তাই পদপথত শুদা হাতে থিয় হৈ আছে। যেন শোকৰ এক প্ৰতীমা। সিহঁতৰ আক্ৰোশপূৰ্ণ হাতোৰাৰ পৰা কিবা বচোৱাৰ আশাত তাই নাছিল। কিমান কি হেৰুৱালে, তাৰেও হিচাপ তাই ৰাখিব পৰা নাছিল। তেনেকুৱা এটা অৱস্থাতে তাই নাছিল। চকুৰ আগতে তাই যি হেৰুৱালে, তাকে দেখি তাইৰ মনত কত যে ভাৱনাই খেলা ফাঁক। প্ৰথমে তাইৰ বিশ্বাস হোৱা নাছিল, ভয় খাইছিল, খং উঠিছিল, প্ৰতিৰোধৰ ভাৱ জাগিছিল। শেষত গৈ হতাশাৰ গধুৰ বোজাই তাইক বিৱশ কৰি তুলিছিল। এতিয়া ৰাস্তাৰ কাষত ৰৈ থকা আন বহুতৰ দৰে তায়ো সেই ধ্বংসকাৰ্য্য চাই ৰৈছে। চকুৰ পানী গোট মাৰি বৰফ হৈছে, বুকুত শোকে খুন্দা মাৰি ধৰিছে। বুলড’জাৰৰ হাতোৰাই তাইৰ জীৱনটো যেন নেফানেফ কৰি পেলাইছে। কেইদিননো হৈছিল, হিংসাই সিহঁতক ছিৰাছিৰ কৰি পেলোৱা, সেয়া কি কম পৰিছিল।

এতিয়া কিছুদিনৰ বাবে সময়বোৰ সলনি হৈ গৈছে, নাজমাই জানিছে। চুবুৰীয়া ৰশ্মিৰ ঘৰলৈ দৈৰ কাৰণে কিবা অলপ আনিবলৈ যাওঁতে তাই যেনেকৈ নাজমাক চাইছিল, কেৱল সিমানতে এয়া সীমাবদ্ধ নাছিল। শ্বাহিন বাগত প্ৰতিবাদকাৰী মহিলাৰ দলটোত সোমোৱাৰ পিছত সদায়ে ৰাতি টোপনিত তাইৰ পিছ নেৰা সেই দুঃস্বপ্ন য’ত গভীৰ খাৱৈৰে আগুৰা এটুকুৰা মাটিত তাই নিজকে পাইছিল, সিমানতো শেষ হোৱা নাছিল। তাইৰ মনৰ মাজতো আন্ধাৰ খাৱৈয়ে বাহ লৈছিল, কিবা এটা সলনি হৈছিল। তাই নিজকে চোৱাৰ, তাইৰ ছোৱালীকেইজনী, তাইৰ দেশখনৰ প্ৰতি অনুভূতিবোৰ সলনি হৈছিল। তাই মনত ভয় সোমাইছিল।

নিজৰ বুলি ভবাখিনি টানি-আঁজুৰি লৈ যোৱাৰ এই ঘটনা তাইৰ পৰিয়ালত এয়াই প্ৰথম নহয়। সাম্প্ৰদায়িক হিংসাৰ লেলিহান শিখাই এদিন তাইৰ আইতাককো দহিছিল, তাই জানে। এটা সৰু আঙুলিয়ে তাইৰ চুৰ্ণীখন চুইছিল। তাই ঘূৰি চাইছিল, অসহায় এহাল চকুৱে তাইলৈ চাই মিচিকিয়াই হাঁহিছিল। তেতিয়াই তাইৰ চিন্তাবোৰ আকৌ এবাৰ বনৰীয়া হৈ পৰিল…

প্ৰতিষ্ঠা পাণ্ড্যাই কৰা কবিতাটোৰ পাঠ শুনিব পাৰে

বনৰীয়া ফুল

গধুৰ ধাৰাল ব্লেডবোৰে
খহাই নিছে এফালৰ পৰা ঘৰবোৰ
পুৰণি স্মৃতিবোৰ মোহাৰি নিছে
মছজিদ-মিনাৰবোৰ ভাঙিছে।
তেওঁলোকে পুৰণি সেই বৰগছজোপাও উঘালি পেলাব পাৰে
চৰাইবোৰক অঘৰী কৰিব পাৰে
ৰাস্তাৰ প্ৰতিটো শিল আঁতৰাব পাৰে,
পিষ্ট কৰি সমান কৰিব জানে
বুলেট ট্ৰেইনৰ বাট উলিয়াব জানে,
যুদ্ধভূমি সাজু কৰি
ক’ৰপৰা কৰা হ’ব গুলিচালনা,
তাৰে পজিশ্যন ঠিক কৰি ল’ব জানে,
লোহাৰ সেই পাষাণ হাতোৰাৰে
সিহঁতে সকলো বাধা অতিক্ৰমি কৰিব পাৰে
প্ৰতিবাদবোৰ গছকিব, অসন্মতিক মোহাৰিব, কণ্ঠ প্ৰতিৰোধ কৰিব
সিহঁতে ভালকৈয়ে জানে।

কিন্তু চাবা, যেতিয়া এইবোৰ সকলো উকলিব
তুমি ভোমোৰা, মৌমাখি আৰু পখিলা দেখিবা
দেখিবা কোমল-কাতৰতাৰে ভৰা মৰমৰ শব্দবোৰ
কিতাপৰ পৰা ওলাব, ওঠত আহি জীৰাব।
এনে কণ্ঠ ৰুধিবলৈ ইমান কষ্ট নহয়
ইয়াৰ বাবে বুলড’জাৰৰ প্ৰয়োজনেইবা ক’ত?

পচোৱাৰ পিঠিত উঠি
চৰাই আৰু মৌমাখিৰ পাখিত লাগি
কবিতাৰ শাৰীবোৰৰ ঢৌত লুকা-ভাকু খেলি ফুৰিছে
কোনো বাধা নমনাকৈ ৰেণুবোৰৰ পৰাগযোগ ঘটিছে
ইয়াত, তাত, সকলোতে।

ধূলিৰে মলিয়ন হৈ উৰিছে
এই কমোৱা, হালধীয়া, শুকান জেদী পৰাগৰেণু
খেতি পথাৰ, গছ-লতাৰ লগতে
তোমাৰ-আমাৰ মনত ঠাই লৈছে
আমাৰ ওঠৰ পৰা নিগৰিছে।
চোৱা এই কণমানিহঁতক! !
ইহঁতৰ কলকলনিত গোটেই জগত মুখৰ হৈছে
চমকত চকু চাট মাৰি ধৰিছে
তোমাৰ বুলড’জাৰে খান্দি থৈ যোৱা মাটিত
ধাৰাল ব্লেডৰ মাজেৰে
চোৱা, কেনেকৈ সিহঁত ফুলিছে!


অনুবাদ: পংকজ দাস

Poem and Text : Pratishtha Pandya

Pratishtha Pandya is a poet and a translator who works across Gujarati and English. She also writes and translates for PARI.

Other stories by Pratishtha Pandya
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das