মহম্মদ শ্বামিমৰ পৰিয়ালটো তিনিজনীয়া, কিন্তু তেওঁ ৰেলৰ টিকট বিক্ৰী কৰা এজনক এনেকৈ ক’লে যে যিকোনো প্ৰকাৰে অপেক্ষাৰ তালিকাত থকা এটা টিকট নিশ্চিত কৰিব লাগে। “মোৰ পত্নীয়ে ৰেলৰ চিট এটা পালেই হ’ব,” শ্বামিমে কয়। তেওঁ যিকোনো প্ৰকাৰে উত্তৰ প্ৰদেশত থকা গাঁৱৰ ঘৰলৈ আহিবলৈ চেষ্টা কৰিলে। “মই যেনে-তেনে থিয় হৈ যাম। মই যিকোনো ধৰণেৰে যাত্ৰা কৰিব পাৰো। যোৱাবাৰৰ দৰে পৰিস্থিতিত চৰম অৱনতি ঘটাৰ আগতে আমি ঘৰলৈ যাব পাৰিলেই হ’ল,” শ্বামিমে কয়।

“প্ৰতিটো টিকট কনফাৰ্ম কৰিবলৈ এজেণ্টে ১৬০০ টকাকৈ বিচাৰিলে। মই ১৪০০ টকাকৈ দিম বুলি কৈছো। আমি যদি এটা চিট পাওঁ, আমি ৰেলত উঠিম আৰু তাৰ পিছত যি জৰিমনা বা শাস্তি হয়, মই তাৰ বাবে প্ৰস্তুত।” এইদৰে মহম্মদ শ্বামিমে ঘৰলৈ উভতিবলৈ দুঃসাহসী হৈ পৰিছে। মুম্বাইৰ পৰা উত্তৰ প্ৰদেশলৈ যাত্ৰা কৰিব পৰা ৰেলৰ একেবাৰে কম ভাড়া হ’ল ৩৮০-৫০০ টকা। উত্তৰ প্ৰদেশৰ ফৈজাবাদ জিলাৰ মাসোধা ব্লকৰ আব্বু ছৰাই গাঁৱত শ্বামিমৰ দুজন জ্যেষ্ঠ ভ্ৰাতৃয়ে খেতিৰ বতৰত আনৰ পথাৰত কৃষিশ্ৰমিক হিচাপে কাম কৰে।

মুম্বইত থকা ২২ বছৰীয়া শ্বামিম আৰু হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰী শ্ৰমিকে মাত্ৰ ১০ মাহৰ ভিতৰত পুনৰ নিজৰ গাঁৱলৈ উভতি আহিবলৈ দ্বিতীয়বাৰৰ বাবে চেষ্টা কৰিলে, কিয়নো ক’ভিড-১৯ৰ ২য় লহৰৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে এলানি কঠোৰ নিয়ম ইতিমধ্যে ঘোষণা কৰিছে আৰু ইয়াৰ লগে লগে কল-কাৰখানা বন্ধ, শ্ৰমিক চাটাই আৰু নিৰ্মাণ সংস্থাবোৰৰ কাম-কাজ বন্ধ কৰি দিয়া হৈছে।

আন্তঃৰাজ্যিক ৰেলৰ বাবে মুম্বাইৰ বান্দ্ৰা আৰু লোকমান্য তিলক টাৰ্মিনাছৰ পৰা উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ আৰু বিহাৰ আদিলৈ যাব পৰা ৰেলগাড়ী পোৱা হয়, এপ্ৰিলৰ ১১-১২ তাৰিখৰ পৰা এই ষ্টেছনবিলাকত অগণন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ভিৰ হ’বলৈ আৰম্ভণি কৰিছে আৰু ১৪ এপ্ৰিলত চৰকাৰে নতুন নিষেধাজ্ঞা ঘোষণা কৰাৰ পূৰ্বেই সকলোৱে মুম্বাই এৰিব বিচাৰিছে। প্ৰথম লকডাউনৰ দৰে পৰিস্থিতিৰ আশংকাত প্ৰব্ৰজনকাৰী শ্ৰমিকসকল শংকিত হৈছে।

শিৱসেনা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সান্ধ্য আইন বলবৎ কৰা নাই আৰু আন এক লকডাউনৰ দৰে কঠোৰ নিষেধাজ্ঞা জাৰী কৰা নাই, শ্বামিমে লকডাউন শব্দটোৰ ওপৰত অধিক গুৰুত্ব দিলে: “এয়া দ্বিতীয়বাৰৰ বাবে আমি মজুৰি হেৰুৱাম। ইতিমধ্যে আমাৰ অৱস্থা শোচনীয় হৈ আছে।”

Mohammed Shamim, Gausiya and their son: 'If we get one seat, we’ll board and then pay whatever fine or penalty is charged'
PHOTO • Kavitha Iyer

মহম্মদ শ্বামিম, গৌচিয়া আৰু তেওঁলোকৰ পুত্ৰ: ‘এটা ছিট পালেও আমি যাম, পিছত লাগিলে যি জৰিমনা ভৰিব লাগে, ভৰিম

১৩ এপ্ৰিল, মঙলবাৰে তেওঁ কাম কৰা সাজ-পোছাক তৈয়াৰ কৰা কাৰখানাটো বন্ধ কৰি দিয়া হ’ল। “মালিকে কাৰখানাৰ কাম সোনকালে আৰম্ভ কৰিব পাৰিব বুলি ভবা নাই। তেওঁ আমি পাবলগীয়া ১৩ দিনৰ মজুৰি আদায় দিছে,” শ্বামিমে কয়। কেইটকামান কম, প্ৰায় ৫০০০ টকা তেওঁৰ একমাত্ৰ সম্বল। ইয়াৰে লোকমান্য তিলক ষ্টেছনৰ পৰা ফৈজাবাদলৈ যোৱা ৰেলৰ দুটা টিকটৰ বাবে তেওঁ ৭৮০ টকা খৰছ কৰিছে আৰু তেওঁলোকৰ নাম ৱেটিং লিষ্টত আছে। সেইকাৰণে যিকোনো উপায়েৰে এটা টিকট কনফাৰ্ম কৰিবলৈ এজেণ্টৰ পিছত লাগি আছে। “যোৱা সপ্তাহত মই থকা কোঠাটোৰ বাবে ঘৰৰ ভাৰাৰ বাবদ ৫০০০ টকা আগধন দিলো আৰু এতিয়া তেওঁ সেই পইচা এটকাও ঘূৰাই নিদিও বুলি কৈছে, অথচ অহা কেইবামাহৰ বাবে আমি ঘৰ খালি কৰি দিছো।”

ডাঙৰ ডাঙৰ চহৰত আৱদ্ধ হৈ থকা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক নিজৰ গন্তব্যস্থানলৈ লৈ যোৱাৰ বাবে ৰেল বিভাগে যোৱা বছৰ চলাবলৈ আৰম্ভ কৰা শ্ৰমিক স্পেচিয়েল ৰেলত পৰিয়ালটোৱে যেনে-তেনে উঠি মুম্বাই এৰিছিল, ২০২০ মাৰ্চত চৰকাৰে লকডাউন ঘোষণা কৰাৰ লগে লগে তেওঁলোক ফৈজাবাদলৈ উভতি আহিছিল।

সেই সময়ত ৰেল বিভাগৰ স্বয়ংক্ৰিয় বাৰ্তাপ্ৰেৰণ পদ্ধতিৰে উত্তৰ প্ৰদেশলৈ অহা ৰেলত তেওঁলোকৰ টিকট কনফাৰ্ম কৰাৰ বাৰ্তা প্ৰেৰণ কৰিছিল, সময়টো আছিল মে’ মাহৰ শেষভাগ। “পানী আৰু বিদ্যুতকে ধৰি ঘৰ ভাড়াৰ বাবদ আমি ১০,০০০ টকা আদায় দিবলগীয়া হৈছিল (লকডাউনৰ প্ৰথম দুমাহৰ বাবে)। ৪ মাহ ধৰি মই কোনো কাম পোৱা নাছিলো, সেয়ে মজুৰিৰ হিচাপত ৩৬,০০০ টকা লোকচান হৈছিল। এতিয়া ৫,০০০ টকা এনেয়ে গ’ল,” তেওঁ কয়। য’ত প্ৰতিটো পইচা হিচাপ কৰি চলিব লাগে, তেনেক্ষেত্ৰত এই কথাই তেওঁক আঘাত কৰিছে।

শ্বামিমৰ ২০ বছৰীয়া পত্নী গৌচিয়া ভাগৰি পৰিছে। তেওঁলোক থকা উত্তৰ মুম্বাইৰ বান্দ্ৰাৰ কৰ্মজীৱি মানুহ আৱাসস্থলী নাৰ্গিছ দত্ত নগৰত আঠ বাই আঠ ফুট আকাৰৰ কোঠাটোৰ ভিতৰত তেওঁলোকৰ ৮ মহীয়া পুত্ৰ গোলাম মোস্তাফাই অচিনাকী লোকৰ কোলাত উঠি হাঁহি আছিল। প্ৰথম লকডাউনৰ পিছত ২০২০ৰ আগষ্টত তেওঁলোক মুম্বাইলৈ উভতি অহাৰ সময়ত তাৰ বয়স এমাহো হোৱা নাছিল। “কেইবাসপ্তাহ ধৰি জ্বৰ আৰু পেটৰ অসুখৰ বাবে সি অসুস্থ হৈ পৰিছিল। সম্ভৱ অতিমাত্ৰা গৰমৰ বাবে অসুখ হৈছিল,” শ্বামিমৰ পত্নীয়ে কয়। “এতিয়া আমি মুম্বাইৰ পৰা গুছি যাবলৈ আকৌ তালি-টোপোলা বান্ধিছো। আমাৰ বেলেগ কোনো উপায় নাই। পৰিস্থিতি ভাললৈ আহিলে আমি আকৌ মুম্বাইলৈ উভতি আহিম।”

আকৌ ভাল দিন আহিব বুলি পৰিয়ালটো আশাবাদী। যোৱা আগষ্টত যেতিয়া পৰিয়ালটো মুম্বাইলৈ উভতি আহিছিল, তাৰ পিছত শ্বামিমে পশ্চিম ছাণ্টাক্ৰুজত থকা কামিজ-চোলা পেকিং কৰা কাৰখানাৰ কামলৈ উভতি গৈছিল। কিন্তু যেতিয়া এই বছৰৰ ফেব্ৰুৱাৰীত অতিৰিক্ত ১০০০ টকা উপাৰ্জনৰ আন এটা সুবিধা পালে, তেতিয়া ৫ বছৰ ধৰি থকা আগৰ কামটো এৰি দিলে আৰু পূব ছাণ্টাক্ৰুজত থকা সাজ-পোছাক তৈয়াৰ কৰা এটা ক্ষুদ্ৰ উদ্যোগ গোটৰ কামত যোগ দিলে। ইয়াত মাহে ১০,০০০ টকা বেতন পাব।

Moninissa and her family are also planning to return to their village in Faizabad district. Her husband lost a job as a packer in a garment factory during the 2020 lockdown, and has now once again lost his job as a driver
PHOTO • Kavitha Iyer

মনিনিছা আৰু তেওঁ পৰিয়ালে ফৈজাবাদ জিলাত থকা নিজ গাঁৱলৈ ঘূৰি যাবলৈ বিচাৰিছে। ২০২০ত লকডাউনৰ সময়ত তেওঁৰ গিৰীয়েকে পেকাৰ হিচাপে কাপোৰৰ কোম্পানী এটাৰ কামটো হেৰুৱাইছিল, এতিয়া আকৌ গাড়ীচালকৰ কামটো হেৰুৱালে

