ৰাতিৰ আন্ধাৰ আৰু ঝকঝকাই অহা ৰেলগাড়ীলৈ ভয় নকৰা ছোৱালীহঁতে কোনোবা পুৰুষে চাই থকাৰ কথা ভাবি সততে চক্ খাই উঠে।

“ৰাতিৰ ভাগত শৌচ কৰিবলৈ ৰেলৱে ট্ৰেকলৈ যোৱাৰ বাদে উপায় নাথাকে,” ১৭ বছৰ বয়সীয়া নীতু কুমাৰীয়ে কয়।

নীতু পাটনাৰ দক্ষিণফালৰ য়াৰপুৰ অঞ্চলৰ ৯ নম্বৰ ৱাৰ্ড বস্তিৰ অঞ্চলৰ বাসিন্দা। এই থেপাথেপি ঘৰবোৰৰ মাজভাগতে পকী মজিয়া এখনত শাৰী শাৰীকৈ পানীৰ নলবোৰ আছে, এটুকুৰামান কাপোৰ পিন্ধি তাতে বহি দুজন মানুহে গোটেই গাতে চাবোন সানিব ধৰিছে। দহ-বাৰটা ল’ৰা-ছোৱালীয়ে পানীৰ লগত খেলিছে, পিছল পকাখনত টনা-আজোৰা কৰি হাঁহি-খিকিন্দালি কৰি আছে।

৫০ মিটাৰমান দূৰত এটা শৌচালয়ৰ ব্লক আছে। সেইটো চুবুৰীটোৰ ভিতৰতে একমাত্ৰ ব্লক। মহামাৰীৰ কাৰণে এই ৰাজহুৱা সুবিধাখিনি ৰাইজক গতোৱাত পলম হ’ল, দহটা শৌচালয়ৰ দহোটাই তলা লগোৱা আৰু পৰিত্যক্ত। শৌচালয়কেইটা ওখ কৰিবলৈ দিয়া চিৰি দুটাত ছাগলীবোৰে বৈঠক পাতিছে। পিছফালে ৰেলৱে ট্ৰেকবোৰ, তাৰ লগতে জাবৰৰ দমবোৰ। সুচল অৱস্থাত থকা একমাত্ৰ শৌচালয়টোলৈ ১০ মিনিটৰ বাট। আন এটা শৌচালয় ৰেলৱে ট্ৰেক পাৰ হৈ গৈ য়াৰপুৰত আছে, সেইটোলৈকো ১০ মিনিটৰ বাট।

“ল’ৰাহঁতে য’তে-ত’তে যিকোনো সময়তে কৰিব পাৰে। ছোৱালীবোৰে ট্ৰেকলৈ যাবলৈ ৰাতি হোৱালৈ ৰয়,” বিএ প্ৰথম বৰ্ষৰ ছাত্ৰী নীতুৱে কয়। (এই প্ৰতিবেদনত আটাইবোৰ নাম সলনি কৰা হৈছে।) তাই আন ছোৱালীবোৰতকৈ নিজকে সৌভাগ্যৱান বুলিয়ে ভাবে, কিয়নো দিনৰ ভাগত তাই ২০০ মিটাৰমান দূৰৰ তাইৰ খুড়ীয়েকৰ শৌচালয়টো ব্যৱহাৰ কৰে।

“আমাৰ ঘৰতো দুটা কোঠা আছে। এটাত মোৰ ভাইটিটো শোৱে, আনটোত মা আৰু মই শোও। সেয়ে ঘৰত পেড সলোৱাৰ বাবে মোৰ নিজা ব্যক্তিগত ঠাই আছে,” নীতুৱে কয়। “বহু ছোৱালী আৰু মহিলাই নেপকিন সলাবলৈ দিনটো ৰয়, আন্ধাৰ নামিলে ৰেলৱে ট্ৰেকলৈ যায়, সেয়াই তেওঁলোকৰ বাবে আন্ধাৰে সজা কোঠা।”

