পিতৃৰ মৃত্যুবাৰ্ষিকীত তিৰু মূৰ্তীয়ে এক ব্যতিক্ৰমী ধৰণৰ আহুতি আগবঢ়াইছেঃ দহবিধ চাবোন,  বিভিন্ন প্ৰকাৰৰ নাৰিকলৰ তেল আৰু তেওঁৰ উৎপাদিত সামগ্ৰীবোৰৰ মধ্যমণিঃ হালধিৰ গুড়ি। ইয়াৰ উপৰি আছে ৰঙা কল, ফুল, নাৰিকল। সুন্দৰমূৰ্তীৰ মালা পিন্ধোৱা ফটোখনৰ আগত জ্বলি আছে সুগন্ধি কৰ্পূৰ।

“দেউতাৰ কাৰণে ইয়াতকৈ ভাল শ্ৰদ্ধাঞ্জলি কি হ’ব পাৰে,” ফেচবুক পোষ্ট এটাত তেওঁ সুধিছে। তেওঁৰ পিতৃয়ে মাঞ্জাল (হালধি)ৰ খেতি কৰিবলৈ এৰিছিল। আটায়ে যেতিয়া হালধি খেতি নকৰিবলৈ পৰামৰ্শ দিছিল, তেতিয়াই তিৰুৱে সেই খেতিত হাত দিছিল। “তেওঁলোকে মোক মাল্লি (জেছমিন)ৰ খেতি কৰিবলৈ কৈছিল, সেই খেতিত দিনে উপাৰ্জন হয়। হালধি ৰোওঁতে তেওঁলোকে মোক হাঁহিছিল,” তিৰুৱে মিচিকিয়াই হাঁহি কয়। তিৰুৱে সকলোকে মিছা প্ৰমাণিত কৰিলে। তেওঁৰ কাহিনী বিৰলঃ হালধীয়া সাফল্যৰ এই কাহিনী।

তামিলনাডুৰ ইৰোড জিলাৰ ভৱানীসাগৰ ব্লকৰ উপ্পাল্লাম চুবুৰীত দুকুৰি তিনি বছৰ বয়সীয়া তিৰু মূৰ্তীয়ে ডাঙৰ ভায়েকৰ লগত একেলগে ১২ একৰ মাটিত খেতি কৰে। তেওঁ তিনিবিধ খেতি কৰে - হালধি, কল আৰু নাৰিকল। কিন্তু তেওঁ পাইকাৰী হাৰত বিক্ৰী নকৰে। দামৰ ওপৰত নিয়ন্ত্ৰণ নাই হেতুকে পাইকাৰী হাৰত বিক্ৰী কৰাটোৰ কোনো অৰ্থ নাই। স্থানীয়ভাৱে, ৰাষ্ট্ৰীয় পৰ্য্যায়ত আৰু আন্তৰ্জাতিক পৰ্য্যায়ত ডাঙৰ বণিকগোষ্ঠী, ক’ৰ্পৰেট আৰু চৰকাৰে মূল্য নিৰ্ধাৰণ কৰে।

হালধিৰ আন্তৰ্জাতিক বজাৰখনত ভাৰতেই সৰ্ববৃহৎ উৎপাদনকৰ্তা। ২০১৯ত ১৯০ মিলিয়ন ডলাৰৰ হালধি ৰপ্তানি হৈছিল, সেয়া আন্তৰ্জাতিক বজাৰৰ ৬২.৬ শতাংশ। ইয়াতে আন এটা কথাও কৈ থ’ব লাগিব যে ভাৰত দ্বিতীয় সৰ্ববৃহৎ আমদানি কৰোঁতাও হয়। এই আমদানিৰ হাৰ ১১.৩ শতাংশ। যোৱা কেইটামান বছৰত এনেদৰে আমদানিৰ হাৰ বাঢ়ি অহাটোৱে ভাৰতীয় হালধি উৎপাদকৰ স্বাৰ্থত আঘাত হানিছে।

ঘৰুৱা বজাৰবোৰ, মানে ইৰোডৰ মাণ্ডিবোৰে ইতিমধ্যে তেওঁলোকক চেপি ধৰিছে। ডাঙৰ ব্যৱসায়িক গোষ্ঠী আৰু ক্ৰেতাই মূল্য নিৰ্ধাৰণ কৰে। মূল্য নিৰ্ধাৰণত জৈৱ উৎপাদনকাৰীক কোনো অগ্ৰাধিকাৰ দিয়া নহয়। তাৰোপৰি বছৰৰ পিছত বছৰ ধৰি বজাৰৰ অস্থিৰতাৰ কথা আছেই। ২০১১ত এই শস্যবিধ কুইণ্টলত ১৭,০০০ টকাকৈ বিক্ৰী হৈছিল। কিন্তু পৰৱৰ্তী বছৰটোতে তাৰ মূল্য চাৰিগুণ কমিছিল। ২০২১ত প্ৰতি কুইণ্টলত দাম আছিল ৭,০০০ টকা।

সৃজনশীলতা, অধ্যৱসায় আৰু ছ’চিয়েল মিডিয়া একাউণ্টৰ যোগেদি তিৰুৱে এক পোনপটীয়া সমাধানসূত্ৰ উলিয়ালেঃ মূল্য সংযোজন। তেওঁৰ এই প্ৰচেষ্টা বহল ভিত্তিত প্ৰযোজ্য নহ’লেও সেয়া আছিল একধৰণৰ সাফল্য। “ফাৰ্ম গেটত ১০ টকাত বিক্ৰী হোৱা নাৰিকল এটাত মই তিনিগুণ বেছি দাম পাওঁ, কাৰণ মই সেইটো চেপি তেল উলিয়াও আৰু তাৰে চাবোন বনাও। হালধিৰ ক্ষেত্ৰতো একেটাই কথা,” তেওঁ বুজাই কয়। “মই সেয়া ডেৰ একৰ মাটিত কৰিছো। মাণ্ডিত মই ৩,০০০ কিলোগ্ৰাম বিক্ৰী কৰিবলগীয়া হ’লে মই প্ৰতি কিলো জৈৱিক হালধিত ৫০ টকাকৈ লোকচান ভৰিবলগীয়া হ’লহেঁতেন।”

Two types of turmeric grow in Thiru Murthy's fields at the foothills of the Sathyamangalam hills in Erode.
PHOTO • M. Palani Kumar
Thiru at home with his children and a relative’s son
PHOTO • M. Palani Kumar

বাওঁফালেঃ ইৰোডৰ সত্যমংগলম পাহাৰৰ পাদদেশত থকা তিৰু মূৰ্তীৰ খেতিপথাৰত দুই ধৰণৰ হালধিৰ খেতি হয় সোঁফালেঃ নিজৰ সন্তানহাল আৰু সম্পৰ্কীয়ৰ ল ’ৰাৰ সৈতে তিৰু

খেতিৰ বাবে জৈৱিক উপায় বাচি লোৱা মানে ৰাসায়নিক উপায়েৰে কৰা খেতিতকৈ বেছি পৰিমাণে খেতিত ব্যয় কৰিবলগীয়া হোৱা। তথাপি তেওঁ চুবুৰীয়াতকৈ বহুখিনি ভাল কৰিব পাৰিছে।

