দুয়োজনীৰে বয়স ১৭, দুয়োজনীয়ে অন্তঃসত্ত্বা। চঞ্চল নহ’বলৈ মাক-দেউতাকৰ কঢ়া নিৰ্দেশ পাহৰি দুয়ো কেতিয়াবা খিলখিলাই হাঁহি উঠে। দুয়োজনেই আগন্তুক ভৱিষ্যতক লৈ শংকিত।

চালিমা পাৰবিন আৰু আচমা খাতুন (নাম সলনি কৰা হৈছে) দুয়োজনীয়েই যোৱাবছৰ ৭ম শ্ৰেণীত আছিল, যদিওবা ২০২০ৰ গোটেই বিদ্যায়তনিক বছৰটোত চৰকাৰী গাঁৱলীয়া স্কুলখন বন্ধই হৈ আছিল। পাটনা, দিল্লী আৰু মুম্বাইত কাম কৰি থকা সিহঁতৰ পৰিয়ালৰ মতা মানুহবোৰ লকডাউনৰ কাৰণে বিহাৰৰ আৰাৰিয়া জিলাৰ বাংগালী তোলা চুবুৰীটোলৈ উভতি আহিল। তাৰ পিছে পিছে নোওৱা-ধুওৱা কাৰবাৰ আৰম্ভ হ’ল।

“ক’ৰনা মে হুই শ্বাদি,” দুয়োজনীৰে মাজত কথকী আচমাই কয়। “ক’ৰনাৰ সময়ত মোৰ বিয়া হৈছিল।”

চালিমাৰ নিকাহ দুবছৰ আগতেই হৈছিল। তাইৰ বয়স ১৮ বছৰ হোৱাৰ পিছত তাই গিৰীয়েকৰ সৈতে থাকিবলৈ লোৱাৰ কথা আছিল। তাৰপিছতে লকডাউন আৰম্ভ হ’ল। দৰ্জী কাম কৰা একেটা চুবুৰীৰে নিবাসী তাইৰ ২০ বছৰ বয়সীয়া গিৰীয়েক আৰু তেওঁৰ পৰিয়ালটোৱে তাইক লগত থাকিবলৈ জোৰ কৰিলে। সেয়া আছিল ২০২০ৰ জুলাই মাহৰ কথা। তেওঁ কৰ্মহীন হৈ পৰিছিল আৰু ঘৰতে বহি কটাইছিল। আন দুজনেও ঘৰতে সোমাই থাকিবলগীয়া হৈছিল।

আচমাই সময়ে নাপালে। তাইৰ ২৩ বছৰীয়া বায়েক কৰ্কট ৰোগত ২০১৯ত ঢুকোৱাৰ পিছত যোৱা বছৰ জুন মাহৰ শেষৰফালে লকডাউনৰ মাজতে পেছাত প্লাম্বাৰ তাইৰ ভিনদেৱেকে আচমাক বিয়া পাতিবলৈ জোৰ কৰে। ২০২০ৰ জুনত তেওঁলোকৰ বিবাহ সম্পন্ন হয়।

সন্তান কেনেদৰে জন্ম হয় দুয়োজনীয়ে নাজানে। “মাকে এইবোৰ কথা বুজাই নকয়,” আচমাৰ মাক ৰুকছানাই কৈ থকাৰ মাজতে ছোৱালীকেইজনীয়ে আৰু বেছি খিকখিকাই হাঁহিছে। ‘লাজ কি বাত হ্যে [লাজৰ কথা]।’ সকলোৱে ভাৱে যে কইনাৰ বৌৱেক, তাইৰ ভায়েকৰ পত্নীয়ে সেইবোৰ তথ্যৰ সঠিক উৎস কিন্তু চালিমা আৰু আচমা দুয়োজনী ভাতৃৰ ভগ্নী, দুয়োজনীয়ে সন্তান জন্ম বিষয়ত একো কথা নাজানে।

Health workers with display cards at a meeting of young mothers in a village in Purnia. Mostly though everyone agrees that the bride’s bhabhi is the correct source of information on such matters
PHOTO • Kavitha Iyer

পুৰ্ণিয়াৰ গাওঁ এখনত হাতত ডিচপ্লে কাৰ্ড লৈ তৰুণ মাতৃৰ মেল এখন বহিছে। অৱশ্যে প্ৰায়ভাগেই ভাৱে যে কইনাৰ বৌৱেকেই এনেবোৰ বিষয়ৰ তথ্যৰ সঠিক উৎস

আচমাৰ খুৰীয়েকগৰাকী বাংগালী তোলা নামে চুবুৰীটোৰ এগৰাকী আশাকৰ্মী (স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী)। ৰাণিগঞ্জ ব্লকৰ বেলৱা পঞ্চায়তত থকা চুবুৰীটোত ৪০ ঘৰ পৰিয়াল আছে। তেওঁ ‘সোনকালেই’ চুবুৰীটোৰ ছোৱালীবোৰক সকলো কথা বিতংকৈ বুজাই ক’ব বুলি প্ৰতিশ্ৰুতি দিছে।