A public toilet block – the only one in this colony – stands unused, its handover to the community delayed by the pandemic
PHOTO • Kavitha Iyer

গোটেই চুবুৰীটোৰ বাবে বহুওৱা একমাত্ৰ ৰাজহুৱা শৌচালয়ৰ বাকচকেইটা পৰিত্যক্ত অৱস্থাত- মহামাৰীৰ কাৰণে ৰাইজলৈ গতোৱাত পলম হ’ল

তাই থকা চুবুৰীটোৰে ৯ নম্বৰ ৱাৰ্ড আৰু কাষৰ ডাঙৰ য়াৰপুৰ আম্বেদকাৰ নগৰ মিলি স্থানীয় ৰাইজে অনুমান কৰা মতে প্ৰায় ২,০০০ পৰিয়াল থাকে, তাৰে প্ৰায়ভাগেই শ্ৰমিক পৰিয়াল আৰু নীতুৰ দৰে পাটনাৰ দ্বিতীয় প্ৰজন্মৰ বাসিন্দা। বহু দশক পূৰ্বে বিহাৰৰ বিভিন্ন স্থানৰ পৰা কামৰ সন্ধানত তাৰে প্ৰায়ভাগ পৰিয়াল ইয়ালৈ আহিছিল।

য়াৰপুৰ আম্বেদকাৰ নগৰৰ মহিলাসকলে কয় যে তেওঁলোকে বহুদিন ধৰি ছেনিটেৰি নেপকিন ব্যৱহাৰ কৰি আহিছে যদিও অতিমাৰীৰ ফলত জীৱিকাৰ বাট নাইকিয়া হোৱাৰ লগতে টকা-পইছাৰ অভাৱে দেখা দিয়াত তেওঁলোকৰ কিছুমানে পুনৰাই ঘৰতে কাপোৰেৰে তৈয়াৰী নেপকিন ব্যৱহাৰ কৰিবলৈ লৈছে। প্ৰায়ভাগ মহিলাই মন্দিৰ এটাৰ বাৰান্দাতে বহি মোৰ লগত কথা পাতিছে। তেওঁলোকৰ আশে-পাশে শৌচালয় আছে যদিও সেইবোৰৰ কদৰ্য্য, মেৰামতি আৰু চোৱাচিতা কৰা নহয়, ৰাতিৰ ভাগত পোহৰ নাথাকে, তেওঁলোকে কয়।

''সেইটো ট্ৰেকৰ সিটো পাৰে, ৯ নম্বৰ ৱাৰ্ডত, ইয়াতে শৌচালয় নাই,’’ স্কুল বাছত সহায়িকাৰ কাম কৰি মাহে ৩,৫০০ টকা কাম কৰি জীৱিকা নিৰ্বাহ কৰা প্ৰতীমা দেৱীয়ে কয়। কিন্তু ২০২০ৰে পৰা স্কুলবোৰ বন্ধ হৈ আছে। তেতিয়াৰে পৰা তেওঁ কৰ্মহীন হৈ বহি আছে। তেওঁৰ গিৰীয়েকে ৰেস্তোৰাঁ এখনত ৰান্ধনীৰ কাম কৰিছিল, তেওঁকো ২০২০ৰ শেষৰপিনে মালিকে কামৰ পৰা অব্যাহতি দিয়ে।

তেতিয়াৰেপৰা দম্পত্তিহালে য়াৰপুৰৰ ঘাই পথটোত উঠা ৰাস্তাটোত চিঙৰা আৰু বিস্কুট আদি বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছে। প্ৰতীমাই ভাত ৰান্ধিবলৈ পুৱা ৪ বজাতে উঠে, দিনটোত বিক্ৰী কৰিবলগীয়া সামগ্ৰীখিনি কিনে, সাজু কৰে, তাৰপিছত বাচন-বৰ্তন চাফা কৰে আৰু পৰিয়ালটোৰ বাবে আহাৰ প্ৰস্তুত কৰে। ''আগৰ দৰে ১০,০০০-১২,০০০ টকা উপাৰ্জন নহয়, সেয়ে আমি সাৱধানে খৰছ কৰিবলগীয়া হয়,’’ তেওঁ কয়। য়াৰপুৰত ছেনিটেৰি নেপকিন কিনিবলৈ এৰা মহিলাসকলৰ মাজৰ প্ৰতীমাও এগৰাকী।