ইৰোডৰ সত্যমংগলম পৰ্বতমালাৰ পাদদেশত তেওঁৰ খেতিপথাৰখনে গ্ৰাম্য জীৱনৰ এক নিভাঁজ ছবি দাঙি ধৰে। সেউজীয়া পাহাৰবোৰে মেঘৰ মুকুট পিন্ধি পথাৰখনৰ শেষত থিয় দিছে। তেওঁৰ হালধি খেতিৰ গছবোৰ বৰ ওখ। তাৰে বহল বহল পাতবোৰ এফালে কিনকিনীয়া বৰষুণ আৰু আনফালে অক্টোবৰৰ সুৰ্য্যৰ তাপত তিতিছে, শুকাইছে। খেতিপথাৰৰ দাঁতিত থকা শাৰী শাৰী নাৰিকলৰ গছত টোকোৰা চৰাইয়ে বাহ সাজিছে। সিহঁতৰ কিচিৰ-মিচিৰ শব্দৰে পথাৰখন ভৰি পৰিছে। এনে মনোমোহা এক পৰিৱেশ, পথাৰৰ সকলো ভাগৰ যেন সিহঁতেই দূৰ কৰিব। শেষত তেওঁ সাৱধানে তেওঁৰ ধোঁৱাবৰণীয়া চিমেণ্ট মৰা মজিয়াৰ গুলপীয়া ৰং দিয়া বেৰৰ ঘৰটোত বহি লাহে লাহে আমাক কথাবোৰ কৈ গৈছে, কোলাত তেওঁৰ চাৰি বছৰীয়া জীয়েক, তাইৰ ভৰিৰ নূপুৰৰ শব্দ ছন্দায়িত হৈ কাণত পৰিছে…

“মই আধা কিলোৱেই হওঁক বা এক কিলোৱেই হওঁক, গ্ৰাহকলৈ পেকেট হিচাপে বিক্ৰী কৰিলেহে লাভ হয় বুলি মই ভাবো। চাবোন, তেল আৰু দুগ্ধজাত পানীয় হিচাপে।” আন কথাত তেওঁ উৎপাদন কৰা সকলো সামগ্ৰীতে মূল্য সংযোজন কৰে। আন হালধি খেতিয়কৰ দৰে তেঁৱো মুৰৰ ঘাম মাটিত পেলাই চপোৱা হালধিবোৰ কষ্টৰে উতলায়, শুকায় আৰু পলিচ কৰে। ভাল দামৰ বাবে বা মাণ্ডিত বিক্ৰীৰ বাবে যেতিয়া সেয়া মজুত কৰাৰ কথা আহি পৰে, তিৰুৱে সেয়া তেওঁৰ নিজৰ গুদামত নি থয়।

তাৰপাছত তেওঁ হালধিৰ কন্দ আৰু কাণ্ডৰ সৰু সৰু ভাগত গুড়ি কৰে আৰু অকণমান সৃষ্টিশীলতা খটুৱাই তেওঁ সেইবোৰ প্ৰসাধনৰ পণ্য আৰু মল্ট ড্ৰিংকচলৈ পৰিৱৰ্তন কৰে। তেনেদৰে তেওঁ এক কিলোত অতিৰিক্ত ১৫০ টকা পায়।

“কিন্তু গোটেইখিনি টকা মই নাৰাখো,” তেওঁ আঙুলিয়াই দিয়ে। তেওঁৰ মৰমৰ পথাৰখনত সেইখিনি পুনৰাই বিনিয়োগ কৰে। তেওঁৰ খেতিপথাৰখনেৰে কেৱল তেওঁৰ পৰিয়ালটোৱে চলে এনে নহয়, অঞ্চলটোৰ কিছুমানক সেই পথাৰখনে সংস্থাপনো দিছে। “পথাৰত যেতিয়া কামৰ সময়ৰ হয়, তেতিয়া আমাৰ খেতিত দৈনিক পাঁচগৰাকী পুৰুষ আৰু তিনিগৰাকী মহিলাই কাম কৰে। তেওঁলোকে চাহ আৰু বোন্দা (এবিধ সুস্বাদু খাদ্য)ৰ লগতে পুৰুষ-মহিলাই গাইপতি ক্ৰমে ৪০০ আৰু ৩০০ টকা পায়। মোৰ মনত আছে যেতিয়া হালধিৰ খেতিত বাৰ্ষিক ব্যয় এতিয়াৰ ৪০ হাজাৰ টকাৰ দহভাগৰ এভাগ আছিল। শ্ৰমিকক সুধিলে কয় যে পেট্ৰ’লৰ দাম ১০০ টকা প্ৰতিলিটাৰ হ’ল, মদৰ এটা কোৱাৰ্টাৰ (১৮০ মি.গ্ৰা.)ৰ দাম ১৪০ টকা…” কৈ তেওঁ হাঁহে। অৱশ্যে ইয়াৰে কোনো এটাইও হালধিৰ দাম বঢ়োৱাত সহায় কৰিব পৰা নাই।

*****

মহিলাই পতান গুচোৱা সময়ত জোৰা গীত,
কাঠ আলু আৰু হালধি খেতিলৈ
বনৰীয়া গাহৰি নাহক বুলি বজোৱা ঢোলৰ শব্দ
পাহাৰত ঠেকা খাই প্ৰতিধ্বনি হয়

সংগম যুগৰ মালাইপাৰু কাড়ামৰ কবিতাৰ এই পংক্তি

Trays with the lots of turmeric fingers and bulbs displayed at an auction in the regulated market in Perundurai, near Erode
PHOTO • M. Palani Kumar
Trays with the lots of turmeric fingers and bulbs displayed at an auction in the regulated market in Perundurai, near Erode
PHOTO • M. Palani Kumar

এসোপামান হালধিৰ কাণ্ড আৰু কন্দ নিলামৰ কাৰণে ইৰোডৰ পেৰুন্দাৰাইত মুকলিকৈ থোৱা আছে

তামিলনাডুৰ সৈতে হালধিৰ সম্পৰ্ক ২০০০ বছৰ পুৰণি। এইকথা OldTamilPoetry.com নামে নিজৰ ব্লগত অনুবাদ কৰা লিখক চেন্থিল নাথানে কয়। সংগম ৰীতিৰ ১০টা দীঘল কাব্যৰ মাজৰ এটা হৈছে মালাইপাৰু কাড়াম

ভাৰতীয় পাকঘৰৰ এৰাব নোৱাৰা উপাদান হালধি (Curcuma longa)ৰ সম্পৰ্ক আদাৰ সৈতে গভীৰ। মাটিৰ তলৰ মূল কাণ্ডভাগ (ৰাইজ’ম), তাতে লাগি থকা মূল ‘কন্দ’ আৰু তাৰ পৰা শাখা-প্ৰশাখা হৈ বাঢ়ি অহা কাণ্ডবোৰ বাণিজ্যিকভাৱে ব্যৱহৃত হয়। শস্য চপোৱাৰ সময়তে কন্দ আৰু কাণ্ডবোৰ পৃথক কৰি প্ৰক্ৰিয়াকৰণ কৰা হয়। বিক্ৰী কৰাৰ আগতে সেইবোৰ উতলাই, শুকাই, চাফা কৰি পলিচ কৰি লোৱা হয়। নিলামত কাণ্ডৰ দাম বেছি উঠে।

হালধি সম্ভৱতঃ ভাৰতৰ নিজৰ মচলা। এইকথা খাদ্য ইতিহাসবিদ কে. টি. আচায়াই তেওঁৰ গ্ৰন্থ ইণ্ডিয়ান ফুডঃ এ হিষ্টৰিকেল কম্পেনিয়ন - ত কৈছে। দেশখনত “ইয়াৰ চকুত লগা ৰং আৰু ৰঞ্জক গুণৰ বাবে হৰিদ্ৰা (হালধিৰ সংস্কৃত নাম)য়ে যাদু আৰু সামাজিক ৰীতি-নীতিত গুৰুত্বপূৰ্ণ স্থান পাই আহিছে,” তেওঁ কয়। প্ৰাত্যাহিক মচলা হিচাপে মাঞ্জাল সমগ্ৰ ভাৰততে বিভিন্ন ব্যঞ্জনত বিভিন্ন সংস্কৃতিত বহুলভাৱে ব্যৱহাৰ কৰি আহিছে। সামান্য হালধি গুড়িয়ে ব্যঞ্জনৰ সোৱাদত সুৱগা চৰায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও বঢ়ায়। কুৰকিউমিন নামৰ উজ্জ্বল হালধীয়া উপাদানবিধ ঘাইকৈ প্ৰতিজাৰক (এণ্টিঅক্সিডেণ্ট) আৰু প্ৰতি-প্ৰদাহমূলক (এণ্টি-ইনফ্লেমেটৰি) গুণৰ বাবে চিকিৎসা বিজ্ঞানত ব্যৱহাৰৰ বাবে নিষ্কাশন কৰা হয়।

