“তেওঁলোকে কৈছিল যে আমাৰ সন্তানটি মৃত। আমি বৰ ভয় খাইছিলো। তেতিয়া তেওঁলোকে আমাক ইচ্ছা অনুসৰি ক’ৰবালৈ যাবলৈ ক’লে। তেতিয়া মই মোৰ বোৱাৰীক লৈ চহৰৰ প্ৰাইভেট ডাক্তৰ এজনৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত ল’লো,” বিহাৰৰ বৈশালী জিলাৰ সদৰস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (স্বাস্থ্যকেন্দ্ৰ)ত তেওঁ আৰু তেওঁৰ বোৱাৰীয়ে চিকিৎসা গ্ৰহণ কৰাৰ কথা মনত পেলাই সুখিয়া দেৱীয়ে কয়।

এদিনীয়া নাতিনীজনীক প্ৰতিষেধক দিয়াবলৈ এই ৬২ বছৰীয়া কৃষিশ্ৰমিক গৰাকীয়ে পুৱা ১০ বজাত স্বাস্থ্যকেন্দ্ৰত শাৰী পাতি থাকোতে নাতিনীজনীক তেওঁৰ বাহুৰ মাজত লৈ আছিল।

তেওঁৰ ২৮ বছৰীয়া বোৱাৰীৰ যেতিয়া প্ৰসৱ বেদনা আৰম্ভ হৈছিল, সুখিয়াই তেওঁক বৈশালীৰ স্বাস্থ্যকেন্দ্ৰলৈ লৈ গৈছিল। তাতে এজনে তেওঁলোকক কৈছিল যে কেঁচুৱাটি মৃত। আতংকিত হৈ তেওঁ আৰু কুসুমে প্ৰায় ১৫ কিল’মিটাৰ দূৰৰ গাঁও (তেওঁলোকৰ অনুৰোধ মৰ্মে নাম দিয়া হোৱা নাই) এখনত থকা তেওঁলোকৰ ঘৰলৈ এখন অটোৰিক্সা লৈ উভতি আহিল। সুখিয়াই কয়, “আমি ঘৰলৈ উভতি আহিলো আৰু এগৰাকী মহিলা ডাক্তৰ (স্ত্ৰীৰোগ বিশেষজ্ঞ)ৰ ওচৰলৈ যাবলৈ এখন ব’লেৰো গাড়ী ভাৰা কৰিলো। মই আনকি তেতিয়া ভাৰাৰ বিষয়েও ভবা নাছিলো। সন্তানটিৰ প্ৰসৱৰ কথা ভাবি মই বৰ উদ্বিগ্ন হৈ আছিলো। ওচৰ-চুবুৰীয়াসকলৰ সহায়ত বোৱাৰীক গাড়ীত তুলিলো আৰু আমি ক্লিনিকখনলৈ যাত্ৰা আৰম্ভ কৰিলোঁ।”

তেওঁলোকে ডাক্তৰৰ ওচৰলৈ গৈ থকাৰ বাটতে ‘গৰ্ভতে মৃত’ শিশুটি গাড়ীখনত জীৱন্ত হৈ উঠিল।

“গাড়ীখনতে তাইৰ চকু মেলিছিল। এয়া ভালদৰেই হৈ গৈছিল,” সুখিয়াই কয়। তেওঁলোকে শাড়ী এখন পাৰি লৈছিল, স্থানীয় ঔষধালয়খনৰ গৰাকীয়ে (যি তেওঁলোকক সহায় কৰিছিল) গাড়ীখনত অলপ পানী ৰাখি থৈ গৈছিল। “কিন্তু এই সকলোবোৰত যথেষ্ট সময় লৈছিল...” সুখিয়াই কয়।

