাবলৈও তেওঁ নিবিচাৰে। “মোৰ আটাইকেইটা সন্তান ঘৰতেই জন্ম হৈছিল। তেওঁলোকে ব্যৱহাৰ কৰা সঁজুলিবোৰলৈ ভয় লাগে। অস্ত্ৰোপচাৰৰ পিছত থাকৰ এজনৰ পত্নীয়ে যি কষ্ট পাইছে, সেয়া দেখিছো।”

“সেয়ে মই মেলাদি মাক সুধিবলৈ সিদ্ধান্ত লৈছিলো। মাৰ অনুমতি অবিহনে মই অস্ত্ৰোপচাৰ কৰাব নোৱাৰো। ফল ধৰা গছ এডাল কাটি পেলাবলৈ মাতাজীয়ে কিয় অনুমতি দিব? কিন্তু বৰ্তমান বস্তুবোৰৰ দাম ইমান বাঢ়িছে। কেনেকৈ ইমানবোৰক খুৱাম? সেয়ে মই মাতাজীক ক’লো যে মই ইতিমধ্যে ভালেকেইটা সন্তান পালো কিন্তু অস্ত্ৰোপচাৰৰ বাবে ভয় খাই আছো। মই মাতাজীলৈ শৰাই আগবঢ়োৱাৰ পণ কৰিলো। মাতাজীয়ে দহোটা বছৰ মোৰ কুশলে ৰাখিছে। মই এটাও দৰৱ খাবলগীয়া হোৱা নাই।”

*****

তেওঁৰ গিৰীয়েকও যে শুক্ৰনলীচ্ছেদ কৰাব পাৰিলেহেঁতেন সেইকথা জয়াবেনৰ লগতে তাতে গোট খোৱা আন মহিলাসকলৰ বাবে আচৰিত হ’বলগীয়া কথা আছিল।

পুৰুষ বন্ধ্যাকৰণৰ প্ৰতি ৰাষ্ট্ৰীয় পৰ্যায়ত থকা অনিচ্ছাৰ কথাকে তেওঁলোকৰ প্ৰতিক্ৰিয়াই প্ৰতিফলিত কৰে। সমগ্ৰ ভাৰতত ২০১৭-১৮ত “সৰ্বমূঠ ১৪,৭৩,৪১৮ বন্ধ্যাকৰণৰ মাত্ৰ ৬.৮% পুৰুষ বন্ধ্যাকৰণৰ অস্ত্ৰোপচাৰ কৰোৱা হৈছিল আৰু ৯৩.১% আছিল মহিলা”, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ এক প্ৰতিবেদনৰ এই তথ্য।

বন্ধ্যাকৰণৰ সকলো উপায়ৰ ভিতৰত শুক্ৰনলীচ্ছেদৰ প্ৰচলন আৰু গ্ৰহণযোগ্যতা আজিৰ তাৰিখতকৈ ৫০ বছৰ আগেয়ে অধিক আছিল, কিন্তু ১৯৭০ৰ দশকৰ শেষৰ ভাগত হঠাতে, বিশেষকৈ ১৯৭৫-৭৭ৰ জৰুৰীকালীন কালচোৱাত চলা অপযশ থকা বলপূৰ্বক বন্ধ্যাকৰণৰ পিছৰেপৰা সেয়া নাটকীয় হাৰত অৱনমিত হয়। ১৯৭০ৰ ৭৪.২ শতাংশৰ পৰা ১৯৯২ত সেয়া ৪.২ শতাংশ হৈ পৰে, বিশ্ব স্বাস্থ্য সংস্থাৰ বুলেটিনৰ এখন গৱেষণাপত্ৰত এই তথ্যৰ উল্লেখ আছে।

