অন্ধকাৰত নিমজ্জিত ৱাজিৰিথালৰ স্বাস্থ্যসেৱা
জম্মু আৰু কাশ্মীৰৰ বান্দিপুৰ জিলাৰ এখন দূৰৱৰ্তী গাঁৱত গৰ্ভৱতী মহিলাসকলে অনিয়মীয়া বিদ্যুৎ যোগান আৰু দুৰ্বল ৰাজহুৱা স্বাস্থ্য সুবিধাৰ সৈতে যুঁজি আছে। তেওঁলোকৰ একমাত্ৰ আশা হৈছে গাওঁখনৰ এগৰাকী বৃদ্ধ ধাই



জম্মু আৰু কাশ্মীৰৰ বান্দিপুৰ জিলাৰ এখন দূৰৱৰ্তী গাঁৱত গৰ্ভৱতী মহিলাসকলে অনিয়মীয়া বিদ্যুৎ যোগান আৰু দুৰ্বল ৰাজহুৱা স্বাস্থ্য সুবিধাৰ সৈতে যুঁজি আছে। তেওঁলোকৰ একমাত্ৰ আশা হৈছে গাওঁখনৰ এগৰাকী বৃদ্ধ ধাই
মুৰ্চিদাবাদ জিলাত আটাইতকৈ দুখীয়া মহিলাসকলে বিড়ি পকোৱা কামটো কৰে – যিটো কামৰ হাজিৰা ন্যূনতম অথচ সি শাৰিৰীকভাৱে অতি কষ্টকৰ। অহৰহ ধপাতৰ স’তে সংস্পৰ্শই তেওঁলোকৰ সাধাৰণ তথা প্ৰজনন স্বাস্থ্য বিপদত পেলায়
উত্তৰাখণ্ডৰ উধম নগৰ জিলাৰ মহিলাই ঋতুস্ৰাৱ আৰু সন্তান প্ৰসৱৰ সময়ত বাধ্য হৈ মানিবলগীয়া এলান্ধুকলীয়া প্ৰথা আৰু দুৰ্ভোগৰ কথা কৈছে
হিমাচল প্ৰদেশত সুচল চিকিৎসা সেৱাৰ পুতৌলগা অৱস্থা আৰু তেনেই বিকল সামূহিক স্বাস্থ্যকেন্দ্ৰৰ ফলত ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ মহিলাই প্ৰসূতি স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত আহুকাল ভুগি আহিছে
তেনেই কম মজুৰি আৰু খুদকণেৰে জীৱন নিৰ্বাহ কৰা হাভেৰি জিলাৰ অচুন্দি গাঁৱৰ মহিলাৰ স্বাস্থ্য অতি শোচনীয়। তাতে আকৌ অনাময়ৰ সুবিধাৰ অভাৱ আৰু মাহেকীয়াজনিত সমস্যাত ভোগা মহিলাসকলৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে
চুৰাট আৰু অন্যান্য স্থানত প্ৰব্ৰজনকাৰী শ্ৰমিক হিচাপে কাম কৰি তেওঁলোকৰ স্বামীসকল আঁতৰি থকাৰ পৰিপ্ৰেক্ষিতত উদয়পুৰ জিলাৰ গামেটি সম্প্ৰদায়ৰ 'পিছপৰা' মহিলাসকলে নিজে গৰ্ভনিৰোধক আৰু স্বাস্থ্যসেৱাৰ সিদ্ধান্তসমূহ লোৱা কৰিছে
