যেন চিনেমাৰ নায়িকাৰহে এণ্ট্ৰি। কঁঠালৰ ব্যৱসায়টো মাইকী মানুহৰ বেপাৰ নহয়। গধুৰ কঁঠালবোৰ দঙা, বজাৰলৈ লৈ অনা, তাৰ লগতে আকৌ বেপাৰৰ ভাল-বেয়াৰ ৰিস্ক – এই কথাখিনি ছয়জন মানুহে হয় হয় বুলি আলোচনা কৰা থকাৰ পাঁচ মিনিট পিছতেই লক্ষ্মী দোকানখনলৈ সোমাই আহে। পকা চুলিত তেওঁ খোপা বান্ধিছে, পিন্ধনত এখন হালধীয়া শাড়ী আৰু কাণে-নাকে সোণৰ অলংকাৰ। “এই ব্যৱসায়ৰ তেওঁ আটাইতকৈ গুৰুত্বপুৰ্ণ ব্যক্তি,” এজন কৃষকে সম্ভ্ৰমেৰে কয়।

“তেৱেই আমাৰ উৎপাদিত সামগ্ৰীৰ দাম ঠিক কৰে।”

এ. লক্ষ্মী (৬৫) পানৰুটিৰ একমাত্ৰ মহিলা কঁঠাল বেপাৰী – আৰু যিকোনো কৃষি ব্যৱসায়ৰ কেইগৰাকীমান মুষ্টিমেয় জ্যেষ্ঠ মহিলা বেপাৰীৰ মাজৰ এগৰাকী।

তামিলনাডুৰ কুৰালোৰ জিলাৰ পানৰুটি চহৰখন কঁঠালৰ বাবে বিখ্যাত। কঁঠালৰ চিজন পৰিলে টনে টনে কঁঠাল ইয়ালৈ বিক্ৰীৰ বাবে অনা হয়. প্ৰতি বছৰে লক্ষ্মীয়ে হাজাৰ কিলোগ্ৰাম কঁঠাল দাম ঠিৰাং কৰে যিবোৰ চহৰখনৰ কঁঠালৰ মাণ্ডি হিচাপে থকা ২২ খন দোকানত বিক্ৰী কৰা হয়। তেওঁৰ ক্ৰেতাৰ পৰা প্ৰতি ১০০০ টকাৰ বিপৰীতে ৫০ টকাৰ কমিচন পায়। খেতিয়কে মন গ’লে তেওঁক কিবা এটা দিয়ে। কঁঠালৰ চিজনত তেওঁৰ দৈনিক আয় ১,০০০ৰ পৰা ২,০০০ টকা হয়।

এইখিনি উপাৰ্জনৰ বাবে তেওঁৰ দৈনিক ১২ ঘণ্টা কাম কৰে। ৰাতি ১ বজাৰ তেওঁৰ কাম আৰম্ভ হয়। “মাল বেছি থাকিলে বেপাৰীয়ে ৰাতিয়েই মোক নিবলৈ আহে,” লক্ষ্মীয়ে বুজাই কয়। তেওঁ ৰাতি নৌপুৱাওতেই ৩ বজাত মাণ্ডিত অটোৰিক্সাৰে উপস্থিত হয়। তেওঁৰ কাম শেষ হয় পিছবেলা ১ বজাত। তাৰপিছত তেওঁ ঘৰলৈ যায় আৰু দুপৰীয়াৰ আহাৰ খাই শোৱে। পিছদিনাৰ বাবে আকৌ সাজু হ’বৰ হয়...

“কঁঠালৰ খেতিৰ বিষয়ে মই ইমান নাজানো,” তেওঁ মোক কয়, গোটেই দিনটো কথা পাতি পাতি তেওঁৰ মাতটো ভাঙি গৈছে। “কিন্তু বিক্ৰীৰ কথা মই জানো।” লক্ষ্মীয়ে বিনয়েৰে কয়। তেওঁ তিনিটা দশক এই বেপাৰ কৰিছে। তাৰ আগতে একুৰি বছৰ তেওঁ চলন্ত ৰেলত কঁঠাল বিক্ৰী কৰিছিল।

Lakshmi engaged in business at a jackfruit mandi in Panruti. She is the only woman trading the fruit in this town in Tamil Nadu's Cuddalore district
PHOTO • M. Palani Kumar

পানৰুটিৰ কঁঠালৰ মাণ্ডিত ব্যৱসায়ত ব্যস্ত লক্ষ্মী তামিলনাডুৰ কুৰালোৰ জিলাত কঁঠাল ব্যৱসায়ত জৰিত তেওঁ একমাত্ৰ মহিলা

বাৰ বছৰ বয়সৰ পৰা তেওঁৰ কঁঠালৰ কাহিনী আৰম্ভ হয়। তেতিয়াৰ কন্যা লক্ষ্মীয়ে পালা পাৰাম মানে তামিল ভাষাত কঁঠাল কেইটামান লৈ ভাপ ইঞ্জিনে টনা কাৰি বান্দি (যাত্ৰীবাহী ৰেলগাড়ী)ত বিক্ৰী কৰিছিল। এতিয়া ৬৫ বছৰ বয়সত তেওঁ নিজৰ নামফলক থকা লক্ষ্মী বিলাস নামৰ ঘৰটোত থাকে।

বিশ্বৰ আটাইতকৈ ডাঙৰ ফল কঁঠালৰ বেপাৰ কৰি লক্ষ্মীয়ে এই ঘৰটো সাজিছে।

*****

কঁঠালৰ চিজন আৰম্ভ হয় জানুৱাৰী বা ফেব্ৰুৱাৰীত আৰু প্ৰায় ছমাহ চলে। ২০২১ৰ উত্তৰ-পূব মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা আবতৰীয়া প্ৰচুৰ বৃষ্টিপাতৰ ফলত কঁঠালৰ ফুল ধৰাটো আঠ সপ্তাহ পিছুৱাই যায়। ফলবোৰে সেয়ে পানৰুটিৰ বজাৰ পাওতে এপ্ৰিল পায়গৈ। আৰু চিজন আগষ্টত শেষ হৈ যায়।

স্থানীয় ভাষাত জেক বুলি কোৱা এই ফলটো দক্ষিণ ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় ফল। নামটো আহিছে মালায়লম ভাষাৰ চাক্কাৰ পৰা। বৈজ্ঞানিক নাম হৈছে আৰ্টোকেৰপাচ হিচাৰোফিলাচ

