''ছাৰ, কেইজনমান গ্ৰাহক আহিছে। মই তেওঁলোকক কিবা লাগে নেকি সোধোনে? এয়াৰফোন লগাই ৰাখিম, আপোনাৰ কথা শুনি থাকিম।’’ অনলাইন ক্লাছৰ সময়ত কিছু সময়ৰ বাবে নিজকে আনমিউট কৰি মুজফ্ফৰে তেওঁৰ পাচলিৰ ঠেলাগাড়ীখনৰ কাষত ৰৈ থকা কেইজনমান গ্ৰাহকক কি লাগে সুধিবলৈ শিক্ষকজনৰ পৰা ইতস্বতঃবোধ কৰি হ’লেও অনুমতি বিচাৰিলে। ''তাজি...চবজি লে ল’’’- স্মাৰ্টফোনত চলি থকা বিজ্ঞানৰ ক্লাছটোলৈ ঘূৰি যোৱাৰ আগেয়ে তেওঁ চিঞৰিলে।

সেয়া আছিল জুনৰ ১৫ তাৰিখত মুজফ্ফৰ শ্বেইখে কৰা প্ৰথমটো ক্লাছ। ''ক্লাছ চলি থাকোতে মই বেকগ্ৰাউণ্ডত চিঞৰ-বাখৰ শুনিছিলো- ট্ৰেফিকৰ শব্দ, গ্ৰাহকৰ কথা-বতৰা, সকলো সময়তে অসুবিধা দিছিল। পাচলিয়েই বিকিম নে ক্লাছতে মনযোগ দিম ভাবি বিবুদ্ধিত পৰিছিলো,’’ ৮ম মানত পঢ়া ১৪ বছৰ বয়সীয়া মুজফ্ফৰে কয়। সেয়া আছিল নৰ্থ মুম্বাইৰ মালাড়ৰ মালৱানি এলেকাৰ বজাৰৰ ৰাতিপুৱাৰ ব্যস্ততাপূৰ্ণ সময়, তাতে মুজফ্ফৰে পুৱা ১০ বজাত নিজৰ ঠেলাগাড়ীখনত গাজৰ-বিলাহী, তিয়ঁহ, বন্ধাকবি আদি বিক্ৰী কৰি থকাৰ মাজতে সেই অনলাইন ক্লাছত 'উপস্থিত’ আছিল।

অনলাইন ক্লাছ কৰিবলৈ মুজফ্ফৰে বন্ধু এজনৰ পৰা কেইঘণ্টামানৰ কাৰণে ফোন ধাৰ কৰি আনিছিল। তেওঁৰ নিজা স্মাৰ্টফোন নাই। ''একে সময়তে মোৰ ডাঙৰ ভাই মোবাৰকেও (৯ম মানৰ ছাত্ৰ) বন্ধু এজনৰ ঘৰত অনলাইন ক্লাছ কৰিছিল। দেউতা কামত থাকিছিল। সেয়ে দোকানখন বন্ধ কৰিব পৰা নাছিলো। তিনিমাহৰ শেষত আমি ১০ জুনত দোকান আকৌ আৰম্ভ কৰিছিলোহে মাত্ৰ,’’ তেওঁ কয়।

ল’ৰাদুজনৰ পিতৃ ইছলামে জানুৱাৰীত ঠেলাগাড়ীখন ভাড়া কৰিছিল। পৰিয়ালৰ খৰছ বাঢ়ি আহিছিল আৰু তেওঁলোকক উপাৰ্জনৰ আন উৎসৰ প্ৰয়োজন আছিল। দুকুৰি বছৰ বয়স পাৰ কৰা ইছলামে ট্ৰাক চালকৰ সহায়ক হিচাপে কাম কৰিছিল যদিও পইছা কমকৈ পোৱা কাৰণে সেই কামটো এৰি দিছিল (অৱশ্যে পিছলৈ জুনত তেওঁ সেই কামলৈ উভতিছিল)। ল’ৰাকেইটাৰ মাক ৩৫ বছৰ বয়সীয়া মমিনাই মূৰত মৰা ক্লিপ আৰু গাউন চিলায়। সাতজনীয়া পৰিয়ালটোত দুবছৰীয়া হাছনেইন আৰু দুজনী ছোৱালী- ৭ম মানত পঢ়া ফাৰ্জানা (১৩) আৰু ৬ম মানত পঢ়া আফছানা (১২)।

কিন্তু ঠেলাখন ভাড়া কৰা দুমাহমান হৈছিলহে, ২৫ মাৰ্চৰ পৰা ক’ভিড-১৯ লকডাউন আৰম্ভ হ’ল আৰু পৰিয়ালটোৰ পাচলিৰ ব্যৱসায় আৰম্ভ নৌহওঁতেই বন্ধ হৈ পৰিল। ''দেউতাই প্ৰথমে পাচলি দোকানখন চলাইছিল,’’ যেতিয়া ১৭ বছৰ বয়সীয়া মোবাৰকৰ লগত তেওঁ পুৱা ৭ বজাৰ পৰা আবেলিলৈকে স্কুলত থাকিছিল, মুজফ্ফৰে কয়। স্কুল ছুটীৰ পিছত দুয়োজনে দেউতাকক দোকানখনত থাকি সহায় কৰি দিছিল।

Mubarak Sheikh and his brother Muzzafar (in white) have been trying to juggle attending online classes and selling vegetables on a handcart
PHOTO • Jyoti Shinoli
Mubarak Sheikh and his brother Muzzafar (in white) have been trying to juggle attending online classes and selling vegetables on a handcart
PHOTO • Jyoti Shinoli

মোবাৰক শ্বেইখ আৰু তেওঁৰ ভায়েক মুজফ্ফৰে (বগা পোচাকত) অনলাইন ক্লাছো খতি নকৰে আৰু সমানে সমানে ঠেলাখনত পাচলিও বিক্ৰী কৰে

''যোৱা বছৰলৈকে আমি মাহে ৫,০০০ টকা কোনোমতে উপাৰ্জন কৰিছিলো (মাহে),’’ মমিনাই কয়। আত্মীয়-কুটুম আৰু চুবুৰীয়াৰ সহায়ৰ ওপৰতে নিৰ্ভৰ কৰিছিলো। চুবুৰীয়াৰ পৰা চিলাই মেচিন এটা পোৱাৰ পিছত গাউন চিলাই অতিৰিক্ত অকণমান উপাৰ্জন আহিছিল। চুলিত মৰা ক্লিপৰ উপাৰ্জনৰ লগত তেনেকৈ মাহে ১,০০০ মান টকা যোগ হ’ল। কিন্তু লকডাউনে তেওঁৰ আয় একেবাৰে শূন্য কৰি পেলালে। ''শাক-পাচলি, বিদ্যুতৰ বিল, পানীৰ খৰছ, স্কুলৰ ফীজ এই আটাইবোৰ যোগাৰ কৰাটো টান হৈ পৰিছিল,’’ তেওঁ কয়। ''সেয়ে আমি পাচলি বিক্ৰী কৰিবলৈ ল’লো, কিন্তু এই লকডাউনে সকলো শেষ কৰিলে।’’

দিনহাজিৰাৰ ওপৰতে নিৰ্ভৰ কৰি চলা অসংগঠিত খণ্ডত নিয়োজিত শ্বেইখৰ দৰে হাজাৰ হাজাৰ পৰিয়াল লকডাউনত সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। ''এপ্ৰিলৰ লকডাউনত সৰু বেপাৰী, হকাৰ আৰু দিনহাজিৰা কৰা শ্ৰমিকৰ আটাইতকৈ বেছি ক্ষতি হৈছিল। সেই মাহত ১২ কোটি ১৫ লাখে কৰ্মসংস্থান হেৰুৱাইছিল, তাৰে ৯ কোটি ২২ লাখ সেই খণ্ডত নিয়োজিত লোক আছিল,’’ চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমি (চিএমআইই)ৰ ২০২০ৰ আগষ্টৰ এটা লেখাত এই তথ্য উল্লেখ কৰা হৈছে।

লকডাউনৰ সময়ত শ্বেইখে দেখিছিল বহু লোকে গাঁৱলৈ উভতি আহিছে, তেওঁ নিজেও উত্তৰ প্ৰদেশৰ বাহৰেইছ জিলাৰ বালাপুৰ গাঁৱলৈ উভতি যোৱাৰো কথা ভাবিছিল, য’ৰ পৰা ১৯৯৯ত তেওঁলোক কাম বিচাৰি মুম্বাইলৈ আহিছিল। তেওঁলোকৰ নিজা মাটি নাছিল, গাঁৱৰ খেতিপথাৰত হাজিৰা কাম কৰিছিল। ''গাঁৱলৈ ঘূৰি যাম বুলিয়েই ভাবিছিলো,’’ মমিনাই কয়, ''কিন্তু ৰেল বা বাছৰ টিকট পোৱা নাছিলো। তেতিয়াই খোজকাঢ়ি যোৱা, টেম্প’ত যোৱা মানুহৰ দূৰ্ঘটনাৰ কথা শুনিবলৈ পাইছিলো। আমি বিপদ চপাব খোজা নাছিলো। সেয়ে য’ত আছো তাতেই থাকি পৰিস্থিতি ভাললৈ অহালৈ অপেক্ষা কৰাটোৱে উচিত বুলি ধৰি লৈছিলো।’’

মাক-দেউতাক দুয়োজন কৰ্মহীন হৈ পৰাত মুজফ্ফৰ আৰু মোবাৰকে এপ্ৰিলৰ আৰম্ভণিৰ ভাগত কঢ়া কাৰফিউ আৰু লকডাউনৰ মাজতে পাচলি বিক্ৰী কৰিবলৈ ল’লে। ''ঘৰৰ কাষৰে বজাৰখনত এদিন ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ গৈ হাবিলদাৰজনে মোবাৰকৰ কিলাকুটিতে লাঠিৰে কোবালে। সিদিনাৰ পৰা আমি এমাহলৈ মালৱানিৰ আন এজন পাচলি বেপাৰীৰ ঠেলাত কাম কৰিবলৈ ল’লো।’’ এই কামত তেওঁলোকে মে’ মাহ নপৰালৈকে দিনে ৫০ টকা পাইছিল।

''জুনলৈ লকডাউন কিছু শিথিল হোৱাত দুয়ো আকৌ ঠেলাখন ভাড়াত ল’লে। ঠেলাখনৰ লগতে টেম্প’ৰ ভাড়া (পাইকাৰী বজাৰলৈ যোৱা) দি পাচলি বিক্ৰী কৰি তেওঁলোকৰ হাতত ৩,০০০-৪০০০ টকা থাকিছিল।

'We have one simple mobile. So we borrowed khala’s mobile', says Mubarak, here with his mother Momina (who stitches gowns and makes hairclips for an income) and sister Afsana
PHOTO • Jyoti Shinoli
'We have one simple mobile. So we borrowed khala’s mobile', says Mubarak, here with his mother Momina (who stitches gowns and makes hairclips for an income) and sister Afsana
PHOTO • Jyoti Shinoli

'আমাৰ এটা সাধাৰণ ম’বাইল ফোন আছে। সেয়ে আমি খুড়ীদেউৰ ম’বাইল ধাৰে আনিছিলো, মোবাৰকে কয়, ফটোত মাক মমিনা (তেওঁ গাউন চিলাই আৰু চুলিত মৰা ক্লিপ বনাই কিছু টকা পায়) আৰু ভনীয়েক আফছানা

সেই মাহটোত ইছলামেও ট্ৰাক চালকৰ সহায়কৰ কামটোত সোমাল, আগৰ দৰেই মাহে ৪,০০০ টকাত। ''তেওঁ মুম্বাইৰ বাহিৰলৈ ৯-১০টা ট্ৰিপত (২-৩ দিনৰ মুৰে মুৰে) যায়,’’ মমিনাই কয়। ''তাৰে মাজতে তেওঁ ২-৩ ঘণ্টাৰ কাৰণে ঘৰলৈ আহে আৰু নেক্স ট্ৰিপৰ কাৰণে লৰালৰিকৈ ওলাই যায়। তেওঁ দিনে-ৰাতি কাম কৰে।’’

মমিনাইও সেই একে সময়তে কাম আৰম্ভ কৰিছিল, কিন্তু মাহত কেইটামান দিনৰ বাবেহে। ''জুলাইৰ পৰা মই অলপ অলপ কাম পাব ধৰিলো। কিন্তু মাৰ্চৰ আগৰ দৰে ২০ দিনৰ নহয়, ১০ দিন মানহে কাম পোৱা হ’লো,’’ তেওঁ কয়। ''ব্যৱসায়ত লোকচান হোৱাত বহুত কাৰখানা বন্ধ হৈ গৈছে, সেয়ে অৰ্ডাৰো কম আহে বুলি চাপ্লায়াৰজনে কৈছিল।’’

