বেমাৰ-আজাৰ হ’লে নদীবান্ধটোৰ কৃত্ৰিম জলাশয়েৰে দুঘণ্টাৰ নৌপথ অতিক্ৰম কৰাৰ পিছতহে ডাক্তৰৰ মুখ দেখাৰ আশা কৰিব পাৰি। অন্যথা ওখ পাহাৰ এখনৰ ওখোৰা-মোখোৰা অৰ্দ্ধনিৰ্মিত বাট এটাৰে যাব লাগিব।

কিন্তু প্ৰবা গলৰিৰ নমাহ চলি আছিল, সন্তান প্ৰসৱ কৰাৰ সময় আহি পৰিছিল।

মই কোটাগুড়া চুবুৰীটো পাওঁতে আবেলি ২ বাজিছিল, সন্তানটো নাবাচিব বুলি ভাবি চুবুৰীৰ মানুহবোৰ প্ৰবাৰ জুপুৰীটোত জুম বান্ধিছিল।

৩৫ বছৰীয়া প্ৰবাই তাইৰ প্ৰথমটো সন্তান কোলাতে হেৰুৱাইছিল, তিনিমাহ হৈছিল মাত্ৰ। তেওঁৰ জীয়ৰীজনীৰ বয়স এতিয়া ছবছৰ। বিশেষ একো অসুবিধা নোহোৱাকৈ দুয়োটা শিশুৰে জন্ম ধাইৰ সহায়ত ঘৰতে হৈছিল। ধাই হৈছে পৰম্পৰাগতভাৱে প্ৰসৱৰ সময়ত সহায় কৰি মহিলা। কিন্তু এইবাৰ ধাইৰো দোধোৰ-মোধোৰ অৱস্থা, চাই-চিতি কামটো জটিল হ’ব বুলি তেওঁলোকে বুজি লৈছিল।

সিদিনা মই বাতৰি এটাৰ সন্ধানত কাষৰে গাওঁ এখনত আছিল। তেনেতে মোৰ ফোনটো বাজি উঠিল। বন্ধু এজনৰ মটৰ চাইকেলখন লৈ (মোৰ স্কুটিখনে তেনে ওখোৰা-মোখোৰা বাট বুলিব নোৱাৰিব) ওড়়িশাৰ মলকানগিৰি জিলাৰ অতি বেছি ৬০ জনমান মানুহৰ জনবসতি থকা কোটাগুড়া চুবুৰীলৈ ৰাওনা হ’লো।

চিত্ৰকূট ব্লকত থকা চুবুৰীটো ভাৰতৰ মূল ভূভাগৰ আন আদিবাসী অধ্যূষিত অঞ্চলৰ দৰে দুৰ্গম হোৱাৰ উপৰিও নক্সাল সংগ্ৰামী আৰু ৰাজ্যৰ সুৰক্ষা বলৰ মাজত সঘন সংঘৰ্ষৰো সাক্ষী। ইয়াৰে ভালেমান ঠাইত ৰাস্তা-ঘাট আৰু আন আন্তঃগাঁথনিও তেনেই পুতৌলগা।

To help Praba Golori (left) with a very difficult childbirth, the nearest viable option was the sub-divisional hospital 40 kilometres away in Chitrakonda – but boats across the reservoir stop plying after dusk
PHOTO • Jayanti Buruda
To help Praba Golori (left) with a very difficult childbirth, the nearest viable option was the sub-divisional hospital 40 kilometres away in Chitrakonda – but boats across the reservoir stop plying after dusk
PHOTO • Jayanti Buruda

প্ৰসৱৰ সময়ত জটিলতাই দেখা দিয়া প্ৰবা গলৰি (বাওঁফালে)ক সহায়ৰ বাবে নিকটৱৰ্ত্তী হস্পিতাল বুলিবলৈ মহকুমাৰ হস্পিতালখন আছে, সিখন ৪০ কিলোমিটাৰ দূৰৰ চিত্ৰকূটত অৱস্থিত. কিন্তু আন্ধাৰ লাগিলে জলাশয়টোত ফেৰীসেৱা বন্ধ হয়

কোটাগুড়াৰ সেইকেইটা পৰিয়ালৰ আটায়ে পাৰোজা জনজাতিৰ। তেওঁলোকে ঘাইকৈ আদা, হালধি, মাহজাতীয় শস্যৰ খেতি কৰে। তাৰ লগতে নিজে খাবলৈ ধানখেতি কৰে আৰু তালৈ যোৱা বেপাৰীৰ হাতত বিক্ৰী কৰিবলৈ আন শস্য কিছুমানৰো খেতি কৰে।

