অন্ধকাৰত নিমজ্জিত ৱাজিৰিথালৰ স্বাস্থ্যসেৱা

জম্মু আৰু কাশ্মীৰৰ বান্দিপুৰ জিলাৰ এখন দূৰৱৰ্তী গাঁৱত গৰ্ভৱতী মহিলাসকলে অনিয়মীয়া বিদ্যুৎ যোগান আৰু দুৰ্বল ৰাজহুৱা স্বাস্থ্য সুবিধাৰ সৈতে যুঁজি আছে। তেওঁলোকৰ একমাত্ৰ আশা হৈছে গাওঁখনৰ এগৰাকী বৃদ্ধ ধাই

নৱেম্বৰ ১৭, ২০২২ | জিজ্ঞাসা মিশ্ৰা

ধোঁৱা চাঙত মহিলা বিড়ি শ্ৰমিকৰ স্বাস্থ্য

মুৰ্চিদাবাদ জিলাত আটাইতকৈ দুখীয়া মহিলাসকলে বিড়ি পকোৱা কামটো কৰে – যিটো কামৰ হাজিৰা ন্যূনতম অথচ সি শাৰিৰীকভাৱে অতি কষ্টকৰ। অহৰহ ধপাতৰ স’তে সংস্পৰ্শই তেওঁলোকৰ সাধাৰণ তথা প্ৰজনন স্বাস্থ্য বিপদত পেলায়

অক্টোবৰ ৩১, ২০২২ | স্মিতা খাটৰ

এইখন দেশ ঋতুমতী মহিলাৰ নহয়

উত্তৰাখণ্ডৰ উধম নগৰ জিলাৰ মহিলাই ঋতুস্ৰাৱ আৰু সন্তান প্ৰসৱৰ সময়ত বাধ্য হৈ মানিবলগীয়া এলান্ধুকলীয়া প্ৰথা আৰু দুৰ্ভোগৰ কথা কৈছে

ছেপ্টেম্বৰ ২৯, ২০২২ | কৃতী আটৱাল

বলেৰ’ৰ পিছৰ ছিটত সন্তান প্ৰসৱ কৰিছিল অনুৰাধাই

হিমাচল প্ৰদেশত সুচল চিকিৎসা সেৱাৰ পুতৌলগা অৱস্থা আৰু তেনেই বিকল সামূহিক স্বাস্থ্যকেন্দ্ৰৰ ফলত ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ মহিলাই প্ৰসূতি স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত আহুকাল ভুগি আহিছে

আগষ্ট ৩১, ২০২২ | জিজ্ঞাসা মিশ্ৰা

অচুন্দিৰ দুৰ্দশাগ্ৰস্ত দলিত মহিলা

তেনেই কম মজুৰি আৰু খুদকণেৰে জীৱন নিৰ্বাহ কৰা হাভেৰি জিলাৰ অচুন্দি গাঁৱৰ মহিলাৰ স্বাস্থ্য অতি শোচনীয়। তাতে আকৌ অনাময়ৰ সুবিধাৰ অভাৱ আৰু মাহেকীয়াজনিত সমস্যাত ভোগা মহিলাসকলৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে

আগষ্ট ১৮, ২০২২ | এছ. সেন্থালিৰ

‘বন্ধ্যাকৰণৰ বাবে মই অকলেই গৈছিলো’

চুৰাট আৰু অন্যান্য স্থানত প্ৰব্ৰজনকাৰী শ্ৰমিক হিচাপে কাম কৰি তেওঁলোকৰ স্বামীসকল আঁতৰি থকাৰ পৰিপ্ৰেক্ষিতত উদয়পুৰ জিলাৰ গামেটি সম্প্ৰদায়ৰ 'পিছপৰা' মহিলাসকলে নিজে গৰ্ভনিৰোধক আৰু স্বাস্থ্যসেৱাৰ সিদ্ধান্তসমূহ লোৱা কৰিছে

জুলাই ২৩, ২০২২ | কবিথা আয়াৰ
‘পঞ্চমটো সন্তান মই বিচৰা নাছিলো’
, , and • South West Delhi, National Capital Territory of Delhi

‘পঞ্চমটো সন্তান মই বিচৰা নাছিলো’

সুনীতা দেৱীয়ে সন্তান জন্ম দিয়াৰ পৰা নিৰাপদ আৰু সহজ উপায়েৰে অব্যাহতি বিচাৰিছিল, কিন্তু কপাৰ-টি ব্যৰ্থ হোৱাত তেওঁ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এৰি গৰ্ভপাতৰ বাবে দিল্লী আৰু বিহাৰৰ প্ৰাইভেট হস্পিতেললৈ যাবলগীয়া হ’ল

