তাইৰ বয়স মাত্ৰ ১৯ বছৰ, কিন্তু শিৱানী কুমাৰীয়ে ভাৱে যে তাইৰ সময় পাৰ হ’বলৈ ধৰিছে।

পৰিয়ালৰ মানুহে তাইক বিয়া দিয়াৰ পৰা ইতিমধ্যে চাৰিবছৰ কোনোমতে তাই ৰখাইছে। এয়া তাইৰ বাবে একপ্ৰকাৰৰ বিলাসিতাই বুলিব লাগিব, যিটো তাই বেছিদিনৰ বাবে উপভোগ কৰিবলৈ নাপাব। “আৰু কিমানদিনলৈ মই তেওঁলোকক ৰখাব পাৰিম, মই নাজানো,” তাই কয়। “এদিন এয়া অন্ত পৰিব।”

বিহাৰৰ সমষ্টিপুৰ জিলাৰ তাইৰ গাওঁ গংচাৰাত ছোৱালীবোৰক আনকি মেট্ৰিক পৰীক্ষা দিয়াৰ আগতেই বা ১৭-১৮ বছৰমান বয়স হওঁতেই বিয়া দিয়া হয়।

শিৱানীয়ে (এই প্ৰতিবেদনৰ সকলো নাম সলনি কৰা হৈছে) কোনোমতে বিয়াখন ৰখাই থৈ বাণিজ্যৰ স্নাতক পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষত ভৰি দিছে। কলেজলৈ যোৱাৰ তাইৰ আগৰেপৰাই মন আছিল, কিন্তু ইমান অকলশৰীয়া অনুভৱ হ’ব বুলি তাই ভৱা নাছিল। “গাঁৱৰ মোৰ আটাইবোৰ বান্ধৱীৰে বিয়া হৈ গ’ল। মোৰ লগত একেলগে ডাঙৰ হোৱা আৰু স্কুললৈ যোৱা কোনো ছোৱালী বাকী নাই,” এদিনাখন আবেলি চুবুৰীয়াৰ ঘৰত বহি কথা পাতোতে তাই মোক কয়। নিজৰ ঘৰত এইবোৰ কথা তাই মুকলিকৈ পাতিব নোৱাৰে। আনকি চুবুৰীয়াৰ ঘৰতো তাই পিছ চোতালত ছাগলী বন্ধা ঠাইত বহি কথা পাতিবলৈ জোৰ কৰিছিল। “ক’ৰনাৰ সময়ত মোৰ শেষৰজনী কলেজীয়া বান্ধৱীৰো বিয়া হৈ গ’ল,” তাই কয়।

তাইৰ সম্প্ৰদায়ত, ছোৱালীয়ে কাচিৎহে কলেজলৈ যোৱাৰ সুবিধা পায়। শিৱানী ৰবিদাস সম্প্ৰদায়ৰ (চমৰ জাতিৰ এটা উপজাতি )। বিহাৰ চৰকাৰে জনজাতীয় সম্প্ৰদায়ৰ অতিকৈ পিছপৰা ২১টা গোটক সামৰি ২০০৭ত মহাদলিত নামেৰে স্বীকৃতি দিয়া গোষ্ঠীটোৰ মাজৰ ইয়ো এটা।

বিয়া নোহোৱাৰ কালিমা আৰু পৰিয়াল, চুবুৰীয়াকে ধৰি পৰিচিতসকলৰ পৰা বিয়াৰ বাবে বাৰম্বাৰ দিয়া হেঁচাই তাইৰ নিসংগতাক অধিক জটিল কৰি পেলাইছে। “মোৰ দেউতাই কয় যে মই যথেষ্ট পঢ়়া-শুনা কৰিলো। কিন্তু মই এগৰাকী আৰক্ষী বিষয়া হ’ব বিচাৰো। তেওঁৰ মতে মই ইমান উচ্চাকাংক্ষী হ’ব নালাগে। তেওঁ কয় যে মই পঢ়়ি থাকিলে মোক কোনে বিয়া পাতিব?” তাই কয়। “আনকি আমাৰ জাতিৰ ল’ৰাবোৰেও কম বয়সতে বিয়া পাতে। কেতিয়াবা সন্দিহান হৈ সেও মনাটোৱে ভাল নেকি বুলি মনলৈ ভাৱ আহে, কিন্তু ইমানদূৰ আহিছো, গতিকে মই মোৰ সপোন পূৰাব বিচাৰো।”