নিকটৱৰ্ত্তী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো পাঁচ কিলোমিটাৰ দূৰত জডাম্বো পঞ্চায়তত আছে যদিও ডাক্তৰৰ সাক্ষাৎ অনিয়মীয়া। প্ৰবাৰ প্ৰসৱৰ সময় আছিল ২০২০ৰ আগষ্ট মাহ, সেই সময়ত তলাবন্ধৰ চলি থকা বাবে স্বাস্থ্যকেন্দ্ৰটোও বন্ধ আছিল। কুৰুমুলুগুমা গাঁৱৰ সামূহিক স্বাস্থ্যকেন্দ্ৰটো ১০০ কি.মি. দূৰত। কিন্তু এইবাৰ প্ৰবাৰ ছাৰ্জাৰি কৰিবলগা হ’ব, যিটোৰ সুবিধা সামূহিক স্বাস্থ্যকেন্দ্ৰত নাই।

সেয়ে নিকটৱৰ্ত্তী উপায় হিচাপে থাকিলগৈ ৪০ কি.মি. দূৰৰ চিত্ৰকূটত থকা মহকুমা হস্পিতালখন। কিন্তু চিত্ৰকোণ্ডা/বালিমেলা জলাশয়ৰ ফেৰিৰ চলাচল সন্ধ্যা লাগিলে বন্ধ হয়। আকৌ ওখ পাহাৰৰ ওপৰেৰে থকা ৰাস্তাটোৰ বাবে মটৰ চাইকেল লাগিব, নাইবা অতিশয দুৰ্গম বাট খোজকাঢ়ি যাব লাগিব। নমহীয়া সন্তানসম্ভৱা প্ৰবাৰ ক্ষেত্ৰত দুয়োটা বিকল্পই কোনো কাৰণতে উচিত নহয়।

মলকানগিৰি জিলা সদৰত মোৰ পৰিচয় থকা মানুহৰ পৰা সহায় বিচাৰিলো, কিন্তু সেই দুৰ্গম ৰাস্তাৰে এম্বুলেন্স পঠিওৱাটো টান হ’ব। জিলা হস্পিতালখনৰ এখন নৌ-এম্বুলেন্স সেৱাৰ ব্যৱস্থা আছে যদিও তলাবন্ধৰ কাৰণে সিখনো আহিব নোৱাৰে।

কেনেবাকৈ স্থানীয় আশাকৰ্মী (স্বীকৃতিপ্তাপ্ত সামাজিক স্বাস্থ্যকৰ্মী) এগৰাকীক এখন ব্যক্তিগত পিক-আপ ভেন লৈ আহিবলৈ সৈমান কৰালো। ১২০০ টকা ভৰিবলগীয়া হ’ল। আশাকৰ্মীগৰাকী পিছদিনা পুৱা আহিব বুলি ক’লে।

The state's motor launch service is infrequent, with unscheduled suspension of services. A privately-run boat too stops plying by evening. So in an emergency, transportation remains a huge problem
PHOTO • Jayanti Buruda

ৰাজ্যিক ফেৰিসেৱা অনিয়মীয়া। যেতিয়াই-তেতিয়াই বন্ধ হৈ থাকে। ব্যক্তিগত নাও এখন চলে যদিও আবেলি চলাচল বন্ধ কৰা হয়। সেয়ে বিপদৰ সময়ত যাতায়ত কৰাটো ডাঙৰ সমস্যা হৈ পৰে।

আমি যাত্ৰাৰম্ভ কৰিলো। প্ৰবাক নি থকা ভেনখন পাহাৰৰ ওপৰলৈ উঠা নিৰ্মীয়মান বাটতে বিকল হ’ল। তেনেতে সীমান্ত সুৰক্ষা বলৰ ট্ৰেক্টৰ এখনে খৰি বিচাৰি অহা দেখি সহায়ৰ বিচাৰিলো। তেওঁলোকে আমাক পাহাৰৰ ওপৰত থকা বিএছএফ শিবিৰ এটালৈ লৈ গ’ল। হাণ্টালগুড়াৰ শিবিৰটোৰ বিষয়াগৰাকীয়ে প্ৰবাক চিত্ৰকূটৰ মহকুমা হস্পিতাললৈ নিয়াৰ ব্যৱস্থা কৰি দিলে।