নাৰ্গিছ দত্ত নগৰৰ কলনিত তেওঁলোকৰ পৰা কেইটামান কোঠাৰ আঁতৰত থকা মনিনিছা আৰু তেওঁৰ স্বামী মহম্মদ শ্বাহনাৱাজেও মুম্বাই এৰি যাবলৈ সিদ্ধান্ত লৈছে। তেওঁলোকৰ ঘৰো আব্বু ছৰাই গাঁৱত। “মোৰ স্বামীয়ে পোছাক তৈয়াৰ কৰা কাৰখানাত কাম কৰি ৬,০০০ টকা পায় (যোৱা বছৰৰ লকডাউনৰ আগতে পশ্চিম ছাণ্টাক্ৰুজত)। কিন্তু মুম্বাইলৈ উভতি অহাৰ পিছত কাম নোহোৱা হ’ল,” মনিনিছাই কয়। এই পৰিয়ালটোৱেও মে’ মাহৰ শেষভাগত শ্ৰমিক স্পেচিয়েল ৰেলেৰে উত্তৰ প্ৰদেশলৈ উভতি আহিছিল আৰু আগষ্টত পুনৰ মুম্বাইলৈ যাত্ৰা কৰিছিল। “তিনিমাহৰ আগতে তেওঁ বান্দ্ৰাৰ এঘৰ মানুহৰ গাড়ী চলোৱাৰ কাম কৰিছিল। তেওঁলোকে মাহে মাত্ৰ ৫,০০০ টকা দিছিল কিয়নো সদায় গাড়ী চলাব নালাগে। এতিয়া কৈছে তেওঁলোকৰ গাড়ী চলোৱা মানুহৰ দৰকাৰ নাই। এনেকুৱা লকডাউনৰ সময়ত তেওঁ ক’ত কাম বিচাৰি পাব?” মনিনিছাই কয়।

একেটা কলনিতে থকা বহু প্ৰব্ৰজনকাৰী শ্ৰমিকে বিভিন্ন খণ্ডত কাম কৰিছিল। কিন্তু মহামাৰীৰ বাবে দ্বিতীয় বাৰৰ বাবে তেওঁলোকে মুম্বাই এৰি নিজৰ ঘৰলৈ উভতি আহিবলৈ প্ৰস্তুতি চলাইছে। ২০২০ত প্ৰথম লকডাউনৰ সময়ত জীৱিকাহীন হৈ পৰা বহুতো প্ৰব্ৰজনকাৰী শ্ৰমিকে নিজৰ গাঁৱলৈ উভতি আহি আত্মীয় বা পৰিয়ালৰ আন কোনো লোকৰ ঘৰত আশ্ৰয় ল’ব লগা হৈছে। গাঁৱলৈ যদি আকৌ উভতি যাবলগা হয়, তেন্তে ছাফিয়া আলীৰ পৰিয়ালটোৱে তেনেদৰেই আশ্ৰয় লৈ থাকিব লাগিব।

“প্ৰথমতে কেইদিনমান মাৰ লগত থাকিলো, তাৰ পিছত এজন ভ্ৰাতৃৰ ঘৰত অলপদিন থকাৰ পিছত আন এজন ভ্ৰাতৃৰ ঘৰত থাকিলো, এইদৰে এক-দুইমাহ কটাব পাৰিম,” ছাফিয়াই কয়। চাৰিসন্তান আৰু স্বামীৰ সৈতে এশ বৰ্গফুটৰ এটা ভঙা-ছিঙা কোঠাত প্ৰায় ৩০ বছৰীয়া ছাফিয়া থাকে। “গাঁৱত আমাৰ একো নাই, মাটিও নাই, কামো নাই, সেই কাৰণে আমি যোৱা বছৰৰ লকডাউনৰ সময়ত গাঁৱলৈ যোৱা নাছিলো,” ছাফিয়াই কয়। কথাৰ মাজতে ছাফিয়াই ডাঙৰ জীয়াৰী ১৪ বছৰীয়া নুৰক ৩ বছৰীয়া ল’ৰাটোক ৰাজহুৱা শৌচাগাৰলৈ লৈ যাবলৈ বুজাই দিলে। এতিয়া প্ৰায় ১ বছৰ ধৰি নুৰ বানু বিদ্যালয়লৈ যোৱা নাই, পৰীক্ষা নিদিয়াকৈ ৭ম শ্ৰেণীলৈ উত্তীৰ্ণ হ’বলৈ পাই তাই খুব আনন্দিত।