কলেজত পঢ়ি থকা নীতুৱে কেইবছৰমান আগতে মদপী দেউতাকক হেৰুৱাইছিল। তেওঁৰ মাকে বৰিং ৰোডত কেইঘৰমান লোকৰ ভাত ৰন্ধা কাম কৰে, বস্তিটোৰ পৰা তালৈ পাঁচ কিলোমিটাৰ বাট। চাফাই কৰা কামৰ লগতে আন সৰু-সুৰা কাম কৰি তেওঁ মাহে ৫,০০০-৬,০০০ টকা উপাৰ্জন কৰে।

“আমাৰ চুবুৰীটোত ৮ কি ১০ ঘৰমানৰ ঘৰৰ ভিতৰত নিজা শৌচালয় আছে, বাকীবোৰে ৰেলৱে ট্ৰেকলৈ যায় নাইবা আন ৰাজহুৱা শৌচালয় ব্যৱহাৰ কৰে,” নীতুৱে কয়। নিজা শৌচালয় থকাসকলৰ মাজত তেওঁৰ খুড়ীয়েকহঁতো পৰে। সেইবোৰতো সঠিক নলাৰ ব্যৱস্থা নাই, কোনো পয়ঃপ্ৰণালীৰ নলা-নৰ্দমাৰ সৈতে সেইবোৰ সংযুক্ত নহয়। “ৰাতিৰ ভাগত অসুবিধা পাওঁ, কিন্তু এতিয়া অভ্যাস হৈ গৈছে,” নীতুৱে কয়।

The Ward Number 9 slum colony in Yarpur: 'At night, the only toilet available is the railway track'
PHOTO • Kavitha Iyer

য়াৰপুৰৰ ৯ নম্বৰ ৱাৰ্ড বস্তিটোঃ ‘ৰাতিৰ ভাগত আমাৰ বাবে ৰেলৱে ট্ৰেকেই একমাত্ৰ শৌচালয়’

ৰেলৱে ট্ৰেকলৈ যাবৰ দিনা নীতু সতৰ্ক হৈ থাকে, কাণ থিয় কৰি ৰেলগাড়ীৰ উকি শুনে নেকি চায়, ৰেলৱে ট্ৰেকত কঁপনি উঠিছে নেকি উমান লয়। সেই ট্ৰেকেৰে কোন কোন সময়ত ৰেলগাড়ী আহে, তাইৰ মোটামুটি এটা হিচাপ কৰিব পৰা হৈছে, তাই কয়।

“এয়া নিৰাপদ নহয়, যাব নালাগিলে ভালেই পালোহেঁতেন, কিন্তু তাৰ জানো কিবা বিকল্প আছে? বহু ছোৱালী আৰু তিৰোতাই ট্ৰেকৰ আন্ধাৰতে ছেনিটেৰি নেপকিন সলায়। কেতিয়াবা এনে লাগে পুৰুষবোৰে আমাক চায় আছে,” তাই কয়। ধোৱাটো সম্ভৱ নহয়, কিন্তু ঘৰত সৰহকৈ পানী থাকিলে তাই প্লাষ্টিকৰ সৰু বাল্টি এটাত অকণমান পানী নিয়ে।

যদিওবা তাইক কোনোবাই চাই থকা যেন অনুভৱ কৰে, তথাপি নীতু বা আন কোনো ছোৱালী বা তিৰোতাই ট্ৰেকলৈ যোৱা বাটত যৌন হাৰাশাস্তি সন্মুখীন হোৱাৰ কোনো ঘটনাৰ কথা কোৱা নাই। তেওঁলোক তালৈ যোৱাটো নিৰাপদ নে? নীতুৰ দৰে সকলোৱে তালৈ যোৱাত অভ্যস্ত হৈ পৰিছে আৰু সতৰ্কতাৰ বাবে তেওঁলোকে যোৰা পাতি নাইবা দল বান্ধি যায়।