বিজ্ঞানীসকলে আৱিস্কাৰ কৰাৰ আগতেই আমাৰ আইতাহঁতে হালধিৰ গুণ চিনিছিল। পৰিয়ালৰ কাৰোবাৰ হাঁচি-কাহ উঠিলে তেওঁলোকে হালধি আৰু জালুক মিহলাই গাখীৰৰ সৈতে গৰম কৰি খাবলৈ দিছিল, এনেদৰে গৰম কৰিলে শৰীৰে আহৰণ কৰিবপৰা কুৰকিউমিনৰ পৰিমাণ বাঢ়ি যায়। ষ্টাৰবাকৰ এতিয়া ‘গ’ল্ডেন টাৰমাৰিক লাটে’ নামৰ এবিধ ৰেচিপি আছে, যিটো মোৰ আইতাই হয়তো ভাল পাব বা নাপাবও পাৰে। ইয়াত ওটচৰ গাখীৰ আৰু ভেনিলা আদি দিয়ে।

হালধিক শুভ বুলিও বিবেচনা কৰা হয়। দক্ষিণ ভাৰতৰ বিবাহিত মহিলাই হালধি ৰসত তিয়াই থোৱা সূতা গলত পিন্ধে। মাঞ্জাল নীৰাতো বীড়া (হালধিৰে নোওৱা পৰ্ব) পৰ্বৰ যোগেদি পুষ্পিতা হোৱা ছোৱালীৰ প্ৰথম ঋতুস্ৰাৱৰ দিনটো উদযাপন কৰা হয় (কেতিয়াবা উলহ-মালহকৈও আলহী-অতিথি মাতি পতা হয়)। মাঞ্জালে ইয়াৰ উপৰিও এণ্টিচেপ্টিকৰ কামো কৰে, মুকলি ঘাঁ আৰু ছাল উখহিলে হালধিৰ বতি লগোৱা হয়। পোহনীয়া জীৱ-জন্তুৰ ব্ৰেণ্ডবোৰেও নিজৰ পণ্যবোৰত হালধি একেটা কাৰণতে ব্যৱহাৰ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষকে হালধিৰ পেটেণ্ট ল’ব বিচাৰোতে ভাৰতীয় বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংস্থা (চিএছআইআৰ)য়ে ১৫ হাজাৰ ডলাৰ খৰছ কৰি ১৯৯৭ত এজন উকীল নিয়োগ কৰি যুক্তি দৰ্শায় যে ভাৰতত যিহেতু এইবিধ দ্ৰব্য বহু শতিকাজুৰি ঘাঁ নিৰাময়ৰ বাবে ব্যৱহাৰ হৈ আহিছে, সেয়ে ইয়াৰ “পেটেণ্ট পাবলৈ লগা নতুনত্বৰ চৰ্তটো এই দাবীয়ে পুৰণ নকৰে”। এনেদৰেই চিএছআৰএয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেটেণ্ট আৰু ট্ৰেডমাৰ্ক অফিছৰ পৰা হালধিৰ “বিতৰ্কিত পেটেণ্ট” বাতিল কৰিবলৈ সক্ষম হয়।

শিৱাজী গণেশানে কথাটো মানিলেহেঁতেন। বিখ্যাত অভিনেতাগৰাকীয়ে বীৰাপাণ্ডিয়া কাট্টাবোম্মান নামৰ ঔপনিৱেশিকতাবিৰোধী নেতাগৰাকীৰ ভূমিকাত একেটা নামৰে কথাছবি এখনত ১৯৫৯ত অভিনয় কৰিছিল। সেইখন আছিল শ্ৰেষ্ঠ কথাছবি আৰু শ্ৰেষ্ঠ অভিনেতাৰ আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমখন তামিল কথাছবি। ব্ৰিটিছক কৰ নিদিও বুলি কোৱা তেওঁৰ সেই সংলাপটো কোনেও পাহৰিব নোৱাৰেঃ “কিয়, তোমালোকে আমাৰ সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে হালধি খুন্দি সহায় কৰি দি পাইছা?”

*****

“মোৰ দেউতাৰ কষ্টৰ শইচ মই চপাইছো”
তিৰু মূৰ্তী, ইৰোডৰ হালধি খেতিয়ক

Thiru inspecting the turmeric plants in his farm, in Uppupallam hamlet of Erode's Bhavanisagar block
PHOTO • M. Palani Kumar

ইৰোডৰ ভৱানীসাগৰ ব্লকৰ উপ্পাল্লাম চুবুৰীৰ হালধি খেতিৰ পথাৰত তিৰুৱে হালধিবোৰ পৰীক্ষা কৰিছে

২০২১ৰ অক্টোবৰত সত্যমংগলমলৈ দ্বিতীয়বাৰ সাক্ষাতৰ সময়ত তেওঁ পাৰিক কৈছিল যে ১৮ বছৰ বয়সৰ পৰাই তেওঁ জীৱিকাৰ বাবে খেতি কৰি আহিছে, কেতিয়াবা ভাল হৈছে, কেতিয়াবা বেয়া। প্ৰথমবাৰ হালধি খেতি চপাইছিল একেটা বছৰৰ মাৰ্চত। হালি-জালি থকা হালধি গছবোৰৰ মাজেৰে হাতত ধুতিৰ লোচটো লৈ তেওঁ নিজৰ জীৱন যাত্ৰাৰ বিষয়ে কয়।

“আপ্পা উপ্পাল্লামলৈ আহিল, এয়াই আম্মাৰ নিজ ঘৰ। তাতেই ৭০ৰ দশকত একৰত দহ কি বিশ হাজাৰ টকা দি মাটি কিনা হৈছিল। এতিয়া সেই একে মাটিৰ দাম ৪০ লাখ টকা। এতিয়া আৰু দহ একৰ মাটি কিনিব নোৱাৰিব!” দশম মানৰ পৰা পঢ়া এৰা তিৰু ২০০৯ত এজন জৈৱিক খেতিয়ক হৈ পৰে। সেই সময়ত তেওঁৰ বয়স আছিল ৩১ বছৰ।

এয়া তেওঁৰ প্ৰথম পচন্দ নাছিল। তেওঁ বিভিন্ন কামত নিয়োজিত হোৱাৰ চেষ্টা কৰিছিল। প্ৰথমে তেওঁ ঘৰতে মালিহেই কাড়াই নামে এখন দোকান এখন দিছিল। তেওঁ য়েলান্দা ৱাড়াই (টেঙা-মিঠা বগৰীৰ ৱাড়া) চাউল, চিগাৰেট, বিড়ি আৰু দেৱালীৰ সময়ত ফটকা আদি বিক্ৰী কৰিছিল। ব্যৱসায়ৰ বাবে তেওঁ উৎসাহে তেওঁক কি কি কামলৈ যে লৈ যোৱা নাই। এটা সময়ত তেওঁ কেবল্ টিভিৰ চাৰ্ভিচ প্ৰভাইডাৰো আছিল, গাখীৰ বিক্ৰী কৰিছিল। তাৰপিছত তেওঁ বেংগালুৰুত থকা তেওঁৰ ডাঙৰ ভনীয়েকজনীৰ তাতো গৈ থাকিছিল। তাতে তেওঁ দুচকীয়াৰ চাৰ্ভিচ ষ্টেচন এটা খুলিছিল। ঋণ দিয়া ক্ষুদ্ৰ বিত্তীয় সংস্থা এটাত কাম কৰিছিল আৰু শেষত তেওঁ গাড়ী কিনা-বেচা কৰিছিল। “১৪ বছৰত মই ছটা কাম কৰি চাইছিলো। সেই বছৰকেইটা বৰ কষ্টকৰ আছিল, মোৰ সংগ্ৰাম কৰিছিলো আৰু সময়বোৰ অথলে হৈছিল।”

বেংগালুৰুৰ দিনকেইটা তেওঁ কুকুৰ-মেকুৰীৰ দৰে পাৰ কৰিবলগীয়া হৈছিল। “নাই পাড়াদা পাৰু” মানে দুঠেঙীয়াৰ জীৱন কটাবলগীয়া হৈছিল। উপাৰ্জন আছিল অতি কম আৰু বন্ধু এজনৰ সৈতে লগ লাগি ছয় বাই দহ ফুটৰ কোঠা এটাত ২৫০০ টকা দি কোনোমতে থাকিছিল।

“২০০৯ত যেতিয়া মই সত্যমংগলমলৈ ঘুৰি আহো, খেতিপথাৰত মই একপ্ৰকাৰ বলিয়াৰ দৰে নামি পৰো।” তেওঁ প্ৰথমে কুঁহিয়াৰ খেতিৰে আৰম্ভ কৰে, সেয়া তেওঁৰ দেউতাকে কৰিছিল। তাৰ লগতে তেওঁ চাগু আৰু পিঁয়াজৰ খেতি যোগ দিয়ে।

“মই ভুল কৰি তাৰ পৰা শিকিছিলো। ২০১০ত পিঁয়াজৰ বীজৰ দাম আছিল ৮০ টকা প্ৰতিকিলো। শস্য চপোৱাৰ সময়ত পিঁয়াজৰ দাম হৈছিল মুঠে ১১ টকা। মাৰাণা আদি (একেবাৰে মূৰত টাঙোন মৰাযেন পাইছিলো),” তেওঁ হুমুনিয়াহ কাঢ়ি কয়। আন শস্যৰ খেতি কৰা কাৰণেহে তেওঁ নিজকে লোকচানৰ পৰা বচাব পাৰিলে। তেওঁৰ দেউতাকৰ মৃত্যুৰ পাছত, ২০১৪ত তেওঁলোকৰ পৰিয়ালে সেই খেতি নকৰা নবছৰ হৈ গৈছিল, তেতিয়াই তেওঁ হালধি ৰোৱে।

*****

হালধিৰ পৰা কোনোবা ধনী হৈছে কিন্তু সেইজন সদায় কৃষক নহয়
ইৰোডৰ হালধি খেতিয়কসকল

In his banana field, Thiru has planted the red variety this time.
PHOTO • M. Palani Kumar
The wooden chekku in which coconut oil is cold-pressed to make fragrant hair oils
PHOTO • M. Palani Kumar

বাওঁফালেঃ নিজৰ কলখেতিৰ পথাৰত তিৰুৱে এইবাৰ ৰঙাকলৰ প্ৰজাতিৰ খেতি কৰিছে সোঁফালেঃ কাঠৰ চেক্কু য ’ত নাৰিকলৰ তেল ক’ল্ড প্ৰেছ কৰি চুলিত সনা সুগন্ধী তেল প্ৰস্তুত কৰা হয়

সমগ্ৰ তামিলনাডুৰ ৫১ হাজাৰ একৰ মাটিত হালধি খেতি কৰা হয়। ৮৬ হাজাৰ টন মুঠ উৎপাদনেৰে হালধি উৎপাদনৰ ক্ষেত্ৰত তামিলনাডু দেশৰ ভিতৰত চতুৰ্থ স্থানত আছে। আকৌ ৰাজ্যখনৰ ভিতৰত সৰ্বাধিক উৎপাদন কৰা জিলাখন হৈছে ইৰোড, ১২,৫৭০ একৰ মাটিত মাঞ্জাল খেতি হয়।

তিৰুৰ ডেৰ একৰ মাটি সেই সাগৰৰ এটোপাল পানীৰ দৰে। ২০১৪ৰ জুনত তেওঁ আধা একৰ মাটিত হালধি খেতি আৰম্ভ কৰে, বাকীখিনি মাটিত কল আৰু নাৰিকলৰ খেতি আৰম্ভ কৰে। এক টন হালধি কম সময়তে বিক্ৰী হৈ যোৱাত তেওঁ উৎসাহিত হৈ পৰে। তাৰে ৩০০ কিলোগ্ৰাম হালধি গুড়ি কৰি দহ দিনতে ফেচবুকৰ যোগেদি খুচুৰা বিক্ৰী হৈছিল। তেওঁ নিজৰ এই ব্যৱসায়ক নাম দিয়ে ‘য়েৰ মুনাই’, মানে নাঙলৰ ফাল, কিয়নো “এই নাঙলৰ সমান আন কোনো নাই।” লগ’টোত আছে এজন মানুহ, এখন নাঙল আৰু দুটা বলদ গৰু। তেওঁ সফল হৈছিল।

উৎসাহিত হৈ তেওঁ পিছৰ বছৰ আঢ়ৈ একৰ মাটিত হালধি খেতি কৰিবলৈ ল’লে। সেইবাৰ তেওঁ পাঁচ হাজাৰ কিলোগ্ৰাম পালে যদিও পাঁচভাগৰ চাৰিভাগ বহুকেইমাহলৈ ঘৰতে পৰি থাকিল। তেওঁ সেইখিনি জৈৱিক হিচাপে প্ৰমাণপত্ৰ পোৱাৰ চেষ্টা কৰিলে যদিও নাপালে। প্ৰমাণপত্ৰ পোৱা কাৰবাৰটো অতিকৈ কষ্টসাধ্য আৰু মহঙা আছিল। শেষত যেনিবা তেওঁ সেইখিনি ইৰোডৰে এটা ডাঙৰ মচলা কোম্পানীৰ ওচৰত বিক্ৰী কৰিলে। তেওঁলোকে দিলে এখন টুন্দু চীট্টু , মানে কাগজৰ এখন শ্লিপ, তাতে লিখা আছিল প্ৰতি কুইণ্টলত ৮,১০০ টকা। এসপ্তাহ পিছত তেওঁ এখন ৰাজ্যৰ বাহিৰৰ চেক এখন পালে, তাৰো তাৰিখ ১৫ দিন আগৰ।

চেকখন ভঙাওতে তিৰুৰ তিনি সপ্তাহ লাগিল, সেয়া আছিল বিমুদ্ৰাকৰণৰ বছৰ। “২০১৭ৰ পৰা মই সাৱধান হৈছো আৰু কেৱল এক বা ডেৰ একৰ মাটিতহে হালধি খেতি কৰো। এবছৰৰ মুৰে মুৰে পথাৰখন চহাই পেলাই থওঁ, মাটিখিনিক ‘জিৰণি’ দিওঁ।”

