‘বন্ধ্যাকৰণ তিনিটা পৰ্যায়ত শেষ হয়, ছেদন কৰা, সেয়া বন্ধ কৰা আৰু লেপাৰোস্কপিক আহিলাৰে ফেলপিয়ান জনননলীৰ কাম কৰা, তাৰ বাবে ভাল পোহৰৰ প্ৰয়োজন,’ গোস্বামীয়ে কয়। উজ্বল আবেলিৰ বেলিটো লাহে লাহে স্তিমিত হৈ আহিছে। কোঠালীটোৰ পোহৰ কমি আহিছে। তথাপি কোনোৱে জৰুৰীকালীন পোহৰৰ ব্যৱস্থাৰ বাবে চুইচটো টিপি দিয়া নাই।
পাঁচ মিনিটতকৈও কম সময়ত ডাক্তৰে এখন টেবুলত কাম শেষ কৰি আন এখন টেবুললৈ আগবাঢ়িল। ‘হৈ গ’ল!’ তেওঁ ক’লে। ওচৰতে ৰৈ থকা এটেণ্ডেণ্টগৰাকী আৰু আশা কৰ্মীগৰাকীয়ে মহিলাগৰাকীক টেবুলখনৰ পৰা নমাত সহায় কৰি দিলে আৰু দ্বিতীয়টো গোটক সাজু কৰিলে।
কাষৰে কোঠাটোত তুলি পাৰি থোৱা আছিল। হালধীয়া ৰঙৰ বেৰকেইখন সেমেকি আছিল আৰু শেলুৱৈ ধৰিছিল। কাষৰে শৌচাগাৰটোৰ পৰা চেঁচুকীয়া গোন্ধ এটা আহি নাকত লাগিছিল। প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত নেহাক তাতে শুৱাই থোৱা হ’ল। এম্বুলেন্স অহালৈ অপেক্ষা কৰা হ’ল। আধা ঘণ্টা পিছত অহা এম্বুলেন্সখনত উঠাই দিয়াৰ সময়ত তাই প্ৰকৃতিস্থ হৈ উঠা নাছিল। বোধকৰো সকলো ইমান ততালিকে কৰাৰ কাৰণে তেনে হৈছিল, নাইবা তাইক ভালদৰে চেতনানাশক দিয়া হোৱা নাছিল।
শাহুৱেকৰ সৈতে নেহা ঘৰ পোৱা সময়ত আকাশে সিহঁতৰ কাৰণে অপেক্ষা কৰি আছিল। ‘পুৰুষবোৰে ধৰলৈ অহাৰ সময়ত সিহঁতৰ মাক, ঘৈণী, ল’ৰা-ছোৱালী, কুকুৰ আদি সকলোৱে অপেক্ষা কৰি থকাটো বিচাৰে, কিন্তু নিজে নকৰে,’ শাহুৱেকে ক’লে। কৈয়েই তেওঁ ঘৰৰ এচুকত থকা পাকঘৰত নেহাৰ কাৰণে চাহ কৰিবলৈ গ’ল।
‘বেজী দিয়াৰ পিছতো বিষাই আছিল,’ তাই পেটৰ কটা অংশত লগোৱা চাৰিকোণীয়া বেণ্ডেজত ধৰি ক’লে।
দুদিন পিছত, নেহা পাকঘৰত সোমাল। তপিনা পাৰি বহি ভাত ৰন্ধাত লাগিল। বেণ্ডেজ তেতিয়াও পেটত লাগিয়েই আছিল। অসুস্থতাৰ ভাৱ এটা তাইৰ মুখত তেতিয়াও লাগি আছিল। চিলাইবোৰ তেতিয়াও শুকোৱা নাছিল। ‘কিন্তু সমস্যাৰ ওৰ পৰিল,’ তাই কয়।
প্ৰচ্ছদ সচিত্ৰকৰণঃ প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]
অনুবাদঃ পংকজ দাস