জুলাই ১২, ২০২২ | সংস্কৃতি তলৱাৰ

টেবলেট-কণ্ডম আৰু গুপুত কথাৰ ভাণ্ডাৰ এই কলাৱতী চনি

আমেঠি জিলাৰ টিকাৰি গাঁৱত চাহ-তামোলৰ মাজতে তেওঁ প্ৰজনন অধিকাৰৰ কথা কয়, হাতত গৰ্ভনিৰোধক বড়ি আদিৰ টোপোলা লৈ গাঁৱত ঘূৰি ফুৰা কলাৱতী চনি বিভিন্ন সম্প্ৰদায়ৰ মাজত বিশ্বাসৰ পাত্ৰ হৈ পৰিছে

জুন ১৫, ২০২২ | অনুভা ভোসলে

‘মোৰ জৰায়ু অপসাৰণৰ পিছতে অথন্তৰ ঘটিল’

বীড় জিলাৰ কুঁহিয়াৰৰ খেতিত কাম কৰা বৃহৎ সংখ্যক মহিলা শ্ৰমিকৰ জৰায়ু অস্ত্ৰোপচাৰ কৰি অপসাৰণ কৰিবলগা হয়, অস্ত্ৰোপচাৰৰ পৰৱৰ্তী উদ্বেগ, হতাশা, শাৰীৰিক অসুস্থতা আৰু বৈবাহিক জীৱনলৈ আহি পৰা সমস্যাৰ সৈতে মহিলাসকলে নীৰৱে সহবাস কৰিবলগা হয়

মার্চ ২৫, ২০২২ | জ্যোতি চিন’লি

‘গৰ্ভপাত হোৱা বুলি মই আনক জানিব দিব খোজা নাছিলো’

তেওঁলোকৰ নদীৰ পানী লুণীয়া, গ্ৰীষ্মকালত উষ্ণতা অসহনীয় আৰু জনস্বাস্থ্যৰ সুবিধা সুদূৰপৰাহত। এনেকৈয়ে সুন্দৰবনত মহিলাই জনস্বাস্থ্যৰ সুবিধা লাভ কৰাটো দিনত দেখা সপোনৰ দৰে হৈ পৰে

১০ মাৰ্চ, ২০২২ | উৰ্বশী চৰকাৰ

‘ঔষধ দিয়াৰ নামত সিহঁতে মোক অশালীনভাৱে স্পৰ্শ কৰে’

চিকিৎসালয়ৰ কৰ্মচাৰীৰ পৰা পোৱা অশালীন ব্যৱহাৰ, অপমান, গোপনীয়তা উলংঘা আৰু সামাজিক কালিমা আদিয়ে আনকি ৰাজধানী চহৰখনতো যৌনকৰ্মীসকলৰ চিকিৎসাৰ সা-সুবিধা সীমিত কৰি ৰাখিছে। তাতে আকৌ অতিমাৰীয়ে তেওঁলোকক ব্যৱস্থাটোৰ পৰা আৰু দূৰলৈ ঠেলি দিছে

২১ ফেব্ৰুৱাৰী, ২০২২ | শালিনী সিং

বিশ্বাসেৰে নিৰাময়: ঝাৰখণ্ডৰ গ্ৰামীণ চিকিৎসকসকল

ঝাৰখণ্ডৰ পশ্চিম সিংহভূম জিলাৰ ভিতৰুৱা গাওঁবোৰৰ অতিশয় শোচনীয় স্বাস্থ্য সেৱাত নিশকতীয়া আন্তঃগাঁথনিয়ে হেঙাৰ হৈ থিয় দিছে। তেনেস্থলত 'গ্ৰাম্য চিকিৎসাসেৱা প্ৰদানকাৰী', অৰ্থাৎ 'মোনা লোৱা চিকিৎসকেই' একমাত্ৰ ভৰসাৰ থল হৈ পৰিছে

৩ ফেব্ৰুৱাৰী, ২০২২ | জেচিণ্টা কাৰকেট্টা

মেলঘাটত ইয়াৰ পাছত আৰু ধাই নোলাব

মহাৰাষ্ট্ৰৰ মেলঘাট ব্যাঘ্ৰ প্ৰকল্পৰ জনজাতীয় সম্প্ৰদায়ৰ মাজত ৰোপি আৰু চাৰ্কুৰ দৰে ধাইসকলে বহুদশক ধৰি ঘৰতে প্ৰসৱ কৰোৱা কাম কৰি আহিছে। দুয়োৰে এতিয়া বয়স হৈছে আৰু তেওঁলোকৰ পৰম্পৰা আগবঢ়াই নিবলৈ তৃতীয়গৰাকী ধাই নাই

