জম্মু-কাশ্মীৰৰ বান্দিপুৰ জিলাৰ ৱাজিৰিথাল গাঁৱত শ্বামিনা বেগমে (২২ বছৰ) তেওঁৰ দ্বিতীয় সন্তানৰ জন্মৰ বিষয়ে বৰ্ণনা কৰি কয়, "সেইদিনা সন্ধিয়া যেতিয়া মোৰ প্ৰসৱ বেদনা আৰম্ভ হৈছিল, মোৰ যথেষ্ট বিষ হৈছিল। যোৱা তিনিদিন ধৰি বৰফ পৰি আছিল। ৱাজিৰিথাল হৈছে এনে এখন গাওঁ য'ত দীঘলীয়া সময় ধৰি বেলিৰ পোহৰ দেখা নাযায়, আনহাতে ইয়াত মানুহে কেৱল বিদ্যুতৰ বাবে সৌৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে।

শ্বামিনাই লগতে কয়, "আমাৰ ঘৰটো অন্ধকাৰময় হৈ আছিল, মাত্ৰ এটা কেৰাচিনৰ চাকি জ্বলি আছিল। গতিকে সেইদিনা সন্ধিয়া মোৰ চুবুৰীয়াৰ মানুহবোৰে নিজৰ চাকি লৈ আমাৰ ঘৰলৈ আহিছিল। পাঁচটা চাকিৰ পোহৰে মোৰ কোঠাটো সামান্য পোহৰাই তুলিছিল আৰু তাৰ মাজতে মোৰ মায়ে ৰাশ্বিদাক জন্ম দিয়াত সহায় কৰিছিল।"

বাদুগাম গ্ৰাম পঞ্চায়তৰ অধীনত ৱাজিৰিথাল হৈছে আটাইতকৈ ধুনীয়া গাওঁসমূহৰ ভিতৰত অন্যতম। শ্বামিনাৰ ঘৰত উপস্থিত হ'বলৈ শ্ৰীনগৰৰ পৰা ১০ ঘণ্টা যাত্ৰা কৰিবলগীয়া হয়, য'ত আপোনাৰ বাহনখন ওখোৰা-মোখোৰা ৰাস্তা আৰু আধা ডজন চেক-পোষ্টৰ মাজেৰে মাজেৰে পাৰ হৈ গুৰেজ উপত্যকাৰে যোৱা ৰাজদান পাছৰ পৰা চাৰে চাৰি ঘণ্টাৰ আগবাঢ়ি যোৱাৰ পিছতো শেষত দহ মিনিট খোজ কাঢ়িব লাগিব। তেওঁৰ ঘৰত উপস্থিত হোৱাৰ এইটোৱেই একমাত্ৰ ৰাস্তা।

নিয়ন্ত্ৰণ ৰেখাৰ পৰা মাত্ৰ কেইমাইলমান দূৰৈত গুৰেজ উপত্যকাত অৱস্থিত গাওঁখনত মুঠ ২৪টা পৰিয়ালে বাস কৰে। তেওঁৰ ঘৰটো দেৱদাৰ কাঠেৰে নিৰ্মিত আৰু ঘৰটো গৰম ৰাখিবলৈ ভিতৰৰ দেৱালবোৰ বোকাৰে প্ৰলেৰ দিয়া হৈছে (তাপ নিৰোধক হিচাপে)। ইয়াত ঘৰৰ মূল দুৱাৰবোৰ য়াকৰ পুৰণি শিঙেৰে সজোৱা হৈছে। কিছুমান ঠাইত য়াকৰ প্ৰকৃত শিঙেৰে সজোৱা হৈছে, আনহাতে কিছুমান ঠাইত কাঠেৰে নিৰ্মিত সেউজীয়া ৰঙৰ নকল য়াকৰ শিং স্থাপন কৰা হৈছে। ঘৰৰ প্ৰায় আটাইকেইখন খিৰিকীৰ পৰা সীমান্তৰ সিপাৰৰ দৃশ্য দেখা যায়।