হস্পিতালত কৰ্মচাৰীয়ে ক’লে যে তেওঁক মলকানগিৰি সদৰ জিলালৈ নিব লাগিব, সেইখন ৬০ কিলোমিটাৰ দূৰত। বাহনৰ ব্যৱস্থা কৰাত তেওঁলোকে সহায় কৰি দিলে।

মই যিদিনা কোটাগুড়ালৈ ততাতয়াকৈ গৈছিলো, তাৰ পিছদিনা আবেলি পলমকৈ গৈ জিলা হস্পিতাল পালো।

ডাক্তৰ আৰু চিকিৎসাকৰ্মীয়ে প্ৰবাৰ প্ৰসৱৰ চেষ্টা চলালে, এনেকৈ তিনিটা দিন প্ৰবাই জীয়াতু ভূগিলে। শেষত যেনিবা আমাক জনোৱা হ’ল যে তেওঁৰ চিজাৰিয়ান অপাৰেচন কৰাব লাগিব।

সেয়া আছিল ১৫ আগষ্ট। প্ৰবাই সেইদিনা আবেলি ল’ৰা সন্তান এটি প্ৰসৱ কৰিলে। কেঁচুৱাটো দেখাত স্বাস্থ্যৱান, ওজন তিনি কিলো। কিন্তু ডাক্তৰে ক’লে যে কেঁচুৱাটোৰ অৱস্থা গুৰুতৰ, মলবোৰ বাহিৰলৈ যোৱা বাট বন্ধ হৈ আছে, জৰুৰীভাৱে চাৰ্জাৰী কৰা আৱশ্যক। কিন্তু মলকানগিৰি সদৰ জিলা হস্পিতালখনত চাৰ্জাৰীৰ সুবিধা নাছিল।

কেঁচুৱাটোক চাৰ্জাৰীৰ সেইখিনি সুবিধা দিয়াবলৈ ১৫০ কিলোমিটাৰ দূৰৰ কোৰাপুতত থকা ছহিদ লক্ষ্মণ নায়ক মেডিকেল কলেজ হস্পিতালত ভৰ্ত্তি কৰাব লাগিব।

Kusama Naria (left), nearly nine months pregnant, walks the plank to the boat (right, in red saree) for Chitrakonda to get corrections made in her Aadhaar card
PHOTO • Jayanti Buruda
Kusama Naria (left), nearly nine months pregnant, walks the plank to the boat (right, in red saree) for Chitrakonda to get corrections made in her Aadhaar card
PHOTO • Jayanti Buruda

আধাৰ কাৰ্ডৰ শুধৰণি কৰাৰ বাবে চিত্ৰকূটলৈ যাবলৈ ওলোৱা নমহীয়া গৰ্ভৱতী কুসুমা নাৰিয়া (বাওঁফালে)য়ে নাওখনত উঠিবলৈ তক্তাখনেৰে পাৰ হৈছে (সোঁফালে, ৰঙা শাড়ীত)

কেঁচুৱাটোৰ পিতৃ পদু গলৰি তেতিয়ালৈ বিবুদ্ধিত পৰিছিল, ইফালে কেঁচুৱাৰ মাক অচেতন অৱস্থাতে আছিল। সেয়ে আশাকৰ্মীগৰাকী (যিয়ে ভেন লৈ কোটাগুড়া চুবুৰীলৈ আহিছিল) আৰু মই কেঁচুৱাটোক কোৰাপুতলৈ লৈ গ’লো। ১৫ আগষ্টৰ দিনা তেতিয়া সন্ধিয়া ৬ বাজিছিল।

আমি তিনি কিলোমিটাৰমান অতিক্ৰম কৰিছিলোহে মাত্ৰ, হস্পিতালৰ এম্বুলেন্সখন বিকল হৈ পৰিল। আন এখনৰ ব্যৱস্থা কৰিলো, সেইখনো ৩০ কিলোমিটাৰ বাট যোৱাৰ পিছত বেয়া হৈ থাকিল। কলহৰ কাণে ঢলা বৰষুণত গেজেপনি মৰা হাবিৰ মাজেৰে যোৱা ৰাস্তাটোত আন এখন এম্বুলেন্স অহালৈ বাট চালো। শেষত যেনিবা আমি কোৰাপুত পালো, মাজনিশা, তলাবন্ধৰ মাজতে।

