আবেলি সময়ত মায়াই এলুমিনিয়ামৰ চৰিয়া এটাৰ পৰা অৱশিষ্ট খাদ্য-সামগ্ৰীখিনি উলিয়ালে। এয়ে হ’ব তেওঁলোকৰ দিনটোৰ খাদ্য-সামগ্ৰী। কেৰাহীত তেওঁ আৰু শিৱাৰ বাবে অলপমানো মচুৰ দাইল নাথাকিল।

“আমি ল’ৰা-ছোৱালীৰ কাৰণে দুবাৰ ৰান্ধো, কিন্তু আমি দুজনে মাত্ৰ এবাৰ খাও। আমি চাও যে ল’ৰা-ছোৱালীকেইটাই যাতে ভালকৈ খাবলৈ পায়, মহামাৰী আৰম্ভ হোৱা সময়ৰে পৰা আমি কম পৰিমাণ খোৱাবস্তু কিনিবলগাত পৰিছো,” ২৩ বছৰীয়া মায়া আৰু ২৫ বছৰীয়া শিৱাই এইদৰে কয়। বাহেৰে নিৰ্মাণ কৰা জুপুৰীটোৰ আগফালে দুয়ো বহি আছিল, পুৰণি শাড়ী আৰু ফটা কাপোৰেৰে ঘৰটোৰ বেৰ আৰু চালিখন বনোৱা হৈছে।

মহামাৰীজনিত লকডাউন ২০২০ৰ মাৰ্চত আৰম্ভ হোৱা সময়ৰে পৰা মায়া আৰু শিৱা গাণ্ডাড়ে তেওঁলোকৰ ২ৰ পৰা ৭ বছৰ বয়সীয়া চাৰি সন্তানক খুৱাবলৈ হাহাকাৰ কৰিবলগীয়া হৈছিল।

মহাৰাষ্ট্ৰৰ বীড় জিলাৰ বীড় তালুকত থকা তেওঁলোকে স্থায়ীভাৱে বসবাস কৰা পান্ধাৰ্যাচিৱাড়ি গাওঁখনৰ পৰা ৬-৭ কিলোমিটাৰমান দূৰৰ এখন মুকলি পথাৰত তেওঁলোকৰ অস্থায়ী জুপুৰীটো আছে। বৰষুণ দিলে ৰং-বিৰঙৰ পুৰণি কাপোৰৰ বেৰ আৰু চালেৰে বৰষুণৰ পানী টোপটোপকৈ সৰকে।

পৰম্পৰাগতভাৱে ভিক্ষাবৃত্তিৰ ওপৰত নিৰ্ভৰশীল মহাৰাষ্ট্ৰৰ চৰকাৰী নথিত ও.বি.চি. (অনান্য পিছপৰা জাতি) হিচাপে তালিকাভূক্ত অঘৰী জনগোষ্ঠীৰ মাচানযোগী সম্প্ৰদায়ৰ ১৪ টা জুপুৰী এই পথাৰখনত আছে। কাম আৰু মজুৰি বিচাৰি সাধাৰণতে বছৰত এবাৰ এই পৰিয়ালসমূহে ৰাজ্যখনৰ এখন জিলাৰ পৰা আন এখন জিলালৈ একেলগে যায়।

Since the lockdowns began, Maya and Shiva Gandade, who live in a cluster of huts of the Masanjogi community in Beed district, have been struggling to feed themselves and their four little children
PHOTO • Jyoti Shinoli
Since the lockdowns began, Maya and Shiva Gandade, who live in a cluster of huts of the Masanjogi community in Beed district, have been struggling to feed themselves and their four little children
PHOTO • Jyoti Shinoli

বীড় জিলাৰ মাচানযোগী সম্প্ৰদায়ৰ লোকে অস্থায়ীভাৱে বসবাস কৰা এলানি জুপুৰীঘৰৰ মাজত থকা এটা জুপুৰীত লকডাউন আৰম্ভ হোৱাৰে পৰা থকা মায়া আৰু শিৱা গাণ্ডাড়ে তেওঁলোকৰ চাৰি সন্তানত খুৱাবলৈ আৰু খাবলৈ কঠোৰ সংগ্ৰাম কৰিবলগা হৈছে