২৮ জানুৱাৰী, ২০২২ | কবিথা আয়াৰ

পুৰুষ বন্ধ্যাকৰণক ‘বিকল্প বুলিয়ে ধৰা নহয়’

উত্তৰ প্ৰদেশৰ বাৰানসী জিলাৰ মুছাহাৰ মহিলাই স্বাস্থ্যসেৱাৰ বুনিয়াদী সুবিধাখিনি কোনোকালে নাপালে, নিজৰ অধিকাৰ নাইকিয়া এক কলংকময় পৰিৱেশত তেওঁলোকে দিন নিয়াইছে

১০ জানুৱাৰী, ২০২২ | জিজ্ঞাসা মিশ্ৰা

মধুবনীত ছোৱালীৰ জন্ম হ’লে প্ৰমাণপত্ৰ নাথাকে

বিহাৰৰ মধুবনী জিলাৰ দৰিদ্ৰ পৰিয়ালৰ মহিলাই স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰিবলৈ বহুত কষ্ট স্বীকাৰ কৰিবলগীয়া হয়। তাতে যদি আকৌ যিখিনি সুবিধা পায়, সেইখিনিতো দুৰ্নীতিয়ে পোখা মেলে, তেওঁলোক অসহায় হৈ পৰে

২৭ অক্টোবৰ, ২০২১ | জিজ্ঞাসা মিশ্ৰা

উত্তৰ প্ৰদেশৰ এখন 'এলান্ধুক’লীয়া গাওঁ’

খেলা-ধূলা কৰা বয়সত কিশোৰী চনু আৰু মীনাক বিয়া দি অভিভাৱকে জঞ্জাল সামৰিবলৈ লোৱা এই কাহিনীয়ে গ্ৰামীণ প্ৰয়াগৰাজৰ দলিত চুবুৰীবোৰৰ বহু পুষ্পিতা ছোৱালীৰ জীৱনৰ দশা দাঙি ধৰে

১১ অক্টোবৰ, ২০২১ | প্ৰীতি ডেভিড

কন্যাসন্তান তিনিজনীকৈ হ’ল যিহেতু দুজন ল’ৰা লাগিবই

দৰিদ্ৰতা, শিক্ষাৰ অভাৱ আৰু নিজৰ জীৱনৰ ওপৰত নিয়ন্ত্ৰণ নথকা পৰিৱেশত বিহাৰৰ গয়া জিলাৰ বিভিন্ন পটভূমিৰ মহিলাই নিজৰ স্বাস্থ্যক সংকটত পেলাই আহিছে

২৯ ছেপ্টেম্বৰ, ২০২১ | জিজ্ঞাসা মিশ্ৰা

দিল্লীত দুৰ্বিষহ যাতনা: কপাৰ-টিয়ে কাল হ’লহেঁতেন

সন্তান প্ৰসৱ কৰি দীপাই দিল্লীৰ হস্পিতালখন এৰাৰ পিছত তাই জনা নাছিল যে তাইৰ দেহত কপাৰ-টি স্থাপন কৰা হৈছে। দুবছৰ পিছত যেতিয়া তাইৰ বিষ আৰম্ভ হ’ল আৰু ৰক্তক্ষৰণ হ’বলৈ ধৰিলে, ডাক্তৰে বহুমাহলৈ সেই আহিলাবিধ ক’ত আছে ধৰা পেলাব পৰা নাছিল

১৪ ছেপ্টেম্বৰ, ২০২১ | সংস্কৃতি তলৱাৰ

'এনে লাগে যেন মানুহে আমাক চাই থাকে’

তলামৰা ৰাজহুৱা শৌচাগাৰ, ঘৰৰ পৰা দূৰত থকা ব্লক, পৰ্দাৰে ঢকা বাকচ হেন শৌচালয়, গা ধোৱা কিম্বা ছেনিটেৰি সামগ্ৰী নিষ্পত্তিৰ তেনেই গোপনীয়তা নাইকিয়া ব্যৱস্থা, উপায়হীন হৈ ৰাতিৰ ভাগত ৰেলৱে ট্ৰেকলৈ যোৱা - এয়া পাটনাৰ বস্তি অঞ্চলৰ ছোৱালীবোৰে প্ৰতিদিনে সন্মুখীন হোৱা সমস্যা

৩১ আগষ্ট, ২০২১ | কবিথা আয়াৰ

‘পানীতে যে কেন্সাৰ আছে, আগতেই জনাহেঁতেন’

বিহাৰৰ গ্ৰামাঞ্চলৰ ভূঃজলৰ বিষাক্ত আৰ্ছেনিকে প্ৰীতিৰ দৰে কিছুমানক ঘাতমাউৰা কৰিছে, প্ৰীতিৰ এতিয়া নিজৰো স্তনত টেমুনা ওলাইছে। কিন্তু ৰোগতকৈ বেছি চিকিৎসা কেনেকৈ কৰাব, সেয়াহে তেওঁলোকৰ আগত ডাঙৰ প্ৰত্যাহ্বান