মুখ নালাগিবলৈ গালত ডাঙৰকৈ কাজলৰ টিকা লগাই থোৱা ট টকৈ চাই থকা ২৫ দিনীয়া নিজাম (নাম সলনি কৰা হৈছে)ৰ মাতৃ জাকিয়া পাৰবিনকো ছোৱালীহঁতে সুধিব পাৰে। জাকিয়াৰ বয়স এতিয়া ১৯ বছৰ। কিন্তু তাইৰ ঢৌ খেলি থকা শাড়ীৰ ভাঁজৰ মাজত তাইক আৰু বেছি দুৰ্বল আৰু শেঁতা পৰা যেন লাগিছে। তাই কেতিয়াও স্কুললৈ নগ’ল, ১৬ বছৰ বয়সতে তাইক সম্পৰ্কীয় এজনলৈ বিয়া দি দিয়া হ’ল।

স্বাস্থ্যকৰ্মী আৰু গৱেষকসকলেও কয় যে বিহাৰৰ ‘ক’ভিডকালৰ বাল্যবিবাহ’ হোৱা বহুতেই এতিয়া গৰ্ভৱতী। নিম্নমানৰ পুষ্টিৰ লগতে অনভিজ্ঞতাৰ সৈতে তেওঁলোকে যুঁজ দিছে। কিন্তু কৈশোৰকালতে বিয়া হোৱা ঘটনা বিহাৰৰ গ্ৰামাঞ্চলত লকডাউনৰ আগতেও তেনেই সাধাৰণ কথা আছিল। “ইয়াতে এইটো সাধাৰণ ঘটনা। সৰু ছোৱালীবোৰে বিয়াৰ পিছতে গৰ্ভৱতী হয় আৰু এবছৰতেই সন্তানৰ মাক হয়,” ব্লকৰ স্বাস্থ্য প্ৰৱন্ধক প্ৰেমা বাৰ্মাই কয়।

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (এন.এফ.এইছ.এছ.-৫, ২০১৯-২০)ত কোৱা হৈছে যে ১৫ৰ পৰা ১৯ বছৰ বয়সৰ ছোৱালীৰ ১১ শতাংশই সমীক্ষাৰ সময়ত সন্তান জন্ম দিছিল বা গৰ্ভৱতী হৈ আছিল। দেশৰ ভিতৰতে নাবালিকাৰ (১৮ বছৰ বয়স নোহোৱা ছোৱালী)ৰ বিয়াৰ ১১ শতাংই বিহাৰত হয়। একেদৰে বয়স নৌহওতেই বিয়াত বহা (২১ বছৰৰ তলৰ) ল’ৰাৰ ক্ষেত্ৰতো  দেশৰ মুঠ হাৰৰ ৮ শতাংশ বিহাৰৰ।

বিহাৰৰ ২০১৬ৰ আন এক সমীক্ষাতো একেই তথ্য উন্মোচিত হৈছে। স্বাস্থ্য আৰু উন্নয়নমূলক কাম-কাজৰ সৈতে জৰিত স্বেচ্ছাসেৱামূলক সংস্থা পপুলেচন কাউন্সিলে কৰা সমীক্ষাত প্ৰকাশ পোৱা মতে ১৫-১৯ বছৰৰ ছোৱালীৰ ৭ শতাংশৰে ১৫ বছৰ বয়স নৌহওতেই বিয়া হৈ যায়। গ্ৰামীণ এলেকাত ১৮ৰ পৰা ১৯ বছৰ বয়সৰ প্ৰায় ৪৪ শতাংশ মহিলাকে ১৮ বছৰ নহওঁতেই বিয়া দিয়া হয়।

ইয়াৰ মাজতে বিহাৰত যোৱাবছৰৰ লকডাউনৰ মাজত বিয়া হোৱা তৰুণ নববিবাহিত মহিলাসকলৰ গিৰীয়েকবোৰ কামৰ সন্ধানত চহৰলৈ ওলাই যোৱাত তেওঁলোকে এক অচিনাকী পৰিৱেশত নিজকে খাপ খুৱাবলগীয়া হৈছে।

Early marriage and pregnancies combine with poor nutrition and facilities in Bihar's villages, where many of the houses (left), don't have toilets or cooking gas. Nutrition training has become a key part of state policy on women’s health – an anganwadi worker in Jalalgarh block (right) displays a balanced meal’s components
PHOTO • Kavitha Iyer
Early marriage and pregnancies combine with poor nutrition and facilities in Bihar's villages, where many of the houses (left), don't have toilets or cooking gas. Nutrition training has become a key part of state policy on women’s health – an anganwadi worker in Jalalgarh block (right) displays a balanced meal’s components
PHOTO • Kavitha Iyer

