এছ ৰামাস্বামীয়ে মোক তেওঁৰ পুৰণি লগৰীয়াজনৰ সৈতে পৰিচয় কৰোৱালে। তেওঁৰ লগৰীয়াজনক চাবলৈ কিমানযে মানুহ আহে: টিভি চেনেলৰ মানুহ, আই.এ.এছ., আই.পি.এছ. আৰু কত কিমান মানুহ, তেওঁ তাকে লৈ গৌৰৱ কৰে। গৌৰৱ নকৰিবনো কিয়, তেওঁ যে তেওঁৰ ভি.আই.পি. লগৰীয়াজনৰ কথা কৈ আছে।

তেওঁৰ লগৰীয়াজন হৈছে ২০০ বছৰ পুৰণি এডাল গছ: মালিগামপাট্টুৰ সেই মহান আইৰামকাচি গছডাল।

আইৰামকাচি এডাল পালা মাৰাম গছ, মানে কঠালৰ গছ। ইমান বহল, ওখ আৰু ফলদায়ী গছ যে সেইডালৰ চাৰিওফালে ঘুৰিবলৈ ২৫ ছেকেণ্ড সময় লাগে। সেউজীয়া ৰঙৰ এশমান ফল গছডালৰ প্ৰাচীন গাগছৰ পৰা ওলমি আছে। গছডালৰ সন্মুখত থিয় হোৱাটো এক সন্মানৰ কথা। গছডালৰ চাৰিওফালে খোজ কাঢ়িব পোৱাটো এক বিশেষ অনুগ্ৰহ। ৰামাস্বামীয়ে মোৰ ফালে চাই মিচিকিয়াই হাঁহিছে। এক সুখপ্ৰদ আৰু গৌৰৱৰ ভাৱে তেওঁৰ চকুত তিৰবিৰ কৰিছে। ৭১ বছৰ বয়সত তেওঁ বহু দৰ্শকক এনেদৰে অভিভূত হৈ পৰা দেখিছে। তেওঁ আৰু অলপ কথা যোগ দিছে…

“আমি আছো কুৰালোৰ জিলাৰ পানৰুটি উন্নয়ন খণ্ডৰ মালিগামপাট্টু ক্ষুদ্ৰ গাঁৱত,” ৰঙচুৱা ধুতি আৰু কান্ধত এখন বগা গামোচা লৈ তেওঁ সেই বৃহদাকাৰ গছজোপাৰ তলত ৰৈ কৈ গ’ল। “এই গছজোপা মোৰ পুৰ্বপুৰুষে ৰুইছিল, পাঁচটা প্ৰজন্মৰ আগতে। আমি গছডালক আইৰামকাচি মানে সহস্ৰ ফলদাতা বুলি কওঁ। এতিয়া অৱশ্যে বছৰত ২০০ৰ পৰা ৩০০ ফল ধৰে আৰু ৮ৰ পৰা ১০ দিনত পকে। কোঁহবোৰ বৰ সোৱাদলগা, ৰংটোও আকৰ্ষণীয় আৰু নপকা কোঁহবোৰে বিৰিয়ানি কৰি খাব পাৰি।” আৰু আধামিনিট সময় তেওঁ গছডালৰ গুণ বখানিলে। গছডালৰ দৰে তেওঁ কথাবোৰো সময়ৰ লগে লগে পৰিপক্ক হৈ উঠিছে।

PHOTO • M. Palani Kumar

প্ৰিয় সংগী আইৰামকাচি, ২০০ বছৰ পুৰণি বিশাল কঠাল গছডালৰ সৈতে এছ ৰামাস্বামী

পাৰিয়ে তামিলনাডুৰ কুৰালুৰ জিলাৰ কঠাল খেতিয়ক আৰু বেপাৰীসকলক লগ পাবলৈ ২০২২ৰ এপ্ৰিলৰ মাজভাগত পানৰুটি উন্নয়ন খণ্ডলৈ প্ৰথমবাৰ গৈছিল। ৰাজ্যখনত আটাইতকৈ বেছি কঠাল উৎপাদন এই চহৰখনত ঘাইকৈ ফেব্ৰুৱাৰীৰ পৰা জুলাই মাহলৈ দোকানে দোকানে শাৰী শাৰীকৈ হাজাৰ হাজাৰ কঠাল সজোৱা থাকে। পাইকাৰী হাৰত বিক্ৰী কৰিবলৈ চহৰখনত প্ৰায় একেলগে দুই ডজনমান দোকানে মাণ্ডি হিচাপে আছে। প্ৰতিদিনে ট্ৰাকে ট্ৰাকে চুবুৰীয়া গাঁৱৰ পৰা কঠাল আহে আৰু চেন্নাই, মাদুৰাই, চালেমকে ধৰি একেবাৰে অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ মুম্বাই পৰ্য্যন্ত এই কঠাল যায়।

এনে এখন দোকান, আৰ বিজয়কুমাৰ নামৰ মানুহজনৰ এনে এখন দোকানত মই ৰামাস্বামী আৰু তেওঁৰ ঐতিহ্য বহনকাৰী গছডালৰ কথা জানিবলৈ পালো। “তেওঁক দেখা কৰকগৈ, তেওঁ সকলো ক’ব,” বিজয়কুমাৰে মোৰ কাৰণে ৰাস্তাৰ কাষৰ দোকান এখনৰ পৰা চাহ আনি খুৱাই মোক নিশ্চিত কৰি ক’লে। কাষৰে বেঞ্চখনত বহি থকা বয়সস্থ কৃষকজনকৈ দেখুওৱাই ক’লে, “তেওঁক লগত লৈ যাওক।”