তাতে ডাক্তৰে কেঁচুৱাটোক সাতদিন চিকিৎসা নিৰীক্ষণৰ বাবে আইচিইউত ৰাখিলে। এইখিনি সময়তে আমি প্ৰবাক (লগত পদু আহিল) বাছ এখনত কোৰাপুতলৈ লৈ আহিলো যাতে তাই নিজৰ সন্তানটিক এসপ্তাহৰ অন্তত প্ৰথমবাৰৰ বাবে চাব পাৰে। তাৰপিছত ডাক্তৰে ক’লে যে শিশু শল্যচিকিৎসাৰ বাবে বিশেষজ্ঞৰ প্ৰয়োজন হ’ব আৰু তেওঁলোকৰ সেইখিনি সুবিধা নাই।

কেঁচুৱাটোক আন এখন হস্পিতাললৈ নিব লাগিব। সেয়া হৈছে প্ৰায় ৭০০ কিলোমিটাৰ দূৰৰ বেৰহামপুৰ (ব্ৰহ্মপুৰ বুলিও জনা যায়)স্থিত এমকেচিজি মেডিকেল কলেজ আৰু হস্পিতাল। আমি আন এখন এম্বুলেন্স যোগাৰ কৰিলো আৰু আন এক দীঘলীয়া যাত্ৰাৰ বাবে কঁকালত টঙালি বান্ধিলো।

এম্বুলেন্সখন ৰাজ্যিক কেন্দ্ৰ এটাৰ পৰা আহিল, কিন্তু অঞ্চলটো স্পৰ্শকাতৰ হোৱা হেতুকে আমি প্ৰায় ৫০০ টকা খৰছৰ বাবদ দিবলগীয়া হ’ল। (মই আৰু মোৰ বন্ধুজনে এই খৰছৰ দায়িত্ব ল’লো, আমি হস্পিতাললৈ কেবাদিনীয়া যাত্ৰাৰ বাবদ সৰ্বমূঠ ৩,০০০-৪০০০ মান টকা খৰছ কৰিছিলো)।

People of Tentapali returning from Chitrakonda after a two-hour water journey; this jeep then takes them a further six kilometres to their hamlet. It's a recent shared service; in the past, they would have to walk this distance
PHOTO • Jayanti Buruda

চিত্ৰকূটৰ পৰা ঘূৰি অহা দুঘণ্টাৰ নৌযাত্ৰাৰ অন্তত টেণ্টাপালিৰ মানুহবোৰ; নিজৰ চুবুৰীলৈ বাকী থকা আন ছয় কিলোমিটাৰ বাট এই জীপখনেৰে যাব। এনেকৈ আটায়ে ভাড়া কৰিব পৰা জীপখন অহা বেছিদিন হোৱা নাই, আগতে তেওঁলোকে সেইচোৱা বাট খোজকাঢ়িয়েই গৈছিল

তেতিয়ালৈ আমি চিত্ৰকূট, মলকানগিৰি সদৰ, কোৰাপুত আৰু বেৰহামপুৰ- এই চাৰি হস্পিতাললৈ ভেন, ট্ৰেক্টৰ, একাধিক এম্বুলেন্স আৰু বাছেৰে প্ৰায় ১,০০০ কিলোমিটাৰ বাট বাই সাক্ষাৎ কৰিছিলো।

চাৰ্জাৰী জটিল হ’ব, আমাক জনোৱা হ’ল। কেঁচুৱাটোৰ হাওঁফাওঁ ক্ষতিগ্ৰস্ত হৈছিল আৰু তাৰে এটা অংশ চাৰ্জাৰী কৰি আঁতৰাব লাগিব। ইতিমধ্যে পেটৰ অস্ত্ৰোপচাৰ কৰি মলবোৰ উলিয়াব পৰা কৰা হৈছিল। নিয়মিত মল উলিয়াব পৰা কৰিবলৈ আন এটা অস্ত্ৰোপাচৰৰ প্ৰয়োজন আছিল। কিন্তু কেঁচুৱাটোৰ ওজন আঠ কিলোগ্ৰাম হোৱাৰ পিছতহে সেয়া কৰিব পৰা যাব।

মই যেতিয়া পৰিয়ালটোৰ খবৰ লৈছিলো, কেঁচুৱাটোৰ আঠ মাহ হৈছিল, কিন্তু আৱশ্যকীয় ওজন হোৱা নাছিল। এটা অস্ত্ৰোপচাৰ তেতিয়াও বাকী আছিল।