জানুৱাৰীত তেওঁ পথাৰ চহায় আৰু দুবিধ মাহজাতীয় শস্য লগায়। প্ৰতিবিধে ৪৫ দিনৰ বাবে ডাঙৰ হ’বলৈ দি সেইখিনি পুনৰাই মাটিৰ লগত মিহলি হৈ যোৱাকৈ চহাই পেলোৱা হয়, যাতে মাটিয়ে নাইট্ৰ’জেন আৰু পুষ্টিদ্ৰব্য পায়। এই কামটোত তেওঁৰ ১৫ হাজাৰ টকা খৰছ হয়। তাৰপিছত তেওঁ ড্ৰিপ জলসিঞ্চনৰ ব্যৱস্থা কৰে আৰু হালধিৰ বাবে পথাৰখন সাজু কৰে। এইবাৰ তেওঁৰ আৰু ১৫ হাজাৰ টকা খৰছ হয়। তাৰপিছত তেওঁক প্ৰয়োজন হয় প্ৰতি একৰত ৮০০ কিলোগ্ৰামকৈ হালধিৰ কন্দ। প্ৰতিকিলোত ৪০ টকাকৈ সেইখিনিত লাগে ২৪ হাজাৰ টকা। প্ৰতি একৰত মজুৰিৰ নামত যায় ৫ হাজাৰ টকা। এমাহ পিছত যেতিয়া হালধিবোৰৰ পোখা মেলে, তেওঁ দুই টন ছাগলীৰ গোবৰৰ সাৰ প্ৰয়োগ কৰে। এইবিধ শস্যৰ ক্ষেত্ৰত গৰুৰ গোবৰতকৈ ছাগলীৰ গোবৰ ভাল বুলি তেওঁ দাঠি দি কয়। এইখিনি সাৰ তেওঁ ১৪ হাজাৰ টকাত কিনি আনিছে।

তাৰপিছত ছবাৰকৈ নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে ঘাঁহ-বন নিৰাব লাগে। প্ৰতিবাৰতে ১০ হাজাৰ টকা (৩০ৰ পৰা ৩৫ গৰাকী মহিলাক প্ৰতি একৰত ৩০০ টকা) ব্যয় হয়। মাৰ্চত শস্য চপোৱা কামত ৪০ হাজাৰ টকা খৰছ হয় আৰু সেয়া “নিৰ্ধাৰিত ঠিকা। সাধাৰণতে ২০ জন পুৰুষ আৰু ৫০ গৰাকী মহিলাই এই কামৰ ঠিকা লয়। এদিনতে তেওঁলোকে কাম শেষ কৰে। শস্য অতি ভাল হ’লে তেওঁলোকে অতিৰিক্ত ৫,০০০ টকা বিচাৰে।”

Fresh turmeric fingers, which are processed by Thiru Murthy to make beauty products and malted drinks.
PHOTO • Aparna Karthikeyan
The purpose-built pit for boiling the turmeric
PHOTO • Aparna Karthikeyan

বাওঁফালেঃ সতেজ হালধিৰ কন্দ , তিৰু মূৰ্তীয়ে এই হালধিয়ে প্ৰচে’ছ কৰি প্ৰসাধনৰ পণ্য আৰু মল্ট ড্ৰিংকচ্ প্ৰস্তুত কৰে সোঁফালেঃ হালধি উতলোৱা গাঁত

শেষত সতেজ হালধিখিনি উতলাই শুকাই পলিচ কৰা হয়। এই প্ৰতিবেদকৰ বাবে এইখিনি এটা শাৰীতে শেষ হয়, কিন্তু খেতিপথাৰত এয়া বহুদিনৰ অতিশয় কষ্ট আৰু কুশলতাৰ কাম। তাতে আকৌ উৎপাদনৰ ৬৫ হাজাৰ টকাৰ ব্যয় ধৰক। এফালে ব্যয়ৰ তালিকাখন দীঘল হৈ গৈ থাকে, আনফালে হালধিৰ ওজন কমি কমি প্ৰায় আধা হয়গৈ।

দহ মাহৰ কষ্ট আৰু ২ লাখ ৩৮ হাজাৰ টকা খৰছ কৰাৰ মুৰকত তেওঁ বিক্ৰীৰ বাবে (এক একৰ মাটিৰ পৰা) ২,০০০ কিলোগ্ৰাম শুকান হালধি পায়। এক কিলোগ্ৰাম হালধিৰ উৎপাদনী ব্যয় হয়গৈ ১১৯ টকা। (আন খেতিয়ক যেনে কৰুমুৰিৰ কে.এন. ছেল্লামুটুয়েও জৈৱিক খেতিয়ে কৰে, তেওঁলোকৰ উৎপাদনী ব্যয় ৮০ টকা প্ৰতি কিলো। তেওঁ অধিক শস্য পাব পৰা প্ৰজাতিৰ খেতি কৰে আৰু কম সময়-কৌশল খৰছী পদ্ধতিৰ প্ৰয়োগ কৰে)।

তিৰুৱে তেওঁৰ হালধিখিনিৰ দাম নিৰ্ধাৰণ কৰোঁতে নিৰ্দিষ্ট এটা পদ্ধতি অনুসৰণ কৰে। তেওঁ এক কিলো হালধি গুড়ি কৰাৰ বিনিময়ত ৪০ টকা আৰু সেইখিনি পেকেজিং তথা কুৰিয়াৰ কৰাৰ বাবে আৰু ৪০ টকা খৰছ হয়।

একেলগে ভালেখিনি মানে ২০ কিলোগ্ৰাম ক্ৰয় কৰা দোকানীয়ে সেইখিনি ৩০০ টকা প্ৰতিকিলো দৰত পায়। ফাৰ্ম গেটত দাম ৪০০ টকালৈ উঠে। ভাৰতৰ ভিতৰত যদি পঠিয়াবলগীয়া হয়, ৫০০ টকা মূল্য নিৰ্ধাৰণ কৰা হয়। আন ব্ৰেণ্ডে তেওঁলোকৰ জৈৱিক হালধিৰ দাম প্ৰতি কিলোত ৩৭৫ টকাৰ পৰা আৰম্ভ কৰি ১,০০০ টকালৈ নিৰ্ধাৰণ কৰে। বেপাৰীয়ে ইৰোড মাণ্ডিত এক কিলো শুকান হালধি (গুড়ি কৰিলে ৯৫০ গ্ৰাম ওলায়) ৭০ টকাত কিনে। আৰু তাৰ তিনিগুণতকৈও অধিক দামত সেয়া বিক্ৰী কৰে।

*****

“কাঁচি, বন্দুক বা লাঠী নোলোৱাকৈয়ে ক’ৰ্পোৰেটে কৃষকক মাৰে
পি. কে. দৈৱাচিগমণি, সচিব, টাৰ্মাৰিক ফাৰ্মাৰ্চ এছ’চিয়েচন অৱ ইণ্ডিয়া

“মই চেষ্টা কৰিছিলো, কিন্তু হালধিৰ বাবে উচিত মূল্য স্থিৰ কৰিব নোৱাৰিলো,” টিএফএআইৰ সচিব দৈৱাচিগমণিয়ে কয়। অক্টোবৰৰ বৰষুণৰ দিন এটাত আবেলি সময়ত তেওঁক লগ পাইছিলো। “চৰকাৰবোৰ ক’ৰ্পোৰেটৰ দিশে আগবাঢ়িছে আৰু ক’ৰ্পোৰেটে চৰকাৰ গঢ়িছে। সেয়া সলনি নোহোৱালৈ, কেৱল ক্ষুদ্ৰ এই হালধি খেতিয়কেই নহয়, কোনো খেতিয়কৰেই ভৱিষ্যত নাই… আমেৰিকাতো একেই অৱস্থা। কৃষি লাভজনক নহয়। তাতে তেওঁলোকে ইংৰাজীত কয়, আমি তামিল ভাষাত কৈছো,” তেওঁ কয়।