সুনীতা দেৱীয়ে সন্তান জন্ম দিয়াৰ পৰা নিৰাপদ আৰু সহজ উপায়েৰে অব্যাহতি বিচাৰিছিল, কিন্তু কপাৰ-টি ব্যৰ্থ হোৱাত তেওঁ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এৰি গৰ্ভপাতৰ বাবে দিল্লী আৰু বিহাৰৰ প্ৰাইভেট হস্পিতেললৈ যাবলগীয়া হ’ল
আমেঠি জিলাৰ টিকাৰি গাঁৱত চাহ-তামোলৰ মাজতে তেওঁ প্ৰজনন অধিকাৰৰ কথা কয়, হাতত গৰ্ভনিৰোধক বড়ি আদিৰ টোপোলা লৈ গাঁৱত ঘূৰি ফুৰা কলাৱতী চনি বিভিন্ন সম্প্ৰদায়ৰ মাজত বিশ্বাসৰ পাত্ৰ হৈ পৰিছে
বীড় জিলাৰ কুঁহিয়াৰৰ খেতিত কাম কৰা বৃহৎ সংখ্যক মহিলা শ্ৰমিকৰ জৰায়ু অস্ত্ৰোপচাৰ কৰি অপসাৰণ কৰিবলগা হয়, অস্ত্ৰোপচাৰৰ পৰৱৰ্তী উদ্বেগ, হতাশা, শাৰীৰিক অসুস্থতা আৰু বৈবাহিক জীৱনলৈ আহি পৰা সমস্যাৰ সৈতে মহিলাসকলে নীৰৱে সহবাস কৰিবলগা হয়
তেওঁলোকৰ নদীৰ পানী লুণীয়া, গ্ৰীষ্মকালত উষ্ণতা অসহনীয় আৰু জনস্বাস্থ্যৰ সুবিধা সুদূৰপৰাহত। এনেকৈয়ে সুন্দৰবনত মহিলাই জনস্বাস্থ্যৰ সুবিধা লাভ কৰাটো দিনত দেখা সপোনৰ দৰে হৈ পৰে
চিকিৎসালয়ৰ কৰ্মচাৰীৰ পৰা পোৱা অশালীন ব্যৱহাৰ, অপমান, গোপনীয়তা উলংঘা আৰু সামাজিক কালিমা আদিয়ে আনকি ৰাজধানী চহৰখনতো যৌনকৰ্মীসকলৰ চিকিৎসাৰ সা-সুবিধা সীমিত কৰি ৰাখিছে। তাতে আকৌ অতিমাৰীয়ে তেওঁলোকক ব্যৱস্থাটোৰ পৰা আৰু দূৰলৈ ঠেলি দিছে
ঝাৰখণ্ডৰ পশ্চিম সিংহভূম জিলাৰ ভিতৰুৱা গাওঁবোৰৰ অতিশয় শোচনীয় স্বাস্থ্য সেৱাত নিশকতীয়া আন্তঃগাঁথনিয়ে হেঙাৰ হৈ থিয় দিছে। তেনেস্থলত 'গ্ৰাম্য চিকিৎসাসেৱা প্ৰদানকাৰী', অৰ্থাৎ 'মোনা লোৱা চিকিৎসকেই' একমাত্ৰ ভৰসাৰ থল হৈ পৰিছে
মহাৰাষ্ট্ৰৰ মেলঘাট ব্যাঘ্ৰ প্ৰকল্পৰ জনজাতীয় সম্প্ৰদায়ৰ মাজত ৰোপি আৰু চাৰ্কুৰ দৰে ধাইসকলে বহুদশক ধৰি ঘৰতে প্ৰসৱ কৰোৱা কাম কৰি আহিছে। দুয়োৰে এতিয়া বয়স হৈছে আৰু তেওঁলোকৰ পৰম্পৰা আগবঢ়াই নিবলৈ তৃতীয়গৰাকী ধাই নাই