Shivani Kumari (left, with her mother, Meena Devi), says: 'Sometimes I wonder if I should give up...'
PHOTO • Amruta Byatnal
Shivani Kumari (left, with her mother, Meena Devi), says: 'Sometimes I wonder if I should give up...'
PHOTO • Antara Raman

শিৱানী কুমাৰী ( বাওঁফালে , মাক মীনা দেৱীৰ সৈতে ) য়ে কয়ঃ কেতিয়াবা সন্দিহান হৈ সেও মনাটোৱে ভাল নেকি বুলি মনলৈ ভাৱ আহে

শিৱানীয়ে পঢ়়া সমষ্টিপুৰৰ কেএছআৰ কলেজখন তাইৰ গাঁৱৰ পৰা ৭ কিলোমিটাৰমান দূৰত্বত অৱস্থিত। তাই খোজকাঢ়়ি যায়, তাৰ পিছত বাছত উঠে আৰু শেষৰ অকণমান বাট অটোৰিক্সা এখনত ভাড়া শ্বেয়াৰ কৰি যায়। কেতিয়াবা তাইৰ কলেজৰে লগৰ ল’ৰাই তাইক মটৰ চাইকেলেৰে কলেজলৈ লৈ যোৱাৰ কথা কয় যদিও ল’ৰাৰ লগত লোকে দেখিলে তাৰ পৰিণাম কি হ’ব তালৈ ভয় কৰিয়েই তাই নাযাও পোনচাটে তেনে প্ৰস্তাৱ নাকচ কৰে। “উৰাবাতৰিক লৈ গাঁৱৰ মানুহবোৰ নিৰ্মম। মোৰ আটাইতকৈ ভাল বান্ধৱীজনীক স্কুলৰ ল’ৰা এজনৰ লগত দেখা পোৱাৰ পিছতেই বিয়া দিয়া হৈছিল। মই মোৰ শিক্ষা আৰু আৰক্ষী হোৱাৰ মোৰ সপোনৰ মাজত সেয়া বাধা হোৱাটো নিবিচাৰো,” তাই কয়।

শিৱানীৰ অভিভাৱকসকল কৃষি শ্ৰমিক। মাহে তেওঁলোক দুজনে মিলি প্ৰায় ১০,০০০ টকা উপাৰ্জন কৰে। তাইৰ মাক, ৪২ বছৰীয়া মীনা দেৱীয়ে তাইৰ পাঁচটা সন্তানক লৈ চিন্তিত- তাৰে দুটা ল’ৰা, ১৩ আৰু ১৭ বছৰীয়া আৰু তিনিজনী ছোৱালী; ১০, ১৫ আৰু ১৯ বছৰীয়া শিৱানী। ‘মোৰ ল’ৰা-ছোৱালীকেইটাক লৈ মই চিন্তিত। মোৰ ছোৱালীকেইজনীৰ কাৰণে মই যৌতুকো যোগাৰ কৰিব লাগিব,’ মীনা দেৱীয়ে কয়। তাৰোপৰি এটা ডাঙৰ ঘৰ বন্ধাৰো তেওঁ আশা কৰে। তেওঁলোকৰ এছবেষ্ট’চৰ চালিৰ ইটাৰ বেৰৰ ঘৰটোত এটামাত্ৰ শোৱনিকোঠা আছে আৰু পৰিয়ালটোৱে চুবুৰীৰ আন তিনিটা পৰিয়ালৰ সৈতে এটা শৌচাগাৰতে নিত্যকৰ্ম কৰে। “মোৰ ঘৰলৈ আহিবলগীয়া ছোৱালীকেইজনী (বোৱাৰী)য়ে যাতে আৰাম পায় আৰু ইয়াতো সুখী থাকে, সেয়াও মই নিশ্চিত কৰিব লাগিব,” তেওঁ কয়। এই সকলো চিন্তাৰ মাজত শিক্ষাৰ কথাটো ক’ৰবাতে পৰি ৰ’লহেঁতেন যদিহে শিৱানীয়ে কলেজলৈ যাবলৈ মন নাবান্ধিলেহেঁতেন।

কেতিয়াও স্কুললৈ নোযোৱা মীনা দেৱীয়ে পৰিয়ালৰ একমাত্ৰ সদস্য যিয়ে শিৱানীৰ পৰিকল্পনাবোৰ সফল হোৱাটো বিচাৰে। “তাই আন মহিলা আৰক্ষী দেখিছে আৰু তাৰে মাজৰ এজন হোৱাটো বিচাৰে। মই কেনেকৈ তাইক বাধা দিব পাৰো?” তেওঁ প্ৰশ্ন কৰে। “মাক হিচাপে মই গৌৰৱবোধ কৰিম (যদিহে তাই পুলিচত ভৰ্ত্তি হয়)। কিন্তু যেতিয়া সকলোৱে তাইক উপহাস কৰে, মোৰ বেয়া লাগে।”

গাওঁখনৰ কিছুমান ছোৱালী আৰু মহিলাৰ ক্ষেত্ৰত এয়া কেৱল উপহাসতে সীমাবদ্ধ নাথাকে।

১৭ বছৰীয়া নেহা কুমাৰীৰ পৰিয়ালত বিয়াত বাধা দিয়াৰ পৰিণতি শাৰীৰিক অত্যাচাৰৰ কাৰণ হৈ পৰে। “মোৰ দেউতাৰ খং উঠে আৰু নতুনকৈ বিয়াৰ প্ৰস্তাৱ আহিলে যেতিয়া মই না কওঁ, তেতিয়াই মাক মাৰ-ধৰ কৰে। মই জানো মই মাৰ পৰা ভালেখিনি বিচাৰিছো,” দেউতাকে আবেলি জিৰোৱা শোৱনি কোঠাটোৰ পৰা দূৰত ভাই-ভনীকেইটাৰ লগত থকা সৰু কোঠালীটোত বহি তাই কয়। কোঠাটোৰ এটা চুক নেহাৰ পঢ়াৰ কাৰণে আচুতীয়া, তাইৰ কিতাপ-পত্ৰবোৰ কাকো চুব দিয়া নহয়, তাই মিচিকিয়াই হাঁহি কয়।

নেহাৰ মাক নেইনা দেৱীয়ে কয় যে তাইৰ পঢ়়া-শুনাৰ নামত মাৰ-ধৰ সহ্য কৰাটো তেনেই সৰু কথা। আনকি নেহাৰ কলেজৰ পঢ়়াৰ খৰছ উলিয়াবলৈ তেওঁ নিজৰ সোণ-গহণা বিক্ৰী কৰিবলৈও সাজু আছে। “পঢ়া এৰুৱাই তাইক বিয়াত বহাবলৈ জোৰ-জবৰদস্তি কৰিলে তাই হেনো বিহ খাই মৰিব। সেয়া মই কেনেকৈ হ’বলৈ দিওঁ?” তেওঁ প্ৰশ্ন কৰে। নেইনাৰ (৩৯) পৰিয়ালটোত তেঁৱেই একমাত্ৰ উপাৰ্জনকাৰী, ২০১৭ৰ এটা দূৰ্ঘটনাত ভৰি এখন হেৰুওৱা তেওঁৰ স্বামীয়ে তেতিয়াৰে পৰা কৃষিশ্ৰমিক হিচাপে কাম কৰিবলৈ এৰিলে। কৃষিশ্ৰমিক হিচাপে নেইনাৰ মাহিলী আয় কোনোমতে ৫,০০০ টকা হয়, যিটোৰে পৰিয়াল নচলে, তেওঁ কয়। আত্মীয়-কুটুমৰ সহায় লৈ তেওঁ পৰিয়াল চলাই আছে।

In Neha Kumari and Naina Devi's family, resistance to marriage brings a beating
PHOTO • Amruta Byatnal

