প্ৰতি মাহে তলপেটৰ এক তীব্ৰ বিষে গায়ত্ৰী কাচ্চাৰাবিক কোঙা কৰিবই। এয়া অৱধাৰিত। এটা বছৰ আগতেই তেওঁৰ মাহেকীয়া বন্ধ হৈছে, কিন্তু প্ৰতি মাহে এই তিনিটা দিনে তেওঁক সেই মাহেকীয়াৰ দিনকেইটাৰ কথা সোঁৱৰাই দিয়ে।
“তেনেকৈয়ে মোৰ মাহেকীয়া হয়, কিন্তু তেজ নাযায়,” গায়ত্ৰীয়ে কয়। “তিনিটা সন্তান জন্ম দিয়াৰ পিছত চাগে মোৰ দেহত মাহেকীয়া হ’ব পৰাকৈ তেজ নাথাকিল,” ২৮ বছৰ বয়সীয়া গায়ত্ৰীয়ে কয়। মাহেকীয়া নোহোৱা অৱস্থা, যাক এমেন’ৰিয়া বুলি কোৱা হয়, সিটো অৱস্থাৰ পিছতো তেওঁৰ প্ৰতি মাহে পেট আৰু পিঠিৰ বিষ বন্ধ নহ’ল। সেই বিষ সাংঘাতিক তীব্ৰ, যেন প্ৰসৱবেদনাহে- গায়ত্ৰীয়ে কয়। “মই আনকি উঠিব নোৱাৰা হৈ পৰো।”
গায়ত্ৰী ওখ আৰু ক্ষীণ, চকুকেইটা উজ্জ্বল আৰু তেওঁ ঢেক ধৰি কথা কয়। কৰ্ণাটকৰ হাভেৰি জিলাৰ ৰাণীবেন্নুৰ তালুকৰ অচুন্দি গাঁৱৰ দাঁতিত থকা দলিত সম্প্ৰদায় মাদিগাসকলৰ মাদিগাৰা কেৰি কলনিৰ কৃষিশ্ৰমিক গায়ত্ৰীও শস্যপথাৰৰ এগৰাকী পাকৈত পলিনেটৰ (হস্ত পৰাগসংযোগকাৰী)।
এটা বছৰ আগতে যেতিয়া প্ৰস্ৰাৱ কৰাটোও কষ্টকৰ হৈ পৰিল, তেওঁ ডাক্তৰৰ কাষ চাপিল। গাঁৱৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰৰ ব্যাদগিৰ প্ৰাইভেট ক্লিনিক এখনত তেওঁ দেখুৱালে।
