তেওঁলোকৰ বহুতেই আজিকালি জাবৰ সংগ্ৰহৰ কাম কৰে। পুনৰ ব্যৱহাৰৰ বাবে মহিলাসকলে সাধাৰণতে বিভিন্ন গাঁৱৰ পৰা চুলি আৰু পুৰণি কাপোৰ সংগ্ৰহ কৰে, পুৰুষসকলে জাবৰৰ পৰা বা মানুহৰ ঘৰৰ পৰা ভঙা-চিঙা প্লাষ্টিক, লোহা আৰু এলুমিনিয়াম সংগ্ৰহ কৰে। “এদিনত আমি যিমান গোটাব পাৰো, এই বস্তুবোৰ ক্ৰয় কৰা দোকানীয়ে আমাক সিমান পইচা দিয়ে,” মায়াই কয়। মায়াই চুলি আৰু পুৰণি কাপোৰৰ বাবে প্লাষ্টিকৰ টাব আৰু বাল্টি বিনিময়ৰ কামো কৰে।

“কোনো এখন ঠাইত যেতিয়া আমাৰ উপাৰ্জন নোহোৱা হয়, তেতিয়া আমি আন তালুকলৈ গুছি যাওঁ। আমি এখন ঠাইত এবছৰৰ বেছি নাথাকো,” মায়াই কয়।

ক’ভিড-১৯ৰ বাবে ভ্ৰমণৰ ক্ষেত্ৰত আৰোপ কৰা বাধা-নিষেধ আৰু যাতায়তৰ বাবে যান-বাহন প্ৰায় নোহোৱা হৈ পৰা বাবে তেওঁলোকৰ প্ৰব্ৰজন বন্ধ হৈ পৰে। পলিঅ’ৰ সংক্ৰমণ সৰুতে হোৱা বাবে এখন ভৰি দূৰ্বল, সেয়ে এডাল লাঠীৰ ওপৰত নিৰ্ভৰ কৰি খোজ কঢ়া শিৱাই কয়, “২০১৯ৰ পৰা আমি বীড়ত আছো। আমি টেম্পো ভাৰা কৰিব নোৱাৰো, ইমান টকা আমাৰ নাই। ইফালে ইমানবিলাক বস্তু লৈ চৰকাৰী বাছত উঠা সম্ভৱ নহয়।”

“আমি গোটাব পৰা ভঙা-ছিঙা বস্তু, পুৰণি কাপোৰ আৰু চুলিৰ ওপৰত আমাৰ উপাৰ্জন নিৰ্ভৰ কৰে,” তেওঁ কয়। মহামাৰী আৰম্ভ হোৱাৰ আগতেও এনেকুৱা দিন পাৰ কৰিবলগীয়া হৈছিল যে মায়া আৰু তেওঁ একো উপাৰ্জন কৰিবপৰা নাছিল। ভালদিনত তেওঁলোক দুয়ো মাহে ৭ৰ পৰা ৮ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিছিল।

এতিয়া প্ৰায় এবছৰ ধৰি মাহে ৪,০০০ টকাও উপাৰ্জন নহয়।

উপাৰ্জন কম হোৱাৰ কাৰণে খাদ্য-সামগ্ৰী আৰু আহাৰ কমকৈ ব্যৱহাৰ কৰিবলগীয়া হৈছে। তেওঁলোক ছজনীয়া পৰিয়ালটোৰ বাবে আগতে তেওঁলোকে খোৱাবস্তুৰ বাবে মাহে ৪ৰ পৰা ৫ হাজাৰ টকা খৰছ কৰিছিল।

Their weekly purchase of foodgrains has dropped to just one kilo of masoor dal and two kilos of rice for a family of six
PHOTO • Jyoti Shinoli
Their weekly purchase of foodgrains has dropped to just one kilo of masoor dal and two kilos of rice for a family of six
PHOTO • Jyoti Shinoli

এতিয়া তেওঁলোকে সপ্তাহত এক কিলো মচুৰ দাইল আৰু ২ কিলো চাউল ক্ৰয় কৰি ছজনীয়া পৰিয়ালটো চলিবলগীয়া হৈছে