নেহা কুমাৰী আৰু নেইনা দেৱীৰ পৰিয়ালত বিয়াত বহিবলৈ মান্তি নোহোৱা মানেই শাৰীৰিক অত্যাচাৰক আমন্ত্ৰণ জনোৱা

নেহাৰ মাক নেইনা দেৱীয়ে কয় যে তাইৰ পঢ়়া-শুনাৰ নামত মাৰ-ধৰ সহ্য কৰাটো তেনেই সৰু কথা। আনকি নেহাৰ কলেজৰ পঢ়়াৰ খৰছ উলিয়াবলৈ তেওঁ নিজৰ সোণ-গহণা বিক্ৰী কৰিবলৈও সাজু আছে। “পঢ়া এৰুৱাই তাইক বিয়াত বহাবলৈ জোৰ-জবৰদস্তি কৰিলে তাই হেনো বিহ খাই মৰিব। সেয়া মই কেনেকৈ হ’বলৈ দিওঁ?”

নেহাই দ্বাদশ শ্ৰেণীত পঢ়ে আৰু পাটনাৰ কাৰ্য্যালয়ত কাম কৰিব বিচাৰে। “আমাৰ পৰিয়ালৰ কোনোৱেও কেতিয়াও কাৰ্য্যালয়ত কাম কৰি পোৱা নাই, মই এনে কৰা প্ৰথমগৰাকী হ’ব বিচাৰো,” তাই কয়। তাই বায়েকৰ বিয়া ১৭ বছৰ বয়সতে হৈছিল আৰু এতিয়া ২২ বছৰ বয়সত তাই তিনিটা সন্তানৰ মাতৃ। তাইৰ ভায়েক দুটা ১৯ আৰু ১৫ বছৰীয়া। “মই মোৰ ভনীক ভাল পাওঁ, কিন্তু তাইৰ দৰে জীৱন নিবিচাৰো,” নেহাই কয়।

চৰাইৰঞ্জন টেহচিলত ৬,৮৬৮ (২০১১ৰ লোকপিয়ল) জনবসতিৰ গংচাৰা গাওঁখনত থকা নেহাই পঢ়া চৰকাৰী স্কুলখনত দ্বাদশ শ্ৰেণীলৈ পঢ়িব পাৰি। কেৱল ছজনী ছোৱালী আৰু ১২ জন ল’ৰাই তাইৰ শ্ৰেণীত পঢ়ে। “৮ম মানৰ পিছত স্কুলখনত ছোৱালীৰ সংখ্যা কমি আহিবলৈ ধৰে,” নেহাৰ বিদ্যালয়ৰ অনিল কুমাৰে কয়। “কিছুমানক কামলৈ পঠিয়াই দিয়া বাবে পঢ়া এৰে, কিছুমানে বিয়া হৈ গুছি যায় বাবে পঢ়়াশালি এৰে।”

বিহাৰত ৪২.৫ শতাংশ ছোৱালীকে ১৮ বছৰ বয়স নৌহওঁতেই বিয়া দিয়া হয়। অৰ্থাৎ আইনে বান্ধি দিয়া বৈধ বয়সৰ আগতেই ( বাল্যবিবাহ প্ৰতিৰোধ আইন ২০০৬ ৰ নিৰ্দেশ অনুযায়ী)। এই হাৰ সমগ্ৰ ভাৰতৰ ২৬.৮ শতাংশ হাৰতকৈ বহু বেছি, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ( ৰা.প.স্বা.স.-৪, ২০১৫-১৬ )ত এই কথা উল্লেখ কৰা হৈছে। সমষ্টিপুৰত এই হাৰ তাতোকৈ বেয়া, ৫২.৩ শতাংশ