মালিগামপাট্টু তাৰ পৰা পাঁচ কিলোমিটাৰ দূৰত আছিল। কাৰ এখনত যাওতে ১০ মিনিট সময় লাগিল আৰু খেতিয়কজনে মোক নিৰহ-নিপানীকৈ বুজাই দিলে। “সোঁফালে ঘুৰি সেই ৰাস্তাটোৰে নামি গৈ তাতে ৰ’ব, সেয়াই ৰামাস্বামীৰ ঘৰ,” এটা ডাঙৰ ক’লা-বগা কুকুৰে পহৰা দি থকা ঘৰ এটালৈ আঙুলিয়াই তেওঁ কয়। বাৰান্দাত এখন ঝুলনা আছে, কেইখনমান চকী আৰু দুৱাৰখন বৰ ধুনীয়াকৈ খাজ কটা। মৰাপাটৰ বস্তাবোৰ খেতিৰ সামগ্ৰীৰে ভৰি আছে। বেৰত ফটোগ্ৰাফ আৰু কেলেণ্ডাৰ আদি আঁৰি থোৱা আছে।

ৰামাস্বামীয়ে আমি আহিম বুলি ভবা নাছিল। কিন্তু আমাক বহিবলৈ দি কেইখনমান কিতাপ আৰু ফটোগ্ৰাফ আনিলে। অনুসন্ধিৎসু দৰ্শকক কেনেকৈ আঁত ধৰি বুজাব লাগে, তেওঁ জানে। এপ্ৰিলৰ সেই উষ্ম আবেলিটোত কাৰুৱাৰু (শুকান মাছ) বিক্ৰী কৰি থকা মহিলা দুগৰাকীৰ কাষত প্লাষ্টিকৰ চকীত বহি তেওঁ আমাক কঠালৰ বিষয়ে দুই-তিনিটা কথা শিকালে…

*****

PHOTO • Aparna Karthikeyan
PHOTO • M. Palani Kumar

কুৰালুৰ জিলাৰ পানৰুটি ব্লকৰ মালিগামপাট্টু ক্ষুদ্ৰ গাঁৱত ৰামাস্বামীয়ে বিশ্বৰ আটাইতকৈ ডাঙৰ ফলবোৰৰ এবিধ, কঠালৰ খেতি কৰে। তেওঁৰ বাগানৰ আটাইতকৈ পুৰণি গছজোপা, আইৰামকাচি ৰুইছিল তেওঁৰ পাঁচটা প্ৰজন্মৰ আগৰ পুৰ্বপুৰুষে

বিশ্বৰ আটাইতকৈ ডাঙৰ ফলবোৰৰ মাজৰ এটা, এই কঠাল দক্ষিণ ভাৰতৰ পশ্চিমঘাটৰ স্থানীয় ফল। এই নামটো আহিছে পৰ্টুগীজ জেকা শব্দৰ পৰা। এই নামটো আকৌ মালায়ালম চাক্কাৰ পৰা লোৱা হৈছিল। বৈজ্ঞানিক নামটো অলপ জটিল: Artocarpus heterophyllus ।

কিন্তু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে এই সেউজীয়া কাঁইটিয়া আচহুৱা ফলবিধ লক্ষ্য কৰাৰ আগতে তামিল কবিৰ নজৰত পৰিছিল, ২০০০ বছৰ আগতে লিখা প্ৰেমৰ কবিতাত এই ফলবিধৰ উল্লেখ থকাটো মন কৰিবলগীয়া।

তোমাৰ এই অশ্ৰুসিক্ত নয় এৰি
সি নিজৰ জনাজাত দেশলৈ গুছি গ’ল
সেই পাহাৰলৈ যিখন কঠালৰ গছেৰে ভৰি আছে
আৰু সেই সুগন্থী মঙহাল ফল এটা
শিলাময় পাহাৰৰ পৰা বাগৰি পৰিল
আৰু কোঁহবোৰ ওলাই পৰিল

আইনকুৰুনুৰু - ২১৪ , সংগম কাব্য

আন এঠাইত চেন্টিল নাথানে যিটো “কাপিলাৰ বিস্ময়কৰ কবিতা” বুলি অনুবাদ কৰিছে, তাত পকা কঠাল এটাক মহান প্ৰেমৰ সৈতে তুলনা কৰা হৈছে।

সৰু ঠানি এটাত যেনেকৈ এই ডাঙৰ ফলটো ধৰিছে,
তেনেকৈ তাইৰ জীৱনটো তেনেই সৰু যদিও তাইৰ ভালপোৱা সুবিশাল!