পাৰিয়ে প্ৰথমতে পানৰুটিৰ বেপাৰী আৰু কৃষকক লগ পাবলৈ ২০২২ৰ এপ্ৰিলত গৈছিল। খেতিয়ক আৰু কমিচন এজেণ্ট আৰ. বিজয়কুমাৰ (৪০)য়ে আমাক তেওঁৰ দোকানলৈ মাতি নিছিল। পকামাটি আৰু খেৰৰ চালি আৰু বেৰৰ সেইখন আছিল এখন সাধাৰণ দোকান। তাৰবাবে তেওঁ মাহে ভাৰা দিব লাগে ৫০,০০০ । আৰামত বহিবলৈ তাত মাত্ৰ এখন বেঞ্চ আৰু কেইখনমান চকী আছে।

বেৰত বহু আগৰ কিবা উদযাপনৰ ষ্ট্ৰীমাৰ লগোৱা আছে, দেউতাকৰ মালা দিয়া ফটো, এখন ডেস্ক আৰু এদ’ম কঁঠাল আছে। সোমায়েই দেখা প্ৰথমটো দ’মত ১০০ টা কঁঠাল আছে, দেখিবলৈ মোটামুটি এটা সেউজীয়া তিলা।

“সেইখিনিৰ দাম ২৫,০০০ টকা,” বিজয়কুমাৰে কয়। শেষৰ দ’মটো দুটা পাৰ্টিক দিয়া হৈছে আৰু সেইখিনি চেন্নাইৰ আৰয়াৰলৈ যাব, তাত ৬০ টা ফল আছে আৰু দাম প্ৰায় ১৮,০০০ টকা।

R. Vijaykumar, a farmer and commission agent, in his shop in Panruti, where heaps of jackfruit await buyers
PHOTO • M. Palani Kumar

নিজৰ দোকানত আৰ বিজয়কুমাৰ , এগৰাকী খেতিয়ক আৰু কমিছন এজেণ্ট, কাষত গ্ৰাহকৰ অপেক্ষাত এদ’ম কঁঠাল

কঁঠালবোৰ চেন্নাইলৈ ১৮৫ কিলোমিটাৰ বাট নিয়া হয় বাতৰি কাকতৰ ভানত। “আৰু বেছি উত্তৰলৈ গ’লে আমি টাটা এচ ট্ৰাকত নিও। আমাৰ কৰ্মদিনবোৰ বহুত দীঘলীয়া। আমি চিজনৰ সময়ত ইয়াত পুৱা ৩ বা ৪ মান বজাৰ পৰা ৰাতি ১০ বজালৈ থাকো,” বিজয়কুমাৰে কয়। “কঁঠালৰ চাহিদা বহুত। সকলোৱে খায়। আনকি মধুমেহ ৰোগ থকাজনেও চাৰি কোঁহ খায়। আমিহে খাই খাই আমনি পোৱা হওঁ,” তেওঁ মিচিকিয়াই হাঁহি কয়।

পানৰুটিত ২২ খন পাইকাৰী বিক্ৰেতা আছে, বিজয়কুমাৰে বুজাই কয়। তেওঁৰ দেউতাকৰ দোকানখন প্ৰায় ২৫ বছৰ আগতে একেটা ঠাইতে আছিল। তেওঁ মৃত্যুৰ পিছত বিজয়কুমাৰে যোৱা ১৫ বছৰ দোকানখন চলাইছে। প্ৰতিখন দোকানে দিনে প্ৰায় ১০ টনৰ বেপাৰ কৰে। “তামিলনাডুৰ পানৰুটি ব্লকটোত কঁঠালৰ সংখ্যা আটাইতকৈ বেছি,” তেওঁ কয়। বেঞ্চত বহি থকা খেতিয়ককেইজনেও হয়ভৰ দিয়ে আৰু আমাৰ সৈতে কথাত যোগ দিয়ে।

পুৰুষবোৰে লুঙী আৰু চোলা পিন্ধে। তেওঁলোকে ইজনে আনজনক জানে আৰু এইটো ব্যৱসায়ত থকা প্ৰতিজনকে জানে। মাতবোৰ সকলোৰে ডাঙৰ, ৰিংটনবোৰ তাতোকৈ ডাঙৰ আৰু পাৰ হৈ যোৱা ট্ৰাকবোৰ তাতোকৈ ডাঙৰ। ট্ৰাকৰ হৰ্ণবোৰ কাণৰ পৰ্দা ফাটি যোৱাবিধৰ।

কে. পাট্টুস্বামী (৪৭)য়ে কঁঠালৰ বেপাৰৰ তেওঁৰ অভিজ্ঞতাৰ কথা কৈছে। তেওঁ ঘৰ পানৰুটি তালুকৰ কাট্টানাৰিকুপ্পাম গাঁৱত, তেওঁৰ ৫০ ডাল গছ আছে। তাৰোপৰি তেওঁ ৬০০ ডাল কঁঠাল গছ লীজত লৈ থৈছে। প্ৰতি ১০০ ডালৰ দাম ১.২৫ লাখ টকা। “২৫ বছৰ ধৰি এই ব্যৱসায়ত আছো,” তেওঁ কয়, “আৰু এটা কথা কওঁ যে এই ব্যৱসায়ত অনিশ্চয়তা বহুত বেছি।”

বহুত ফল লাগিলেও তাতে কিছুমান সমস্যা আছে, এই ধৰক “তাৰে দহটা পচিব, দহটাত ফাঁট মেলিব, দহটা সৰি পৰিব আৰু দহটা বান্দৰ-কেৰ্কেটুৱাই খাব।”

বেছি পকা ফলবোৰ বিক্ৰী কৰা নহয় আৰু গৰু-ছাগলীক খুওৱা হয়। গঢ়ে ৫ৰ পৰা ১০ শতাংশ ফল নষ্ট হয়। তাৰমানে প্ৰতিদিনে এখন দোকানত চিজন ভাল হ’লে প্ৰায় ডেৰ টন কঁঠাল নষ্ট। ইমান বিশাল পৰিমাণৰ ফল, সেয়া কেৱল গৰু-ছাগলীৰহে খাদ্য হয়গৈ।

Buying, selling, fetching and carrying of jackfruits at a mandi in Panruti
PHOTO • M. Palani Kumar

