“আন কিবা বিকল্প থকা হ’লে মই কেতিয়াও হস্পিতাললৈ নগ’লোহেঁতেন।” বাৰানসী জিলাৰ আনেই গাঁৱৰ সুদামা আদিবাসীয়ে কোনো সংকোচবোধ নকৰাকৈ কয়। আমি যেন জন্তু-জানোৱাৰহে, হস্পিতালত আমাক তেনে আচৰণ কৰে। ডাক্তৰে আমাক নিজে নাচায় আৰু নাৰ্ছে নিজৰ মাজত কথা পাতে- ‘এই গোন্ধোৱা মানুহসোপা আহে ক’ৰপৰা, থাকে কেনেকৈ?’ কেনেকৈ, কেতিয়া আৰু কিয় নিজৰ পাঁচোটা সন্তান ঘৰতে জন্ম দিছিল, সেই কথা মনত পেলাই তেওঁ কয়।

যোৱা ১৯ টা বছৰত সুদামাই নটা সন্তান জন্ম দিছে। ৪৯ বছৰ বয়সতো তেওঁৰ মাহেকীয়া বন্ধ হোৱা নাই।

বৰাগাওঁ ব্লকৰ ৫৭ টা পৰিয়াল থকা মুছাহাৰ বস্তিৰ এটা মূৰত তেওঁৰ ঘৰ। গাওঁখনৰ এটা মূৰে তথাকথিত উচ্চ জাতিৰ ঠাকুৰ, ব্ৰাহ্মণ, গুপ্তালোকৰ চুবুৰী। চমাৰ, ধাৰকাৰ আৰু পাচি পৰিয়ালকে ধৰি কেইঘৰমান মুছলমান আৰু অনুসূচিত জাতিৰ ঘৰো তাত আছে। বস্তিটোত এই পৰিয়ালবোৰক লৈ বহুতো বদ্ধমূল ধ্যান-ধাৰণা প্ৰচলিত। যেনে তেওঁলোকৰ ল’ৰা-ছোৱালীবোৰ নাঙঠ-পিঙঠ হৈ ধূলিয়ে-মাকটিয়ে পৰি থাকে, খাব নাপাই ক্ষীণাই যোৱা সিহঁতৰ গাত ভেনামাখি উৰি থাকে। চাফ-চিকুণতাৰ কোনো নাম নাই। কিন্তু ভালকৈ চালে তেওঁলোকৰ আন এক কাহিনীহে আপুনি দেখিবলৈ পাব।

উত্তৰ প্ৰদেশত অনুসূচিত জাতি হিচাপে তালিকাভুক্ত মুছাহাৰসকল কৃষিকৰ শত্ৰু এন্দুৰ ধৰা কামত পাকৈত আছিল। কিন্তু সময় বাগৰাৰ লগে লগে তেওঁলোকক মানুহে হীন দৃষ্টিৰে চাবলৈ ল’লে, তেওঁলোকক নাম দিয়া হ’ল ‘এন্দুৰ খোৱা’ মানুহ। মুছাহাৰ শব্দৰ আন এক অৰ্থ হৈ পৰিল এন্দুৰ খোৱা লোক। কিন্তু গ্লানিৰ সন্মুখীন হোৱা আৰু সদায়েই সমাজচ্যুত হৈ অহা এই লোকসকলক কেৱল মানুহেই হীন দৃষ্টিৰ চোৱা নহয়, চৰকাৰেও তেওঁলোকক কেতিয়াও সুদৃষ্টি দিয়া নাই। বঞ্চিত হৈ এই মুছাহাৰসকলে দিন নিয়াইছে। চুবুৰীয়া বিহাৰত তেওঁলোকক মহাদলিত হিচাপে তালিকাভূক্ত কৰা হৈছে, অনুসূচিত জাতিৰ আটাইতকৈ বঞ্চিত আৰু বৈষম্যৰ বলি হোৱা এইসকল লোক।

Sudama Adivasi and her children, on a cot outside their hut in Aneai village. 'We have seen times when our community was not supposed to have such cots in our huts. They were meant for the upper castes only,' says Sudama
PHOTO • Jigyasa Mishra

আনেই গাঁৱৰ জুপুৰীৰ বাহিৰত জৰী টনা পাতল খাট এখনত সুদামা আদিবাসী আৰু তেওঁৰ ল ৰা - ছোৱালীকেইটা বহিছে এটা সময় আছিল যেতিয়া আমাৰ এনে এখন খাটো নাছিল কেৱল উচ্চ জাতৰ মানুহৰ ঘৰতহে খাট আছিল ,’ সুদামাই কয়

আনেই গাঁৱৰ অপুষ্টিৰ ঘাটি হৈ পৰা সেই অঞ্চলটো, যাক বস্তি বুলিয়েই ক’ব লাগিব, তাৰে মাটি লেপি দিয়া বেৰৰ নিজৰ জুপুৰীটোৰ বাহিৰত পাৰি থোৱা খাটখনত সুদামা বহি আছে। “এনে এটা সময় আছিল যেতিয়া আমাৰ জুপুৰীবোৰত খাট থকা কথাটো আনে সহজভাৱে নলৈছিল,” নিজে বহি থকা খাটখনলৈ আঙুলিয়াই তেওঁ কয়। “সেয়া কেৱল উচ্চ জাতিৰ মানুহৰ বাবেহে আছিল। গাঁৱত টহল দিওতে এনেকৈ খাটত বহি থকা দেখিলে ঠাকুৰহঁত টিঙিৰিতুলা হৈ পৰে, কয় যে আৰু কি নালাগে!” আক্ৰোশেৰে তেওঁলোকে সেই কথা কয়।

আজিকালি মানুহে জাত-পাতত বেছি বিশ্বাস নকৰে যেন লাগিলেও তেওঁলোকৰ, বিশেষকৈ মহিলাৰ জীৱনবোৰ সেই ভেদাভেদৰ পৰা ওলাব পৰা নাই। “এতিয়া প্ৰায় প্ৰতিঘৰতে (ইয়াত) আপুনি খাট পাব আৰু মানুহে তাতে বহেও।” কিন্তু মহিলাক এতিয়াও বহিব দিয়া নহয়। “শাহু-শহুৰ আদি কাষত থাকিলে মহিলাই তাত বহিব নাপায়। খাটখনত বহি থকা দেখি চুবুৰীয়াৰ আগতে এবাৰ শাহু আয়ে মোক গালি পাৰিছিল।”

সুদামাৰ তিনিটা সন্তান খাটখনৰ চাৰিওফালে ঢপলিয়াই ফুৰিছে, এটাক তেওঁ কোলাত লৈছে। কিমানটা সন্তান আছে বুলি সোধাত তেওঁ পটকৰে ক’ব নোৱাৰিলে। প্ৰথমতে তেওঁ সাতটা বুলি ক’লে। তাৰপাছত মনত পেলালে যে তেওঁৰ এজনী জীয়ৰী বিয়া দিছে, নাম আঁচল। তাই শাহুৱেকহঁতৰ লগত থাকে। যোৱাবছৰ দেখোন এটা সন্তান ঢুকাইছে। শেষত যেনিবা আঙুলিৰ মুৰত গণি গণি তেওঁ উলিয়ালেঃ “ৰাম বালক (১৯), সাধনা (১৭), বিকাশ (১৩), শিৱ বালক (৯), অৰ্পিতা (৩), আদিত্য (৪) আৰু অনুজ (ডেৰ বছৰীয়া)।”

“আৰে যোৱা আকৌ, খুৰীহঁতক মাতি আনা,” আমাৰ সৈতে কথা পাতিবলৈ চুবুৰীয়া মহিলাবোৰক মাতি আনিবলৈ জীয়েকক তেওঁ হাত জোকাৰি ক’লে। “বিয়া হওঁতে মোৰ বয়স চাগে ২০ বছৰ আছিল,” সুদামাই কৈ যায়। “তিনি কি চাৰিটা সন্তান হোৱালৈকে কণ্ডমনো কি আৰু অপাৰেচনো যে কৰাব পাৰি (বন্ধ্যাকৰণ) সেয়া একো নাজানিছিলো। পিছলৈ জানিবলৈ পালো যদিও কৰোৱাৰ সাহস গোটাব নোৱাৰিলো। অপাৰেচন কৰিলে বিষাব বুলি মই ভয় খাইছিলো।” অপাৰেচন কৰাবলৈ তেওঁ তাৰ পৰা ১০ কিলোমিটাৰমান দূৰৰ বৰাগাওঁ ব্লকত থকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ (পিএইছচি)লৈ যাবলগীয়া হ’লহেঁতেন। ওচৰতে থকা পিএইছচিখনত সেই সুবিধা নাই।

Sudama with her youngest child, Anuj.
PHOTO • Jigyasa Mishra
She cooks on a mud chulha in her hut. Most of the family’s meals comprise of rice with some salt or oil
PHOTO • Jigyasa Mishra

