“এতিয়া কথাবোৰ আগৰ দিনৰ দৰে হৈ থকা নাই। আজিকালিৰ মহিলাই গৰ্ভনিৰোধৰ পদ্ধতিবোৰৰ বিষয়ে জানে আৰু এই বিষয়ত সজাগ,” ইটাৰে গঁথা সৰু ঘৰটোৰ ৰ’দ পৰা বাৰান্দাখনত বহি থকা চালাহ খাটুনে কয়।

তেওঁ যোৱা এটা দশকৰ অভিজ্ঞতাৰ পৰা কৈছে। চালাহৰ লগতে তেওঁৰ ভতিজাৰ পত্নী চামা পাৰবিনেই এতিয়া বিহাৰৰ মধুবাণী জিলাৰ হাচানপুৰ গাঁৱৰ মহিলাসকলৰ বাবে পৰিয়াল পৰিকল্পনা আৰু মাহেকীয়াৰ স্বাস্থ্যবিধিৰ বেচৰকাৰী পৰামৰ্শদাতা।

মহিলাসকলে বিভিন্ন ধৰণৰ প্ৰশ্ন লৈ তেওঁলোকৰ কাষ চাপে। গৰ্ভনিৰোধকৰ বিষয়ে, কেনেকৈ পৰৱৰ্ত্তী গৰ্ভধাৰণৰ বাবে কেনেকৈ ব্যৱধান ৰাখিব, টিকাকৰণৰ পৰ্য্যায় আদি বিভিন্ন বিষয়ে জানিব খোজে। তাৰে মাজৰ কিছুমানে আকৌ গোপনে বেজীৰে ল’ব পৰা হৰম’নেল গৰ্ভনিৰোধক বিচাৰিও আহে।

চামাৰ ঘৰৰ এটা চুকৰ কোঠা এটাত থকা সৰু ক্লিনিকখনৰ ৰেকবোৰত ঔষধৰ কেইটামান বটল আৰু আন চিকিৎসা সামগ্ৰী আছে। তাতেই চল্লিশৰ ঘাইত ভৰি দিয়া চামা আৰু চল্লিশোৰ্দ্ধ বয়সৰ চালাহ বহে আৰু নাৰ্ছিঙৰ কোনো প্ৰশিক্ষণ নথকাকৈয়ে তেওঁলোকে পেশীত বেজী দিয়ে। “কেতিয়াবা কিছুমান মহিলাই অকলে আহে, বেজী লয় আৰু ততালিকে গুছি যায়। ঘৰত কোনেও এয়া জনাটো নিবিচাৰে,” চালাহে কয়। “আন বহুতে আকৌ গিৰীয়েকক নাইবা সম্পৰ্কীয় মহিলাক লগত লৈ আহে।”

এই পৰিৱৰ্তন খুবেই নাটকীয়, কিয়নো ফুলপাৰস ব্লকৰ সাইনি গাওঁ পঞ্চায়তৰ ২৫০০ জনবসতিৰ হাচানপুৰ গাঁৱত আজিৰ পৰা এটা দশক আগতে পৰিয়াল পৰিকল্পনাৰ উপায় অৱলম্বন কৰাটো তেনেই বিৰল ঘটনা আছিল।

কিহে এই পৰিৱৰ্তন সাধিলে? “এয়া ভিতৰুৱা কথা,” চামাই কয়।

In the privacy of a little home-clinic, Salah Khatun (left) and Shama Parveen administer the intra-muscular injection
PHOTO • Kavitha Iyer

তেনেই কম গোপনীয়তা থকা ঘৰৰে সৰু ক্লিনিকখনত চালাহ খাতুন (বাওঁফালে) আৰু চামা পাৰবিনে পেশীৰ মাজত বেজী দিয়ে

হাচানপুৰত গৰ্ভনিৰোধৰ ব্যৱহাৰ কম হোৱাৰ লগত ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ (২০১৫-১৬) ৰ ৰাজ্যিক তথ্যৰ সম্পৰ্ক আছে। তেতিয়া বিহাৰৰ মুঠ জন্মৰ হাৰ আছিল ৩.৪, সেয়া আছিল সৰ্বভাৰতীয় পৰ্য্যায়ৰ ২.২ তকৈ লক্ষণীয় হাৰত বেছি। (জন্মৰ হাৰ মানে এগৰাকী মহিলাই সন্তান জন্ম দিয়াত সক্ষম হৈ থকা কালচোৱাত জন্ম দিব পৰা সন্তানৰ গঢ় সংখ্যা।)

