প্ৰতিদিনে সন্ধিয়া ৫ মান বজাত ঘৰলৈ উভতা ডা. শৱনম য়াচমিনে পোনে পোনে তেওঁৰ পাতল অনুজ্জ্বল মুগা বৰণীয়া ঘৰটোৰ চাদলৈ যায়। তাতে তেওঁ গা ধোৱে। কৰ্মস্থলীলৈ নিয়া কলম, ডায়েৰী আদি সকলো চেনিটাইজ কৰে, কাপোৰবোৰ ধোৱে (এই কামৰ বাবে চাদখন সাজু কৰি থোৱা থাকে)। তাৰপিছত তেওঁ তললৈ নামি আহি পৰিয়ালৰ লগ লাগে। এয়া যোৱা এবছৰ ধৰি তেওঁৰ নিত্য নৈমিত্তিক কাম হৈ পৰিছে।

“মই অতিমাৰীৰ সমগ্ৰ কালচোৱাত কাম কৰিছো (লকডাউনত), তেতিয়া সকলো অনুষ্ঠান-প্ৰতিষ্ঠান বন্ধ আছিল, আনকি ব্যক্তিগত হস্পিতালবোৰো বন্ধ আছিল। কেতিয়াও মোৰ পজিটিভ নোলাল, আমাৰ সহকৰ্মী কিছুমানৰ ওলাইছিল অৱশ্যে। দৰাচলতে আমি দুগৰাকী ক’ভিড আক্ৰান্ত প্ৰসূতিৰ চিকিৎসা কৰিছিলো, সফলো হৈছিলো,” সদৰ হস্পিতালৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু শল্যচিকিৎসক ৪৫ বছৰ বয়সীয়া ডা. য়াচমিনে কয়, উত্তৰ-পূৱ বিহাৰৰ কিষাণগঞ্জ চহৰৰ তেওঁৰ ঘৰৰ পৰা হস্পিতালখনলৈ দূৰত্ব প্ৰায় এক কিলোমিটাৰ।

শৱনমৰ ক্ষেত্ৰত বিপদৰ সদায়ে দুৱাৰডলিত ৰৈ থাকে। তেওঁ ক’ৰনাভাইৰাছৰ বাহক হৈ বিপদ চপাব কোনোপধ্যেই নোৱাৰে। ঘৰত তেওঁৰ মাকৰ লগতে ১৮ আৰু ১২ বছৰীয়া দুই সন্তান আছে। তেওঁৰ ৫৩ বছৰীয়া স্বামী ইৰ্টাজা হাচানৰ বৃক্কৰ সমস্যা আছে, তাৰ বাবে তেওঁ আকৌ দুগুণ সতৰ্ক হৈ থাকিব লাগে। “মা থকা কাৰণেহে মই কামবোৰ নিয়াৰিকৈ কৰিব পাৰিছো (যোৱা বছৰটোত)। তেঁৱেই দায়িত্ব মূৰপাতি লৈছে। নহ’লে মই একেটা সময়তে এফালে ডাক্তৰ আৰু গৃহিণী, আনফালে শিক্ষক-প্ৰশিক্ষক কি যে হ’বলগীয়া নহয়,” য়াচমিনে মাকৰ প্ৰতি কৃতজ্ঞতাৰ সুৰত কয়।

২০০৭ত চিকিৎসা বিজ্ঞানৰ শিক্ষা সাং কৰাৰে পৰা তেওঁ এই বিভিন্ন ৰূপৰ মাজেৰেই জীৱনটো কটাই আহিছে। “এম.বি.বি.এছ.ৰ চুড়ান্ত বৰ্ষত মই গৰ্ভধাৰণ কৰিছিলো। বিয়াৰ প্ৰায় ছবছৰলৈ মই মোৰ পৰিয়ালৰ সৈতে নাছিলো। পেছাত উকীল মোৰ স্বামী কৰ্মসূত্ৰে পাটনাত আছিল। মোক য’তে কামৰ বাবে পঠিয়ায়, মই তাতে কাম কৰিছিলো,” য়াচমিনে কয়।