তেওঁলোকৰ জীৱিকাৰ বাট লাহে লাহে খোল খাইছিল যদিও মুজফ্ফৰ আৰু মোবাৰকে পঢ়া মালৱানিৰ অম্বুজৱাড়ি বস্তিৰ তেওঁলোকৰ ঘৰৰ পৰা এক কিলোমিটাৰ মান দূৰৰ গুৰুকুল ইংলিছ হাইস্কুল আৰু জুনিয়ৰ কলেজখন বন্ধ হৈয়ে আছিল। বেচৰকাৰী সংস্থাই চলোৱা এই স্কুলখনত কিণ্ডাৰগাৰ্টেনৰ পৰা ১২শ মানলৈ ৯২৮ জন শিক্ষাৰ্থী আছে। চলিত বিদ্যায়তনিক বৰ্ষৰ বাবে স্কুলখনে জুন মাহত অনলাইন পাঠদান আৰম্ভ কৰে।

''আমাৰ এটা সাধাৰণ ম’বাইল আছে। সেয়ে আমি খুড়ীদেউৰ ম’বাইলটো ধাৰে আনিছিলো,’’ মোবাৰকে বুজাই কয়। কিন্তু চাৰিজন ভাই-ভনীৰ বাবে এটা ম’বাইলেৰে নচলে। বিশেষকৈ সময়সূচী একে হয় কাৰণে। সেয়ে অম্বুজৱাড়িৰ পৰা দুই কিলোমিটাৰ দূৰৰ পৌৰনিগম চালিত এম.এইচ.বি. উৰ্দু স্কুলত পঢ়ি থকা তেওঁলোকৰ সৰু ভনী দুজনী, ফাৰ্জানা আৰু আফছানাই তেওঁলোকৰ অনলাইন ক্লাছৰ কাৰণে বন্ধু এজনৰ ঘৰলৈ যায়।

মুজফ্ফৰ আৰু মোবাৰকে এতিয়া আগৰ দৰে বজাৰৰ হুলস্থুল পৰিৱেশৰ পৰা আঁতৰি অম্বুজৱাড়ি বস্তিৰ তেওঁলোকৰ এটা কোঠাৰ ঘৰটোতে পাল পাতি অনলাইন ক্লাছ কৰে, লগতে দোকানখনো পাল পাতি চম্ভালে। তথাপিও দিনে ৬ৰ পৰা ৭ ঘণ্টালৈ কাম কৰি উঠি তিনি ঘণ্টা পৰ্য্যন্ত সময় পঢ়াত মন বহুওৱাটো টান হৈ পৰে (কেৱল দেওবাৰটোহে বন্ধ থাকে)।

পঢ়াতেই নহয়, পাচলি কিনিবলৈকৌ তেওঁলোক দুজনে অম্বুজৱাড়িৰ পৰা নাৱি মুম্বাইলৈ আন বেপাৰীৰ লগত উমৈহতীয়াকৈ ভাড়া কৰা টেম্প’ এখনত উঠি ৪০ কিলোমিটাৰ দূৰৰ কৃষি উপজাত সামগ্ৰী বিপণন কমিটি (এপিএমচি)লৈ যাওঁতেও পাল পাতি যায়। জানুৱাৰীত ইছলামে ঠেলাখন ভাড়া কৰোঁতেও তেওঁলোকে এই কাম দেউতাকৰ লগত কৰিছিল। ''আমি ৰাতি ১২ মান বজাত যাওঁ, পুৱা ৫ৰ পৰা ৫ বাজি ৩০ মিনিটমানত আহি পাওঁ,’’ মুজফ্ফৰে বুজাই কয়। ''প্ৰায় ময়ে যাওঁ, মোবাৰকে ইমান দামদৰ নকৰে। পুৱা ৭.৩০ মানত আমি ধুই-মেলি সতেজ পাচলি ঠেলাত সজাও।’’

PHOTO • Jyoti Shinoli

'পঢ়াতেই মন দিম নে পাচলিয়ে বিক্ৰী কৰিম ভাবি বিবুদ্ধিত পৰিছিলো,’ মুজফ্ফৰে জুন মাহৰ অনলাইন ক্লাছৰ প্ৰথমটো দিনৰ অভিজ্ঞতাৰ কথা মনত পেলাই কয়