ৰাজ্যখনৰ জন্মৰ হাৰ ৰা.প.স্বা.স.-৫ (২০১৯-২০) মতে ৩ লৈ হ্ৰাস পাইছিল। উক্ত সমীক্ষাৰ চতুৰ্থ আৰু পঞ্চম পৰ্য্যায়ৰ মাজৰ সময়চোৱাত গৰ্ভনিৰোধৰ উপায় অৱলম্বনৰ হাৰ বৃদ্ধি হোৱাৰ সৈতে ইয়াৰ সংগতি আছে। চতুৰ্থ আৰু পঞ্চম পৰ্য্যায়লৈ গৰ্ভনিৰোধৰ ব্যৱহাৰ ২৪.১ শতাংশৰ পৰা ৫৫.৮ শতাংশলৈ বৃদ্ধি পাইছিল।

মহিলাৰ বন্ধ্যাকৰণৰ ক্ষেত্ৰত গৰ্ভনলী বন্ধ্যাকৰণেই পৰিয়াল পৰিকল্পনাৰ এক বহুলভাৱে প্ৰচলিত উপায়। সকলো আধুনিক পদ্ধতিৰ ভিতৰত এই পদ্ধতিৰ অৱলম্বনৰ হাৰ ৮৬ শতাংশ (ৰা.প.স্বা.স.-৪ত উল্লেখ)। এন.এফ.এইছ.এছ-৫ৰ সবিশেষ ডেটা এতিয়াও আহিবলৈ বাকী আছে। কিন্তু বেজীৰে দিব পৰা গৰ্ভনিৰোধকে ধৰি শিশুৰ মাজত ব্যৱধান ৰখাৰ নতুন নতুন পদ্ধতিৰ অৱতাৰণা কৰোৱাটো ৰাজ্য চৰকাৰৰ মূল নীতিৰ ভিতৰত ধৰা হৈছে।

হাচানপুৰতো চালাহ আৰু চামাই দেখিছে যে মহিলাসকলে ঘাইকৈ গৰ্ভনিৰোধক বড়ি বিচাৰে যদিও ভাৰতীয় বজাৰত ডিপ’ প্ৰভেৰা আৰু পাৰি বুলি জনা ডিপ’ট-মেড্ৰক্সি প্ৰজেষ্টেৰন এচিটেট চমুকৈ ডি.এম.পি.এ. নামৰ হৰমনেল ইনজেক্সনৰো চাহিদা বাঢ়িছে। চৰকাৰী ঔষধালয় আৰু প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰবোৰত অন্তৰা নামে ব্ৰেণ্ডটোৰ ডিএমপিএ দিয়া হয়। ২০১৭ত মুকলি কৰাৰ আগতে ডিপো’ সাধাৰণতে চুবুৰীয়া নেপালৰ পৰা ব্যক্তি আৰু জনসেৱামূলক সংস্থাকে ধৰি আন সংস্থাসমূহে বিহাৰলৈ আমদানি কৰিছিল। বেজীবোৰৰ দাম ২৪৫ৰ পৰা ৩৫০ টকা। অৱশ্যে চৰকাৰী হস্পিতালত আৰু চৰকাৰচালিত স্বাস্থ্যসেৱা কেন্দ্ৰবোৰত এয়া বিনামূলীয়া।

এই বেজীবিধেও বহু বছৰলৈ বিৰোধৰ সন্মুখীন হৈছিল। বিশেষকৈ ১৯৯০ত মহিলাৰ অধিকাৰৰ হঁকে যুঁজা সংস্থা আৰু স্বাস্থ্যক্ষেত্ৰখনৰ সমাজকৰ্মীয়ে ডিছমেনৰিয়া (অত্যাধিক বা বেদনাদায়ক ঋতুস্ৰাৱ) আৰু এমেনৰিয়া (ঋতুস্ৰাৱ নোহোৱা), শালমইনা ওলোৱা, ওজন বঢ়া-টুটা, মাহেকীয়া অনিয়মীয়া হোৱা আদি বিভিন্ন পাৰ্শ্চক্ৰিয়াৰ অভিযোগ আনি এই বেজীবিধৰ বিৰুদ্ধে বহুবছৰলৈ সৰৱ হৈ আছিল। সুৰক্ষাক লৈ দীঘলীয়া প্ৰতিবাদ, ধাৰাবাহিক গোচৰ, বিভিন্ন সংস্থাৰ পৰা পোৱা প্ৰতিক্ৰিয়া আৰু অন্যান্য প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হওঁতে ২০১৭ চন পালে। তাৰ পিছৰ পৰাই দেশীয়ভাৱে এই বেজী প্ৰস্তুত কৰা হৈ আহিছে।

এই বেজীৰে দিব পৰা ঔষধবিধ অন্তৰা হিচাপে ২০১৭ চনত বিহাৰত মুকলি কৰা হয়। ২০১৯ৰ জুনলৈ ঔষধবিধ সকলো নগৰীয়া আৰু গ্ৰামাঞ্চলৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু উপ স্বাস্থ্যকেন্দ্ৰবোৰত উপলব্ধ কৰোৱা হয়। ৰাজ্য চৰকাৰৰ ডেটা অনুসৰি ২০১৯ৰ আগস্তলৈ ৪,২৪,৪২৭ পালি ঔষধ প্ৰদান কৰা হৈছিল, এয়া দেশখনৰ ভিতৰতে সৰ্বোচ্চ। প্ৰথম পালি লোৱা মহিলাৰ ৪৮.৮ শতাংশই দ্বিতীয় পালি ঔষধো লৈছিল।

Hasanpur’s women trust Shama and Salah, who say most of them now ensure a break after two children. But this change took time

হাচানপুৰৰ মহিলাই চামা আৰু চালাহক বিশ্বাস কৰে , তেওঁলোকৰ প্ৰায়ভাগেই এতিয়া সন্তানৰ মাজত ব্যৱধান ৰখাটো নিশ্চিত কৰি আহিছে বুলি দুয়োজনে কয় কিন্তু এই পৰিৱৰ্তনৰ বাবে সময় লাগিছিল

দুবছৰ ধৰি ডিএমপিএ ব্যৱহাৰক লৈ মানুহৰ মাজত সংকোচবোধ আছিল। দ্বিধাৰ এটা কাৰণ আছিল ইয়ে হাড়ৰ খনিজ পদাৰ্থৰ ঘনত্ব কম কৰে বুলি অধ্যয়নবোৰত প্ৰকাশ পোৱাটো (বেজীবিধ লোৱা বন্ধ কৰিলে হাড় ক্ষয় যোৱাটো কমি আহে বুলি বিশ্বাস কৰা হৈছিল)। বিশ্ব স্বাস্থ্য সংস্থাই ডিএমপিএ লোৱা মহিলাৰ দুবছৰৰ মুৰে মুৰে পৰীক্ষা কৰাৰ পৰামৰ্শ দিছে।

চামা আৰু চালাহে কয় যে তেওঁলোকে সুৰক্ষাৰ দিশটোৰ প্ৰতি সতৰ্ক। উচ্চ ৰক্তচাপ থকা মহিলাক বেজীৰে দিয়া গৰ্ভনিৰোধক দিয়া নহয় আৰু স্বাস্থ্যসেৱাৰ স্বেচ্ছাসেৱক দুজনে প্ৰতিবাৰে বেজী দিয়াৰ আগেয়ে ৰক্তচাপ পৰীক্ষা নকৰাকৈ নাথাকে। তেওঁলোকে এতিয়ালৈ কোনো পাৰ্শ্চক্ৰিয়াৰ অভিযোগ পোৱা নাই বুলিও কয়।

গাঁৱত কিমানে ডিপ’-প্ৰভেৰা ব্যৱহাৰ কৰে তাৰে কোনো ডেটা তেওঁলোকৰ হাতত নাই যদিও সেইবিধ ঔষধ যে মহিলাই পচন্দ কৰে, সেই লৈ তেওঁলোক নিশ্চিত। কিয়নো এবাৰ ল’লেই তিনিমাহলৈ কোনো চিন্তা নাথাকে। আকৌ চহৰৰ পৰা বছৰত এবাৰ কেইমাহমানৰ কাৰণে ঘৰলৈ অহা দম্পত্তিয়ে সেই কেইটামান মাহৰ কাৰণে এইবিধ পদ্ধতিয়ে ব্যৱহাৰ কৰিবলৈ উজু পায়। (শেষৰটো পালিৰ পিছৰ পালিটো নল’লে কেইমাহমানৰ ভিতৰতে প্ৰজননক্ষমতা আগৰ অৱস্থালৈ ঘূৰি আহে বুলি স্বাস্থ্যসেৱা কৰ্মী আৰু চিকিৎসা গৱেষণা পত্ৰত কোৱা হৈছে।)

মধুবাণীত হৰমনেল বেজীৰ বৰ্দ্ধিত গ্ৰহণযোগ্যতাৰ আন এটা কাৰণ হৈছে বিনোবা ভাৱে আৰু জয়প্ৰকাশ নাৰায়নে ১৯৭০ৰ দশকৰ শেষৰফালে বিকেন্দ্ৰীকৃত গণতন্ত্ৰ আৰু সামূহিক স্বাৱলম্বিতাৰ পৰা অনুপ্ৰাণিত হৈ ঘোঘাৰদিহা প্ৰখণ্ড স্বৰাজ্য বিকাশ সংঘ (জিপিএছভিএছ) নামে গঠিত সংস্থাটোৱে মধুবাণীত কৰা সজাগতামূলক কাম-কাজৰ প্ৰভাৱ। (বিকাশ সংঘই ৰাজ্য চৰকাৰৰ টিকাকৰণ অভিযান আৰু বন্ধ্যাকৰণ শিবিৰবোৰত চৰকাৰক সহযোগিতা কৰিছে, এই অভিযানেই ১৯৯০ৰ শেষৰফালে লক্ষ্যভিত্তিক দৃষ্টিভংগীৰ কাৰণে সমালোচিত হৈ আহিছে)।

হাচানপুৰৰ মুছলিম অধ্যূষিত গাওঁখনত পলিঅ’ অভিযান চলোৱা আৰু পৰিয়াল পৰিকল্পনাৰ ওকালতি কৰা আৰু ব্যৱহাৰৰ দিশটো ২০০০ত পিছ পৰি আছিল। তেতিয়াই জিপিএছভিএছ-য়ে মহিলাসকলক এই গাওঁখনৰ লগতে আন গাওঁবোৰতো আত্মসহায়ক গোট আৰু মহিলা মণ্ডল হিচাপে সংগঠিত কৰিবলৈ লয়। এনেদৰেই চালাহ ক্ষুদ্ৰ সঞ্চয় গোট এটাৰ সদস্য হয় আৰু চামাকো সদস্যভৰ্ত্তি কৰোৱায়।

যোৱা তিনিটা বছৰে এই দুগৰাকী মহিলাই জিপিএছভিএছ-য়ে আয়োজন কৰা বিভিন্ন ঋতুস্ৰাৱ, অনাময়, পুষ্টি আৰু পৰিয়াল পৰিকল্পনা বিষয়ক প্ৰশিক্ষণ কাৰ্য্যসূচীসমূহত ভাগ লৈ আহিছে। বিকাশ সংঘই কাম কৰা মধুবাণী জিলাৰ প্ৰায় ৪০ খনমান গাঁৱত ‘সহেলি নেটৱৰ্ক’ নামে পৰিকল্পনাৰ অধীনত মহিলাসকলক সাজু কৰিছে। এই মহিলাসকলক মাহেকীয়া স্বাস্থ্যবিধিৰ সামগ্ৰী, কণ্ডম আৰু গৰ্ভনিৰোধক বড়ি বিক্ৰী কৰিব পৰাকৈ উক্ত সামগ্ৰীৰ কিট এটা প্ৰদান কৰা হয়। এনেদৰেই গৰ্ভনিৰোধৰ সামগ্ৰী মহিলাৰ ঘৰৰ দুৱাৰডলি পায়গৈ, তাকো বেয়া দৃষ্টিৰে নোচোৱা তেওঁলোকৰ মাজৰে লগৰীয়াৰ হাতত।

Salah with ANM Munni Kumari: She and Shama learnt how to administer injections along with a group of about 10 women trained by ANMs (auxiliary-nurse-midwives) from the nearby PHCs
PHOTO • Kavitha Iyer

এএনএম মুন্নি কুমাৰীৰ সৈতে চালাহঃ কাষৰে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এটাত এএনএম ( অগজিলেৰি নাৰ্ছ মিডৱাইফ ) পৰা চালাহ আৰু চামাৰ লগতে মুঠ ১০ গৰাকী মহিলাৰ গোট এটাই বেজী দিয়াৰ প্ৰশিক্ষণ লৈছে