শিশুটিৰ জন্মৰ এমাহ পিছত, ইমানবোৰ আহুকালৰ সন্মুখীন হোৱাৰ পিছতো, মোক তেওঁলোকে নাম গণনা পৰ্বলৈ মাতিলে। মই তাৰ নাম দিলো মত্যুঞ্জয়, মৃত্যুক যিয়ে জয় কৰিছে। সেয়া আছিল ২০২০ৰ ১৫ আগষ্ট, ভাৰতৰ স্বাধীনতা দিৱস। তাৰ কপালতো সেই দোভাগ ৰাতিৰ বিধিৰ বিধানেই লিখা আছিল আৰু নিজৰ মাকৰ দৰে সিওঁ বিজয়ী হৈ আহিছিল।

*****

প্ৰবাৰ বাবে সেইখিনি সময় জীৱনৰ কঠোৰ অগ্নিপৰীক্ষাৰ দৰেই আছিল। আচলতে, কেৱল প্ৰবাই নহয়, জনস্বাস্থ্য আৰু বুনিয়াদী সা-সুবিধা তেনেই চালুকীয়া অৱস্থাত থকা মলকানগিৰি জিলাৰ বহু দূৰণিবটীয়া আদিবাসী চুবুৰীৰ মহিলাই তেনে বিপজ্জনক পৰিস্থিতিৰ সৈতে নিতৌ যুঁজি আহিছে।

মলকানগিৰিৰ ১,০৫৫ খন গাঁৱৰ মুঠ জনসংখ্যাৰ ৫৭ শতাংশ পাৰোজা আৰু ক’য়া অনুসূচিত জনজাতিৰ লোকৰ বাসস্থান। এই জনজাতিকেইটাৰ লগতে অঞ্চলটোৰ সংস্কৃতি, পৰম্পৰা আৰু প্ৰাকৃতিক সম্পদ বিভিন্ন কামত ব্যৱহৃত আৰু উদযাপিত হৈ আহিছে যদিও স্বাস্থ্যসেৱা খণ্ডৰ অভাৱ পূৰণৰ দিশটো সততে উপেক্ষা কৰি অহা হৈছে। পাহাৰ, অৰণ্য আৰু জলাশয়েৰে ভৰা ভূ-প্ৰাকৃতিক বিন্যাস, দীৰ্ঘদিনীয়া সংঘৰ্ষ আৰু চৰকাৰী অৱহেলাই এই গাওঁ আৰু চুবুৰীবোৰত মানুহৰ জীৱন বচোৱা সেৱাবোৰ তেনেই চালুকীয়া কৰি ৰাখিছে।

People of Tentapali returning from Chitrakonda after a two-hour water journey; this jeep then takes them a further six kilometres to their hamlet. It's a recent shared service; in the past, they would have to walk this distance
PHOTO • Jayanti Buruda

‘আমাৰো যে অন্তৰ এখন আছে, আমিও যে দুখ-কষ্ট অনুভৱ কৰো, সেইকথা পুৰুষবোৰে বুজি নাপায়। সিহঁতে ভাবে যে আমি সন্তান জন্ম দিবলৈয়ে জন্ম পাইছো’

মলকানগিৰি জিলাৰ অতিকমেও ১৫০ খন গাঁৱত স্থলপথেৰে যোগাযোগ নাই (ওড়়িশাত স্থলপথৰ সংযোগ নথকা গাঁৱৰ সংখ্যা ১,২৪২ খন; পঞ্চায়তী ৰাজ আৰু পেয় জল মন্ত্ৰী প্ৰতাপ জেনাই ২০২০ৰ ১৮ ফেব্ৰুৱাৰীত ৰাজ্যিক বিধানসভাত কোৱা কথা)।

কোটাগুড়়াৰ পৰা দুই কিলোমিটাৰ দূৰত্বৰ টেণ্টাপালিও স্থলপথেৰে ঢুকি নোপোৱা গাওঁবোৰৰ মাজৰে এখন। “মহাশয়, পানীয়ে আমাক চাৰিওফালৰ পৰা বন্দী কৰি ৰাখিছে, আমি মৰোঁ-জীওঁ, কোনেনো কেৰেপ কৰে?” জীৱনৰ ৭০ টা বছৰ টেণ্টাপালিত কটোৱা কমলা খিল্লোৱে কয়। “আমি কেৱল পানী দেখিয়েই জীৱনটোৰ বেছিভাগ সময় কটালো, এই পানীয়েই তিৰোতা আৰু ছোৱালীবোৰৰ দুখ-দুৰ্দশা দুগুণ কৰিছে।”

