''হঠাৎ সেইদিনা দুপৰীয়া ধুমুহা আহিছিল!’’

''হয়, সঁচাকৈয়ে। প্ৰচণ্ড ধুমুহা আহিছিল। নাছিল জানো?’

''হয়, মোৰ বোধেৰে গছজোপা যথেষ্ট প্ৰাচীন। কোন কাহানিবাৰে পৰা আছে, ৫০ বছৰ পূৰ্বে ইয়ালৈ আহোতেও গছজোপা এনেকৈয়ে আছিল।’’

''যি নহওক, গছজোপা বৰ বিপজ্জনকভাৱে এফালে হাউলি আছিল। গছজোপাৰ তলত থকা আব্দুলৰ জুপুৰীটো কমখন ঠাই আছিলনে? ৰাতি বাদুলিবোৰে উৎপাত কৰিছিল আৰু দিনত ল’ৰাবোৰে আড্ডা দিছিল। মোৰ একেবাৰে ভাল লগা নাছিল।’’

''বাপৰে বাপ! কি যে চিঞৰ আছিল সেইটো?’’

নগৰপালিকাৰ জৰুৰীকালীন বিভাগৰ লোক উক্ত স্থান পাইছিল আৰু এপাৰ্টমেণ্টটোৰ গেটত উভালি পৰা গছজোপা আঁতৰাই নিয়া ৩৬ ঘণ্টা পাৰ হৈছিল। কিন্তু মানুহবোৰৰ বিষয়টোক লৈ উৎসুকতাৰ অন্ত নাছিল। আস! কি আচৰিত কথা, কি ভয়ংকৰ কথা, ভাগ্যৰ কথা সকলো! গছজোপাৰ আশে-পাশে আৰু কোনোবা আছিল নেকি বুলি ভাবি মাজে মাজে ছোৱালীজনী চিন্তিত হৈ পৰিছিল। তেওঁলোকে কি জানিছিল নেকি যে মানুহজন সেইদিনা দুপৰীয়া গছজোপাৰ তলতে আছিল? তেওঁৰ মৃত্যুৰ কোনোবা সাক্ষী আছিল নেকি?

যেতিয়া ছোৱালীজনী আব্দুল ছাচাৰ দোকানৰ কাষত ৰৈছিল, তেতিয়া ধাৰাসাৰ বৰষুণ দি আছিল। ৰাস্তা পানীৰে উপচি পৰিছিল, অটোচালকজনে আৰু যাব নোৱাৰে বুলি কৈছিল। ছাচাই তেওঁক চিনি পাইছিল। ছাচাই ছাতি এটা লৈ দৌৰিছিল আৰু একো নোকোৱাকৈ ছোৱালীজনীৰ হাতত ছাতিটো তুলি দিছিল। ছাচাই কেৱল মূৰটো দুপিয়াই দিছিল। ছোৱালীজনীয়ে ইংগিতৰ ভাষা বুজি পাইছিল আৰু হাঁহি, মূৰ দুপিয়াই ছাতিটো লৈছিল। ইয়াৰ পিছত ছোৱালীজনীয়ে ছাতিটো হাতত লৈ এপাৰ্টমেণ্টলৈ যাবলৈ বুলি পানীৰে ভৰি থকা ৰাস্তাতো পাৰ হ’বলৈ লৈছিল। এক মিনিটৰ বাবেও ছোৱালীজনীৰ মনলৈ ভাব অহা নাছিল যে জলবায়ুৰ পৰিৱৰ্তন ঘটিবলৈ লৈছে।

এঘণ্টা পিছত যেতিয়া হুৰমূৰকৈ কিবা এটা পৰাৰ শব্দ শুনা গৈছিল, তেতিয়া ছোৱালীজনী খিৰিকিৰ কাষলৈ দৌৰিছিল। বাহিৰত তেতিয়া এনে দৃশ্য দেখা গৈছিল যেন ৰাষ্ট্ৰীয় ঘাইপথটো এখন অৰণ্যত পৰিণত হৈ পৰিছে। অলপ পিছত ছোৱালীজনীয়ে মন কৰিলে যে এজোপা প্ৰাচীন গছ উভালি পৰিছে। আৰু তাৰ কাষতে বগা ঘূৰণীয়া টুপী এটাও পৰি থকা দেখা গৈছিল, এনে লাগিছিল যেন গছজোপাৰ খোৰোঙৰ পৰা বগা কপৌ চৰাই এটি ওলাই আহিছে।

প্ৰতীষা পাণ্ডিয়াৰ কণ্ঠত কবিতাটি শুনক

PHOTO • Labani Jangi

প্ৰাচীন গছজোপা

সূৰ্যই কুঁহিপাতত চুমুক দিয়া
দেখেই বা কোনে?
তেজপিয়া এটাই যেতিয়া
বৰণ সলনি কৰে
এই সেউজীয়া, এই সোণালী,
এই বাদামী...
আৰু যেতিয়া পাতবোৰ সৰি পৰে
তাৰ হিচাপ ৰাখেই বা কোনে?

মহাশূন্যত বিলীন হৈ পৰা
সময়ৰ কথা ভাবেই বা কোনে,
অনিশ্চয়তাৰ ওপৰত কোনে চকু ৰাখে,
আৰু ঠুনুকা ডালত ৰৈ,
কেৰ্কেটুৱাই চোবাই থকা চাই থাকে কোনে?
ওপৰৰ পৰা তললৈ
দৌৰি আছেই বা কি কাৰণে?
গছৰ ডালত বগাই ফুৰা
পৰুৱাৰ সেনানীবোৰলৈ
চাই থাকে কোনে?

আন্ধাৰত কঁপি থকা ডালবোৰ কোনে দেখে?
গছৰ ভিতৰত বলি থকা ধুমুহা কোনে অনুভৱ কৰিব পাৰে,
আৰু সেই নিজৰাবোৰ, যি নেকি ভিতৰি শুকাই গৈছে
অথবা শুকান ডালত
ওলমি থকা কাঠফুলাবোৰ
কোনে চাই থাকে?

মোৰ শিপাৰ গভীৰতা কোনে বুজি পায়,
নিৰ্বিচাৰে সকলো খান্দি পেলোৱাসকলে
কিয় শেষ টোপাল পানী,
আৰু আশাৰ অৱশিষ্ট ৰংখিনিও
শেষ কৰি পেলাব খোজে?
কোনে জানে পিছল মাটিত
কিদৰে খামুচি ধৰি থাকো মই,
বনজুইত জ্বলি ছাই হৈ যোৱা
মোৰ হেৰাই যোৱা সেউজীয়াবোৰ কোনে দেখে?
আৰু যেতিয়া কোনোৱে উভতি চাই,
তেতিয়া কেৱল মোৰ ধ্বংসাৱশেষহে দেখে।


এই কবিতাটো ২০২৩ চনত হ’কাল পাব্লিকেশ্যনৰ ‘কাউণ্ট এভ্ৰি ব্ৰেথ’ (সম্পাদক: বিনীতা আগৰৱাল) শীৰ্ষক জলবায়ু সংকলনত প্ৰথম প্ৰকাশ পাইছিল।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Pratishtha Pandya

Pratishtha Pandya is a poet and a translator who works across Gujarati and English. She also writes and translates for PARI.

Other stories by Pratishtha Pandya
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari