শীলা ৱাঘমাৰেৰ বাবে নিশাৰ ভাল টোপনি এতিয়া অতীত হৈ পৰিছে।

“ৰাতি মই শুব নোৱাৰো … কেইবাবছৰ এনেকৈ আছো,” মজিয়াত পাৰি থোৱা এখন তোচকত ভৰি মেলি বহি থকা ৩৩ বছৰীয়া শীলাই এইদৰে কয়, তেওঁৰ ৰঙা হৈ পৰা চকুত প্ৰকাশ পাইছিল গভীৰ বেদনা। নিশাৰ উজাগৰী অৱস্থাৰ কথা কৈ থকাৰ মাজে মাজে তেওঁ গাটো পোন কৰিবলৈ চেষ্টা কৰিছিল। “গোটেই ৰাতি মই কান্দো। মোৰ এনে লাগে যেন মোৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ পৰিব।”

মহাৰাষ্ট্ৰৰ বীড় নগৰৰ পৰা ১০ কিলোমিটাৰ দূৰৰ বীড় জিলাৰ ৰাজৌৰি ঘোড়কা গাঁৱত শীলাহঁত থাকে। দুটা কোঠাৰ ইটাৰ ঘৰটোত যেতিয়া তেওঁ শোৱে, তেওঁ স্বামী মানিক আৰু তিনি সন্তান ক্ৰমে কাৰ্তিক, বাবু আৰু ৰুটুজা তেওঁৰ কাষতে শোৱে, তেওঁৰ কান্দোনত সিহঁতৰ টোপনি ভাগে, তেওঁ কয়। “মোৰ কান্দোনে সিহঁতৰ টোপনি খতি কৰে। তেতিয়া মই জোৰকৈ চকু বন্ধ কৰি শুবলৈ চেষ্টা কৰো।”

কিন্তু টোপনি নাহে। চকুৰ পানীও বন্ধ নহয়।

“মই সদায় দুখ অনুভৱ কৰোঁ, উদ্বিগ্ন হৈ থাকো, মোৰ জৰায়ু অস্ত্ৰোপচাৰ কৰি অপসাৰণ কৰাৰ পিছত এই সমস্যাবোৰ আৰম্ভ হ’ল,” নিজৰ বিৰক্তি প্ৰকাশ কৰি গাটো সামান্য লৰচৰ কৰি শীলাই এইদৰে কৈছিল। ২০০৮ চনত জৰায়ু অপসাৰণ কৰাৰ অস্ত্ৰোপচাৰ কৰাৰ সময়ত শীলাৰ বয়স আছিল মাত্ৰ ২০ বছৰ। তেতিয়াৰ পৰা তেওঁৰ দুখ-বেদনাৰ অন্ত নাইকিয়া হ’ল। নিদ্ৰাহীন নিশা কটাবলগীয়া হ’ল, দীৰ্ঘকালৰ বাবে বিৰক্তিদায়ক আৰু গাৰ বিষ-বেদনাত ভূগিবলগীয়া হ’ল।

PHOTO • Jyoti Shinoli

ৰাজৌৰি ঘোড়কা গাঁৱৰ নিজৰ ঘৰত শীলা ৱাঘমাৰে। 'মোৰ সদায় দুখ লাগে, উদ্বিগ্ন হৈ থাকো'

কেতিয়াবা কোনো কাৰণ নথকাকৈ মই ল’ৰা-ছোৱালীকেইটাক খং কৰো। আনকি সিহঁতে কেতিয়াবা মৰমতে কিবা ক’লেও মই সিহঁতক দাবী-ধমকি দিও, বিৰক্ত হৈ নপৰিবলৈ মই সঁচাকৈয়ে খুব চেষ্টা কৰো। মই নিজেই নাজানো মই কিয় এনে আচৰণ কৰো।” অসহায় চকুৰে শীলাই মোৰ চকুলৈ চাই কয়।

মাত্ৰ ১২ বছৰ বয়স হওঁতে মানিকৰ লগত তেওঁৰ বিবাহ সম্পন্ন হৈছিল। ১৮ বছৰ পূৰ্ণ হোৱাৰ আগতে শীলা তিনি সন্তানৰ মাতৃ হৈছিল।

৮ লাখ কুঁহিয়াৰ কটা শ্ৰমিকৰ ভিতৰত শীলা আৰু মানিকো আছে, কুঁহিয়াৰ কটা ঋতুত ৬ মাহৰ বাবে তেওঁলোক মাৰাঠৱাড়া অঞ্চলৰ পৰা প্ৰব্ৰজিত হয় আৰু পশ্চিম মহাৰাষ্ট্ৰ তথা কৰ্ণাটকত অক্টোবৰৰ পৰা মাৰ্চলৈ থাকে আৰু কুঁহিয়াৰ খেতিত কাম কৰে। বছৰৰ বাকীকেইটা মাহ শীলা আৰু মানিকে নিজৰ কৃষিভূমি নথকা বাবে নিজৰ গাওঁ বা ওচৰৰ গাঁৱত কৃষিশ্ৰমিক হিচাপে কাম কৰে। তেওঁলোক নৱবৌদ্ধ সম্প্ৰদায়ৰ।

মহাৰাষ্ট্ৰৰ এই অঞ্চলত জৰায়ু অপসাৰণ কৰাৰ পিছত ৰোগাক্ৰান্ত হৈ পৰা কেৱল শীলায়েই নহয়। বীড় জিলাৰ কুঁহিয়াৰ কটা মহিলা শ্ৰমিকসকলৰ ক্ষেত্ৰত জৰায়ু অপসাৰণৰ অস্ত্ৰোপচাৰ সৰ্বাধিক হোৱাৰ বাবে তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰা ৭ জনীয়া সমিতিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে জৰায়ু অপসাৰণৰ পিছত মহিলাৰ মাজত সৃষ্টি হোৱা বেদনাদায়ক অৱস্থা এক সাধাৰণ ঘটনা।

মহাৰাষ্ট্ৰ বিধান পৰিষদৰ উপাধ্যক্ষ ডা. নীলম গোৰহেই অধ্যক্ষতা কৰা এই সমিতিয়ে ২০১৯ৰ জুন-জুলাইত এক জৰীপ চলাইছিল আৰু কুঁহিয়াৰ কাটিবলৈ কমেও বছৰত এবাৰ প্ৰব্ৰজিত হোৱা ৮২,৩০৯ গৰাকী মহিলা শ্ৰমিকৰ মাজত সমীক্ষা চলাইছিল। ইযাৰে ১৩,৮৬১ গৰাকী মহিলা শ্ৰমিকৰ জৰায়ু অস্ত্ৰোপচাৰৰ দ্বাৰা অপসাৰণ কৰা হৈছে, ইযাৰে ৪৫ শতাংশ অৰ্থাৎ ৬৩১৪ গৰাকীয়ে পৰৱৰ্তী সময়ত মানসিক আৰু শাৰীৰিক তিক্ত বেদনাত ভূগিবলগা হৈছিল -  নিদ্ৰাহীনতা, হতাশগ্ৰস্ততা আৰু নিৰাশাবাদৰ চিকাৰ হোৱাৰ লগতে গাঁঠি আৰু পিঠিৰ বিষত ভূগিছিল।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

শীলা আৰু তেওঁ দুই সন্তান কাৰ্তিক আৰু ৰুটুজা (সোঁফালে), কুঁহিয়াৰ কটাৰ বতৰত গোটেই পৰিয়ালটো প্ৰব্ৰজিত হয়

মহিলাৰ স্বাস্থ্য আৰু তাৎক্ষণিক তথা দীৰ্ঘস্থায়ী সময়ৰ বাবে জৰায়ুৰ অপসাৰণে মহিলাৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে বুলি মুম্বাইৰ প্ৰসূতি বিশেষজ্ঞ তথা ভি এন দেশাই পৌৰ সাধাৰণ চিকিৎসালয়ৰ পৰামৰ্শদাতা ডাঃ কোমল চৱনে কয়। “চিকিৎসা বিজ্ঞানৰ ভাষাত আমি ইযাক অস্ত্ৰোপচাৰৰ দ্বাৰা নাৰীৰ অস্বাভাবিক ঋতুস্ৰাৱ বন্ধ কৰোৱা বুলি কোৱা হয়”, ডাঃ চৱনে কয়।

অস্ত্ৰোপচাৰৰ পৰৱৰ্তী বছৰবোৰত শীলাই বিভিন্ন ধৰণৰ শাৰীৰিক অসুস্থতাত ভূগিছিল, গাঁঠিৰ বিষ, মূৰৰ বিষ, পিঠিৰ বিষ আৰু অৱসাদগ্ৰস্ততাত তেওঁ ভূগিছিল। তেওঁ কয়, “প্ৰত্যেক দুই-তিনি দিনৰ মূৰে মূৰে মোৰ বিষ হয়।”