আৰু পইচাও খৰচ হৈছিল। একেবাৰে কম দূৰত্ব স্বত্বেও, গাড়ীখনৰ গৰাকীয়ে যাত্ৰাটোৰ বাবে পৰিয়ালটোৰ পৰা ৩০০০ টকা আৰু গাড়ীখন পৰিষ্কাৰ কৰিবলৈ কাৰোবাৰ সহায় ল’বৰ বাবেও ১০০০ টকা লৈছিল।

Sukhiya had come to the PHC for the baby's birth certificate: 'These people say that if they don’t get the money, they won’t make the papers'
PHOTO • Jigyasa Mishra
Sukhiya had come to the PHC for the baby's birth certificate: 'These people say that if they don’t get the money, they won’t make the papers'
PHOTO • Jigyasa Mishra

সুখিয়াই কেঁচুৱাটিৰ জন্মৰ প্ৰমাণপত্ৰৰ বাবে স্বাস্থ্যকেন্দ্ৰটোলৈ যাবলগীয়া হৈছিলঃ ‘তেওঁলোকে কৈছিল যে পইচা নিদিলে তেওঁলোকে কাগজ-পত্ৰৰ কাম নকৰে’

কিন্তু স্বাস্থ্যকেন্দ্ৰটোত প্ৰকৃততে কি ঘটিছিল? আমি নিজাববীয়াকৈ কেন্দ্ৰটোলৈ গৈ গম পালো যে তাত থকা আলট্ৰাচাউণ্ড বা অন্য মেচিনবোৰে কাম কৰা নাছিল। গতিকে কিহৰ ভিত্তিত তেওঁলোকে কেঁচুৱাটি গৰ্ভতে মৃত বুলি কৈছিল? এইটো এটা প্ৰমাণবিহীন ঘোষণাৰ দৰে আছিল।

“যেতিয়া আমি হস্পিতাল (স্বাস্থ্যকেন্দ্ৰ) গৈ পাইছিলোঁ, তেতিয়া ৰাতি বহু পলম হৈছিল। তেওঁলোকে তাইক প্ৰসৱ (লেবাৰ) কোঠালৈ লৈ গৈছিল আৰু পাঁচ মিনিটৰ ভিতৰতে, তেওঁলোকৰ মাজৰ এজনে উভতি আহি মোক কৈছিল যে এইটো বৰ জটিল কে’ছ। আমি এখন ব্যক্তিগত হস্পিতাললৈ যোৱাই ভাল হ’ব, তেওঁ কৈছিল। তেনেকুৱাতে সম্ভৱতঃ এগৰাকী ধাই (প্ৰসৱ পৰিচাৰিকা) ওলাই আহি কৈছিল যে, কেঁচুৱাটিৰ গৰ্ভতে মৃত্যু হৈছে। আমি আমাৰ স্থানীয় আশা কৰ্মীৰ সৈতে অহা নাছিলো কাৰণ তেতিয়া ৰাতি ১১ বাজিছিল। গতিকে আমি ঘৰলৈ উভতি আহিলো আৰু ওচৰ-চুবুৰীয়াৰ সহায়ত এখন ব’লেৰো ভাৰা কৰিলো। গাড়ীখন গাঁৱৰে এজনৰ আছিল, গতিকে গাড়ীখন আমি মাত্ৰ ১৫ মিনিটতে পালো। নহ’লে কি হ’লহেঁতেন ভগৱানেহে জানে,” সুখিয়াই কয়।

সুখিয়াই কেতিয়াও ভবা নাছিল যে কেৱল গাড়ী এখন ভাৰা কৰোঁতেই (আৰু এইখন চাফা কৰোঁতে) তেওঁৰ ৪০০০ টকা খৰচ হ’ব। তেওঁ কয়, “গাড়ীখন ভাৰা কৰাৰ পাছতে আমি ডাক্তৰৰ ওচৰলৈ যাবলৈ আমাৰ গাঁৱৰ ওচৰতে থকা এখন ঔষধালয়ৰ গৰাকীজনক লগত লৈ গৈছিলো। তেওঁ কুসুমক ‘এটা বটল’ (এটা ইনজেকশ্যন আৰু ড্ৰিপ) লগাই দিছিল আৰু তাই সেই সময়তে গাড়ীৰ ভিতৰতে প্ৰসৱ কৰিছিল। তাৰপাছত আমি সকলো ঘৰলৈ উভতি আহিছিলো। তেতিয়া মাজনিশা শেষ হৈছিল।”

ঠিক পিছদিনাই মই সুখিয়াক পিএইচিখনত লগ পাইছিলোঁ। তেওঁ তালৈ কেঁচুৱাটিক প্ৰতিষেধক দিয়াবলৈ আৰু তাইৰ কাৰণে জন্মৰ প্ৰমাণপত্ৰ ল’বলৈ আহিছিল। “তাত মানুহবোৰে কৈছিল যে পইচা নাপালে তেওঁলোকে জন্মৰ কাগজপত্ৰ তৈয়াৰ নকৰে,” তেওঁ কয়।

অৰ্থাৎ, স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্মচাৰীসকলে আগদিনা গৰ্ভত মৃত বুলি ঘোষণা কৰা এটি শিশুৰ জন্মৰ প্ৰমাণপত্ৰ ইছ্যু কৰিবলৈ ধন দাবী কৰিছিল।

PHOTO • Priyanka Borar

‘তেওঁলোকে তাইক প্ৰসৱ কোঠালৈ লৈ গৈছিল আৰু পাঁচ মিনিটৰ ভিতৰতে, তেওঁলোকৰ মাজৰ এজনে উভতি আহি মোক কৈছিল যে এইটো বৰ জটিল কে’ছ। আমি প্ৰাইভেট হস্পিতাল এখনলৈ যোৱা ভাল হ’ব, তাই কৈছিল’

“প্ৰত্যেকেই তেওঁলোকৰ ইচ্ছামতে পইচা দাবী কৰে। মই এজনক ১০০ টকা দিছিলোঁ, তাৰপাছত অন্য এজনক আকৌ কাগজ-পত্ৰ (জন্মৰ প্ৰমাণপত্ৰ) তৈয়াৰ কৰিবলৈ ৩০০ টকা দিছিলো। আকৌ অন্য এগৰাকী মহিলাক মই ৩৫০ টকা দিবলগীয়া হৈছিল,” তেওঁ কয়। “এই ৰঙা শাড়ী পিন্ধি থকা ছিষ্টাৰ গৰাকীয়ে মোৰ পৰা আগতেও ৫০০ টকা বিচাৰিছিল আৰু কৈছিল যে পইচা নিদিলে মই কাগজ-পত্ৰ নাপাম।” ওচৰতে থিয় হৈ থকা এগৰাকী সহায়কাৰী ধাত্ৰী (এএনএম)ৰ ফালে দেখুৱাই তেওঁ কয়। সুখিয়াই অৱশেষত অন্য কেইজনমানক পইচা দিবলগীয়া হৈছিল।

“চাওক, এই কাগজ-পত্ৰবোৰৰ বিষয়ে মই বিশেষ একো নাজানো। মোৰ তিনিটা সন্তান আছে, কিন্তু সিহঁতৰ এটাৰ কাৰণেও মই এয়া বনাবলৈ দিয়া নাছিলোঁ। কিন্তু এতিয়া সিহঁতে মোক কৈছে যে এইখন অতি দৰকাৰী,” সুখিয়াই কয়।

“মোৰ দুটা ল’ৰা আৰু এজনী ছোৱালী আছে। ডাঙৰ ল’ৰাটো এই কেঁচুৱাটিৰ দেউতাক। মোৰ সৰু ল’ৰাটোৰ বিয়াও ঠিক হৈ আছে আৰু মোৰ ছোৱালীজনী আটাইতকৈ সৰু। তাইৰ বিয়া হোৱা নাই আৰু তাই মোৰ লগতে থাকে। ইহঁত বহুত সৰু হৈ থাকোঁতেই দেউতাকৰ (এগৰাকী কৃষি শ্ৰমিক) মৃত্যু হৈছিল।” সুখিয়াই তেওঁৰ স্বামীৰ মৃত্যুৰ সময়ত ল’ৰা-ছোৱালীকেইটা কিমান সৰু হৈ আছিল মোক দেখুৱাবলৈ অলপ হাউলি তেওঁৰ আঁঠুৰ ফালে হাত দুখন নমাই কয়।

