‘মোৰ স্বামীয়ে শনিবাৰে ইমান ডাঙৰ তিনি বটল মদ কিনি আনিছে,’ হাতখন সম্পূৰ্ণ মেলি দি কনকাই ক’লে। ‘তেওঁ এই মদ দুই-তিনিদিনত খাই শেষ কৰিব আৰু মদ নোহোৱা হ’লে কাম কৰিবলৈ যাব। খোৱাবস্তু কিনিবলৈ বেছি পইছা নাথাকে। মই আৰু মোৰ সন্তানে কোনোমতে খাব পাৰো আৰু মোৰ স্বামীয়ে আৰু এটা সন্তান বিচাৰে। মই এনেকুৱা জীৱন নিবিচাৰো,’ হতাশাৰে তেওঁ কয়।
গুডালুৰ আদিবাসী হাস্পতালত চিকিৎসকক দেখুৱাবলৈ ২৪ বছৰীয়া বেট্টা কুৰুম্বা আদিবাসী মাতৃ কনকা (নাম সলনি কৰা হৈছে) ৰৈ আছে। তামিলনাডুৰ সমগ্ৰ নীলগিৰি জিলাৰ গুডালুৰ আৰু পান্থালুৰ তালুকৰ ১২,০০০ ৰো অধিক আদিবাসী লোকক স্বাস্থ্য সেৱা আগবঢ়োৱা ৫০ খন বিচনাযুক্ত হাস্পতালখন উধাগামান্দালাম (উটি)ৰ পৰা ৫০ কিলোমিটাৰ দূৰত গুডালুৰ নগৰত আছে।
সাধাৰণ স্বাস্থ্য আৰু এখন ৰং যোৱা চিন্থেটিক শাৰী পিন্ধা কনকাই নিজৰ একমাত্ৰ কন্যা সন্তানৰ কাৰণে এই হাস্পতাললৈ আহিছে। হাস্পতালৰ সৈতে সংযুক্ত হৈ কাম কৰা নীলগিৰি অঞ্চলৰ স্বাস্থ্য কল্যাণ সন্থাৰ এগৰাকী স্বাস্থ্যকৰ্মীয়ে হাস্পতালৰ পৰা ১৩ কিলোমিটাৰ দূৰৰ তেওঁৰ গাঁৱত নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত যোৱা মাহত সতৰ্ক কৰিছিল যে দুবছৰীয়া কন্যা শিশুটোৰ ওজন ১০-১২ কিলোগ্ৰাম হ’ব লাগিছিল যদিও মাত্ৰ ৭.২ কিলোগ্ৰামহে হৈছে। সেয়ে শিশুটিক পুষ্টিহীন শিশুৰ বৰ্গত ধৰা হৈছে। স্বাস্থ্যকৰ্মীগৰাকীয়ে কনকা আৰু তেওঁৰ সন্তানক অতি সোনকালে হাস্পতাললৈ আহিবলৈ কৈছিল।
কন্যা শিশুটিৰ পুষ্টিহীনতাত আচৰিত হ’বলগীয়া একো নাই, কিয়নো কনকাই পাৰিবাৰিক উপাৰ্জনৰ যি হিচাপ দিলে, সেই অৱস্থাত এনে হোৱা স্বাভাৱিক। তেওঁৰ স্বামীৰ বয়সো ২০ বছৰমান হ’ব। ওচৰৰ চাহ, কফি, কল বা জালুকৰ বাগিচাত সপ্তাহটোৰ কেইদিনমান কাম কৰে আৰু দিনে ৩০০ টকা মজুৰী পায়। ‘তেওঁ মোক মাহে খোৱাৰ বাবদ ৫০০ টকা দিয়ে, সেই ৫০০ টকাৰে মই গোটেই মাহটো পৰিয়ালটোৰ খোৱাৰ যোগাৰ কৰিব লাগিব।’
প্ৰায় ৫০ বছৰীয়া দিনমজুৰ খুড়া-খুড়ীৰ লগত কনকা আৰু তেওঁৰ স্বামী থাকে। দুয়োটা পৰিয়ালৰ দুখন ৰেচন কাৰ্ড আছে, সেই কাৰ্ডৰ পৰা প্ৰতিমাহে ৭০ কিলোগ্ৰাম বিনামূলীয়া চাউল, দুই কিলোগ্ৰাম দাইল, দুই কিলোগ্ৰাম চেনী আৰু দুই লিটাৰ খোৱাতেল ৰেহাই মূল্যত পায়। ‘মাজে-সময়ে মোৰ স্বামীয়ে ৰেচনৰ চাউল বিক্ৰি কৰিও মদ আনে, কেতিয়াবা ঘৰত খাবলৈ একো নাথাকে,’ কনকাই কয়।