কুৰুনটকাই - ৮ , সংগম কাব্য

খ্ৰীষ্টপূৰ্ব ৪০০ শতাব্দীৰ আগতে লিখা বৌদ্ধধৰ্মীয় আৰু জৈন সাহিত্যতো কল, আঙুল, নেমু আদিৰ উপৰিও কঠালৰ উল্লেখ আছে, ইণ্ডিয়ান ফুড: এ হিষ্টৰিকেল কম্পেনিয়ন গ্ৰন্থখনত কে.টি. আচায়াই লিখেছে।

PHOTO • M. Palani Kumar

বাগানখনৰ নাচি থকা ছাঁ-পোহৰৰ মাজত ৰামাস্বামীয়ে থমকি ৰৈছে আৰু পুৰণি গছবোৰৰ কাহিনী কৈছে

১৬ শতিকালৈ পিছুৱাই গৈছো। তেতিয়াৰ সম্ৰাট বাবৰে (এজন “সুন্দৰ দিনলিপি লিখোতা”) হিন্দুস্তানৰ ফলবোৰৰ “খুব সঠিকভাৱে বৰ্ণনা” কৰি গৈছে, আচায়াই তেওঁ গ্ৰন্থখনত লিখিছে। তেওঁ কঠাল সিমান এটা ভাল নাপাইছিল। তেওঁ বৰ্ণনাতে সেই কথা ওলাই পৰিছে। তেওঁ কঠালক “ছাগলীৰ ভোঁহ নাম দিছে” আৰু “মৰ মিঠা” বুলি কৈছে।

তামিলনাডুত অৱশ্যে ই জনপ্ৰিয় ফল। তামিল ভাষাটো তিনিটা ফলৰ মিঠা ৰসৰ সাঁথৰ আৰু ফকৰা-যোজনাৰে ভৰি আছে, ফল তিনিবিধ হৈছে মা, পালা, বাৰাই (আম, কঠাল, কল)। ইৰা পঞ্চবৰণমে কঠালক লৈ তেওঁৰ বিস্তৃত গ্ৰন্থ পালা মাৰাম : ফলৰ ৰজা নামৰ গ্ৰন্থখনত এনে বহু প্ৰবাদ-বচনৰ কথা উল্লেখ কৰিছে। তেনে এটা হৈছে:

মুল্লুকুল্লেই মুট্টুকুলায়াম। আদু এন্না? পালাপাৰাম।
(কাঁইটীয়া মুকুতাৰ খেতি চপালো, ফলবিধনো কি? উত্তৰ: কঠাল।)

ফলবিধে গৱেষণামূলক গ্ৰন্থ আদিতো ভাল ঠাই পাইছে। ইণ্টাৰনেচনেল জাৰ্নেল অৱ ফুড চায়েন্সৰ ২০১৯ৰ এখন গৱেষণা পত্ৰত আৰ.এ.এছ.এন. ৰানাসিংহেয়ে কৈছে যে “কঠাল গছৰ ফল, পাত আৰু বাকলি পৰম্পৰাগতভাৱে কৰ্কটৰোগ, অণুজৈৱিক, ভেঁকুৰ, প্ৰদাহ, ঘাঁ শুকোৱা আৰু শৰ্কৰা-অল্পতা আদি ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ ব্যৱহাৰ কৰা হৈছিল।” তথাপিও “যিটো অঞ্চলত কঠাল গছ বেছি হয়, তাতেই ইয়াৰ বাণিজ্যিক পৰ্য্যায়ৰ প্ৰক্ৰিয়াকৰণ তেনেই কম।”

*****

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: ৰামাস্বামীৰ বাগানত কঠালৰ পুলি এটা ৰোৱা হৈছে। সোঁফালে: সৰু সৰু সেউজীয়া কঠালৰ মুচি ধৰিছে, সোনকালেই গা গছডাল কঠালেৰে ভৰি পৰিব

কুৰালুৰ জিলাৰ পানৰুটি ব্লকটো হৈছে তামিলনাডুৰ কঠালৰ ৰাজধানী। কঠাল আৰু ইয়াৰ ভৌগোলিক দিশত ৰামাস্বামীৰ জ্ঞান অতি গভীৰ। কেনে পৰিৱেশত গছডাল ভালদৰে ডাঙৰ হয়, তেওঁ সেইবিষয়ে বুজাই কয়। ভূ-গৰ্ভস্থ পানীৰ স্তৰ য’ত মাটিৰ পৰা ৫০ ফুট তলত থাকে, তেনে ঠাইত কঠাল ভাল হয়। বৰষুণৰ কাৰণে জলস্তৰ বাঢ়িলে শিপাবোৰ পচিবলৈ ধৰে। “কাজুবাদাম আৰু আমগছে পানী শুহি ল’ব পাৰে, কিন্তু কঠালে নোৱাৰে,” তেওঁ আঙুলিয়াই দিয়ে। জলমগ্ন হ’লে কঠাল গছ নাবাচে।

তেওঁ হিচাপ কৰা মতে তেওঁ চুবুৰী মালিগামপাট্টুৰ ২০ কিলোমিটাৰমান ব্যাসাৰ্ধত এক-চতুৰ্থাংশত কঠালৰ খেতি কৰা হয়। ২০২২-২৩ৰ তামিলনাডু চৰকাৰৰ কৃষি নীতিৰ টোকাত কোৱা হৈছে যে ৩,১৮০ হেক্টৰ মাটিত কঠালৰ খেতি কৰা হয়। ইয়াৰে ৭১৮ হেক্টৰ কুৰালুৰ জিলাত আছে।

২০২০-২১ত কঠালৰ খেতি ভাৰতত ১৯১,০০০ হেক্টৰ মাটিত কৰা হৈছিল। কুৰালুৰ জিলাখন এইক্ষেত্ৰত আগৰণুৱা নহ’ব পাৰে, কিন্তু অঞ্চলটোত কঠালৰ খেতি অতি গুৰুত্বপূৰ্ণ। তামিলনাডুৰ প্ৰায় চাৰিটা কঠালৰ এটা এই অঞ্চলৰ পৰা আহে।

