ভৌগোলিক স্থিতিৰ বাবে ৰানত বছৰটোৰ প্ৰায়ভাগ সময়তে তাপমান সদায় বেছি, সেই দেখি তাত বৰষুণ একপ্ৰকাৰ আশীৰ্বাদ বুলি ক’ব পাৰি। তীব্ৰ গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে সকলোৱে বৰষুণৰ বাবে ৰৈ থাকে। যেনেদৰে নাৰী এগৰাকীৰ প্ৰাত্যাহিক জীৱনলৈ প্ৰেমৰ আগমনে অনা প্ৰশান্তিৰ বাবে অপেক্ষা কৰা যায়।

অৱশ্যে বাৰিষাৰ এই বৰষুণৰ ৰমন্যাসিকতা আৰু তাৰ দীপ্তি কেৱল কচ্ছী লোকগীততেই সীমাবদ্ধ হৈ থকা নাই। নৃত্যৰতা ময়ুৰ, ঘোৰ ক’লা মেঘ, বৰষুণ আৰু এজনী কুমলীয়া বয়সৰ যুৱতীয়ে প্ৰেমাস্পদৰ বাবে হেঁপাহেৰে ৰৈ থকাৰ চিত্ৰণ সকলোতে বিদ্যমান – কেৱল ভাৰতীয় ধ্ৰুপদী, জনপ্ৰিয় আৰু লোকসংগীতৰ ধাৰাতেই নহয়, চিত্ৰশিল্প আৰু সাহিত্যতো তাৰ প্ৰতিফলন ঘটিছে।

তথাপি আমি যেতিয়া এই সকলোবোৰ গুজৰাটী ভাষাত অঞ্জৰৰ ঘেলজী ভাইয়ে গোৱা শুনো, তেতিয়া গ্ৰীষ্মৰ প্ৰথমজাক বৰষুণৰ সেই ছবিবোৰ জীৱন্ত ৰূপত চকুৰ আগত ধৰা দিয়ে।

অঞ্জৰৰ ঘেলজী ভাইয়ে গীতটো গোৱা শুনক

Gujarati

કાળી કાળી વાદળીમાં વીજળી ઝબૂકે
કાળી કાળી વાદળીમાં વીજળી ઝબૂકે
મેહૂલો કરે ઘનઘોર,
જૂઓ હાલો કળાયેલ બોલે છે મોર (૨)
કાળી કાળી વાદળીમાં વીજળી ઝબૂકે
નથડીનો વોરનાર ના આયો સાહેલડી (૨)
વારી વારી વારી વારી, વારી વારી કરે છે કિલોલ.
જૂઓ હાલો કળાયેલ બોલે છે મોર (૨)
હારલાનો વોરનાર ના આયો સાહેલડી (૨)
વારી વારી વારી વારી, વારી વારી કરે છે કિલોલ.
જૂઓ હાલો કળાયેલ બોલે છે મોર (૨)
કાળી કાળી વાદળીમાં વીજળી ઝબૂકે
મેહૂલો કરે ઘનઘોર
જૂઓ હાલો કળાયેલ બોલે છે મોર (૨)

অসমীয়া

ধূসৰ কজলা মেঘত চিকমিক বিজুলী,
ধূসৰ কজলা মেঘত চিকমিক বিজুলী,।
মেঘবোৰলৈ চোৱা, কেনেকৈ আনিছে বৰষুণ,
তাকে দেখি ময়ূৰপংখীয়েও নাচিছে। (২)

ধূসৰ কজলা মেঘত চিকমিক বিজুলী,
মোক নাকফুলি দিম বুলি কৈছিল এজনে,
অ মোৰ সখি, সেইজনচোন আজিও নাহিলে। (২)
চোৱা, চোৱা ময়ূৰপংখীয়ে সেয়াই গাইছে
চোৱা, চোৱা ময়ূৰপংখীয়ে নাচিছে। (২)

ধূসৰ কজলা মেঘত চিকমিক বিজুলী,
মোক নেকলেছ দিম বুলি কৈছিল এজনে,
অ মোৰ সখি, সেইজনচোন আজিও নাহিলে। (২)
চোৱা, চোৱা ময়ূৰপংখীয়ে সেয়াই গাইছে
চোৱা, চোৱা ময়ূৰপংখীয়ে নাচিছে। (২)

ধূসৰ কজলা মেঘত চিকমিক বিজুলী,
মেঘবোৰলৈ চোৱা, কেনেকৈ আনিছে বৰষুণ,
তাকে দেখি ময়ূৰপংখীয়েও নাচিছে। (২)

PHOTO • Labani Jangi

গীতৰ প্ৰকাৰ: পৰম্পৰাগত লোকগীত

গীতৰ শ্ৰেণী: প্ৰেম আৰু হাবিয়াহৰ গীত

গীতৰ নং:

গীতৰ শিৰোনাম: কালি কালি বাদলিমা ভিজালি জাবুকে

গীতিকাৰ: দেৱল মেহতা

শিল্পী: ঘেলজী ভাই, অঞ্জৰ

ব্যৱহৃত বাদ্যযন্ত্ৰ: ড্ৰাম, হাৰমনিয়াম, বাঞ্জ’, টেম্বৰিন

বাণীবদ্ধকৰণৰ বৰ্ষ: ২০১২, কে.এম.ভি.এছ. ষ্টুডিঅ’


সামূহিক অনাতাঁৰ কেন্দ্ৰ সুৰবাণীয়ে বাণীবদ্ধ কৰা এই ৩৪১ টা গীত কচ্ছ মহিলা বিকাশ সংগঠন (কে.এম.ভি.এছ.)ৰ যোগেদি পাৰিলৈ আহিছে।

প্ৰীতি চনি, অৰুণা ধোলকিয়া, কে.এম.ভি.এছ.ৰ সচিব, অমদ চামেজা, কে.এম.ভি.এছ.ৰ প্ৰকল্প সমন্বয়ক আৰু ভাৰতীবেন গ’ৰলৈ তেওঁলোকৰ সহায়-সহযোগিতাৰ কাৰণে ধন্যবাদ।

কবিতাৰ অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি
টেক্সট্ অনুবাদ: পংকজ দাস

Pratishtha Pandya

Pratishtha Pandya is a poet and a translator who works across Gujarati and English. She also writes and translates for PARI.

Other stories by Pratishtha Pandya
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das