ছাফিয়াৰ স্বামীয়ে বান্দ্ৰাৰ বজাৰ ৰোডত কাপোৰ বিক্ৰী কৰে, কিন্তু মহাৰাষ্ট্ৰ চৰকাৰে যেতিয়া সান্ধ্য আইন জাৰী কৰিলে আৰু দিনৰ ভাগত দোকান-পোহাৰ বন্ধ কৰাৰ লগে লগে ঘৰে ঘৰে গৈ বিক্ৰী কৰাৰ ওপৰতো নিষেধাজ্ঞা জাৰী কৰিলে, তেতিয়া ৫ এপ্ৰিলৰ পৰা তেওঁলোকৰ দৈনিক উপাৰ্জন ১০০-১৫০ টকালৈ নিম্নগামী হ’ল। ২০২০ত ৰমজানৰ আগতে ছাফিয়াই কোৱা মতে তেওঁৰ স্বামীয়ে দৈনিক ৬০০ টকা উপাৰ্জন কৰিছিল। “প্ৰথম লকডাউনৰ সময়ত ৰাজনৈতিক নেতা আৰু বিভিন্ন সংগঠনে দিয়া চাউল-দাইলেৰে আমি জীয়াই আছিলো। আমি যদি দিনৰ ভাগত অলপ উপাৰ্জন কৰিব পাৰো, তেনেহ’লে ৰাতি খাবলৈ পাওঁ। যদি দিনত উপাৰ্জন কৰিব নোৱাৰো, তেন্তে ৰাতি একো নোখোৱাকৈ শুই থাকো,” ছাফিয়াই কয়।

Migrant workers heading back home to the northern states waiting outside Lokmanya Tilak Terminus earlier this week
PHOTO • Kavitha Iyer

দেশৰ উত্তৰ ভাগৰ গৃহৰাজ্য অভিমুখী প্ৰব্ৰজনকাৰী শ্ৰমিকক এইটো সপ্তাহৰ আৰম্ভণিৰ ভাগত লোকমান্য তিলক টাৰ্মিনাছৰ বাহিৰত অপেক্ষা কৰি থকা দেখা গৈছে

বান্দ্ৰা ৰিক্লেমেচনৰ দীঘলীয়া উৰণীয়া সেতুৰ তলত আৰু ইয়াৰ কাষত প্ৰায় ১২০০টা ঘৰৰ এটা কলনি হ’ল নাৰ্গিছ দত্ত নগৰ, ইয়াৰ বাসিন্দাসকলে মহিলাসকলক কাম কৰিবলৈ যাবলৈ নিদিয়ে। ছাফিয়াক কোনোবাই ক’লে যে উত্তৰ প্ৰদেশৰ গোন্দা জিলাৰ তেওঁলোকৰ গাঁৱৰ ওচৰৰ পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি প্ৰধানে এখন বাছ প্ৰেৰণ কৰিছে। সেই বাছত ঠাই পাব বুলি ছাফিয়াই আশা কৰিছে।

