ভাৰতৰ গ্ৰাম্য নাৰীৰ কথা মনলৈ আনিলেই দুচকুত ভাহি উঠে তৰুণীয়েই হওক বা বয়সীয়াই হওক ককালত মূৰত ওৰণি লৈ ককালত পানীৰ কলহৰ সৈতে এফালে হাউলি খোজকাঢ়ি গৈ থকা এখন ছবি। গ্ৰামাঞ্চলত থকা কুঁৱাসমূহ কেৱল পানীৰ উৎসই নহয়, তাতেই লুকাই আছে গাঁৱলীয়া নাৰীৰ জীৱনৰ হা-হুমুনিয়াহ আৰু মনৰ বহু কথা। এই কুঁৱাবোৰক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠে মহিলাসকলৰ বন্ধুত্ব, বিয়পি পৰে বহু গোপন খবৰ, পৰিস্ফুট হৈ পৰে জাত-পাতৰ ভয়ংকৰ ৰূপ।

যি কুঁৱাৰ পানীয়েই জীৱনদান কৰে সেই কুঁৱাটোৱেই বহুসময়ত স্বামীগৃহত মৰি মৰি জীয়াই থকা বহু নাৰীৰ বাবে হৈ পৰে ক্ষণিকৰ পৰিত্ৰাণৰ স্থান। কিন্তু সময় সদায় একেদৰে নাযায়। এই গীতটিত পৰিয়ালৰ হেঁচাত বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত জীয়াই থকাৰ শেষ আশাকণো নিৰ্বাপিত হৈ পৰা এগৰাকী নাৰীৰ মৰ্মবেদনা প্ৰকাশ পাইছে। মাতৃগৃহৰ সকলো পুৰুষ সদস্যই ছোৱালীজনীক শত্ৰুসদৃশ এজন পাষণ্ডৰ সৈতে বিয়া দিছে যদিও সেইসময়ত তাৰ বিৰোধিতা কৰাৰ সাহস গোটাব পৰা নাছিল।

বিয়া-সবাহক কেন্দ্ৰ কৰি গোৱা গীতবোৰত সদায়েই একক বৈশিষ্ট্য দেখা যায়। এনে অধিকাংশ গীততে আছে বিষাদগীতি য’ত নেকি ফুটি উঠে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে একপ্ৰকাৰৰ বিদ্ৰোহ। তেনে এটি গীতেই গাইছে অঞ্জৰ-নিবাসী শংকৰ বাৰোটে।

অঞ্জৰৰ নিবাসী শংকৰ বাৰোটৰ কণ্ঠত লোকগীতটি শুনক

Gujarati

જીલણ તારા પાણી મને ખારા ઝેર લાગે મને ઝેર ઝેર લાગે
જીલણ તારા પાણી મને ઝેર ઝેર લાગે મને ખારા ઝેર લાગે
દાદો વેરી થયા’તા મને  વેરીયામાં દીધી, મારી ખબરું ન લીધી
જીલણ તારા પાણી મને ઝેર ઝેર લાગે મને ખારા ઝેર લાગે
કાકો મારો વેરી મને  વેરીયામાં દીધી, મારી ખબરું ન લીધી
જીલણ તારા પાણી મને ઝેર ઝેર લાગે મને ખારા ઝેર લાગે
મામો મારો વેરી મને  વેરીયામાં દીધી, મારી ખબરું ન લીધી
જીલણ તારા પાણી મને ઝેર ઝેર લાગે મને ખારા ઝેર લાગે
જીલણ તારા પાણી મને ઝેર ઝેર લાગે મને ખારા ઝેર લાગે

অসমীয়া

তোমাৰ কুঁৱাৰ নিমখীয়া পানী মোৰ বিহ বিহ লাগে
বিহ আছে তাত বিহ আৰু বিহ, বিহ দিয়া পানী
নিমখীয়া পানী মোৰ বাবে বিহ আৰু বিহ (2)
ঘৰৰ মানুহবোৰ সব শতৰু মোৰ, ককাই মোক দিলে সাত-শতৰুলৈ
মোক কোনেও ভাল নাপায়, নিমখীয়া পানী, নিমখীয়া পানী...
ঘৰৰ মানুহবোৰ সব শতৰু মোৰ, খুৰাই মোক দিলে সাত-শতৰুলৈ
মোক কোনেও ভাল নাপায়, নিমখীয়া পানী, নিমখীয়া পানী...
ঘৰৰ মানুহবোৰ সব শতৰু মোৰ, মামাই মোক দিলে সাত-শতৰুলৈ
মোক কোনেও ভাল নাপায়, নিমখীয়া পানী, নিমখীয়া পানী...
বিহ দিয়া পানী, নিমখীয়া পানী মোৰ বাবে বিহ আৰু বিহ

PHOTO • Labani Jangi

গীতৰ প্ৰকাৰ : পৰম্পৰাগত লোকগীত

গীতৰ কথা : বিয়াৰ গীত

গীত : ৫

গীতৰ শিৰোনাম : ঝীলন তাৰা পানী মুনে খাৰা জেৰ লাগে

গীতিকাৰ : দেৱল মেহতা

শিল্পী : অঞ্জৰৰ শংকৰ বাৰট

ব্যৱহৃত বাদ্যযন্ত্ৰ : হাৰমনিয়াম, ঢোল, বাঞ্জ’

বাণীবদ্ধকৰণৰ চন : ২০১২, কে.এম.ভি.এছ. ষ্টুডিঅ’

কমিউনিটি ৰেডিঅ’ সুৰবাণীয়ে এনেধৰণৰ ৩৪১ গীত বাণীৱদ্ধ কৰিছে আৰু এয়া কচ্ছ মহিলা বিকাশ সংগঠন (কে এম ভি এছ)ৰ জৰিয়তে পাৰিয়ে লাভ কৰিছে।

প্ৰীতি চনি, অৰুণা ধোলকিয়া, কে.এম.ভি.এছ.ৰ সচিব, অমদ চামেজা, কে.এম.ভি.এছ.ৰ প্ৰকল্প সমন্বয়কক তেওঁলোকৰ সহায়-সহযোগিতাৰ কাৰণে আৰু গুজৰাটী অনুবাদত সহায়ৰ বাবে ভাৰতীবেন গ’ৰলৈ ধন্যবাদ।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Pratishtha Pandya

Pratishtha Pandya is a poet and a translator who works across Gujarati and English. She also writes and translates for PARI.

Other stories by Pratishtha Pandya
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari