তাইৰ পেটত দুটা সন্তান আছে- কোনো আল্ট্ৰাচাউণ্ডৰ ৰিপ’ৰ্ট নাই, কিন্তু এক সাংঘাতিক আত্মবিশ্বাসেৰে ৰোপিয়ে ব্যক্তিগত প্ৰসূতি ক্লিনিকখনৰ ডাক্তৰক ক’লে।
ৰোপিয়ে দুবছৰ আগৰ এই ঘটনাটো মনত পেলাই বৰ ৰস পাইছে। ডাক্তৰৰ ষ্টেথিস্কোপডাল ব্যৱহাৰ কৰাৰ আমোদজনক ভংগীমা দেখুৱাই তেওঁ আৰম্ভ কৰে, “কান মে ৱহ লগায়া” (কাণত সেইপাত পিন্ধিলে)। ডাক্তৰে নিশকতীয়া চেহেৰাৰ গৰ্ভৱতী মহিলাগৰাকীৰ মধ্যমীয়া পেটটো পৰীক্ষা কৰি চাই ক’লে যে যমজ সন্তান হোৱাৰ কোনো সম্ভাৱনা নাই।
“বাইদেউ, দুটা হ’ব দুটা,” ক্লিনিকখনৰ প্ৰসৱ কোঠাৰ বাহিৰৰ টুল এখনত তেওঁক বহুৱাই থোৱাৰ আগতে তেওঁ আকৌ এবাৰ সেইকথা কয়। ৭০ উৰ্দ্ধ ৰোপি আৰু প্ৰসৱ যন্ত্ৰণাত ছটবটাই থকা প্ৰসৱিতাগৰাকী আছিল উত্তৰ-পূৱ মহাৰাষ্ট্ৰৰ মেলঘাট অৰণ্যৰ দাঁতিৰ জইতাদেহি গাঁৱৰ পৰা ২০ কিলোমিটাৰ দূৰৰ পাৰাটৱাড়া চহৰত।
সন্ধিয়ালৈ এজন ল’ৰা জন্ম পালে, কেইছেকেণ্ডমানৰ ভিতৰত আন এটি সন্তানৰ মুৰটো দেখা গ’ল। এইবাৰ কন্যাসন্তান। যমজ ভাই-ভনী।
কেঁচা ঘৰটোৰ গোবৰ-পানীৰে মচা নিমজ মজিয়াখনত পাৰি থোৱা কাঠৰ খাটখনত বহি থকা ৰোপিয়ে ডাঙৰকৈ হাঁহিলে। তিনিটা কোঠাৰ ঘৰটোৰ ভিতৰৰ তিনিখন খাট খালী হৈ আছে, তেওঁৰ তিনি ল’ৰা পৰিয়ালৰ দুই একৰ খেতিমাটিত কাম কৰিবলৈ গৈছে।
তেওঁ কৰ্কু ভাষাতে বেয়া মাত এষাৰ মাতিলে। তাৰ অৰ্থ ভাঙিলে গাধৰ গুপ্তাংগই হ’ব। তেওঁৰ হাঁহি ৰখা নাই। হাঁহোতে তেওঁৰ মুখমণ্ডলৰ ৰেখাবোৰ আৰু বেছি দ হৈ পৰিছে। “মই তাকেই তেওঁক ক’লো,” চহৰৰ ডাক্তৰক গালি দিয়াৰ আত্মসন্তুষ্টিৰ ভাৱটো তেওঁৰ মুখত স্পষ্টকৈ ফুটি উঠিল।