পালা মাৰামৰ অৰ্থনৈতিক মূল্য কিমান? ৰামাস্বামীয়ে কিছু ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে। এডাল ১৫ৰ পৰা ২০ বছৰ বয়সৰ গছ এডালৰ লীজত লোৱা মূল্য হৈছে ১২,৫০০ টকা, তেওঁ কয়। “পাঁচ বছৰীয়া কঠালৰ গছে এই দাম নাপায়। তেনে গছত তিনি-চাৰিটা ফল ধৰে। কিন্তু ৪০ বছৰীয়া গছ এডালত কমেও ৫০ টা কঠাল লাগে।”

গছবোৰ বাঢ়িলে ফলনো বাঢ়ে।

প্ৰতিডাল গছৰ পৰা হ’ব পৰা লাভৰ অংকটো অলপমান জটিল। এদিন ৰাতিপুৱা পানৰুটিত এদল কৃষকে মাণ্ডিত হিচাপ কৰি উলিয়াইছিল যে প্ৰতি ১০০ ডাল গছত তেওঁলোকে ২ৰ পৰা ২.৫ লাখ টকা উপাৰ্জন কৰিব পাৰে। ইয়াতে সাৰ, কীটনাশক, শ্ৰম, পৰিবহন আৰু কমিচনৰ নামত ৫০ৰ পৰা ৭০ হাজাৰ টকা ধৰা হৈছে।

২০০ বছৰ পুৰণি আইৰামকাচি গছডালৰ ফলৰ সৈতে ৰামাস্বামীৰ ফটোৰ সংগ্ৰহ

আকৌ সকলোবোৰ ইটোৰ ওপৰত সিটো নিৰ্ভৰ কৰে। এডাল গছত লগা ফলৰ সংখ্যা, এটা ফলৰ দাম, এক টনৰ দাম - একোৱে আগতীয়াকৈ নিৰ্ধাৰণ কৰিব পৰা নাযায়। চিজন অনুসৰি প্ৰতিটো ফলত ১৫০ৰ পৰা ৫০০ টকা পায়। তাতে আকৌ আকাৰৰ ওপৰতো কথা আছে। যিটো ৮ কিলোৰ পৰা ১৫ কিলো পৰ্য্যন্ত হ’ব পাৰে। কেতিয়াবা আকৌ ৫০ কিলো হয়, ৮০ কিলো হোৱাৰো বিৰল ঘটনা আছে। ২০২২ৰ এপ্ৰিলত এক টন কঠালৰ দাম আছিল ৩০,০০০ টকা। আৰু সাধাৰণতে ১০০ টা কঠালত এক টন হয়।

এইবাৰ আহিল কাঠৰ কথা। ৰামাস্বামীয়ে কয় যে ৪০ বছৰ পুৰণি গছ এডালৰ কাঠৰ পৰা “৪০,০০০ টকা উপাৰ্জন কৰিব পাৰি।” কঠাল গছৰ কাঠ বৰ ভাল। ই বৰ মজবুত আৰু পানী প্ৰতিৰোধ কৰে। “চেগুন কাঠতকৈও ভাল।” কাঠ হিচাপে বিক্ৰী কৰিবলৈ গছডাল ছফুট ওখ, বহল (তেওঁ হাতদুখন কেইফুটমান বহলাই দেখুৱায়) আৰু কোনো খুঁত থাকিব নালাগিব। গছডাল চাই ক্ৰেতাই দাম থিৰাং কৰে। খিৰিকীৰ চৌকাঠ বনাব পৰাকৈ যদি ভাল ডাল থাকে, তেন্তে তাৰ দাম ভাল পোৱা যায়, “যেনে এয়া,” ৰামাস্বামীয়ে তেওঁৰ পিছফালে থকা খিৰিকীখনৰ চৌকাঠৰ ফালে আঙুলিয়াই দি কয়।

তেওঁৰ পিতৃপুৰুষে সজা ঘৰটোৰ মূল দুৱাৰৰ চৌকাঠ কঠাল গছৰ কাঠেৰে বনোৱা। নতুন ঘৰটো, য’ত তেওঁ থাকে, তাৰ আলংকাৰিক সজ্জা তেওঁৰ নিজৰ মাটিতে হোৱা চেগুন কাঠেৰে নিৰ্মিত। “তাতোকৈ পুৰণি ভিতৰত আছে,” তেওঁ কয়। তেওঁঁ আমাক পিছত দুখন দৰ্জাৰ চৌকাঠ দেখুৱাইছে, ফ্ৰেমকেইটা বয়সৰ লগে লগে উৱলিছে। ঘৰৰ পিছফালে থকা কাৰণে কিছু অৱহেলাও কৰা হৈছে। “এইবোৰ ১৭৫ বছৰ পুৰণি,” তেওঁ গৌৰৱেৰে কয়।

তাৰপিছত তেওঁ মোক পুৰণি কাঞ্জিৰা নামৰ এবিধ বাদ্যযন্ত্ৰ দেখুৱালে, সেই বাদ্যযন্ত্ৰবিধো কঠালৰ কাঠৰ পৰা বনোৱা। ঢোলৰ আকৃতিটোৰ এফালে উৰুম্বু থোল (গুঁইসাপৰ ছাল)ৰে বনোৱা। বীণা আৰু মৃদংগ বনোৱাটো কঠালৰ গছ ব্যৱহাৰ কৰা হয়। “এইটো মোৰ দেউতাৰ,” ৰামাস্বামীয়ে হাতত থকা কাঞ্জিৰাটো দেখুৱাই কয়। কাঞ্জাৰিটো সামান্য বাজি উঠে।

