কমলা যেতিয়া চতুৰ্থবাৰৰ বাবে গৰ্ভৱতী হ’ল, তেতিয়া এই সন্তানটো জন্ম নিদিয়াৰ কথা ভাবিলে। নিজৰ সৰু গাওঁখনৰ পৰা ৩০ কিলোমিটাৰ দূৰত থকা বেনুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আগতে কেতিয়াও যোৱা নাছিল। কমলাই মাথোন এবাৰ নিজৰ গাঁৱৰ বাহিৰৰ সাপ্তাহিক বজাৰখনলৈ গৈছিল, তেওঁ ক’লে। ‘এই ঠাইখনৰ বিষয়ে আনকি মই একো নাজানো, মোৰ স্বামীয়েহে পিছত এই কথা জানিবলৈ পাইছিল।’
গোণ্ড আদিবাসী সম্প্ৰদায়ৰ ৩০ বছৰীয়া কমলা আৰু তেওঁৰ ৩৫ বছৰীয়া স্বামী ৰবি (নাম সলনি কৰা হৈছে)য়ে প্ৰথমতে তেওঁলোকৰ গাঁৱৰ নাতিদূৰৰ এজন স্থানীয় চিকিৎসকৰ ওচৰলৈ গ’ল। ‘আমাৰ এজন বন্ধুৱে এই চিকিৎসকজনৰ কথা কৈছিল,’ কমলাই ক’লে। কমলাই এডোখৰ মাটিত শাক-পাচলিৰ খেতি কৰে আৰু ওচৰৰ হাটত বিক্ৰী কৰে, ৰবিয়ে মাণ্ডিত শ্ৰমিকৰ কাম কৰে। তদুপৰি ৰবিয়ে দুই ভাতৃৰ সৈতে তেওঁলোকৰ তিনি একৰ মাটিত ঘেঁহু আৰু গোমধানৰ খেতি কৰে। ঘাইপথৰ কাষত থকা ক্লিনিকখন, যিখনলৈ কমলাক যাবলৈ কোৱা হৈছিল, বিচাৰি উলিয়াবলৈ সহজ। তেওঁলোকে ‘চিকিৎসালয়’ বুলি কয়। ইয়াৰ প্ৰৱেশপথত চিকিৎসকৰ নাম লিখা ফলক নাই। চৌহদটোৰ দেৱালত আকি থোৱা কাপোৰৰ বেনাৰ এখনত চিকিৎসকজনৰ নামৰ আগত ‘ডাক্তৰ’ বুলি লিখা আছিল।
কমলাই ক’লে, ‘ডাক্তৰ’জনে তাইক তিনিদিন খাবলৈ ঔষধৰ পাঁচটা বড়ি দিলে আৰু ৫০০ টকা ল’লে, তাৰ পিচত আন এজন ৰোগীক ভিতৰলৈ মাতিলে। বড়ি সম্পৰ্কে একো নক’লে, বা খোৱাৰ পিচত কি হ’ব ইত্যাদি, আনকি এই ঔষধ খোৱাৰ পিচত কেতিয়া কেনেকৈ গৰ্ভপাত হ’ব সেই বিষয়েও একো নজনালে।
ঔষধ খোৱাৰ কেইঘণ্টামানৰ পিচৰ পৰা কমলাৰ ৰক্তক্ষৰণ হ’বলৈ আৰম্ভ কৰে। ‘কেইদিনমান বাট চালো যদিও ৰক্তক্ষৰণ বন্ধ নহ’ল, সেয়ে আমি আকৌ ‘ডাক্তৰ’ৰ ওচৰলৈ গ’লো, যিজনে বড়ি খাবলৈ দিছিল। তেওঁ আমাক বেনুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ যাবলৈ ক’লে আৰু চাফাই কৰিবলৈ ক’লে।’ ইয়াৰ অৰ্থ হ’ল স্বাস্থ্যকেন্দ্ৰলৈ গৈ জৰায়ু ‘চাফা’ কৰিব আহিব লাগে।
গৰ্ভধাৰণ নোহোৱা কৰা প্ৰক্ৰিয়াৰ বাবে চিকিৎসকে ভিতৰলৈ যোৱাৰ অনুমতি নোপোৱা পৰ্যন্ত কমলাই বেনুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বাহিৰৰ বেঞ্চ এখনতে শীতৰ সেমেকা ৰ’দত বহি আছিল, গৰ্ভপাতৰ গোটেই কামটো কৰিবলৈ ৩০ মিনিটমান সময়ৰ প্ৰয়োজন হয়, কিন্তু এই কাম কৰাৰ আগতে আৰু পিচত তিনি চাৰি ঘণ্টামান সময়ৰ জিৰণি লোৱাৰ প্ৰয়োজন হয়। বাধ্যতামূলক ৰক্ত আৰু প্ৰস্ৰাৱৰ পৰীক্ষা আগৰ দিনাই কৰা হৈছিল।
চত্তীশগড়ৰ নাৰায়নপুৰ জিলাৰ আটাইতকৈ ডাঙৰ স্বাস্থ্যকেন্দ্ৰখন ২০১৯ৰ শেষৰফালে নতুনকৈ নিৰ্মাণ কৰা হৈছিল। মাতৃ আৰু স্বাস্থ্যৱান শিশুৰ উজ্জল চিত্ৰৰে সজাই তোলা বিশেষ প্ৰসূতি কক্ষ, ১০ খন বিচনাযুক্ত এটা ৱাৰ্ড, তিনিখন বিচনাৰ প্ৰসৱ কক্ষ, অটোক্লেভ মেচিন, প্ৰসৱৰ সময় নোহোৱা পৰ্যন্ত মহিলা থাকিব পৰা আবাসিক ব্যৱস্থা, আনকি এখন সৰু শাক-পাচলিৰ বাগিচাও ইয়াত আছে। বাস্তাৰৰ আদিবাসী অধ্যুষিত এই অংশত জনস্বাস্থ্য সেৱাৰ প্ৰতিশ্ৰুতিৰ ছবিও ইয়াত অঁকা হৈছে।