নীতুৰ মাকে অতিমাৰীৰ সময়ত কেইমাহমানৰ বাবে ছেনিটেৰি নেপকিন কিনা বন্ধ কৰিছিল। “কিন্তু সেয়া অতিকৈ আৱশ্যকীয় বুলি মই কৈছিলো। এতিয়া আমি সেয়া কিনো। কেতিয়াবা স্বেচ্ছাসেৱী সংগঠনবোৰেও দি যায়হি,” নীতুৱে কয়। কিন্তু কোনেও নেদেখাকৈ সেইবোৰ ক’ত কেনেকৈ পেলাব লাগে, সেইটোৱে সমস্যা। “হাতত সেই পেড লৈ ডাষ্টবিন বিচাৰি ফুৰিবলৈ সংকোচ লাগে, সেয়ে বেছিভাগ ছোৱালীয়ে ৰাজহুৱা শৌচাগাৰ বা ৰেলৱে ট্ৰেকতে সেয়া এৰি যায়,” তাই কয়।

সঠিক সময়ত জাবৰ কঢ়িওৱা গাড়ীখন পালে নীতুৱে নিজে তাই ব্যৱহাৰ কৰা নেপকিনবোৰ তাতে পেলায়। নাপালে আম্বেদকাৰ নগৰ বস্তিৰ জাবৰ-জোঁথৰৰ ডাঙৰ ডাষ্টবিনটোলৈ খোজকাঢ়ি যায়। তালৈ ১০ মিনিট খোজকাঢ়ি যোৱাৰ সময় নাথাকিলে তাই সেয়া ট্ৰেকত পেলাই দিয়ে।

Left: Neetu's house is located alongside the railway track. Right: Women living in the colony have to wash and do other cleaning tasks on the unpaved street
PHOTO • Kavitha Iyer
Left: Neetu's house is located alongside the railway track. Right: Women living in the colony have to wash and do other cleaning tasks on the unpaved street
PHOTO • Kavitha Iyer

বাওঁফালেঃ ৰেলৱে ট্ৰেকৰ কাষতে নীতুৰ ঘৰটো । সোঁফালেঃ লনিটোৰ মহিলাসকলে ৰাস্তাতে কাপোৰ আৰু আন বয়-বস্তু ধোৱা-মেলা কৰিবলগীয়া হয়

য়াৰপুৰৰ পৰা তিনি কিলোমিটাৰ দূৰত, দক্ষিণ-কেন্দ্ৰীয় পাটনাৰ হজ ভৱনৰ পিছফালে থকা ছাগাদ্দি মছজিদ ৰোডত এটা মুক্ত নলাৰ দুয়োপাৰে দীঘলীয়া শাৰী শাৰী আধা পকী কৰা ঘৰ কিছুমান আছে। ইয়াতো দীৰ্ঘদিন ধৰি প্ৰব্ৰজনকাৰী শ্ৰমিকসকল থাকে। ইয়াৰে বহুতেই ঘৰৰ বিয়া-সবাহ, বন্ধৰ দিন আদিত বেগুছৰাই, ভগলপুৰ বা খাগাৰিয়া জিলাৰ পৰিয়াল আৰু নিজ ঘৰলৈ উভতে।

নামনিত বাস কৰাসকলৰ মাজৰ আন এগৰাকী হৈছে ১৮ বছৰীয়া পুষ্পা কুমাৰী। ''ইয়ালৈকে পানী উঠে,’’ ধাৰাসাৰ বৰষুণত ঠাইখনত কেনেদৰে জলমগ্ন হৈ পৰে তাকে দেখুৱাবলৈ তাই কঁকালৰ তলত হাতখন দি দেখুৱায়। ''নলাবোৰ উপচি পৰে আৰু আমাৰ ঘৰে-শৌচাগাৰে পানী সোমায়।’’