গছ আৰু শস্যৰ প্ৰচুৰ জ্ঞানৰ উপৰিও মুদ্ৰা সংগ্ৰহকাৰী। তেওঁ এখন কিতাপ উলিয়ালে য’ত বছৰ আৰু বিৰলতা অনুসৰি মুদ্ৰাবোৰ সজোৱা আছে। তেওঁ এনে এটা মুদ্ৰা কেইটামান বিচাৰি উলিয়ালে যিকেইটাৰ বাবে তেওঁক ৬৫,০০০ৰ পৰা ৮৫,০০০ টকা আগবঢ়োৱা হৈছিল। “কিন্তু মই বিক্ৰী নকৰিলো,” তেওঁ মিচিকিয়াই হাঁহি কয়। মই মুদ্ৰাবোৰ প্ৰশংসা কৰি থকাৰ মাজতে তেওঁৰ পত্নীয়ে মোলৈ ফলাহাৰ আগবঢ়ালে। সোৱাদলগা কাজুবাদাম আৰু এলান্দা পাৰাম (বগৰী)। সেইবোৰ বৰ নিমখীয়া আৰু টেঙা। আৰু আমাৰ সাক্ষাতৰ প্ৰতিটো ক্ষণৰ দৰে সন্তুষ্টিদায়ক।

*****

PHOTO • M. Palani Kumar

কঠাল পৰাটো এটা জটিল আৰু কৌশলী কাম। গছ বগোৱাত পাকৈত মানুহ এজনে ডাঙৰ কঠাল এটা পাৰিবলৈ গছৰ ওপৰলৈ উঠিছে

PHOTO • M. Palani Kumar

ফলবোৰ ডাঙৰ হ’লে আৰু ওখত থাকিলে, সেইবোৰ কাটি ৰছীৰে তললৈ লাহে লাহে নমোৱা হয়

আইৰামকাচি গছডাল এজন প্ৰখ্যাত বেপাৰীক লীজত দিয়া হৈছে। “আমি কঠাল কেইটামান ৰাখিলেও তেওঁলোকে একো নকয়। আনকি গোটেইখিনি নিলেও একো নকয়,” তেওঁ মিচিক্ কৰে হাঁহি কয়। যদিও এই গছডালক আইৰামকাচি, সহস্ৰ ফলদায়ী বুলি কোৱা হয়, বছৰী লগা কঠালৰ সংখ্যা তাৰে এক তৃতীয়াংশ বা এক পঞ্চমাংশহে। কিন্তু এইডাল বিখ্যাত গছ আৰু ইয়াৰ ফলবোৰৰ চাহিদা বেছি। মধ্যমীয়া আকাৰৰ এটা ফলত ২০০ মান কোঁহ থাকে। “ফলবোৰ বৰ মিঠা আৰু ৰান্ধিবলৈও ভাল,” ৰামাস্বামীয়ে বৰ তৃপ্তিৰে কয়।

সাধাৰণতে গছডাল পুৰণি হ’লে গাগছডাল ডাঙৰ হৈ গৈ থাকে আৰু ফলৰ সংখ্যা বাঢ়ে, ৰামাস্বামীয়ে কয়। “কিমানটা ফল ডাঙৰ হ’বলৈ এৰিব লাগে, সেয়া গছডাল চোৱাচিতা কৰা মানুহে জানে। এডাল কম বয়সীয়া গছত যদি বেছিকৈ ফল লাগে, ফলবোৰ পিছলৈ ডাঙৰ নহ’ব,” তেওঁ হাতদুখনেৰে যেন নাৰিকল এটাহে ধৰি আছে, তেনেকৈ কল্পনা কৰি দেখুৱালে। সাধাৰণতে খেতিয়কে কঠাল ডাঙৰ কৰিবলৈ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে। এশ শতাংশ জৈৱিকভাৱে ফল ডাঙৰ কৰাটো অসম্ভৱ নহ’লেও কঠিন কাম, ৰামাস্বামীয়ে কয়।

“এডাল ডাঙৰ গছত যদি আমি কমকৈ ফল লাগিবলৈ এৰো, তেতিয়া কঠালবোৰ ডাঙৰ হ’ব আৰু গধুৰো হ’ব। কিন্তু তাত ৰিস্কো নথকা নহয়। তাত পোকে ধৰিব পাৰে, বৰষুণে নষ্ট কৰিব পাৰে, ধুমুহাত পৰি যাব পাৰে। আমি সেয়ে বেছি লোভ নকৰো,” তেওঁ হাঁহি মাৰি কয়।

তেওঁ কঠাল গছৰ কিতাপ এখন উলিয়াই আমাক ফটো দেখুৱায়। “ডাঙৰ ফল কেনেকৈ সংৰক্ষণ কৰে চাওক… তেওঁলোকে খৰাহী বনাই ফলটো ধৰি ৰাখে আৰু সাৱধানে সেয়া ৰছীৰে গছৰ ঠানিত বান্ধি ৰাখে। এনেদৰে ফলটো ধৰি ৰখা হয় আৰু পৰি নাযায়। তেওঁলোকে যেতিয়া ফলটো পাৰে, তেতিয়া ৰছীডাল লাহে লাহে নমায় আৰু এনেকৈ সাৱধানে কঢ়িয়ায়,” মানুহ এটাৰ সমান ডাঙৰ কঠাল এটা ভাৰ বান্ধি কঢ়িয়াই লৈ যোৱা মানুহ দুজনৰ ফটো দেখুৱায় তেওঁ কয়। ৰামাস্বামীয়ে প্ৰতিদিনে তেওঁৰ গছবোৰ নিৰীক্ষণ কৰে আৰু ফলবোৰত কিবা খুঁত আছে নেকি চায়। “তাৰপিছত আমি এডাল ৰছীৰ খৰাহী বনাই ফলটো ধৰি ৰাখো।”