বিষ ভাল কৰা মলম আৰু খোৱা ঔষধে অলপ সকাহ দিয়ে। “মই এই মলমটো আঠু আৰু পিঠি বিষালে ব্যৱহাৰ কৰোঁ। এমাহত এনেকুৱা দুটা মলম লাগে,” তেওঁ মলমবিধ দেখুৱাই কয় যে একোটা মলমৰ দাম ১৬৬ টকা। চিকিৎসকে বড়িও খাবলৈ দিয়ে। তাৰোপৰি মাহত দুবাৰকৈ তেওঁৰ অৱসাদ দূৰ কৰাৰ বাবে ইণ্ট্ৰাভেনাচ ড্ৰিপৰ দ্বাৰা গ্লুক’জ দেহত প্ৰৱেশ কৰোৱা হয়।

ঘৰৰ পৰা প্ৰায় ১ কিঃমিঃ দূৰত্বত থকা এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসকৰ পৰামৰ্শ লোৱাৰ বাবে প্ৰতিমাহে ১০০০/২০০০ টকা লাগে। বীড়ৰ চৰকাৰী চিকিৎসালয় তেওঁলোকৰ গাঁৱৰ পৰা ১০ কিঃমিঃ দূৰত আছে। সেইকাৰণে ব্যক্তিগত চিকিৎসালয়খনলৈ তেওঁ খোজ কাঢ়ি যায়। তেওঁ কয়, “ইমান দূৰলৈ কোন যাব, গাড়ী/ঘোৰাৰ বেছি খৰছ হয়।”

আৱেগিক উত্থান-পতনক কোনো ঔষধে ভাল কৰিব নোৱাৰে। ইমান কষ্ট খাই থাকি কোনেনো জীয়াই থাকিবলৈ ভাল পাব?

অস্ত্ৰোপচাৰৰ দ্বাৰা জৰায়ু অপসাৰণ কৰাৰ ফলত হৰমনৰ ভাৰসাম্যহীনতাৰ সৃষ্টি হয়, সি হতাশা আৰু উদ্বেগ বৃদ্ধি কৰে, ইয়াৰোপৰি শাৰীৰিক পাৰ্শ্বক্ৰিয়াও থাকে বুলি ডাঃ অবিনাশ ডিচুজাই কয়। তেওঁ মুম্বাইৰ এজন মনোবিজ্ঞানী। জৰায়ু অপসাৰণৰ ফলত সৃষ্টি হোৱা বিভিন্ন ৰোগৰ মাত্ৰা ভিন ভিন বুলি তেওঁ কয়। “প্ৰতিগৰাকীৰ ক্ষেত্ৰত পাৰ্শ্বক্ৰিয়া বেলেগ বেলেগ। কিছুমান মহিলাৰ ক্ষেত্ৰত সাংঘাতিক, কিছুমানৰ আকৌ কোনো ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি নকৰে।”

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বিষনাশক মলম আৰু ঔষধে সাময়িক সকাহ দিয়ে বুলি শীলাই কয়। 'এমাহত দুটা মলমৰ টিউব লাগে'

আনকি অস্ত্ৰোপচাৰৰ পিছতো শীলাই মানিকৰ সৈতে পশ্চিম মহাৰাষ্ট্ৰত কুঁহিয়াৰ কাটিবলৈ প্ৰব্ৰজিত হৈছিল। বীড় জিলাৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ দূৰৰ কোলহাপুৰত থকা কুঁহিয়াৰ কাৰখানালৈ শীলাই সপৰিয়ালে যায়।

“আমি দৈনিক প্ৰায় দুই টন কুঁহিয়াৰ কাটো। ইযাৰ বাবে দিনে ১৬ৰ পৰা ১৮ ঘণ্টা কাম কৰোঁ।” অস্ত্ৰোপচাৰ কৰাৰ আগৰ কথা সুঁৱৰি শীলাই কয়। ১ টন কুঁহিয়াৰ কাটি বান্ধিলে ২৮০ টকা পাওঁ। প্ৰায় ৭ ফুট ওখ কুঁহিয়াৰৰ গছ কাটিবলৈ এবিধ ডাঙৰ কাঁচি ব্যৱহাৰ কৰা হয়। ইয়াৰ কয়টা বুলি কোনা হয়। কিন্তু কথিত ভাষাত কুঁহিয়াৰ কটা দম্পতিক বুজোৱা হয়। শ্ৰমিকৰ ঠিকাদাৰে দুজনীয়া শ্ৰমিক একোটা গোট নিয়োগ কৰাৰ সময়ত অলপমান আগধন দিয়ে।