ইয়াৰে প্ৰায় ২৫০ ঘৰ মানুহৰ ঘৰৰ বাহিৰত শৌচালয় আছে, নলাটোৰ দাঁতিত পৰিয়ালে নিজে সাজিছে। শৌচালয়বোৰৰ পৰা মল-মূত্ৰ পোনে পোনে দুই মিটাৰ বহল নলাটোত পৰে।

কেইঘৰমান এৰি আগত সেয়া ২১ বছৰ বয়সীয়া সোণি কুমাৰীৰ ঘৰ। বাৰিষাকালত কেতিয়াবা গোটেই দিনটো শৌচালয়ৰ পৰা পানী নামি নোযোৱালৈকে ৰৈ থাকিবলগীয়া হয়, তাৰ পিছতহে তাই সেয়া ব্যৱহাৰ কৰিব পাৰে। ৰৈ থকাৰ বাদে তেওঁলোকৰ হাতত আন কোনো উপায় নাথাকে।

খাগাৰিয়া জিলাৰ ভূমিহীন কৃষক পৰিয়ালৰ তেওঁৰ দেউতাক পাটনা পৌৰ নিগমৰ এগৰাকী ঠিকাভিত্তিক অনাময় কৰ্মী। তেওঁ জাবৰ সংগ্ৰহ কৰা গাড়ী এখন চলায় আৰু উপপথবোৰলৈ গৈ জাবৰ সংগ্ৰহ কৰে। ''তেওঁ লকডাউনৰ সমগ্ৰ কালছোৱাত কাম কৰিছে। তেওঁলোকক (তেওঁৰ দলটোক) মাস্ক আৰু চেনিটাইজাৰ দি কামলৈ পঠিওৱা হৈছিল,’’ স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী সোণিয়ে কয়। তেওঁৰ মাকে কাষৰে এঘৰ পৰিয়ালত ধাত্ৰীৰ কাম কৰে। এনেদৰে পৰিয়ালটোৰ মাহিলী আয় প্ৰায় ১২,০০০ টকা হয়।

মুকলি নলাটোৰ সন্মুখতে থকা তেওঁলোকৰ চুবুৰীটোৰ ঘৰৰ মুখে মুখে শৌচালয় আছে আৰু ঘৰৰ পৰিয়ালেহে সেয়া ব্যৱহাৰ কৰে। ''আমাৰটোৰ অৱস্থা তেনেই শোচনীয়, এবাৰ শ্লেবখন নলাত পৰি গৈছিল,’’ পুষ্পাই কয়। পুষ্পাৰ মাক গৃহিণী আৰু দেউতাক এগৰাকী ৰাজমিস্ত্ৰী আৰু নিৰ্মাণখণ্ডৰ শ্ৰমিক, তেওঁ কামৰ কাৰণে বহুমাহ বাহিৰত আছে।

Left: Pushpa Kumari holding up the curtain to her family's toilet cubicle. Right: In the Sagaddi Masjid Road colony, a flimsy toilet stands in front of each house
PHOTO • Kavitha Iyer
Left: Pushpa Kumari holding up the curtain to her family's toilet cubicle. Right: In the Sagaddi Masjid Road colony, a flimsy toilet stands in front of each house
PHOTO • Kavitha Iyer

বাওঁফালেঃ পুষ্পা কুমাৰীয়ে তেওঁলোকৰ ঘৰৰ শৌচালয়টোৰ পৰ্দাখন দাঙি ধৰিছে। সোঁফালেঃ ছাগাদ্দি মছজিদ ৰোড ক’লনিত ঘৰে ঘৰে মুখামুখিকৈ থকা প্লাষ্টিক আদিৰে সজা শৌচালয়