উত্তৰ প্ৰদেশৰ বাৰানসী জিলাৰ মুছাহাৰ মহিলাই স্বাস্থ্যসেৱাৰ বুনিয়াদী সুবিধাখিনি কোনোকালে নাপালে, নিজৰ অধিকাৰ নাইকিয়া এক কলংকময় পৰিৱেশত তেওঁলোকে দিন নিয়াইছে
বিহাৰৰ মধুবনী জিলাৰ দৰিদ্ৰ পৰিয়ালৰ মহিলাই স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিবলৈ বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হয়। তাতে যদি আকৌ যিখিনি সুবিধা পায়, সেইখিনিতো দুৰ্নীতিয়ে পোখা মেলে, তেওঁলোক অসহায় হৈ পৰে
খেলা-ধূলা কৰা বয়সত কিশোৰী চনু আৰু মীনাক বিয়া দি অভিভাৱকে জঞ্জাল সামৰিবলৈ লোৱা এই কাহিনীয়ে গ্ৰামীণ প্ৰয়াগৰাজৰ দলিত চুবুৰীবোৰৰ বহু পুষ্পিতা ছোৱালীৰ জীৱনৰ দশা দাঙি ধৰে
দৰিদ্ৰতা, শিক্ষাৰ অভাৱ আৰু নিজৰ জীৱনৰ ওপৰত নিয়ন্ত্ৰণ নথকা পৰিৱেশত বিহাৰৰ গয়া জিলাৰ বিভিন্ন পটভূমিৰ মহিলাই নিজৰ স্বাস্থ্যক সংকটত পেলাই আহিছে
সন্তান প্ৰসৱ কৰি দীপাই দিল্লীৰ হস্পিতালখন এৰাৰ পিছত তাই জনা নাছিল যে তাইৰ দেহত কপাৰ-টি স্থাপন কৰা হৈছে। দুবছৰ পিছত যেতিয়া তাইৰ বিষ আৰম্ভ হ’ল আৰু ৰক্তক্ষৰণ হ’বলৈ ধৰিলে, ডাক্তৰে বহুমাহলৈ সেই আহিলাবিধ ক’ত আছে ধৰা পেলাব পৰা নাছিল
তলামৰা ৰাজহুৱা শৌচাগাৰ, ঘৰৰ পৰা দূৰত থকা ব্লক, পৰ্দাৰে ঢকা বাকচ হেন শৌচালয়, গা ধোৱা কিম্বা ছেনিটেৰি সামগ্ৰী নিষ্পত্তিৰ তেনেই গোপনীয়তা নাইকিয়া ব্যৱস্থা, উপায়হীন হৈ ৰাতিৰ ভাগত ৰেলৱে ট্ৰেকলৈ যোৱা - এয়া পাটনাৰ বস্তি অঞ্চলৰ ছোৱালীবোৰে প্ৰতিদিনে সন্মুখীন হোৱা সমস্যা
বিহাৰৰ গ্ৰামাঞ্চলৰ ভূঃজলৰ বিষাক্ত আৰ্ছেনিকে প্ৰীতিৰ দৰে কিছুমানক ঘাতমাউৰা কৰিছে, প্ৰীতিৰ এতিয়া নিজৰো স্তনত টেমুনা ওলাইছে। কিন্তু ৰোগতকৈ বেছি চিকিৎসা কেনেকৈ কৰাব, সেয়াহে তেওঁলোকৰ আগত ডাঙৰ প্ৰত্যাহ্বান