আগতীয়া বিবাহ আৰু গৰ্ভধাৰণৰ লগত অপুষ্টি আৰু সুবিধাৰ অভাৱ বিহাৰৰ গাওঁবোৰৰ বৈশিষ্ট। তেনে গাওঁবোৰৰ বহু পৰিয়ালৰ (বাওঁফালে) শৌচাগাৰ কিম্বা ৰন্ধন গেছৰ সুবিধা নাই। নাৰীৰ স্বাস্থ্যৰ ৰাজ্যিক নীতিত পুষ্টিৰ প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। অংগনবাদী কৰ্মী এগৰাকীয়ে সুষম আহাৰৰ কি কি থাকে তাৰ নমুনা দৰ্শাইছে

মুম্বাইৰ জাৰি এম্ব্ৰইডাৰি ইউনিট এটাত কাম কৰা জাকিয়াৰ গিৰীয়েকে নিজামে জানুৱাৰীত এই পৃথিৱী দেখাৰ কেইটামান দিনৰ পিছতে ঘৰ এৰিছিল। জাকিয়াই অংগনবাদীৰ পৰা প্ৰাকপ্ৰসৱকালীন পুষ্টিসামগ্ৰীখিনি পাইছিল যদিও প্ৰসৱোত্তৰ কালৰ কোনো পুষ্টি পৰিপূৰক গ্ৰহণ কৰি থকা নাই। ইফালে ৰাজ্য চৰকাৰে বাধ্যতামূলক কৰি দিয়া কেলচিয়াম আৰু আইৰনৰ টেবলেটো তাই পোৱা নাই।

“আলুৰ তৰকাৰী আৰু চাউল,” দৈনিক খোৱা খাদ্যবস্তুৰ তালিকাখনৰ কথা তাই কয়। দাইল কিম্বা ফলমূল একোৱে নাই। শিশুটোৰ জণ্ডিচ হ’ব পাৰে বুলি ভাবি বৰ্তমান জাকিয়াৰ পৰিয়ালৰ মানুহে তাইক আমিষ খাদ্য বা কণী আদি খাবলৈ দিয়া নাই। পৰিয়ালৰ খীৰতি গাই এজনী আছে যদিও জণ্ডিচ হ’ব বুলিয়ে ঘৰৰ মানুহে তাইক গাখীৰ চুবলৈকে দিয়া নাই।

১৬ বছৰ বয়সত বিয়া হোৱা জাকিয়াৰ বিয়াৰ দুটা বছৰৰ মুৰত নাতিয়েক পোৱা পৰিয়ালটো নিজামক লৈ খুবেই যত্নবান। “আমি তাইক কেশৰাৰা গাঁৱৰ বাবা এজনৰ তালৈ লৈ গৈছিলো। তাতে আমাৰ সম্পৰ্কীয়ৰ ঘৰ আছে। তাইক খাবলৈ বাবাই কিবা ঔষধি দিলে। তাৰ পিছতেই তাইৰ পেটভাৰী হ’ল। সেয়া বনৰীয়া ঔষধ,” জাকিয়াৰ গৃহিণী মাকে (তেওঁৰ দেউতাক শ্ৰমিক) কয়। তেওঁ দ্বিতীয়বাৰ গৰ্ভধাৰণ নকৰিলে প্ৰায় ৫০ কিলোমিটাৰ দূৰৰ বাবাৰ ওচৰলৈ আকৌ লৈ যোৱা হ’ব নেকি? “নাই নাই, দ্বিতীয়টো সন্তান আল্লাই দিলে পাম।”

জাকিয়াৰ তিনিজনী সৰু ভনীয়েক আছে। একেবাৰে সৰুজনীৰ বয়স এতিয়াও পাঁচ বছৰ হোৱা নাই। দদায়েকজনৰ বয়স ২০ বছৰ, তেঁৱো শ্ৰমিক হিচাপে কাম কৰে। ভনীয়েককেইজনীয়ে স্কুল আৰু মাদ্ৰাছালৈ যায়। টকাই নোজোৰা বাবে স্কুলত জাকিয়াৰ নামভৰ্ত্তি কৰোৱা নহ’ল।

সন্তান প্ৰসৱৰ পিছত তাইৰ চিলাই পৰিছিল নেকি? জাকিয়াই মুৰ দুপিয়ায়। দুখ পাইছিলনে? তাই চকুকেইটা সেমেকি উঠিল, কিন্তু একো নকৈ নিজামৰ ফালে চাই থাকিল।

A test for under-nourished mothers – the norm is that the centre of the upper arm must measure at least 21 cms. However, in Zakiya's family, worried that her baby could get jaundice, she is prohibited from consuming non-vegetarian food, eggs and milk
PHOTO • Kavitha Iyer

পুষ্টিৰ অভাৱ হোৱা মহিলাসকলৰ পৰীক্ষা কৰি থকা হৈছে- নিয়মটো এনে যে বাহুৰ ওপৰৰ অংশৰ জোখ কমেও ২১ চে.মি. হ’ব লাগিব। যাহওঁক জাকিয়াৰ পৰিয়ালে তাইৰ কেঁচুৱাটোৰ জণ্ডিচ হ’ব পাৰে বুলি ভয় কৰি তেওঁক আমিষ আহাৰ, কণী আৰু গাখীৰ খাবলৈ দিয়া নাই