পানৰুটিৰ এখন মাণ্ডিত কঁঠালৰ ক্ৰয় -বিক্ৰয় আৰু অনা-নিয়া

আৰু গৰু-ম’হৰ দৰে গছবোৰো এক বিনিয়োগ। গাঁৱৰ খেতিয়কে গছবোৰৰ মূল্য বুজি পায় আৰু সেয়াও ধন হিচাপে গণ্য কৰে আৰু মুনাফাৰ বাবে গছডাল বিক্ৰীও কৰে। বিজয়কুমাৰ আৰু তেওঁ বন্ধুবৰপ্গই বুজায় যে কঁঠাল এডালৰ গা-গছ ৮ হাত বহল আৰু ৭ৰ পৰা ৯ ফুট ওখ হোৱা মানে “তাৰ কাঠৰ পৰাই ৫০ হাজাৰ টকা পাব পাৰি”।

একেবাৰে বাধ্য হৈ নপৰিলে খেতিয়কে গছ নাকাটে, পাট্টুস্বামীয়ে কয়। “আমি গছৰ সংখ্যা বৃদ্ধি কৰাৰ চেষ্টা কৰো, কিন্তু বেমাৰ-আজাৰ বা পৰিয়ালৰ কাৰোবাৰ বিয়া থাকিলে আমাক যেতিয়া মূলধনৰ প্ৰয়োজন হৈ পৰে, তেতিয়া আমি বিক্ৰী কৰিবলগীয়া হয়। আমি ডাঙৰ কেইডালমান গছ চাই কাঠৰ বাবে বিক্ৰী কৰো।” তাৰপৰা কৃষকে কেইলাখমান টকা পায়। তেনেকৈয়ে বিপদৰ সময়ত বা বিয়া-সবাহৰ কাৰণে পইচাৰ যোগাৰ হয় ...

“ইয়ালৈ আহা,” দোকানখনৰ পিছলৈ গৈ পাট্টুস্বামীয়ে মোক মাতে। আগতে বাৰ ডালমান কঁঠালৰ ডাঙৰ গছ আছিল, তেওঁ কয়। কিন্তু এতিয়া কেৱল সৰু সৰু গছবোৰহে দেখিছো। খৰছ মিলাবলৈ মালিকে ডাঙৰ গছবোৰ বিক্ৰী কৰিবলগীয়া হৈছে। পিছলৈ, তেওঁ আন এটা অংশ আমাক দেখুৱালে। “এইবোৰ কেৱল দুবছৰীয়া,” পাট্টুস্বামীয়ে চাপৰ আৰু ক্ষীণ গছবোৰলৈ আঙুলিয়াই কয়। “কেইবছৰমান ডাঙৰ হ’লেহে গছবোৰে ফল দিয়ে।”

প্ৰতি বছৰে চিজনৰ প্ৰথমবোৰ ফল জীৱ-জন্তুই খায়। “বান্দৰে মুখেৰে ফলবোৰ ফালি পেলায় আৰু তাৰপিছত হাতেৰে খায়। কেৰ্কেটুৱাইও বৰ ভাল পায়।”

গছবোৰ বন্ধকত লোৱাটো সকলোৰে বাবে লাভজনক। “গছৰ গৰাকীয়ে প্ৰতি বছৰে মোটামুটি কিবা এটা পায় আৰু এটাও ফল পাৰিব নালাগে, বজাৰতো সময়ত ফলবোৰ গৈ পায়। আৰু মোৰ গছৰ সংখ্যা যিহেতু বেছি, সেয়ে মই এবাৰত ১০০ৰ পৰা ২০০ ফল চিঙি মাণ্ডিলৈ নিব পাৰো।” এয়া প্ৰতিপক্ষৰ বাবে লাভজনক। যেতিয়ালৈ গছবোৰ ভালে থাকে, বতৰ ভালে থাকে আৰু ফলবোৰ ভালকৈ ডাঙৰ হয়...

সেই সকলোখিনিৰ পিছতো কৃষকে নিজে দাম ঠিক কৰিব নোৱাৰে। যদি তেওঁলোকে পাৰিলেহেঁতেন, তেন্তে মূল্যৰ ইমান তাৰতম্য নহ’লহেঁতেন। ২০২২ৰে উদাহৰণ লোৱা যাওক, এক টন কঁঠালৰ দাম ১০ হাজাৰৰ পৰা ৩০ হাজাৰ হৈছিল।

Vijaykumar (extreme left ) at his shop with farmers who have come to sell their jackfruits
PHOTO • M. Palani Kumar

কঁঠাল বিক্ৰী কৰিবলৈ অহা কৃষকৰ সৈতে নিজৰ দোকানত

“দাম বাঢ়িলে বহুত টকা পোৱা যেন লাগিব পাৰে,” বিজয়কুমাৰে তেওঁৰ কাঠৰ টেবুলখনৰ ড্ৰৱায়টো টানি কয়। তেওঁ দুয়োপক্ষৰ পৰা পাঁচ শতাংশ পায়। “কিন্তু যদি গ্ৰাহকে আপোনাক থগে, তেন্তে সোপাকে হেৰুৱাব। তেতিয়া আমাৰ হাত উদং হৈ পৰে,” তেওঁ ড্ৰৱাৰটো বন্ধ কৰি কয়, “খেতিয়কক দিবলগীয়া হয়। সেয়া আমাৰ নৈতিক দায়িত্ব, নহয়নে?”

২০২২ৰ এপ্ৰিলত কঁঠালৰ খেতিয়ক আৰু উৎপাদকসকলে এখন কমিটি গঠন কৰে। বিজয়কুমাৰ তাৰে সচিব। “মাত্ৰ ১০ দিন হৈছে,” তেওঁ কয়। “এতিয়াও পঞ্জীয়ন কৰা নাই।” তেওঁলোকে নিজৰ কমিটিখনৰ পৰা বহুত আশা পুহি ৰাখিছে। “আমি মূল্য নিৰ্ধাৰণ কৰিব বিচাৰো। তাৰপিছত আমি জিলা উপায়ুক্তক লগ কৰি আমাৰ এই খেতিয়ক আৰু উদ্যোগটোত সহায় আগবঢ়োৱাৰ বাবে আহ্বান জনাম। উৎপাদকে অলপ ইনচেণ্টিভ পাওক, কিছুমান সুবিধা পাওক, বিশেষকৈ ফলবিধ সংৰক্ষিত কৰি ৰাখিবলৈ শীতাগাৰৰ ব্যৱস্থাৰ প্ৰয়োজন। আমি সংগঠিত হ’লেহে এইখিনি কৰিব পাৰিম, নহয়নে?”