ক’ভিড মহামাৰীৰ আগতে সপ্তাহত তেওঁলোকে ২ কিলোগ্ৰাম বিভিন্ন দাইল আৰু ৮ৰ পৰা ১০ কিলোগ্ৰাম চাউল কিনাৰ পৰিৱৰ্তে এতিয়া সপ্তাহত এক কিলোগ্ৰাম সস্তীয়া মচুৰ দাইল আৰু ২ কিলোগ্ৰাম চাউল কিনে। “আগতে প্ৰতিমাহত, ইয়াৰ লগতে কমেও তিনিবাৰ মূৰ্গী বা ছাগলীৰ মাংস, কেতিয়াবা কণী, শাক-পাচলি, ফল-মূল ল’ৰা-ছোৱালীৰ বাবে ক্ৰয় কৰিছিলো,” আঙুলিত হিচাপ কৰি মায়াই কয়। কিন্তু লকডাউন আৰম্ভ হোৱাৰ পিছত তেওঁলোকৰ খাদ্যৰ পৰিমাণ আৰু মান হ্ৰাস পালে। মায়াই কয়, “এনেকুৱা নহয় যে আগতে আমি দৈনিক মাছে-মঙহে ভোজ খাইছিলো, কিন্তু অন্ততঃ পেট পূৰাই খাব পাৰিছিলো।”

“এতিয়া খোৱাতেলৰ পৰা দাইললৈ সকলো বস্তু দামী হৈ পৰিল। আমি সকলো বস্তু কেনেকৈ কিনিম? আগৰ সমানে আমি এতিয়া উপাৰ্জন কৰিব নোৱাৰা হ’লো,” শিৱাই কয়।

যি কি নহওঁক, মহামাৰী আৰম্ভ হোৱাৰ আগত এটা দশকত দেশৰ বহুতো লোকৰ খাদ্য-সামগ্ৰী ক্ৰয়ৰ বাবদ খৰচ হ্ৰাস পাইছিল - ১৯৯৩ চনত ৬৩.২ শতাংশৰ পৰা ৪৮.৬ শতাংশলৈ নিম্নগামী হৈছিল। ৰাষ্ট্ৰীয় আৰ্হি জৰীপ কাৰ্য্যালয়ৰ ২০১১-১২ বিত্তীয় বৰ্ষৰ পাৰিবাৰিক উপভোক্তাৰ ব্যয়ৰ জৰীপ টোকাত উক্ত তথ্য প্ৰকাশিত। (কিন্ত এই পাঁচ বছৰীয়া জৰীপৰ দ্বিতীয় লানি ফলাফল পৰিসংখ্যা আৰু কাৰ্য্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ নকৰিলে।)

দিল্লীৰ এটা সন্মিলিত সংগঠন - ৰেপিড ৰুৰেল কমিউনিটি ৰেচপন্স টু ক’ভিজ-১৯য়ে অনান্য কাম-কাজৰ লগতে ৰেচন সম্পৰ্কে চলোৱা সমীক্ষাত উল্লেখ কৰে যে দেশৰ সামাজিক আৰু অৰ্থনৈতিকভাৱে প্ৰান্তীয় সম্প্ৰদায়সমূহৰ মাজত মহামাৰী আৰম্ভ হোৱাৰ লগে লগে দুৰ্ভিক্ষই কালৰূপ ধাৰণ কৰে। ২০২০ৰ ১২ ডিচেম্বৰৰ পৰা ২০২১ৰ ৫ জানুৱাৰী পৰ্য্যন্ত সময়চোৱাত চলোৱা সমীক্ষাত উল্লেখ কৰে যে “৪০ শতাংশ জনসাধাৰণে (১১ খন ৰাজ্যৰ প্ৰায় ১১,৮০০ জন মানুহক লৈ একোটা নমুনাৰ আকাৰ) খাদ্যগ্ৰহণৰ পৰিমাণ হ্ৰাস কৰিছে” আৰু ২৫ শতাংশ মানুহে ইয়াৰ লগে লগে কণী, মাংস, শাক-পাচলি আৰু তেলৰ ব্যৱহাৰ খাদ্য-সামগ্ৰী তালিকৰ পৰা বাদ দিছে।

Many Masanjogis now work as waste-collectors, at times exchanging plastic tubs and buckets for the items they pick up from households
PHOTO • Jyoti Shinoli
Many Masanjogis now work as waste-collectors, at times exchanging plastic tubs and buckets for the items they pick up from households
PHOTO • Jyoti Shinoli

বহুতো মাচানযোগীয়ে বৰ্তমান জাৱৰ-জোঁথৰ সংগ্ৰহ কৰা কাম কৰিবলৈ লৈছে, একে সময়তে তেওঁলোকে প্লাষ্টিকৰ টাব আৰু বাল্টি কোনো পৰিয়ালক দি আন সামগ্ৰী বিনিময় কৰিছে

