মীনাক এতিয়া যিকোনো এটা দিনত বিয়া দি দিয়া হ’ব। কিয়নো কেইমাহমান আগতে তাই ঘৰখনৰ বাবে 'এক সমস্যা’ হৈ পৰিছিল। তাইৰ সৰুজনী ভনীয়েক চনুও মীনাৰ দৰেই কেইবাসপ্তাহ আগতে সেই একেই সমস্যা হৈ পৰিছিল। তাইকো এতিয়া বিয়াৰ বাবে সাজু কৰা হৈছে। সমস্যা মানে এবাৰ পুষ্পিতা হোৱাৰ পিছত ছোৱালী চিন্তাৰ কাৰণ হৈ পৰে, সমস্যা বা বোজা বুলি তেওঁলোকক গণ্য কৰা হয়।

এয়া মীনা (১৪) আৰু চনু (১৩)। ৰছী লগোৱা বিচনা এখনত ওচৰা-ওচৰিকৈ বহি আছে। কথা মাজতে দুয়ো দুয়োৰে মুখলৈ চায়, কিন্তু বেছিভাগ সময় তলমুৰকৈ মাটিৰ মজিয়াখনলৈ চাই থাকে। অচিনাকী এজনৰ লগত মাহেকীয়াৰ কথা পাতিবলৈ অকণমান সংকোচবোধো তেওঁলোকে নকৰা নহয়। তেওঁলোকৰ পিছফালে ছাগলী পোৱালী এটা পঘা লগাই থোৱা আছে। উত্তৰ প্ৰদেশৰ ক’ৰাৱন ব্লকৰ সেই বৈঠকৱা চুবুৰীটোৰ আশে-পাশে বনৰীয়া জীৱ-জন্তু ঘূৰি ফুৰে কাৰণে ভয়তে ছাগলীটো এৰি দিয়া নাই। থেপাথেপিকৈ থকা ঘৰবোৰৰ মাজৰ এই সৰু ঘৰটোৰ ভিতৰতে সেয়ে ছাগলীটো ৰাখিছে, তেওঁলোকে কয়।

ঋতুস্ৰাৱনো কি, ছোৱালী দুজনীয়ে নিজে বুজি লৈছে- কিবা এটা লাজ পাবলগীয়া কথা। আৰু মাক-দেউতাকৰ পৰা আহৰণ কৰা ভয়, শংকা তাৰ লগত মিহলি হৈছে। মহিলাৰ সুৰক্ষাৰ কথা ভাবি আৰু ছোৱালীবোৰ চয়ানী মানে পৈণত হ’লে বিয়াৰ আগতেই যদি কেনেবাকৈ অন্তসত্বা হয়, সেই ভয়তে প্ৰয়াগৰাজ জিলাৰ (পূৰ্বৰ এলাহবাদ) এই চুবুৰীটোৰ পৰিয়ালবোৰে নিজৰ জীয়াৰীহঁতক বিয়াৰ বয়স হোৱাৰ আগতেই, প্ৰায়ে ১২ বছৰমান বয়সতে বিয়া দিয়ে।

''গৰ্ভধাৰণ কৰিবপৰা হোৱাৰ পিছত আমাৰ ছোৱালীহঁতক কেনেকৈ আঁৰ কৰি ৰাখিম?’’ মীনাৰ মাক ৰাণী (২৭)য়ে প্ৰশ্ন কৰে। তেওঁ নিজে কম বয়সত বিয়া হৈছিল আৰু ১৫ বছৰ হয় মানে মাতৃত্ব লাভ কৰিছিল। চনুৰ মাক চম্পাইও ৰাণীৰ দৰে একে বয়সতে বিয়া হোৱাৰ কথা মনত পেলায়, এতিয়া তেওঁৰ বয়স ২৭ বছৰ আৰু জীয়াৰীৰ বয়স ১৩। আমাৰ সৈতে কথা পাতিবলৈ গোটখোৱা ছগৰাকী মহিলাই কয় যে তেওঁলোকৰ চুবুৰীত ১৩ বা ১৪ বছৰ বয়সত বিয়া হোৱাতো নিয়মহে, ব্যতিক্ৰম নহয়। ''আমাৰ গাওঁখন এলান্ধুক’লীয়া। আমাৰ কোনো উপায় নাথাকে। আমি অসহায়,’’ ৰাণীয়ে কয়।

উত্তৰ আৰু কেন্দ্ৰীয় ভাৰতৰ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থান, বিহাৰ আৰু চত্তীশগড়ৰ জিলাবোৰৰ বহু ঠাইত বাল্যবিবাহ এক বহুল প্ৰচলিত ৰীতি। ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ ৰিচাৰ্ছ অন ৱ’মেন আৰু ইউনিচেফৰ ২০১৫ৰ জিলা পৰ্যায়ত কৰা এক যুটীয়া অধ্যয়নত পোৱা তথ্য অনুযায়ী ''এই ৰাজ্যকেইখনৰ প্ৰায় দুই-তৃতীয়াংশ জিলাৰ ৫০ শতাংশৰো অধিক মহিলাই বিয়াৰ বৈধ বয়স নহওঁতেই বিয়া হৈ যায়।’’