পৰিয়াল পৰিকল্পনা সমাজত ঘাইকৈ মহিলাৰ দায়িত্ব হিচাপে চলি আহিছে।

গোটটোত গৰ্ভনলীচ্ছেদ কৰোৱা জীলুবেনেই একমাত্ৰ মহিলা, তেওঁ সেই কথা মনত পেলাই কয়, “মোৰ স্বামীক একো ব্যৱহাৰ কৰিবলৈ কোৱাৰ প্ৰশ্নই নুঠে। তেওঁ নিজেও যে অস্ত্ৰোপচাৰ কৰাব পাৰিব সেই কথাও মই নাজানিছিলো। অৱশ্যে ঘৰতো আমি এইবিষয়ে কেতিয়াও কথা পতা নাছিলো।” যাহওঁক, কেতিয়াবা তেওঁৰ স্বামীয়ে নিজেই ধোলকাৰ পৰা গৰ্ভনিৰোধক বড়ি “তিনিটাত ৫০০ টকা” দি অনাৰ কথা জীলুবেনে কয়। এয়া তেওঁ গৰ্ভনলীচ্ছেদ কৰোৱাৰ আগৰ বছৰটোৰ ঘটনা।

ৰাজ্যখনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ ২০১৫-১৬ৰ ফেক্ট শ্বীট অনুসৰি গ্ৰামীণ গুজৰাটত পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত সকলো পদ্ধতিৰ ভিতৰত পুৰুষ বন্ধ্যাকৰণৰ হাৰ মাত্ৰ ০.২ শতাংশ আছিল। মহিলা বন্ধ্যাকৰণ, জৰায়ুস্থাপিত আহিলা আৰু বড়ি আদিকে ধৰি আন সকলো উপায় কেৱল মহিলাই মুৰ পাতি লয়।

ধোলকাৰ ভাৰৱাড়় মহিলাৰ বাবে গৰ্ভনলীচ্ছেদ কৰোৱা মানে পৰিয়াল আৰু পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰোধিতা কৰা আৰু আনফালে নিজৰ মনৰ শংকাক জয় কৰা।

The Community Health Centre, Dholka: poor infrastructure and a shortage of skilled staff add to the problem
PHOTO • Pratishtha Pandya

ধোলকাৰ সামূহিক স্বাস্থ্যকেন্দ্ৰঃ দুৰ্বল আন্তঃগাঁথনি আৰু দক্ষ কৰ্মচাৰীৰ অভাৱে সমস্যা অধিক জটিল কৰি তুলিছে

“আশা (স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী) কৰ্মীয়ে আমাক চৰকাৰী হস্পিতাললৈ লৈ যায়,” কান্টাবেনৰ ২০ বছৰীয়া বোৱাৰী কনকবেন ভাৰৱাড়ে কয়। “কিন্তু আমি সকলোৱে ভয় খাইছো।” তেওঁ শুনিছে যে “এটা অস্ত্ৰোপচাৰত মহিলা এগৰাকী থিতাতে মৃত্যু হৈছিল। ডাক্তৰে ভুলতে আন নলী এডাল কাটি পেলোৱাত অস্ত্ৰোপচাৰ কৰা টেবুলতে মহিলাগৰাকী ঢুকাইছিল। সেই ঘটনাৰ এবছৰো পাৰ হোৱা নাই।”

কিন্তু ধোলকাত গৰ্ভধাৰণো তেনেই বিপজ্জনক। চৰকাৰচালিত সামূহিক আৰোগ্য কেন্দ্ৰৰ এজন উপদেষ্টা ডাক্তৰে কয় যে একাধিক গৰ্ভধাৰণৰ মাজত যথোচিত ব্যৱধান নথকাৰ কাৰণ হৈছে নিৰক্ষৰতা আৰু দৰিদ্ৰতা। তাতে আকৌ “কোনেও নিয়মিত স্বাস্থ্যপৰীক্ষাৰ বাবে নাহে,” তেওঁ কয়। আৰোগ্য কেন্দ্ৰটোলৈ অহা প্ৰায়ভাগ মহিলাই অপুষ্টি আৰু ৰক্তহীনতাত ভোগা অৱস্থাত দেখা যায়। “ইয়ালৈ অহা ৯০% মহিলাৰে হিম’গ্লবিন ৮ শতাংশৰ তলতে থকা পোৱা গৈছে,” তেওঁ মোটামুটি এটা হিচাপ উলিয়ায়।