বিহাৰৰ চেওহাৰ জিলাৰ মুছাহাৰ তোলা চুবুৰীৰ নিজ ঘৰত শান্তি মাঝিয়ে সাতোটাকৈ সন্তান জন্ম দিছে। সেই চুবুৰীৰ কমেইহে স্বাস্থ্যসেৱাৰ সুবিধা পায় আৰু বেছিভাগেই নাজানে যে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সন্তান প্ৰসৱ কৰাব পাৰি
বিহাৰৰ পাটনাত কন্যা শিশু আৰু কিশোৰীয়ে ল’ৰা সন্তান জন্ম নিদিয়ালৈকে এটাৰ পাছত আনটো সন্তান জন্ম দি যোৱাৰ বাদে আন উপায় নাথাকে। যিখন সমাজত তেওঁলোক থাকে, তাত সামাজিক নিয়ম-নীতি আৰু বদ্ধমূল ধাৰণাৰ আগত আইন-কানুন নচলে
আইনৰ সুৰক্ষা, অভিযানৰ সজাগতা আৰু ব্যক্তিবিশেষৰ বিৰোধ স্বত্ত্বেও এফালে নেদেখাজনৰ ৰোষ আৰু আনফালে সামাজিক কালিমাৰ ভয়ত কৰ্ণাটকৰ কাডুগল্লা সম্প্ৰদায়ৰ মহিলাই মাহেকীয়া আৰু প্ৰসৱোত্তৰ কালত গছৰ তলত নাইবা টোকোৰা পঁজাত একাষৰীয়াকৈ থাকিবলগীয়া হয়
বিহাৰৰ মুজফ্ফৰনগৰ জিলাৰ চতুৰ্ভুজ স্থান বেশ্যালয়ত ‘স্থায়ী’ গ্ৰাহকক সন্তুষ্ট কৰিবলৈ গৈ প্ৰায়ে কম বয়সতে গৰ্ভধাৰণ কৰা যৌনকৰ্মীসকলৰ ক’ভিড-১৯ তলাবন্ধৰ ফলত এতিয়া বিলাই-বিপত্তি নুগুচা হৈছে
ঘন অৰণ্য, ওখ পাহাৰে ঘেৰি থকা আৰু সশস্ত্ৰ সংগ্ৰামীৰ সংঘৰ্ষৰে জৰ্জৰিত ওড়়িশাৰ মলকানগিৰিৰ কৃত্ৰিম জলাশয় এটাৰ দাঁতিৰ নিগাজি আদিবাসী চুবুৰীবোৰত বেমাৰ-আজাৰৰ ক্ষেত্ৰত স্বাস্থ্যকেন্দ্ৰলৈ যাবলৈ হ’লে অনিয়মীয়া ফেৰীসেৱা আৰু দুৰ্গম বাটেই একমাত্ৰ উপায়
বিহাৰৰ গ্ৰামাঞ্চলত যোৱাবছৰ লকডাউনৰ সময়ত বহু কিশোৰীক ঘৰলৈ উভতা প্ৰব্ৰজিত যুৱ শ্ৰমিকৰ সৈতে বিয়া দিয়া হৈছিল। তাৰে বহুতেই এতিয়া অন্তঃসত্ত্বা আৰু আগন্তুক দিনবোৰক লৈ উদ্বিগ্ন
এটা দশক আগৰ কথা, বিহাৰৰ হাচানপুৰ গাঁৱৰ মানুহে পৰিয়াল পৰিকল্পনাৰ কথা ক’লে দূৰৰ পৰাই নমস্কাৰ কৰিছিল। এতিয়া সেই মহিলাইয়ে প্ৰায়ে চিকিৎসা স্বেচ্ছাসেৱক চালাহ আৰু চামাৰ ওচৰলৈ জন্মনিৰোধকৰ পৰামৰ্শ বিচাৰি যায়। কিহে এই পৰিৱৰ্তন আনিলে?