বাল্যবিবাহ নিষেধ আইন, ২০০৬ৰ মতে ছোৱালীৰ ১৮ বছৰ নোহোৱালৈকে আৰু ল’ৰাৰ ২১ বছৰ নোহোৱালৈকে বিয়া হোৱা নিষেধ। এনে কৰিলে দুবছৰলৈ সশ্ৰম কাৰাদণ্ড আৰু ১ লাখ টকালৈ জৰিমনা বিহাৰ নিয়ম আছে।

PHOTO • Priti David

ঋতুস্ৰাৱনো কি, মীনা আৰু চনুৱে অলপতে বুজি পাইছে- ঋতুস্ৰাৱ হৈছে সিহঁতে লাজ পাবলগীয়া এটা বিষয়

''ইয়াত বিয়াৰ ক্ষেত্ৰত অবৈধ প্ৰমাণিত হোৱাৰ কোনো প্ৰশ্নই নুঠে, কিয়নো বয়স চাবলৈ ইয়াত কাৰো জন্মৰ প্ৰমাণপত্ৰই নাথাকে,’’ গাওঁখনৰ অংগনবাদী কৰ্মী ৪৭ বছৰ বয়সীয়া নিৰ্মলা দেৱীয়ে কয়। তাই ঠিকেই কৈছে। উত্তৰ প্ৰদেশৰ গ্ৰামাঞ্চলত জন্মলাভ কৰা ৪২ শতাংশ শিশুৰে জন্মৰ পঞ্জীয়ন কৰা হোৱা নাই, এয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (ৰা.প.স্বা.স.-৪ ২০১৫-১৬)ৰ তথ্য। প্ৰয়াগৰাজ জিলাখনত এই হাৰ তাতোকৈ বেছি, ৫৭ শতাংশ।

''মানুহে হস্পিতাললৈ যাবলৈ নাপায়,’’ তেওঁ কয়। ''আগতে ফোন এটা কৰিলে ৩০ কিলোমিটাৰ দূৰত থকা ক’ৰাৱন সামূহিক স্বাস্থ্যকেন্দ্ৰৰ পৰা এম্বুলেঞ্চ আহিছিল। কিন্তু তাৰ বাবে ১০৮ নামৰ ম’বাইল এপটো ব্যৱহাৰ কৰিবলগা হয়, তাৰ বাবে আকৌ ফ’ৰ-জি কানেক্সন লাগে। ইয়াত আকৌ নেটৱৰ্ক নাপায় আৰু সেয়ে আপুনি সন্তান প্ৰসৱৰ কাৰণে হস্পিতাল গৈ নাপায়।’’ তেওঁ কথাখিনি বিতংকৈ কয়। মুঠতে এপনিৰ্ভৰ হৈ পৰা কাৰণে ইতিমধ্যে বেয়া ব্যৱস্থা এটা আৰু শোচনীয় হৈ পৰিছে।

বছৰি ১৫ লাখৰো অধিক বাল্যবিবাহৰ পৰিণতি ঘটা চনু আৰু মীনাৰ দৰে কিশোৰীৰ এই দেশত কেৱল আইনে বাল্যবিবাহ প্ৰতিৰোধ কৰিব নোৱাৰে। উত্তৰ প্ৰদেশত পাঁচগৰাকীৰ ভিতৰত এগৰাকীয়ে আইনসন্মত বয়সৰ আগতে বিয়া বহে, ৰা.প.স্বা.স.-৪ৰ এই তথ্য।

''ভাগা দেতে হ্যে (খেদি পঠিয়ায়),’’ কাৰোবাৰ মাক-দেউতাকক এইবিষয়ে বুজাবলৈ চেষ্টা কৰিলে এনেকুৱা কৰে বুলি বৈঠকৱা আৰু চৌপাশৰ চুবুৰীবোৰত কাম কৰা আশাকৰ্মী সুনীতা দেৱী পাটেল (৩০)য়ে কয়। ''ছোৱালীবোৰ অলপ ডাঙৰ হোৱালৈ ৰ’বলৈ মই তেওঁলোকক অনুৰোধ জনাওঁ। এনেদৰে কম বয়সত গৰ্ভধাৰণ কৰাটো সিহঁতৰ বাবে বিপজ্জনক বুলি বুজাও। কিন্তু তেওঁলোকে কোনো কথাই নুশুনে আৰু মোক আঁতৰি যাবলৈ কয়। কেতিয়াবা এমাহমান পিছত, দ্বিতীয়বাৰ গৈ দেখো যে ছোৱালীজনী ইতিমধ্যে বিয়া হৈ গ’ল!’’

