“ক’তো একো ভূল হোৱা নাছিল। অস্বাভাৱিক বুলিবলৈকো একো নাছিল। সকলো ঠিকেই আছিল, জীৱনটো সাধাৰণভাৱেই চলি আছিল,” দৈনন্দিন জীৱনটো এনেকৈ চলি থকাৰ মাজতে হঠাতে মূৰত সৰগ ভাঙি পৰাৰ কথা সুঁৱৰি পৰিয়ালৰ ফাইল আৰু কাগজ-পাতিৰ মাজত বহি থকা ৩৩ বছৰ বয়সীয়া দীনেশ চন্দ্ৰ সুথাৰে কয়।
ৰাজস্থানৰ বান্সি গাঁৱৰ সুথাৰৰ ঘৰৰ দেৱালত তেওঁৰ প্ৰয়াত পত্নীৰ ফটো ওলমাই থোৱা আছে। দীনেশৰ ফাইলবোৰৰ মাজত থকা ভাৱনা দেৱীৰ ফটোখন বেৰত ওলমি থকাখনৰ সৈতে একেই। ২০১৫ত বিয়াৰ কেইমাহমান পিছতে তেওঁলোকে সেইখন ফটো উঠিছিল, চৰকাৰী আঁচনিৰ বাবে ফটোখন লগা হৈছিল।
পাঁচ বছৰ ধৰি দীনেশে এই কাগজ-পাতি আৰু ফটোবোৰ তেওঁৰ বিয়াৰ চিন হিচাপে ৰাখি থৈছে। তেওঁ দুটা সন্তান, তিনিবছৰীয়া চিৰাগ আৰু ২৯ দিনীয়া দেৱাংশ, যাৰ নামাকৰণ কৰাৰ আগেয়ে বাৰি সদ্ৰি পৌৰনিগমৰ অন্তৰ্গত ৫০ খন বিচনাযুক্ত সামূহিক স্বাস্থ্যকেন্দ্ৰত মাক ভাৱনাৰ বন্ধ্যাকৰণৰ সময়ত অন্ত্ৰৰ ছিদ্ৰ হৈ মৃত্যু ঘটে।
বিএড ডিগ্ৰীধাৰী দীনেশে বান্সিৰ পৰা ছয় কিলোমিটাৰ দূৰৰ বাড়ৱালৰ এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষকতা কৰি মাহে ১৫,০০০ টকা পায়। তেওঁ ঘটনাবোৰ জুকিয়াই চাইছে, ক’ত এনেকুৱা সুৰুঙা থাকি গ’ল যে তেওঁলোকৰ জীৱন আউল লাগি গ’ল। প্ৰতিবাৰেই তেওঁ নিজকে দোষ দি কথা সামৰে।
“মই অস্ত্ৰোপচাৰৰ কাৰণে সন্মতি দিয়াৰ বাবে, সকলো ঠিকে আছে বুলি কৈ থকা ডাক্তৰক বিশ্বাস কৰাৰ বাবেই এয়া হ’বলৈ পালে নেকি? মই আৰু অধিক কথা জানি ল’ব লাগিছিল। মই অস্ত্ৰোপচাৰৰ কাৰণে সন্মতি দিব নালাগিছিল বা ডাক্তৰক বিশ্বাস কৰিব নালাগিছিল। মোৰ তাতেই ভুল হৈছিল,” দীনেশে কয়। ২০১৯ৰ ২৪ জুলাইত পত্নীক হেৰুওৱা দীনেশৰ মনত অহৰহ পাকঘূৰণি খাই থকা এই কথাবোৰে আঘাত হানিছিল।
২০১৯ৰ ২৫ জুনত মৃত্যুৰ এমাহ আগতে ২৫ বছৰীয়া ভাৱনাই সুস্থ-সবল দেৱাংশক জন্ম দিছিল। প্ৰথমবাৰৰ দৰে এইবাৰো প্ৰসৱ সুকলমে হৈছিল। চিত্তৌৰগড় জিলাৰ বাৰি সদ্ৰি ব্লকৰ সেই সামূহিক স্বাস্থ্যকেন্দ্ৰটোত তেওঁৰ ৰিপ’ৰ্টবোৰ, স্বাস্থ্যপৰীক্ষা আৰু আনকি প্ৰসৱ, সকলো স্বাভাৱিকে আছিল।