২৫ আগষ্ট, ২০২১ | কবিথা আয়াৰ

বিহাৰত সাতোটাকৈ সন্তান প্ৰসৱ আৰু ৩৬তে নাতিৰ মুখ

বিহাৰৰ চেওহাৰ জিলাৰ মুছাহাৰ তোলা চুবুৰীৰ নিজ ঘৰত শান্তি মাঝিয়ে সাতোটাকৈ সন্তান জন্ম দিছে। সেই চুবুৰীৰ কমেইহে স্বাস্থ্যসেৱাৰ সুবিধা পায় আৰু বেছিভাগেই নাজানে যে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সন্তান প্ৰসৱ কৰাব পাৰি

১৮ আগষ্ট, ২০২১ | কবিথা আয়াৰ

‘মোৰ জীয়াৰীৰো এনে দশা হওঁক, মই নিবিচাৰো’

বিহাৰৰ পাটনাত কন্যা শিশু আৰু কিশোৰীয়ে ল’ৰা সন্তান জন্ম নিদিয়ালৈকে এটাৰ পাছত আনটো সন্তান জন্ম দি যোৱাৰ বাদে আন উপায় নাথাকে। যিখন সমাজত তেওঁলোক থাকে, তাত সামাজিক নিয়ম-নীতি আৰু বদ্ধমূল ধাৰণাৰ আগত আইন-কানুন নচলে

২৩ জুলাই, ২০২১ | জিজ্ঞাসা মিশ্ৰা

প্ৰতিমাহেই কোৱাৰেণ্টাইনত কাডুগল্লাৰ মহিলা

আইনৰ সুৰক্ষা, অভিযানৰ সজাগতা আৰু ব্যক্তিবিশেষৰ বিৰোধ স্বত্ত্বেও এফালে নেদেখাজনৰ ৰোষ আৰু আনফালে সামাজিক কালিমাৰ ভয়ত কৰ্ণাটকৰ কাডুগল্লা সম্প্ৰদায়ৰ মহিলাই মাহেকীয়া আৰু প্ৰসৱোত্তৰ কালত গছৰ তলত নাইবা টোকোৰা পঁজাত একাষৰীয়াকৈ থাকিবলগীয়া হয়

৫ জুলাই, ২০২১ | তমন্না নাছীৰ

‘মই বিয়া পাতিবপৰা বিধৰ ছোৱালী নহয়’

বিহাৰৰ মুজফ্ফৰনগৰ জিলাৰ চতুৰ্ভুজ স্থান বেশ্যালয়ত ‘স্থায়ী’ গ্ৰাহকক সন্তুষ্ট কৰিবলৈ গৈ প্ৰায়ে কম বয়সতে গৰ্ভধাৰণ কৰা যৌনকৰ্মীসকলৰ ক’ভিড-১৯ তলাবন্ধৰ ফলত এতিয়া বিলাই-বিপত্তি নুগুচা হৈছে

১৫ জুন, ২০২১ | জিজ্ঞাসা মিশ্ৰা

মলকানগিৰিত মৃত্যুঞ্জয়ৰ জন্মবৃত্তান্ত

ঘন অৰণ্য, ওখ পাহাৰে ঘেৰি থকা আৰু সশস্ত্ৰ সংগ্ৰামীৰ সংঘৰ্ষৰে জৰ্জৰিত ওড়়িশাৰ মলকানগিৰিৰ কৃত্ৰিম জলাশয় এটাৰ দাঁতিৰ নিগাজি আদিবাসী চুবুৰীবোৰত বেমাৰ-আজাৰৰ ক্ষেত্ৰত স্বাস্থ্যকেন্দ্ৰলৈ যাবলৈ হ’লে অনিয়মীয়া ফেৰীসেৱা আৰু দুৰ্গম বাটেই একমাত্ৰ উপায়

৪ জুন, ২০২১ | জয়ন্তী বুৰুডা

বিহাৰত: ‘ক’ৰনাকালত মোৰ বিয়া হৈছিল’

বিহাৰৰ গ্ৰামাঞ্চলত যোৱাবছৰ লকডাউনৰ সময়ত বহু কিশোৰীক ঘৰলৈ উভতা প্ৰব্ৰজিত যুৱ শ্ৰমিকৰ সৈতে বিয়া দিয়া হৈছিল। তাৰে বহুতেই এতিয়া অন্তঃসত্ত্বা আৰু আগন্তুক দিনবোৰক লৈ উদ্বিগ্ন