এতিয়া তেওঁলোকে খুব বেছি পাঁচদিনৰ কাৰণে ফলবোৰ ৰাখিব পাৰে। “বেছিদিন ৰাখিব পৰা উপায় কিবা এটা কৰিব লাগে,” লক্ষ্মীয়ে আশা বান্ধি কয়। তেওঁ ভাবে যে ছমাহ হ’লে বৰ ভাল হ’ব। বিজয়কুমাৰে বেছি নহ’লেও তাৰে আধাখিনি সময় ফলবোৰ ভালে ৰখাৰ উপায় বিচাৰে। এতিয়া তেওঁলোকে বিক্ৰী নোহোৱা ফলখিনি পেলাই দিবলগীয়া হয়, নাইবা খুচুৰা বিক্ৰেতাক দিবলগীয়া হয়। খুচুৰা বিক্ৰেতাই কঁঠালৰ কোঁহ উলিয়াই ৰাস্তাৰ কাষত দোকান দি বিক্ৰী কৰে।

*****

“কঁঠালৰ শীতাগাৰৰ ধাৰণাটো কেনে হ’ব এতিয়াও থিৰাং হোৱা নাই। আপুনি আলু বা আপেল দীৰ্ঘদিন ৰাখিব পাৰে। কিন্তু কঁঠাল ৰাখিব পৰা যাব নে নাই, তাৰ ওপৰত একো পৰীক্ষা কৰা হোৱা নাই। আনকি কঁঠালৰ চিপচবোৰো চিজনৰ দুমাহমান পিছলৈকেহে থাকে।” কানাড়া কৃষি আলোচনী আৰিকে পাত্ৰিকে (এৰেকা মেগাজিন)ৰ সাংবাদিক তথা সম্পাদক শ্ৰী পাড়েয়ে কয়।

“শীতাগাৰে পৰিস্থিতি সলনি কৰি পেলাব পাৰে,” তেওঁ কয়, “যদিহে এক ডজনো কঁঠালৰ ফল গোটেই বছৰটো উপলব্ধ হৈ থাকে।”

Lakshmi (on the chair) with a few women jackfruit sellers at a mandi ; she has been a jackfruit trader since 30 years
PHOTO • M. Palani Kumar

মাণ্ডিত কেইগৰাকীমান মাত্ৰ মহিলা কঁঠাল বিক্ৰেতাৰ সৈতে লক্ষ্মী (চকীত বহি); তেওঁ যোৱা ৩০ টা বছৰে কঁঠালৰ বেপাৰ কৰি আহিছে

পাৰিৰ সৈতে টেলিফোনিক বাৰ্তালাপত পাৰেয়ে কঁঠালৰ খেতিক লৈ ভালেমান গুৰুত্বপূৰ্ণ কথা কয়। প্ৰথম কথা, আমাৰ হাতত কঁঠালৰ সুসংগঠিত তথ্য নাই। “সংখ্যা উলিওৱাটো টান কাম আৰু এয়া বৰ খেলিমেলি লগা কাম। প্ৰায় দহ বছৰ আগতে এই ব্যৱসায়ক অৱহেলা কৰি থকা হৈছিল। পানৰুটি এইক্ষেত্ৰত ব্যতিক্ৰম, উৎকৃষ্ট উদাহৰণ।”

ভাৰত কঁঠালৰ উৎপাদনৰ ফালৰ পৰা এক নম্বৰত আছে। “কঁঠালৰ গছ আপুনি সকলোতে পাব। কিন্তু মূল্য সংযোজনৰ দিশটো আমি ফঁহিয়াই চোৱা নাই।” দেশখনৰ ভিতৰতে কেৰালা, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰই কিছু পৰিমাণে মূল্য সংযোজন কৰিছে, কিন্তু তামিলনাডুত ই অপৈণত অৱস্থাতেই আছে।

এই ফলবিধ সকলতে চলে যদিও ইয়াৰ মূল্য সংযোজন ভালদৰে নোহোৱাটো লাজৰ কথা। “কঁঠালৰ গৱেষণা একেবাৰেই হোৱা নাই। এডাল ডাঙৰ গছে একৰ পৰা তিনি টন ফল দিব পাৰে।” তাৰোপৰি প্ৰতিডাল গছৰ পৰা পাঁচবিধকৈ কেঁচামাল পাব পাৰি: প্ৰথমে কঁঠালৰ মুচি। তাৰপিছত আহে পাচলি হিচাপে ব্যৱহাৰ কৰিব পৰা অকণমান বিকশিত মুচি। তাৰপাছত আহে কেঁচা কঁঠাল, যিটো পাপড় আৰু চিপচত ব্যৱহাৰ কৰিব পাৰি। চতুৰ্থটো হৈছে সকলোৰে প্ৰিয় পকা কঁঠাল। শেষৰটো হৈছে কঁঠালৰ গুটি।

“কঁঠালক চুপাৰফুড বুলি কোৱাত সেয়ে আচৰিত হ’বলগীয়া একো নাই,” তেওঁ কয়। “কিন্তু তথাপিও একো গৱেষণাকেন্দ্ৰ নাই, কোনো প্ৰশিক্ষণ কেন্দ্ৰ নাই। আলু-কল আদিৰ দৰে কঁঠালৰ বিজ্ঞানী আৰু পৰামৰ্শদাতা নাই।”

কঁঠালৰ কৰ্মী হিচাপে পাৰেয়ে এই ভালেখিনি দিশত কাম কৰি আহিছে। “যোৱা ১৫ টা বছৰে মই কঁঠালৰ বিষয়ে লিখিছো, তথ্য বিলাইছো আৰু মানুহক এই বিষয়ত আগ্ৰহী কৰি তুলিবলৈ চেষ্টা কৰিছো। আমাৰ আলোচনী আৰিকে পাত্ৰিকেৰ যিমান বছৰ হ’ল (৩৪ বছৰ), তাৰে আধামান বছৰেই হ’ব, কেৱল কঁঠালৰ ওপৰতে আমি ৩৪ টা কাভাৰ ষ্ট’ৰি কৰিছো!”