সামূহিক স্বাস্থ্যকেন্দ্ৰবোৰত দূৰ্বল আন্তঃগাঁথনি আৰু দক্ষ কৰ্মচাৰীৰ অভাৱে সমস্যাটো অধিক জটিল কৰি তুলিছে। ছন’গ্ৰাফি কৰা মেচিন নাই আৰু দীঘলীয়াকৈ কাম কৰিবলৈ পূৰ্ণকালীন স্ত্ৰীৰোগ বিশেষজ্ঞ নাইবা প্ৰয়োজনত মাতিবলৈ স্বীকৃত এনাষ্ঠেটিষ্টো (সংজ্ঞাহাৰক প্ৰয়োগ কৰোঁতা) নাই। এজন এনাষ্ঠেটিষ্টে ধোলকাৰ ছটাকৈ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, এটা সামূহিক স্বাস্থ্যকেন্দ্ৰ, আৰু ভালেকেইখন ব্যক্তিগত হস্পিতাল নাইবা নিদানশালাত কাম কৰে আৰু ৰোগীয়ে তেওঁক সুকীয়াকৈ টকা দিব লাগে।

খানপাৰ গাঁৱৰ সেই কোঠাটোৰ আলোচনালৈ আহো। নিজৰ দেহৰ ওপৰতে নিয়ন্ত্ৰণৰ অধিকাৰ নথকা কথাক লৈ এগৰাকী মহিলাই ক্ষোভ উজাৰি কথোপকথনত যোগ দিলে। এবছৰীয়া কেঁচুৱা এটা কোলাত লৈ থকা কম বয়সীয়া মহিলাগৰাকীয়ে ৰুক্ষ মাতেৰে সোধেঃ “কোনে সিদ্ধান্ত ল’ব মানে? মই সিদ্ধান্ত ল’ম। এইটো মোৰ দেহ, আনক কিয় সিদ্ধান্ত ল’বলৈ দিম? মোক আৰু এটা সন্তান নালাগে বুলি মই জানো। আৰু মই বড়ি খাব নিবিচাৰো। যদি মই গৰ্ভধাৰণ কৰো, তেতিয়া চৰকাৰে আমালৈ দৰৱ দিয়া নাই জানো? মই দৰৱ ল’ম (জন্মনিৰোধক বেজী)। কেৱল মই সিদ্ধান্ত ল’ম।”

সেয়া এক বিৰল মাত। তথাপি ৰমিলাই আলোচনাৰ আৰম্ভণিতে কোৱাৰ দৰেঃ “কথাবোৰ হয়তো অলপ সলনি হৈছে।” এৰা, হ’বও পাৰে, তেনেই সামান্য।

এই প্ৰতিবেদনৰ সকলো মহিলাৰ নাম তেওঁলোকৰ গোপনীয়তা ৰক্ষাৰ উদ্দেশ্যে সলনি কৰা হৈছে

সংবেদনা ট্ৰাষ্টৰ জানকী বসন্তই আগবঢ়োৱা সহায়ৰ বাবে বিশেষ ধন্যবাদ যাঁচিছো

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত -কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদ: পংকজ দাস

Pratishtha Pandya

Pratishtha Pandya is a poet and a translator who works across Gujarati and English. She also writes and translates for PARI.

Other stories by Pratishtha Pandya
Illustrations : Antara Raman

Antara Raman is an illustrator and website designer with an interest in social processes and mythological imagery. A graduate of the Srishti Institute of Art, Design and Technology, Bengaluru, she believes that the world of storytelling and illustration are symbiotic.

Other stories by Antara Raman
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das