গোন্দা জিলাত পঞ্চায়ত নিৰ্বাচনৰ দিন আহি আছে, সেয়ে নিৰ্বাচনৰ দিনত যাতে তেওঁ গাঁৱৰ মানুহবিলাক সময় মতে আহি পাব, তেওঁ সেইটো বিচাৰিছে, ছাফিয়াই কয়। হালধাৰ সেই ব্লকৰ নিজৰ গাওঁ আখাডেৰাত পঞ্চায়ত নিৰ্বাচন আছেনে নাই ছাফিয়াই নাজানে, তেওঁ মাত্ৰ এইবাৰ মুম্বাই এৰি যোৱাৰ আশা কৰিছে। “পুনৰ লকডাউন হ’লে আমি ইয়াত থকা সম্ভৱ নহয়, আমাৰ নিজৰ মান-সন্মান ৰক্ষা কৰিব লাগিব,” ছাফিয়াই কয়।

লকডাউন সদৃশ পৰিস্থিতি প্ৰত্যাহাৰ নকৰা পৰ্য্যন্ত যি ক্ষুদ্ৰ একাংশ লোকে পূৰ্ব-পৰিকল্পনা কৰি মুম্বাই এৰি গৈছে, তেওঁলোক উভতি নাহে। ২০ বছৰীয়া সন্দীপ বিহাৰীলাল শৰ্মাৰ গোন্দালৈ যোৱা ৰেলৰ টিকট ৫ মে’ত নিশ্চিত হৈছে। তাৰ পৰা তেওঁ চাপিয়া ব্লকত থকা বাভানন গাঁৱলৈ যাব। “পৰিয়ালৰ মানুহৰ এক বিবাহ অনুষ্ঠান আছে, মোৰ দেউতা আৰু ভণ্টিয়ে যোৱা সপ্তাহত বিবাহ অনুষ্ঠান হ’বলগীয়া ঘৰলৈ গ’ল। কিন্তু পৰ্য্যাপ্ত পৰিমানে কাম নোলোৱা পৰ্য্যন্ত আমি ইয়ালৈ উভতি নাহো,” তেওঁ কয়।

সন্দীপে আচবাব তৈয়াৰ কৰা কাৰিকৰ এজনৰ সহকাৰী হিচাপে কাম কৰে, কাঠৰ কাম কৰা নিপুন হস্তশিল্পীৰ বাধাই সম্প্ৰদায়ৰ অন্তৰ্গত সন্দীপ। “বৰ্তমান কাম নাই, কোনেও নতুন আচবাব নিবিচাৰে বা এনে পৰিস্থিতিত কোনেও ঘৰ-দুৱাৰ নতুনকৈ সজাব নিবিচাৰে। চৰকাৰে কেনেকৈ আকৌ লকডাউন আৰোপ কৰিব বিচাৰিছে, মই বুজা নাই। দুখীয়া মানুহবিলাকৰ কিমান ক্ষতি হৈছে চৰকাৰে সঁচাকৈয়ে বুজি নাপায় নেকি?” সন্দীপে প্ৰশ্ন কৰে।

এই বছৰৰ মাৰ্চ মাহৰ পৰা সৰু-সুৰা দুই-এটা কামৰ ফৰমাইচৰ জৰিয়তে কাম আৰু উপাৰ্জন অলপ আৰম্ভ হ’বলৈ ধৰিছিল, কিন্তু ক’ভিড-১৯ৰ দ্বিতীয় লহৰ আহিলেই, তেওঁ কয়।

The rush at the Lokmanya Tilak Terminus and Bandra Terminus, from where several trains leave for Uttar Pradesh and Bihar, began a few days before the state government’s renewed restrictions were expected to be rolled out
PHOTO • Kavitha Iyer

ৰাজ্য চৰকাৰে নতুনকৈ ক’ভিড লকডাউনৰ নিয়ম বান্ধি দিয়াৰ আগতে লোকমান্য তিলক টাৰ্মিনাছত মানুহৰ ভিৰ লাগিছে, তাৰ পৰাই ভালেকেইখন ৰেলগাড়ী উত্তৰ প্ৰদেশ আৰু বিহাৰলৈ যাব