আন গাওঁবোৰলৈ যাবলৈ জোডাম্বো পঞ্চায়তৰ জলাশয়ৰ আশে-পাশে থকা টেণ্টাপালি, কোটাগুড়া আৰু আন তিনিটা চুবুৰীৰ লোকে যন্ত্ৰচালিত নাৱেৰে ৯০ মিনিটৰ পৰা চাৰিঘণ্টা পৰ্য্যন্ত নৌযাত্ৰা কৰে। ৪০ কিলোমিটাৰ দূৰত থকা চিত্ৰোকোণ্ডাৰ স্বাস্থ্যকেন্দ্ৰ পাবলৈ নাৱেৰে সেয়াই ভাল পথ। ১০০ কিলোমিটাৰ দূৰত থকা সামূহিক স্বাস্থ্যকেন্দ্ৰ পাবলৈ ইয়াৰে বাসিন্দাই নাৱেৰে গৈ তাৰপিছত বাছ নাইবা জীপ ভাড়া কৰি যাব লাগে।

জলসম্পদ বিভাগৰ ফেৰি সেৱা নিৰ্ভৰযোগ্য নহয়, সঘনে সেৱা বন্ধ হৈ থাকে। তাতে আকৌ এই চৰকাৰী ফেৰি দিনটোত এবাৰেই অহা-যোৱা কৰে। ব্যক্তিগত যন্ত্ৰচালিত নৌসেৱা আছে যদিও তাৰ ভাড়া ৰাজ্যিক সেৱাৰ ১০ গুণ, টিকটে প্ৰতি ২০ টকা। সন্ধিয়া হোৱাৰ আগেয়ে তেওঁলোকেও নাও নচলোৱা হয়। সেয়ে বিপদৰ সময়ত যাতায়ত এক ডাঙৰ সমস্যা হৈ পৰে।

“সেয়া আধাৰেই হওঁক বা ডাক্তৰৰ দেখা কৰা কামেই হওঁক, ইয়াৰ ওপৰতে (যাতায়তৰ মাধ্যম) আমি ভৰসা কৰিব লাগে। একেটা কাৰণতে মহিলাবোৰৰ বহুতেই প্ৰসৱৰ বাবে হস্পিতাললৈ যাবলৈ আগ্ৰহ প্ৰকাশ নকৰে,” কোটাগুড়াৰ ২০ বছৰীয়া মাতৃ কুসুমা নাৰিয়াই কয়।

Samari Khillo of Tentapali hamlet says: 'We depend more on daima than the medical [services]. For us, they are doctor and god’
PHOTO • Jayanti Buruda
Samari Khillo of Tentapali hamlet says: 'We depend more on daima than the medical [services]. For us, they are doctor and god’
PHOTO • Jayanti Buruda

টেণ্টাপালি চুবুৰীৰ সমাৰি খিল্লোই কয়ঃ ‘আমি মেডিকেলতকৈ বেছি ধাইমাহঁতৰ ওপৰতে নিৰ্ভৰ কৰোঁ। আমাৰ বাবে তেওঁলোকেই ডাক্তৰ আৰু ভগৱান।’

এতিয়া আশাকৰ্মীসকলে এই আওহতীয়া ঠাইবোৰলৈ অহা কৰিছে। কিন্তু ইয়াৰে আশাকৰ্মীসকল ইমান অভিজ্ঞ বা তথ্যবিজ্ঞ নহয়। তেওঁলোকে গৰ্ভৱতী মহিলালৈ আইৰনৰ বড়ি, ফলিক এচিডৰ টেবলেট আৰু শুকান খাদ্য আদি দিবলৈ মাহেকত এবাৰ কি দুবাৰ আহে। শিশুৰ টিকাকৰণ ঠায়ে ঠায়ে হয় যদিও সেয়া অসম্পূৰ্ণ। কেতিয়াবা কোনো মহিলাৰ প্ৰসৱত জটিলতাই দেখা দিলে তেওঁলোকে হস্পিতাললৈ নিয়াত সংগ দিয়ে।

