ফৰকাল আকাশ। চোকা ৰ’দ। ৩৯ বৰ্ষীয় সুনীতা ৰাণীয়ে প্ৰায় ৩০ গৰাকী মহিলাৰ এটা গোটৰ সৈতে কথা পাতি আছে আৰু তেওঁলোকক নিজৰ অধিকাৰৰ কাৰণে ঘৰৰ পৰা দলে-বলে ওলাই অনিশ্চিতকাললৈ অনশনত বহিবলৈ উৎসাহ যোগাইছে। ‘নিশ্চিত কাম, অনিশ্চিত মজুৰী’ এইবুলি সুনীতাই মাত মাতিছে। ‘নচলিব, নচলিব,’ বুলি আন মহিলাসকলে সাজোৰে চিঞৰিছে।
সোণিপত চহৰত, দিল্লী-হাৰিয়ানা ৰাষ্ট্ৰীয় ঘাইপথৰ অসামৰিক চিকিৎসালয়ৰ বাহিৰত ঘাঁহনিত ৰঙা পোচাকত-হাৰিয়ানাত সেয়াই তেওঁলোকৰ ইউনিফৰ্ম- এই মহিলাসকলে এখন তিৰ্পাল পাৰি বহি সুনীতাৰ কথা শুনিছে। তাতে তেওঁ আটায়ে জনা ওজৰ-আপত্তিৰ কথা আলোচনা কৰিছে।
এই সকলো মহিলা আশাকৰ্মী, অৰ্থাৎ স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্য়কৰ্মী। তেওঁলোক ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযান (এন.আৰ.এইচ.এম.)ৰ পদাতিক সেনা আৰু গ্ৰামীণ জনতাক দেশৰ সাৰ্বজনীন স্বাস্থ্য প্ৰণালীৰ সৈতে যোগসূত্ৰ স্থাপন কৰা গুৰুত্বপূৰ্ণ সত্তা। দেশত ১০ লাখৰো অধিক আশাকৰ্মী আছে আৰু তেওঁলোক প্ৰায়ে স্বাস্থ্য সম্বন্ধীয় আৱশ্যকতা আৰু জৰুৰীকালীন স্থিতিত হাজিৰ হোৱা প্ৰথম শাৰীৰ স্বাস্থ্যসেৱা কৰ্মী।
তেওঁলোকে ১২ টা প্ৰাথমিক আৰু ৬০ টাৰো অধিক উপ-কাৰ্যালয়ত মাকো মৰা কাম কৰিবলগীয়া হয়। তাতে পৰিপুষ্টি, স্বচ্ছতা আৰু সংক্ৰামক ৰোগৰ বিষয়ে তথ্য প্ৰচাৰৰ লগতে যক্ষ্মা ৰোগীৰ চিকিৎসাৰ ওপৰত নজৰ ৰখা আৰু স্বাস্থ্য সুচাংকৰ ৰেকৰ্ড ৰখাৰো কামো তেওঁলোকে কৰে।
ইয়াৰ লগতে আন ভালেমান কাম তেওঁলোকে কৰে। কিন্তু সুনীতাই কয়, ‘কিন্তু এইবোৰৰ মাজতে এটা কাম ৰৈ গৈছে যিটোৰ কাৰণে আমাক প্ৰশিক্ষণ দিয়া হৈছে। সেয়া হৈছে মাতৃ আৰু নৱজাতকৰ স্বাস্থ্য ভাললৈ অনা।’ সুনীতাই সোণিপত জিলাৰ নাথুপুৰ গাঁৱত কাম কৰে। তেওঁ গাওঁখনৰ তিনিগৰাকী আশাকৰ্মীসকলৰ মাজৰ এজন। তেওঁৰ ওপৰত ২৯৫৩ৰো অধিক লোকৰ স্বাস্থ্যৰ খতিয়ান ৰখাৰ দায়িত্ব।