“সহেলী নেটৱৰ্কৰ অধীনত প্ৰায় ৩২ গৰাকী মহিলাই এতিয়া এক বিক্ৰেতাৰ নেটৱৰ্ক গঠন কৰিছে। তেওঁলোকক আমি এক পাইকাৰী বিক্ৰেতাৰ সৈতে চিনাকী কৰাই দিলো, তেওঁৰ পৰাই পাইকাৰী হাৰত তেওঁলোকে সামগ্ৰী ক্ৰয় কৰে,” মধুবাণীস্থিত জিপিএছভিএছ-ৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰমেশ কুমাৰ সিঙে কয়। ইয়াৰ বাবে সংস্থাটোৱে কেইগৰাকীমান মহিলাক প্ৰাৰম্ভিক মূলধনেৰে সহায় আগবঢ়ায়। “তেওঁলোকে বিক্ৰী কৰা প্ৰতিটো সামগ্ৰীৰ বিনিময়ত দুটকা লাভ পায়,” সিঙে কয়।

হাচানপুৰত সেই বেজী নিয়মীয়াকৈ ল’বলৈ আৰম্ভ কৰা মুষ্টিমেয় কেইগৰাকীমান মহিলাই দ্বিতীয় পালি লওঁতে যাতে প্ৰথমপালিৰ তিনিমাহৰ পিছত দুসপ্তাহতকৈ বেছি পলম নহয়, সেয়া নিশ্চিত কৰিবলগা হৈছিল। এইখিনি সময়তে চামা আৰু চালাহৰ দৰে মুঠ দহগৰাকী মহিলাৰ গোটক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এএনএমসকলে প্ৰশিক্ষণ দিয়ালে। (হাচানপুৰত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ নাই; নিকটৱৰ্ত্তী স্বাস্থ্যকেন্দ্ৰ থকা ফুলপাৰস আৰু ঝাঞ্জাপুৰ ক্ৰমে ১৬ আৰু ২০ কিলোমিটাৰ দূৰত আছে)।

ফুলপাৰসত অন্তৰা বেজী লোৱাসকলৰ মাজৰ এগৰাকী হৈছে উজমা (নাম সলনি কৰা হৈছে), একেলেথাৰিয়ে তিনিটাকৈ সন্তানৰ মাতৃ হোৱা উজমা এগৰাকী কম বয়সীয়া মহিলা। “মোৰ স্বামী দিল্লী আৰু আন আন ঠাইলৈ কামৰ বাবে যায়। তেওঁ যেতিয়াই ঘৰলৈ আহে মই বেজী লওঁ,” উজমাই কয়। “এনে দিনত চলিবলৈ বৰ কঠিন হৈ পৰিছে, ডাঙৰ পৰিয়াল পুহিব নোৱাৰি,” উজমাই এতিয়া গৰ্ভনলী বন্ধ্যাকৰণ কৰাই ‘স্থায়ী’ সমাধানৰ বাবে মন মেলিছে।

প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত পঞ্জীয়ন কৰি অন্তৰা বেজী বিনামূলীয়াকৈ ল’ব খোজা মহিলাসকলক সহায় কৰাৰ বাবে এই ভ্ৰাম্যমান স্বাস্থ্যকৰ্মীসকলক প্ৰশিক্ষণো দিয়া হৈছে। গ্ৰামীণ পৰ্য্যায়ত অংগনবাদীসকলৰ যোগেদি মহিলাসকলে অন্তৰা লাভ কৰে, চালমা আৰু চালাহে কয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এখন নিৰ্দেশনাপুথিত কোৱা হৈছে যে তৃতীয় পৰ্য্যায়ত সকলো উপ-স্বাস্থ্যকেন্দ্ৰত বেজীৰে ল’ব পৰা গৰ্ভনিৰোধ উপলব্ধ কৰোৱা হ’ব।

এতিয়া গাওঁখনৰ প্ৰায়ভাগ মহিলাই দুটা সন্তানৰ পিছত “বিৰতি” লোৱাটো নিশ্চিত কৰিবলৈ লৈছে, চামাই কয়।

কিন্তু হাচানপুৰলৈ এই পৰিৱৰ্তন আহোতে অলপ সময় লাগিল। “লম্বা লাগা (বহুত সময় লাগিল),” চামাই কয়, “কিন্তু আমি কৰিব পাৰিলো।”

