তাইৰ বয়স ২২ আছিল, ইতিমধ্যে তিনি-চাৰিবছৰ ধৰি বিভিন্ন স্বাস্থ্য সমস্যাই জুমুৰি দি ধৰা মীনুৱে ২০২১ৰ গ্ৰীষ্মৰ সেই পুৱাবেলা পানী আনিবলৈ পুখুৰীটোলৈ বুলি চিৰিৰে নামিছিল। দয়াপুৰ গাঁৱৰ পুখুৰীটোৰ চিৰিবোৰ আছিল জৰাজীৰ্ণ। তাই পিচল খাই চিৰিৰে বাগৰি গৈ মুখথেকেচা খাই পৰিল।

“মই বুকু আৰু পেটত তীব্ৰ বিষ অনুভৱ কৰিছিলো,” তাই বাংলা ভাষাতে কথাখিনি ক’লে। “মোৰ যোনিৰ পৰা তেজ ওলাবলৈ ধৰিলে। বাথৰুমলৈ গৈ দেখো যে মোৰ যোনিৰ পৰা কিবা এটা ওলাই মজিয়াত পৰিছে। মাংসপিণ্ডৰ দৰে সেইটো মোৰ দেহৰ পৰা ওলাই আছে। মই টানি উলিয়াবলৈ চেষ্টা কৰিলো, কিন্তু গোটেইটো উলিয়াব নোৱাৰিলো।”

কাষৰে ব্যক্তিগত ক্লিনিক এখনলৈ যোৱাত তাই নিশ্চিত হ’ল যে তাইৰ গৰ্ভপাত হৈছে। ওখ, ক্ষীণ মীনুৰ চিন্তাৰে ভাৰাক্ৰান্ত মীনুৰ মুখত হাঁহি এটা লাগি আছে। সেই ঘটনাৰ পিছৰ পৰা তেওঁৰ মাহেকীয়া ঋতুচক্ৰ অনিয়মীয়া হৈ পৰিল। দেহটো বিষে আগুৰিলে আৰু মানসিকভাৱেও তাই ভাগি পৰে।

পশ্চিমবংগৰ ২৪ পৰগনা জিলাৰ গোচাবা ব্লকৰ তাইৰ গাওঁখনৰ জনসংখ্যা প্ৰায় ৫,০০০। সেউজ পাহাৰ আৰু জলাহ বনেৰে ভৰা সুন্দৰবনৰ ৰাস্তাৰে ঢুকি পাব পৰা কেইখনমান ভিতৰুৱা গাঁৱৰ ভিতৰত সিখনো এখন।

সেই যে পৰিল, তেতিয়াৰে পৰা মীনুৰ ৰক্তক্ষৰণ এমাহলৈ বন্ধ হোৱা নাছিল। অবিৰত ৰক্তক্ষৰণতে তাইৰ কষ্ট শেষ হোৱা নাছিল। “শাৰীৰিক সম্পৰ্ক কৰিলে মই বহুত কষ্ট পাইছিলো,” তাই কয়। “এনে লাগিছিল যেন মোক চিৰাচিৰ কৰি ফালি পেলোৱা হৈছে। মলত্যাগ কৰিলে যেতিয়া বল দিবলগা হয়, বা ওজন বস্তু দাঙোতে এনে লাগে যেন মোৰ জৰায়ু ওলাই আহিছে।”

Meenu Sardar was bleeding for over a month after a miscarriage
PHOTO • Ritayan Mukherjee

গৰ্ভস্খলনৰ পাছত এমাহলৈ মীনু চৰ্দাৰৰ ৰক্তক্ষৰণ হৈ আছিল

পৰিস্থিতিয়ে তাইক আৰু বেছি দুৰ্দশালৈ ঠেলি দিছিল। দশম শ্ৰেণীৰ পিছত পঢ়িবলৈ এৰা মীনুৱে পিচলি পৰাৰ পিছত যোনিৰ পৰা ৰক্তক্ষৰণ হোৱা স্বত্ত্বেও দয়াপুৰৰ আশাকৰ্মীৰ সৈতে পৰামৰ্শ নকৰাৰ সিদ্ধান্ত ল’লে। “তেওঁ জনাটো মই বিচৰা নাছিলো,” তাই কয়। “কিয়নো আন গাঁৱৰ মানুহেও মোৰ গৰ্ভপাতৰ কথা গম পাব। তাতে আকৌ কি কৰিব লাগে সেয়া তেওঁ জানে বুলি মই নাভাবো।”