কেতিয়াবা যতন ল’লেও ফলটো ভাঙি যায়। সেইবোৰ গৰু-ম’হৰ দানা হিচাপে ব্যৱহাৰ কৰা হয়। “সেই কঠালকেইটা দেখিছে? সেইবোৰ পৰি গ’ল আৰু বিক্ৰী নহয়। মোৰ ছাগলী-গৰুকেইটাই এইবোৰ খাই খুব ভাল পাব।” কাৰুবাৰু বিক্ৰী কৰি থকা মহিলাকেইগৰাকী আজৰি হ’ল। মাছবোৰ লোৰ তুলাচনীত তুলি জুখি পাকঘৰলৈ নিয়া হ’ল। বিক্ৰেতাকেইগৰাকীক ডোচা খুওৱা হৈছে। তেওঁলোকে খাইছে আৰু আমাৰ কথা শুনিছে আৰু মাজে মাজে আমাৰ কথাৰ মাজত যোগ দিছে। “আমাক এটা কঠাল দিয়ক, কণমানিহঁতে খাবলৈ মন কৰে.” তেওঁলোকে ৰামাস্বামীক কৈছে। “অহামাহত এটা লৈ যাব,” তেওঁ উত্তৰ দিয়ে।

PHOTO • Aparna Karthikeyan

ৰামাস্বামীৰ বাগানৰ সন্মুখতে চুবুৰীয়া খেতিয়ক এজনে তেওঁৰ বাগানৰ কঠালবোৰ এটা শাৰীত থৈছে

এবাৰ কঠাল চপোৱাৰ পিছত সেইবোৰ মাণ্ডিৰ কমিছন এজেণ্টলৈ পঠিওৱা হয়, ৰামাস্বামীয়ে কয়। “ক্ৰেতা আহিলে তেওঁলোকে আমাক খবৰ দিয়ে আৰু দামৰ ক্ষেত্ৰত আমাৰ সন্মতি আছে নে নাই সেয়া চায়। আমি মানিলে তেওঁলোকে সেয়া বিক্ৰী কৰে আৰু আমাক টকাখিনি দিয়ে। তেওঁলোকে প্ৰতি ১০০০ টকাত ৫০ৰ পৰা ১০০ টকা লয়,” তেওঁ কয়, “দুয়োপক্ষৰ পৰা লয়।” ৰামাস্বামীয়ে সেই ৫ বা ১০ শতাংশ দিবলৈ ভালে পায়, কিয়নো তেনেকৈ “খেতিয়কজন বহুখিনি জঞ্জালৰ পৰা বাচি যায়।” “কোনোবাই কিনিবলৈ অহালৈকে আমি অপেক্ষা কৰি থাকিবলগীয়া নহয়। কেতিয়াবা ক্ৰেতা অহালৈ এদিনতকৈ বেছি সময় লাগে। আমাৰ বেলেগ কামো থাকে, নহয়নে? পানৰুটি চহৰত আমি ৰৈ থাকিব নোৱাৰো!“

দুটা দশক আগতে জিলাখনত আন বহুতো শস্যৰ খেতি হৈছিল, ৰামাস্বামীয়ে কয়। “আমি চাগু আৰু চীনাবাদামৰ বহুত খেতি কৰিছিলো। কাজুবাদামৰ ফেক্টৰিবোৰ বাঢ়ি অহাত শ্ৰমিকৰ অভাৱ ঘটিল। সেইকাৰণে বহু খেতিয়কে কঠালৰ খেতিত নামিল। কঠালৰ খেতিত শ্ৰমিকৰ কাম কম। আৰু লাগিলেও আন গাঁৱৰ পৰা আনিব পাৰি,” তেওঁ শুকান মাছ বিক্ৰী কৰা মহিলাকেইগৰাকীলৈ আঙুলিয়াই কয়।

কিন্তু কঠালৰ খেতি বহু খেতিয়কে এৰিছেও, ৰামাস্বামীয়ে কয়। ৰামাস্বামীৰ পাঁচ একৰ মাটিত প্ৰায় ১৫০ ডাল কঠালৰ গছ আছে। একেখিনি মাটিতে আকৌ কাজুবাাম, আম আৰু তেঁতেলীৰ গছো আছে। “কঠাল আৰু কাজুবোৰ লীজত দিয়া হৈছে। আমি আম আৰু তেঁতেলীবোৰ চপাও,” তেওঁ কয়। তেওঁ পালা মাৰামৰ গছবোৰ কমোৱাৰ কথা চিন্তা কৰিছে। “ইয়াৰ কাৰণ হৈছে ধুমুহা। থানে ঘূৰ্ণীবতাহত মই প্ৰায় ২০০ ডাল গছ হেৰুৱাইছো। আমি সেইবোৰ আঁতৰোৱাৰ চেষ্টা কৰিছো…ইমানবোৰ গছ উভালি পৰি আছে। তাৰ ঠাইত আমি কাজুৰ গছ লগাব পাৰিম।”