সন্তান প্ৰসৱ কৰোঁতে তাই কান্দিছিল নেকি বুলি গৰ্ভৱতী দুগৰাকী ছোৱালীয়ে সোধাত কাষৰে মহিলাবোৰে গিৰ্জনি মাৰি হাঁহিলে। “বহুত কান্দিছিলো,” জাকিয়াই স্পষ্টকৈ ক’লে, তাইৰ মাতটো প্ৰথমবাৰৰ কাৰণে ইমান ডাঙৰকৈ ওলাল। আমি তুলনামূলকভাৱে স্বাচ্ছন্দ্য থকা পৰিয়াল এটাৰ আধাসজা ঘৰ এটাৰ বাৰান্দাৰ চিমেণ্টৰ ঢলা কেঁচা মজিয়াৰ ওপৰত ধাৰলৈ অনা প্লাষ্টিকৰ চকী লৈ বহি আছো।

বিশ্ব স্বাস্থ্য সংস্থাই কৈছে (গোলকীয় স্বাস্থ্য প্ৰাক্কলন ২০১৬: বয়স, লিংগ, দেশ আৰু ধৰ্মীয় কাৰণত মৃত্যু, ২০০০-২০১৬ত উল্লেখ কৰা অনুসৰি) যে বিশ্বত ১০ৰ পৰা ১৯ বছৰ বয়সৰ গোটৰ কিশোৰী মাতৃৰ ক্ষেত্ৰত পেশীসংকোচন (শিশুৰ জন্মৰ পিছত বা আগত হৃদক্ৰিয়া বন্ধ হোৱা নাইবা উচ্চ ৰক্তচাপ), সূতিকাকালৰ (সন্তান জন্মৰ পাছৰ ছসপ্তাহ কাল) এণ্ড’মেট্ৰিঅ’চিচ আৰু সংক্ৰমণৰ ৰিস্ক ২০ৰ পৰা ২৪ বছৰ বয়সীয়া মহিলাতকৈ বেছি। তাৰোপৰি নৱজাতকৰ ক্ষেত্ৰতো জন্মৰ সময়ত ওজন কম হোৱাৰ পৰা আৰম্ভ কৰি সদ্যোজাতৰ স্বাস্থ্যজনিত সমস্যা বাঢ়ি যোৱাৰ যথেষ্ট আশংকা থাকে।

আৰাৰিয়াৰ খণ্ড স্বাস্থ্য প্ৰৱন্ধক প্ৰেৰণা বাৰ্মাই জাকিয়াৰ ক্ষেত্ৰত আৰু এটা আশংকা ব্যক্ত কৰিছে। “তোমাৰ স্বামীৰ ওচৰলৈ নাযাবা,” তাই কিশোৰী মাতৃসকলক এই পৰামৰ্শ দিয়ে। কিয়নো বিহাৰৰ স্বাস্থ্যকৰ্মীসকলে কিশোৰী মাতৃৰ ক্ষেত্ৰত ইটোৰ পিছত সিটো গৰ্ভধাৰণৰ বাস্তৱ ছবি নিতৌ দেখি আহিছে।

এই সময়তে গৰ্ভধাৰণৰ এমাহ হোৱা চালিমাৰ (ফেব্ৰুৱাৰীত, মই সাক্ষাৎ কৰা সময়ত) এতিয়াও স্থানীয় অংগনবাদী কেন্দ্ৰত প্ৰাকপ্ৰসৱ কালৰ সেৱাৰ বাবে পঞ্জীয়ন কৰা হোৱা নাই। আচমাৰ গৰ্ভধাৰণ কৰাৰ ছমাহ হৈছে, তেওঁৰ পেটটো এতিয়াও সৰু হৈয়ে আছে। তাই ৰাজ্য চৰকাৰৰ পৰা ১৮০ দিনলৈ গৰ্ভৱতী মহিলাক দিয়া ‘গাত বল পোৱা দৰৱ’, কেলচিয়াম আৰু আইৰনৰ টেবলেট পোৱা আৰম্ভ কৰিছেহে।

কিন্তু এন.এফ.এইছ.এছ.-৫ত কোৱা হৈছে যে বিহাৰৰ ৯.৩ শতাংশ মাতৃয়ে গৰ্ভাৱস্থাৰ ১৮০ দিন বা ততোধিক দিনত আইৰন ফলিক এচিড টেবলেট খাইছে। কেৱল ২৫.২ শতাংশ মাতৃয়ে স্বাস্থ্যসেৱা কেন্দ্ৰলৈ গৈ প্ৰাকপ্ৰসৱ কালৰ স্বাস্থ্যপৰীক্ষা আদি কৰাইছে।