পাইকাৰী বজাৰত গোটেই ৰাতি কটোৱাৰ পিছত পিছদিনা পুৱা বা আবেলি অনলাইন ক্লাছত টোপনি নোযোৱাকৈ থকা আৰু মনযোগ দিয়াত বৰ কষ্ট হয়। ''ক্লাছৰ সময়ত টোপনি ধৰে। কিন্তু চকুত পানী মাৰি বা মূৰ জোকাৰি কোনোমতে টোপনি নোযোৱাকৈ থাকো,’’ মোবাৰকে কয়।

১৫-২০ কিলো পাচলি থকা ঠেলাখন ঠেলি লৈ ফুৰা কামটোতো কষ্ট হয়, ভাগৰ লাগে। ''মোৰ কান্ধখন বিষায়, হাতৰ তলুৱা জ্বলে। লিখোতে কষ্ট পাওঁ,’’ মালৱানিৰ ঠেক ৰাস্তাবোৰত ঠেলাখন ঠেলি নিয়াৰ মাজতে মুজফ্ফৰে কয়। ''আমি পাল পাতি পাচলি বিক্ৰী কৰো। আজি (২৮ নৱেম্বৰ) মোবাৰকৰ আগবেলাৰ ক্লাছ আছে। সেয়ে মই কামলৈ আহিছো। মোৰ ভাতিবেলা ১ বাজি ৩০ মিনিটত ক্লাছ আছে।’’

তেওঁ পঢ়া স্কুলখনৰ আন ভালেকেইজন শিক্ষাৰ্থীৰ একেই সমস্যা। গুৰুকুল ইংলিছ হাইস্কুল আৰু জুনিয়ৰ কলেজৰ প্ৰতিস্থাপক তথা অধ্যক্ষ ফৰিদ শ্বেইখে কয়, ''আমাৰ ৫০ জনৰো অধিক শিক্ষাৰ্থীয়ে হোটেল, কনষ্ট্ৰাকছন ছাইটত কাম কৰে, পাচলি বেপাৰ কৰে। কামৰ কাৰণে তেওঁলোক প্ৰায়ে ভাগৰি থকা বুলি কয়। ক্লাছত মনযোগ বহুওৱাত তেওঁলোকৰ বহুত কষ্ট হয়।’’

''মালৱানি, ধাৰাৱি, মনখুৰ্দ আৰু গোৱান্দি বস্তিৰ বহু শিশুৱে লকডাউনৰ সময়ত কামত ধৰিছে, এতিয়াও কৰি আছে,’’ বস্তি অঞ্চলৰ শিশুৰ শিক্ষাৰ বাবে কাম কৰা প্ৰথম নামৰ মুম্বাইৰ এটা বেচৰাকাৰী সংস্থাৰ কাৰ্যসূচী অধ্যক্ষ নৱনাথ কাম্বলেয়ে কয়। ''অনলাইন ক্লাছৰ কাৰণে কোনো আহিলা নথকাৰ লগতে অভিভাৱকৰ কৰ্মসংস্থান নথকাটোৱে ইয়াৰ ঘাই কাৰণ।’’

তেওঁলোকৰ মাজৰে এজন ১৭ বছৰ বয়সীয়া ৰোশনী খান, তেঁৱো অম্বুজৱাড়ি নিবাসী, শ্বেইখৰ ঘৰৰ পৰা ১০ মিনিটৰ বাট। একেখন গুৰুকুল স্কুলত ১০ম মানত পঢ়া ৰোশনীয়ে অনলাইন ক্লাছৰ কাৰণে ছেকেণ্ড হেণ্ড ম’বাইল এটা কিনিবলৈ পইছা যোগাৰ কৰিবলৈ লকডাউনৰ সময়ত কেক বনোৱা দোকান এখনত কাম কৰিবলৈ লয়। তেওঁ দেউতাক ছবিৰ এজন ৱেল্ডাৰ আৰু মাক ৰুকছানা গৃহিণী। পৰিয়ালটো বিহাৰৰ মাধেপুৰা জিলাৰ কালোটাহা গাঁৱৰ পৰা ১৯৭০ত মুম্বাইলৈ আহিছিল।

Along with online school, Roshni Khan continues to work at a cake shop to support her family, including her mother Ruksana and sister Sumaira (right)
PHOTO • Jyoti Shinoli
Along with online school, Roshni Khan continues to work at a cake shop to support her family, including her mother Ruksana and sister Sumaira (right)
PHOTO • Jyoti Shinoli