নেহা আৰু শিৱানীৰ দৰে ছোৱালীৰ শিক্ষা জীৱনত প্ৰভাৱ পেলোৱাৰ উপৰিও ইয়াৰ আন বহুতো কু-পৰিণাম আছে। “বিহাৰত গৰ্ভধাৰণ ক্ষমতা ২০০৫-০৬ত ৪ৰ পৰা ২০১৫-১৬ত ৩.৪ আৰু ৰা.প.স্বা.স. ২০১৯-২০ত ৩ লৈকে বিগত বছৰবোৰত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে যদিও আমি সকলোৱে জানো যে কম বয়সত বিয়া দিয়া ছোৱালীবোৰ ক্ষীণ হয় আৰু অপুষ্টিত ভোগে আৰু তেওঁলোকক স্বাস্থ্যসেৱাসমূহতো সামৰি লোৱা নহয়,” মহিলা আৰু কন্যাৰ শিক্ষা, কম বয়সত বিবাহ আৰু স্বাস্থ্যৰ যোগসূত্ৰ সংক্ৰান্তত অধ্যয়ন কৰা পূৰ্ণিমা মেননে কয়। পূৰ্ণিমা নতুন দিল্লীস্থিত খাদ্য নীতি গৱেষণাৰ আন্তৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ এগৰাকী জ্যেষ্ঠ গৱেষক ফেল’।

স্কুল আৰু বিয়াৰ মাজত, গৰ্ভধাৰণৰ মাজত, অৱস্থান্তৰৰ বাবে পৰ্যাপ্ত সময় দিয়াটো অতিকৈ জৰুৰী, মেননে কয়। “ছোৱালীৰ জীৱনৰ ঘাই পৰিৱৰ্তনৰ মাজত আমি ব্যৱধান ৰখা উচিত,” তেওঁ কয়। “আৰু ছোৱালীজনী বিয়া হোৱাৰ আগতেই আমি সেয়া আৰম্ভ কৰা উচিত।” মেননে বিশ্বাস কৰে যে নগদী হস্তান্তৰৰ আঁচনি আৰু পৰিয়াল পৰিকল্পনাৰ উদগনিমূলক ধনৰাশিয়ে আৱশ্যকীয় বিলম্বিতকৰণত সহায় কৰিব পাৰে আৰু ছোৱালীবোৰক তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব পাৰে।

“আমি বিশ্বাস কৰো যে ছোৱালীৰ বিয়া যদি পলমকৈ কৰোৱা হয়, তেতিয়া তেওঁলোকে ভালদৰে পঢ়া-শুনা কৰিব পাৰে আৰু সুস্থ জীৱন-যাপন কৰিব পাৰে,” চৰাইৰঞ্জন টেহচিলৰ সমষ্টিপুৰত কাম কৰি থকা এনজিঅ’ জৱাহৰ জ্যোতি বাল বিকাশ কেন্দ্ৰৰ কাৰ্যসূচী সমন্বয়ক কিৰণ কুমাৰীয়ে কয়। বাল্যবিবাহ বন্ধ কৰা আৰু ছোৱালীয়ে ইচ্ছা কৰিলে বিয়া পলমকৈ কৰোৱাৰ বাবে পৰিয়ালৰ লোকক সৈমান কৰোৱা আদি কামৰ লগত কুমাৰী জড়িত। “কম বয়সতে বিয়া দিয়া বন্ধ কৰোৱাতে আমাৰ কাম শেষ নহয়,” তেওঁ কয়। “পঢ়া-শুনা আগবঢ়়াই নি নিজৰ বাবে বাচি লোৱা জীৱন এটা জীয়াবলৈ ছোৱালীহঁতক উৎসাহ যোগোৱা আমাৰ লক্ষ্য।”

Every time, Gauri had succeeded in convincing her parents to wait. But in May 2020, she wasn’t so lucky
PHOTO • Amruta Byatnal
Every time, Gauri had succeeded in convincing her parents to wait. But in May 2020, she wasn’t so lucky
PHOTO • Antara Raman

প্ৰতিবাৰেই গৌৰিয়ে তাইৰ পৰিয়ালক সৈমান কৰাবলৈ সফল হয় , কিন্তু ২০২০ৰ মে তাইৰ দিন ভাল নাছিল