স্বনিয়োজিতসকলেও জীৱিকাৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। এনে এজন ব্যক্তি হ’ল ৩৫ বছৰীয়া ছোহেইল খান। প্ৰায় তিনি দশক ধৰি তেওঁ নাৰ্গিছ দত্ত নগৰত বাস কৰিছে। তেওঁ ভাৰ্ছোভাৰ মাছৰ বজাৰৰ পৰা মাছ কিনি আনি বিক্ৰী কৰে, তেওঁ থকা বস্তিৰ আশে-পাশে তেওঁ সাধাৰণতে বিক্ৰী কৰে। “ৰমজান মাহৰ সময়খিনিত সাধাৰণতে সন্ধিয়া পলমকৈ বিক্ৰী হয়। কিন্তু সন্ধিয়া সাতটা বজাৰ লগে লগে আক্ষীয়ে টহল দিবলৈ আৰম্ভ কৰে আৰু আমাক দোকান বন্ধ কৰিবলৈ কয়। মোৰ ফ্ৰীজ বা তেনে কোনো ব্যৱস্থা নাই, গতিকে বিক্ৰী নোহোৱা মাছ গেলি নষ্ট হয়,” তেওঁ খঙেৰে কয়।

মহাৰাষ্ট্ৰত যেতিয়া নতুনকৈ এলানি নিষেধাজ্ঞা চৰকাৰে ঘোষণা কৰিলে, সেয়ে প্ৰায় এসপ্তাহৰ আগতে খানে উত্তৰ প্ৰদেশৰ গোন্দা জিলাৰ আখাডেৰা গাঁৱৰ ঘৰলৈ পত্নীক পঠিয়াই দিলে। ভ্ৰাতৃ আজমৰ সৈতে তেওঁ আছে আৰু পৰিস্থিতি লক্ষ্য কৰিছে - অলপদিন বাট চাব। যোৱা বছৰ তেওঁলোকৰ পাৰিবাৰিক উপাৰ্জনত ঘাটি হয়। সেয়ে ৰমজান মাহৰ বিক্ৰীৰ দ্বাৰা যোৱা বছৰৰ ঘাটি অলপ পূৰাব বুলি আশা কৰিছিল। চলিত বছৰৰ ১৪ এপ্ৰিলৰ পৰা ৰমজান আৰম্ভ হৈছিল।

ছোহেইলৰ কনিষ্ঠ ভাৱে আজম খান এজন ৰিক্সাচালক। তেওঁ কেইবছৰমানৰ আগতে বাজাজ কোম্পানীৰ তিনিচকীয়া অটোৰিক্সা এখন কিনি লৈছিল। মাহে ৪০০০ টকাকৈ ঋণৰ কিস্তি আদায় দিয়া কঠিন হৈ পৰিছে। “কিস্তিৰ ধন পৰিশোধ কৰিবই লাগিব, একো কাম নহ’লেও দিব লাগিব। মুখ্যমন্ত্ৰীয়ে অটোৰিক্সাবিলাক চলাই থাকিবলৈ কৈছে, কিন্তু যাত্ৰীসকলক যদি ক’লৈকো যাবলৈ দিয়া নহয়, তেন্তে অটোচালকে ক’ৰপৰা উপাৰ্জন কৰিব?” ছোহেইলে ক’লে।

“যিবিলাকে ঋণৰ কিস্তি দি আছে, ৰাজ্য চৰকাৰে তেওঁলোকলৈ সাহায্য আগবঢ়োৱা উচিত, যোৱা বছৰ তেনেকুৱা কৰিছিল। পৰিস্থিতি যদি একে হৈ থাকে, তেন্তে যোৱা বছৰৰ দৰে এইবাৰো আমি গোন্দালৈ উভতি যাম। আমি পুনৰ চৰকাৰৰ দয়াৰ ওপৰত নিৰ্ভৰশীল,” তেওঁ কয়.

অনুবাদ: পংকজ দাস

Kavitha Iyer

Kavitha Iyer has been a journalist for 20 years. She is the author of ‘Landscapes Of Loss: The Story Of An Indian Drought’ (HarperCollins, 2021).

Other stories by Kavitha Iyer
Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das