বাওঁফালেঃ আটাইতকৈ সৰুটো সন্তান অনুজৰ সৈতে সুদামা সোঁফালেঃ জুপুৰীৰ ভিতৰত মাটিৰ চৌকা এটাত তেওঁ ভাত ৰান্ধিছে তেওঁৰ দৰে আন পৰিয়ালবোৰেও নিমখ - তেল আৰু ভাতেই খায়

সুদামা এগৰাকী গৃহিণী। তেওঁৰ ৫৭ বছৰ বয়সীয়া গিৰীয়েক ৰামবাহাদুৰ “ধানখেতিত লাগিছে। এয়া বীজ সিঁচাৰ সময়,” তেওঁ কয়। শস্য চপোৱাৰ পিছত তেওঁ আনবোৰৰ দৰেই চহৰত নিৰ্মাণখণ্ডত শ্ৰমিকৰ কাম কৰিবলৈ চহৰমুৱা হয়।

ইয়াৰে প্ৰায়ভাগ মুছাহাৰ পৰিয়ালৰে মাটি-সম্পত্তি নাই, হাজিৰা কৰি দিন নিয়ায়। কিছুমানে অৱশ্যে আধি, তিছাৰীয়া বা ছৌথিয়া (আধি মানে আধা শস্য পাব, তিছাৰীয়াকৈ কৰিলে এক-তৃতীয়াংশ আৰু ছৌথিয়াকৈ হ’লে এক-চতুৰ্থাংশ)। সুদামাৰ গিৰীয়েকে তিছাৰীয়াকৈ খেতি কৰে। এক-তৃতীয়াংশ যি শস্য পায়, তাৰে এভাগ আকৌ তেওঁ বিক্ৰী কৰে আৰু অৱশিষ্টভাগ খাবলৈ ৰাখে।

আজি সুদামাই দুপৰীয়ালৈ বুলি ভাত ৰান্ধিছে। মাটিৰ চৌকা এটাই চাউলৰ সৈতে চচপেনটোৰ ভৰ সহিছে। তেওঁলোকৰ সম্প্ৰদায়ৰ প্ৰায়ভাগ পৰিয়ালেই নিমখ-তেল দি ভাত খায়। কোনোবা এটা ভাল দিনত তেওঁলোকে দাইল, শাক-পাচলি কেতিয়াবা মুৰ্গীৰ মাংসও খায়। সপ্তাহত কেতিয়াবা এদিন ৰুটি খায়।

“আমৰ আচাৰেৰে আমি ভাত খাম,” ষ্টীলৰ কাঁহীত ভাই-ভনীকেইটাক ভাত বিলাই থকাৰ সময়ত জীয়েক সাধনাই কয়। আটাইতকৈ সৰুজনী অনুজে সাধনাৰ কাঁহীৰ পৰাই খাইছে। আকৌ ৰাম বালক আৰু বিকাশে এখন কাঁহীতে খাইছে।

The caste system continues to have a hold on their lives, says Sudama.
PHOTO • Jigyasa Mishra
PHOTO • Jigyasa Mishra

বাওঁফালেঃ জাত - পাতৰ নিয়মে তেওঁলোকক এতিয়াও বান্ধি ৰাখিছে বুলি সুদামাই কয় সোঁফালেঃ আনেইৰ মুছাহাৰ বস্তিত কাম কৰা মানৱ অধিকাৰ কৰ্মী সন্ধ্যাই কয় যে তাতে থকা প্ৰতিগৰাকী মহিলাই ৰক্তহীনততা ভূগি আছে

কথা পাতি থকাৰ মাজতে চুবুৰীয়াৰ কেইগৰাকীমান মহিলাই আমাৰ কথাত যোগ দিলে। তাৰে মাজৰে এগৰাকী হৈছে ৩২ বছৰ বয়সীয়া সন্ধ্যা, মানৱধিকাৰ জন নিগৰাণী সমিতি নামে মানৱ অধিকাৰ সংস্থা এটাৰ অধীনত পাঁচ বছৰ ধৰি তেওঁ এই বস্তিটোত কাম কৰি আহিছে। সন্ধ্যাই প্ৰথমতেই ৰক্তহীনতাৰ কথাৰে আৰম্ভ কৰিলে। ২০১৫-১৬ৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ ( এনএফএইছএছ-৪ )ত উল্লেখিত তথ্য মতে উত্তৰ প্ৰদেশত ৫২ শতাংশ মহিলা ৰক্তহীনতাত ভূগি আছে যদিও আনেই গাঁৱত পৰিস্থিতি তাতোকৈ বিষম। সন্ধ্যাৰ কোৱা মতে তাত মৃদু হাৰত বা গুৰুতৰভাৱে ৰক্তহীনতাত ভোগা মহিলাৰ হাৰ ১০০ শতাংশ।

