পুণমে ৰাণীৰ চুলিকেইডালত তেল সানি দুফালে দুকোছা কৰি টানকৈ বেণী গাঁঠিবলৈ লৈছিলহে, তেনেতে তাই নিজৰ ভাই-ভনী আৰু সমনীয়াৰ লগত খেলিবলৈ দৌৰ মাৰে। “দোষ্ট সব কে আবিতাই, এ সব সাঞ্জ হইতে ঘৌৰ চা ভাইগ যাই চাই খেলা লেল (সমনীয়াবোৰ আহি ওলালেই আবেলিৰ ভাগত সিহঁতবোৰ খেলিবলৈ লৰ মাৰে),” নিশাৰ আহাৰৰ বাবে প্ৰস্তুতি চলাই থকা সময়ত পুণম দেৱীয়ে নিজৰ ল’ৰা-ছোৱালীকেইটাৰ বিষয়ে কয়। ৰাণী তেওঁৰ দ্বিতীয়টো কন্যাসন্তান, বয়স আঠ বছৰ।

পুণমৰ তিনিজনী ছোৱালী আৰু এটা ল’ৰা। কিন্তু চাৰিটা সন্তানৰ ভিতৰত কেৱল সৰুটো, মানে ল’ৰাটোৰহে জন্মৰ প্ৰমাণপত্ৰ আছে। “মোৰ হাতত টকা থকাহেঁতেন, বাকী তিনিটাৰো চাৰ্টিফিকেট বনাই ল’ব পাৰিলোহেঁতেন,” তেওঁ কয়।

বিহাৰৰ গ্ৰামাঞ্চলৰ ঘৰবোৰৰ দৰে তেওঁৰ কেঁচা ঘৰটোতো বাঁহৰ বেৰ দিয়া আছে। দিনহাজিৰা কৰা শ্ৰমিক ৩৮ বছৰ বয়সীয়া মনোজৰ সৈতে বিয়া হোৱা পুণম বিহাৰৰ মধুবনী জিলাৰ বেণিপাট্টি ব্লকৰ একতাৰা গাঁৱৰ বাসিন্দা। মনোজৰ মাহে ৬,০০০ মান টকা উপাৰ্জন হয়।

“এতিয়া মোৰ বয়স ২৫ৰ অলপ বেছি হ’ব,” পুণমে কয় (এই প্ৰতিবেদনৰ সকলো নাম সলনি কৰা হৈছে)। “মোৰ আধাৰ কাৰ্ডখন স্বামীৰ হাতত আছে আৰু তেওঁ এতিয়া ঘৰত নাই। বিয়াৰ সময়ত বয়স কিমান আছিল মোৰ ভালকৈ মনত নাই।” এতিয়া যদি তেওঁৰ  বয়স ২৫ হৈছে, তাৰমানে বিয়াৰ সময়ত তেওঁৰ বয়স সম্ভৱতঃ ১৪ মান হ’ব।

পুণমৰ আটাইকেইটা ল’ৰা-ছোৱালীৰ জন্ম ঘৰতে হৈছিল। “প্ৰতিবাৰেই ধাইয়ে (সন্তান জন্ম দিয়াত পাৰম্পৰিকভাৱে সহায় কৰি অহা অভিজ্ঞ মহিলা) সহায় কৰিছিল। কিবা জটিলতাই দেখা দিলেহে আমি হস্পিতাল যোৱাৰ কথা ভাবো,” মনোজৰ খুড়ীয়েক ৫৭ বছৰ বয়সীয়া শান্তি দেৱীয়ে কয়। একেটা চুবুৰীৰে তেওঁৰ ঘৰটো ওচৰতে আৰু পুণমক নিজৰ বোৱাৰী বুলি ধৰে।

PHOTO • Jigyasa Mishra

পুণমৰ তিনিজনী ছোৱালী আৰু এটা ল’ৰা। কিন্তু চাৰিটা সন্তানৰ ভিতৰত কেৱল সৰুটো, মানে ল’ৰাটোৰহে জন্মৰ প্ৰমাণপত্ৰ আছে

“আমাৰ বহুতৰ দৰে পুণমেও কেনেকৈ জন্মৰ প্ৰমাণপত্ৰ পাব পাৰি সেই বিষয়ে নাজানে,” শান্তি দেৱীয়ে কয়। “চাৰ্টিফিকেট বনাবলৈ জিলা হস্পিতাললৈ যাব লাগে আৰু তাতে পইচাও দিব লাগে। কিমান দিব লাগে মই নাজানো।”

জন্মৰ প্ৰমাণপত্ৰৰ বাবে পইচা?

“তাখ্খান কি (নহয়নো কি)! তেওঁলোকে বিনা পইচাই দিয়ে জানো (চাৰ্টিফিকেট)। বেলেগ ঠাইতো লয়নে?” সিহঁত মানে পুণমে আশাকৰ্মী আৰু হস্পিতালৰ কৰ্মচাৰীৰ কথা কৈছে। “পাই লাই চাই, অহি দুৱাৰে নাই বনবাই চিয়াই (তেওঁলোকে পইচা বিচাৰে, সেয়ে আমি ছোৱালীহঁতৰ কাৰণে চাৰ্টিফিকেট বনাব নোৱাৰিলো,” শান্তিয়ে কয়।

পুণম আৰু শান্তিয়ে বুলি নহয়, এই চুবুৰীটোৰ প্ৰায় প্ৰতিজনেই মৈথিলী ভাষা ক’ব পাৰে। দেশখনত প্ৰায় ১৩ লাখ লোকে এই ভাষা কয়। বিশেষকৈ বিহাৰৰ মধুবনী, দাৰভাংগা আৰু সহৰ্ছা জিলাত ঘাইকৈ এই ভাষা চলে। তাৰোপৰি চুবুৰীয়া নেপালতো এই ভাষা কোৱা লোকৰ সংখ্যা দ্বিতীয় স্থানত আছে।

শুনি আচৰিত হ’বলগীয়া কথা যে একতাৰাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো পুণমৰ ঘৰৰ পৰা কোনোমতে ১০০ মিটাৰমান দূৰত অৱস্থিত। স্বাস্থ্যকেন্দ্ৰটো প্ৰায়ভাগ সময়ত বন্ধই থাকে। কম্পাউণ্ডাৰজন কাচিৎ আহিলেহে খোলে। “শেষবাৰ তেওঁ তিনিদিন আগতে আহিছিল। তেওঁ সাধাৰণতে সপ্তাহত দুটা দিন স্বাস্থ্যকেন্দ্ৰটো খোলে। কিন্তু ডাক্তৰ কেতিয়াবাহে আহে। যোৱা দুমাহত আমি তাত ডাক্তৰ দেখা নাই,” পুণমৰ চুবুৰীয়া পঞ্চাশ বছৰ বয়সীয়া ৰাজলক্ষ্মী মাহতোই কয়। “সন্তান প্ৰসৱৰ সময়ত আমি দুলাৰ চন্দ্ৰাৰ ঘৈণীয়েককে মাতো। তেওঁ ওচৰৰে চুবুৰী এটাত থাকে। তেওঁ বিশ্বাসী মহিলা।”

PHOTO • Jigyasa Mishra

পুণমৰ ঘৰৰ কাষৰে স্বাস্থ্যকেন্দ্ৰটো বেছিভাগ সময়তে বন্ধই থাকে

ৰিচাৰ্ছ ৰিভিউ ইণ্টাৰনেছনেল জাৰ্নেলত প্ৰকাশিত ২০১৯ৰ এক প্ৰতিবেদনত এইদৰে কোৱা হৈছেঃ “নিতি আয়োগৰ মতে ভাৰতত ৬ লাখ ডাক্তৰ, ২০ লাখ নাৰ্ছ আৰু ২ লাখ দন্ত চিকিৎসকৰ নাটনি হৈ আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰামৰ্শ অনুযায়ী প্ৰতি এহাজাৰজন ৰোগীৰ বিপৰীতে এজন ডাক্তৰ থাকিব লাগে আৰু কিছুমান ৰাজ্যত যেনে বিহাৰত ডাক্তৰ-ৰোগীৰ এই অনুপাত ১:২৮,৩৯১ আৰু উত্তৰ প্ৰদেশত ১:১৯,৯৬২।”

প্ৰতিবেদনখনত এই কথাও কোৱা হৈছে যে “ভাৰতৰ প্ৰায় ১১ লাখ ৪০ হাজাৰ পঞ্জীকৃত (এল’পেথিক) ডাক্তৰে চহৰত কাম কৰে, য’ত নেকি চহৰত দেশখনৰ মাত্ৰ ৩১ শতাংশ জনতাহে থাকে।” ৰাজহুৱা স্বাস্থ্যকেন্দ্ৰ, জিলা স্বাস্থ্যকেন্দ্ৰ আৰু হস্পিতাল আদিৰ আন্তগাঁথনিৰ ক্ষেত্ৰতো একেটাই কাহিনী। পুণমৰ ঘৰৰ কাষৰ সেই ৰাজহুৱা স্বাস্থ্যকেন্দ্ৰটোৱে আকৌ সেই ব্যৱস্থাটোক একেবাৰে ভেঙুচালি কৰিছে।

আমি পুণমৰ ঘৰৰ দালানত থিয় দি কথা পাতি আছো। দালান মানে ঘৰ এটাৰ বাৰান্দা আৰু কোঠাৰ মাজৰ খোলা ঠাইটুকুৰা। বিহাৰত দালান মানে পুৰুষ বা বয়োজ্যেষ্ঠসকল থকা ঠাই। কিছ সময়ৰ পাছতে আন কেইগৰাকীমান মহিলা আহি আমাৰ সৈতে যোগ দিলে। কোঠা এটাৰ ভিতৰলৈ গৈ কথা পতাৰ কিছুমানে আগ্ৰহ কৰিলে যদিও আমি বাৰান্দাতে কথা পাতি থাকিলো।

“মোৰ জীয়াৰীৰ প্ৰসৱৰ সময়ত আমি বেণিপাট্টি হস্পিতাললৈ লৰালৰি কৰি গৈছিলো। ঘৰতে প্ৰসৱ কৰোৱাৰ কথা আছিল, কিন্তু শেষ মুহূৰ্তত গম পালো যে ধাইজনী ঘৰত নাই। সেয়ে মোৰ ল’ৰা আৰু মই তাইক অটোৰিক্সা এখনত হস্পিতাললৈ লৈ গ’লো। ডেলিভাৰি হোৱাৰ পাছত ডিউটিত থকা নাৰ্ছগৰাকীয়ে আমাৰ পৰা ৫০০ টকা দাবী কৰিলে। আমি দিব নোৱাৰো বুলি কোৱাত তেওঁ আমাক জন্মৰ প্ৰমাণপত্ৰ নিদিয়া হ’ল,” ৰাজলক্ষ্মীয়ে কয়।

স্বাস্থ্যসেৱা ব্যৱস্থাৰ শৃংখলটোৰ একেবাৰে তৃণমূল পৰ্য্যায়তে তেনে অভিজ্ঞতাই দৰিদ্ৰ মহিলাৰ দুখ-দুৰ্ভোগৰ ছবি দাঙি ধৰে আৰু সেয়াই বিড়ম্বনা।

PHOTO • Jigyasa Mishra

‘সিহঁত আটায়ে পইচা বিচাৰে, সেয়ে আমাৰ ছোৱালীকেইজনীৰ জন্মৰ প্ৰমাণপত্ৰ আমি উলিয়াব নোৱাৰিলো,’ পুণমৰ গিৰীয়েকৰ খুড়ীয়েক শান্তি দেৱীয়ে কয়

এফালে আন্তঃগাঁথনিৰ অভাৱ, আনফালে ডাক্তৰৰ অনুপস্থিতি, সাধৰণজনৰ টকা-পইচাৰে নোজোৰা ব্যক্তিগত চিকিৎসালয়- এই সকলোবোৰ মিলি দৰিদ্ৰ মহিলাৰ কাৰণে স্বাস্থ্যসেৱাৰ বাট নাইকিয়া কৰিছে, তেওঁলোকে সেয়ে বহুলাংশে আশাকৰ্মীৰ ওপৰতে নিৰ্ভৰ কৰে। ক’ভিডৰ বিৰুদ্ধে গ্ৰামাঞ্চলৰ যুঁজখনত সদায়েই সন্মুখৰ শাৰীত থকাজন হৈছে আশাকৰ্মী।

সকলোৱে কোৱাৰেইণ্টাইনত থকা সময়ত নিজৰ জীৱনক তুচ্ছ কৰি আশাকৰ্মীসকলে ঘৰে ঘৰে গৈ নিজৰ নিয়মিত দায়িত্বৰ উপৰিও টিকাকৰণ, দৰৱ বিতৰণ, প্ৰাকপ্ৰসৱ আৰু প্ৰসৱোত্তৰকালীন সেৱাৰ দায়িত্ব পালন কৰি গৈছিল।

কিন্তু এএনএম নাৰ্ছ, আশাকৰ্মী আৰু অংগনবাদী কৰ্মীৰ পৰ্য্যায়তে যদি সামান্যতমো দুৰ্নীতিয়ে দেখা দিলে পুণম আৰু ৰাজলক্ষ্মীৰ দৰে মহিলা অসহায় হৈ পৰে। তেওঁলোকে দাবী কৰা টকা সামান্য হ’ব পাৰে, কিন্তু তেনে দৰিদ্ৰ মহিলাৰ কাৰণে সেইখিনিও সম্ভৱ নহয়।

এনে দুৰ্নীতি কৰা আন স্বাস্থ্যকৰ্মীকে ধৰি আশাকৰ্মীয়েও সাংঘাতিক চাপত কাম কৰে। গ্ৰামাঞ্চলক ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাটোৰ সৈতে সংযোজিত কৰিবলৈ সমগ্ৰ দেশত ১০ লাখৰো অধিক আশাকৰ্মী আছে। নিজকে বিপদাপন্ন কৰি তেওঁলোকে বিভিন্ন প্ৰকৃতিৰ কাম কৰে। দেশৰ বহু এনে অঞ্চল আছে য’ত তেওঁলোকে যোৱা এপ্ৰিলৰ পৰা প্ৰতিদিনে ২৫ ঘৰকৈ মানুহৰ ঘৰলৈ গৈ সাক্ষাৎ কৰিবলগীয়া হৈছিল, প্ৰতিঘৰ মানুহক মাহত অতিকমেও চাৰিবাৰকৈ ক’ৰনাভাইৰাছ সংক্ৰমণ হৈছে নেকি সেয়া গৈ খবৰ ল’বলগীয়া হৈছিল। সেই কামত তেওঁলোকৰ সুৰক্ষাৰ ব্যৱস্থা তেনেই সামান্য আছিল।

অতিমাৰীৰ বহু আগতে, ২০১৮ত বিহাৰৰ ৯৩,৬৮৭ গৰাকী আশাকৰ্মীয়ে, এই সংখ্যা ভাৰতৰ ৰাজ্যবোৰৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ, উচিত পাৰিশ্ৰামিকৰ বাবে অনশন কৰিছিল। ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ পিছত এই অনশন স্থগিত কৰা হৈছিল। কিন্তু কাৰ্য্যক্ষেত্ৰত একো পৰিৱৰ্তন নহ’ল।

দাৰভাংগাৰ আশাকৰ্মী মীনা দেৱীয়ে কয়ঃ ‘আপুনি জানেই আমাক কিমান কম বেতন দিয়ে। তেওঁলোকে (নৱজাতকৰ পৰিয়ালে) মনৰ ফুৰ্ত্তিত দিয়া টকা নল’লে আমি কেনেকৈ চলি থাকিম?’

এইবছৰ মাৰ্চত আশা সংযুক্ত সংঘৰ্ষ মঞ্চৰ নেতৃত্বত আশাকৰ্মীসকলে আকৌ হৰতলা কৰিলে, শ্লোগান জুৰিলেঃ “এক হাজাৰ মে দ’ম নেহী, ইক্কিছ হাজাৰ মাচিক মাণ্ডে চে ক’ম নেহী (এহাজাৰ টকা মাহে পৰ্য্যাপ্ত নহয়, মাহে ২১,০০০ টকাৰ বেতনৰ তলত আমি মানি নলওঁ)।” আশাকৰ্মীসকলৰ কাৰণে চৰকাৰী চাকৰিয়ালৰ মৰ্য্যাদাও তেওঁলোকে দাবী কৰে। বৰ্তমান বিহাৰৰ আশাকৰ্মীসকলে খুব বেছি গঢ়ে ৩,০০০ টকা পায়, তাকো বিভিন্ন ধৰণৰ একাধিক কামৰ বিনিময়ত পোৱা অনিয়মীয়া অতিৰিক্ত পইচা মিলাইহে সিমানখিনি হয়।

তেওঁলোক অনশনত বহিলে প্ৰতিবাৰেই চৰকাৰে তেওঁলোকক প্ৰতিশ্ৰুতি দিয়ে, তাৰপিছত প্ৰতিশ্ৰুতি ভংগ কৰে। চৰকাৰী বেতন, পেঞ্চন বা চৰকাৰী কৰ্মচাৰীৰ আন সা-সুবিধাৰ ফালৰ পৰাও তেওঁলোক সাত হাত দূৰত। আশাকৰ্মী হিচাপে জীয়াই থকাটো অতিকৈ কঠিন, অংগনবাদী কৰ্মীৰো একেই অৱস্থা।

দাৰভাংগাৰ আশাকৰ্মী মীনা দেৱীয়ে কয়ঃ “আপুনি জানেই আমাক কিমান কম বেতন দিয়ে। তেওঁলোকে (নৱজাতকৰ পৰিয়ালে) মনৰ ফুৰ্ত্তিত দিয়া টকা নল’লে আমি কেনেকৈ চলি থাকিম? আমি নিৰ্দিষ্ট ধনৰাশি দাবী নকৰো, কাকো জোৰো নকৰো। তেওঁলোকে মনৰ আনন্দত যি দিয়ে সেয়াই লওঁ, সেয়া লাগিলে সন্তান জন্মই হওঁক বা জন্মৰ প্ৰমাণপত্ৰ বনোৱা কামেই হওঁক।”

সেয়া তেওঁৰ লগতে আন কিছুমানৰ ক্ষেত্ৰত সঁচা হ’ব পাৰে। দেশত লাখ লাখ এনে আশাকৰ্মী আছে যিয়ে এনেদৰে টকা নলয়। কিন্তু মধুবনীৰ অতিকৈ দৰিদ্ৰ মহিলাৰ অভিজ্ঞতা ভিন্ন, মধুবনীৰ লগতে বিহাৰৰ বিভিন্ন স্থানত পইচা বিচৰা বাদেই, কেতিয়াবা বলপূৰ্বক ধনদাবী কৰা দেখা যায়।

মনোজৰ মাক-দেউতাক পুণম আৰু তেওঁৰ লগতে থাকিছিল। পৰিয়ালটোৰ প্ৰথম তিনি সন্তান অঞ্জলী (১০), ৰাণী (৮) আৰু সোণাক্ষী (৫) তেওঁলোকৰ লগত থাকে। কিন্তু মাক-দেউতাক এতিয়া নাই, ঢুকাইছে। তেওঁলোকৰ চতুৰ্থটো সন্তান, একমাত্ৰ পুত্ৰসন্তান আঢ়ৈ বছৰীয়া ৰাজা তেওঁলোক দুজন ঢুকোৱা পাছত জন্ম পায়। “মোৰ শাহুৰ কৰ্কট ৰোগ হৈছিল। কি ধৰণ কৰ্কট ৰোগ, মই নাজানো। ৪-৫ বছৰমান আগতে তেওঁ ঢুকাইছে। তাৰপাছত তিনিবছৰ আগতে শহুৰজন ঢুকায়। এতিয়া আমি পৰিয়ালটোত ছয়জন। শহুৰে সদায়ে পুত্ৰসন্তানৰ আশা কৰিছিল, তেওঁ ৰাজাক দেখা পোৱাহেঁতেন,” পুণমে কয়।

PHOTO • Jigyasa Mishra

‘মোৰ তৃতীয়টো সন্তান প্ৰসৱৰ পাছত আশাকৰ্মীয়ে পইচা বিচৰাতহে মই গম পালো যে জন্মৰ প্ৰমাণপত্ৰ বুলিও কিবা কাগজ থাকে’

“জনম পত্ৰী (জন্মৰ প্ৰমাণপত্ৰ) বুলি যে কিবা কাগজ আছে, মই আগতে জনা নাছিলো,” ৬ষ্ঠ মানত স্কুলীয়া শিক্ষা সাং কৰা পুণমে কয়। তেওঁৰ স্বামী মনোজে মেট্ৰিকৰ দেওনা পাৰ হৈছে। “মোৰ তৃতীয়টো সন্তান প্ৰসৱৰ পাছত আশাকৰ্মীয়ে পইচা বিচৰাতহে মই গম পালো যে জন্মৰ প্ৰমাণপত্ৰ বুলিও কিবা কাগজ থাকে। মোৰ মনত পৰা মতে আশা বাইদেউ গৰাকীয়ে কিবা ৩০০মান টকা বিচাৰিছিল। মই সেয়া কিবা মাচুল বুলি ভাবিছিলো। তাৰপিছত মোৰ স্বামীয়ে ক’লে যে আমি জন্মৰ প্ৰমাণপত্ৰৰ বাবে কাকো একো টকা দিব নালাগে। হস্পিতালৰ পৰা সেয়া বিনামূল্যে পোৱাটো আমাৰ অধিকাৰ।”