বিহাৰৰ কিষাণগঞ্জ জিলাত কৰ্মৰত আঙুলিৰ মুৰত লেখিব পৰা মহিলা স্ত্ৰীৰোগ বিশেষজ্ঞই চিকিৎসা সামগ্ৰীৰ নাটনিৰ মাজতে দিনৰ দিনটো কাম কৰে, তাতে আকৌ ৰোগীৰ একাধিক গৰ্ভধাৰণ আৰু গৰ্ভনিৰোধৰ প্ৰতি থকা অৱহেলাই কামবোৰ অধিক জটিল কৰি তোলে
পুত্ৰসন্তান জন্ম দিয়াৰ বাবে পৰা হেঁচা আৰু তেনেই সীমিত পৰিয়াল পৰিকল্পনাৰ বিকল্প থকা গুজৰাটৰ ধোলকা তালুকৰ ভাৰৱাড় পশুপালক সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে জন্মনিৰোধ কিম্বা প্ৰজনন বিষয়ক অধিকাৰ এইবোৰ কেইটামান শব্দহে মাথো
বিহাৰৰ সমষ্টিপুৰ জিলাৰ মহাদলিত সম্প্ৰদায়ৰ কিশোৰীসকলে পঢ়াশালি আৰু নিজৰ সপোন দুয়োটাই এৰি বিয়াত নবহিলে সমাজৰ নিন্দা-তিৰস্কাৰেই নহয়, শাৰীৰিক অত্যাচাৰৰো সন্মুখীন হয়, তাৰে কিছুমানে বাধা দিয়াৰ চেষ্টা কৰে, কিছুমানে সেও মানে
সা-সুবিধা আৰু ঠাইৰ অভাৱত বিহাৰৰ দাৰভাঙা জিলাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এখনৰ স্বাস্থ্যকৰ্মীয়ে কাৰ্য্যালয়ৰে ৱাৰ্ডৰ বিচনাত আৰু কেতিয়াবা মজিয়াতে শুবলগীয়া হৈ আহিছে
বিহাৰৰ বৈশালী জিলাৰ এখন স্বাস্থ্যকেন্দ্ৰত আলট্ৰাচাউণ্ডৰ মেচিনটোত মকৰাই জাল বান্ধিছে, কৰ্মচাৰীসকলে ধন দাবী কৰে, আৰু এটা পৰিয়ালক তেওঁলোকৰ গৰ্ভস্থ শিশুটি মৃত বুলি ক’লে – যাৰ ফলত তেওঁলোকে এখন ব্যক্তিগত ক্লিনিকলৈ খৰখেদাকৈ গৈ বহুত খৰচ কৰিবলগীয়া হ’ল
তাকৰীয়া কৰ্মচাৰীৰে চলা বন্য জীৱ-জন্তুৰ বিচৰণভূমি হৈ পৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ অৱস্থা তেনেই শোচনীয়, তাতে আকৌ নেটৱৰ্ক নাইকিয়া পৰিৱেশ আৰু হস্পিতাললৈ ভয়- এই সকলোবোৰ মিলি এটা কথা নিশ্চিত কৰিছে যাতে বিহাৰৰ বৰাগাওঁ খূৰ্দ গাঁৱৰ গৰ্ভৱতী মহিলাই সদায় কৰাৰ দৰে ঘৰতে সন্তান জন্ম দিয়ে
উত্তৰাখণ্ডৰ দুৰ্গম পৰ্বতীয়া যাতায়াতৰ শোচনীয় ব্যৱস্থা আৰু অতিপাত খৰছে বহুতকে ঘৰতে প্ৰসৱ কৰিবলৈ বাধ্য কৰায়, তাৰেই আলমোড়া জিলাখনত যোৱাবছৰ ৰানো সিঙে হস্পিতাললৈ পাহাৰৰ ঠিয় বাট এটাৰ আধামান অতিক্ৰম নৌকৰোঁতেই সন্তান প্ৰসৱ কৰিছিল
দেখদেখকৈ নিয়ম অমান্য কৰি আৰু বিবেচনা কৰাৰ অকণো সময় নিদি ‘শিবিৰ’ত বন্ধ্যাকৰণ কৰোৱাৰ পাছতে যোৱা বছৰ ৰাজস্থানৰ বান্সি গাঁৱৰ ভাৱনা সুথাৰৰ মৃত্যু হয়, এতিয়াও তেওঁৰ স্বামী দীনেশে ন্যায়ৰ আশা এৰা নাই