“ছমাহৰ পিছত আমি ৫০,০০০ৰ পৰা ৭০,০০০ টকা উপাৰ্জন কৰোঁ,” শীলই কয়। তেওঁৰ জৰায়ুৰ অস্ত্ৰোপচাৰ কৰাৰ পিছৰ পৰা এই দম্পতিয়ে এদিনত এক টন কুঁহিয়াৰ কাটিবলৈ টান হৈ পৰিল। “মই গধুৰ বোজা দাঙিব নোৱাৰো, আগৰ দৰে খৰকৈ কাটিব নোৱাৰা হ’লো।”

২০১৯ত শীলা আৰু মানিকে ৫০,০০০ টকা আগধন লৈ থৈছিল। ইয়াৰ বাবে বছৰি ৩০ শতাংশ সুদ দিব লাগে। মেৰামতিৰ বাবে এই ঋণ লৈছিল। সেই কাৰণে ঋণ পৰিশোধ কৰিবলৈ কাম কৰিবলগা হৈছে। “ইয়াৰ শেষ নাই,” শীলাই কয়।

*****

বহুতো মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱৰ ক্ষেত্ৰত হাৰভঙা পৰিশ্ৰমে বেয়া প্ৰভাৱ পেলায়। কুঁহিয়াৰৰ খেতি পথাৰত কোনো স্নানাগাৰ. শৌচাগাৰ নাই। তেওঁলোকৰ থকা-মেলাৰ ক্ষেত্ৰতো কোনো গুৰুত্ব দিয়া নহয়। কেতিয়াবা সন্তানক লগত লৈ অহা একোটা দম্পতিয়ে কুঁহিয়াৰ কাৰখানা বা পথাৰৰ ওচৰত থাকে। “মাহেকীয়াৰ সময়ত কাম কৰা বৰ কষ্টকৰ,” শীলাই কয়।

আনকি এদিন ছুটী ল’লেও মুকাদমে (মজদুৰৰ ঠিকা লোৱা ঠিকাদাৰ) এদিনৰ পইছা কাটে।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালেঃ কুঁহিয়াৰ কাটিবলৈ প্ৰব্ৰজন কৰাৰ সময়ত শীলাৰ পৰিয়ালে বয়-বস্তু সুমোৱাই লৈ যোৱা বাকচটো। সোঁফালেঃ ‘কয়টা’ বা কুঁহিয়াৰ কটা কাচি – কুঁহিয়াৰ কটা দম্পতিকো কয়টা বুলি থলুৱা ভাষাত কোৱা হয়

শীলাই কয় যে পুৰণি কপাহী পেটিকোটৰ পৰা তৈয়াৰ কৰা ‘পেড’ মহিলাসকলে কুঁহিয়াৰ কাটোতে ব্যৱহাৰ কৰে। এই ‘পেড’ নসলোৱাকৈ একোগৰাকী মহিলাই ১৬ ঘণ্টাৰো অধিক প্ৰতিদিনে কাম কৰে। তেওঁ কয়, “কাম শেষ হোৱাৰ পিছত তেওঁ এই পেড সলায়, তেজেৰে তিতি যায়।”

স্বাস্থ্যৰক্ষাৰ কোনো ব্যৱস্থা নাই, কাপোৰৰ পেডবিলাক ধুবলৈ যথেষ্ট পানীও নাথাকে, বা স্বাস্থ্যসন্মতভাৱে পেডবিলাক শুকুৱাবলৈ ঠায়ো নাই। বহু সময়ত শীলাই সেমেকা পেড পুনৰ ব্যৱহাৰ কৰে। “তাৰ পৰা গোন্ধ ওলায়, ৰ’দত দিবলৈও অসুবিধা, কাৰণ বহুতো মতা মানুহ থাকে।” শীলাই চেনিটেৰি পেডৰ বিষয়ে নাজানে। মোৰ ছোৱালীৰ যেতিয়া মাহেকীয়া হ’বলৈ ধৰে, তেতিয়াহে মই জানিব পাৰিছিলো।

১৫ বছৰীয়া জীয়াৰী ৰুটুজাৰ কাৰণে শীলাই চেনিটেৰি পেড কিনিছিল। “মই ছোৱালীজনীৰ ক্ষতি হ’বলৈ দিব নোৱাৰো।”