৭ মে’, ২০২১ | কবিথা আয়াৰ

মধুবাণীত সংগোপনে পৰিৱৰ্তনৰ হাবিয়াস

এটা দশক আগৰ কথা, বিহাৰৰ হাচানপুৰ গাঁৱৰ মানুহে পৰিয়াল পৰিকল্পনাৰ কথা ক’লে দূৰৰ পৰাই নমস্কাৰ কৰিছিল। এতিয়া সেই মহিলাইয়ে প্ৰায়ে চিকিৎসা স্বেচ্ছাসেৱক চালাহ আৰু চামাৰ ওচৰলৈ জন্মনিৰোধকৰ পৰামৰ্শ বিচাৰি যায়। কিহে এই পৰিৱৰ্তন আনিলে?

১৩ এপ্ৰিল, ২০২১ | কবিথা আয়াৰ

কঠোৰ শ্ৰম স্বত্ত্বেও কটুকথা শুনা বিহাৰৰ ‘লেডি’ ডাক্তৰ

বিহাৰৰ কিষাণগঞ্জ জিলাত কৰ্মৰত আঙুলিৰ মুৰত লেখিব পৰা মহিলা স্ত্ৰীৰোগ বিশেষজ্ঞই চিকিৎসা সামগ্ৰীৰ নাটনিৰ মাজতে দিনৰ দিনটো কাম কৰে, তাতে আকৌ ৰোগীৰ একাধিক গৰ্ভধাৰণ আৰু গৰ্ভনিৰোধৰ প্ৰতি থকা অৱহেলাই কামবোৰ অধিক জটিল কৰি তোলে

৭ এপ্ৰিল, ২০২১ | অনুভা ভোসলে

‘মোৰ নজনী ছোৱালী আৰু এই দহ নম্বৰজন ল’ৰা’

পুত্ৰসন্তান জন্ম দিয়াৰ বাবে পৰা হেঁচা আৰু তেনেই সীমিত পৰিয়াল পৰিকল্পনাৰ বিকল্প থকা গুজৰাটৰ ধোলকা তালুকৰ ভাৰৱাড় পশুপালক সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে জন্মনিৰোধ কিম্বা প্ৰজনন বিষয়ক অধিকাৰ এইবোৰ কেইটামান শব্দহে মাথো

১ এপ্ৰিল, ২০২১ | প্ৰতিষ্ঠা পাণ্ডিয়া

‘পঢ়ি থাকিলে মোক কোনে বিয়া পাতিব বুলি তেওঁ প্ৰশ্ন কৰে’

বিহাৰৰ সমষ্টিপুৰ জিলাৰ মহাদলিত সম্প্ৰদায়ৰ কিশোৰীসকলে পঢ়াশালি আৰু নিজৰ সপোন দুয়োটাই এৰি বিয়াত নবহিলে সমাজৰ নিন্দা-তিৰস্কাৰেই নহয়, শাৰীৰিক অত্যাচাৰৰো সন্মুখীন হয়, তাৰে কিছুমানে বাধা দিয়াৰ চেষ্টা কৰে, কিছুমানে সেও মানে

২৯ মাৰ্চ, ২০২১ | অম্ৰুতা ব্যাটনাল

‘আমাৰ কাৰ্য্যালয় আৰু শোৱা ঠাই একেখনেই’

সা-সুবিধা আৰু ঠাইৰ অভাৱত বিহাৰৰ দাৰভাঙা জিলাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এখনৰ স্বাস্থ্যকৰ্মীয়ে কাৰ্য্যালয়ৰে ৱাৰ্ডৰ বিচনাত আৰু কেতিয়াবা মজিয়াতে শুবলগীয়া হৈ আহিছে

২৬ মাৰ্চ, ২০২১ | জিজ্ঞাসা মিশ্ৰা

আগদিনা গৰ্ভতে মৃত ঘোষণা, পিছদিনা জন্মৰ প্ৰমাণপত্ৰ

বিহাৰৰ বৈশালী জিলাৰ এখন স্বাস্থ্যকেন্দ্ৰত আলট্ৰাচাউণ্ডৰ মেচিনটোত মকৰাই জাল বান্ধিছে, কৰ্মচাৰীসকলে ধন দাবী কৰে, আৰু এটা পৰিয়ালক তেওঁলোকৰ গৰ্ভস্থ শিশুটি মৃত বুলি ক’লে – যাৰ ফলত তেওঁলোকে এখন ব্যক্তিগত ক্লিনিকলৈ খৰখেদাকৈ গৈ বহুত খৰচ কৰিবলগীয়া হ’ল