চাৰিবাৰকৈ গৰ্ভপাত, এজন সুৰাসক্ত স্বামী আৰু কাৰখানাৰ কামৰ পৰা অপসাৰিত হোৱা দিল্লী নিবাসী হানী পঞ্চমবাৰৰ বাবে গৰ্ভধাৰণ কৰাৰ ৫ মাহৰ সময়ত যৌনকৰ্মী হৈ পৰে আৰু তেতিয়াৰে পৰা এক যৌনৰোগ লৈ জীয়াই থাকিবলগা হৈছে। এতিয়া তলাবন্ধৰ সময়চোৱাত উপাৰ্জনৰ বাট নাইকিয়া হৈছে
বন্ধ্যাকৰণৰ পিছত আৰম্ভ হোৱা বিষত তিনি বছৰ ভূগি চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে অসহায় হৈ দৌৰি ফুৰা, ক্ৰমাৎ ঋণৰ বোজা বাঢ়ি অহাৰ পিছত ৰাজস্থানৰ দাউছা জিলাৰ ২৭ বছৰীয়া সুশীলা দেৱীৰ অস্ত্ৰোপচাৰ কৰি গৰ্ভাশয় আঁতৰাই পেলাবলগীয়া হয়
ওৰেটো জীৱন বেমাৰে পিছ নেৰা আৰু জৰায়ু আঁতৰোৱাকে ধৰি কেবাটাও অস্ত্ৰোপচাৰে কুঁজা কৰি পেলোৱা পুণে জিলাৰ হাডাশী গাঁৱৰ বিবাবাঈ লয়াৰে এতিয়াও পথাৰত কাম কৰিবলৈ এৰা নাই, আনফালে পক্ষাঘাত হোৱা গিৰীয়েকৰো তেওঁ শুশ্ৰূষা কৰে
মহাৰাষ্ট্ৰৰ নান্দুৰবাৰ জিলাৰ জৰায়ু স্থানচ্যুত হোৱ ভিল সম্প্ৰদায়ৰ মহিলাই চিকিৎসাৰ সুবিধা নাপায়। ৰাস্তা আৰু ম’বাইল ফোনৰ সংযোগৰ ব্যৱস্থা নথকা ঠাইখনত বিৰামহীন কঠোৰ পৰিশ্ৰম আৰু যন্ত্ৰণাময় বিষৰ মাজেৰে তেওঁলোকে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে
গৰ্ভাশয় আঁতৰোৱাৰ বাবে বাধ্য কৰাই মানসিকভাৱে অনগ্ৰসৰ মহিলাৰ যৌন আৰু প্ৰজনন স্বাস্থ্য অধিকাৰ প্ৰায়ে উলংঘা কৰি অহা হৈছে। কিন্তু মহাৰাষ্ট্ৰৰ ৱাডি গাঁৱত মালন মৌৰেক ভাগ্যৱতী বুলিয়েই ক’ব লাগিব যে মাকে তেওঁৰ কাষত থিয় দিছে
সাংস্কৃতিক ৰীতি-নীতিৰ লগত জড়িত কাৰণ, সাধ্যাতীত স্বাস্থ্য সেৱা আৰু সেৱা যোগানকাৰীৰ হাৰিয়ানা বিৱান গাঁৱৰ মেও মুছলমানৰ মাজত নিৰোধকৰ প্ৰৱৰ্তন দুঃসাধ্য আৰু মহিলাসকল সন্তান জন্ম দিয়াৰ জালত বান্ধ খাই পৰিছে
তলাবন্ধৰ কাৰণে স্কুল বন্ধ হৈ পৰাত থকাত উত্তৰ প্ৰদেশৰ চিত্ৰকূট জিলাৰ দুখীয়া পৰিয়ালৰ ছাত্ৰীসকলে মাহেকীয়াত ব্যৱহাৰ কৰা বিনামূলীয়া ছেনিটেৰি নেপকিন নোপোৱা হ’ল আৰু ক্ষতিকাৰক উপায় অৱলম্বন কৰিবলৈ ধৰিলে। কেৱল উত্তৰ প্ৰদেশতে এনে ছোৱালীৰ সংখ্যা কেইবালাখো হ’ব
সামান্য বেতন আৰু অন্তহীন সমীক্ষা, প্ৰতিবেদন আৰু লানি নিচিগা কামৰ বোজাৰ মাজতে সুনীতা ৰাণীকে ধৰি সোণিপত জিলাৰ আন আশাকৰ্মীয়ে গ্ৰাম্য পৰিয়ালৰ প্ৰজনন স্বাস্থ্য সংক্ৰান্ত কাম-কাজ চলাই নিবলৈ দিন-ৰাতি এক কৰিবলগীয়া হৈছে