মহিলা কৃষিশ্ৰমিকসকলৰ হৈ কাম কৰা পুণেৰ মাকাম নামৰ এটা মহিলা সংগঠনে ২০২০ত কুঁহিয়াৰ কটা ১০৪২ গৰাকী মহিলা শ্ৰমিকৰ এক জৰীপ তথ্য-সাক্ষাতকাৰৰ ভিত্তিত প্ৰস্তুত কৰি উলিয়াইছিল। সংগঠনটোৱে মহাৰাষ্ট্ৰৰ ৮ খন জিলাৰ জৰীপ চলাইছিল। প্ৰতিবেদনত প্ৰকাশ পাই যে কুঁহিয়াৰ কটা মহিলা শ্ৰমিকসকলে মাহেকীয়াৰ সময়ত কাপোৰ ব্যৱহাৰ কৰে। মহিলা শ্ৰমিকসকলৰ ৫৯ শতাংশই মাহেকীয়াত ব্যৱহাৰ কৰা কাপোৰ ধুবলৈ পানী পায় আৰু ২৪ শতাংশই নোধোৱাকৈ পুনৰ ব্যৱহাৰ কৰে।

এনে অস্বাস্থ্যকৰ কামে বিভিন্ন ধৰণৰ স্ত্ৰীৰোগৰ সৃষ্টি কৰে। ইয়াৰ ভিতৰত অতিৰিক্ত ৰক্তক্ষৰণ আৰু মাহেকীয়াৰ সময়ত বিষ-বেদনা হয়। “মই তলপেটত প্ৰায়েই বিষ অনুভৱ কৰো আৰু ঋতুস্ৰাৱৰ লগত বগা পদাৰ্থ প্ৰায়েই নিঃসৰণ হয়,” শীলাই কয়।

মাহেকীয়াৰ সময়ত স্বাস্থ্যৰক্ষাৰ বিধান পালন নকৰাৰ বাবে বিভিন্ন ধৰণৰ সংক্ৰমণৰ ঘটে আৰু এনেবোৰ সমস্যা কিছুমান সাধাৰণ ঔষধৰ দ্বাৰাই আৰোগ্য কৰিব পাৰি বুলি চিকিৎসক চৱনে কয়। “অস্ত্ৰোপচাৰৰ দ্বাৰা জৰায়ু অপসাৰণ কৰাটো জৰায়ু চিকিৎসাৰ প্ৰাথমিক চৰ্ত নহয় কিন্তু কৰ্কট ৰোগৰ ক্ষেত্ৰত বা প্ৰস্ৰাৱ তথা আন সংক্ৰমণৰ ক্ষেত্ৰত ই অন্তিম উপায়।”

PHOTO • Labani Jangi

মাহেকীয়ৰ দিনকেইটাত কুঁহিয়াৰ খেতিৰ পথাৰত হাড়ভঙা শ্ৰম অব্যাহত ৰখাটো মহিলাৰ বাবে সাংঘাতিক প্ৰত্যাহ্বানস্বৰূপ হৈ পৰে। পথাৰত শৌচাগাৰ কিম্বা স্নানাগাৰ বাদেই, থকা-মেলাৰো সুবিধা তেনেই শোচনীয়

মাৰাঠী ভাষাত চহী কৰাৰ বাদে শীলাই লিখা-পঢ়া কৰিব নাজানে। এনে সংক্ৰমণ আৰোগ্য কৰাৰ বিষয়েও শীলাই নাজানে। আন কুঁহিয়াৰ কটা মহিলা শ্ৰমিকৰ দৰে শীলা বীড় নগৰৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ গ’ল, বিষ কমাবলৈ ঔষধ দিব বুলি শীলাই ভাবিছিল। ঔষধ খাই মাহেকীয়াৰ সময়তো যাতে কাম কৰিব পাৰি আৰু কাম খতি কৰি মাহে ঠিকাদাৰৰ যাতে পইছা কাটিবলগীয়া নহয়।

বেচৰকাৰী চিকিৎসালয়খনৰ এজন চিকিৎসক কৰ্কটৰোগৰ সম্ভাৱনাৰ বিষয়েও সতৰ্ক কৰিলে। “তেজপৰীক্ষা বা চন’গ্ৰাফি কৰা নাছিল। তেওঁ কয় যে মোৰ জৰায়ুত ফুটা হৈছে। অহা ৫ বা ৬ মাহৰ ভিতৰত মই কৰ্কট ৰোগত মৰিব লাগিব,” শীলাই কয়। আতংকিত হৈ শীলাই জৰায়ু অপসাৰণ কৰা অস্ত্ৰোপচাৰৰ প্ৰতি সন্মতি জনায়। “সেইদিনাই কেইঘণ্টামান পিছত চিকিৎসকজনে মোৰ স্বামীক অপসাৰণ কৰা জৰায়ু দেখুৱাই কয় যে ইয়াত বহুতো ফুটা হৈছে,” তেওঁ কয়।

শীলা ৭ দিন চিকিৎসালয়ত আছিল। তেওঁলোকৰ জমা কৰা ৪০,০০০ টকাৰ লগতে আত্মীয় আৰু বন্ধুৰ পৰা ধাৰ কৰি ৪০,০০০ টকা চিকিৎসালয়ত দিলে।