ভাল দৰা এজনে কিয় তাইক বিয়া পাতিবলৈ এবছৰলৈ ৰৈ নাথাকে সেয়া আচমাৰ মাকে বুজাই কওঁতে আচমাই অলপ ইতস্ততঃবোধ কৰিলে। “ল’ৰাৰ পৰিয়ালে ভাবে যে তাই গাঁৱৰে আন ল’ৰাৰ লগত পলাই যাব পাৰে। তাই স্কুললৈ গৈ আছিল, আৰু এনেকুৱা ঘটনা গাঁৱত ঘটিয়ে থাকে,” ৰুকচানাই কয়।

PHOTO • Priyanka Borar

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ ২০১৯-২০ৰ প্ৰতিবেদন মতে সমীক্ষাৰ সময়চোৱাত ১৫ৰ পৰা ১৯ বছৰ বয়সৰ ১১ শতাংশ ছোৱালীয়ে ইতিমধ্যে মাতৃত্ব লাভ কৰিছিল নাইবা গৰ্ভৱতী আছিল

*****

২০১৬ৰ পপুলেচন কাউন্সিলৰ সমীক্ষা (শিৰোনাম আছিল উদয়াঃ কিশোৰ-কিশোৰী আৰু তৰুণ প্ৰাপ্তবয়স্কৰ ৰূপৰেখা)ত ছোৱালীৰ ওপৰত গিৰীয়েকৰ আৱেগিক, শাৰীৰিক আৰু যৌন হিংসাৰ ওপৰতো আলোকপাত কৰা হৈছিল। ১৫ৰ পৰা ১৯ বছৰ বয়সীয়া বিবাহিত ছোৱালীৰ ২৭ শতাংশক এবাৰলৈ হ’লেও চৰ শোধোৱা হৈছে, ৩৭.৪ শতাংশক অতিকমেও এবাৰলৈ হ’লেও বলপূৰ্ৱক যৌনকৰ্মৰ বাবে বাধ্য কৰোৱা হৈছে। তাৰোপৰি এই গোটৰ ২৪.৭ শতাংশক বিয়াৰ ঠিক পিছতে সন্তান জন্ম দিয়াৰ বাবে পৰিয়ালে হেঁচা দিছে আৰু বিয়াৰ পিছতে সন্তানসম্ভৱা নোহোৱা ২৪.৩ শতাংশক বাঁজী আখ্যা দিয়া হৈছে।

সক্ষমাঃ ইন্নিচিয়েটিভ ফৰ হোৱাট ৱৰ্কচ্, বিহাৰৰ প্ৰমুখ গৱেষক পাটনাৰ অনামিকা প্ৰিয়দৰ্শিনীয়ে কয় যে ৰাজ্যখনত লকডাউনৰ সময়ত বাল্যবিবাহৰ ৰোধৰ প্ৰত্যাহ্বান অধিক কঠিন কৰি তুলিছিল। “ইউএনএফপিএ-ৰাজ্য চৰকাৰে ২০১৬-১৭ত মুকলি কৰা বন্ধন তোড় এপটোত বাল্যবিবাহৰ ভালেমান অভিযোগ উত্থাপিত হৈছিল,” তেওঁ কয়। এপটোৱে যৌতুক আৰু যৌনহিংসা আদি বিষয়তো তথ্য যোগান ধৰে আৰু এটা এছঅ’এছ বুটামো আছে যিটোৱে ব্যৱহাৰকাৰীজনক নিকটৱৰ্তী আৰক্ষী চকীৰ সৈতে যোগাযোগ স্থাপন কৰে।

বাল্যবিবাহৰ এক বিশদ সমীক্ষাৰ পৰিকল্পনা চলাই থকা সক্ষমা সংস্থাটোৱে ২০২১ৰ জানুৱাৰীত কিশোৰীৰ বাবে এই পাকচক্ৰৰ পৰা ওলাই অহাৰ বিভিন্ন আঁচনি সন্দৰ্ভত আলোকপাত কৰি ‘বিহাৰৰ প্ৰসংগত ভাৰতত বাল্যবিবাহ’ শীৰ্ষক এক প্ৰতিবেদন প্ৰস্তুত কৰিছে। অনামিকাই কয় যে কন্যা শিশুক বিয়াৰ পৰা আঁতৰাই আনিবলৈ তেওঁলোকৰ শিক্ষাৰ উন্নতি ঘটোৱা, বিভিন্ন ৰাজ্যিক হস্তক্ষেপ, চৰ্তসাপেক্ষ নগদী হস্তান্তৰণ আঁচনিৰ লগতে আন বিদ্যমান ব্যৱস্থাৰ পৰা এক মিশ্ৰিত প্ৰভাৱ পৰিছিল। “ইয়াৰে কেতবোৰৰ সুপ্ৰভাৱো নিশ্চয়কৈ পৰিছে। উদাহৰণ স্বৰূপে কন্যাশিশুক স্কুলত পঢ়াই থকাৰ বাবে পোৱা নগদী পুৰস্কাৰ আৰু বিহাৰত ছোৱালীৰ কাৰণে চাইকেল বিতৰণে উচ্চতৰ পৰ্য্যায়ত ছোৱালীৰ নামভৰ্ত্তিৰ হাৰ বঢ়াইছে আৰু তেওঁলোকক নতুন গতি দিছে। এই হিতাধিকাৰীসকলে যদি বিয়াত বহাৰ বাবে যদি ১৮ বছৰ বয়সলৈকেও ৰয়, সেয়াও আদৰণীয়,” তেওঁ কয়।