কিন্তু অভিভাৱকৰো দুশ্চিন্তা নথকা নহয়। ''ঘৰত শৌচালয় এটা নাই,’’ মীনাৰ মাক ৰাণীয়ে অভিযোগ কৰে। ''সিহঁতে প্ৰতিবাৰেই ৫০ কি ১০০ মিটাৰ দূৰৰ পথাৰলৈ যাবলগীয়া হয়। কেতিয়াবা আকৌ চৰণীয়া পথাৰলৈকো যাবলগীয়া হয়। আমাৰ চিন্তা লাগি থাকে, কিবা যদি অঘটন ঘটে।’’ উত্তৰ প্ৰদেশৰ হাথৰাছ জিলাত ২০২০ৰ ছেপ্টেম্বৰত ১৯ বছৰ বয়সীয়া দলিত সম্প্ৰদায়ৰ ছোৱালী এজনীক উচ্চ জাতিৰ লোকে কৰা ধৰ্ষণ আৰু হত্যাৰ নৃশংস ঘটনাৰ কথা তেওঁ মনত পেলায়। ''হাথৰাছৰ ভয় আমাৰ মনত শিপাই গৈছে।’’

বৈঠকৱাৰ পৰা জিলা সদৰ ক’ৰাৱনলৈ ৩০ কিলোমিটাৰৰ পৰিত্যক্ত পথটো জোপোহা হাবি-বন আৰু পথাৰৰ মাজেৰে যাব লাগে। বিশেষকৈ হাবি আৰু তিলাৰ মাজেৰে পাৰ হ’বলগীয়া পাঁচ কিলোমিটাৰমান বাটটো নিজান পৰি থাকে আৰু ভয়লগা। মানুহে গুলিবিদ্ধ শৱ তাত পৰি থকা দেখিছে বুলি কয়। ভাল ৰাস্তাৰ লগতে আৰক্ষী আউটপোষ্ট এটা থাকিলে সহায় হ’লহেঁতেন বুলি তেওঁলোকে কয়। বাৰিষাৰ দিনত বৈঠকৱা এলেকাৰ প্ৰায় ৩০ খনমান গাওঁ বিচ্ছিন্ন হৈ পৰে, কেতিয়াবা কেবাসপ্তাহলৈকে জলমগ্ন হৈ পৰে।

PHOTO • Priti David
PHOTO • Priti David

বৈঠকৱা চুবুৰীটোঃ গোট খোৱা মহিলাসকলে কয় যে ১৩ বা ১৪ বছৰ বয়সত বিয়া হোৱাটো কোনো ব্যতিক্ৰমী কথা নহয়, বৰঞ্চ সেয়া নিয়মহে

চুবুৰীটোৰ কাষতে সেয়া চাপৰ, শুকান বিন্ধ্যাচল পৰ্বতখন, জোপোহা গছবোৰ অ’ত ত’ত সিঁচৰতি হৈ আছে। সেয়াই মধ্যপ্ৰদেশৰ সৈতে ৰাজ্যিক সীমা। আলকাতৰা-শিল দিয়া ৰাস্তাটোৰ কাষে কাষে পথাৰ আৰু মাজে মাজে সৰু সৰু ঘৰবোৰ অ’ত-ত’ত আছে, সেই ঘৰবোৰ অন্যান্য পিছপৰা শ্ৰেণীৰ (তাৰে কিছুমানৰহে নিজা মাটি আছে)।

প্ৰায় ৫০০ ঘৰ অনুসূচিত জাতি, আটাইবোৰ ক’ল সম্প্ৰদায়ৰ , আৰু ২০ ঘৰমান অন্যান্য পিছপৰা শ্ৰেণীৰ পৰিয়ালৰ মাজত শংকা সদায় আছে। ''কেইমাহমান আগৰ কথা। আমাৰ গাঁৱৰ এজনী ছোৱালী খোজকাঢ়ি গৈ আছিল। কেইজনমান ল’ৰাই (উচ্চ জাতিৰ) তাইক জোৰ-জবৰদস্তি কৰি বাইকত উঠালে আৰু সিহঁতৰ লগত ফুৰাবলৈ লৈ গ’ল। তাই যেনিবা বাইকখনৰ পৰা জপিয়াই পলাই কোনোমতে আহি ঘৰ পাইছিল,’’ কথাখিনি কওঁতে ৰাণীৰ মাতটো উত্তেজনাৰে ভৰি পৰিছিল।

২০২১ৰ ১২ জুনত ১৪ বছৰ বয়সীয়া ক’ল সম্প্ৰদায়ৰ ছোৱালী এজনী নিৰুদ্দেশ হৈছিল, আজিৰ তাৰিখলৈ তাইক বিচাৰি পোৱা নগ’ল। পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল যদিও সেয়া আমাক দেখুৱাব নিবিচাৰিলে। তেওঁলোকে দৃষ্টি আকৰ্ষণ কৰি পুলিচৰ খং উঠাব নোখোজে। সেই পুলিচ, আনে কোৱা মতে ঘটনাটো ঘটাৰ দুসপ্তাহ পাছতহে ঘটনাটোৰ তদন্ত কৰিবলৈ উপস্থিত হৈছিল।

''আমি দৰিদ্ৰ পৰিয়ালৰ মানুহ। তাতে আকৌ নিৰ্দিষ্ট জাতি এটাৰ। আপুনিয়েই কওঁকচোন, পুলিচে কিয় ব্যৱস্থা ল’ব? কোনোবাই আমাৰ কথা ভাবে জানো? আমি সদায় শংকা আৰু লোকলজ্জাত (ধৰ্ষণ বা অপহৰণৰ) দিন কটাও,’’ কথাখিনি কওঁতে নিৰ্মলা দেৱীৰ মাতটো সৰু হৈ আহে।

ক’ল সম্প্ৰদায়ৰ বিএ পাছ কৰা মহিলাৰ সংখ্যা তেনেই কম, মুৰাৰীলাল নামে খেতিয়কজনৰ সৈতে বিয়া হোৱাৰ পিছত পঢ়া-শুনা অব্যাহত ৰাখি একেটা সম্প্ৰদায়ৰে নিৰ্মলাই বিএ পাছ কৰিছিল। চাৰিজনকৈ শিক্ষিত ল’ৰাৰ মাক নিৰ্মলাই নিজৰ উপাৰ্জনেৰে চাৰিওটাকে মিৰ্জাপুৰ জিলাৰ দ্ৰামন্দগঞ্জ চহৰৰ ব্যক্তিগত স্কুল এখনত পঢুৱাইছিল। ''তৃতীয়বাৰ গৰ্ভধাৰণ কৰাৰ পিছত মই ঘৰৰ পৰা ওলাই আহিলো,’’ অকণমান বিব্ৰতবোধ কৰা নিৰ্মলাই হাঁহি মাৰি কথাখিনি কৈ যায়। ''সন্তানকেইটাক শিক্ষিত কৰিবই লাগিব, সেয়াই মোৰ মনত শক্তি দিছিল।’’ এতিয়া ভাইবোৱাৰীজনী শ্ৰীদেৱীক অগজিলেৰী নাৰ্ছ মিডৱাইফ হিচাপে প্ৰয়াগৰাজ চহৰত শিক্ষা আৰু প্ৰশিক্ষণ লাভ কৰাতো তেওঁ সহায় কৰি আহিছে। শ্ৰীদেৱীয়ে ১৮ বছৰ বয়সত নিৰ্মলাৰ ল’ৰাৰ লগত বিয়াত বহিছিল।

গাঁৱৰ আন মানুহৰ মনৰ ভয় আৰু বেছি। ৰাষ্ট্ৰীয় অপৰাধ লেখ ব্যুৰ’ৰ তথ্য মতে উত্তৰ প্ৰদেশত ২০১৯ত মহিলাৰ বিৰুদ্ধে হোৱাৰ অপৰাধৰ ঘটনা আছিল ৫৯,৮৫৩ টা । তাৰমানে প্ৰতিদিনে ১৬৪ টা হিংসাত্মক ঘটনা। তাত নাবালিকাকে ধৰি কিশোৰী আৰু মহিলাৰ ধৰ্ষণ, অপহৰণ আৰু সৰবৰাহৰ ঘটনা অন্তৰ্ভূক্ত।

PHOTO • Priti David
PHOTO • Priti David

জন্মৰ প্ৰমাণপত্ৰ কাৰো নাথাকেই, সেয়ে বাল্যবিবাহ কৰোৱা অপৰাধত ধৰা পৰাৰ প্ৰশ্নই নুঠে বুলি নিৰ্মলা দেৱী (সোঁফালে) আৰু অংগনবাদী কৰ্মী (বাওঁফালে)গৰাকীয়ে কয়

''ছোৱালীবোৰ চকুত পৰা হ’লে (পুৰুষৰ) সিহঁতক নিৰাপদে ৰখাটো টান হৈ পৰে,’’ চনু আৰু মীনুৰ সম্পৰ্কীয় ভায়েক মিথিলেশে কয়। ''ইয়াত দলিত লোকৰ এটাই আশা, আমাৰ নাম ৰখা আৰু মৰ্যাদা ৰখা। কম বয়সতে গতাই দিব পাৰিলেই সেই মৰ্যাদা ৰক্ষা পৰে।’’

চিন্তিত মিথিলেশে ইটাৰ ভাতি বা বালিৰ খনন ছাইটলৈ কাম বিচাৰি যোৱাৰ সময়ত ৯ আৰু ৮ বছৰীয়া পুতেক-জীয়েকহালক ঘৰতে এৰি যায়।