With their distinctive shape, smell and structure, jackfruits are a sight to behold but not very easy to fetch, carry and transport
PHOTO • M. Palani Kumar

চকুত লগা বিশেষ আকাৰ , গোন্ধ আৰু আকৃতিৰ কঁঠালবোৰ চাবলগীয়া, কিন্তু কঁঠাল পৰা, পৰিবহন কৰা ইমান সহজ নহয়

Jackfruit trading involves uncertainties. Even if the harvest is big, some fruits will rot, crack open, fall down and even get eaten by  animals
PHOTO • M. Palani Kumar

কঁঠালৰ ব্যৱসায়ত অনিশ্চয়তা আছে ফচল যিমানেই নচপাওক , কিছুমান পচিব, কিছুমানত ফাঁট মেলিব, কিছুমান গছৰ পৰা সৰি পৰিব আৰু কিছুমান আকৌ বান্দৰ-কেৰ্কেটুৱাই খাব

পাৰেয়ে কঁঠালৰ ওপৰত ধনাত্মক দৃষ্টিভংগীৰে লিখি আহিছে, আমাৰ সৈতে কথোপকথনত কঁঠালৰ সোৱাদলগা আইচক্ৰীমৰ পৰা আৰম্ভ কৰি ভালেকেইটা ধনাত্মক দিশ আমাৰ আগত তুলি ধৰিছে, কিন্তু তেওঁ সমস্যাবোৰ ঢাকিও ৰখা নাই। “শীতাগাৰৰ কথাটো নিশ্চিত কৰিব পাৰিলে সফলতাৰ বাট ওলাব। প্ৰথমতে পকা কঁঠাল শীতাগাৰত গোটেই বছৰটো উপলব্ধ কৰি ৰাখিব লাগিব। এয়া কোনো ৰকেট চায়েন্স নহয়, কিন্তু আমি সেই দিশে এখোজ এখোজকৈ আগবাঢ়িব লাগিব।”

এইখিনিতে এই ফলবিধৰ এটা সমস্যাৰ কথা ক’ব লাগিব, সেয়া হৈছে আপুনি ফলটোৰ বাহিৰৰ পৰা চাই ভিতৰত কোঁহবোৰ কি হ’ব সেয়া কৈ দিব নোৱাৰে। আকৌ পানৰুটি, য’ত কঁঠাল বৰ যত্নৰে উৎপাদন কৰা হয়, য’ত ফলবিধৰ এখন নিশ্চিত বজাৰ আছে, একেধৰণে কঁঠাল উৎপাদন হোৱা কোনো ঠাইতে বজাৰ নাই। কৃষকৰ সুবিধা হোৱাকৈ যোগানৰ সুবিধা নাই। এনেকৈয়ৈ ফলবিধ পেলাই দিবলগীয়া হয়।

এই অপচয় ৰোধ কৰিবলৈ আমি কি কৰিছো, পাৰেয়ে সোধে। “এইবিধো খাদ্যই নহয় জানো? আমি কেৱল চাউল আৰু ঘেঁহুকে কিয় ইমান গুৰুত্ব দিওঁ?”

পানৰুটিৰ কঁঠাল সকলো ঠাইলৈ যায়, প্ৰতিখন ৰাজ্য, প্ৰতিখন দেশলৈ যায় - বিজয়কুমাৰে কয়। “আৰু বেছি প্ৰচাৰ হ’ব লাগে,” তেওঁ কয়। “তেতিয়াহে আমি ভাল দাম পাম।”

চেন্নাইৰ সিঁচৰতি হৈ থকা কয়াম্বেৰু পাইকাৰী বজাৰখনত থকা আন্না ফ্ৰুইট মাৰ্কেটত কঁঠালৰ ব্যৱসায়ৰ ক্ষেত্ৰতো কথাটো একেই: শীতাগাৰ আৰু মজুত কৰাৰ ভাল সুবিধা। ইয়াৰে ব্যৱসায়ীসকলক প্ৰতিনিধিত্ব কৰা চি.আৰ. কুমাৰাভেলে কয় যে কঁঠালৰ দাম বহুত বেছি তল-ওপৰ হয়, এটা ফলত ১০০ৰ পৰা ৪০০ টকালৈ উঠা-নমা হয়।

“কয়াম্বেৰুত আমি ফলবোৰ নিলাম কৰো। যোগান বেছি নাথাকিলে ফলৰ দাম পৰে। তাৰোপৰি বহুত বেছি অপচয়ো হয় - ৫ৰ পৰা ১০ শতাংশ ধৰক। আমি ফলবোৰ ৰাখি বিক্ৰী কৰিব পাৰিলে খেতিয়কে ভাল দাম পালেহেঁতেন।” কুমাৰাভেলে অনুমান কৰে যে ১০ খন দোকানৰ প্ৰতিখনেই দিনে ৫০ হাজাৰ টকাৰ কঁঠালৰ বেপাৰ কৰে। “কিন্তু কেৱল এইটো চিজনতহে - বছৰটোৰ প্ৰায় পাঁচটামান মাহ।”

Jackfruits from Panruti are sent all over Tamil Nadu, and some go all the way to Mumbai
PHOTO • M. Palani Kumar

পানৰুটিৰ কঁঠাল তামিলনাডুৰ সকলো ঠাইলৈ যায় , কিছুমান মুম্বাইলৈকো যায়

Absence of farmer-friendly supply chains and proper cold storage facilities lead to plenty of wastage
PHOTO • M. Palani Kumar

কৃষকৰ সুবিধা হোৱাকৈ যোগান শৃংখলৰ অভাৱ আৰু শীতাগাৰ নথকাই বৃহৎ পৰিমাণৰ ফল নষ্ট হৈ যায়

তামিলনাডু কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ২০২২-২৩ৰ নীতিত কঁঠালৰ খেতিয়ক আৰু ব্যৱসায়ীসকলক কেতবোৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। “কঁঠালৰ খেতি আৰু প্ৰক্ৰিয়াকৰণৰ হেতু কুৰালোৰ জিলাৰ পানৰুটি ব্লকৰ পানিকংকুপ্পাম গাঁৱত কঁঠালৰ এটা বিশেষ কেন্দ্ৰ পাঁচ কোটি টকা ব্যয়সাপেক্ষে স্থাপন কৰি থকা হৈছে” বুলি পলিচিখনত উল্লেখ কৰা হৈছিল।

“আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাল দাম পাবলৈ” পানৰুটিৰ কঁঠালক জি.আই. টেগ দিওৱাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে বুলি কোৱা হৈছে।

লক্ষ্মী এইফালে বিবুদ্ধিত পৰাৰ দৰে, তেওঁ কয় যে “বহুত মানুহে পানৰুটি ক’ত আছে তাকেই নাজানে।” ২০০২ৰ তামিল চলচ্চিত্ৰ সোল্লা মাৰান্ধা কাৰাই (বিস্মৃত কাহিনী)য়ে তেওঁৰ চহৰখন বিখ্যাত কৰি তুলিছিল, তেওঁ কয়। “সঞ্চালক থানকাৰ বচ্চন এইটো অঞ্চলৰে। মইয়ো চিনেমাখনত আছো,” সগৌৰৱে তেওঁ কয়। “চিত্ৰগ্ৰহণ চলি থকা সময়ত বৰ গৰম পৰিছিল, কিন্তু বৰ ভাল লাগিছিল।”

*****

এই চিজনটোত লক্ষ্মীৰ চাহিদা বহুত বেছি। কঁঠাল ভালপোৱা মানুহে তেওঁৰ নম্বৰটো স্পীড ডায়েলত ৰাখে। সিহঁতে জানে যে তেওঁ আটাইতকৈ ভাল কঁঠাল পোৱাৰ বাট দেখুৱাব।

লক্ষ্মীয়ে সেইটো কাম ভালদৰেই জানে। তেওঁ পানৰুটিৰ কেৱল ২০ খনৰো অধিক মাণ্ডিৰ লগতেই জৰিত এনে নহয়, তেওঁলোকলৈ ফলবিধ যোগান ধৰা খেতিয়কসকলকো তেওঁ ভালদৰে জানে। তেওঁ আনকি তেওঁলোকৰ ফলবোৰ কেতিয়ালৈ সাজু হ’ব, সেয়াও জানে।

এই সকলোবোৰ হিচাপ তেওঁ কেনেকৈ ৰাখে? লক্ষ্মীয়ে তাৰ উত্তৰ দিয়াৰ প্ৰয়োজনেই নাই, তেওঁ এই অঞ্চলটোৰ কেবাদশক আছে। জনাটো তেওঁ কাম, তেওঁ সেয়ে জানে।

পুৰুষ নিয়ন্ত্ৰিত এই ক্ষেত্ৰখনত তেওঁ কেনেকৈ ঠাই পালে? এইবাৰ তেওঁ মোক উত্তৰ দিলে, “আপোনাৰ দৰে মানুহে আহি মোক তেওঁলোকৰ কাৰণে ফল কিনি দিয়াটো বিচাৰে। মই তেওঁলোকক ভাল দামত বিচাৰি দিও।” তেওঁ নিজে বেপাৰী বিচাৰে। বেপাৰী আৰু খেতিয়ক দুয়োপক্ষই তেওঁৰ সিদ্ধান্তক যথেষ্ট সন্মানো জনায়। তেওঁক সম্ভাষণ জনায় আৰু তেওঁৰ বিষয়ে সমীহেৰে কথা কয়।

Lakshmi sets the price for thousands of kilos of jackfruit every year. She is one of the very few senior women traders in any agribusiness
PHOTO • M. Palani Kumar

লক্ষ্মীয়ে বছৰি হাজাৰ হাজাৰ কিলো কঁঠালৰ দাম ঠিৰাং কৰে কৃষি -ব্যৱসায়ত তেওঁৰ দৰে জ্যেষ্ঠ মহিলা খুব কমেই আছে

তেওঁ বাস কৰা এলেকাটোত তেওঁৰ ঘৰটো ক’ত আছে সকলোৱে জানে। “কিন্তু মোৰ ব্যৱসায়টো তেনেই ক্ষুদ্ৰ,” তেওঁ কয়। “মই সকলোকে ভাল দৰত বস্তু বিক্ৰী কৰাত সহায় কৰো।”

মাণ্ডিলৈ অহা কঁঠালৰ প্ৰতিটো দ’মেই তেওঁ দামদৰ কৰাৰ আগেয়ে গুণগত মান পৰীক্ষা কৰি চায়। তাৰবাবে তেওঁক কেৱল এখন চুৰিৰ প্ৰয়োজন। কেইবাৰমান খুচি চাই তেওঁ কৈ দিব পাৰে যে ফলটো কেঁচা নে পকা, বা পিছদিনা খাব পৰা যাব নে নাই। কোনোবাই যদি তেওঁৰ ৰায়ত সন্দেহ কৰে, তেওঁ কঁঠালটোত সৰু ফুটা এটা কৰি কোঁহ এটা উলিয়াই সিদ্ধান্ত লয়। যদিও এই কামটো চুড়ান্ত কাম, এনে খুব কমেইহে কৰা হয়, কিয়নো এনেকৈ ফলটো নষ্ট হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

“যোৱাবছৰ একেই আকাৰৰ কঁঠাল এটাৰ দাম আছিল ১২০ টকা, এতিয়া তাৰ দাম ২৫০ টকা। এইবাৰ বৰষুণত বহুত ক্ষতি হ’ল, সেয়ে দাম বাঢ়িছে।” কেইটামান মাহত (জুন), প্ৰতিখন দোকানত ১৫ টনমান ফল হ’ব। ফলৰ দামো তেতিয়া হঠাতে কমি যাব।

তেওঁ ব্যৱসায়ত সোমোৱাৰ দিন ধৰি এই ব্যৱসায় ধীৰে ধীৰে বাঢ়িছে, লক্ষ্মীয়ে কয়। গছ বাঢ়িছে, ফল বাঢ়িছে আৰু ব্যৱসায়ো প্ৰসাৰিত হৈছে। খেতিয়কে অৱশ্যে নিৰ্দিষ্ট এজন কমিচন এজেণ্টলৈ তেওঁলোকৰ উৎপাদিত সামগ্ৰী আনে। বিশ্বাসৰ কথা তাত আছে, তাৰোপৰি কমিচন এজেণ্টজনে তেওঁলোকক টকা ধাৰে দিব পৰাটোও তাৰে এটা কাৰণ। লক্ষ্মীয়ে কয় যে খেতিয়কে ১০,০০০ টকাৰ পৰা আৰম্ভ কৰি বাৰ্ষিক শস্যৰ নামত এক লাখলৈকে ধাৰ কৰে। আৰু সেইখিনি বিক্ৰীৰ বিপৰীতে ‘এডজাষ্ট’ কৰে।