ৰেচন কাৰ্ড থকাহেঁতেন মায়া আৰু শিৱাই অন্ততঃ অলপ সকাহ পালেহেঁতেন। এটা পৰিয়ালৰ যদি এখন ৰেচন কাৰ্ড থাকে, তেন্তে প্ৰতি কিলোগ্ৰামত তিনি টকাকৈ চাউল, প্ৰতি কিলোগ্ৰামত দুটকাকৈ আটা আৰু প্ৰতি কিলোগ্ৰামত এটকাকৈ দাইল হিচাপে সুলভ মূল্যত এটা পৰিয়ালে মুঠ প্ৰতিজন পৰিয়ালৰ সদস্যৰ বিপৰীতে প্ৰতিমাহত পাঁচ কিলোগ্ৰামকৈ খাদ্যশস্য লাভ কৰিব বুলি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩ত কোৱা হৈছে।

“আমাৰ ৰেচন কাৰ্ড নাই কাৰণ আমি একে ঠাইত বেছিদিন নাথাকো,” মায়াই কয়। তেওঁৰ পৰিয়াল আৰু তেওঁলোকৰ লগত একেলগে বসবাস কৰা আন চৈধ্যতা পৰিয়ালে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত মহামাৰীৰ সময়ত অতিৰিক্তভাৱে বিনামূলীয়াকৈ দিয়া খাদ্য-সামগ্ৰীৰ দৰে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰিলে।

“আমি চাৰিওফালে কেৱল অনাহাৰ দেখিছো। এইবাৰ ক’ভিডৰ দ্বিতীয় ঢৌটোৰ সময়ত অনাহাৰে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ব্যাপক সংখ্যক মানুহৰ ৰেচন কাৰ্ড নাই আৰু উচ্চতম ন্যায়ালয়ে বাৰম্বাৰ নিৰ্দেশনা দিয়া স্বত্ত্বেও চৰকাৰে এই মানুহখিনিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে,” ৰাইট টু ফুড কেম্পেইন নামৰ এটা সংস্থাৰ দিল্লীৰ সদস্যা দীপা সিনহাই এইদৰে কয়।

“আমাৰ সম্প্ৰদায়ৰ ৫০ শতাংশৰো অধিক মানুহৰ (মাচানযোগী) ৰেচন কাৰ্ড নাই বা আন কোনো ধৰণৰ পৰিচয়ৰ প্ৰমাণ নাই,” মাচানযোগী মহাসংঘ চলাই থকা নান্দেৰৰ এজন সমাজকৰ্মী ৪৮ বছৰীয়া লক্ষ্মণ ঘনচৰৱাড়ে কয়। তেওঁৰ সংগঠনে এই লোকসকলৰ শিক্ষা, বিভিন্ন ধৰণৰ তথ্য যুগুতোৱা তথা আন আন সমস্যাৰ ওপৰত কাম কৰি আহিছে। তেওঁ অনুমান কৰে যে মহাৰাষ্ট্ৰত মাচানযোগী সম্প্ৰদায়ৰ মুঠ জনসংখ্যা প্ৰায় ১ লাখ হ’ব, তেওঁলোকৰ ৮০ শতাংশই ভঙা-ছিঙা সামগ্ৰী সংগ্ৰহত জৰিত হৈ পৰিছে আৰু এখন ঠাইৰ পৰা আন এখন ঠাইলৈ স্থানান্তৰ হৈ থাকে।

For Naresh and Suvarna Pawar, and their kids in Yavatmal (they belongs to the Phanse Pardhi community), bajri bhakris have become a rare meal item
PHOTO • Jyoti Shinoli
For Naresh and Suvarna Pawar, and their kids in Yavatmal (they belongs to the Phanse Pardhi community), bajri bhakris have become a rare meal item
PHOTO • Jyoti Shinoli

য়াভাটমালত নৰেশ আৰু সুৱৰ্ণা পাৱাৰ আৰু তেওঁলোকৰ সন্তান (তেওঁলোক ফান্সে পাৰ্দ্ধি সম্প্ৰদায়ৰ)ৰ বাবে বাজৰি ভাখৰি খাদ্য হিচাপে কেতিয়াবাহে খাব পাৰে