শ্বামিনাই তেওঁৰ ঘৰৰ সন্মুখত কাঠৰ স্তূপৰ ওপৰত বহি দুই সন্তান- দুবছৰীয়া ফাৰহাজ আৰু চাৰিমহীয়া ৰাশ্বিদাক (নাম সলনি কৰা হৈছে) লৈ সন্ধিয়াৰ শেষৰ ৰ'দ পুৱাইছে। তেওঁ কয়, "মোৰ মায়ে কয় যে মোৰ দৰে নতুন মাতৃসকলে প্ৰতিদিনে ৰাতিপুৱা আৰু সন্ধিয়া তেওঁলোকৰ নৱজাতকৰ সৈতে ৰ'দ পুৱাব লাগে।" উপত্যকাটো এতিয়াও বৰফৰ চাদৰেৰে আবৃত হোৱা নাই। কিন্তু তথাপিও আকাশ প্ৰায়ে ডাৱৰীয়া হয়, মাজে মাজে বৰষুণ হয় আৰু কেইবাদিনো ৰ'দ নোলায়; আৰু তেওঁলোকে বিদ্যুৎ অবিহনে জীৱন নিৰ্বাহ কৰিবলগীয়া হয়।

Shameena with her two children outside her house. Every single day without sunlight is scary because that means a night without solar-run lights. And nights like that remind her of the one when her second baby was born, says Shameena
PHOTO • Jigyasa Mishra

শ্বামিনাই তেওঁৰ দুই সন্তানৰ সৈতে ঘৰৰ বাহিৰত বহি আছে। প্ৰতিদিনে সূৰ্যৰ পোহৰ নোপোৱাটো তেওঁলোকৰ বাবে চিন্তাৰ বিষয়, কিয়নো ইয়াৰ অৰ্থ হৈছে যে তেওঁলোকে নিশাটো বিদ্যুৎ অবিহনে কটাব লাগিব। শ্বামিনাই কয় যে এনেবোৰ নিশাই তেওঁক দ্বিতীয় সন্তানৰ জন্মৰ সময়ৰ কথা মনত পেলাই দিয়ে

ৱাজিৰিথালৰ বাসিন্দা মহম্মদ আমিনে (২৯) কয়, "মাত্ৰ দুবছৰ পূৰ্বে ২০২০ চনত, আমি ব্লক কাৰ্যালয়ৰ জৰিয়তে সৌৰ পেনেল লাভ কৰিছিলো। তেতিয়ালৈকে আমাৰ ওচৰত কেৱল বেটাৰীচালিত লাইট আৰু লণ্ঠন আছিল। কিন্তু আনকি এই [সৌৰ পেনেলসমূহেও] আমাৰ সমস্যাবোৰ সমাধান কৰিব পৰা নাছিল।"

"বুদগামৰ আন গাওঁবোৰে জেনেৰেটৰৰ জৰিয়তে ৭ ঘণ্টা বিদ্যুৎ লাভ কৰে আৰু ইয়াত আমাৰ ওচৰত সৌৰ পেনেলৰ সৈতে চাৰ্জ কৰা ১২ ভল্টৰ বেটাৰী আছে । ইয়াৰ সহায়ত, আমি সকলোৱে আমাৰ ঘৰত সৰ্বাধিক দুদিনৰ বাবে দুটা বাল্ব জ্বলাব পাৰোঁ আৰু আমাৰ ফোনবোৰ চাৰ্জ কৰিব পাৰো। ইয়াৰ অৰ্থ হৈছে যে যদি একেৰাহে দুদিনতকৈ অধিক সময় বৰষুণ হয় বা বৰফ পৰে, বেলি নোলায় আৰু তেতিয়া আমি বিদ্যুৎ নাপাওঁ," আমিনে এইদৰে কয় ৷