২০২০ৰ মাৰ্চত বিশ্ব মহামাৰীজনিত লকডাউনৰ আৰম্ভণিৰে পৰা পৰিয়ালৰ লোকক পতিয়ন নিওৱা টান হৈ পৰিল, কুমাৰীয়ে কয়। “অভিভাৱকে আমাক কয়ঃ ‘আমাৰ আয় টুটি আহিছে (ভৱিষ্যতে উপাৰ্জনৰ বাট থাকিব নে নাই নিশ্চিত নহয়), ছোৱালীজনীক বিয়া দি আমি আমাৰ দায়িত্ব সামৰিব বিচাৰো’। আমি তেওঁলোকক পতিয়ন নিয়াব চেষ্টা কৰোঁ আৰু কওঁ যে ছোৱালী বোজা নহয়, বৰঞ্চ আপোনাৰ সহায়কহে হ’ব।”

কম দিনৰ বাবে হ’লেও ১৬ বছৰীয়া গৌৰি কুমাৰীয়ে তাই বাবে কিছু সময় উলিয়াব পাৰিলে। ৯ৰ পৰা ২৪ বছৰ বয়সীয়া সাতজনী ভাই-ভনীৰ বয়সত আটাইতকৈ ডাঙৰ হিচাপে তাইক বিয়া দিয়াৰ বাবে ভূইঞ়া সম্প্ৰদায়ৰ তাই পৰিয়ালটোৱে চেষ্টা কৰি আছিল। প্ৰতিবাৰেই তাই তেওঁলোকক পতিয়ন নিয়াবলৈ সক্ষম হৈছিল। কিন্তু ২০২০ৰ মে’ মাহত তাইৰ দিন ইমান ভাল নাছিল।

সমষ্টিপুৰৰ দামোদৰ মাহুলি গাঁৱৰ গৌৰীয়ে গাঁৱৰ বাহিৰৰ বাছ আস্থান এটাৰ কাষৰ ভীৰ লগা বজাৰ এখনত এদিন পুৱা আমাৰ সৈতে কথা পাতোতে তাইৰ বিয়াৰ কাহিনী মনত পেলালেঃ “বেগুশৰাইৰ এজন অশিক্ষিত লোকৰ সৈতে মায়ে মোক প্ৰথমে বিয়া দিবলৈ বিচাৰিছিল, কিন্তু মই মোৰ দৰে শিক্ষিত এজনৰ লগতহে বিয়াত বহিবলৈ বিচাৰিছিলো,” তাই কয়। “কিন্তু মই আত্মহত্যা কৰিম বুলি ভাবুকি দিয়াত আৰু জৱাহৰ জ্যোতিৰ ছাৰ-বাইদেউসকলক মাতি অনাৰ পিছতহে মায়ে সেই চিন্তা এৰিলে।”

কিন্তু বিয়াত বহিবলৈ মান্তি নোহোৱা আৰু পুলিচ মতাৰ ভাবুকিৰে তাই বেছিদিন টিকিব নোৱাৰিলে। যোৱাবছৰ মে’ মাহত পৰিয়ালৰ লোকে কলেজত পঢ়ি থকা ল’ৰা এজন পালে আৰু মুষ্টিমেয় মানুহৰ উপস্থিতিত তাইক বিয়া দিয়া হ’ল। আনকি মুম্বাইৰ এখন পাইকাৰী বজাৰত দিনহাজিৰা কৰা তাইৰ দেউতাকেও লকডাউনৰ কাৰণে তাইৰ বিয়াত উপস্থিত থাকিব নোৱাৰিলে।

“এই অৱস্থাত উপনীত হৈ মই অনুশোচনাত ভোগো। ভাবিছিলো যে পঢ়ি-শুনি ভাল কিবা এটা হ’ম। কিন্তু এতিয়াও মই হাৰ মনা নাই। এদিন মই শিক্ষক হ’ম,” তাই কয়, “যাতে সৰু ছোৱালীবোৰে ডাঙৰ হৈ নিজৰ ভৱিষ্যত নিজে গঢ়িব পৰাকৈ পঢ়াব পাওঁ।”

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

Amruta Byatnal

Amruta Byatnal is an independent journalist based in New Delhi. Her work focuses on health, gender and citizenship.

Other stories by Amruta Byatnal
Illustration : Antara Raman

Antara Raman is an illustrator and website designer with an interest in social processes and mythological imagery. A graduate of the Srishti Institute of Art, Design and Technology, Bengaluru, she believes that the world of storytelling and illustration are symbiotic.

Other stories by Antara Raman
Editor and Series Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das