চামাৰ গিৰীয়েক ৰেহমাতুল্লাহ আবু (৪০)ৰ এমবিবিএছ ডিগ্ৰী নাই যদিও তেওঁ চিকিৎসা অনুশীলন কৰি আহিছে। তেওঁৰ সমৰ্থনতে চামাই ১৫ বছৰ আগতে মাদ্ৰাছা ব’ৰ্ডৰ আলিম পৰ্য্যায়ৰ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। সেই সমৰ্থন আৰু মহিলা গোটৰ সৈতে তেওঁৰ কামৰ অভিজ্ঞতাই তেওঁক গিৰীয়েকৰ সৈতে কামত সহযোগ কৰিবলৈ আৰু কেতিয়াবা প্ৰসৱ কৰাবলৈ অকলে যাবলৈ আৰু ঘৰুৱা ক্লিনিকখনত ৰোগীক আৰামত ৰখাৰ ক্ষেত্ৰত চামাই উৎসাহ পাইছে।

PHOTO • Kavitha Iyer

গৰ্ভনিৰোধৰ ব্যৱহাৰ সম্পৰ্কে কথা পাতোতে তেওঁলোকৰ মুছলমান অধ্যূষিত গাওঁখনত স্পৰ্শকাতৰ ধৰ্মীয় অনুভূতিৰ সৈতে আপোচ কৰিবলগা নহয় বুলি চামা আৰু চালাহে বিশ্বাস কৰে, তাৰ পৰিৱৰ্তে তেওঁলোকে এই বুলি বুজায় যে সময়ৰ লগে লগে সমাজখনে নিজেই বস্তুবোৰ নতুনকৈ চাবলৈ শিকিছে

১৯৯১ত চামাৰ বাল্যবিবাহ হৈছিল, বিয়াৰ সময়ত চামা কিশোৰী অৱস্থাতে আছিল। বিয়া হৈ তেওঁ বৰ্তমানৰ সুপৌল জিলাৰ ডুবিয়াহিৰ পৰা হাচানপুৰলৈ আহে। “আগতে মই ওৰণি লোৱা নিয়ম ভালকৈ মানিছিলো, সেইকাৰণে আনকি চুবুৰীটোও ভালকৈ দেখা নাছিলো,” তেওঁ কয়। মহিলা গোটৰ সৈতে তেওঁ কাম কৰিব লোৱাৰে পৰা তেওঁৰ পৃথিৱীখন সলনি হৈ পৰিল। “এতিয়া মই শিশু এটাৰ সম্পূৰ্ণ স্বাস্থ্যপৰীক্ষা কৰাব পাৰো। বেজী আৰু চেলাইনো দিব পাৰো। ইমানখিনি কৰিব পৰা হৈছো,” তেওঁ কয়।

চামা আৰু ৰেহমাতুল্লাহৰ তিনিটা সন্তান। ডাঙৰজন ল’ৰাৰ ২৮ বছৰ বয়সত বিয়া হৈছে, তেওঁ গৌৰৱেৰে কয়। তেওঁৰ জীয়াৰীৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ হৈছে আৰু বিএড পঢ়াৰ মন কৰিছে। “আল্লাৰ কৃপাদৃষ্টি পৰিলে তাই এদিন শিক্ষক হ’ব,” চামাই কয়। সৰুজন ল’ৰা এতিয়া কলেজত পঢ়ে।

পৰিয়াল সৰু কৰি ৰাখিবলৈ কোৱা চামাৰ কথাত হাচানপুৰৰ মহিলাই বিশ্বাস কৰে। “আন কিছুমান স্বাস্থ্যজনিত সমস্যা লৈও তেওঁলোক মোৰ কাষলৈ আহে, জন্ম নিয়ন্ত্ৰণৰ বিষয়ত তেওঁলোকক আমি পৰামৰ্শ দিওঁ। কওঁ যে পৰিয়াল যিমানেই সৰু হ’ব, সুখ সিমানেই বাঢ়িব।”

চামাই প্ৰতিদিনে পুৱা ৫ৰ পৰা ১৬ বছৰ বয়সৰ প্ৰায় ৪০ জন ছাত্ৰ-ছাত্ৰীক লৈ ৰং উৱলি যোৱা ঘৰটোৰ ৰ’দ পৰা বাৰান্দাখনত পাঠদান কৰে। তেওঁ স্কুলীয়া পাঠ্যক্ৰমৰ সৈতে মিলাই ফুলবচা, বোৱা-কটা কৰা আৰু সংগীতৰ ব্যৱহাৰিক পাঠদান কৰে। ইয়াতেই কিশোৰীহঁতে তেওঁলোকৰ কৌতুহলী মনৰ প্ৰশ্নৰ উত্তৰ চামাৰ পৰা পায়।