এনেধৰণৰ আন আন ভ্ৰমণশীল সম্প্ৰদায়ৰ পৰিয়ালসমূহো একে বিপজ্জনক পৰিস্থিতিত পৰিছে, নৰেশ আৰু সুৱৰ্ণা পাৱাৰো এনে এটা পৰিয়াল। য়াভাটমাল জিলাৰ নেৰ তালুকত বাস কৰা পৰিয়ালটোৰ এটা পাঁচ বছৰীয়া ল’ৰা আৰু এজনী চাৰি বছৰীয়া সন্তান আছে। ২০১৯ৰ মে’ মাহত মই তেওঁলোকক সাক্ষাত কৰিছিলো (এই নিবন্ধ যুগুতোৱাৰ সময়ত তেওঁলোকে মোক ফোনত কথাবিলাক কৈছিল)। তেওঁলোক ফান্সে পাৰ্দ্ধি সম্প্ৰদায়ৰ লোগ (অনুসূচিত জনগোষ্ঠী হিচাপে তালিকাভূক্ত), ৭০ টা খেৰৰ জুপুৰী ঘৰত থকা এটা আবাসিক অঞ্চলৰ ৩৬ টা পৰিয়ালৰ এটাৰো ৰেচন কাৰ্ড নাই।

সুৱৰ্ণাই (২৬ বছৰীয়া) সদায় পুৱা ৪ বছৰীয়া কন্যাসন্তানক লগত লৈ ভিক্ষা মাগিবৰ বাবে ওচৰৰ গাঁৱলৈ যায়। “মই প্ৰতিঘৰ মানুহৰ ঘৰৰ দুৱাৰমুখত ৰৈ ভিক্ষা মাগো… এতিয়া ভিক্ষা কৰা ইমান সহজ কাম নহয়, কাৰণ গাঁৱৰ মানুহে ক’ৰনা সংক্ৰমিত হ’ব বুলি ভয় কৰে। বহুতে আমাক আনকি গাঁৱত সোমাবলৈ নিদিয়ে। কোনোবা দুই-এঘৰৰ আমাৰ প্ৰতি দয়া উপজিলে অলপ চাউল দিয়ে আৰু কেতিয়াবা খাই থাকি যোৱা আহাৰ অলপ দিয়ে,” সুৱৰ্ণাই কয়। (দ্ৰষ্টব্যঃ তলাবন্ধৰ মাজত পাৰ্ধিসকলৰ প্ৰশ্নভিক্ষা )

সুৱৰ্ণাই যেতিয়া আহাৰৰ সন্ধানত ইফালে-সিফালে ঘূৰি ফুৰে, তেওঁৰ স্বামী ২৮ বছৰীয়া নৰেশ আৰু একে ঠাইৰ আন কেইজনমান লোকে ওচৰৰ জংঘলত হঁয়কলি চৰাইৰ চিকাৰ কৰিবলৈ ওলাই যায়। এই পৰিয়ালবিলাকে হঁয়কলি চৰাই ধৰিব পাৰিলে নিজে খায় বা বিক্ৰী কৰে। “চিকাৰ কৰিবলৈ অনুমতি দিয়া নহয়। বহুতো সময়ত বন বিষয়াবোৰে আমাক সকিয়নি দিয়ে। আমি প্ৰায়ে খালিহাতে উভতি আহো,” নৰেশে কয়।

দীঘল এটা দিনৰ অন্তত তেওঁলোকৰ খাদ্যৰ তালিকাত বিভিন্ন ঘৰৰ পৰা ভিক্ষা মাগি অনা চাউলৰ কেইটামান ভাত আৰু জলকীয়াৰ গুৰি অথবা কলাতিলৰ অকণমান চাটনি থাকে। কেতিয়াবাহে তেওঁলোকৰ আহাৰত শাক-পাচলি থাকে। “কিছুমান খেতিয়কে আমি খুজিলে কেতিয়াবা বেঙেনা বা আলু দুই-চাৰিটা দিয়ে,” সুৱৰ্ণাই কয়।

Suvarna begs for food now, and says: 'A few who take pity on us give some rice grains, and sometimes leftover bhakri'
PHOTO • Jyoti Shinoli

সুৱৰ্ণাাই আহাৰ ভিক্ষা কৰিছে, তেওঁ কয়, 'আমাৰ প্ৰতি দয়া উপজিলে কেতিয়াবা কোনোবাই অলপ চাউল দিয়ে আৰু কেতিয়াবা এৰেহা আহাৰ দিয়ে'