“মই মোৰ সন্তানকেইটিক ডাঙৰ-দীঘল কৰিবলৈ বহু বছৰ ধৰি আনৰ খেতি পথাৰত কাম কৰিছিলোঁ,” সুখিয়াই কয়। এতিয়া তেওঁৰ ল’ৰা দুটাই ঘৰলৈ পইচা পঠিয়ায়, আৰু তেওঁ নিজৰ ছোৱালীজনী, দুটা নাতি-নাতিনী (নৱজাত শিশুটিকে ধৰি)আৰু সিহঁতৰ মাক কুসুমক চোৱা-চিতা কৰে।

“মোৰ দুয়োটা ল’ৰাই ‘কোম্পানী’ত প্ৰাইভেট ঠিকাদাৰৰ বাবে কাম কৰে,” তেওঁ কয়। “সৰুটো ল’ৰা মুম্বাইত থাকে আৰু সি ইলেক্ট্ৰিচিটীৰ ব’ৰ্ড বনায়। আৰু এই কেঁচুৱাটিৰ দেউতাকে (৩৪ বছৰীয়া) পাঞ্জাৱত ঘৰৰ ভিতৰৰ অংশৰ বাবে প্লাষ্টাৰ অৱ পেৰিছৰ কাৰিকৰ হিচাপে কাম কৰে। লকডাউনৰ সময়ত মোৰ এটাও ল’ৰা ঘৰলৈ আহিব নোৱাৰিলে,” সুখিয়াৰ মাতটো গধুৰ হৈ আহিল। তেওঁ নীৰৱ হৈ ৰ’ল।

Sukhiya (who suffers from filariasis) waits for Kusum and her grandchild, who have been taken inside the vaccination room
PHOTO • Jigyasa Mishra
Sukhiya (who suffers from filariasis) waits for Kusum and her grandchild, who have been taken inside the vaccination room
PHOTO • Jigyasa Mishra

কুসুম আৰু প্ৰতিষেধক প্ৰদানৰ কোঠালৈ লৈ যোৱা নাতিনীৰ বাবে অপেক্ষা কৰি থকা সুখিয়া (তেওঁ নিজে গোধৰোগত ভূগি আছে)

“পাঁচবছৰৰ আগতে মই মোৰ ডাঙৰ ল’ৰাটোৰ বিয়া পাতিছিলোঁ। এইটো সিহঁতৰ দ্বিতীয় সন্তান। মোৰ ডাঙৰ নাতিটোৰ এতিয়া চাৰে তিনিবছৰ হৈছে,” সেই একেখন স্বাস্থ্যকেন্দ্ৰতে জন্ম হোৱা কুসুমৰ প্ৰথমটো সন্তান প্ৰভাতৰ কথা উল্লেখ কৰি তেওঁ কয়। কুসুমক প্ৰসৱোত্তৰ যতন কোঠাটোত পেলাই থোৱাৰ সময়ত সুখিয়াই স্বাস্থ্যকেন্দ্ৰটোৰ চৌহদতে থিয় হৈ আছিল। কুসুমৰ বাওঁফালে থকা বগা দেৱালখন বছৰ বছৰ ধৰি মানুহে পিক্ পেলোৱাৰ ফলত ৰঙা হৈ পৰিছিল। ৱাৰ্ডটোত ফটো তোলা নিষেধ আছিল। কুসুমৰ উদং বিচনাখনৰ সোঁফালে আছে এটা আলট্ৰাছাউণ্ড মেচিন যিটো এতিয়া মকৰাৰ জালে আৱৰিছে। “যোৱা সপ্তাহত এইটোৱে কাম নকৰা হ’ল আৰু ছুইপাৰে এইটো আনকি চাফাও কৰা নাই,” কৰ্তব্যৰত এএনএম গৰাকীয়ে ক’লে।