ইয়াত শীত কাল ছমাহলৈ দীঘলীয়া হয় আৰু সেই সময়ত বৰফ পৰে ৷ তাত থকা লোকসকলে অক্টোবৰৰ পৰা এপ্ৰিলৰ ভিতৰত ১২৩ কিলোমিটাৰ দূৰত থকা গান্দেৰবাল লৈ বা তাৰ পৰা প্ৰায় ১০৮ কিলোমিটাৰ দূৰত থকা শ্ৰীনগৰ জিলালৈ প্ৰব্ৰজন কৰিব লগা হয়। শ্বামিনাৰ চুবুৰীয়া আফৰিনৰ কথা শুনি এনে লাগিছে যেন মই নিজৰ চকুৰে গাওঁখনৰ শীতকালৰ অৱস্থা দেখিবলৈ পাইছো। "অক্টোবৰ বা ইয়াৰ শেষত, আমি গাওঁ এৰি যাবলৈ আৰম্ভ কৰোঁ। তাই মোৰ মূৰলৈ আঙুলিয়াই কয়, "আপুনি থিয় হৈ থকা ঠাইখন ইয়াত [মূৰত] বৰফেৰে আবৃত হৈ থাকে।"

ইয়াৰ অৰ্থ হৈছে প্ৰতি ছমাহত নিজৰ ঘৰ এৰি নতুন ঠাইত বাস কৰা আৰু শীত কাল শেষ হ'লে পুনৰ নিজৰ ঘৰলৈ উভতি অহা। কিছুমানে তেওঁলোকৰ আত্মীয়সকলৰ সৈতে [গান্দেৰবাল আৰু শ্ৰীনগৰত] আৰু কিছুমানে ছমাহৰ বাবে ভাড়াঘৰত বাস কৰে। শ্বামিনাই গাঢ় ৰঙা-মুগা [মেৰুন] ফেৰান পিন্ধি আছিল। ই হৈছে কাশ্মীৰীসকলে শীতকালত পিন্ধা এক দীঘল ঊলৰ কাপোৰ। "ইয়াত দহ ফুট ওখ বৰফৰ দেৱালৰ বাহিৰে একো দেখা নাযায়। শীত কাল নহালৈকে আমি কাচিৎহে গাৱঁৰ বাহিৰলৈ যাওঁ।"

শ্বামিনাৰ স্বামী গোলাম মুছা খান (২৫) এজন দৈনিক হাজিৰা শ্ৰমিক। শীতকালত তেওঁলোকৰ প্ৰায়ে কাম নাথাকে। "যেতিয়া আমি ৱাজিৰিথালত থাকো, তেওঁ বুদগামৰ চৌপাশে আৰু মাজে মাজে বান্দিপোৰা চহৰত কাম কৰে। তেওঁ বেছিভাগ পথ নিৰ্মাণ প্ৰকল্পত কাম কৰে কিন্তু কেতিয়াবা তেওঁ নিৰ্মাণ ক্ষেত্ৰতো কাম কৰে। কামৰ দিনত তেওঁ দিনে প্ৰায় ৫০০ টকা উপাৰ্জন কৰে। কিন্তু বৰষুণৰ বতৰত তেওঁলোকে মাহটোত ঘৰতেই ৫ৰ পৰা ৬দিন কটাবলগীয়া হয়," তেওঁ কয় যে গোলাম মুছাই কাম অনুসৰি মাহে ১০,০০০ টকা উপাৰ্জন কৰে।"

"কিন্তু যেতিয়া আমি গান্দেৰবাললৈ যাওঁ, তেওঁ তাত এখন অটোৰিক্সা চলায়। তেওঁ সেইখন ভাড়ালৈ লয় আৰু শ্ৰীনগৰলৈ যায় য'ত পৰ্যটকসকল শীতকালত দূৰদূৰণিৰ পৰা আহে। তাতো তেওঁ মাহে প্ৰায় একে পৰিমাণে [১০,০০০ টকা] উপাৰ্জন কৰে, কিন্তু আমি তাত সঞ্চয় কৰিব নোৱাৰো। গান্দেৰবালত যান-বাহনৰ সুবিধা ৱাজিৰিথালতকৈ ভাল।

Houses in the village made of deodar wood
PHOTO • Jigyasa Mishra
Yak horns decorate the main entrance of houses in Wazirithal, like this one outside Amin’s house
PHOTO • Jigyasa Mishra