সদৰ হস্পিতালত পষ্টিং হোৱাৰ আগত ডা. শৱনম তেওঁৰ ঘৰৰ পৰা ৪৫ কিলোমিটাৰ দূৰৰ ঠাকুৰগঞ্জ ব্লকৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ২০১১ৰ পৰা কৰ্মৰত আছিল। ৰাঞ্চীৰ ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সেজৰ পৰা ২০০৩ত এম.বি.বি.এছ. ডিগ্ৰী আৰু ২০০৭ত পাটনা মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছতে কেইবছৰমান ব্যক্তিগতভাৱে ডাক্তৰি কৰাৰ শেষত তেওঁ এই চৰকাৰী চাকৰিটো পাইছিল। ঘৰত মাকৰ সৈতে দ্বিতীয়টো কেঁচুৱাটো দিনটোৰ বাবে গতাই ঠাকুৰগঞ্জৰ স্বাস্থ্যকেন্দ্ৰটোলৈ তেওঁ স্থানীয় বাছ এখনত অহা-যোৱা কৰিছিল। এনেদৰে সদায় অহা-যোৱা কৰাটো অতিকৈ কষ্টকৰ কাম আছিল। সেয়ে নমাহ পিছত তেওঁ মাক আৰু সন্তান দুটাৰ সৈতে ঠাকুৰগঞ্জত থাকিবলৈ ল’লে। তেওঁৰ গিৰীয়েক পাটনাতে থাকিল আৰু প্ৰত্যেক মাহত তেওঁলোক দেখা কৰে।

Dr. Shabnam Yasmin and women waiting to see her at Sadar Hospital: 'I worked throughout the pandemic [lockdown], when everything was shut...'
PHOTO • Mobid Hussain
Dr. Shabnam Yasmin and women waiting to see her at Sadar Hospital: 'I worked throughout the pandemic [lockdown], when everything was shut...'
PHOTO • Mobid Hussain

ডা. শৱনম য়াচমিন আৰু তেওঁক দেখা কৰিবলৈ সদৰ হস্পিতালত শাৰি পাতি ৰোৱা মহিলাসকলঃ ‘মই অতিমাৰীৰ গোটেই কালচোৱাত (লকডাউনৰ সময়ত) কাম কৰিছিলো, তেতিয়া সকলো বন্ধ আছিল...’

“মই মোৰ স্বামীক সহায় কৰিব লাগিছিল। কিন্তু দিনত দুবাৰ ভ্ৰমণ কৰাটো খুবেই কষ্টকৰ, তাতে আকৌ জীৱনটো তেনেই কঠিন। তাতোকৈ ডাঙৰ কথাটো হৈছে মই বিশেষ একো কৰিবপৰা নাছিলো। মই এগৰাকী শল্যচিকিৎসক। কিন্তু মই শল্যচিকিৎসা কৰিব পৰা নাছিলো। তাত (স্বাস্থ্যকেন্দ্ৰটোত) কোনো সা-সঁজুলি নাছিল, ব্লাড বেংক কিম্বা চেতনানাশকো নাছিল। প্ৰসৱৰ সময়ত কেতিয়াবা জটিলতাই দেখা দিলে মই কেৱল ৰেফাৰহে কৰিব পাৰিছিলো। আনকি মই চিজাৰিয়ানো কৰিব পৰা নাছিলো। কোনোধৰণৰ হস্তক্ষেপ কৰিব পৰা নাছিলো, কেৱল বাছ ধৰিবলৈ তেওঁলোকক কৈছিলো (যাতে ওচৰৰ আন হস্পিতাললৈ যাব পাৰে),” য়াচমিনে মনত পেলালে।