Inside the storage yard of the Perundurai regulated market.
PHOTO • M. Palani Kumar
Buyers at the auction inspect the turmeric lots
PHOTO • M. Palani Kumar

বাওঁফালেঃ পেৰুন্দাৰাই ৰেগুলেটেড মাৰ্কেটৰ হালধি মজুত কৰা এলেকাৰ ভিতৰভাগ সোঁফালেঃ নিলামৰ সময়ত ক্ৰেতাই হালধিৰ ভাগবোৰ পৰীক্ষা কৰি চাইছে

“সামন্ত প্ৰথাৰ ঠাইত ক’ৰ্পোৰেট আহি বহিছে আৰু তেওঁলোকেই এতিয়া বৃহৎ ভূ-স্বামী। তেওঁলোকৰ যি বৃহৎ পৰিসৰ আৰু আকাৰ, তেওঁলোকে শ শ টন প্ৰচে’ছ কৰিব পাৰে। কেই টনমান খেতি কৰা ক্ষুদ্ৰ খেতিয়ক এজনে কেনেদৰে তেনে বিয়াগোম কোম্পানীৰ লগত মূল্যৰ ক্ষেত্ৰত ফেৰ মাৰিব পাৰিব?”

ইৰোডৰ কাষৰ পেৰুন্দাৰাই ৰেগুলেটেড মাৰ্কেটত দৈনিক নিলামেই হালধি খেতিয়কৰ ভাগ্য নিৰ্ধাৰণ কৰে। একমাত্ৰ হালধিৰ বজাৰখনত ভালেকেইটা মজুতকৰণ এলেকা আছে য’ত হাজাৰ হাজাৰ বস্তা হালধি মজুত কৰিব পৰা যায় আৰু নিলামৰ কাৰণেও নিৰ্দিষ্ট সুবিধা আছে। ১১ অক্টোবৰত যেতিয়া পাৰিয়ে নিলাম চাবলৈ যায়, হালধিৰ কাণ্ডৰ বাবে এক কুইণ্টলৰ ‘সৰ্বাধিক দাম’ আছিল ৭,৪৪৯ টকা আৰু কন্দৰ দাম আছিল ৬,৬৬৯ টকা। বণিকে সদায় মূল্যৰ ৰাশিবোৰৰ এককৰ স্থানত ৯ ৰাখে। তেওঁলোকে সংখ্যাশাস্ত্ৰত বিশ্বাস ৰাখে কাৰণে তেনে কৰে বুলি বজাৰখনৰ তত্বাৱধায়ক অৰবিন্দ পালানিস্বামীয়ে কয়।

প্লাষ্টিকৰ ট্ৰে’ত হালধিৰ ৫০ টা লটৰ নমুনা ৰখা হৈছে। বণিকবোৰে প্ৰতিখন ট্ৰে’ চায়, হালধি ভাঙে-শুঙে। আনকি নমুনাৰ টুকুৰা মজিয়াত মাৰিও চায়! তেওঁলোকে সেয়া ওজন কৰে আৰু আঙুলিৰ ফাঁকেৰে সৰিব দিয়ে। কিবা লিখে আৰু ডাক দিয়ে। এটা ডাঙৰ মচলা কোম্পানীৰ ক্ৰয় বিভাগৰ চি. আনন্দকুমাৰে কয় যে তেওঁ “সৰ্বোত্তম গুণসম্পন্ন” হালধিহে ক্ৰয় কৰে। আজি হালধিৰ নমুনা চাই তেওঁ ৪৫৯ টা বেগৰ ২৩ টা লৈছে।

এই বজাৰখনৰ বাৰ্ষিক লেনদেনৰ পৰিমাণ ৪০ কোটি টকা, মাণ্ডিৰ কাষতে থকা নিজৰ অফিছৰ পৰা অৰবিন্দে মোক কয়। সেই চালিখনৰ চিমেণ্ট মৰা চিৰিত কৰুমুৰিৰ এল. ৰাছিনা বহি আছিল। তেওঁ ৩০ কুইণ্টল হালধি বজাৰলৈ আনিছে। প্ৰতি কুইণ্টলত তেওঁ মাত্ৰ ৫,৪৮৯ টকাৰ ডাক পাইছে।

নিজাকৈ মজুতকৰণৰ সুবিধা নথকা ৰাছিনাই চৰকাৰী গুদামত তেওঁৰ চপোৱা হালধিখিনি ৰাখে। তাতে মজুতকৰণৰ বাবদ প্ৰতি কুইণ্টলত তেওঁ দিনে ২০ পইছাকৈ দিব লাগে। কিছুমান খেতিয়কে ভাল দাম পাবলৈ চাৰি বছৰ পৰ্য্যন্ত অপেক্ষা কৰে। সাতমাহত তেওঁ পাঁচবাৰকৈ সেইখিনি অনা-নিয়া কৰিলে, অৱশেষত বিক্ৰী কৰাৰ সিদ্ধান্ত ল’লে। অৱশ্যে লোকচানত।

ইৰোড, কইম্বাটোৰ আৰু ছালেম জিলা মিলি গঠিত হোৱা কংগু বেষ্টনীৰ বহু কৃষকে কৃষিক অতিৰিক্ত জীৱিকা হিচাপেহে বিবেচনা কৰে, দৈৱসীগমনীয়ে কয়। “কেৱল খেতিৰ ওপৰতে ভৰসা কৰিবলগীয়া হ’লে তেওঁলোকে অতিশয় কষ্ট পাব।”

P.K. Deivasigamani, president of the turmeric farmers' association.
PHOTO • M. Palani Kumar
Labels on the samples exhibited at the turmeric auction
PHOTO • M. Palani Kumar
Labels on the samples exhibited at the turmeric auction
PHOTO • M. Palani Kumar

বাওঁফালেঃ টাৰ্মাৰিক ফাৰ্মাৰ্চ এছ ’চিয়েচনৰ সচিব দৈৱসীগমনী মাজত আৰু সোঁফালেঃ হালধিৰ নিলামত নমুনাবোৰৰ ওপৰত লগোৱা লেবেল

তেওঁ ধাৰ্য্য কৰা মতে মূল্যৰ ওপৰত নিৰ্ভৰ কৰি তামিলনাডুত ২৫ৰ পৰা ৫০ হাজাৰ কৃষকে হালধি খেতি কৰে। এক কুইণ্টল যদি ১৭ হাজাৰ টকাত বিক্ৰী হয় (এবাৰ হৈছিল), তেন্তে “৫ কোটি হালধি খেতিয়ক” ওলাব, তেওঁ হাঁহি মাৰি কয়। “আকৌ দাম যদি ৫,০০০ টকালৈ নামে, তেতিয়া আপুনি কোনোমতে ১০ হাজাৰ খেতিয়ক পাব।”

এইখিনিতে দৈৱসীগমনীয়ে এক পৰামৰ্শ দিয়েঃ সেয়া হৈছে বৈচিত্ৰতা। “বিশাল হাৰত হালধিৰ খেতি নকৰিব,” তেওঁ কয়। “উৎপাদন কমিলে আমি ভাল দাম পাব পাৰো।”

*****

“বৰ্ণসংকৰ প্ৰজাতিৰ পৰা উৎপাদন ভাল হয় যদিও তাৰ পৰিৱৰ্তে স্থানীয় প্ৰজাতিৰ খেতি কৰক”
তিৰু মূৰ্তী, ইৰোডৰ হালধি খেতিয়ক