মহামাৰী আৰম্ভ হোৱাৰ আনকি এটা দশকৰ আগলৈকে ভাৰতত বহুতো পৰিয়ালৰ খাদ্যসামগ্ৰীৰ বাবে ব্যয় হ্ৰাস পাইছিল - ১৯৯৩ চনত ৬৩.২ শতাংশৰ পৰা ৪৮.৬ শতাংশলৈ খাদ্য-সামগ্ৰীৰ ব্যয় হ্ৰাস পোৱা বুলি ২০১১-১২ৰ ৰাষ্ট্ৰীয় নমুনা জৰীপ

চিহ্নিতকৃত অঘৰী আৰু অৰ্দ্ধ-অঘৰী জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগে লাভ কৰা বিভিন্ন আবেদনত উল্লেখ থকা স্বত্ত্বেও চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ তেওঁ আৰু তেওঁলোকৰ আনসকলে পৰিচয়ৰ নথি-পত্ৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। আয়োগৰ ২০১৭ৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছেঃ “পৰিচয় নিৰ্ধাৰণ আৰু নথি যুগুতকৰণ সন্দৰ্ভত লাভ কৰা ৪৫৪ খন আবেদনৰ ভিতৰত ৩০৪ খন আবেদনৰ ক্ষেত্ৰত মৃত্যুৰ প্ৰমাণপত্ৰ, বিপিএল (ৰেচন) কাৰ্ড আৰু আধাৰ কাৰ্ডৰ দৰে নথিপত্ৰ পোৱাৰ সমস্যাৰ লগত জৰিত।”

মহামাৰীয়ে তেওঁলোকৰ অৱস্থা অধিক জৰ্জৰিত কৰি তুলিলে।

“সমাজৰ সংবেদনশীল তথা দুৰ্বলতম অংশ যেনে পথৰ দাঁতিৰ বাস কৰাসকল, জাবৰ বোটলাসকল, হকাৰ, ৰিক্সাচালক, প্ৰব্ৰজনকাৰী শ্ৰমিক আদি যিসকলৰ বাবে খাদ্য-সামগ্ৰীৰ অতি প্ৰয়োজন, কিন্তু ৰেচন কাৰ্ড সংগ্ৰহ কৰিব পৰা নাই,” এনেসকলৰ প্ৰতি ৰাজ্য চৰকাৰসমূহৰ মনযোগ আকৰ্ষণ কৰিবলৈ ২০২১ৰ ২ জুনত কেন্দ্ৰীয় চৰকাৰে এখন জাননী জাৰী কৰিছিল।

মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত ২০২০ৰ ২৬ জানুৱাৰীত ৰাজ্য চৰকাৰে শিৱভোজন যোজনা নামৰ এখন আঁচনিৰ জৰিয়তে কোনোধৰণৰ নথিপত্ৰ অবিহনে ১০ টকাৰ বিনিময়ত প্ৰস্তুত কৰা খাদ্য-সামগ্ৰী উপলব্ধ কৰাবলৈ ইতিমধ্যে ব্যৱস্থা কৰিছে। মহামাৰীৰ সময়ত এনে প্ৰতিসাজ আহাৰৰ দাম পাঁচ টকালৈ হ্ৰাস কৰিছিল। ২০২০-২১ৰ মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক জৰীপত দাবী কৰা হয় যে “৯০৬ শিৱভোজন কেন্দ্ৰৰ জৰিয়তে ২০২০ৰ ডিচেম্বৰ মাহলৈকে এই যোজনাই আৰম্ভণিৰে পৰা ২.৮১ কোটি শিৱভোজন থালি বিতৰণ কৰিছে।”

কিন্তু এই আহাৰ শিৱা বা নৰেশৰ পৰিয়ালে বাস কৰা আবাসিক অঞ্চলত কোনেও পোৱা নাই। শিৱাই কয়, “আমি ইয়াৰ বিষয়ে নাজানো।” “এইবিষয়ে জনা হ’লে আমি অৰ্দ্ধাহাৰে নাথাকিলোহেঁতেন,” নৰেশে কয়।

Naresh and other men from the settlement go hunting for teetar (partridge) in nearby forest areas. The birds are eaten or sold by the families
PHOTO • Jyoti Shinoli
Naresh and other men from the settlement go hunting for teetar (partridge) in nearby forest areas. The birds are eaten or sold by the families
PHOTO • Jyoti Shinoli