গৰ্ভাৱস্থাৰ শেষৰ মাহটোত, কুসুমে স্বাস্থ্যকেন্দ্ৰটোৰ কৰ্মচাৰীসকলৰ উপদেশ মানি আলট্ৰাছাউণ্ড পৰীক্ষা কৰাবলৈ এখন প্ৰাইভেট হস্পিতাললৈ গৈছিল। কিন্তু “পাছত যেতিয়া আমি ইয়ালৈ সন্তান প্ৰসৱৰ বাবে আহিছিলো, তেওঁলোকে ইমান ডাঙৰ সমস্যাৰ সৃষ্টি কৰি আমাক পঠিয়াই দিছিল,” সুখিয়াই কয়। আমাৰ কথোপকথনৰ মাজৰ কোনো সময়তে ভয় আৰু মানসিক উত্তেজনা প্ৰশমনৰ ঔষধ খাই থকা কুসুমে একো কথা কোৱা নাছিল।

গোধৰোগত ভূগি থকা (তেওঁৰ এখন ভৰি ফুলি আনখনৰ প্ৰায় দুগুণ আকাৰ লৈছিল) সুখিয়াই কয়ঃ “এইখন এনেকুৱাই হৈ থাকে। বহুসময় থিয় হৈ থকাটো মোৰ বাবে বৰ কঠিন। মই বেছি খোজকাঢ়িবও নোৱাৰো। ঔষধ খাই থকালৈকেহে বিষটো নাছিল। এই ভৰিৰেই মই সকলো কৰিবলগীয়া হয়। এতিয়া মই ইয়াত আছো, মই আচলতে নিজৰ কাৰণেও ঔষধ পাব লাগে। মই ইয়াৰ পৰা আঁতৰি থাকিব লগা হৈছে।”

ডাঙৰ নাতিটোক বাহুৰ মাজত লৈ তেওঁ স্বাস্থ্যকেন্দ্ৰটোৰ দৱা বিতৰণ কেন্দ্ৰ (ঔষধ বিতৰণ কেন্দ্ৰ)ৰ ফালে দুপিয়াই দুপিয়াই আগবাঢ়ে।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি ? তেন্তে অনুগ্ৰহ কৰি Cc- [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

জিজ্ঞাসা মিশ্ৰাই ঠাকুৰ ফেমিলি ফাউণ্ডেছনৰ অনুদানেৰে এক স্বতন্ত্ৰ সাংবাদিকতাৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতা সম্পৰ্কে প্ৰতিবেদন আগবঢ়াইছে। ঠাকুৰ ফেমিলি ফাউণ্ডেছনে এই সংবাদ প্ৰতিবেদনৰ ওপৰত কোনো ধৰণৰ সম্পাদনা নিয়ন্ত্ৰণ আৰোপ কৰা নাই।

অনুবাদ: বন্যা বৰুৱা

Jigyasa Mishra

Jigyasa Mishra is an independent journalist based in Chitrakoot, Uttar Pradesh.

Other stories by Jigyasa Mishra
Illustration : Priyanka Borar

Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper.

Other stories by Priyanka Borar

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Series Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Bonya Baruah

Bonya Baruah is a freelance journalist and language expert based in Mumbai. She has been a recipient of many prestigious fellowships including UNICEF Media Fellowship, ZUBAAN-Sasakawa Peace Fellowship, Assam govt. media fellowship and Assam Science Technology and Environment Council Climate Change Reporting fellowship. Her areas of interest are women and gender, environment, human rights and development journalism.

Other stories by Bonya Baruah