তেওঁ মাহে ৫,০০০ টকা পায়। তেওঁৰ পত্নীয়ে হাবিৰ পৰা লুৰুকি অনা খৰি বিক্ৰী কৰি আৰু শস্য চপোৱাৰ সময়ত আনৰ খেতিপথাৰত কাম কৰি সেই উপাৰ্জনৰ লগত সামান্য যোগ দিয়ে। তেওঁলোকৰ নিজৰ চুবুৰীটোত খেতি কৰিব নোৱাৰি। ''একো খেতিকে কৰিব নোৱাৰি, বনৰীয়া জীৱ-জন্তুৱে খাই পেলায়। আমি হাবিৰ কাষতে থাকো কাৰণে বনৰীয়া গাহৰি আহি আমাৰ ঘৰৰ চৌহদত সোমায়,’’ মিথিলেশে কয়।

২০১১ৰ লোকপিয়ল মতে দেওঘাট, য’ত বৈঠকৱা চুবুৰীটো আছে, তাৰে ৬১ শতাংশ জনসংখ্যাই কৃষিশ্ৰম, ঘৰুৱা উদ্যোগ আৰু অন্যান্য কামত নিয়োজিত। ''প্ৰতিঘৰতে অতিকমেও এজনকৈ প্ৰব্ৰজিত পুৰুষ শ্ৰমিক আছে,’’ মিথিলেশে কয়। তেওঁলোকে কামৰ সন্ধানত এলাহবাদ, চুৰাট আৰু মুম্বাইলৈ যায়, ইটাৰ ভাতিত কাম কৰে বা আন খণ্ডত দিনহাজিৰা কৰি দিনে ২০০ টকামান উপাৰ্জন কৰে।

''প্ৰয়াগৰাজ জিলাৰ ২১ টা ব্লকৰ ভিতৰত ক’ৰাৱনখনেই আটাইতকৈ উপেক্ষিত,’’ ডা. যোগেশ চন্দ্ৰ শ্ৰীবাস্তৱে কয়। তেওঁ প্ৰয়াগৰাজস্থিত হিগিনবথাম ইউনিভাৰ্ছিটি অৱ এগ্ৰিকালচাৰ, টেকনলজি এণ্ড চায়েন্সেজৰ এগৰাকী বিজ্ঞানী আৰু এই অঞ্চলটোত ২৫ বছৰ ধৰি কাম কৰি আহিছে। ''জিলাখনৰ সামগ্ৰিক পৰিসংখ্যাই এই অঞ্চলটোৰ দুৰৱস্থাৰ বিষয়টো প্ৰতিফলিত নকৰে,’’ তেওঁ কয়। ''শস্যৰ উৎপাদনৰ পৰা ধৰি স্কুলীয়া শিক্ষা আধাতে এৰা, নিম্ন মজুৰীৰ বাবে প্ৰব্ৰজন কৰাৰে পৰা, দৰিদ্ৰতা, বাল্যবিবাহ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ আদি ক্ষেত্ৰত ক’ৰাৱন একেবাৰে পিছপৰা।’’

এবাৰ বিয়া হোৱাৰ পাছত চনু আৰু মীনা দুয়োগৰাকীয়েই তেওঁলোকৰ গিৰীয়েকৰ ঘৰলৈ যাব, সেইখন গাওঁ ইয়াৰ পৰা ১০ কিলোমিটাৰমান দূৰত আছে। ''মই তেওঁক (দৰাজনক) এবাৰো লগ পোৱা নাই,’’ চনুৱে কয়। ''কিন্তু মোৰ মামাৰ ফোনত তেওঁৰ ফটো দেখিছো। প্ৰায়ে তেওঁৰ লগত কথা পাতো। তেওঁ মোতকৈ কেইবছৰমান ডাঙৰ, ১৫ বছৰমান হ’ব আৰু চুৰাটৰ ৰন্ধনশাল এটাত সহায়ক হিচাপে কাম কৰে।’’

PHOTO • Priti David
PHOTO • Priti David

বাওঁফালেঃ ''ছোৱালীবোৰ চকুত পৰিব ধৰিলে (পুৰুষৰ) সিহঁতক নিৰাপদে ৰখাটো টান হৈ পৰে,’’ মিথিলেশে কয়। সোঁফালেঃ ডা. যোগেশ চন্দ্ৰ শ্ৰীবাস্তৱে কয়, ''যিকোনো এটা দিশেই ধৰি লওঁক, ক’ৰাৱন ব্লকটো অনুন্নত’’

এইবছৰ জানুৱাৰীত বৈঠকৱা চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ স্কুলীয়া ছোৱালীবোৰে বেচৰকাৰী সংস্থা এটাৰ উদ্যেগত চাবোন আৰু টাৱেল এখনৰ লগতে বিনামূলীয়া পেড পাইছিল, লগতে ঋতুস্ৰাৱৰ সময়ৰ স্বাস্থ্যবিধিৰ ওপৰত ভিডিঅ’ এটাও চাবলৈ পাইছিল। তদুপৰি কেন্দ্ৰ চৰকাৰৰ কিশোৰী সুৰক্ষা যোজনাৰ অধীনত ৬ষ্ঠ মানৰ পৰা ১২শ মানৰ ছাত্ৰীয়ে বিনামূলীয়া নেপকিন পোৱাৰ যোগ্য। এই কাৰ্যসূচী ২০১৫ত মুখ্যমন্ত্ৰী অখিলেশ যাদৱে আৰম্ভ কৰিছিল।

কিন্তু চনু বা মীনা কোনোৱেই এতিয়া স্কুললৈ নাযায়। ''আমি স্কুললৈ নাযাওঁ কাৰণে এইবোৰ কথা নাজানো,’’ চনুৱে কয়। এতিয়া ব্যৱহাৰ কৰি থকা কাপোৰৰ সলনি চেনিটেৰি পেড ব্যৱহাৰ কৰিবলৈ পালে দুয়োগৰাকীয়ে ভাল পালেহেঁতেন।

বিয়া হ’বলৈ ওলাইছে যদিও দুয়োজনী ছোৱালীয়ে যৌনসংগম কি, গৰ্ভৱস্থা কি, আনকি মাহেকীয়াজনিত স্বাস্থ্যবিধি কি একো নাজানে। ''মায়ে বৌৰ পৰা (সম্পৰ্কীয় ভায়েকৰ পত্নীৰ পৰা) এইবিষয়ে শিকি ল’বলৈ কৈছিল। বৌৱে মোক ক’লে যে এতিয়াৰে পৰা কোনো পুৰুষৰ (পৰিয়ালৰ) কাষত বহি নালাগে, বহিলে ডাঙৰ সমস্যা হ’ব,’’ চনুৱে যিমান পাৰে মাতটো সৰু কৰি কথাখিনি ক’লে। তিনিজনী ছোৱালীৰ পৰিয়ালটোৰ ডাঙৰজনী চনুৱে সৰুজনী ভনীয়েকৰ চোৱাচিতা কৰিবলৈ বুলি ৭ বছৰ বয়সত ২য় শ্ৰেণীৰ পৰা পঢ়া এৰিছিল।

তাৰপাছত তেওঁ খেতিপথাৰত হাজিৰা কাম কৰা মাক চম্পাৰ সৈতে পথাৰলৈ যাবলৈ ল’লে আৰু পাছলৈ খৰি লুৰুকিবলৈ, অলপ বিক্ৰী আৰু অলপ ঘৰৰ কাৰণে ৰাখিবলৈ মাকৰ সৈতে পাহাৰীয়া হাবিখনলৈ যোৱা কৰিলে। দুদিন পাহাৰত ঘূৰি-পকি সিহঁতে ইয়াত ২০০ টকামানৰ খৰি পায়। ''কিছুদিনৰ কাৰণে তেল আৰু নিমখ কিনিবলৈ সেইখিনি যথেষ্ট,’’ মীনাৰ মাক ৰাণীয়ে কয়। চনুৱে পৰিয়ালটোৰ ৮-১০টা ছাগলী চৰোৱাতো সহায় কৰিছিল। এই সকলো কামৰ উপৰি তেওঁ মাকক ৰন্ধা-বঢ়া আৰু ঘৰুৱা কাম-বনত সহায় কৰি দিছিল।

চনু আৰু মীনাৰ মাক-দেউতাকে কৃষিশ্ৰমিক হিচাপে কাম কৰে। ইয়াত পুৰুষে দিনে ২০০ আৰু মহিলাই ১৫০ টকা হাজিৰা পায়। সেয়া যেতিয়া তেওঁলোকে কাম বিচাৰি নাপায়, আৰু পালেও মাহত ১০-১২ দিনৰ কামহে পায়। চনুৰ দেউতাক ৰামস্বৰূপে ওচৰৰে চহৰ-নগৰলৈ, কেতিয়াবা আনকি প্ৰয়াগৰাজলৈকো দিনহাজিৰাৰ কাম বিচাৰি প্ৰব্ৰজন কৰিছিল। কিন্তু ২০২০ৰ শেষৰফালে তেওঁৰ যক্ষ্মা ৰোগ হয় আৰু একেটা বছৰতে মৃত্যু ঘটে।

''তেওঁৰ চিকিৎসাৰ নামত আমি প্ৰায় ২০,০০০ টকা খৰছ কৰিছো। পৰিয়ালৰ লগতে আন মানুহৰ পৰাও পইছা ধাৰে লৈছো, চম্পাই কয়। ''তেওঁৰ স্বাস্থ্য অতিকৈ শোচনীয় হ’বলৈ ধৰে আৰু আমাক আৰু বেছিকৈ পইছাৰ প্ৰয়োজন হোৱাত মই ২,০০০ৰ পৰা ২৫০০ টকাত ছাগলী বিক্ৰী কৰিবলৈ ল’লো। আমি এইটো মাত্ৰ ৰাখিলো,’’ তেওঁ কোঠাটোত তেওঁলোকৰ পিছফালে বান্ধি থোৱা ছাগলী পোৱালীটো দেখুৱাই কয়।

'দেউতাৰ মৃত্যুৰ পিছত মায়ে আমাৰ বিয়াৰ কথা উলিয়াবলৈ ধৰে,’’ চনুৱে নিজৰ হাতৰ পৰা এৰাই যাব ধৰা জেতুকাখিনিলৈ থৰ লাগি চাই নিৰুদ্বেগচিত্তে কথাটো কয়।

PHOTO • Priti David
PHOTO • Priti David

মীনা আৰু চনুৰ যৌথ পৰিয়াল। ''দেউতা ঢুকোৱাৰ পাছৰে পৰা মায়ে মোৰ বিয়াৰ কথা ক’বলৈ ধৰে,’’ হাতৰ পৰা এৰাই যাব ধৰা জেতুকাখিনিলৈ একেথৰে চাই চনুৱে কয়

চনু আৰু মীনাৰ মাক- চম্পা আৰু ৰাণী দুই ভনীয়েক। দুই ভায়েকৰ লগত তেওঁলোক দুজনৰ বিয়া হৈছে। প্লাষ্টাৰ নকৰা বেৰ আৰু চিমেণ্ট ঢলা চালিৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মিত কেইটামান কোঠালীৰ ঘৰত তেওঁলোকৰ ২৫ জনীয়া যৌথ পৰিয়ালটো থাকে। ইকৰাৰ মাটি লেপি দিয়া তেওঁলোকৰ পুৰণি ঘৰকেইটা, য’ত তেওঁলোকে ভাত ৰান্ধে আৰু কেইজনমান শোৱে, সেয়া পিছফালে আছে।

দুই ভনীৰ মাজত মীনা প্ৰথম পুষ্পিতা হৈছিল আৰু তেওঁলোকে বিচাৰি পোৱা ল’ৰাটোৰ ভায়েক এটা আছিল। চনুৰ বাবেও সেয়ে একেখন ঘৰতে বিয়া ঠিক কৰা হ’ল, ছোৱালীদুজনীৰ মাকেও মনত সন্তোষ পালে।

মীনা পৰিয়ালটোৰ ভিতৰত ডাঙৰ আৰু দুজনী ভনী আৰু এটা ভায়েক আছে। এবছৰমান আগতে, ৭ম মানতে তেওঁ পঢ়াশালি এৰিছিল। ''আগতে মোৰ পেটত বিষ আছিল। প্ৰায়ে ঘৰত মিছা মাতিছিলো। মোৰ মা পথাৰত কামলৈ যায় আৰু দেউতা দিনহাজিৰাৰ বাবে ক’ৰাৱনলৈ যায়। কোনেও মোক স্কুললৈ যাবলৈ জোৰ কৰা নাছিল, সেয়ে নগ’লো,’’ তেওঁ কয়। পাছলৈ তেওঁৰ বৃক্কত পাথৰ ধৰা পৰে যদিও চিকিৎসা কৰোৱাটো মহঙা কাৰবাৰ আছিল। তাতে আকৌ ৩০ কিলোমিটাৰ বাট বাই জিলা সদৰলৈ ভালেকেইবাৰ যাব লাগে। সেয়ে চিকিৎসা কৰা নহ’ল। একেদৰে তেওঁৰ পঢ়া-শুনাও বাদ পৰিল।

তাইৰ এতিয়াও তলপেটত কেতিয়াবা বিষ উঠে।

নিচেই কম উপাৰ্জন স্বত্ত্বেও প্ৰায়ভাগ ক’ল পৰিয়ালে জীয়াৰীহঁতৰ বিয়াৰ কাৰণে অকণমান হ’লেও পইচা সাঁচি থয়। ''আমি সিহঁতৰ বিয়াৰ কাৰণে ১০,০০০ টকা সাঁচিছো। অতিকমেও ১০০-১৫০ মানুহক পুৰি-চবজি আৰু মিঠাই খুৱাব লাগিব,’’ ৰাণীয়ে কয়। দুয়োজনী জীয়াৰীকে একেটা দিনৰ একেটা অনুষ্ঠান পাতি দুই ভায়েকলৈ গতোৱাৰ পৰিকল্পনা তেওঁলোকে কৰি থৈছে যেন লাগিল।

অভিভাৱকবোৰে ভাবে যে তেওঁলোকে নিজৰ দায়িত্বৰ পৰা মুক্তি পালে আৰু আনফালে ছোৱালীবোৰে নিজৰ শৈশৱ হেৰুৱায়। চনু আৰু মীনাৰ নিজা যুক্তি আছে। ''খাদ্য কমকৈ ৰান্ধিব লাগিব, তাতে আকৌ তেওঁলোকক ইয়াত সমস্যা বুলিহে ভাবে,’’ তেওঁলোকে কয়। পৰিৱেশ আৰু সামাজিক পৰিস্থিতিয়ে তেওঁলোকক তেনেদৰে ভাবিবলৈ বাধ্য কৰাইছে।

PHOTO • Priti David

দুই ভনীৰ মাজত মীনা প্ৰথম পুষ্পিতা হৈছিল আৰু তেওঁলোকে বিচাৰি পোৱা ল’ৰাটোৰ ভায়েক এটা আছিল। চনুৰ বাবেও সেয়ে একেখন ঘৰতে বিয়া ঠিক কৰা হ’ল

বাল্যবিবাহৰ ফলত কন্যা শিশুৱে অপৈণত বয়সতে সন্তান জন্ম দিয়া আৰু গৰ্ভৱস্থাজনিত জটিলতাৰ ফলত মৃত্যুৰ ক্ষতিশংকা বাঢ়ে, এয়া ইউনিচেফৰ টোকা। ইয়াত কন্যশিশুক ইমান কম বয়সতে বিয়া দিয়াৰ ফলত ''আইৰনৰ পৰিমাণ পৰীক্ষা কৰা বা তেওঁলোকক ফলিক এচিডৰ টেবলেট দিয়াৰ সুযোগেই পোৱা নাযায়,’’ মাতৃত্ব লাভ কৰিবলগীয়াসকলৰ বাবে আইৰনৰ মাত্ৰাৰ নিয়মৰ কথা উল্লেখ কৰি আশাকৰ্মী সুনীতা দেৱীয়ে কয়। দৰাচলতে গ্ৰামীণ উত্তৰ প্ৰদেশৰ তৰুণ মাতৃসকলৰ ২২ শতাংশইহে প্ৰসৱৰ পূৰ্বৰ কালচোৱাত ডাক্তৰক সাক্ষাৎ কৰে, এই হাৰ দেশৰ যিকোনো ৰাজ্যতকৈ নিম্ন।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা এক শেহতীয়া প্ৰতিবেদনত সেই তথ্য উল্লেখ কৰা হৈছে। প্ৰতিবেদনখনত লিপিবদ্ধ কৰা মতে উত্তৰ প্ৰদেশৰ ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ ৫২ শতাংশই, মানে আধাতকৈও বেছি সংখ্যক মহিলাই ৰক্তহীনতাত ভূগি আছে, যিটোৱে গৰ্ভাৱস্থাৰ সময়ত বিপদাংশকা বঢ়াই তোলে আৰু সন্তানৰ ক্ষেত্ৰতো স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। তাৰোপৰি উত্তৰ প্ৰদেশৰ গ্ৰামাঞ্চলৰ ৫ বছৰ বয়সৰ তলৰ আটাইবোৰ শিশুৱে নিশকতীয়া আৰু ৰক্তহীনতাত ভূগি আছে, ইয়ে কুস্বাস্থ্যৰ এক নিৰন্তৰ চক্ৰৰ সৃষ্টি কৰিছে আৰু স্বাস্থ্যজনিত সমস্যা আৰু গভীৰ কৰি তুলিছে।

''ছোৱালীৰ পুষ্টিক ইয়াত অগ্ৰাধিকাৰ দিয়া নহয়। বিয়া ঠিক হোৱাৰ পিছত ছোৱালীক গাখীৰ দিয়া বন্ধ কৰা মই দেখিছো, দুদিন পাছত গুছি যাব বুলি ভাবি পৰিয়ালে তেনে কৰে। যিকোনো প্ৰকাৰে তেওঁলোকে পইচা ৰাহি কৰে, এয়া তেওঁলোকৰ দুৰ্বলতা,’’ সুনীতাই কথাবোৰ মন কৰে।

ৰাণী আৰু চম্পাৰ মনবোৰ এইখিনি সময়ত আন ক’ৰবাত ব্যস্ত হৈ পৰিছে।

''বিয়াৰ বাবে সাঁচি ৰখা পইচাখিনি চুৰি নহ’লেই হ’ল, সেই চিন্তা লাগিছে। মানুহে জানে আমাৰ হাতত নগদ ধন আছে,’’ ৰাণীয়ে কয়। ''৫০,০০০ মান টকা ধাৰে ল’ব লাগিব। তেতিয়াহে এই 'সমস্যা’টোৰ অন্ত পৰিব,’’ তেওঁ বিশ্বাস কৰে।

এলাহবাদস্থিত SHUATS-ৰ সম্প্ৰসাৰণ সেৱা সঞ্চালক আৰিফ এ. ব্ৰডৱেয়ে সমল সংযোজনেৰে আগবঢ়োৱা সহায়ৰ বাবে প্ৰতিবেদকে ধন্যবাদ জনাইছে।

এই প্ৰতিবেদনত উল্লেখিত কিছুমান মানুহৰ পৰিচয় গোপনীয় কৰি ৰাখিবলৈ তেওঁলোকৰ নাম সলনি কৰা হৈছে।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰ মিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে যদি অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদ: পংকজ দাস

Priti David

Priti David is the Executive Editor of PARI. She writes on forests, Adivasis and livelihoods. Priti also leads the Education section of PARI and works with schools and colleges to bring rural issues into the classroom and curriculum.

Other stories by Priti David
Illustration : Priyanka Borar

Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper.

Other stories by Priyanka Borar

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Series Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das