২২ ফেব্ৰুৱাৰী, ২০২১ | জিজ্ঞাসা মিশ্ৰা

জৰাজীৰ্ণ স্বাস্থ্যকেন্দ্ৰ, ‘ডিগ্ৰীবিহীন’ ডাক্তৰ

তাকৰীয়া কৰ্মচাৰীৰে চলা বন্য জীৱ-জন্তুৰ বিচৰণভূমি হৈ পৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ অৱস্থা তেনেই শোচনীয়, তাতে আকৌ নেটৱৰ্ক নাইকিয়া পৰিৱেশ আৰু হস্পিতাললৈ ভয়- এই সকলোবোৰ মিলি এটা কথা নিশ্চিত কৰিছে যাতে বিহাৰৰ বৰাগাওঁ খূৰ্দ গাঁৱৰ গৰ্ভৱতী মহিলাই সদায় কৰাৰ দৰে ঘৰতে সন্তান জন্ম দিয়ে

১৫ ফেব্ৰুৱাৰী, ২০২১ | অনুভা ভোসলে আৰু বিষ্ণু সিং

আলমোড়াত হাজাৰ পাহাৰ বগাইহে সন্তান সম্ভৱ

উত্তৰাখণ্ডৰ দুৰ্গম পৰ্বতীয়া যাতায়াতৰ শোচনীয় ব্যৱস্থা আৰু অতিপাত খৰছে বহুতকে ঘৰতে প্ৰসৱ কৰিবলৈ বাধ্য কৰায়, তাৰেই আলমোড়া জিলাখনত যোৱাবছৰ ৰানো সিঙে হস্পিতাললৈ পাহাৰৰ ঠিয় বাট এটাৰ আধামান অতিক্ৰম নৌকৰোঁতেই সন্তান প্ৰসৱ কৰিছিল

১১ ফেব্ৰুৱাৰী, ২০২১ | জিজ্ঞাসা মিশ্ৰা

বলপূৰ্বক বন্ধ্যাকৰণ, নিৰ্মম মৃত্যু

দেখদেখকৈ নিয়ম অমান্য কৰি আৰু বিবেচনা কৰাৰ অকণো সময় নিদি ‘শিবিৰ’ত বন্ধ্যাকৰণ কৰোৱাৰ পাছতে যোৱা বছৰ ৰাজস্থানৰ বান্সি গাঁৱৰ ভাৱনা সুথাৰৰ মৃত্যু হয়, এতিয়াও তেওঁৰ স্বামী দীনেশে ন্যায়ৰ আশা এৰা নাই

২০ নৱেম্বৰ, ২০২০ | অনুভা ভোসলে

‘মোৰ গৰ্ভধাৰণৰ নৱম মাহতো গ্ৰাহক’

চাৰিবাৰকৈ গৰ্ভপাত, এজন সুৰাসক্ত স্বামী আৰু কাৰখানাৰ কামৰ পৰা অপসাৰিত হোৱা দিল্লী নিবাসী হানী পঞ্চমবাৰৰ বাবে গৰ্ভধাৰণ কৰাৰ ৫ মাহৰ সময়ত যৌনকৰ্মী হৈ পৰে আৰু তেতিয়াৰে পৰা এক যৌনৰোগ লৈ জীয়াই থাকিবলগা হৈছে। এতিয়া তলাবন্ধৰ সময়চোৱাত উপাৰ্জনৰ বাট নাইকিয়া হৈছে

১৫ অক্টোবৰ, ২০২০ | জিজ্ঞাসা মিশ্ৰা

‘মোৰ পত্নীৰ সংক্ৰমণ কেনেকৈ হ’ব পালে?’

বন্ধ্যাকৰণৰ পিছত আৰম্ভ হোৱা বিষত তিনি বছৰ ভূগি চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে অসহায় হৈ দৌৰি ফুৰা, ক্ৰমাৎ ঋণৰ বোজা বাঢ়ি অহাৰ পিছত ৰাজস্থানৰ দাউছা জিলাৰ ২৭ বছৰীয়া সুশীলা দেৱীৰ অস্ত্ৰোপচাৰ কৰি গৰ্ভাশয় আঁতৰাই পেলাবলগীয়া হয়

৩ ছেপ্টেম্বৰ, ২০২০ | অনুভা ভোসলে আৰু সংস্কৃতি তলৱাৰ

‘ডাক্তৰে কয় মোৰ হাড়বোৰ ফোপোলা হৈ গৈছে’

ওৰেটো জীৱন বেমাৰে পিছ নেৰা আৰু জৰায়ু আঁতৰোৱাকে ধৰি কেবাটাও অস্ত্ৰোপচাৰে কুঁজা কৰি পেলোৱা পুণে জিলাৰ হাডাশী গাঁৱৰ বিবাবাঈ লয়াৰে এতিয়াও পথাৰত কাম কৰিবলৈ এৰা নাই, আনফালে পক্ষাঘাত হোৱা গিৰীয়েকৰো তেওঁ শুশ্ৰূষা কৰে