“এনেধৰণৰ অস্ত্ৰোপচাৰবোৰ সাধাৰণতে অনাচৰকাৰী চিকিৎসালয়ত কৰা হয়,” কুঁহিয়াৰ শ্ৰমিকৰ অৱস্থাৰ উন্নতি ঘটাবলৈ কাম কৰা বীড় জিলাৰ সমাজকৰ্মী অশোক তাংৰেই কয়। “চিকিৎসাৰ কোনো নিয়ম নমনাকৈ এই চিকিৎসকসকলে অতি অমানৱীয়ভাৱে এই অস্ত্ৰোপচাৰৰ কাম কৰে।”

চৰকাৰে নিয়োগ কৰা সমিতিয়ে নিশ্চিত কৰে যে জৰায়ু অপসাৰণৰ ৯০ শতাংশই অনাচৰকাৰী চিকিৎসালয়ৰ পৰা হয়।

পাৰ্শ্বক্ৰিয়া সম্পৰ্কে শীলাৰ চিকিৎসকে কোনো পৰামৰ্শ দিয়া নাছিল। “মাহেকীয়াৰ পৰা মই ৰক্ষা পালো যদিও মোৰ জীৱনটো ভয়ানক হৈ পৰিছে,” শীলাই কয়।

মজুৰী কটাটোৱে শ্ৰমিকৰ ঠিকাদাৰবোৰৰ নিপীড়নকাৰী নীতি-নিয়ম আৰু অনাচৰকাৰী শৈল্য চিকিৎসকৰ ধনৰ লোভে সৃষ্টি কৰা  এক পৰিস্থিতিৰ মাজত সমগ্ৰ বীড় জিলাৰ মহিলা কুঁহিয়াৰ শ্ৰমিকসকলৰ জীৱনলৈ বিভীষিকা নামি আহিছে।

*****

PHOTO • Jyoti Shinoli

নিজৰ ৰান্ধনিশালত লতা ৱাঘমাৰেয়ে খাদ্য ৰান্ধিছে। কামলৈ যোৱাৰ আগতে তেওঁ ঘৰৰ সকলো যাৱতীয় কাম শেষ কৰিছে

শীলাৰ ঘৰৰ পৰা ছয় কিলোমিটাৰ নিলগত থকা কথোৱা গাঁৱৰ লতা ৱাঘমাৰেৰ কাহিনীও শীলাতকৈ বেলেগ নহয়।

“মই জীয়াই আছো যেন নালাগে,” ২০ বছৰ বয়সতে অস্ত্ৰোপচাৰৰ দ্বাৰা জৰায়ু অপসাৰণ কৰা ৩২ বছৰীয়া লতাই কয়।

তেওঁ কয়, “আমাৰ মাজত মৰম-চেনেহ, ভাল-পোৱা নোহোৱা হ’ল। স্বামী ৰমেশৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিল। অস্ত্ৰোপচাৰ কৰাৰ এবছৰৰ পিছত ঘটনাচক্ৰৰ পৰিৱৰ্তন আৰম্ভ হ’ল,” ৰমেশৰ পৰা তেওঁৰ দূৰত্ব বাঢ়ি গ’ল আৰু বিৰক্তিকৰ হৈ উঠিল।

“তেওঁ মোৰ কাষলৈ আহিলে মই ঠেলি আঁতৰাই দিওঁ, তাৰ পিছত কাজিয়া হয়। চিঞৰ-বাখৰ হয়।” স্বামীৰ যৌন আকাংক্ষা তেওঁ বাৰে বাৰে প্ৰত্যাখ্যান কৰাৰ ফলত সম্পৰ্কৰ অৱনতি ঘটে। “এতিয়া আনকি তেওঁ মোৰ সৈতে ভালকৈ কথাও নাপাতে।”

কৃষিশ্ৰমিক হিচাপে কাম কৰিবলৈ ওলাই যোৱাৰ আগতে তেওঁ ঘৰৰ সকলো যাৱতীয় কাম শেষ কৰে। নিজৰ গাওঁ বা ওচৰৰ গাঁৱৰ মানুহৰ খেতিৰ পথাৰত লতাই কৃষিশ্ৰমিক হিচাপে কাম কৰে। ইয়াৰ বাবে ১৫০ টকা দিন মজুৰি পায় তেওঁ আঠু আৰু পিঠিৰ বিষো হয়। বিষৰ পৰা ৰক্ষা পাবলৈ ঔষধ খায় বা গাঁৱলীয়া বন দৰৱৰো ব্যৱহাৰ কৰে। “তেওঁ ওচৰলৈ যোৱাৰ কথা মই কেনেকৈ ভাবিম?” তেওঁ কয়।

১৩ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হোৱা লতাই এবছৰৰ পিছত পুত্ৰ আকাশক জন্ম দিয়ে। সিও পিতৃ-মাতৃৰ লগত কুঁহিয়াৰ খেতিত কাম কৰে। আকাশে দ্বাদশ শ্ৰেণীলৈ পঢ়িছে।

PHOTO • Jyoti Shinoli

কুঁহিয়াৰ কটা বতৰত প্ৰব্ৰজন নকৰা লতাই কৃষি শ্ৰমিকৰূপে কাম কৰি উপাৰ্জন কৰে

আকাশৰ পিছত লতাৰ এজনী ছোৱালী আছিল। পাঁচ মাহ বয়সতে এখন ট্ৰেক্টৰে চেপা মাৰি ধৰাত তাইৰ কুঁহিয়াৰ খেতিৰ পথাৰত মৃত্যু হৈছিল। শিশু ৰখাৰ কোনো ব্যৱস্থা নথকা বাবে কুঁহিয়াৰ কটা শ্ৰমিকসকলে কুঁহিয়াৰ কটাৰ পিছত খালি হোৱা ঠাইত কেঁচুৱা থৈ দিবলগা হয়।

সেই বেদনাদায়ক ঘটনাৰ কথা সুঁৱৰিবলৈ তেওঁ টান পায়।

“মই কাম কৰিবলৈ টান পাওঁ। বহি থাকিবৰ মন যায় বা একো নকৰাৰ মন যায়,” তেওঁ কয়। কোনো কামৰ প্ৰতি তেওঁৰ আগ্ৰহ নোহোৱা বাবে কামবোৰত আউল লাগে। “কেতিয়াবা গাখীৰ বা আঞ্জা ষ্টোভত উঠাই দিও, কিন্তু গাখীৰ উতলি পৰি যায় বা আঞ্জা জ্বলি যায়, মোৰ একো অনুভৱ নহয়.” তেওঁ কয়।

কন্যা সন্তানক হেৰুওৱা সত্বেও লতা আৰু ৰমেশে কুঁহিয়াৰ কটাৰ বতৰত প্ৰব্ৰজন নকৰাকৈ থকা নাছিল।

ইয়াৰ পিছত লতাৰ তিনি কন্যা সন্তানৰ জন্ম হৈছিল – অঞ্জলী, নিকিতা আৰু ৰোহিনী। আগৰ দৰেই সন্তানকেইটাক কুঁহিয়াৰ কাটিবলৈ যাওঁতে তেওঁ লৈ যায়। “আপুনি যদি কাম নকৰে, ল’ৰা-ছোৱালীকেইটা ভোকত মৰিব। আমি যদি কাম কৰিবলৈ যাওঁ, সিহঁত দুৰ্ঘটনাত মৰিব। পাৰ্থক্য কি?” লতাই বৰ কঠোৰ প্ৰশ্ন এটা কৰে।

মহামাৰীৰ ফলত যেতিয়া স্কুলবিলাক বন্ধ হৈ পৰে, আৰু অনলাইন ক্লাছৰ বাবে যেতিয়া ঘৰত স্মাৰ্টফোন নাথাকে, তেতিয়া তেওঁৰ তিনি কন্যাসন্তানৰ শিক্ষাৰ সমাপ্তি ঘটে। ২০২০ত অঞ্জলীৰ বিয়া হৈ যায়। নিকিতা আৰু ৰোহিনীৰ বাবেও দৰা বিচাৰি থকা হৈছে।

PHOTO • Jyoti Shinoli
PHOTO • Jyoti Shinoli

বাওঁফালেঃ কন্যাসন্তান নিকিতা আৰু ৰোহিনীৰ সৈতে লতা। সোঁফালেঃ নিকিতাই ৰান্ধনিঘৰত কাম কৰিছে। তাই কয়ঃ ‘মই পঢ়িব বিচাৰো, কিন্তু ঘৰৰ পৰা ওলাব নোৱাৰো’

নিকিতাই কয়, “মই সপ্তমমান শ্ৰেণীলৈ পঢ়িলো। মই পঢ়িব বিচাৰো, কিন্তু এতিয়া পঢ়িব নোৱাৰো। মা-দেউতাই মোক বিয়া দিয়াৰ কথা ভাবিছে,” ২০২০ৰ মাৰ্চৰ পিছত নিকিতাই কৃষিশ্ৰমিকৰ কাম কৰিবলৈ আৰম্ভ কৰিছে আৰু পিতৃ-মাতৃৰ লগত কুঁহিয়াৰ কাটিবলৈ যায়।