বাওঁফালে: গাওঁখনৰ ঘৰবোৰ দেওদাৰ কাঠেৰে নিৰ্মিত। সোঁফালে: আমিনৰ ঘৰৰ বাহিৰত থকাৰ দৰে ৱাজিৰিথালৰ ঘৰবোৰৰ মুখ্য দুৱাৰখন য়াকৰ শিঙেৰে সজোৱা হৈছে

শ্বামিনাই কয়, "আমাৰ ল'ৰা-ছোৱালীয়ে তাত [গান্দেৰবালত] থাকিব বিচাৰে। তাত তেওঁলোকে বিভিন্ন ধৰণৰ ব্যঞ্জন খাবলৈ পায়। তাত বিদ্যুতৰ কোনো সমস্যা নাই। কিন্তু আমি তাত ভাড়া পৰিশোধ কৰিবলগীয়া হয়। আমি ইয়াত [ৱাজিৰিথাল] যিমানে দীঘলীয়া সময় থাকো আমি সিমানে সঞ্চয় কৰিব পাৰোঁ ।" ৱাজিৰিথালত শ্বামিনাই অতি কমেও এখন পাকঘৰৰ বাগিচা (শাকৱতিকা) নিৰ্মাণ কৰিব পাৰে যাৰ দ্বাৰা তেওঁৰ পৰিয়ালৰ পাচলিৰ প্ৰয়োজনীয়তা পূৰণ হয়। তদুপৰি তেওঁলোকে তাত বাস কৰা ঘৰটো তেওঁলোকৰ নিজৰ। আৰু গান্দেৰবালত এটা ঘৰ ভাড়াত লোৱাৰ বাবে তেওঁলোকৰ মাহে ৩,০০০ ৰ পৰা ৩,৫০০ টকা খৰচ হয়।

শ্বামিনাই পাৰি-ক কয়, "এইটো সত্য যে তাত থকা ঘৰবোৰ ইয়াতকৈ ডাঙৰ নহয়, কিন্তু তাত থকা চিকিৎসালয়বোৰ ভাল আৰু ৰাস্তাবোৰো ভাল। তাত সকলো উপলব্ধ, কিন্তু তাৰ বাবে টকা খৰচ কৰিব লাগিব। সঁচা কথাটো হৈছে যে সেই ঘৰটো আমাৰ নিজৰ ঘৰ নহয়।" এই খৰচবোৰৰ মাজতে লকডাউনৰ সময়ত তেওঁলোকে পুনৰ বাজিৰিথাললৈ উভতি আহিবলগীয়া হৈছিল ৷ সেই সময়ছোৱাত শ্বামিনা প্ৰথমবাৰৰ বাবে মাতৃ হ'বলৈ ওলাইছিল আৰু সেই সময়ত তেওঁৰ গৰ্ভধাৰণৰ অন্তিম তিনিমাহ আছিল।

শ্বামিনাই মিচিকিয়াই কয়, "যেতিয়া ২০২০ চনৰ মাৰ্চ মাহত লকডাউন ঘোষণা কৰা হৈছিল, মোৰ সপ্তম মাহ আছিল আৰু ফাৰহাজ মোৰ পেটত আছিল। সি মহামাৰীৰ সময়ত জন্ম লৈছিল। এপ্ৰিল মাহৰ দ্বিতীয় মাহত আমি এখন গাড়ী ভাড়া লৈ ঘৰলৈ উভতি গলো কিয়নো কোনো উপাৰ্জন নোহোৱাকৈ গান্দেৰবালত বাস কৰাটো কঠিন হৈ পৰিছিল ৷ ভাড়া আৰু খাদ্যৰ ব্যয় প্ৰায় একেই আছিল।"