২ জুলাই, ২০২০ | মেধা কালে

‘মোৰ জৰায়ু ওলাই আহে’

মহাৰাষ্ট্ৰৰ নান্দুৰবাৰ জিলাৰ জৰায়ু স্থানচ্যুত হোৱ ভিল সম্প্ৰদায়ৰ মহিলাই চিকিৎসাৰ সুবিধা নাপায়। ৰাস্তা আৰু ম’বাইল ফোনৰ সংযোগৰ ব্যৱস্থা নথকা ঠাইখনত বিৰামহীন কঠোৰ পৰিশ্ৰম আৰু যন্ত্ৰণাময় বিষৰ মাজেৰে তেওঁলোকে জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছে

১৭ ছেপ্টেম্বৰ, ২০২০ | জ্যোতি চিন’লি

‘ডাক্তৰে গৰ্ভাশয় আঁতৰোৱাৰ পৰামৰ্শ দিছিল’

গৰ্ভাশয় আঁতৰোৱাৰ বাবে বাধ্য কৰাই মানসিকভাৱে অনগ্ৰসৰ মহিলাৰ যৌন আৰু প্ৰজনন স্বাস্থ্য অধিকাৰ প্ৰায়ে উলংঘা কৰি অহা হৈছে। কিন্তু মহাৰাষ্ট্ৰৰ ৱাডি গাঁৱত মালন মৌৰেক ভাগ্যৱতী বুলিয়েই ক’ব লাগিব যে মাকে তেওঁৰ কাষত থিয় দিছে

৯ জুন, ২০২০ | মেধা কালে

‘১২ টা সন্তানৰ পাছত সেয়া নিজে নিজেই অন্ত পৰিল’

সাংস্কৃতিক ৰীতি-নীতিৰ লগত জড়িত কাৰণ, সাধ্যাতীত স্বাস্থ্য সেৱা আৰু সেৱা যোগানকাৰীৰ হাৰিয়ানা বিৱান গাঁৱৰ মেও মুছলমানৰ মাজত নিৰোধকৰ প্ৰৱৰ্তন দুঃসাধ্য আৰু মহিলাসকল সন্তান জন্ম দিয়াৰ জালত বান্ধ খাই পৰিছে

২০ মে’, ২০২০ | অনুভা ভোসলে আৰু সংস্কৃতি তলৱাৰ

তলাবন্ধত আৱদ্ধ স্কুলীয়া ছাত্ৰীঃ মাহেকীয়াৰ মৌলিক লাগতিয়ালখিনিও নাই

তলাবন্ধৰ কাৰণে স্কুল বন্ধ হৈ পৰাত থকাত উত্তৰ প্ৰদেশৰ চিত্ৰকূট জিলাৰ দুখীয়া পৰিয়ালৰ ছাত্ৰীসকলে মাহেকীয়াত ব্যৱহাৰ কৰা বিনামূলীয়া ছেনিটেৰি নেপকিন নোপোৱা হ’ল আৰু ক্ষতিকাৰক উপায় অৱলম্বন কৰিবলৈ ধৰিলে। কেৱল উত্তৰ প্ৰদেশতে এনে ছোৱালীৰ সংখ্যা কেইবালাখো হ’ব

১২ মে’, ২০২০ | জিজ্ঞাসা মিশ্ৰা

গ্ৰামীণ স্বাস্থ্য সুচাংকৰ পৰিৱৰ্তে গৰু-ম’হৰহে গন্তি

সামান্য বেতন আৰু অন্তহীন সমীক্ষা, প্ৰতিবেদন আৰু লানি নিচিগা কামৰ বোজাৰ মাজতে সুনীতা ৰাণীকে ধৰি সোণিপত জিলাৰ আন আশাকৰ্মীয়ে গ্ৰাম্য পৰিয়ালৰ প্ৰজনন স্বাস্থ্য সংক্ৰান্ত কাম-কাজ চলাই নিবলৈ দিন-ৰাতি এক কৰিবলগীয়া হৈছে

৮ মে’, ২০২০ | অনুভা ভোসলে আৰু পল্লৱী প্ৰসাদ

নিলগিৰিত আজন্ম পুষ্টিহীনতা

মাতৃসকলৰ ৰক্তহীনতা, দুবছৰীয়া শিশুৰ ওজন ৭ কিলোগ্ৰাম, সুৰাসক্তি, নিম্নগামী উপাৰ্জন আৰু বনাঞ্চলৰ প্ৰৱেশ-সুচলতা নাইকিয়া হোৱা আদি কাৰকবোৰে তামিলনাডুৰ গুডালুৰৰ আদিবাসী মহিলাসকলক তীব্ৰ পুষ্টিহীনতাৰ দিশে ঠেলি দিছে