বাল্যবিবাহ প্ৰতিৰোধ আইন, ২০০৬খন কিয় ভালদৰে বলবৎ কৰা হোৱা নাই, এই সন্দৰ্ভতো প্ৰতিবেদনখনত কোৱা হৈছে, “বিহাৰত বাল্যবিবাহৰ প্ৰতিৰোধী আইনখনৰ বলবৎকৰণৰ প্ৰভাৱশীলতাৰ ওপৰত কোনো অধ্যয়নৰ তথ্য ৰাজহুৱাভাৱে উপলব্ধ নহয়। অৱশ্যে আন ৰাজ্য যেনে অন্ধ্ৰপ্ৰদেশ, গুজৰাট, পশ্চিমবংগ আৰু ৰাজস্থানৰ এনে অধ্যয়নত প্ৰকাশ পাইছে যে উক্ত আইনখন ৰূপায়নকাৰী সংস্থাবোৰে ৰাজনৈতিক পৃষ্ঠপোষকতা, সংগঠিত ন্যস্তস্বাৰ্থজনিত গোট আৰু চক্ৰৰ পৰা যথেষ্ট বাধাৰ সন্মুখীন হৈ আহিছে।”

আন কথাত ক’বলৈ গ’লে ৰাজনৈতিক যোগাযোগ থকা বা বিশেষাধিকাৰ ভোগ কৰা শ্ৰেণীৰ উপস্থিতিৰ লগতে দঁকৈ শিপাই থকা ইয়াৰ সামাজিক গ্ৰহণযোগ্যতাৰ মাজত বাল্যবিবাহ ৰোধ কৰা ইমান উজু কাম নহয়। তদুপৰি এই প্ৰথা সাংস্কৃতিক আৰু ধৰ্মীয় বিশ্বাসৰ সৈতে সংপৃক্ত যিয়ে ৰাজ্যিক হস্তক্ষেপক এক স্পৰ্শকাতৰ বিষয় কৰি তোলে।

Many young women who are pregnant learn about childbirth from display cards such as these. But 19-year-old Manisha Kumari of Agatola village says she doesn’t have much information about contraception, and is relying mostly on fate to defer another pregnancy
PHOTO • Kavitha Iyer
Many young women who are pregnant learn about childbirth from display cards such as these. But 19-year-old Manisha Kumari of Agatola village says she doesn’t have much information about contraception, and is relying mostly on fate to defer another pregnancy
PHOTO • Kavitha Iyer

বহুতো গৰ্ভৱতী তৰুণ মহিলাই সন্তান জন্মৰ বিষয়ে এনে ডিচপ্লে কাৰ্ডৰ পৰা শিকিবলৈ পায় । কিন্তু ১৯ বছৰীয়া আগাতোলা গাঁৱৰ মণীষা কুমাৰীয়ে কয় যে তেওঁৰ গৰ্ভনিৰোধক সম্পৰ্কে বিশেষ নাজানে, সেয়ে তাইৰ বাবে আকৌ এবাৰ গৰ্ভধাৰণ নকৰাটো ঘাইকৈ ভাগ্যৰ ওপৰতে নিৰ্ভৰ কৰিছে

পূৱ আৰাৰিয়াৰ পৰা ৫০ কিলোমিটাৰ দূৰৰ পুৰ্ণিয়া জিলাৰ পুৰ্ণিয়া ইষ্ট ব্লকৰ আগাতলা গাঁৱৰ মণীষা কুমাৰীয়ে তেওঁৰ মাকৰ ঘৰৰ বাৰান্দাত বহি এবছৰীয়া শিশুটিক নিচুকাইছে। তেওঁ নিজৰ বয়স ১৯ বছৰ বুলি কয়। তেওঁ গৰ্ভনিৰোধৰ বিষয়ে বেছি নাজানে আৰু আকৌ এবাৰ গৰ্ভধাৰণ নকৰিবলৈ ভাগ্যৰ ওপৰতে নিৰ্ভৰ কৰি চলিছে। তেওঁৰ সৰুভনী মণিকায়েও (১৭) বিয়াৰ বাবে পৰিয়ালৰ হেঁচাৰ ওচৰত সেও মানিব ধৰিছে। তেওঁলোকৰ মাক এগৰাকী গৃহিণী আৰু দেউতাক এগৰাকী কৃষি শ্ৰমিক।

