তেওঁ নিজৰ মোনাখনত মেলেৰিয়া পৰীক্ষাৰ এটা ৰেপিড কিট বিচাৰি আছে। মোনাখন ঔষধ, চেলাইনৰ বটল, আইৰন পৰিপূৰক, বেজী, ৰক্তচাপ জোখা যন্ত্ৰ আৰু বহুতো সামগ্ৰীৰে ভৰি আছিল। যিগৰাকী মহিলাৰ পৰিয়ালে তেওঁক দুদিন ধৰি বিচাৰি আছিল তেওঁ এতিয়া বিচনাত পৰি আছে। তেওঁৰ তীৰকঁপে জ্বৰ উঠিছে। পৰীক্ষাৰ ফলাফল পজিটিভ পোৱা গৈছে।
তেওঁ আকৌ এবাৰ নিজৰ মোনাখনলৈ চালে, মোনাখনত তেওঁ বিচাৰিলে ৫০০ মিলিৰ ডেক্সট্ৰোজ চেলাইন- ইণ্ট্ৰাভেনাচ (IV) দ্ৰৱ৷ তেওঁ মহিলাগৰাকীৰ বিচনাখনৰ ওচৰলৈ গৈ অতি দক্ষতাৰে চিলিঙত প্লাষ্টিকৰ ৰছী এডাল মেৰিয়াই ক্ষীপ্ৰতাৰে তাত চেলাইনৰ বটলটো বান্ধি দিলে৷
৩৫ বছৰীয়া জ্যোতিপ্ৰভা কিছপট্টাই বিগত ১০ বছৰ ধৰি ঝাৰখণ্ডৰ পশ্চিম সিংহভূম জিলাৰ গাওঁ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত চিকিৎসা সেৱা আগবঢ়াই আহিছে। তেওঁৰ কোনো চিকিৎসকৰ ডিগ্ৰী নাই, আনকি তেওঁ এগৰাকী প্ৰশিক্ষিত নাৰ্ছো নহয়। তেওঁ কোনো চৰকাৰী চিকিৎসালয় বা স্বাস্থ্যসেৱা কেন্দ্ৰৰ সৈতেও জড়িত নহয়। কিন্তু অৰাওঁ সম্প্ৰদায়ৰ এই মহিলাগৰাকী পশ্চিম সিংহভূমৰ জনজাতীয় অধ্যূষিত গাওঁসমূহৰ প্ৰথম আশ্ৰয় আৰু প্ৰায় শেষ ভৰষা। এই গাওঁখনত চৰকাৰী স্বাস্থ্য সেৱাৰ ব্যৱস্থা একেবাৰেই নাই বুলিব পাৰি।
জ্যোতি এগৰাকী আৰএমপি৷ ক্ষেত্ৰ সৰ্বেক্ষণত গ্ৰামাঞ্চলৰ প্ৰায় ৭০ শতাংশ স্বাস্থ্য সেৱা প্ৰদানকাৰীয়েই আৰএমপি বুলি প্ৰদৰ্শিত হৈছে। ইয়াত আৰএমপিৰ অৰ্থ ইয়াত 'পঞ্জীভুক্ত চিকিৎসা সেৱা প্ৰদানকাৰী' নহয়, যিহেতু নামটোৱে ইয়াত 'গ্ৰাম্য চিকিৎসা সেৱা প্ৰদানকাৰী' সূচাইছে; সাধাৰণ ভাষাত আমি যাক 'মোনা লোৱা চিকিৎসক' বুলি কওঁ। গ্ৰাম্য এলেকাত এই অৰ্হতাবিহীন চিকিৎসকসকলে সমান্তৰালভাৱে ব্যক্তিগত স্বাস্থ্য সেৱা প্ৰদান কৰি আহিছে। শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকক স্বাস্থ্যসেৱাক আৰু কেন্দ্ৰীভূত চৰকাৰী নীতিবোৰত ভুৱা দাবীদাৰ বুলি হেয়জ্ঞান কৰা হয়।
আৰএমপিসকল ভাৰতৰ কোনো স্বীকৃত প্ৰতিষ্ঠানত পঞ্জীভুক্ত নহয়। তেওঁলোকৰ কিছুমানে হোমিঅ'পেথ বা ইউনানী চিকিৎসক হিচাপে পঞ্জীয়ন কৰিব পাৰে, কিন্তু তেওঁলোকে এলোপেথিক ঔষধৰ জৰিয়তেও ৰোগীৰ চিকিৎসা কৰে।
জ্যোতিৰ ওচৰত এলোপেথিক ঔষধৰ এখন আৰএমপি প্ৰমাণপত্ৰ আছে, যাক 'কাউঞ্চিল অফ আনএম্প্লইড ৰুৰেল মেডিকেল প্ৰেক্টিচনাৰ' নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে জাৰী কৰিছে। প্ৰমাণপত্ৰখনত দাবী কৰা হৈছে যে প্ৰতিষ্ঠানটো বিহাৰ চৰকাৰৰ দ্বাৰা পঞ্জীয়ন কৰা হৈছে। জ্যোতিয়ে তাৰে পৰা ১০,০০০ টকা দি ছমাহৰ এই পাঠ্যক্ৰমটো গ্ৰহণ কৰিছিল। এই সংগঠনটোৰ এতিয়া কোনো অস্তিত্ব নাই।

