নীলম গোৰহে নেতৃত্বাধীন কমিটিয়ে আগবঢ়োৱা অনুমোদনসমূহ তিনি বছৰৰ পিছতো অতি মন্থৰ গতিৰে কাৰ্য্যকৰী কৰা হৈছে। শীলা আৰু লতাই নিশ্চিত কৰে যে কুঁহিয়াৰ কটা ঠাইত পৰিস্কাৰ খোৱাপানীৰ যোগান, স্নানাগাৰ-শৌচাগাৰৰ ব্যৱস্থা আৰু অস্থায়ী আৱাসগৃহ এতিয়াও কাগজতে সীমাবদ্ধ হৈ আছে।

“কি শৌচাগাৰ, কি থকা ঘৰ, সকলো আগৰ দৰেই আছে,” তেওঁলোকৰ কৰ্মস্থানৰ পৰিৱেশ কেতিয়াও ভাল নহ’ব বুলি শীলাই কয়।

আন এক পৰামৰ্শ মতে, মহিলা কুঁহিয়াৰ শ্ৰমিকৰ স্বাস্থ্যজনিত সমস্যা সমাধানৰ বাবে আশা আৰু অংগনবাদী কৰ্মীৰ একোটা গোট গঠন কৰিবলৈ কোৱা হৈছিল।

PHOTO • Jyoti Shinoli

কাথোৰা গাঁৱত লতাৰ ঘৰৰ ভিতৰত

এফালে দৰমহা কটা, কঠোৰ শ্ৰমৰ নিয়ম দেখুওৱা ঠিকাদাৰ; আনফালে মুনাফাখোৰ ব্যক্তিগত খণ্ডৰ শল্য চিকিৎসক – কুঁহিয়াৰ খেতিত কাম কৰি জীয়াতু ভোগা এইসকল মহিলাৰ জীৱনবোৰ একেই

গাঁৱৰ আশাকৰ্মী আহেনে বুলি সোধোতে লতাই কয়, “আজি পৰ্য্যন্ত কোনো অহা নাই। দিপান্বিতাৰ পিছত ছমাহ আমি কুঁহিয়াৰৰ পথাৰত থাকিম। ঘৰ বন্ধ থাকিব।” কাথোৰাত দলিতসকলৰ বাবে তৈয়াৰ কৰা আবাসিক গৃহত নৱবৌদ্ধ সম্প্ৰদায়ৰ ২০ ঘৰ মানুহ থাকে, তেওঁলোকৰ প্ৰতি গাওঁবাসীয়ে সদায় বৈষম্যমূলক আচৰণ কৰি আহিছে বুলি শীলাই কয়। “কোনেও আমাৰ খবৰ ল’বলৈ নাহে।”

বীড়ৰ সমাজকৰ্মী তাৱৰেয়ে কয় যে বাল্যবিবাহ আৰু প্ৰশিক্ষিত স্ত্ৰীৰোগ বিশেষজ্ঞ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত নথকাটো প্ৰধান সমস্যা আৰু ইয়াৰ সমাধান কৰিব লাগিব। “ইয়াৰ পিছত আহিল খৰাং বতৰ, কৰ্মসংস্থানৰ কোনো ব্যৱস্থা নাই, কুঁহিয়াৰ শ্ৰমিকৰ সমস্যা কেৱল প্ৰব্ৰজনকাৰীৰ মাজতে সীমাবদ্ধ হৈ থকা নাই,” তেওঁ কয়।

ঘৰৰ পৰা কেইবাশ কিলোমিটাৰ দূৰৰ কুঁহিয়াৰ খেতিৰ পথাৰত শীলা, লতাকে ধৰি হাজাৰা হাজাৰ মহিলা শ্ৰমিকে অস্থায়ী তম্বুৰ তলত থাকি কাম কৰিছে, আৰু এতিয়াও আগৰ দৰে পুৰণি কাপোৰৰ পেড ব্যৱহাৰ কৰিছে, স্বাস্থ্যৰক্ষাৰ কোনো ব্যৱস্থা তেওঁলোকৰ বাবে নাই।

“মোৰ এতিয়াও বহুবছৰ পাৰ কৰিবলৈ বাকী আছে, নাজানো, কেনেকৈ জীয়াই থাকিম,” শীলাই কয়।

সমগ্ৰ দেশৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু তৰুণ মহিলাসকলৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা এই প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত -কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি ? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদ: পংকজ দাস

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli
Illustration : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das