অনলাইন ক্লাছ কৰাৰ সমান্তৰালভাৱে ৰোশনী খানে তেওঁ মাক ৰুকছানা আৰু ভনীয়েক সুমেইৰাকে (সোঁফালে) ধৰি পৰিয়ালটোক সকাহ দিবলৈ কেকৰ দোকানখনত কাম কৰিবলৈ লয়

''পাপাৰ এটা সাধাৰণ ম’বাইল আছে,’’ ৰোশনীয়ে কয়। ''মাৰ্চৰ পৰা তেওঁলোক কৰ্মহীন হৈ পৰিছে, সেয়ে ম’বাইল কিনাটো (স্মাৰ্টফোন) অসম্ভৱ আছিল।’’ মালাড় ৱেষ্টৰ যিখন দোকানত তেওঁ মাফিন পেকিং আৰু বিক্ৰী কৰে আৰু কেক সজায়, সেইখন অম্বুজৱাড়িৰ পৰা পাঁচ কিলোমিটাৰ দূৰত। ''মোৰ বন্ধু এজনে মাৰ্চত এই কামটোৰ কথা কৈছিল, তেনেকৈয়ে সোমালো,’’ কাষৰে শ্বেয়াৰ্ড অটোৰিক্সা এখনৰ ফালে খোজ কাঢ়ি গৈ থকা ৰোশনীয়ে কয়। প্ৰতিদিনে কামলৈ যাওঁতে তেওঁৰ ২০ টকা যাতায়তৰ নামত খৰছ হয়।

মে’ৰ মাজভাগত ৰোশনীয়ে দৰমহাৰ ৫,০০০ টকাৰ পৰা ২,৫০০ টকা খৰছ কৰি এটা ছেকেণ্ড হেণ্ড ম’বাইল কিনি আনে। তাৰপিছত ঘৰ চলাবলৈ সহায় হওঁক বুলিয়ে সেই কামটো কৰি যায়।

কিন্তু পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে ৰোশনীৰ এই কামটোৰ সৈতে তেওঁৰ স্কুলৰ সময়সূচীৰ লগত নিমিলে। ''সপ্তাহত মোৰ ২-৩ বাৰ মোৰ ক্লাছ খতি হয়,’’ তেওঁ কয়। ''খতি হোৱা পাঠ মই নিজে পঢ়ো আৰু কিবা বুজি নাপালে ছাৰহঁতৰ সৈতে ফোনতে বুজি লওঁ।’’

সাত ঘণ্টা কাম কৰি ৰোশনীৰ ভৰি বিষায়। ''ইমান ভাগৰ লাগে যে গৃহকৰ্ম শেষ কৰিব নোৱাৰো। ৰাতি প্ৰায়ে ভাত নোখোৱাকৈ শুই পৰো। কেতিয়াবা ভাবো মই দেখোন উপাৰ্জন কৰিয়ে আছো (কাম আছে), গতিকে পঢ়াৰ কি প্ৰয়োজন আছে?’’ তেওঁ কয়।

পঢ়া-শুনাত ক্ৰমান্বয়ে আগ্ৰহ কমি অহাটো সততে দেখা যায়, প্ৰথমৰ নৱনাথ কাম্বলেয়ে কয়। ''বস্তি অঞ্চলৰ কামত নিয়োজিত ল’ৰা-ছোৱালী শিক্ষাৰ কাৰণে ইমান আগ্ৰহী নহয়। ভাল শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ ফলত শিশু শ্ৰমিকৰ সংখ্যা বাঢ়ি যায়।’’

ৰোশনীৰ তিনিটা সৰু সৰু ভাই-ভনী আছে- ৭ম মানত পঢ়া ৰিহানা, ৫ম মানত পঢ়া সুমেইৰা আৰু ৪ৰ্থ মানত ৰিজৱান। আটাইকেইজনে এম.এইছ.বি. স্কুলত পঢ়ি আছে। ''মই কামলৈ ম’বাইলটো লৈ আহো কাৰণে সিহঁতেকেইটাই বন্ধুৰ ঘৰলৈ গৈ অনলাইন ক্লাছ কৰে,’’ তেওঁ কয়।

