সোমবাৰে সদৰ চহৰখনৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো পুৱা খোলাৰ কেইমিনিটমান পিছতে সুনীতাই নিজৰ স্বামীৰ সৈতে তাত উপস্থিত হয়। এগৰাকী এএনএম-য়ে সুনীতাক প্ৰসূতি ৱাৰ্ডলৈ নিয়াৰ ঠিক পিছতেই দম্পত্তিহালে স্বাস্থ্যকেন্দ্ৰ এৰি যায়। “ইয়াত কেনেকৈ প্ৰসৱ কৰোৱা হ’ব, ঠাইখন বহুত লেতেৰা,” সুনীতাই ৰিক্সা এখনত উঠি যাবলৈ ধৰাৰ সময়ত কৈ যায়।
“তাইৰ আজি প্ৰসৱৰ দিন, এতিয়া আমি ব্যক্তিগত চিকিৎসালয়লৈ যাব লাগিব,” ৰিক্সাখন যোৱাৰ সময়ত তেওঁৰ স্বামী অমৰ দত্তই কয়। সুনীতাই সেই স্বাস্থ্যকেন্দ্ৰটোতে তৃতীয়টো সন্তান জন্ম দিছিল। কিন্তু এইবাৰ তাই চতুৰ্থটো সন্তানৰ বাবে আন হস্পিতাললৈ যাবলগীয়া হৈছে।
কালিৰ জটিল প্ৰসৱ এটা কৰোৱাৰ সময়ত মজিয়াত লগা তেজৰ দাগবোৰ চাফা কৰিবলৈ আছে, পুৱা ১১ বজাত সদৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত চাফাইকৰ্মীজন আহি পোৱা নাই।
“মই মোৰ স্বামীয়ে মোক লৈ যোৱালৈ অপেক্ষা কৰিছো। মোৰ ডিউটি শেষ হৈছে। ৰাতিৰ ডিউটি আছিল আৰু কোনো ৰোগী নাছিল যদিও মই মহৰ উৎপাতত শুব পৰা নাছিলো,” ৪৩ বছৰ বয়সীয়া পুষ্পা দেৱীয়ে কয় (নাম সলনি কৰা হৈছে)। পুষ্পাই বিহাৰৰ দাৰভাঙা জিলাৰ সদৰ চহৰখনৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত এএনএম নাৰ্ছ হিচাপে কাম কৰে। তেওঁ এএনএমৰ বাবে ৰখা চকীখনত বহি কাৰ্য্যালয়ৰ ভিতৰতে আমাৰ লগত কথা পাতিলে। চকীখনৰ পিছফালে থকা মেজখনত কিছু কাগজ সিঁচৰিত হৈ আছে আৰু কাঠৰ বিচনা এখন আছে। এই বিচনাখনতে পুষ্পাই অশান্তিত ৰাতি কটাইছে।
এসময়ৰ গুলপীয়া আঠুৱাখন মলিন হৈ পৰিছে, সহজেই মহ-ডাঁহ সোমাব পৰাকৈ আঠুৱাখনত যেনিয়ে-তেনিয়ে ফুটা আছে। বিচনাখনৰ তুলি-গাৰু আদি মেৰিয়াই এফালে থৈ দিয়া আছে, পিছদিনা ৰাতিৰ ডিউটি থকা এএনএমগৰাকীয়ে সেইখন ব্যৱহাৰ কৰিব।