১ মে’, ২০২০ | প্ৰীতি ডেভিড

'নাতিল’ৰাৰ আশাত আমাৰ এতিয়া চাৰিটা সন্তান’

দিল্লীৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগৰ হাৰিয়ানাৰ হাৰ্চানা কালান গাঁৱৰ মহিলাই পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ হাতোৰাত আবদ্ধ নিজৰ জীৱন আৰু সন্তান সন্দৰ্ভত নিজা মতামত আৰু নিয়ন্ত্ৰণৰ হকে কৰা সংগ্ৰামৰ বৰ্ণনা দিছে

২১ এপ্ৰিল, ২০২০ | অনুভা ভোসলে আৰু সংস্কৃতি তলৱাৰ

‘এতিয়া ছাগলীকেইটাই মোৰ সন্তানৰ দৰে’

বন্ধ্যাত্বৰ বাবে যথোচিত চিকিৎসা প্ৰদানত ব্যৰ্থ গ্ৰামীণ স্বাস্থ্যসেৱাৰ পৰিণামস্বৰূপে মহাৰাষ্ট্ৰৰ নন্দৰ্বাৰ জিলাৰ ধড়গাওঁ অঞ্চলৰ ভিল জনগোষ্ঠীৰ মহিলাই সামাজিক কালিমা আৰু বহিষ্কৰণৰ মাজত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে

১৩ এপ্ৰিল, ২০২০ | জ্যোতি চিন’লি

'যোৱা বছৰ এজনমাত্ৰ পুৰুষে নিৰ্বীৰ্য্যকৰণৰ বাবে মান্তি হৈছিল’

পৰিয়াল পৰিকল্পনাত ‘পুৰুষৰ অংশগ্ৰহণ’ৰ চৰ্চা যিমানেই নহওঁক লাগিলে, বাস্তৱতঃ বিহাৰৰ বিকাশ মিত্ৰ আৰু আশাকৰ্মীয়ে পুৰুষক নিৰ্বীৰ্য্যকৰণৰ বাবে সৈমান কৰোৱাত তেনেই নগণ্য সফলতা লাভ কৰিছে, সেয়ে গৰ্ভনিৰোধ কেৱল মহিলাৰ মাজতে সীমাবদ্ধ হৈ ৰৈছে

১৮ মাৰ্চ, ২০২০ | অম্ৰুতা ব্যাতনাল

‘তেওঁলোকক মাথোন একোটা ঔষধৰ বড়ি দি পঠিয়াই দিয়া হ’ল’

চত্তীশগড়ৰ নাৰায়নপুৰ জিলাৰ সকলো সা-সুবিধা থকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ যোৱা বহু আদিবাসী মহিলাৰ বাবে সম্ভৱ নহয়, সেয়ে গৰ্ভপাত বা সন্তান প্ৰসৱ কৰাটো বিপজ্জনক বুলি জানিও সকলোৱে অৰ্হতাহীন চিকিৎসকৰ কাষ চাপে

১১ মাৰ্চ, ২০২০ | প্ৰীতি ডেভিড

‘সমস্যাৰ ওৰ পৰিল’- নেহাই বন্ধ্যাকৰণ কৰালে

২০১৬ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছৰে পৰা বন্ধ্যাকৰণ শিবিৰ গুছি বন্ধ্যাকৰণ দিৱসে আহিল, কিন্তু ঘাইকৈ মহিলাসকলৰেই বন্ধ্যাকৰণ কৰোৱা হয়। উত্তৰ প্ৰদেশৰ বহুতেই আধুনিক গৰ্ভনিৰোধ পদ্ধতিৰ অভাৱত বন্ধ্যাকৰণ কৰিবলগীয়া হয়

২৮ ফেব্ৰুৱাৰী, ২০২০ | অনুভা ভোসলে

কূৱালাপুৰমৰ কৌতূহলজনক অতিথিশালাটো

মাদুৰাই জিলাৰ কূৱালাপুৰমৰ লগতে আন চাৰিখন গাঁৱত মহিলাক এতিয়াও ‘অতিথিশালা’ত একাষৰীয়াকৈ ৰখা হয়। ইশ্বৰৰ কোপ আৰু মানুহৰ ৰোষৰ বলি হোৱাৰ ভয়ত কোনেও এই বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে মাত নামাতে

২০ ফেব্ৰুৱাৰী, ২০২০ | কবিথা মুৰালীধৰণ
Translator : PARI Translations, Assamese