এনেকুৱা নহয় যে কাজু আৰু আন শস্যৰ গছবোৰৰ ধুমুহাত ক্ষতি নহয়, তেওঁ আঙুলিয়াই দি কয়, “কিন্তু তেনে শস্য লগোৱাৰ প্ৰথমটো বছৰৰ পৰাই ফল পোৱা য়ায়। তাৰোপৰি কাজুৰ গছৰ চোৱাচিতাও ইমান কৰিব নালাগে। কুৰালোৰ জিলাখন ধুমুহা বতাহৰ ঠাই, প্ৰতি দশকতে এবাৰ নহয় এবাৰ ধুমুহা আহে। কঠালৰ যিবোৰ গছ ১৫ বছৰ পুৰণি, য’ত বেছিকৈ ফল লাগে, তেনেবোৰ গছেই প্ৰথম বাগৰে। বৰ বেয়া লাগে,” কিমান লোকচান হয়, তাকে মুৰ জোকাৰি তেওঁ বুজাবলৈ চেষ্টা কৰে।

PHOTO • Aparna Karthikeyan
PHOTO • Aparna Karthikeyan

বাওঁফালে: ৰামাস্বামীয়ে পাৰ হৈ যোৱা বছৰবোৰত গোটোৱা কঠালৰ গছক লৈ লিখা কিতাপবোৰ, তাৰে কিছুমান বিৰল। সোঁফালে: মুদ্ৰা গোটোৱাত চখ থকা ৰামাস্বামীৰ হাতত ভালেমান বিৰল মুদ্ৰা আছে

কুৰালোৰ জিলাৰ ভৌগোলিক স্থিতিৰ প্ৰতিবেদনেও একেটা কথাকে কৈছে: দীঘলীয়া উপকূলৰেখাৰে জিলাখন “ঘূৰ্ণীবতাহ আৰু তাৰ ফলৱৰ্ত্তী বৰষুণ আৰু বানপানী প্ৰৱণ।”

২০১২ৰ বাতৰিকাকতৰ প্ৰতিবেদনে থানে ঘূৰ্ণীবতাহৰ বিধ্বংসী ৰূপটোৰ বৰ্ণনা দিছে। ২০১১ৰ ডিচেম্বৰত সেই ঘূৰ্ণীবতাহে জিলাখনক আৱৰি ধৰিছিল। “প্ৰায় দুই কোটি কঠাল, আম, কল, নাৰিকল আৰু কাজুবাদামৰ গছ জিলাখনত উভালি পৰিছিল,” এয়া বিজনেছ লাইনৰ তথ্য। ৰামাস্বামীয়ে যেয়ে পাৰে তাকেই কাঠবোৰ লৈ যাবলৈ কৈছিল। “আমাক পইচা লগা নাছিল, আমি সেই উভালি পৰা গছবোৰ চাই থাকিব পৰা নাছিলো… বহুতো মানুহে নিজৰ ভাঙি পৰা ঘৰবোৰ পুনৰ্নিমাণৰ বাবে সেইবোৰ লৈ গৈছিল।”

*****

কঠালৰ বাগানখন ৰামাস্বামীৰ ঘৰৰ পৰা সামান্য দূৰত। চুবুৰীৰ খেতিয়ক এজনে ফলবোৰ পাৰি শাৰী কৰি থৈছে। সেইবোৰ সৰু ল’ৰা-ছোৱালীৰ ৰেলগাড়ীৰ নিচিনাকৈ ইটোৰ পিছত সিটো কৰি থোৱা আছে। ট্ৰাকখন আহি পালেই সেইবোৰ বজাৰলৈ যাব। বাগানখনত সোমোৱাৰ লগে লগে উষ্ণতা বহুডিগ্ৰী কমি আহিল।

ৰামাস্বামীয়ে খোজ কাঢ়ি কাঢ়ি কথা কৈ গৈছে: গছবোৰৰ বিষয়ে, ফলবোৰৰ বিষয়ে। তেওঁৰ বাগানখন চাবলৈ যোৱা মানে আংশিকভাৱে শৈক্ষিক ভ্ৰমণ, বেছিভাগে বনভোজ। তেওঁ বিভিন্ন ধৰণৰ ফল আমাক খাবলৈ দিছে, কাজুবাদাম খাবলৈ দিছে, মিঠা আপেল খাবলৈ দিছে আৰু ৰসাল টেঙা-মিঠা তেঁতেলী পাৰি দিছে আৰু আটাইবোৰ একেলগে দিছে।

তাৰপিছত তেওঁ তেজপাত চিঙি আনি আমাক শুঙি চাব দিছে আৰু পানী চাকি চাম নেকি সুধিছে। আমি উত্তৰ দিয়াৰ আগতেই তেওঁ এটা চুকলৈ গৈ মটৰটো অন কৰি দিছে। মোটা মোটা পাইপৰ পৰা পানী ওলাইছে, আবেলিৰ ৰ’দত সেয়া মুকুতা যেন ৰূপ লৈছে। আমি হাত পাতি দমকলৰ পানী খাইছো। মিঠা নহ’লেও সেয়া সোৱাদলগা, চহৰৰ সেই ক্লৰিনেটেড পানী নহয়। ডাঙৰ এটা হাঁহিৰে তেওঁ মটৰটো অফ কৰিছে আৰু আমাৰ যাত্ৰা অব্যাহত আছে।