“অলপতে আমি এই গাওঁখনৰ সকলো মহিলাৰ পুষ্টি মানচিত্ৰণ (পুষ্টিৰ মূল্যায়ন) কৰিছিলো। দেখিছিলো যে ইয়াৰে কোনো মহিলাৰে হিমগ্ল’বিন ১০ gm/dLতকৈ বেছি নাই। তেওঁলোকৰ প্ৰত্যেকেই ৰক্তহীনতাত ভূগি আছে। তাৰোপৰি লিউকৰিয়া আৰু কেলচিয়ামৰ অভাৱ আদিও তেওঁলোকৰ মাজত সততে দেখা পোৱা স্বাস্থ্যজনিত সমস্যা,” সন্ধ্যাই কয়।

স্বাস্থ্যজনিত এই সমস্যা আৰু পুষ্টিৰ অভাৱ আছেই, তাক আকৌ সংগ দিছে ৰাজহুৱা স্বাস্থ্যসেৱা ব্যৱস্থাটোৰ প্ৰতি থকা তেওঁলোকৰ আস্থা নথকাটোৱে। স্বাস্থ্যকেন্দ্ৰত তেওঁলোকক লেই লেই-চেই চেই কৰা হয় আৰু সামান্যতমো গুৰুত্ব নাপায়। উপাই নাইকিয়া বিপদত বাদে সেই মহিলাসকলে সেয়ে হস্পিতাললৈ যাবলৈ সংকোচবোধ কৰে। “মোৰ পাঁচটা সন্তানৰ জন্ম ঘৰতে হৈছিল। তাৰপাছত আশাকৰ্মী (স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী)য়ে মোক হস্পিতাললৈ নিয়া কৰিলে,” হস্পিতালৰ প্ৰতি থকা দ্বিধাৰ কথা উনুকিয়াই সুদামাই কয়।

“ডাক্তৰে আমাক হেয়জ্ঞান কৰে। কিন্তু এয়া নতুন কথা নহয়। আচল সমস্যা ঘৰৰ পৰাই আৰম্ভ হয়,” চুবুৰীৰে দুৰ্গামতী আদিবাসীয়ে (৪৭) কয়। “কেৱল ডাক্তৰেই নে, চৰকাৰ আৰু আমাৰ নিজৰ মতাবোৰেও আমাক ঘৃণাৰ দৃষ্টিৰে চায়। সিহঁতে (মতাবোৰে) কেৱল কেঁচা মঙহৰ সোৱাদ ল’ব জানে, পাছত কি হয় তালৈ কাণসাৰ নকৰে। পৰিয়ালটোৰ পেট পোহাটোৱে সিহঁতৰ একমাত্ৰ দায়িত্ব বুলি সিহঁতে ভাবে। বাকী সকলো মহিলাৰ ওপৰত আহি পৰে,” চেপা উত্তেজনাৰে দুৰ্গামতীয়ে কথাখিনি কয়।

The lead illustration by Jigyasa Mishra is inspired by the Patachitra painting tradition.

স্বাস্থ্যজনিত সমস্যা আছেই, তাৰ লগত আকৌ যোগ দিছে ৰাজহুৱা স্বাস্থ্যসেৱা ব্যৱস্থাটোৰ প্ৰতি থকা তেওঁলোকৰ অবিশ্বাস। হস্পিতালত তেওঁলোকক কোনেও গুৰুত্ব নিদিয়ে আৰু ঘৃণাৰ দৃষ্টিৰে চায়। সেয়ে টান বিপদ নহ’লে তেওঁলোকে পৰাপক্ষত হস্পিতাল এৰাই চলে

“সকলো সম্প্ৰদায়ত কেৱল মহিলাইহে অপাৰেচন কৰায়,” আনেইত আইৰনৰ টেবলেট যোগান ধৰিবলৈ অহা আশাকৰ্মী মনোৰমা সিঙে (৪৫) কয়। “গাওঁখনত এপাক মাৰি আহকচোন। ক’তো এজনো বন্ধ্যাকৰণ কৰোৱা পুৰুষ নাপাব। সন্তান জন্ম দিয়া আৰু অপাৰেচন কৰোৱা এই দুয়োটা দায়িত্ব কিয় মহিলাৰ গাতে আহি পৰে ইশ্বৰেহে জানে,” তেওঁ কয়। ২০১৯-২১ৰ ৰা.প.স্বা.স.-৫ ৰ তথ্য মতে বাৰানসীৰ কেৱল ০.১ শতাংশ পুৰুষে বন্ধ্যাকৰণ কৰাইছে, তাৰ পৰিৱৰ্তে মহিলাৰ হাৰ হৈছে ২৩.৯ শতাংশ।

এন.এফ.এইছ.এছ.-৪ত এই তথ্যও উল্লেখঃ “উত্তৰ প্ৰদেশত ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ প্ৰায় দুই-তৃতীয়াংশ পুৰুষে (৩৮ শতাংশ) ভাৱে যে বন্ধ্যাকৰণ মহিলাৰ বিষয়, পুৰুষে এই লৈ চিন্তা কৰিবলগীয়া একো কথা নাই।”

গাওঁখনত কাম কৰাৰ অভিজ্ঞতাৰ পৰা সন্ধ্যাইও একেই সিদ্ধান্তত উপনীত হৈছে। “পৰিয়াল পৰিকল্পনাৰ গুৰুত্বৰ বিষয়ে আমি তেওঁলোকক (পুৰুষসকলক) কৈ আহিছো, কণ্ডমো বিলাই আহিছো। বহু সময়ত পুৰুষে কণ্ডম ব্যৱহাৰ নকৰে, ঘৈণীয়েকে বিচাৰিলেও নকৰে। পৰিয়ালে আৰু গিৰীয়েকে বিচাৰিলেহে মহিলাই গৰ্ভধাৰণ এৰাই চলিব পাৰিব।”

উত্তৰ প্ৰদেশত ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ বিবাহিত মহিলাৰ মাজত গৰ্ভনিৰোধকৰ ব্যৱহাৰৰ হাৰ (কন্ট্ৰেচেপ্টিভ প্ৰিভেলেঞ্চ ৰেট চমুকৈ চিপিআৰ) ৪৬ শতাংশ, এন.এফ.এইছ.এছ.-৪ৰ তথ্য। এই হাৰ এন.এফ.এইছ.এছ.-৩ তকৈ সামান্য উন্নত, তেতিয়া আছিল ৪৪ শতাংশ। উত্তৰ প্ৰদেশৰ মহিলাই গৰ্ভনিৰোধক ব্যৱহাৰ কৰাটো পচন্দ কৰে, কিন্তু পুত্ৰসন্তান ইতিমধ্যে থাকিলেহে- সমীক্ষাটোত কোৱা হৈছে। “তেওঁলোকৰ কোনোৱেই পৰিয়াল পৰিকল্পনাৰ কথা ঘুণাক্ষৰেও নাভাৱে, বিশেষকৈ পুৰুষে,” মনোৰমাক কামত সংগ দিয়া আৰু ওচৰৰে এটা চুবুৰীত কাম কৰা আশাকৰ্মী তাৰা দেৱীয়ে কয়। “ইয়াতে পৰিয়ালবোৰৰ গঢ় সন্তানৰ সংখ্যা ছটা। বহু সময়ত বয়সৰ বাবেহে সন্তান জন্ম দিয়া বন্ধ হয়। আপুনি যদি পুৰুষক বন্ধ্যাকৰণৰ কথা সোধে, তেওঁলোকে কয় যে বিষ আৰু স্বাস্থ্যজনিত জটিলতা তেওঁলোকে সহ্য কৰিব নোৱাৰে।”

“তেওঁ আৰ্জিব লাগিব আৰু পৰিয়ালটো চাব লাগিব,” সুদামাই কয়। “তেওঁৰ অপাৰেচন কৰোৱাৰ কথা মই কেনেকৈ ভাবিব পাৰো? এয়া বিকল্পতো নপৰে।”

সমগ্ৰ দেশৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু তৰুণ মহিলাসকলৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা এই প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত - কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি ? তেন্তে অনুগ্ৰহ কৰি Cc- [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক - [email protected]

জিজ্ঞাসা মিশ্ৰাই ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ অনুদানেৰে এক স্বতন্ত্ৰ সাংবাদিকতাৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতা সম্পৰ্কে প্ৰতিবেদন আগবঢ়াইছে ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদনা নিয়ন্ত্ৰণ আৰোপ কৰা নাই

জিজ্ঞাসা মিশ্ৰাই অঁকা বেটুপাতৰ ছবিখন পটচিত্ৰ চিত্ৰশিল্পৰ পৰম্পৰাৰ পৰা অনুপ্ৰাণিত

অনুবাদ: পংকজ দাস

Jigyasa Mishra

Jigyasa Mishra is an independent journalist based in Chitrakoot, Uttar Pradesh.

Other stories by Jigyasa Mishra
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das