'I feel so tired, I cannot finish homework', says Roshni. 'Sometimes I feel I already [have a job and] earn, so why do I need to study?'
PHOTO • Jyoti Shinoli
'I feel so tired, I cannot finish homework', says Roshni. 'Sometimes I feel I already [have a job and] earn, so why do I need to study?'
PHOTO • Jyoti Shinoli

''ইমান ভাগৰ লাগে যে গৃহকৰ্ম শেষ কৰিব নোৱাৰো,” ৰোশনীয়ে কয়। ‘কেতিয়াবা ভাবো মই দেখোন উপাৰ্জন কৰিয়ে আছো (কাম আছে), গতিকে পঢ়াৰ কি প্ৰয়োজন আছে?’

ছেপ্টেম্বৰৰ মাজভাগত তেওঁলোকৰ মাক-দেউতাকে কাম পায় যদিও আগৰ দৰে কাম নোপোৱা হ’ল। ''মই দিনে চাৰিঘণ্টাকৈ কাম কৰিছিলো, এতিয়া এঘণ্টাৰ কামহে পাওঁ। আগতে কামলৈ মতা বহুতে এইবাৰ মোক মতা নাই,’’ ৰুকছানাই কয়। মাৰ্চৰ আগতে পোৱা মাহে ৪,০০০ টকাৰ পৰিৱৰ্তে এতিয়া তেওঁ মাহে কোনোমতে ১,০০০ টকা পোৱা হ’ল।

''ৰোশনীৰ দেউতাকে মালৱানিৰ লেবাৰ নাকাত মাৰ্চৰ আগৰ কালচোৱাত পোৱা ২৫ দিনৰ পৰিৱৰ্তে এতিয়া ১৫ দিনমানহে কাম পায় (দিনে ৪০০ টকা হাজিৰা),’’ ৰুকছানাই কয়। সেয়ে লকডাউনৰ আগত, যেতিয়া ৰোশনীয়ে কাম কৰা নাছিল, তেতিয়া পৰিয়ালটোৰ মোটামুটি ১৪,০০০ টকা আয়ৰ পৰিৱৰ্তে এতিয়া ৰোশনীৰ ভাগৰ আয় মিলালেও ১২,০০০ টকাতকৈ বেছি নহয়।

''আমাৰ আয় কমিছে, কিন্তু খৰছ কমা নাই,’’ শাক-পাচলি, স্কুলৰ ফীজ, বিদ্যুতৰ বিল, ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু খাদ্যবস্তু (পৰিয়ালটোৰ ৰেচন কাৰ্ড নাই, কেতিয়াও তাৰ বাবে দৰ্খাস্তও কৰা নাই)ৰ নামত হোৱা খৰছৰ কথা উল্লেখ কৰি ৰুকছানাই কয়।

ৰুকছানাই এনেদৰে নিজৰ জীয়াৰীয়ে আৰ্থিক বোজা বব লগা হোৱাক লৈ চিন্তিত হৈ পৰে। ''ৰোশনীৰ বয়স কম। তাইক লৈ চিন্তা হয়,’’ তেওঁ কয়। ''তাই খুব বেছি দায়িত্ব মূৰপাতি ল’বলগীয়া হৈছে।’’

ৰোশনীয়ে কাম আৰু অনলাইন ক্লাছৰ মাজত কোনোমতে বৰ্ত্তি আছে। একেদৰে মুজফ্ফৰ আৰু মোবাৰকেও। মহানগৰখনৰ স্কুলবোৰ ৩১ ডিচেম্বৰলৈ (অতিকমেও) বন্ধ থাকিব বুলি মুম্বাইৰ পৌৰনিগমে ঘোষণা কৰিছে।

''পঢ়া-শুনা আৰু কাম দুয়োটাই একেলগে কৰি বেয়া পোৱা নাই। যিমানদিনলৈ লাগে কৰি যাম। মুঠৰ ওপৰত অধ্যয়ন এৰি নিদিও,’’ আন এটা অনলাইন ক্লাছৰ বাবে ঘৰলৈ খোজকাঢ়ি যোৱাৰ সময়ত মুজফ্ফৰে কয়। ''এতিয়া ভাগৰ লাগি থকাৰ মাজতো পঢ়াতো গতানুগতিক কাম হৈ পৰিছে, এনেকৈ পাছলৈও চলাই যাব পাৰিম।’’

অনুবাদ: পংকজ দাস

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das