কাগালকাই আধাই চাউ ৰুপয়া দিয়াউ তৌহান জনম পত্ৰী বনৱা দেব (আপুনি ২৫০ টকা দিলেহে জন্মৰ প্ৰমাণপত্ৰ বনাই দিব বুলি তেওঁ কৈছিল)।” তেওঁ পাছত ৫০ টকাত মান্তি হোৱাত আমি ল’ৰাটোৰ প্ৰমাণপত্ৰখন বনালো। আকৌ ছোৱালীকেইজনীৰ জন্মৰ প্ৰমাণপত্ৰ বাবে তেওঁ বিচৰা ৭৫০ টকা আমি দিব নোৱাৰিলো,” পুণমে মোক কয়।

“আমি নিজে সেয়া কৰিব লাগিলে বেণিপাট্টি (ব্লকৰ সদৰ) হস্পিতাললৈ যাব লাগিব। তাতে আকৌ চাফাইকৰ্মীক কিবা দিব লাগিব। মুঠৰ ওপৰত পইচা খৰছ হ’বই, লাগিলে ইয়াতে আশাকৰ্মীক দিও বা বেণিপাট্টিলৈ যাওঁ,” পুণমে যুক্তি বিচাৰি পায়। “সেয়ে আমি নোলোৱাটোৱে সিদ্ধান্ত ল’লো। সেইবোৰ (প্ৰমাণপত্ৰবোৰৰ) যদি ভৱিষ্যতে কিবা কামত লাগে, দেখা যাব। মোৰ স্বামীৰ উপাৰ্জন কোনোমতে দিনত ২০০ টকা হয়। তেনেকৈ চাৰিদিনৰ উপাৰ্জন দি দিওঁনো কেনেকৈ?” পুণমে প্ৰশ্ন কৰে।

শান্তিয়ে কয়, “এবাৰ আনকি আশাকৰ্মীৰ লগত মোৰ তৰ্কও লাগিছিল। পইচা দিব লাগে যদি চাৰ্টিফিকেট নলওঁ বুলি মই কৈছিলো।”

তেতিয়ালৈ পুণমৰ চুবুৰীয়াহঁতে আন্ধাৰ হোৱাৰ আগতেই বজাৰ-সমাজ কৰি আনো বুলি সাপ্তাহিক বজাৰখনলৈ বুলি ওলাইছিল। “সোণাক্ষীৰ দেউতাক আহি পাওঁক বুলি ৰৈ আছো (গিৰীয়েকক তেনেকৈয়ে তেওঁ সম্বোধন কৰে), তেওঁ আহিলেহে আমি ওলাই গৈ মাছ আৰু শাক-পাচলি অলপ আনিব পাৰিম,” তেওঁ কয়। “তিনিদিন ধৰি চাউল-দাইলকে খাই আছো। সোণাক্ষীয়ে ৰৌমাছ খাই ভাল পায়।”

তেওঁলোকক দেখিলে এনে লাগে যেন ছোৱালীৰ জন্মৰ প্ৰমাণপত্ৰতকৈ আৰু বহু ডাঙৰ কাম আছে।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

জিজ্ঞাসা মিশ্ৰাই ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ অনুদানেৰে এক স্বতন্ত্ৰ সাংবাদিকতাৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতা সম্পৰ্কে প্ৰতিবেদন আগবঢ়াইছে ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদনা নিয়ন্ত্ৰণ আৰোপ কৰা নাই

অনুবাদ: পংকজ দাস

Jigyasa Mishra

Jigyasa Mishra is an independent journalist based in Chitrakoot, Uttar Pradesh.

Other stories by Jigyasa Mishra
Illustration : Jigyasa Mishra

Jigyasa Mishra is an independent journalist based in Chitrakoot, Uttar Pradesh.

Other stories by Jigyasa Mishra
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das