"সেই সময়ছোৱাত পৰ্যটকৰ আগমন বন্ধ হৈ গৈছিল। মোৰ স্বামীৰো উপাৰ্জন বন্ধ হৈ গৈছিল। আমি ঔষধ আৰু সামগ্ৰীৰ বাবে আমাৰ আত্মীয়সকলৰ পৰা ধাৰ ল'বলগীয়া হৈছিল। অৱশ্যে আমি তেওঁলোকৰ ধন ঘূৰাই দিছো। আমাৰ ঘৰৰ মালিকৰ নিজৰ গাড়ী আছিল আৰু চৰ্ত অনুসৰি তেওঁ সেইখন ১,০০০ টকাৰ ভাড়াত (আৰু ইন্ধনৰ ব্যয়) যাত্ৰা হিচাপে ব্যৱহাৰ কৰিবলৈ অনুমতি দিছিল। এনেদৰেই আমি ঘৰলৈ উভতি আহিছিলো।"

অৱশ্যে, ৱাজিৰিথালৰ সমস্যাটো কেৱল অনিয়মীয়া বিদ্যুৎ যোগানেই নহয় ৷ গাওঁখনৰ ৰাস্তাবোৰৰ অৱস্থা তথৈবচ আৰু স্বাস্থ্যসেৱাৰো সুবিধাৰ অভাৱ। ৱাজিৰিথালৰ পৰা পাঁচ কিলোমিটাৰ দূৰত এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (পিএইচচি) আছে ৷ কিন্তু স্বাভাৱিক প্ৰসৱৰ বাবে তাত কোনো সুবিধা নাই কিয়নো তাত পৰ্যাপ্ত স্বাস্থ্যকৰ্মী নাই আৰু বহুতো পদ খালী হৈ আছে।

ৱাজিৰিথালৰ এগৰাকী অংগনৱাড়ী কৰ্মী ৰাজা বেগমে (৫৪) এইদৰে সোধে, "বুদগামৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মাত্ৰ এগৰাকী নাৰ্চ আছে। তেওঁলোকে ক'ত প্ৰসৱ কৰোৱাব? জৰুৰীকালীন সমস্যা বা গৰ্ভপাত যিয়েই নহওক কিয়, প্ৰতিটো ক্ষেত্ৰতে গুৰেজলৈ দৌৰিবলগীয়া হয়। আৰু যদি অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়, তেওঁলোকে শ্ৰীনগৰৰ লালডেড চিকিৎসালয়লৈ যাবলগীয়া হয়। অৰ্থাৎ গুৰেজৰ পৰা ১২৫ কিলোমিটাৰ দূৰলৈ যাব লাগিব আৰু এই কঠিন বতৰত তাত উপস্থিত হ'বলৈ ৯ ঘণ্টাও সময় লাগিব পাৰে।

Shameena soaking in the mild morning sun with her two children
PHOTO • Jigyasa Mishra
Raja Begum, the anganwadi worker, holds the information about every woman in the village
PHOTO • Jigyasa Mishra

বাওঁফালে: ৰাতিপুৱা ৰ'দৰ পোহৰত শ্বামিনাই তাইৰ দুই সন্তানৰ সৈতে ঘৰৰ বাহিৰত সূৰ্যস্নান কৰি আছে। সোঁফালে: ৰাজা বেগম এগৰাকী অংগনৱাড়ী কৰ্মী, তেওঁৰ ওচৰত গাওঁখনৰ প্ৰতিগৰাকী মহিলাৰ বিষয়ে তথ্য আছে

শ্বামিনাই কয় যে গুৰেজৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ (চিএইচচি) যোৱা পথটোৰ অৱস্থা অতি বেয়া। ২০২০ চনত গৰ্ভধাৰণৰ অভিজ্ঞতা ভাগ-বতৰা কৰি শ্বামিনাই কয়, "চিকিৎসালয়লৈ গৈ ঘূৰি আহিবলৈ দুয়োফালৰ পৰা দুঘণ্টা সময় লাগে। আৰু যেতিয়া চিকিৎসালয়ত মোৰ চিকিৎসা কৰা হৈছিল [চিএইচচি]...! এজন অনাময় কৰ্মীয়ে মোক কেঁচুৱাটো প্ৰসৱ কৰাত সহায় কৰিছিল, প্ৰসৱৰ সময়ত বা তাৰ পিছত কোনো চিকিৎসকে মোক চাবলৈ অহা নাছিল।"

গুৰেজৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (পিএইচচি) আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত (চিএইচচি)- দুয়োটাতে দীৰ্ঘদিন ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদ [চিকিৎসা বিষয়া আৰু বিশেষজ্ঞৰ] যেনে সাধাৰণ চিকিৎসক, স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু শিশু ৰোগ বিশেষজ্ঞৰ পদ খালী হৈ আছে। ৰাজ্যিক সংবাদ মাধ্যমত যথেষ্ট আলোচনা হৈছে। ৰাজা বেগমে কয় যে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কেৱল প্ৰাথমিক চিকিৎসা আৰু এক্স-ৰে’ৰ সুবিধা উপলব্ধ। যিকোনো কামৰ বাবে ৰোগীসকলক তাৰ পৰা ৩২ কিলোমিটাৰ দূৰত থকা গুৰেজৰ সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ যাবলৈ কোৱা হয়।

গুৰেজৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অৱস্থাও অতিশয় পয়ালগা। খণ্ড চিকিৎসা বিষয়াৰ প্ৰতিবেদনত (ছেপ্টেম্বৰ ২০২২ত ছ'চিয়েল মিডিয়াত প্ৰচাৰিত) দেখুওৱা হৈছে যে ব্লকটোত ১১জন চিকিৎসা বিষয়া, তিনিজন দন্ত চিকিৎসক, এজন সাধাৰণ চিকিৎসক, এজন শিশু বিশেষজ্ঞ আৰু এগৰাকী প্ৰসূতি বিশেষজ্ঞ আৰু স্ত্ৰীৰোগ বিশেষজ্ঞসহ তিনিজন বিশেষজ্ঞৰ পদ খালী হৈ আছে। ই নিটি আয়োগৰ স্বাস্থ্য সূচক প্ৰতিবেদনৰ বিৰোধিতা কৰিছে য'ত কোৱা হৈছে যে খালী পদ পূৰণৰ প্ৰক্ৰিয়া উন্নত হৈছে।

শ্বামিনাৰ ঘৰৰ পৰা ৫-৬ টা ঘৰৰ আঁতৰত থকা ৪৮ বৰ্ষীয় আফৰিনে নিজৰ এটা ঘটনা বৰ্ণনা কৰে ৷ তেওঁ মোক কেইটামান হিন্দী শব্দৰে কাশ্মীৰী ভাষাত নিজৰ কাহিনী কয় এইদৰে: "২০১৬ চনৰ মে’ মাহত যেতিয়া মই এটা সন্তানৰ জন্মৰ বাবে গুৰেজৰ চিএইচচি-লৈ যাবলগীয়া হৈছিল, মোৰ স্বামীয়ে মোক তেওঁৰ পিঠিত গাড়ীলৈ লৈ গৈছিল। নিশ্চিতভাৱে মোৰ মুখখন বিপৰীত দিশে আছিল। তাৰ পৰা ৩০০ মিটাৰ দূৰত ৰখাই থোৱা আমি ভাড়ালৈ লোৱা চুমো গাড়ীখনলৈ যাবলৈ আমাৰ আন কোনো উপায় নাছিল। এইটো পাঁচ বছৰ পুৰণি কথা, কিন্তু পৰিস্থিতি এতিয়াও একেই। এতিয়া আনকি আমাৰ ধাইগৰাকীৰো বয়স হৈছে আৰু প্ৰায়ে তেওঁ অসুস্থ হৈ থাকে।"

যিগৰাকী ধাইৰ বিষয়ে আফৰিনে উল্লেখ কৰিছে তেওঁ হ’ল শ্বামিনাৰ মাক। শ্বামিনাই আমাৰ পৰা ১০০ মিটাৰ দূৰত এটা সৰু কেঁচুৱাক কোলাত লৈ গান গাই থকা এগৰাকী বৃদ্ধালৈ আঙুলিয়াই দি কয়, "প্ৰথম সন্তানৰ জন্মৰ পিছত, মই ভাবিছিলো যে ভৱিষ্যতে মই কেৱল ঘৰতহে সন্তান জন্ম দিম। আৰু যদি মোৰ মা নাথাকিলহেঁতেন, মোৰ দ্বিতীয় গৰ্ভধাৰণৰ সময়ত প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ সময়ত মোৰ বাবে জীয়াই থকাটো কঠিন হ'লহেঁতেন। তেওঁ এগৰাকী ধাই আৰু গাওঁখনৰ বহুতো মহিলাক সহায় কৰিছে।"

Shameena with her four-month-old daughter Rashida that her mother, Jani Begum, helped in birthing
PHOTO • Jigyasa Mishra
Jani Begum, the only midwife in the village, has delivered most of her grand-children. She sits in the sun with her grandchild Farhaz
PHOTO • Jigyasa Mishra

বাওঁফালে: শ্বামিনাই তেওঁৰ চাৰি মাহৰ কেঁচুৱা ছোৱালী ৰাশ্বিদাৰ সৈতে, যাক তেওঁৰ মাতৃ জানি বেগমে সন্তান জন্ম দিয়াত সহায় কৰিছে। সোঁফালে: জানি বেগম হৈছে গাওঁখনৰ একমাত্ৰ ধাই। তেওঁ অধিক সংখ্যক নাতি-নাতিনীক নিজে জন্ম দিছে। তেওঁ নাতি ফাৰহাজৰ সৈতে ৰ'দত বহি ৰ’দ পুৱাই আছে

শ্বামিনাৰ ৭১ বছৰীয়া মাক জানি বেগমে ঘৰৰ বাহিৰত গাওঁখনৰ আন মহিলাৰ দৰে মুগা ৰঙৰ ফিৰান পিন্ধি বহি আছে, মূৰটো দুপাট্টাৰে ঢাকি ৰাখিছে। তেওঁলোকৰ মুখৰ কোঁচবোৰে তেওঁলোকৰ অভিজ্ঞতাৰ অনুভৱ প্ৰদান কৰে। তেওঁ কয়, "মই যোৱা ৩৫ বছৰ ধৰি এই কামটো কৰি আহিছোঁ। বহু বছৰ আগতে যেতিয়াই মোৰ মা প্ৰসৱ কৰিবলৈ বাহিৰলৈ গৈছিল, তেওঁ মোক তেওঁক সহায় কৰিবলৈ দিছিল। মই তেওঁলোকে কাম কৰা, অনুশীলন কৰা দেখি সকলো শিকিছোঁ। আনক সহায় কৰিবলৈ সক্ষম হোৱাটো এটা ডাঙৰ পুৰস্কাৰ।"

জানিয়ে তেওঁৰ জীৱনকালত ইয়াত ধীৰ গতিত হোৱা পৰিৱৰ্তন হোৱা দেখিছে, কিন্তু এয়া পৰ্যাপ্ত নহয়। তেওঁ কয়, "আজিকালি সন্তান জন্মৰ সময়ত আশংকা কম হয় কিয়নো এতিয়া মহিলাসকলক আইৰনৰ টেবলেট আৰু অন্যান্য প্ৰয়োজনীয় পুষ্টিকৰ খাদ্য দিয়া হয় ৷ কিন্তু আগতে এনে হোৱা নাছিল। হয়, সামান্য পৰিৱৰ্তন হৈছে, কিন্তু ই এতিয়াও আন গাওঁবোৰৰ দৰে পৰ্যাপ্ত পৰিস্থিতি নহয়। আমাৰ ছোৱালীবোৰে এতিয়া অধ্যয়ন কৰি আছে, কিন্তু আজিও আমাৰ ইয়াত ভাল স্বাস্থ্য সুবিধা নাই। আমাৰ চিকিৎসালয় আছে, কিন্তু জৰুৰীকালীন অৱস্থাত তালৈ সোনকালে যাবলৈ কোনো ভাল পথ নাই।"