নৰেশ আৰু তেওঁলোকে বসবাস কৰা ঠাইত আন কেইজনমান লোকে ওচৰৰ জংঘলত হঁয়কলি চিকাৰ কৰিবলৈ যায়। চৰাই ধৰিব পাৰিলে তেওঁলোকে নিজে খায় অথবা বিক্ৰী কৰে

“এইটো ৰাজ্য চৰকাৰ বনাম কেন্দ্ৰীয় চৰকাৰ হৈ পৰিছে, ফলস্বৰূপে দোমোজাত ওলমি ৰৈছে সৰ্বসাধাৰণ মানুহ। কিছুমান ৰাজ্য চৰকাৰে বেলেগ পদক্ষেপ লোৱাৰ চেষ্টা কৰিছে, কিন্তু আমি কেন্দ্ৰৰ কোনো ৰাষ্ট্ৰীয় আঁচনি দেখা নাই,” ৰাইট টু ফুড কেম্পেইনৰ সদস্যা দীপা সিনহাই কয়।

সামাজিক নিৰাপত্তাৰ বাহিৰত থাকি যোৱা স্বত্ত্বেও নৰেশে সদায় চিকাৰ কৰিবলৈ নাযায়, সুৱৰ্ণাাইও সদায় ভিক্ষা বিচাৰি নাযায়। ভোকত তেওঁলোকৰ পেটে সদায় কলমলাই থকা নাছিল। তেওঁলোকে ইয়াতকৈ অলপ ভাল দিন পাৰ কৰি আহিছে।

“আমি সকলো কাম কৰিব পাৰো - মাটি খন্দা, পথ নিৰ্মাণ কৰা, লেতেৰা চাফা কৰা, ফুল বিক্ৰী কৰা,” ডিচেম্বৰৰ পৰা মে’লৈ বছৰৰ ছটা মাহত মুম্বাই, নাগপুৰ আৰু পুণেৰ দৰে চহৰত এনে কাম কৰাৰ নৰেশে হিচাপ দিয়ে। নিশা তেওঁলোকে ফ্লাই অভাৰৰ তলত বা অস্থায়ী জুপুৰীত শোৱে। ছটা মাহৰ কঠোৰ পৰিশ্ৰমৰ অন্তত তেওঁলোকে কমেও ৩০ হাজাৰৰ পৰা ৩৫ হাজাৰ টকা জমা কৰিব পাৰে।

এই টকাৰ তেওঁলোকে প্ৰতিমাহৰ চাউল, দাইল, তেল  আৰু শাক-পাচলি বছৰৰ আন ছটা মাহৰ বাবে কিনিব পাৰে। “সেয়া আমাৰ আটাইতকৈ ডাঙৰ উপাৰ্জন। সেই টকাৰে আমি প্ৰতিমাহত ১৫-২০ কিলো চাউল, ১৫ কিলো বাজৰা, ২-৩ কিলো মগুমাহ (খোলা বজাৰৰ পৰা) কিনিব পাৰো,” নৰেশে কয়।

মহামাৰী অহাৰ লগে লগে বছৰটোৰ এই উপাৰ্জন সম্পূৰ্ণৰূপে নোহোৱা হৈ পৰাৰ ফলত তেওঁলোকৰ বাৰ্ষিক আৰ্থিক ক্ষমতা হেৰাই যায়। লকডাউনে তেওঁলোকৰ ঋতুকালীন প্ৰব্ৰজন আৰু কেৱল ভিক্ষা তথা চিকাৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য কৰালে। নৰেশে কয়, “চৰকাৰে যিকোনো সময়ত লকডাউন ঘোষণা কৰে আৰু আমি চহৰত আৱদ্ধ হৈ থাকিব নিবিচাৰো, ভোকত থাকিলেও ঘৰতে থকা ভাল। ওচৰৰ গাঁৱত কাম বিচাৰি নাপাওঁ। চহৰত কাম কৰি আমাৰ অলপ উন্নতি হৈছিল, কিন্তু এতিয়া…একো নাই।”

অনুবাদ: পংকজ দাস

Jyoti Shinoli is a Senior Reporter at the People’s Archive of Rural India; she has previously worked with news channels like ‘Mi Marathi’ and ‘Maharashtra1’.

Other stories by Jyoti Shinoli
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das