১৮ বছৰ বয়সীয়া গাজালা খাটুন তেওঁৰ এগৰাকী প্ৰাক্তন ছাত্ৰী। “মাতৃৰ গৰ্ভই শিশু এটিৰ প্ৰথম পাঠশালা। তাৰপৰাই সকলো শিকন আৰু সুস্বাস্থ্যই গজালি মেলে,” চামাৰ পৰা শিকা কথা অকণমান গাজালাই আওঁৰায়। “মাহেকীয়া ঋতুচক্ৰৰ সময়ত কৰণীয়খিনিৰ পৰা আৰম্ভ কৰি বিয়াৰ হোৱাৰ সঠিক বয়সলৈ বহু কথাই মই শিকিছো। আমাৰ পৰিয়ালৰ সকলো মহিলাই এতিয়া কাপোৰৰ সলনি চেনিটেৰি পেড ব্যৱহাৰ কৰে,” তেওঁ কয়। “পুষ্টিৰ দিশতো মই চকু দিও। মই স্বাস্থ্যৱান হৈ থাকিলেহে ভৱিষ্যতে স্বাস্থ্যৱান সন্তান জন্ম দিব পাৰিম।”

চালাহকো (যিয়ে নিজৰ পৰিয়ালৰ বিষয়ে কথা পাতিব নোখোজে) তেওঁৰ সম্প্ৰদায়টোৱে বিশ্বাসত লয়। তেওঁ এতিয়া হাচানপুৰৰ নটা ক্ষুদ্ৰ সঞ্চয় গোটৰ নেত্ৰী, প্ৰতিটো গোটতে ১২ৰ পৰা ১৮ গৰাকী মহিলা আছে যিয়ে মাহে ৫০০ৰ পৰা ৭৫০ টকা সঞ্চয় কৰে। গোটকেইটাৰ মাহত এখন মিটিং বহে। তাৰে প্ৰায়বোৰ সদস্যই কম বয়সীয়া মাতৃ। চালাহে তেওঁলোকক জন্ম নিয়ন্ত্ৰণৰ ওপৰত আলোচনা কৰিবলৈ উৎসাহ যোগায়।

Several young mothers often attend local mahila mandal meetings where Salah encourages discussions on birth control
PHOTO • Kavitha Iyer

কম বয়সীয়া ভালেমান মাতৃয়ে স্থানীয় মহিলা মণ্ডলৰ মিটিঙলৈ আহে য জন্ম নিয়ন্ত্ৰণৰ বিষয়ত কথা পাতিবলৈ চালাহে উৎসাহ যোগায়

মধুবাণীৰ জিপিএছভিএছৰ প্ৰাক্তন অধ্যক্ষ তথা ১৯৭০ৰ শেষৰফালে স্থাপিত সংস্থাটোৰ প্ৰতিস্থাপক সদস্যবৰ্গৰ মাজৰ এজন জীতেন্দ্ৰ কুমাৰে কয়, “আমাৰ ৩০০ গৰাকী মহিলাৰ গোটটোক কস্তুৰবা মহিলা মণ্ডল নাম দিয়া হৈছে আৰু আমি গ্ৰামীণ মহিলাৰ কাৰণে সবলীকৰণৰ সপোনক বাস্তৱায়িত কৰিব বিচাৰো, লাগিলে সেই সমাজখন এইখনৰ (হাচানপুৰ) দৰে সংৰক্ষণশীলেই নহওঁক কিয়।” কামৰ সামগ্ৰিক প্ৰকৃতিৰ বাবেই চামা আৰু চালাহৰ দৰে স্বেচ্ছাসেৱকসকল সম্প্ৰদায়টোৰ বিশ্বাসভাজন হৈ উঠিছে। “এটা সময়ত এনে এটা উৰাবাতৰিও চলিছিল যে পালছ্ পলিঅ’ৰ পালি ল’লে ল’ৰাবোৰৰ প্ৰজনন ক্ষমতা নাইকিয়া হৈ যাব। পৰিৱৰ্তন আহিবলৈ সময় লাগিল...”