তেওঁৰ পুত্ৰ ৰঘুনাথে আন এটা ব্যাখ্যা আগবঢ়ায়। “কঁঠালৰ ডাঙৰ ডাঙৰ বাগান থকা খেতিয়কসকলে কেৱল তেওঁলোকৰ ফলবিধ বিক্ৰীতে সীমাবদ্ধ হৈ থাকিব নিবিচাৰে, তেওঁলোকে মূল্য সংযোজন কৰি মুনাফা বঢ়াব বিচাৰে।” তেওঁলোকে কঁঠালৰ পৰা চিপচ্ আৰু জেম বনায়, তেওঁ কয়। তাৰোপৰি কেঁচা ফলবোৰ মাংসৰ বিকল্প হিচাপে ৰন্ধা হয়।

“কোঁহবোৰ শুকোৱা আৰু গুড়ি বনোৱা ফেক্টৰিও আছে,” ৰঘুনাথে কয়। তাৰপাছত সেয়া লুথুৰীৰ লগত মিহলাই উতলাই খোৱা হয়। এইবোৰ পণ্য ফলবিধৰ তুলনাত এতিয়ালৈ ভালকৈ গঢ় লৈ উঠা নাই, কিন্তু ফেক্টৰিৰ গৰাকীসকলে ভাৱে যে এটা সময়ত হ’বগৈ।

Lakshmi is in great demand during the season because people know she sources the best fruit
PHOTO • M. Palani Kumar

লক্ষ্মীয়ে ’ত ভাল দামত ফল পাব, সেয়া জানে সেয়ে চিজন পৰিলে তেওঁক সকলোৱে বিচাৰে

লক্ষ্মীয়ে তেওঁৰ ঘৰটো কঁঠালৰ বেপাৰ কৰিয়ে বনাইছে।

ভৰিৰ আঙুলিৰে মজিয়াখন চুই লক্ষ্মীয়ে কয়, “এইটো ২০ বছৰ পুৰণি ঘৰ।” কিন্তু ঘৰটো বনোৱাৰ আগতেই গিৰীয়েক ঢুকাল। তেওঁক লক্ষ্মীয়ে লগ পাইছিল ৰেলত কঁঠাল বিক্ৰী কৰিবলৈ কুৰালোৰৰ পৰা পানৰুটিলৈ যোৱাৰ সময়ত, তাতে তেওঁৰ চাহৰ দোকান এখন আছিল।

তেওঁলোকৰ প্ৰেমবিবাহ হৈছিল। পানৰুটিৰ এজন শিল্পীয়ে অঁকা ছবিবোৰত এতিয়াও সেই প্ৰেম এতিয়াও উজ্বল। গিৰীয়েকৰ এখন প’ৰ্ট্ৰেইটত ৭,০০০ টকা লৈছিল। আনখনত ৬,০০০ টকা। তেওঁ মোক বিভিন্ন কাহিনী কয়, তেওঁৰ মাতটো প্ৰাণৱন্ত হৈ পৰিছে। তেওঁ নিজৰ কুকুৰ এটাৰ বিষয়ে কোৱা কথাটো মোৰ ভাল লাগিল: “ইমান প্ৰভুভক্ত, ইমান বুধিয়ক, মিচ কৰো তাক।”

আবেলি দুই বাজিবৰ হৈছে। লক্ষ্মীয়ে এতিয়ালৈ দুপৰীয়াৰ আহাৰ খোৱা নাই। সোনকালেই খাম বুলি কৈ তেওঁ কথা পাতি থাকিল। চিজনৰ সময়ত তেওঁৰ ঘৰুৱা কাম কৰাৰ বাবে সময় নাথাকে। তেওঁৰ বোৱাৰী কায়ালভিৰিয়ে ঘৰুৱা কামখিনি চম্ভালে।

কঁঠাল কেনেকৈ ৰান্ধে, দুয়োজনে কয়। “গুটিৰে আমি এবিধ উপমা বনাও। কেঁচা কোঁহৰ ওপৰৰ ছাল এৰুৱাই আমি হালধি দি উতলাও, মৰ্টাৰত গুড়ি কৰি মাটিমাহেৰে ৰান্ধো আৰু খুন্দা নাৰিকলেৰে খাও। কোঁহবোৰ ফুলৰ দৰে হ’লে সেয়া তেলত ভাজি লৈ জলকীয়া গুড়িৰে খোৱা হয়।” গুটিবোৰ চম্ভাৰত দিয়া হয়, কেঁচা কোঁহ বিৰিয়ানিত। লক্ষ্মীয়ে কঁঠালেৰে বনোৱা আঞ্জাক “আৰুমাই” (উৎকৃষ্ট) আৰু সুস্বাদু বুলি কয়।

লক্ষ্মী খাদ্যক লৈ ইমান চিন্তা নকৰে। যিকোনো দোকানতে বহি লৈ চাহ-ভাত খায়। তেওঁৰ “প্ৰেছাৰ আৰু চুগাৰ” মানে উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগ আছে। “সময়ত খাবই লাগিব, নহ’লে মুৰ ঘুৰায়।” তেওঁৰ সিদিনা মূৰ আচন্দ্ৰাই কৰাৰ দৰে লাগিছিল, সেয়ে তেওঁ ততাতয়াকৈ বিজয়কুমাৰৰ দোকান এৰিলে। তেওঁৰ কামটোত বহুত কষ্ট, ৰাতি টোপনি খতি হয় যদিও লক্ষ্মী তাক লৈ চিন্তা ইমান নকৰে। “সমস্যা একো নাই।”

Lakshmi standing in Lakshmi Vilas, the house she built by selling and trading jackfruits. On the wall is the painting of her and her husband that she had commissioned
PHOTO • Aparna Karthikeyan
In a rare moment during the high season, Lakshmi sits on her sofa to rest after a long day at the mandi
PHOTO • Aparna Karthikeyan