ইয়াৰ গাওঁবোৰত নিয়মীয়া আলোচনা বা সজাগতা সভা অনুষ্ঠিত নহয়, মহিলা আৰু কিশোৰীবোৰৰ স্বাস্থ্যবিষয়ক সমস্যাক লৈও কোনো আলোচনা নহয়। আশাকৰ্মীয়ে সভা পাতিলে স্কুলঘৰতে পাতে যদিও কোটাগুড়াত স্কুল নথকাত সেয়াও নহয়গৈ (অৱশ্যে টেণ্টাপালিত এখন আছে, শিক্ষক নিয়মীয়া নহয়)। ইফালে অংগনবাদী ঘৰটোৰ নিৰ্মাণো অসম্পূৰ্ণ হৈ আছে।

সেই অঞ্চলটোৰ এগৰাকী আশাকৰ্মী জমুনা খাড়াই কয় যে জডাম্বো পঞ্চায়তৰ জনস্বাস্থ্য কেন্দ্ৰটোত কেৱল সৰু-সুৰা বেমাৰৰহে চিকিৎসা হয় আৰু গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত নাইবা জটিলতাই দেখা দিয়া পৰিস্থিতিৰ মোকাবিলাৰ বাবে কোনো সুবিধা নাই। সেয়ে তেওঁলোকে চিত্ৰকোণ্ডাৰ সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়াটোৱে পচন্দ কৰে। “কিন্তু সেইখন বহু দূৰত আছে আৰু ৰাস্তাৰে ঢুকি নাপায়। নাৱেৰে যোৱাটোও বিপদসংকূল। চৰকাৰী ফেৰি সকলো সময়তে নচলে। সেয়ে বছৰ বছৰ ধৰি আমি ধাইমাৰ ওপৰতে নিৰ্ভৰ কৰি আহিছো (সন্তান প্ৰসৱ কৰোৱাত পৰম্পৰাগতভাৱে সহায় কৰি অহা ধাত্ৰী)।”

টেণ্টাপালি চুবুৰীৰ পাৰোজা আদিবাসী সম্প্ৰদায়ৰ সমাৰি খিল্লোই সেইকথাই নিশ্চিত কৰি কয়ঃ “আমি মেডিকেলতকৈ বেছি ধাইমাহঁতৰ ওপৰতে নিৰ্ভৰ কৰোঁ। মই তিনিটা সন্তান ধাইৰ সহায়তেই জন্ম দিছিলো, আমাৰ গাঁৱত তিনিগৰাকী ধাইমা আছে।”

গাতে লাগি থকা ১৫ টা চুবুৰীৰ মহিলাইও বধাকি দকাৰিৰ ওপৰত নিৰ্ভৰ কৰে, ধাইমাক স্থানীয় ভাষাত মতা নাম। “তেওঁলোক আমাৰ বাবে আশীৰ্বাদস্বৰূপ, কিয়নো তেওঁলোকৰ বাবেই আমি হস্পিতাললৈ নোযোৱাকৈয়ে নিৰাপদে মাতৃত্ব লাভ কৰো,” সমাৰিয়ে কয়। “আমাৰ বাবে তেওঁলোকেই ডাক্তৰ আৰু ভগৱান। তেওঁলোকে নিজে নাৰী, সেয়ে আমাৰ যন্ত্ৰণা বুজি পায়। আমাৰো যে অন্তৰ এখন আছে, আমিও যে দুখ-কষ্ট অনুভৱ কৰো, সেইকথা পিছে পুৰুষবোৰে বুজি নাপায়। সিহঁতে ভাবে যে আমি সন্তান জন্ম দিবলৈয়ে জন্ম পাইছো।”

Gorama Nayak, Kamala Khillo, and Darama Pangi (l to r), all veteran daima (traditional birth attendants); people of around 15 hamlets here depend on them
PHOTO • Jayanti Buruda

গৰামা নায়ক, কমলা খিল্লো আৰু দৰামা পাংগি (ক্ৰমে বাওঁফালৰ পৰা সোঁফাললৈ), আটাইকেইগৰাকী অভিজ্ঞ ধাইমা (সন্তান প্ৰসৱত পৰম্পৰাগতভাৱে সহায় কৰি অহা মহিলা) ; প্ৰায় ১৫ টা চুবুৰীৰ লোকে এই তিনিগৰাকী ধাইমাৰ ওপৰতে নিৰ্ভৰ কৰে

আকৌ এইসকল ধাইমায়ে গৰ্ভধাৰণ কৰিব নোৱাৰা মহিলাক স্থানীয় ঔষধি দিয়ে। সেই দৰৱে কামত নিদিলে গিৰীয়েকবোৰে আকৌ বিয়া পাতে।