গৰ্ভনিৰোধৰ ব্যৱহাৰ সম্পৰ্কে কথা পাতোতে তেওঁলোকৰ মুছলমান অধ্যূষিত গাওঁখনত স্পৰ্শকাতৰ ধৰ্মীয় অনুভূতিৰ সৈতে আপোচ কৰিবলগা নহয় বুলি চামা আৰু চালাহে বিশ্বাস কৰে। তাৰ পৰিৱৰ্তে তেওঁলোকে এই বুলি বুজায় যে সময়ৰ লগে লগে সমাজখনে নিজেই দৃষ্টিভংগী সলনি কৰিবলৈ লৈছে।

“এইখিনিতে মই আপোনাক এটা উদাহৰণ দিও,” চামাই কয়। “যোৱাবছৰ বিএ ডিগ্ৰী থকা মোৰ সম্পৰ্কীয় এগৰাকী আকৌ এবাৰ গৰ্ভধাৰণ কৰিলে। তাইৰ ইতিমধ্যে তিনিটা সন্তান আছিল। শেষৰটোৰ বাবে তাই অপাৰেচন কৰাবলগীয়া হৈছিল। মই তাইক সতৰ্ক হৈ থাকিবলৈ কৈছিলো, তাইৰ তলপেটটোত অস্ত্ৰোপচাৰ কৰা হৈছিল। শেষত জটিলতাই দেখা দিয়াত আন এটা চাৰ্জাৰি কৰিবলগীয়া হ’ল। এইবাৰ তাইৰ জৰায়ু আঁতৰাই পেলোৱা হ’ল। এই গোটেই কাৰবাৰটোত তেওঁলোকৰ ৩-৪ লাখ টকা খৰছ হ’ল।” এনে ঘটনাই আন মহিলাক নিৰাপদ গৰ্ভনিৰোধৰ উপায় অৱলম্বন কৰিবলৈ বাধ্য কৰায়, তেওঁ কয়।

গুণাহ বা পাপ মানে আচলতে কি সেয়া সুক্ষ্মদৃষ্টিৰে মানুহে এতিয়া চাবলৈ আগ্ৰহ কৰা হৈছে বুলি চালাহে কয়। “মোৰ ধৰ্মই ইয়াকো কৈছে যে আপুনি নিজৰ সন্তানৰ চোৱাচিতা কৰিব লাগিব, সুস্বাস্থ্য সুনিশ্চিত কৰিব লাগিব, ভাল কাপোৰ দিব লাগিব, ভালদৰে লালন-পালন কৰিব লাগিব...” তেওঁ কয়। “এক কি আধা ডৰ্জন সন্তান জন্ম দি ল’লো আৰু সিহঁতক অ’ত-ত’ত পৰি থাকিবলৈ দিলো - আমাৰ ধৰ্মই আমাক সন্তান জন্ম দি সিহঁতক নিজে খুটি খাবলৈ এৰি দিবলৈ নকয়।”

আগৰ ভয়বোৰ নাইকিয়া হৈ আহিছে, চালাহে কয়। “এতিয়া শাহুবোৰে ঘৰত হুকুম নচলায়। পুতেকে উপাৰ্জন কৰে আৰু ঘৈণীয়েকলৈ টকা পঠিয়ায়। তায়েই ঘৰৰ মুখীয়াল। আমি তাইক সন্তানৰ মাজত ব্যৱধান ৰখা, আন্তঃজৰায়ু আহিলাৰ ব্যৱহাৰ, বড়ি বা বেজী লোৱা আদি কথা শিকাও। আৰু যদি তাইৰ দুই বা তিনিটা সন্তান আছে, আমি তাইক চাৰ্জাৰি (বন্ধ্যাকৰণৰ) কৰিবলৈ পৰামৰ্শ দিওঁ।”

হাচানপুৰৰ মানুহৰ পৰা ভাল সঁহাৰি পোৱা হৈছো। চালাহে কয়ঃ লাইন পে আ গয়ে হ্যে সব (মানুহবোৰৰ গত লাগিছে)।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত - কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc- [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক - [email protected]

অনুবাদ: পংকজ দাস

Kavitha Iyer

Kavitha Iyer has been a journalist for 20 years. She is the author of ‘Landscapes Of Loss: The Story Of An Indian Drought’ (HarperCollins, 2021).

Other stories by Kavitha Iyer
Illustrations : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das