“সিদিনা মোৰ সন্তানটো বাচিব নে নাই মই নিশ্চিত হ’ব পৰা নাছিলো। মোৰ জল ভাঙিছিল। কোনো হস্পিতেল নাছিল, কোনো স্বাস্থ্যকৰ্মীও নাছিল। চিমলাৰ এখন হস্পিতেললৈ যোৱাৰ বাটতে চলন্ত বলেৰ’ এখনতে মোৰ প্ৰসৱ বেদনা আৰম্ভ হৈছিল। মই আৰু ৰ’ব নোৱাৰিলো। তাতেই, বলেৰ’খনৰ ভিতৰতে সন্তান প্ৰসৱ কৰিলো।” সেই ঘটনাৰ ছটা মাহৰ পিছত যেতিয়া এইজন প্ৰতিবেদকে তেওঁক ২০২২ৰ এপ্ৰিলত লগ পাওঁ, অনুৰাধা মাহাতো (নাম সলনি কৰা হৈছে)য়ে তেওঁৰ কোলাত সন্তানটো লৈ বহি আছে। সেই দিনটো তেওঁৰ ভালকৈয়ে মনত আছে।
“সেইদিনা আবেলি তিনি বাজিছল। মোৰ জল ভঙাৰ লগে লগে স্বামীয়ে আশা বাইদেউক খবৰ দিয়ে। বাইদেউ ১৫/২০ মিনিটত উপস্থিত হয়। ততালিকে তেওঁ এখন এম্বুলেন্সৰ কাৰণে কল কৰা মোৰ মনত আছে। সেইদিনা বৰষুণ দি আছিল। এম্বুলেন্সখনে ১০ মিনিটতে যাত্ৰা কৰিব বুলি কৈছিল যদিও আমাৰ ইয়ালৈ এম্বুলেন্স আহি পাওঁতে অতিকমেও এঘণ্টা লাগে,” বৰষুণ দিলে ৰাস্তা আৰু বেছি ভয়ংকৰ হৈ পৰে, একুৰিৰ বেছি বয়সৰ অনুৰাধাই কয়।
তেওঁ তেওঁৰ তিনি সন্তান আৰু প্ৰব্ৰজনকাৰী শ্ৰমিক স্বামীৰ সৈতে হিমাচল প্ৰদেশৰ কৌটি গাঁৱৰ পাহাৰীয়া এলেকাৰ এটা অস্থায়ী জুপুৰীত থাকে। পৰিয়ালটোৰ আচল ঘৰ আছিল বিহাৰৰ ভগলপুৰ জিলাৰ গোপালপুৰত।
অনুৰাধাই ২০২০ত চিমলাৰ মশুৰবা উন্নয়ন খণ্ডৰ কৌটি গাঁৱত তেওঁৰ স্বামীৰ সৈতে থাকিবলৈ আহে। “পইচাৰ নাটনিৰ বাবেই আমি গাওঁ (বিহাৰৰ) এৰি ইয়ালৈ গুছি আহিবলগীয়া হ’ল,” তেওঁ কয়। তেওঁৰ গিৰীয়েক ৰাম মাহাতো (নাম সলনি কৰা হৈছে)য়ে নিৰ্মাণ চাইট এটাত মেচনৰ কাম কৰে আৰু য’তেই কাম থাকে, তালৈ যাব লাগে। বৰ্তমান তেওঁ তেওঁলোকৰ জুপুৰীটোৰ সন্মুখতে থকা চাইট এটাত কাম কৰি আছে।
সাধাৰণ দিন এটাতো এম্বুলেন্স এখন তেওঁলোকৰ থকা ঠাইলৈ অহাটো বৰ কঠিন। তেওঁলোকে যদি আকৌ চিমলাৰ জিলা সদৰত থকা কমলা নেহৰু হস্পিতেললৈ আহিব লাগে, কৌটিৰ পৰা ৩০ কিলোমিটাৰ দূৰত থকা সেই হস্পিতেলখন পাবলৈ ডেৰ-দুই ঘণ্টা লাগিব। তাতে যদি বৰষুণ দি থাকে আৰু তুষাৰপাত হয়, তেন্তে দুগুণ সময় লাগে।