PHOTO • M. Palani Kumar

মালিগামপাট্টু ক্ষুদ্ৰ গাওঁখনৰ নিজ ঘৰত ৰামাস্বামী

আমি জিলাখনৰ আটাইতকৈ পুৰণি গছ আইৰামকাচিৰ ওচৰলৈ ঘুৰি আহিলো। গাগছডাল খুবেই ডাঙৰ, আচৰিত হ’বলগীয়া। গছডালত সকলোতে গাঠি ধৰিছে, মাজভাগ ফোঁপোলা, কিন্তু গুৰিতে বহুমাহ ধৰি কঠাল লাগি আছে। “অহামাহত গছডাল খুবেই সুন্দৰ হৈ পৰিব,‘ ৰামাস্বামীয়ে কয়।

বাগানখনত বহুত ডাঙৰ ডাঙৰ গছ আছে। “তাৰে ৪৩ শতাংশই ‘চেনী কঠাল’। মই সেয়া সোৱাদ লৈ চাইছো,” তেওঁ আন এটা চুকলৈ গৈ কয়। ছাঁবোৰে মাটিত খেলা কৰিছে, ঠানিবোৰে শব্দ কৰিছে, চৰায়ে গাইছে। তেনেকৈ গছ এডালৰ তলত শুই পৰি পৃথিৱীখন চাই থকাৰ প্ৰৱল ইচ্ছা এটা জাগি উঠিছে, কিন্তু ৰামাস্বামীয়ে ইতিমধ্যে আমাক প্ৰজাতিবোৰৰ কথা ক’বলৈ আৰম্ভ কৰিছে আৰু সেয়া মন কৰিবলগীয়া। আম যেনে নীলম আৰু বেংগালুৰুৰ সোৱাদ ভিন্ন আৰু সহজেই পুলি গজাব পাৰি, কিন্তু কঠালৰ তেনে কৰা টান।

“ধৰক, মই সেই গছজোপাৰ পুলি লগাব বিচাৰিছো,” তেওঁ চেনী কঠাল এডাললৈ আঙুলিয়াই দি কয়, “মই গুটিৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰো। কিয়নো কঠাল এটাৰ ভিতৰত থকা ১০০ গুটিৰ এটাও সেই পিতৃ গছজোপাৰ দৰে নহ’ব পাৰে!” ইয়াৰ কাৰণ হৈছে অপ-পৰাগন। এডাল গছৰ পৰাগৰেণুৰে আন গছৰ নিষেচন হোৱাৰ ফলত গোটেই প্ৰজাতিবোৰ খেলি-মেলি হৈ যায়।

“আমি চিজনটোৰ প্ৰথম নাইবা শেষৰটো ফল বাচি লও,” তেওঁ কয়, “যেতিয়া আশে-পাশে ২০০ ফুট ব্যাসাৰ্ধত আন কোনো কঠালৰ ফল নাথাকে - আৰু সেয়া ঘাইকৈ বীজৰ বাবে ৰাখো।” নহ’লে সোৱাদ আৰু মুছিবোৰৰ ওপৰত নিৰ্ভৰ কৰি পচন্দৰ গছডালত গ্ৰাফ্টিং কৰা হয়।

তাতে আন এবিধ জটিলতাও আছে। বিভিন্ন সময়ত চপোৱা ফল (৪৫ দিন, ৫৫ নাইবা ৭০ দিন) ফলৰ সোৱাদো ভিন্ন। কঠালৰ খেতিত শ্ৰমৰ তুলনামুলকভাৱে প্ৰয়োজন কম যদিও ফলবোৰ বেছিদিন নিটিকে কাৰণে মস্কিল। “আমাক শীতাগাৰৰ প্ৰয়োজন।” খেতি কৰোঁতা আৰু বেপাৰীৰো একেটাই সমস্যা। “তিনিৰ পৰা পাঁচদিনত ফলবোৰ পকিবলৈ ধৰে,” ৰামাস্বামীয়ে কয়। “চাওক, মোৰ কাজুবাদামবোৰ মই জমা কৰি ৰাখি এবছৰ পিছতো বিক্ৰী কৰিব পাৰো, কিন্তু এই কঠালবোৰ এসপ্তাহো নিটিকে!”

আইৰামকাচি নিশ্চয়কৈ অভিভূত হয়। সি যে ২০০ বছৰ টিকিছে…

PHOTO • M. Palani Kumar

বাওঁফালে: ৰামাস্বামীৰ ফটোসংগ্ৰহৰ পৰা আইৰামকাচিৰ এখন পুৰণি ফটো। সোঁফালে: ৰামাস্বামীৰ বাগানত ২০২২ত তোলা একেডাল গছৰে ফটো

আজীম প্ৰেমজী ইউনিভাৰ্ছিটিৰ ২০২০ৰ গৱেষণা অনুদান কাৰ্য্যসূচীৰ অধীনত এই গৱেষণামূলক অধ্যয়ন কৰা হৈছে।

প্ৰচ্ছদ আলোকচিত্ৰ: আম. পালানি কুমাৰ

অনুবাদ: পংকজ দাস

Aparna Karthikeyan

Aparna Karthikeyan is an independent journalist, author and Senior Fellow, PARI. Her non-fiction book 'Nine Rupees an Hour' documents the disappearing livelihoods of Tamil Nadu. She has written five books for children. Aparna lives in Chennai with her family and dogs.

Other stories by Aparna Karthikeyan
Photographs : M. Palani Kumar

M. Palani Kumar is PARI's Staff Photographer and documents the lives of the marginalised. He was earlier a 2019 PARI Fellow. Palani was the cinematographer for ‘Kakoos’, a documentary on manual scavengers in Tamil Nadu, by filmmaker Divya Bharathi.

Other stories by M. Palani Kumar

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das