বাওঁফালে: লক্ষ্মী বিলাসৰ সন্মুখত লক্ষ্মী। এই ঘৰটো তেওঁ কঁঠালৰ বেপাৰ কৰিয়ে সাজিছে। বেৰত তেওঁৰ আৰু তেওঁ গিৰীয়েকৰ শিল্পীৰ হতুৱাই কৰোৱা প’ৰ্ট্ৰেইট। সোঁফালে: বেপাৰৰ ব্যস্ততাৰ সময়ত লক্ষ্মীয়ে দিনটো মাণ্ডিত কাম কৰি আহি চোফাত জীৰাইছে

লক্ষ্মীয়ে ৩০ বছৰ আগতে ৰেলত কঁঠাল বিক্ৰীৰ দিনবোৰ মনত পেলায়। তেতিয়া তাৰ দাম আছিল এটাত ১০ টকা (এতিয়া সেই দাম তাৰ ২০ৰ পৰা ৩০ গুণ)। লক্ষ্মীয়ে মনত পেলায়, কম্পাৰ্টমেণ্টবোৰ বাকচৰ দৰে আছিল, মাজত ৰাস্তা নাছিল। অঘোষিত চুক্তি অনুযায়ী এটা কম্পাৰ্টমেণ্টত এজন বিক্ৰেতা উঠিছিল। তেওঁ নমাৰ পিছত আন এজন উঠিছিল। “টিকট পৰীক্ষকে তেওঁলোকৰ পৰা ভাৰা লোৱা নাছিল। আমি বিনা পইচাই যাত্ৰা কৰিছিলো। কিন্তু,” তেওঁ ফুচফুচাই কয়, “টিকট পৰীক্ষকক আমি কেইটামান কঁঠাল দিছিলো…”

সেইবোৰ আছিল যাত্ৰীবাহী ৰেল, লাহে লাহে চলিছিল আৰু আটাইবোৰ সৰু ষ্টেছনত ৰৈছিল। উঠা-নমা কৰা বহুতেই কঁঠাল কিনিছিল। অৱশ্যে তেওঁৰ উপাৰ্জন আছিল সামান্য। দিনটোত কিমান পাইছিল, সেয়া তেওঁ সঠিককৈ ক’ব নোৱাৰিলে যদিও তেওঁ কয়, “তেতিয়া এশ টকাৰ বহুত মূল্য আছিল।”

“স্কুললৈ গৈ নাপালো। মই সৰু থাকোতেই মা-দেউতা ঢুকাইছিল।” জীৱিকা অৰ্জনৰ বাবে তেওঁ বিভিন্ন ৰেলত ভ্ৰমণ কৰিছিল: চিদাম্বৰম, কুৰালোৰ, চেঙেলপুত, ভিল্লুপুৰম সকলোতে তেওঁ ফল বিক্ৰী কৰিছিল। “খাবলৈ মই ষ্টেছনৰ কেণ্টিনৰ পৰা তেতেলী বা দৈ ভাত কিনিছিলো। প্ৰয়োজনত কঁঠালৰ বোজাটো লাগেজ চেলফত থৈ কম্পাৰ্টমেণ্টৰ লেট্ৰিন ব্যৱহাৰ কৰিছিলো। বহুত পৰিশ্ৰম হৈছিল। কিন্তু তেতিয়া উপায়নো কি আছিল?”

এতিয়া তেওঁৰ হাতত উপায় আছে। নিজৰ ঘৰ আছে। কঁঠালৰ চিজন শেষ হ’লে ঘৰত জিৰণি ল’ব পাৰে। “মই চেন্নাইলৈ গৈ তাত মোৰ সম্পৰ্কীয়ৰ ঘৰত দুই-তিনি সপ্তাহ কটাও। বাকীখিনি সময়ত মই মোৰ নাতি সৰ্বেশৰ সৈতে থাকো,” তেওঁ কাষতে খেলি থকা সৰু ল’ৰাটোলৈ চাই মিচিকিয়াই হাঁহি কয়।

কায়ালভিৰিয়ে আৰু অকণমান যোগ দিয়ে। “তেওঁ আটাইবোৰ সম্পৰ্কীয়কে সহায় কৰে। সিহঁতক আ-অলংকাৰ দিয়ে। কোনোবাই সহায় বিচাৰিলে কেতিয়াও না নকয়…”

লক্ষ্মীয়ে নিশ্চয়কৈ নিজৰ জীৱনত বহুবাৰ না শুনিছে। “সন্ধা উৰাইপ্পু” (স্ব-পৰিশ্ৰম)ৰে নিজৰ জীৱন সলনি কৰা এইগৰাকী লক্ষ্মী। তেওঁৰ কাহিনীটো কঁঠালৰ দৰেই। ইমান সোৱাদলগা মিঠা যিটো আপুনি আনত নাপায়। যেতিয়া শুনে, মন ভৰি যায়, মনত থাকি যায়।

আজীম প্ৰেমজী ইউনিভাৰ্ছিটিৰ ২০২০ৰ গৱেষণা অনুদান কাৰ্য্যসূচীৰ অধীনত এই গৱেষণামূলক অধ্যয়ন কৰা হৈছে।

প্ৰচ্ছদ আলোকচিত্ৰ: আম. পালানি কুমাৰ

অনুবাদ: পংকজ দাস

Aparna Karthikeyan

Aparna Karthikeyan is an independent journalist, author and Senior Fellow, PARI. Her non-fiction book 'Nine Rupees an Hour' documents the disappearing livelihoods of Tamil Nadu. She has written five books for children. Aparna lives in Chennai with her family and dogs.

Other stories by Aparna Karthikeyan
Photographs : M. Palani Kumar

M. Palani Kumar is Staff Photographer at People's Archive of Rural India. He is interested in documenting the lives of working-class women and marginalised people. Palani has received the Amplify grant in 2021, and Samyak Drishti and Photo South Asia Grant in 2020. He received the first Dayanita Singh-PARI Documentary Photography Award in 2022. Palani was also the cinematographer of ‘Kakoos' (Toilet), a Tamil-language documentary exposing the practice of manual scavenging in Tamil Nadu.

Other stories by M. Palani Kumar

P. Sainath is Founder Editor, People's Archive of Rural India. He has been a rural reporter for decades and is the author of 'Everybody Loves a Good Drought' and 'The Last Heroes: Foot Soldiers of Indian Freedom'.

Other stories by P. Sainath
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das