মাতৃসকলৰ ৰক্তহীনতা, দুবছৰীয়া শিশুৰ ওজন ৭ কিলোগ্ৰাম, সুৰাসক্তি, নিম্নগামী উপাৰ্জন আৰু বনাঞ্চলৰ প্ৰৱেশ-সুচলতা নাইকিয়া হোৱা আদি কাৰকবোৰে তামিলনাডুৰ গুডালুৰৰ আদিবাসী মহিলাসকলক তীব্ৰ পুষ্টিহীনতাৰ দিশে ঠেলি দিছে
দিল্লীৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগৰ হাৰিয়ানাৰ হাৰ্চানা কালান গাঁৱৰ মহিলাই পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ হাতোৰাত আবদ্ধ নিজৰ জীৱন আৰু সন্তান সন্দৰ্ভত নিজা মতামত আৰু নিয়ন্ত্ৰণৰ হকে কৰা সংগ্ৰামৰ বৰ্ণনা দিছে
বন্ধ্যাত্বৰ বাবে যথোচিত চিকিৎসা প্ৰদানত ব্যৰ্থ গ্ৰামীণ স্বাস্থ্যসেৱাৰ পৰিণামস্বৰূপে মহাৰাষ্ট্ৰৰ নন্দৰ্বাৰ জিলাৰ ধড়গাওঁ অঞ্চলৰ ভিল জনগোষ্ঠীৰ মহিলাই সামাজিক কালিমা আৰু বহিষ্কৰণৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে
পৰিয়াল পৰিকল্পনাত ‘পুৰুষৰ অংশগ্ৰহণ’ৰ চৰ্চা যিমানেই নহওঁক লাগিলে, বাস্তৱতঃ বিহাৰৰ বিকাশ মিত্ৰ আৰু আশাকৰ্মীয়ে পুৰুষক নিৰ্বীৰ্য্যকৰণৰ বাবে সৈমান কৰোৱাত তেনেই নগণ্য সফলতা লাভ কৰিছে, সেয়ে গৰ্ভনিৰোধ কেৱল মহিলাৰ মাজতে সীমাবদ্ধ হৈ ৰৈছে
চত্তীশগড়ৰ নাৰায়নপুৰ জিলাৰ সকলো সা-সুবিধা থকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ যোৱা বহু আদিবাসী মহিলাৰ বাবে সম্ভৱ নহয়, সেয়ে গৰ্ভপাত বা সন্তান প্ৰসৱ কৰাটো বিপজ্জনক বুলি জানিও সকলোৱে অৰ্হতাহীন চিকিৎসকৰ কাষ চাপে
২০১৬ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছৰে পৰা বন্ধ্যাকৰণ শিবিৰ গুছি বন্ধ্যাকৰণ দিৱসে আহিল, কিন্তু ঘাইকৈ মহিলাসকলৰেই বন্ধ্যাকৰণ কৰোৱা হয়। উত্তৰ প্ৰদেশৰ বহুতেই আধুনিক গৰ্ভনিৰোধ পদ্ধতিৰ অভাৱত বন্ধ্যাকৰণ কৰিবলগীয়া হয়
মাদুৰাই জিলাৰ কূৱালাপুৰমৰ লগতে আন চাৰিখন গাঁৱত মহিলাক এতিয়াও ‘অতিথিশালা’ত একাষৰীয়াকৈ ৰখা হয়। ইশ্বৰৰ কোপ আৰু মানুহৰ ৰোষৰ বলি হোৱাৰ ভয়ত কোনেও এই বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে মাত নামাতে
Want to republish this article? Please write to [email protected] with a cc to [email protected]
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/মহিলাৰ-স্বাস্থ্য-সন্দৰ্ভত-পাৰিৰ-ধাৰাবাহিক-প্ৰতিবেদন