১৩ বছৰ বয়সতে বিয়া হোৱা কুসুমা নাৰিয়াৰ বয়স ২০ বছৰ হয় মানে তিনিটা সন্তান জন্ম পায়। গৰ্ভনিৰোধৰ কথা বাদেই, তেওঁ মাহেকীয়াৰ কথাই নাজানিছিল। “মই তেতিয়া সৰু আছিলো আৰু একো নাজানিছিলো,” তেওঁ কয়। “কিন্তু যেতিয়া মাহেকীয়া আৰম্ভ হ’ল, মায়ে মোক কাপোৰ ব্যৱহাৰ কৰিবলৈ ক’লে আৰু মই ডাঙৰ হ’লো বুলি কৈ মোক ততাতয়াকৈ বিয়া দিলে। শাৰীৰিক সম্পৰ্কৰ বিষয়ে মই একো জনা নাছিলো। প্ৰথমবাৰ সন্তান জন্ম দিওঁতে তেওঁ মোক হস্পিতালত অকলে এৰি গ’ল, সন্তানটো মৰা-বচাক লৈ তেওঁৰ ভ্ৰুক্ষেপ নাছিল, কিয়নো সেয়া আছিল কন্যাসন্তান। কিন্তু মোৰ ছোৱালীজনী বাচিল।”

কুসুমাৰ আন দুটা পুত্ৰসন্তান। “কেইদিনমান পিছত যেতিয়া মই দ্বিতীয় সন্তান নিবিচৰাৰ কথা ক’লো, মোক বেয়াকৈ মাৰপিট কৰা হ’ল, কিয়নো তেওঁলোকে পুত্ৰসন্তানৰ আশা কৰি আছিল। মোৰ কিম্বা মোৰ স্বামীৰ দৱাই (গৰ্ভনিৰোধক)ক লৈ কোনো ধাৰণাই নাছিল। জানিলে মই কেতিয়াও কষ্ট ভূগিবলগা নহ’লহেঁতেন। কিন্তু মই বিৰোধ কৰা হ’লে মোক ঘৰৰ পৰা উলিয়াই দিলেহেঁতেন।”

কোটাগুড়াৰ প্ৰবাৰ ঘৰৰ পৰা কুসুমাৰ ঘৰ তামোল এখনৰ বাট। আন এদিন তাই মোক ক’লেঃ “মই যে জীয়াই আছো বিশ্বাস নহয়। সেই কালধুমুহা মই কেনেকৈ পাৰ হ’লো নাজানো। অসহ্য যন্ত্ৰণাত ছটফটাই আছিলো, মোক তেনেদৰে দেখি মোৰ ভাইটোৱেও কান্দি আছিল। তাৰপিছত ইখনৰ পিছত সিখন হস্পিতাললৈ যোৱা আৰু তাৰপিছত মোৰ এই সন্তানটো, তাৰপিছত আকৌ ভালেকেইদিনলৈ সন্তানটিক চাবলৈ নোপোৱা। সেই দুখ-যন্ত্ৰণাৰ সময়খিনি মই কেনেকৈ পাৰ কৰি আহিলো মই নাজানো। এনে অভিজ্ঞতা ইশ্বৰে কাকো নিদিয়ক, প্ৰাৰ্থনা কৰিছো। কিন্তু আমি পাহাৰীয়া ছোৱালীবোৰৰ জীৱনবোৰ এনেকুৱাই।”

মৃত্যুঞ্জয়ক জন্ম দিওতে হোৱা প্ৰবাৰ অভিজ্ঞতা- চৌপাশৰ গাওঁবোৰৰ আন বহু মহিলাৰ জীৱনবোৰ- ভাৰতৰ জনজাতি অধ্যূষিত এই অঞ্চলবোৰত মহিলাই কেনেকৈ সন্তান জন্ম দিয়ে- এই কথা আৰু কাহিনীবোৰ অবিশ্বাস্য। কিন্তু আমাৰ মলকানগিৰিত কি হৈ আছে সেয়া কোনোবাই ভ্ৰূক্ষেপো কৰে জানো?

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc- [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক - [email protected]

অনুবাদঃ পংকজ দাস

Jayanti Buruda

Jayanti Buruda of Serpalli village in Malkangiri, Odisha, is a full-time district reporter for Kalinga TV. She focuses on stories from rural areas, and on livelihoods, culture and health education.

Other stories by Jayanti Buruda
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das