শৌচালয়বোৰ সৰু সৰু বাকচৰ দৰে কোঠালী; এছবেষ্ট’ছ নাইবা টিনপাতেৰে বাঁহৰ খুঁটি দি বনোৱা, বহুতে আকৌ পেলনীয়া ৰাজনৈতিক বেনাৰ, কাঠৰ টুকুৰা, ইটাৰ টুকুৰা কামত খটুৱাইছে। আঠু ভাঁজ কৰি বহিবলগীয়া চীনামাটিৰ বাউলবোৰৰ প্ৰায়ভাগেই ভগা, দাগ থকা নাইবা বখলা-বখলকৈ এৰি যোৱা ধৰণৰ। বাউলবোৰ সামান্য ওখকৈ বহুওৱা হৈছে, কিছুমানত জহি গৈছে। বাকচৰ দৰে এই শৌচালয়বোৰৰ দুৱাৰ নাই, তাত বহিলে মলিয়ন কাপোৰৰ পৰ্দাৰে কোনোমতে লজ্জা ঢাকিব লাগে।

বস্তিটোৰ প্ৰথমটো ঘৰৰ পৰা কেইমিটাৰমান আঁতৰত, ছাগাদ্দি মছজিদ ৰোডটো য’ত শেষ হৈছে তাত এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে। স্কুলখনৰ বাহিৰত দুটা শৌচালয় আছে। অতিমাৰী আৰম্ভ হোৱাৰ দিন ধৰি ২০২০ৰ মাৰ্চৰ পৰা স্কুলখনৰ দৰে শৌচালয় দুটাও বন্ধ হৈ আছে।

এই ক’লনিটোৰ বাসিন্দাসকলে কাষৰে ৰাজহুৱা নলবোৰৰ পৰা পানী সংগ্ৰহ কৰে। তাতে গাৱো ধোৱে। কিছুমান মহিলাই ঘৰৰে পাছফালৰ কোনো এটা চুকত কাপোৰেৰে পৰ্দা দিয়া স্নানাগাৰত কোনোমতে গোপনীয়তা বজাই ৰাখি গা ধোৱে। মই কথা পতা বহু ছোৱালী আৰু কম বয়সীয়া মহিলাই ঘৰৰ বাহিৰতে নাইবা ৰাজহুৱা নলৰ তলত কাপোৰ পিন্ধা অৱস্থাতেই দল বান্ধি গা ধুবলগীয়া হয়।

''আমাৰ কিছুমানে পানী কঢ়িয়াই আনি ঘৰৰ পাছফালৰ চুকত গা ধোৱে। তাতে সামান্য গোপনীয়তা ৰক্ষা হয়,’’ সোণিয়ে কয়।

''এডজাষ্ট কৰি লওঁ আৰু,’’ মুকলিতে গা ধোৱা সম্পৰ্কত পুষ্পাই কয়। ''কিন্তু পানীৰ নলৰ পৰা শৌচালয়লৈকে যোৱাৰ বাটচোৱাত উপায় নাথাকে,’’ হাঁহি হাঁহি তেওঁ কয়। ''নিজৰ নিত্যকৰ্ম কৰিবলৈ যোৱা বুলি সকলোৱে বুজি পায়।’’

Left: During the monsoon, sometimes drain water recedes from the toilet after an entire day. Right: Residents use public taps, which are also bathing areas
PHOTO • Kavitha Iyer
Left: During the monsoon, sometimes drain water recedes from the toilet after an entire day. Right: Residents use public taps, which are also bathing areas
PHOTO • Kavitha Iyer

বাওঁফালেঃ বাৰিষাকালত কেতিয়াবা শৌচালয়ৰ পৰা পানী ওলাই যাওঁতে দিনটো লাগে। সোঁফালেঃ বাসিন্দাসকলে ৰাজহুৱা নল ব্যৱহাৰ কৰে, তাতে গাৱো ধোৱে

পানীৰ আন এটামাত্ৰ উৎস হৈছে চাপকাল , মানে দমকল। গোটেই বস্তিটোৰ অ’ত-ত’ত সেয়া সিঁচৰিত হৈ আছে। একেই পানী (নলা আৰু দমকলৰ) ঘৰুৱা কাম-বন যেনে ৰন্ধা-বঢ়া আৰু খোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। এনজিঅ’ আৰু স্কুলৰ শিক্ষকে বিশুদ্ধ খোৱাপানীৰ পৰামৰ্শ দিয়ে যদিও কোনেও পানী উতলাই নাখায়, ছোৱালীবোৰে কয়।

