“স্কুলত যি শিকো, ঘৰত তাৰে একেবাৰে বিপৰীত দৃশ্য দেখো।”
পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডৰ ৰাজপুত সম্প্ৰদায়ৰ ১৬ বছৰীয়া এয়া স্কুলীয়া ছাত্ৰী প্ৰিয়া। মাহেকীয়া হোৱাৰ সময়ত ঘৰত বলপূৰ্বকভাৱে তাইৰ ওপৰত জাপি দিয়া কটকটীয়া নিয়মৰ কথা তাই কৈছে। “দুখ যেন সম্পূৰ্ণ বিপৰীত জগত। ঘৰত মই নিজকে একাষৰীয়াকৈ ৰাখি নিয়ম-নীতি অনুসৰণ কৰিব লাগে, আনফালে স্কুলত আমাক আকৌ পুৰুষ-মহিলা সমান বুলি শিকায়,” তাই কয়।
একাদশ শ্ৰেণীত পঢ়ি থকা প্ৰিয়াৰ স্কুলখন নানাকমাট্টা চহৰত, তাইৰ গাঁৱৰ পৰা তালৈ সাত কিলোমিটাৰ দূৰত্ব। তাই সদায় চাইকেল চলাই অহা-যোৱা কৰে। ভাল ছাত্ৰী হিচাপে তাই নিজকে সেইটো বিষয়ত জানিবলৈ চেষ্টা কৰিছিল। “কিতাপৰ পৰা পঢ়ি শিকিছিলো আৰু ইটো কৰিম, সিটো কৰিম বুলি ভাবিছিলো। ভাবিছিলো, সমাজখন সলনি কৰিম। কিন্তু পৰিয়ালৰ মানুহকে বুজাব নোৱাৰিলো যে সেই নিয়মবোৰৰ একো মূল্য নাই। সিহঁতৰ লগতে দিনে-ৰাতিয়ে থাকো, কিন্তু এই কথাবোৰ বুজাব নোৱাৰো,” তাই কয়।
নিয়ম-নীতিক লৈ তাইৰ সংকোচ আৰু অসহজবোধ এতিয়াও মাৰ যোৱা নাই যদিও তাই মাক-দেউতাকৰ কথামতেই চলিবলগীয়া হয়।
প্ৰিয়া আৰু তাইৰ পৰিয়ালটো তেৰাই (নামনি) অঞ্চলত থাকে, ৰাজ্যখনৰ সেয়া আটাইতকৈ বেছি উৎপাদন হোৱা ঠাই (২০১১ৰ লোকপিয়ল)। অঞ্চলটোত তিনিটা ঋতুত খেতি হয় – খাৰিফ, ৰবি আৰু জায়দ। বেছিভাগ লোকেই কৃষিকাৰ্য্য আৰু পশুপালনত নিয়োজিত। গৰু-ম’হেই ঘাইকৈ তেওঁলোকে পোহে।