কিষাণগঞ্জ জিলাৰ সদৰ হস্পিতালত তেওঁৰ পৰামৰ্শদান কোঠাটোৰ বাহিৰত প্ৰায় ৩০ গৰাকীমান মহিলা ৰৈ আছে। তেওঁলোকৰ প্ৰায়ভাগেই মহিলা ডাক্তৰৰ ওচৰলৈহে যাব বিচাৰে। হস্পিতালখনত দুগৰাকী মহিলা ডাক্তৰ আছে, এগৰাকী ডা. শৱনম য়াচমিন আৰু আনগৰাকী ডা. পুণম (তেওঁ কেৱল নামটোহে ব্যৱহাৰ কৰে)। দুয়োগৰাকীয়ে দিনে প্ৰায় ৪০-৫০ গৰাকী ৰোগী চায়। তথাপি কিছুমানে অপেক্ষাস্থলত হোৱা ভিৰৰ বাবে তেওঁলোকক দেখা নকৰাকৈয়ে ঘৰলৈ উভতিব লগা হয়।

দুয়োজন ডাক্তৰেই সপ্তাহত ৪৮ ঘণ্টা কাম কৰিব লাগে ঠিকেই, কিন্তু সেয়া নম্বৰহে মাত্ৰ। “ইয়াত শল্যচিকিৎসকৰ তেনেই নাটনি, সেয়ে অস্ত্ৰোপচাৰৰ দিনা মই ঘণ্টাৰ হিচাপ হেৰুৱাও। যৌন আতিশয্য বা ধৰ্ষণ সংক্ৰান্ত কেচ থাকিলে আদালতলৈও যাবলগীয়া হয়। তেনেদৰেই গোটেই দিনটো পাৰ হয়। পুৰণি প্ৰতিবেদনো প্ৰস্তুত কৰিবলগীয়া থাকে আৰু শল্যচিকিৎসক হিচাপে আমি যিকোনো সময়তে কৰ্মস্থলীত উপস্থিত হ’বলৈ সাজু থাকিবলগীয়া হয়,” য়াচমিনে কয়। কিষাণগঞ্জ জিলাত প্ৰায় ৬-৭ গৰাকী মহিলা ডাক্তৰ আছে। সাতখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, এখন ৰেফাৰেল চেণ্টাৰ আৰু সদৰ হস্পিতালত মই কথা পতা ডাক্তৰৰ এই অনুমান। তাৰে অৰ্ধেক অংশই ঠিকা ভিত্তিত নিযুক্ত (য়াচমিন নহয় অৱশ্যে)।

তেওঁলোকক সাক্ষাৎ কৰিবলৈ মানুহ ঘাইকৈ কিষাণগঞ্জৰ পৰা আহে, কিছু সংখ্যক আৰাৰিয়া জিলাৰ পৰা আৰু কিছুমান আনকি পশ্চিমবংগৰ পৰাও আহে। মূলতঃ নিয়মীয়া গৰ্ভাৱস্থাৰ স্বাস্থ্যপৰীক্ষা আৰু প্ৰাকপ্ৰসৱকালীন স্বাস্থ্যসেৱা লাভ কৰাৰ বাবে আহে। তাৰোপৰি তলপেটৰ বিষ, শ্ৰোণীৰ সংক্ৰমণ, ঋতুস্ৰাৱৰ সময়ৰ বিষ আৰু বন্ধ্যাত্বৰ সমস্যাৰ বাবেও আহে। “ইয়ালৈ যি ৰোগৰ চিকিৎসাৰ বাবেই নাহক কিয়, প্ৰায়ভাগ মহিলাকে মই ৰক্তহীনতাত ভোগা দেখো। আইৰনৰ বড়ি বিনামুলীয়াকৈ উপলব্ধ (স্বাস্থ্যকেন্দ্ৰ আৰু হস্পিতালত), কিন্তু সজাগতাৰ অভাৱ আৰু নিজ স্বাস্থ্যৰ প্ৰতি অনীহাৰ বাবেই ৰক্তহীনতা নুগুছে,” য়াচমিনে কয়।

ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা ( এন.এফ.এইছ.এছ.-৪, ২০১৫-১৬ )ৰ ডেটাই ডা. য়াচমিনক পৰিস্থিতি পৰ্য্যবেক্ষণত সহায় কৰিছেঃ কিষাণগঞ্জ জিলাত ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ ৬৭.৭ শতাংশ মহিলাই ৰক্তহীনতাত ভূগি আছে। ১৫ৰ পৰা ৪৯ বছৰ বয়সীয়া গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই হাৰ ৬২ শতাংশ, অকণমান কম। গৰ্ভধাৰণৰ সময়ত ১০০ বা তাতোকৈ বেছিদিনৰ বাবে আইৰন ফলিক এচিডৰ বড়ি খোৱা মহিলাৰ সংখ্যা কেৱল ১৫.৪ শতাংশ।

Only 33.6 per cent of childbirths in Kishanganj district are institutional deliveries. A big reason for this, says Dr. Asiyaan Noori (left), posted at the Belwa PHC (right), is because most of the men live in the cities for work
PHOTO • Mobid Hussain
Only 33.6 per cent of childbirths in Kishanganj district are institutional deliveries. A big reason for this, says Dr. Asiyaan Noori (left), posted at the Belwa PHC (right), is because most of the men live in the cities for work
PHOTO • Mobid Hussain

কিষাণগঞ্জ জিলাৰ কেৱল ৩৩.৬ শতাংশ শিশুৰ জন্ম হস্পিতালত হয়। বেছিভাগ পুৰুষেই চহৰত কামৰ বাবে থাকিবলগীয়া হোৱাটোৱে ইয়াৰ অন্যতম কাৰণ বুলি বেলৱা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত (সোঁফালে) কৰ্মৰত ডা. আশিয়ান নুৰিয়ে (বাওঁফালে) কয়

“মহিলাৰ স্বাস্থ্যই কেতিয়াও গুৰুত্ব নাপায়। তেওঁলোকে স্বাস্থ্যকৰ খাদ্য নাখায়, কম বয়সতে বিয়া হৈ যায় আৰু প্ৰথমটো সন্তানৰ এবছৰ নৌহওঁতেই আকৌ গৰ্ভধাৰণ কৰে। দ্বিতীয়টো সন্তান জন্ম পায় মানে মাক দুৰ্বল হয়, বহুতে খোজেই কাঢ়িব নোৱাৰা হৈ পৰে। ইটোৰ পিছত সিটো সন্তান, তেনেকৈয়ে তেওঁলোক ৰক্তহীনতাত ভোগে,” ৩৮ বছৰ বয়সীয়া ডা. আশিয়ান নুৰিয়ে কয়। আকৌ কেতিয়াবা দ্বিতীয়টো সন্তানৰ প্ৰসৱৰ বাবে হস্পিতাললৈ আহে যদিও বচাব পৰা নাযায়।

“মহিলা ডাক্তৰৰ তেনেই নাটনি। যদি আমি ৰোগী চাব নোৱাৰো বা কোনো ৰোগী যদি মৰে, তেতিয়া হুলস্থুল লাগে,” য়াচমিনে কয়। কেৱল পৰিয়ালৰ মানুহেই যে এনে কৰে, তেনে নহয়। এলেকাটোত বহু অৰ্হতাবিহীন চিকিৎসা অনুশীলনকাৰীৰ দুষ্ট চক্ৰ আছে যিয়ে তেওঁলোকক হস্পিতালত হাৰাশাস্তি কৰে। “আপুনি এওক স্পৰ্শ কৰোঁতে কি হৈ গ’ল চাওক,” সন্তান প্ৰসৱৰ সময়ত মহিলা এগৰাকী ঢুকাওতে পৰিয়ালৰ লোকে এনেদৰে য়াচমিনক কৈছিল।

কিষাণগঞ্জৰ কেৱল ৩৩.৬ শতাংশ শিশুৰ জন্ম চৰকাৰী হস্পিতালত হৈছে, এন.এফ.এইছ.এছ.-৪ত এই তথ্য উল্লেখ কৰা হৈছে। অঞ্চলটোৰ বেছিভাগ পুৰুষেই কাম সংক্ৰান্তত চহৰত থকাটোও ইয়াৰ অন্যতম কাৰণ। “এনে পৰিস্থিতিত, মহিলাৰ বাবে প্ৰসৱকালীন সময়ত বেছি লৰচৰ কৰাটো সম্ভৱ নহয়, সেয়ে ঘৰতে প্ৰসৱ কৰোৱা হয়।” তেওঁৰ লগতে আন ডাক্তৰবোৰেও কয় যে কিষাণগঞ্জ জিলাৰ তিনিটা ব্লক পথিয়া, দীঘলবাংক আৰু টেৰ্হাগাছত (তিনিওটাতে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আছে) ঘৰতে কৰা প্ৰসৱৰ হাৰ সৰ্বাধিক। এই ব্লককেইটাৰ পৰা সদৰ হস্পিতাল বা ব্যক্তিগত ক্লিনিকলৈ যাতায়তৰ সুবিধা ভাল নহয়। তাতে আকৌ ৰাস্তাত সৰু সৰু জুৰি থকাত মহিলা আৰু লগত অহা পৰিয়ালৰ মানুহে হস্পিতাললৈ যোৱাতো আৰু বেছি কষ্টসাধ্য হৈ পৰে।

২০২০ত অতিমাৰীৰ কাৰণে হোৱা লকডাউন আৰু তাৰে পিছৰ পৰিস্থিতিত কিষাণগঞ্জ জিলাত আনুষ্ঠানিক প্ৰসৱৰ হাৰ কমি আহিছিল। মন কৰিবলগীয়া যে যান-বাহনৰ চলাচলৰ ওপৰত চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞা আৰু হস্পিতালত ভাইৰাছ সংক্ৰমিত হোৱাৰ ভয়তে মহিলাই হস্পিতালৰ পৰা আঁতৰি থাকে।

Dr. Mantasa at the Chattar Gachh referral centre in Kishanganj's Pothia block:. 'A big part of my day goes in talking to women about family planning...'
PHOTO • Mobid Hussain

কিষাণগঞ্জৰ পথিয়া ব্লকৰ চাত্তাৰ গাচ্চ ৰেফাৰেল চেণ্টাৰৰ ডা. মাণ্টাচাঃ ‘দিনটোৰ বেছিভাগ সময় মই মহিলাৰ সৈতে পৰিয়াল পৰিকল্পনাৰ কথা পাতোতে পাৰ হয়...’

‘মহিলা আৰু তেওঁলোকৰ স্বামীহঁতক গৰ্ভনিৰোধৰ বিষয়ে কথা ক’লে বয়সস্থ মহিলাসকলে বেয়া পায়। মই কথা পাতিবলৈ ল’লে আমাক গালি পাৰে, আৰু মাতৃগৰাকীক নাইবা দম্পত্তিহালক ওলাই যাবলৈ কয়। এনে কথা শুনিবলৈ ভাল নালাগে...’

“কিন্তু পৰিস্থিতি এতিয়া ভাললৈ আহিছে,” কিষাণগঞ্জ জিলা সদৰৰ পৰা ৩৮ কিলোমিটাৰ দূৰৰ পথিয়া ব্লকৰ চাত্তাৰ গাচ্চ ৰেফাৰেল চেণ্টাৰ/প্ৰসূতি আৰু শিশু কল্যাণ কেন্দ্ৰত কৰ্মৰত ৩৬ বছৰ বয়সীয়া ডা. মাণ্টাচাই কয়। কেৰিয়াৰৰ আৰম্ভণিৰ কালচোৱাত তেওঁ নিজেও ডা. য়াচমিনৰ দৰে একেই সমস্যাৰ সন্মুখীন হৈছিল, পৰিয়ালৰ পৰা আঁতৰি থাকি কষ্টৰে অহা-যোৱা কৰা। তেওঁৰ স্বামী ভগলপুৰত থাকে। তেওঁৰ একমাত্ৰ পুত্ৰ কাটিহাৰ জিলাৰ মোমায়েকৰ ফালৰ ককায়েক-আইতাকৰ লগত থাকে।

“মোৰ দিনটোৰ বেছিভাগ সময় মহিলাৰ সৈতে পৰিয়াল পৰিকল্পনা, গৰ্ভনিৰোধৰ পদ্ধতি, দুই সন্তানৰ মাজত ব্যৱধান, খাদ্য আদিৰ কথা পাতোতে পাৰ হয়,” ডা. মাণ্টাচাই কয় (তেওঁ নামৰ উপাধিহে ব্যৱহাৰ কৰে)। গৰ্ভনিৰোধৰ আলোচনা আৰম্ভ কৰাটোৱে টান কাম হৈ পৰে। এনএফএইছএছ-৪ত এই তথ্য উল্লেখ কৰা হৈছে যে কিষাণগঞ্জৰ সদ্যবিবাহিত মহিলাৰ মাত্ৰ ১২.২ শতাংশই পৰিয়াল পৰিকল্পনাৰ কোনো এটা ব্যৱস্থা অনুসৰণ কৰে, আকৌ এজন স্বাস্থ্যকৰ্মীয়ে পৰিয়াল পৰিকল্পনাৰ কোনো পদ্ধতি অনুসৰণ নকৰা মহিলাৰ সৈতে কথা পাতিবলৈ পোৱা ঘটনাৰ হাৰ কেৱল ৮.৬ শতাংশ।

“আমি মাতৃ আৰু পিতৃহঁতৰ লগত গৰ্ভনিৰোধৰ পদ্ধতিৰ বিষয়ে কথা পাতিলে বয়সস্থ মহিলাই (পৰিয়ালৰ) আমাক বেয়া পায়। ক্লিনিকলৈ অহা মাতৃ বা দম্পত্তিৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিলেই মোক গালি দিয়ে আৰু দম্পত্তিহালক ওলাই যাবলৈ কয়। কেতিয়াবা মই গাঁৱলৈ গ’লেও মোক আঁতৰি যাবলৈ কোৱা হয়। এনে কথা শুনিবলৈ ভাল নালাগে, কিন্তু আমি আমাৰ কাম কৰিবই লাগিব,” ডা. য়াচমিনৰ দৰেই পৰিয়ালৰ প্ৰথমগৰাকী ডাক্তৰ ডা. মাণ্টাচাই কয়।

“মোৰ প্ৰয়াত পিতৃ ছৈয়দ কুটুবুদ্দিন আহমেদ মুজফ্ফৰনগৰৰ এখন চৰকাৰী হস্পিতালৰ পেৰামেডিকেল কৰ্মচাৰী আছিল। মহিলা ডাক্তৰ থাকিলেহে মহিলা হস্পিতাললৈ আহিব বুলি তেওঁ প্ৰায়ে কৈছিল। সেয়ে মই হ’লো,” ডা. য়াচমিনে কয়। “আমাক আৰু বহুত লাগে।”

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদ: পংকজ দাস

Anubha Bhonsle is a 2015 PARI fellow, an independent journalist, an ICFJ Knight Fellow, and the author of 'Mother, Where’s My Country?', a book about the troubled history of Manipur and the impact of the Armed Forces Special Powers Act.

Other stories by Anubha Bhonsle
Illustration : Priyanka Borar

Priyanka Borar is a new media artist experimenting with technology to discover new forms of meaning and expression. She likes to design experiences for learning and play. As much as she enjoys juggling with interactive media she feels at home with the traditional pen and paper.

Other stories by Priyanka Borar
Editor and Series Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das