ছেনিটেৰি নেপকিন ব্যৱহাৰ কৰাটো নিয়ম হৈ পৰিছে, খুব কম ছোৱালীয়েহে কাপোৰ ব্যৱহাৰ কৰে। অৱশ্যে লকডাউনৰ সময়ত দোকান পাবলৈ অলপ টান হৈছিল। বহুতে কয় যে মাকহঁতেই সিহঁতৰ কাৰণে পেড আনে, কিন্তু বেছিভাগ বয়সীয় মহিলাই নিজে কাপোৰহে ব্যৱহাৰ কৰে।

প্ৰায়ে ব্যৱহৃত নেপকিনবোৰ মুকলি নলাটোতে পেলোৱা হয় আৰু এসপ্তাহমান পিছত পলিথিন বা কাগজৰ পৰা এৰাই গ’লে সেয়া উপঙি উঠে। “ব্যৱহৃত পেডবোৰ কাগজেৰে ভালকৈ মেৰিয়াই পৌৰনিগমৰ জাবৰৰ গাড়ীত পেলাবলৈ আমাক কোৱা হয় ঠিকেই, কিন্তু ভালদৰে মেৰিয়াই নিলেও মানুহবোৰে চাই থকা অৱস্থাত কেতিয়াবা পেড হাতত লৈ গৈ জাবৰৰ গাড়ীত পেলাবলৈ যাবলৈ লাজো লাগে,” সোণিয়ে কয়।

স্থানীয় সামূহিক ভৱনটোত মোৰ লগত কথা পাতি থকাৰ ছোৱালীহঁতৰ হাঁহি-খিকিন্দালিৰে ভৰি পৰিছে, কথাৰ মাজতে আৰু বহুত আমোদজনক কথা ওলায়। “মনত আছে যোৱাবাৰ বাৰিষাত পানীৰে ভৰি থকা শৌচালয়টো ব্যৱহাৰ নকৰাকৈ থাকিবলৈ আমি এটা দিন একো খোৱা নাছিলো?” পুষ্পাই ছোৱালীহঁতক মনত পেলাই দিয়াৰ যত্ন কৰে।

“এতিয়া মা-দেউতাই কৰি থকা কাম যাতে আগলৈ কৰি থাকিবলগীয়া নহয়” তাৰ বাবে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছতেই সোণিয়ে কামত নিয়োজিত হ’ব খোজে। তেওঁলোকে কোনোমতে শিক্ষা, অকণমান স্বাস্থ্যসেৱা আৰু আন সুবিধা পাইছে যদিও অনাময়ৰ সমস্যা সদায়েই আছেঃ “বস্তি অঞ্চলত শৌচালয়েই ছোৱালীবোৰৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যা।”

প্ৰতিবেদকৰ টোকা: এই প্ৰতিবেদন প্ৰস্তুতিত কৰা সহায় আৰু ইনপুটৰ বাবে দী ক্ষা ফাউণ্ডেছনলৈ ধন্যবাদ যাঁচিছো। এই ফাউণ্ডেছনে (UNFPA আৰু পাটনা পৌৰ নিগমৰ লগত লগ লাগি) পাটনা চহৰৰ বস্তি অঞ্চলৰ মহিলা আৰু শিশুৰ অনাময় আৰু অনান্য সমস্যা সমাধানৰ কাম কৰে।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদ: পংকজ দাস

Kavitha Iyer

Kavitha Iyer has been a journalist for 20 years. She is the author of ‘Landscapes Of Loss: The Story Of An Indian Drought’ (HarperCollins, 2021).

Other stories by Kavitha Iyer
Illustration : Priyanka Borar

Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper.

Other stories by Priyanka Borar
Editor and Series Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das