জানিয়ে কয় যে গুৰেজৰ সামূহিক স্বাস্থ্য কেন্দ্ৰটো বহু দূৰত আছে আৰু তালৈ যোৱাৰ অৰ্থ হৈছে আপুনি ৫ কিলোমিটাৰ খোজ কাঢ়ি যাব লাগিব। ইমান দূৰ খোজ কঢ়াৰ পিছত (৫ কিলোমিটাৰ), আপুনি তালৈ যাবলৈ ৰাজহুৱা পৰিবহণ পাব পাৰে। অৱশ্যে আপুনি কেৱল আধা কিলোমিটাৰ খোজ কাঢ়িও ব্যক্তিগত পৰিবহণ সেৱা বিচাৰি পাব পাৰে, কিন্তু ইয়াৰ মূল্য বহুত বেছি।

"শ্বামিনা তেওঁৰ দ্বিতীয় গৰ্ভধাৰণৰ অন্তিম তিনি মাহত অতি দুৰ্বল হৈ পৰিছিল। আমাৰ অংগনৱাড়ী কৰ্মীৰ পৰামৰ্শ অনুসৰি আমি তেওঁক চিকিৎসালয়লৈ লৈ যোৱাৰ কথা ভাবি আছিলো, কিন্তু সেই সময়ছোৱাত মোৰ জোঁৱাইয়ে কামৰ সন্ধানত চহৰৰ বাহিৰলৈ গৈছিল। ইয়াত পৰিবহণৰ সুবিধা বিচাৰি পোৱাটো অত্যন্ত কঠিন। আনকি আমি বাহন পালেও এগৰাকী গৰ্ভৱতী মহিলাক তালৈ লৈ যাবলৈ কোলাত লৈ যাব লাগিব," তেওঁ এইদৰে কয় ৷

জানিৰ উদাহৰণ দি ধৰি আফৰিনে কয়, "তেওঁ যোৱাৰ পিছত আমাৰ গাঁৱৰ মহিলাসকলৰ কি হ'ব? আমি কাক বিশ্বাস কৰিম?" শ্বামিনাই সন্ধিয়াৰ আহাৰৰ প্ৰস্তুতি কৰিবলৈ ঘৰৰ বাহিৰৰ জোপোহাবোৰত কণী বিচাৰি আছে। "কুকুৰাবোৰে সিহঁতৰ কণী লুকুৱাই ৰাখে। কণীৰ আঞ্জা বনাবলৈ মই সেইবোৰ বিচাৰি ৰান্ধিব লাগিব, নহ'লে আজি ৰাতি পুনৰ ৰাজমা-ভাত খাব লাগিব। অৰণ্যৰ মাজত অৱস্থিত এই গাওঁখন দূৰৰ পৰা দেখাত ধুনীয়া ৷ কিন্তু যদি আপুনি কাষ চাপি আহে, আপুনি জানিব পাৰিব যে আমাৰ জীৱন কিমান নিৰ্জন!"

পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টৰ গ্ৰামীণ ভাৰতৰ কিশোৰী আৰু যুৱতীসকলৰ ওপৰত দেশজুৰি চলোৱা প্ৰতিবেদন প্ৰকল্পটো হৈছে সাধাৰণ মানুহৰ কণ্ঠস্বৰ আৰু জীৱন্ত অভিজ্ঞতাৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ তথাপিও প্রান্তীয় গোটবোৰৰ পৰিস্থিতি অন্বেষণ কৰাৰ বাবে ভাৰতৰ জনসংখ্যা ফাউণ্ডেচন সমৰ্থিত পদক্ষেপৰ এটা অংশ।

এই প্ৰবন্ধটো পুনৰ প্ৰকাশিত কৰিবলৈ বিচাৰিছে নেকি ৷ অনুগ্ৰহ কৰি [email protected] চিচি-ত ৰাখি [email protected] লৈ লিখক ৷

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

Jigyasa Mishra

Jigyasa Mishra is an independent journalist based in Chitrakoot, Uttar Pradesh.

Other stories by Jigyasa Mishra
Editor : Pratishtha Pandya

Pratishtha Pandya is a poet and a translator who works across Gujarati and English. She also writes and translates for PARI.

Other stories by Pratishtha Pandya
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder