ৰাতিৰ আন্ধাৰ আৰু ঝকঝকাই অহা ৰেলগাড়ীলৈ ভয় নকৰা ছোৱালীহঁতে কোনোবা পুৰুষে চাই থকাৰ কথা ভাবি সততে চক্ খাই উঠে।
“ৰাতিৰ ভাগত শৌচ কৰিবলৈ ৰেলৱে ট্ৰেকলৈ যোৱাৰ বাদে উপায় নাথাকে,” ১৭ বছৰ বয়সীয়া নীতু কুমাৰীয়ে কয়।
নীতু পাটনাৰ দক্ষিণফালৰ য়াৰপুৰ অঞ্চলৰ ৯ নম্বৰ ৱাৰ্ড বস্তিৰ অঞ্চলৰ বাসিন্দা। এই থেপাথেপি ঘৰবোৰৰ মাজভাগতে পকী মজিয়া এখনত শাৰী শাৰীকৈ পানীৰ নলবোৰ আছে, এটুকুৰামান কাপোৰ পিন্ধি তাতে বহি দুজন মানুহে গোটেই গাতে চাবোন সানিব ধৰিছে। দহ-বাৰটা ল’ৰা-ছোৱালীয়ে পানীৰ লগত খেলিছে, পিছল পকাখনত টনা-আজোৰা কৰি হাঁহি-খিকিন্দালি কৰি আছে।
৫০ মিটাৰমান দূৰত এটা শৌচালয়ৰ ব্লক আছে। সেইটো চুবুৰীটোৰ ভিতৰতে একমাত্ৰ ব্লক। মহামাৰীৰ কাৰণে এই ৰাজহুৱা সুবিধাখিনি ৰাইজক গতোৱাত পলম হ’ল, দহটা শৌচালয়ৰ দহোটাই তলা লগোৱা আৰু পৰিত্যক্ত। শৌচালয়কেইটা ওখ কৰিবলৈ দিয়া চিৰি দুটাত ছাগলীবোৰে বৈঠক পাতিছে। পিছফালে ৰেলৱে ট্ৰেকবোৰ, তাৰ লগতে জাবৰৰ দমবোৰ। সুচল অৱস্থাত থকা একমাত্ৰ শৌচালয়টোলৈ ১০ মিনিটৰ বাট। আন এটা শৌচালয় ৰেলৱে ট্ৰেক পাৰ হৈ গৈ য়াৰপুৰত আছে, সেইটোলৈকো ১০ মিনিটৰ বাট।
“ল’ৰাহঁতে য’তে-ত’তে যিকোনো সময়তে কৰিব পাৰে। ছোৱালীবোৰে ট্ৰেকলৈ যাবলৈ ৰাতি হোৱালৈ ৰয়,” বিএ প্ৰথম বৰ্ষৰ ছাত্ৰী নীতুৱে কয়। (এই প্ৰতিবেদনত আটাইবোৰ নাম সলনি কৰা হৈছে।) তাই আন ছোৱালীবোৰতকৈ নিজকে সৌভাগ্যৱান বুলিয়ে ভাবে, কিয়নো দিনৰ ভাগত তাই ২০০ মিটাৰমান দূৰৰ তাইৰ খুড়ীয়েকৰ শৌচালয়টো ব্যৱহাৰ কৰে।
“আমাৰ ঘৰতো দুটা কোঠা আছে। এটাত মোৰ ভাইটিটো শোৱে, আনটোত মা আৰু মই শোও। সেয়ে ঘৰত পেড সলোৱাৰ বাবে মোৰ নিজা ব্যক্তিগত ঠাই আছে,” নীতুৱে কয়। “বহু ছোৱালী আৰু মহিলাই নেপকিন সলাবলৈ দিনটো ৰয়, আন্ধাৰ নামিলে ৰেলৱে ট্ৰেকলৈ যায়, সেয়াই তেওঁলোকৰ বাবে আন্ধাৰে সজা কোঠা।”