তাই আৰু তাইৰ গিৰীয়েক বাপ্পা চৰ্দাৰে সন্তান পৰিকল্পনা কৰা নাছিল, কিন্তু তাই কোনো গৰ্ভনিৰোধকো ব্যৱহাৰ কৰা নাছিল। “বিয়াৰ সময়ত মই পৰিয়াল পৰিকল্পনাৰ কথা নাজানিছিলো। কোনেও মোক কোৱা নাছিল। গৰ্ভপাতৰ পিছতহে এইবোৰ কথা জানিব পাৰিছিলো।”

দয়াপুৰৰ পৰা ১২ কিলোমিটাৰ দূৰৰ থকা গোচাবা গ্ৰামীণ হস্পিটেলৰ একমাত্ৰ প্ৰসূতি ৰোগ বিশেষজ্ঞগৰাকীক তাই চিনি পাও। কিন্তু তেওঁ হস্পিটেলত নাথাকেই। দুজন ৰুৰেল মেডিকেল প্ৰেক্টিচনাৰ (আৰ.এম.পি.) আৰু অনুজ্ঞাপত্ৰ নথকা চিকিৎসাসেৱা প্ৰদানকাৰী তাইৰ গাওঁখনত আছে।

দয়াপুৰৰ দুয়োজন আৰ.এম.পি.য়ে পুৰুষ।

“পুৰুষক মোৰ সমস্যাখিনি ভাঙি কোৱাত মই সংকোচবোধ কৰিছিলো। তাতে আকৌ তেওঁলোকৰ বিশেষ অভিজ্ঞতাও নাই,” তাই কয়।

মীনু আৰু বাপ্পাই জিলাখনৰ ভালেকেইজন প্ৰাইভেট ডাক্তৰক দেখুৱাইছিল, কলিকতাতো এখনত দেখুৱাইছিল। ১ লাখৰো অধিক টকা খৰছ কৰিছিল, কিন্তু কামত নাহিল। বাপ্পাৰ আয় আছিল তেওঁ কাম কৰা এখন পাচলিৰ দোকান, তাতে ৫,০০০ টকা তেওঁ পাইছিল। মেডিকেলৰ খৰছ উলিয়াবলৈ তেওঁ বন্ধুবৰ্গৰ পৰা পইছা ধাৰে লৈছিল।

A number of women in the Sundarbans have had hysterectomy, travelling to hospitals 4-5 hours away for the surgery
PHOTO • Ritayan Mukherjee
A number of women in the Sundarbans have had hysterectomy, travelling to hospitals 4-5 hours away for the surgery
PHOTO • Ritayan Mukherjee

সুন্দৰবনৰ কেইগৰাকীমান মহিলাই জৰায়ুছেদন কৰাইছে, অস্ত্ৰোপচাৰৰ বাবে তেওঁলোকে ৪-৫ ঘণ্টা যাতায়ত কৰিছিল

দয়াপুৰৰ এখন হোমিঅ’পেথি ডাক্তৰৰ পৰা দৰৱ খাই তাইৰ মাহেকীয়া ঋতুচক্ৰ নিয়মীয়া হৈছিল। তেঁৱেই এনে এজন ডাক্তৰ আছিল যাৰ সৈতে তাই নিজৰ গৰ্ভপাতৰ কথা সংকোচ নকৰাকৈ আলোচনা কৰিব পাৰিছিল। যোনিৰ পৰা নিৰন্তৰ স্ৰাৱ ওলোৱা আৰু তীব্ৰ বিষৰ কাৰণ কি ধৰা পেলাবলৈ তলপেটৰ আলট্ৰাচাউণ্ডৰ কথা ডাক্তৰে কৈছিল। তাৰবাবে মীনুৱে অলপ পইছা বচাব লাগিব।

তেতিয়ালৈ তাই গধুৰ বস্তু দাঙিব নোৱাৰে আৰু সঘনে জীৰাব লাগিব।

সেই অঞ্চলত স্বাস্থ্যসেৱা লাভৰ তিতা-কেহা অভিজ্ঞতা মহিলাসকলৰ মাজত তেনেই গতানুগতিক কথা। ভাৰতৰ সুন্দৰবন অঞ্চলৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ ২০১৬ৰ এক অধ্যয়নত কোৱা হৈছে যে তাৰে বাসিন্দাসকলে স্বাস্থ্যসেৱাৰ সুবিধা নাপায়। ৰাজহুৱা স্বাস্থ্যসেৱাৰ সুবিধা থকা কেন্দ্ৰবোৰ “বাস্তৱত নাই নাইবা বন্ধ হৈ আছে”, চলি থকাবোৰ আকৌ যাতায়তৰ সুবিধাই ঢুকি নাপায়। এই অভাৱ দূৰ কৰিছে স্বাস্থ্যসেৱা যোগান ধৰা অসংগঠিত কেন্দ্ৰবোৰে, “স্বাভাৱিক দিন আৰু জলবায়ু সংকটৰ সময়ত সেই কেন্দ্ৰবোৰেই একমাত্ৰ সম্বল,” আৰ.এম.পি.ৰ সামাজিক নেটৱৰ্ক পৰীক্ষা কৰা অধ্যয়নটোত এইকথা কোৱা হৈছে।

*****

এয়াই মীনুৰ প্ৰথম জটিল স্বাস্থ্যসমস্যা নাছিল। ২০১৮ত তাইৰ গোটেই গাতে খজুৱতি হৈছিল। ভৰি-হাত, বুকু আৰু মুখত ৰঙা ৰঙা ফোঁহা ওলাইছিল, হাত-ভৰি ফুলিছিল। তাতে আকৌ গৰমত খজুৱতি বাঢ়িছিল। ডাক্তৰক দেখুওৱা আৰু দৰৱৰ নামত পৰিয়ালটোৰ ২০ হাজাৰমান টকা খৰছ হৈছিল।

“এবছৰমান হস্পিটেললৈ মাকো মৰাটোৱে মোৰ জীৱন হৈ পৰিছিল,” তাই কয়। বৰ ধীৰে ধীৰে তাই আৰোগ্যলাভ কৰিছিল। ছালৰ ৰোগ আকৌ ঘূৰি আহিব বুলি তাইৰ মনত ভয় সোমাইছিল।

The high salinity of water is one of the major causes of gynaecological problems in these low-lying islands in the Bay of Bengal
PHOTO • Ritayan Mukherjee

বংগ উপত্যকাৰ এই নিম্ন উচ্চতাত থকা দ্বীপবোৰত মহিলাৰ বিভিন্ন ৰোগৰ ঘাই কাৰণ হৈছে লুণীয়া পানী

মীনুৰ বসতিস্থলৰ পৰা ১০ কিলোমিটাৰ মান দূৰত্বত ৰজত জুবিলি গাঁৱৰ ৫১ বছৰীয়া আলাপি মণ্ডলৰো আচৰিত ধৰণে একেটাই কাহিনী। “তিনি কি চাৰি বছৰ আগতে মোৰ গোটেই গাতে খজুৱতি হৈছিল, কেতিয়াবা ইমান বেছি হৈছিল যে খজুৱালে পূঁজ ওলাইছিল, একেই সমস্যাৰ সন্মুখীন হোৱা আন মহিলাক মই চিনি পাওঁ। এটা সময়ত আমাৰ গাঁৱকে ধৰি চুবুৰীয়া প্ৰতিখন গাঁৱতে প্ৰতিঘৰ মানুহৰে কিবা নহয় কিবা ধৰণৰ ছালৰ সমস্যাই দেখা দিছিল। কিবা ভাইৰাছৰ কাৰণে এনে হোৱা বুলি ডাক্তৰে আমাক কৈছিল।”

প্ৰায় এবছৰলৈ দৰৱ খোৱাৰ পিছত মাছমৰীয়া আলাপি অকণমান সুস্থ হৈছে। তাই সোণাৰপুৰ ব্লকৰ ব্যক্তিগত কিন্তু দাতব্য ক্লিনিকখনত কেৱল দুটকাতে ডাক্তৰক দেখুৱাব পাৰিলে ঠিকেই, কিন্তু দৰৱবোৰ মহঙা আছিল। তাইৰ চিকিৎসাৰ নামত পৰিয়ালৰ ১৩,০০০ টকা খৰছ হ’ল। অহা-যোৱা কৰিবলৈ ৪-৫ ঘণ্টা লাগিছিল। তাইৰ নিজৰ গাওঁখনত এখন সৰু চৰকাৰী ক্লিনিক নথকা নহয়, কিন্তু সেইখন থকাৰ কথা তাই আগতে নাজানিছিল।

“মোৰ ছালৰ সমস্যা বাঢ়িব ধৰিলে, মাছ মাৰিবলৈ যোৱা এৰিলো,” তাই কয়। আগতে ডিঙিলৈকে অহা নদীৰ পানীত নামি তেওঁ জাল টানি টাইগাৰ প্ৰ’ন (ডাঙৰ প্ৰজাতিৰ মিছামাছ) ধৰিছিল। তাই সেই কামক বিদায় দিবলগীয়া হ’ল।

ৰজত জুবিলি গাঁৱৰ বহুতৰে ছালৰ সমস্যা হৈছে। সুন্দৰবনৰ লুণীয়া পানীকেই তেওঁলোকে ইয়াৰ বাবে দোষ দিয়ে।

PHOTO • Labani Jangi

এয়াই মীনুৰ প্ৰথম জটিল স্বাস্থ্যসমস্যা নাছিল। ২০১৮ত তাইৰ গোটেই গাতে খজুৱতি হৈছিল। ভৰি-হাত, বুকু আৰু মুখত ৰঙা ৰঙা ফোঁহা ওলাইছিল, হাত-ভৰি ফুলিছিল

প’ণ্ড ইক’চিষ্টেমচ্ অৱ দি ইণ্ডিয়ান সুন্দৰবন গ্ৰন্থখনত গ্ৰামীণ জীৱিকাৰ ওপৰত পানীৰ গুণাগুণৰ প্ৰভাৱৰ বিষয়ে এক প্ৰৱন্ধত সৌৰভ দাসে লিখিছে যে লুণীয়া পানী ৰন্ধা-বঢ়া, গা ধোৱা আৰু কাপোৰ ধোৱা আদি কামত ব্যৱহাৰ কৰাৰ ফলত মহিলাই ছালৰ ৰোগত ভূগি আহিছে। মিছামাছৰ পোনা ধৰিবলৈ যোৱা মাছমৰীয়াই নদীৰ লুণীয়া পানীত দিনে ৪ৰ পৰা ৬ ঘণ্টা সময় কটায়। “লুণীয়া পানী ব্যৱহাৰ কৰা কাৰণে তেওঁলোকে প্ৰজননতন্ত্ৰৰো সংক্ৰমণত ভোগে,” তেওঁ লিখিছে।

সাগৰপৃষ্ঠৰ উচ্চতা বঢ়া, সঘনাই অহা ঘূৰ্ণীবতাহ আৰু ধুমুহা - জলবায়ু পৰিৱৰ্তনৰ এই সকলো অশুভ লক্ষণৰ ফলত পানীৰ লুণীয়া গুণ অস্বাভাৱিক ধৰণে বাঢ়ি অহা বুলি গৱেষণাত ধৰা পৰিছে। তাৰোপৰি মিছামাছৰ কৃত্ৰিম খেতি আৰু জলাহবনৰ আচ্ছাদন কমি অহাটোও ইয়াৰ কাৰণ বুলি গৱেষণাত কোৱা হৈছে। খোৱাপানীকে ধৰি পানীৰ সকলো উৎস লুণীয়া পানীৰে দূষিত হোৱাটো এছিয়াৰ ডাঙৰ ডাঙৰ বদ্বীপবোৰৰ গতানুগতিক ঘটনা হৈ পৰিছে।

“সুন্দৰবনত পানী অতিকৈ লুণীয়া হোৱাটো প্ৰসূতিজনিত ৰোগৰ ঘাই কাৰণ, বিশেষকৈ মূত্ৰবাহী নলীৰ বহল অংশ ৰঙা পৰি ফুলি যোৱা ৰোগৰ বৰ্দ্ধিত হাৰৰ বাবে ই দায়ী,” কলিকতাৰ আৰ.জি. কাৰ মেডিকেল কলেজ আৰু হস্পিটেলত অনুশীলনৰত আৰু সুন্দৰবনৰ বিভিন্ন স্থানত চিকিৎসা শিবিৰ চলাই অহা ডা. শ্যামল চক্ৰৱৰ্ত্তীয়ে কয়। “কিন্তু লুণীয়া পানীয়ে একমাত্ৰ কাৰণ নহয়। আৰ্থ-সামাজিক স্থিতি, পৰিস্থিতিতন্ত্ৰ, প্লাষ্টিকৰ ব্যৱহাৰ, স্বাস্থ্যবিধি, পুষ্টি আৰু স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ ব্যৱস্থা আদি সকলোবোৰৰে এইবোৰত লক্ষণীয় ভূমিকা আছে।”

এক আন্তৰাষ্ট্ৰীয় মিডিয়া সাহায্য সংস্থা ইণ্টাৰনিউজৰ জেষ্ঠ্য স্বাস্থ্য মিডিয়া পৰামৰ্শদাতা ডা. জয়া শ্ৰীধৰে কয় যে এই অঞ্চলৰ মহিলাসকলে, বিশেষকৈ মিছামাছৰ খেতি কৰাসকলে দিনে ৪ৰ পৰা ৭ ঘণ্টা সময়ত লুণীয়া পানীৰ সংস্পৰ্শত থাকে। এনেদৰে তেওঁলোক গ্ৰহণী, ডায়েৰিয়া, ছালৰ ৰোগ, হৃদপেশীজনিত ৰোগ, তলপেটৰ বিষ, গেষ্ট্ৰিক আলচাৰ আদি বিভিন্ন যন্ত্ৰণাৰ সন্মুখীন হ’বলগীয়াত পৰে। লুণীয়া পানীৰ ফলত বিশেষকৈ মহিলাৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপজনিত সমস্যা দেখা যায়, ইয়ে তেওঁলোকৰ গৰ্ভধাৰণৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰে আৰু কেতিয়াবা গৰ্ভপাতো হয়।

Saline water in sundarbans
PHOTO • Urvashi Sarkar
Sundarbans
PHOTO • Urvashi Sarkar

সুন্দৰবনত অধিক মাত্ৰাৰ লুণীয়া পানীৰ কাৰণে মহিলাসকলৰ সহজেই বিভিন্ন ছালৰ ৰোগ হয়

*****

সুন্দৰবনৰ ১৫ৰ পৰা ৫৯ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত বেমাৰ-আজাৰৰ আধিক্য পুৰুষৰ তুলনাত মহিলাৰ বেছি, এয়া ২০১০ৰ এক অধ্যয়নৰ তথ্য।

দক্ষিণ ২৪ পৰগনাৰ চাউদাৰ্ণ হেলথ্ ইমপ্ৰুভমেণ্ট সমিতি নামে বেচৰকাৰী সংস্থা এটাই গ্ৰামাঞ্চলত স্বাস্থ্যসেৱা উপলব্ধ কৰোৱাৰ উদ্দেশ্যে পৰিচালনা কৰা ভ্ৰাম্যমাণ মেডিকেল গোট এটাৰ সমন্বয়ক অননাৰুল আলমে কয় যে তেওঁলোকে সুন্দৰবনত গাঁৱে গাঁৱে ভ্ৰমি সপ্তাহত ৪০০ৰ পৰা ৪৫০ ৰোগী চায়। তাৰে ৬০ শতাংশই মহিলা, বহুতেই ছালৰ ৰোগ, লিউকোৰিয়া (যোনিয়েদি বগাস্ৰাৱ ওলোৱা), ৰক্তহীনতা আৰু এমেনোৰিয়া (মাহেকীয়া নোহোৱা বা অনিয়মীয়া ঋতুস্ৰাৱ)ত ভূগি আছে।

আলমে কয় যে মহিলা ৰোগীসকল পুষ্টিহীনতাত ভূগি আছে। “দ্বীপবোৰলৈ অনা প্ৰায়ভাগ ফল-মূল আৰু শাক-পাচলি স্থানীয়ভাৱে উৎপাদিত নোহোৱা। সকলোৰে সেয়া কিনিবলৈ সামৰ্থ্য নাই। গ্ৰীষ্মকালত বৰ্দ্ধিত উষ্ণতা আৰু অলুণীয়া পানীৰ নাটনি এই ৰোগবোৰৰ অন্যতম কাৰণ,” তেওঁ কয়।

মীনু আৰু আলাপিয়ে সদায় দাইল-ভাত, আলু আৰু মাছেই খায়। নিজে উৎপাদন নকৰা হেতুকে তেওঁলোকে শাক-পাচলি আৰু ফল-মূল খুব কমেই খায়। মীনুৰ দৰে আলাপিও ইটো-সিটো নানানটা ৰোগত ভূগি আছে।

PHOTO • Labani Jangi

সাগৰপৃষ্ঠৰ উচ্চতা বঢ়া, সঘনাই অহা ঘূৰ্ণীবতাহ আৰু ধুমুহা - জলবায়ু পৰিৱৰ্তনৰ এই সকলো অশুভ লক্ষণৰ ফলত পানীৰ লুণীয়া গুণ অস্বাভাৱিক ধৰণে বাঢ়ি আহিছে

পাঁচ বছৰ আগতে হোৱা অতিমাত্ৰা ৰক্তক্ষৰণৰ কথা আলাপিয়ে মনত পেলাইছে। “চন’গ্ৰাফী কৰোঁতে জৰায়ুত টেমুনা এটা ধৰা পৰাৰ পিছত তিনিবাৰকৈ চাৰ্জাৰি কৰি মোৰ জৰায়ু আঁতৰাবলগীয়া হৈছিল। মোৰ পৰিয়ালটোৰ অতিকমেও ৫০,০০০ টকা খৰছ হৈছিল,” তাই কয়। প্ৰথমটো চাৰ্জাৰিত এপেণ্ডিক্স আঁতৰোৱা হৈছিল, আন দুটা জৰায়ুচ্ছেদনৰ কাৰণে কৰা হৈছিল।

জৰায়ুচ্ছেদনৰ কাৰণে চুবুৰীয়া বসন্তি ব্লকৰ সোণাখালি গাঁৱত থকা ব্যক্তিগত হস্পিটেলখনলৈ আলাপিৰ যাত্ৰাপথ আছিল দীঘলীয়া। ৰজত জুবিলি গাঁৱৰ পৰা তাই গোচাবাৰ ফেৰিঘাটলৈ নাৱেৰে যাবলগীয়া হৈছিল। তাৰপৰা গড়খালি গাঁৱৰ ফেৰিঘাটলৈ আন এখন নাও। শেষত তাৰপৰা বাছ নাইবা শ্বেয়াৰ কৰি ভেন লৈ সোণাখালিলৈ গৈছিল। গোটেই ভ্ৰমণটোত ২ৰ পৰা ৩ ঘণ্টা সময় লাগিছিল।

আলাপিৰ পুত্ৰ-জীয়াৰীদ্বয়ে গাওঁখনৰ অতিকমেও চাৰি-পাঁচগৰাকী মহিলাক চিনি পায় যাৰ সম্পূৰ্ণৰূপে জৰায়ুচ্ছেদন কৰা হৈছে।

তাৰে মাজৰ এগৰাকী বাসন্তি মণ্ডল, ৪০ বছৰীয়া এগৰাকী মাছমৰীয়া। “ডাক্তৰে ক’লে যে মোৰ জৰায়ুত টেমুনা এটা হৈছে। আগতে মাছ মাৰিবলৈ যাবলৈ মোৰ গাত বহুত শক্তি আছিল। কঠোৰ পৰিশ্ৰম কৰিব পাৰিছিলো,” তিনি সন্তানৰ মাতৃ বাসন্তিয়ে কয়। “জৰায়ু আঁতৰোৱাৰ পিছৰে পৰা মই গাত বল নোপোৱা হ’লো।” ব্যক্তিগত চিকিৎসালয়ত তাইৰ ৪০ হাজাৰ টকা খৰছ হৈছিল।

৪ৰ্থ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (২০১৫-১৬)ত উল্লেখ কৰা হৈছে যে গ্ৰামীণ পশ্চিমবংগৰ ১৫ৰ পৰা ৪৯ বছৰ বয়সৰ ২.১ শতাংশ মহিলাই জৰায়ুচ্ছেদন কৰাইছে। পশ্চিমবংগৰ নগৰাঞ্চলত এই হাৰ তাতকৈ কম, ১.৯ শতাংশ (সৰ্বভাৰতীয় পৰ্য্যায়ত এই হাৰ ৩.২ শতাংশ)।

For women in the Sundarbans, their multiple health problems are compounded by the difficulties in accessing healthcare
PHOTO • Urvashi Sarkar

সুন্দৰবনৰ মহিলাৰ ইটো-সিটো নানানটা স্বাস্থ্যসমস্যা আছেই, সেয়া আকৌ স্বাস্থ্যসেৱাৰ সুবিধা আৰু আন্তঃগাঁথনিৰ অভাৱে সেই সমস্যাবোৰ অধিক জটিল কৰি তুলিছে

বাংলা দৈনিক আনন্দবাজাৰ পত্ৰিকাত ২০২১ৰ ছেপ্টেম্বৰত প্ৰকাশিত এটা ষ্ট’ৰিত সাংবাদিক স্বাতী ভট্টাচাৰ্য্যই লিখিছে যে যোনিৰ সংক্ৰমণ, অত্যধিক ৰক্তক্ষৰণ বা অনিয়মীয়া ৰক্তস্ৰাৱ, যৌন সম্ভোগত কষ্ট পোৱা বা শ্ৰোণিপ্ৰদাহৰ কাৰণে ২৬ৰ পৰা ৩৬ বছৰ বয়সৰ মহিলাইও চাৰ্জাৰি কৰাই জৰায়ু আঁতৰাবলগীয়া হৈছে।

অৰ্হতা নথকা চিকিৎসকে এইসকল মহিলাক জৰায়ুৰ টেমুনা থকা বুলি ভয় খুৱাই তেওঁলোকক ব্যক্তিগত চিকিৎসালয়ত জৰায়ুচ্ছেদন কৰাবলৈ কয়। ভট্টাচাৰ্য্যই কোৱা মতে ব্যক্তিগত মুনাফাখোৰ ক্লিনিকবোৰে চৰকাৰে হিতাধিকাৰী পৰিয়াললৈ আগবঢ়োৱা ৫ লাখ টকালৈ স্বাস্থ্যসুৰক্ষা দিয়া স্বাস্থ্য চাথি বীমাৰ ধনৰ সুযোগ লয়।

স্বাস্থ্যসেৱাৰ সুবিধা উপলব্ধ নোহোৱাটোৱে মীনু, আলাপি আৰু বাসন্তিৰ দৰে সুন্দৰবনৰ লাখ লাখ মহিলাৰ যৌন আৰু প্ৰজনন সম্বন্ধীয় স্বাস্থ্যৰ সমস্যা অধিক জটিল কৰি তুলিছে।

জৰায়ুচ্ছেদন কৰাবলৈ গোচাবা ব্লকৰ পৰা বাসন্তিয়ে পাঁচ ঘণ্টাৰ বাট অতিক্ৰম কৰিবলগীয়া হৈছিল। “চৰকাৰে কিয় বেছিকৈ হস্পিটেল আৰু নাৰ্ছি হোম সাজিব নোৱাৰে? আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ?” তাই প্ৰশ্ন কৰে। “দুখীয়া হ’লেও আমি মৰিব নিবিচাৰো।”

গোপনীয়তা ৰক্ষাৰ হেতুকে মীনু আৰু বাপ্পা চৰ্দাৰ আৰু তেওঁলোকৰ বসতিস্থলৰ নাম সলনি কৰা হৈছে।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদ: পংকজ দাস

Urvashi Sarkar is an independent journalist and a 2016 PARI Fellow.

Other stories by Urvashi Sarkar
Illustrations : Labani Jangi

Labani Jangi is a 2020 PARI Fellow, and a self-taught painter based in West Bengal's Nadia district. She is working towards a PhD on labour migrations at the Centre for Studies in Social Sciences, Kolkata.

Other stories by Labani Jangi
Photographs : Ritayan Mukherjee

Ritayan Mukherjee is a Kolkata-based photographer and a 2016 PARI Fellow. He is working on a long-term project that documents the lives of pastoral nomadic communities of the Tibetan Plateau.

Other stories by Ritayan Mukherjee
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das