“মোৰ ছাৰে কৈছে যে বিয়া পতাৰ ন্যুন্যতম বয়স হৈছে ১৮ বছৰ,” মণিকাই কয়। তাইক পুৰ্ণিয়া চহৰৰ আবাসিক স্কুল এখনৰ শিক্ষক এজনে এই কথা কৈছিল, সেইখন স্কুলতে তাই দশমমানত পঢ়ি আছে। কিন্তু ২০২০ৰ মাৰ্চৰ লকডাউনে তাইক ঘৰতে সোমাই থাকিবলৈ বাধ্য কৰালে। তাইৰ পৰিয়ালটোৱে তাইক আকৌ স্কুললৈ পঠিয়াব নে নাই সেই লৈ অনিশ্চিত। এইবছৰ বহু কামতেই পইছা নোজোৰা হৈ পৰিছে। তাই ঘৰলৈ অহাত এতিয়া তাইৰ বিয়াক লৈ চৰ্চা চলিছে। “সকলোৱে তাইক বিয়া হ’বলৈ কৈ থাকে,” তাই কয়।

২০-২৫ ঘৰ পৰিয়াল থকা চুবুৰীয়া ৰামঘাট চুবুৰীটোত বিবি তানজিলা ৩৮ আৰু ৩৯ বছৰ বয়সতে ক্ৰমে আঠ বছৰীয়া ল’ৰা আৰু এজনী দুই বছৰীয়া কন্যাৰ আইতাক। “যদি ছোৱালী এজনী ১৯ বছৰ বয়সত বিয়া নহয়, তেতিয়া তাইক বুঢ়ী বুলি বিবেচনা কৰা হয়, পিছলৈ কোনেও তাইক বিয়া নপতা হয়,” তানজিলাই কয়। “আমি শ্বেৰশ্বাহবাদী মুছলমান, আমি আমাৰ ধৰ্মগ্ৰন্থৰ কথাবোৰ আখৰে আখৰে মানো”, তেওঁ কয়। তাৰোপৰি তেওঁলোকৰ মাজত যে গৰ্ভনিৰোধক নিষিদ্ধ আৰু পুষ্পিতা হ’লেই ছোৱালীক বিয়া দি দিয়া হয়, সেই কথাও তেওঁ বুজাই কয়। মই ১৪ বছৰ বয়সতে বিয়া হৈছিলো আৰু তাৰে এবছৰ পিছতেই মাতৃত্ব লাভ কৰিছিলো। চতুৰ্থটো সন্তানৰ পিছত তেওঁৰ প্ৰসূতিজনিত জটিলতাই দেখা দিয়ে আৰু বন্ধ্যাকৰণ কৰায়। “আমাৰ পন্থাত কোনেও পচন্দৰ কাৰণে অস্ত্ৰোপচাৰ নকৰায়,” তেওঁ জৰায়ুচ্ছেদন আৰু গৰ্ভনলী বন্ধ্যাকৰণৰ কথা কয়, যিটো বিহাৰৰ জন্মনিয়ন্ত্ৰণৰ অতিকৈ জনপ্ৰিয় পদ্ধতি (এনএফএইছএছ-৫ মতে)। “কোনেও নকয় যে আমাৰ ৪-৫ টা শিশু আছে আৰু তাতকৈ বেছি চম্ভালিব নোৱাৰো।”

ৰামঘাট চুবুৰীটোৰ শ্বেৰশ্বাহবাদী মুছলমানসকলৰ কোনো নিজা খেতিমাটি নাই। তেওঁলোকে ঘাইকৈ পুৰ্ণিয়া চহৰত শ্ৰমিক হিচাপে কাম কৰে আৰু আন কিছুমানে পাটনা নাইবা দিল্লীলৈ প্ৰব্ৰজন কৰে, কিছুমানে কাঠমিস্ত্ৰী বা প্লাম্বাৰ হিচাপে কাম কৰে। তেওঁলোকৰ নাম পশ্চিমবংগত শ্বেৰ শ্বাহ ছুৰিৰ নামেৰে নামাকৰণ কৰা শ্বেৰশ্বাহবাদ চহৰৰ পৰা আহিছে বুলি তেওঁলোকে কয়। তেওঁলোকে নিজৰ মাজত বাংলা ভাষাত কথা পাতে আৰু সৰু সৰু গোট হিচাপে থাকে আৰু তেওঁলোকক উপলুঙাৰ সুৰত মানুহে বাংলাদেশী বুলিয়ে কয়।

Women of the Shershahbadi community in Ramghat village of Purnia
PHOTO • Kavitha Iyer

পুৰ্ণিয়াৰ ৰামঘাট গাঁৱৰ শ্বেৰশ্বাহবাদী সম্প্ৰদায়ৰ মহিলাসকল

গাওঁখনৰ আশাকৰ্মী সুনীতা দেৱীয়ে কয় যে পৰিয়াল পৰিকল্পনা আৰু জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপে শিক্ষাৰ হাৰ তেনেই নিম্ন হাৰ আৰু বাল্যবিবাহ সঘনে হোৱা তথা গৰ্ভনিৰোধৰ প্ৰকাশ্যে বিৰোধ কৰা ৰামঘাটৰ দৰে চুবুৰীবোৰত খুব কমেইহে কামত দিছে। তেওঁ ১৯ বছৰ বয়সীয়া তৰুণ কিন্তু দুই সন্তানৰ মাতৃ ছাদিয়া (নাম সলনি কৰা হৈছে)ৰ সৈতে পৰিচয় কৰাই দিলে, তাই দ্বিতীয়টো সন্তান ২০২০ৰ মে’ত জন্ম দিছিল। ছাদিয়াৰ গিৰীয়েকৰ ভনীয়েকে গিৰীয়েকৰ অনুমতি লৈ বেজীৰে লোৱা গৰ্ভনিৰোধক ল’বলৈ আৰম্ভ কৰিছে। তেওঁৰ গিৰীয়েক এগৰাকী নাপিত। তেওঁ আশাকৰ্মীগৰাকীৰ প্ৰৱল আপত্তিতকৈ বেছি টকা-পইছাৰ ফালৰ পৰা দুৰৱস্থাৰ কাৰণেই তেওঁলোকে এই সিদ্ধান্ত লৈছিল।

তানজিলাই কয় যে সময়বোৰ ধীৰে ধীৰে সলনি হ’বলৈ ধৰিছে। “সন্তান জন্ম দিয়াটো এক যন্ত্ৰণাদায়ক কাম, কিন্তু এতিয়াৰ দৰে আগতে নাছিল। হয়তো আমি এতিয়া খোৱা খাদ্যত পুষ্টিকৰ উপাদান তেনেই কম,” তেওঁ কয়। তেওঁ জানে যে ৰামঘাটৰ কিছুমান মহিলাই গৰ্ভনিৰোধক টেবলেট খাবলৈ বা বেজী ল’বলৈ বা আন্তঃজৰায়ুস্থিত আহিলা ব্যৱহাৰ কৰিবলৈ লৈছে। “গৰ্ভনিৰোধ কৰাটো ভুল কাম, কিন্তু বৰ্তমান মানুহৰ হাতত উপায় নাই যেন লাগে।”

আনফালে প্ৰায় ৫৫ কিলোমিটাৰমান দূৰত আৰাৰিয়াৰ বাংগালি তোলা গাঁৱত আচমাই কৈছে যে তাই স্কুল এৰা নাই। লকডাউনৰ কাৰণে স্কুল বন্ধ থাকোতে তাই বিয়া হৈ ৭৫ কিলোমিটাৰ দূৰৰ কিষাণগঞ্জ ব্লকলৈ গৈছিল, তেতিয়া ২০২১ৰ ফেব্ৰুৱাৰীত মাকৰ গা ভালে নথকাত তাই মাকৰ ঘৰলৈ উভতি আহে। তাই কয় যে সন্তান জন্ম দিয়াৰ পিছত খোজকাঢ়ি কন্যা মধ্য বিদ্যালয়লৈ তাই যাব পাৰিব। গিৰীয়েকে আপত্তি নকৰে, তাই কয়।

স্বাস্থ্য সম্পৰ্কত সোধোতে ৰুকচানাই মাত দিয়ে, “তাইৰ শাহুৱেকহঁতৰ পৰা পুৱা ফোনত খবৰ পাইছিলো, তাইৰ তেজ গৈ আছে। মই বাছ ধৰি কিষাণগঞ্জলৈ ওলালো। আমি আটায়ে ভয় খাই কান্দি আছিলো। তাই শৌচ কৰিবলৈ বাহিৰলৈ যায়, তাতেই চাগে বতাহত কিবা যখিনীয়ে লম্ভিলে।” হ’বলগীয়া মাতৃজনীক সুৰক্ষা দিবলৈ বাবা এজনক মাতি অনা হ’ল। ইফালে ঘৰত আচমাই ক’লে যে তাই ডাক্তৰক দেখুওৱা ভাল হ’ব। দ্বিতীয়দিনা তেওঁলোকে আচমাক কিষাণগঞ্জ চহৰৰ ব্যক্তিগত ক্লিনিক এখনলৈ লৈ গ’ল য’ত আলট্ৰাচাউণ্ড কৰি জানিব পৰা গ’ল যে তাইৰ ভ্ৰুণটো অক্ষত অৱস্থাত আছে।

আচমাই নিজৰ সিদ্ধান্তৰ কথা ভাবি হাঁহে যদিও তাইৰ স্মৃতি এতিয়া ধোঁৱাবৰণ ধৰিছে। “মই আৰু মোৰ সন্তানটো সুস্বাস্থ্যৰ অধিকাৰী হোৱাটো বিচাৰিছিলো,” তাই কয়। তাই গৰ্ভনিৰোধকৰ বিষয়ে নাজানে, কিন্তু আমাৰ কথোপকথনে তাইৰ উৎসুকতা বঢ়াইছে। তাই আৰু বেছি জানিব বিচাৰিছে।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদ: পংকজ দাস

Kavitha Iyer

Kavitha Iyer has been a journalist for 20 years. She is the author of ‘Landscapes Of Loss: The Story Of An Indian Drought’ (HarperCollins, 2021).

Other stories by Kavitha Iyer
Illustration : Priyanka Borar

Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper.

Other stories by Priyanka Borar
Editor and Series Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das