যোৱাবছৰ মাৰ্চত তেওঁ দুই টন শস্য চপাইছে। হালধিৰ শুকান পাতেৰে ঢাকি থোৱা মুগা ৰঙৰ তিলা এটা- উতলাবলৈ আৰু শুকাবলৈ এদল মানুহৰ অপেক্ষাত। তিৰু আধুনিকতাৰ প্ৰতি বিমুখ নহয়। তেওঁ সৌৰশক্তি ব্যৱহাৰ কৰে, দক্ষতাৰে কৰে। তেওঁ ঐতিহ্য বহন কৰা প্ৰজাতিবোৰৰ ওপৰত ভৰসা কৰে আৰু ইৰোডৰ স্থানীয় প্ৰজাতিৰ হালধিয়ে ভৌগোলিক সূচাংক পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে।

গৱেষণা সংস্থাবোৰে কেৱল ফচলক লৈয়ে চিন্তিত বুলি তেওঁ সমালোচনা কৰে। অধিক উৎপাদন মানে ৰাসায়নিক সাৰৰ ওপৰত অধিক ব্যয়। “আমাৰ উৎপাদিত ফচলৰ কিয় আমি উচিত দাম পোৱাৰ ব্যৱস্থা কৰাত চৰকাৰে সহায় নকৰে?” নীতি নিৰ্ধাৰকসকলৰ প্ৰাথমিক জ্ঞানৰ প্ৰয়োজন বুলি তেওঁ যুক্তি দৰ্শায়। তেওঁৰ পত্নী আৰু ব্যৱসায়িক অংশীদাৰ গোমাথিয়ে সহমত প্ৰকাশ কৰে। “কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে আমাৰ খেতিপথাৰত আহি কাম কৰক,” দুয়ো পৰামৰ্শ দিয়ে। “তেওঁলোকে বাস্তৱতঃ খেতিৰ সমস্যা যদি বুজি নাপায়, কেৱল সংকৰ প্ৰজাতি উদ্ভাৱনতে লাগি থাকিব।” তেওঁলোকৰ কথাত মৃদু অভিযোগৰ সুৰ থকাৰ কাৰণ আছে। উজ্জ্বল সংকৰ প্ৰজাতিৰ ডাঙৰ ডাঙৰ প্ৰজাতিৰ হালধিত প্ৰতি কুইণ্টলত ২০০ টকা বেছিকৈ পোৱা যায় যদিও তাত ৰাসায়নিক সাৰ-ভিটামিনৰ প্ৰয়োগ বেছি।

তেওঁ খেতি আৰম্ভ কৰা সময়ত নগদ ধনৰ প্ৰৱাহ খুব লেহেমীয়া আছিল। হালধিৰ খেতিৰ পৰা হোৱা বাৰ্ষিক আয়খিনি পৰৱৰ্তী বছৰটোতহে পোৱা গৈছিল। তিৰু বেংকৰ ঋণৰ যোগ্য নহয়, তেওঁৰ প্ৰয়াত পিতৃয়ে ইতিমধ্যে শকত ঋণ লৈ থৈছে, জামিনদাৰ তেওঁৰ পুত্ৰ। তেওঁ এতিয়াও সেই ১৪ লাখ টকাৰ ঋণ পৰিশোধ কৰি আছে। সেই ঋণ শুজিবলৈ তেওঁ অসংগঠিত উৎস এটাৰ পৰা “ ৰেন্দু ৰূপা ৱাট্টি মানে এশত মাহে দুটকা সুতত ধাৰে লৈছে। মানে বছৰি ২৪ শতাংশ সুত তেওঁ দি আহিছে।

The harvested turmeric is covered with dried leaves, waiting to be boiled, dried and polished.
PHOTO • Aparna Karthikeyan
Thiru uses solar power and champions it
PHOTO • M. Palani Kumar

বাওঁফালেঃ চপোৱা হালধিখিনি শুকান পাতেৰে ঢাকি থোৱা হৈছে , সেইখিনি উতলোৱা আৰু পলিচ কৰা কাম বাকী আছে সোঁফালেঃ তিৰুৱে সৌৰশক্তি ব্যৱহাৰ কৰে আৰু নিপুণতাৰে কৰে

“ফেচবুকৰ কিছু বন্ধুৱে মোক বিনা সূতত ছমাহলৈ টকা ধাৰে দিছিল। তেওঁলোকক ধন্যবাদ দিও যে মই এতিয়া আৰু ধাৰ কৰিবলগীয়া হোৱা নাই। মই বন্ধুসকলৰ ধাৰ পৰিশোধ কৰিলো। কিন্তু এতিয়াও মই মোৰ দেউতাৰ বেংকৰ ঋণ পৰিশোধ কৰি আছো।” এতিয়া তেওঁ মাহে ৫০ হাজাৰ টকা উপাৰ্জন কৰে। তাৰবাবে তিনিজন লোকে (তিৰু, তেওঁৰ মাক আৰু গোমাথিয়ে) দিনে ১২ ঘণ্টাকৈ কাম কৰে। কিন্তু তেওঁলোকৰ পৰিশ্ৰম ব্যয়ৰ হিচাপত ধৰা নহয়।

হালধিবোৰ য’ত গুড়ি কৰা হয়, তাত তিৰুৱে এমুঠিমান হালধিৰ কন্দ হাতত লৈ চাইছে। উজ্বল কমলাৰঙী হালধিৰ টুকুৰাবোৰ শিলৰ দৰে টান। ইমান টান যে গ্ৰাইণ্ডিং মেচিনত দিয়াৰ আগতে সেইবোৰ গ্ৰেনাইটৰ পেষ্টেলত গুড়ি কৰি ল’বলগীয়া হয়। নহ’লে গ্ৰাইণ্ডাৰৰ ধাতুৰ ব্লেড ভাঙি যাব পাৰে।

কোঠালীটোত মাটিৰ তলৰ পৰা তুলি অনা হালধিৰ সুগন্ধ নাকত লাগে, চোক থকা কিন্তু ভাল লগা সেই সুগন্ধ। সোণালী ধূলি সকলোতে বিয়পি আছেঃ বৈদ্যুতিক গ্ৰাইণ্ডিং মিল, চুইচ ব’ৰ্ড সকলোতে। আনকি মকৰাৰ জালবোৰতো হালধিৰ ধূলি লাগি নেকলেচৰ দৰে জিলিকি আছে।

মৰুধানি (জেতুকা)ৰ ডাঙৰ এটা বৃত্ত আৰু তাৰ কাষে কাষে থকা সৰু সৰু বৃত্তবোৰে তিৰুৰ হাতৰ তলুৱাখন কমলাৰঙী কৰি তুলিছে। তেওঁৰ কিলাকুটি আৰু মণিবন্ধৰ মাজৰ অংশৰ মাংশপেশীয়ে তেওঁৰ কঠোৰ শাৰীৰিক পৰিশ্ৰমৰ কথা কয়। যিখিনি দেখা নাপায়, সেয়া হৈছে তেওঁ নিজৰ শস্যত মূল্য সংযোজনৰ অসাধাৰণ চেষ্টা আৰু কেতবোৰ মহঙা কিন্তু বিফল পৰীক্ষা-নিৰীক্ষা। এই বছৰৰ আদাৰ খেতিৰ কথাই ধৰক, খেতি একেবাৰে বেয়া হৈছিল। কিন্তু তেওঁৰ যি ৪০ হাজাৰ টকা লোকচান হ’ল, সেয়া তেওঁ “শিকণ” হিচাপে লৈছে। গোমাথিয়ে আমাৰ বাবে গৰম বাজ্জি আৰু চাহ বনোৱাৰ সময়তে তেওঁ আমাক এইখিনি কথা কৈছে।

*****

“হালধিৰ গুৰুত্ব বিবেচনা কৰি ইৰোড জিলাৰ ভৱানীসাগৰত প্ৰায় ১০০ একৰ মাটিত হালধিৰ কাৰণে এক নতুন গৱেষণা কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে।”
এম.আৰে. পানীৰচেলভাম, কৃষিমন্ত্ৰী, তামিলনাডু

এজন খেতিয়কে কেনেকৈনো সফল হ’ব যদি ভাৰতে নিজৰ সৰ্বোত্তম গুণৰ হালধি ৯৩.৫ টকা প্ৰতি কিলোগ্ৰাম দৰত ৰপ্তানি আৰু ৮৬ টকা প্ৰতি কিলোগ্ৰাম দৰত আমদানি কৰে? সাত টকাৰ এই পাৰ্থক্যই কেৱল ভাৰতীয় কৃষককে চেপা মাৰি ধৰা নাই, চাৰিবছৰত দুগুণ বঢ়া বৰ্দ্ধিত আমদানিয়ে এটা কথা নিশ্চিত কৰে যে ভৱিষ্যতেও কৃষকে উচিত মূল্য নাপাব।

A small batch of turmeric waiting to be cleaned
PHOTO • M. Palani Kumar
Thiru Murthy and T. Gomathy with their electric grinding mill
PHOTO • M. Palani Kumar

বাওঁফালেঃ চাফা কৰাবলৈ থোৱা হালধি সোঁফালেঃ বৈদ্যুতিক গ্ৰাইণ্ডিং মিলৰ সৈতে তিৰু মূৰ্তী আৰু টি . গোমাথি

তামিলনাডু চৰকাৰে এইকথা এক চৰকাৰী নিৰ্দেশত স্বীকাৰ কৰিছেঃ ভাৰত হালধিৰ আটাইতকৈ ডাঙৰ উৎপাদনকৰ্তা যদিও “কুৰকিউমিন উপাদান বেছি থকা প্ৰজাতিৰ আৱশ্যকতাৰ বাবে” ভাৰতে আন দেশৰ পৰা হালধি আমদানি কৰে বুলি কৃষিমন্ত্ৰী পানীৰচেলভামে কয়।

যোৱা আগষ্টত পৃথক কৃষি বাজেট উত্থাপন কৰাৰ সময়ত পানীৰচেলভামে হালধিৰ কাৰণে ২ কোটি টকা আবণ্টন দি নতুন গৱেষণাকেন্দ্ৰ স্থাপন কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল । উন্নত প্ৰজাতিৰ যোগান ধৰা, মূল্য সংযোজন কৰা আৰু হাতে-কামে প্ৰশিক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি সফলতাৰে দিছে যাতে “কৃষকে হালধি এৰি আন খেতিত নধৰে।”

তিৰুমূৰ্তীৰ নিজৰ দৰ্শন তেনেই সহজ। গ্ৰাহকক ভালতকৈও ভাল পণ্য দিয়া। “মোৰ পণ্যবিধ যদি ভাল হয়, ৩০০ জনে কিনিব আৰু ৩ হাজাৰজনক ক’ব। কিন্তু বেয়া ওলালে সেই একেই ৩০০ জনে ৩০ হাজাৰজনক ক’ব যে সেয়া বেয়া।” ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি আৰু মৌখিক প্ৰচাৰেৰে তেওঁ ১০ মাহমানৰ ভিতৰত তেওঁৰ ৩ টন হালধি বিক্ৰী কৰে। মানে মাহত গঢ়ে তেওঁ ৩০০ কিলোগ্ৰাম বিক্ৰী কৰে। এইখিনি কৰোঁতে তেওঁ কিছুমান গুৰুত্বপূৰ্ণ কথা শিকিছে। জৈৱিক হালধিৰ বাবে পাইকাৰী বজাৰত পইছাৰ ক্ষেত্ৰত কোনো অগ্ৰাধিকাৰ পোৱা নাযায়। দ্বিতীয়তে খেতিয়কে নিজে বিক্ৰী নকৰিলে ভাল দাম নাপায়।

তিৰুৱে দুইধৰণে হালধি প্ৰচে’ছ কৰে। এটা পদ্ধতিত ৰাইজ’মবোৰ উতলাই, শুকাই গুড়ি কৰা হয়। পৰীক্ষণৰ অন্তত তেওঁ দেখিছে যে এই পদ্ধতিত প্ৰচে’ছ কৰা হালধিত কুৰকিউমিনৰ হাৰ ৩.৬ শতাংশ থাকে। দ্বিতীয়টো পদ্ধতি অপৰম্পাৰগত। এই পদ্ধতিত ৰাইজ’মবোৰ ফালি ৰ’দত শুকুৱাই গুড়ি কৰা হয়। এই পদ্ধতিত কুৰকিউমিনৰ পৰিমাণ ৮.৬ শতাংশ থাকে। কিন্তু বেছি পৰিমাণে কুৰকিউমিন থকা-নথকাক লৈ তেওঁ যুক্তি বিচাৰি নাপায়। “ফাৰ্মা উদ্যোগৰ ক্ষেত্ৰত বেছি কুৰকিউমিন থকা হালধিৰ প্ৰয়োজন থকা কথাটো বুজিব পাৰি। কিন্তু খাদ্যত কুৰকিউমিন বেছি থকাৰ কি প্ৰয়োজন?” তেওঁ যুক্তি সহকাৰে কথাটো কয়।

চপোৱাৰ পিছতেই তেওঁ সতেজ হালধি বিক্ৰী কৰে। কেঁচা হালধিৰ দাম ৪০ টকা প্ৰতি কিলো (তাৰ লগত পেকেজিং আৰু পোষ্টেজৰ অতিৰিক্ত ৭০ টকা)। তাৰোপৰি প্ৰতিমাহে তেওঁ আৰু গোমাথিয়ে মিলি ৩,০০০ টুকুৰা চাবোন প্ৰস্তুত কৰে। তেওঁলোকে বিভিন্ন ঔষধি উদ্ভিদ আদি আনি শোধন কৰি ন প্ৰকাৰৰ চাবোন বনায়। তাত দুইধৰণৰ হালধি, চালকুঁৱৰী, ভেটিভাৰ, কুপ্পামেনি, আৰাপু, শিকাকাই আৰু নিম থাকে।

তেওঁৰ পত্নীয়ে তেওঁক হেঁচুকি দি কয়ঃ “চাবোনত কি দিয়ে নক’বলৈ মানুহে কয়, কিন্তু তেওঁ কি দিয়ে, কেনেকৈ কৰে সকলোখিনি কৈ দিয়ে।” তিৰুৱে আনকি চুলিত সনা হালধিৰ ৰং কেনেকৈ প্ৰস্তুত কৰে তাকো ফেচবুকত পোষ্ট কৰিছে। তেওঁ কি প্ৰক্ৰিয়াৰে কাম কৰে সেয়া প্ৰকাশ কৰাক লৈ বেছি ভাবি নাথাকে। “আনকো চেষ্টা কৰিবলৈ দিয়া যাওঁক, প্ৰাৰম্ভিক অৱস্থাৰ উৎসুকতা ধৰি ৰখাটো টান কাম!” তেওঁ কয়।

*****

“খেতিয়কে কেতিয়াও নিজে উৎপাদন কৰা ভাল বস্তু নাখায় বিক্ৰী নোযোৱাখিনিহে খেতিয়কে খায় আমাৰ পণ্যবোৰৰ ক্ষেত্ৰতো একেই আমি চেপেটা হোৱা , চিগা কল খাওঁ, ভগা চাবোনবোৰ ৰাখো…”
টি. গোমাথি, ইৰোডৰ হালধি খেতিয়ক

Thiru and Gomathy with their children in the workshop, behind their living room.
PHOTO • M. Palani Kumar
Gomathy and her daughter shelving soaps in the workshop
PHOTO • M. Palani Kumar

বাওঁফালেঃ নিজৰ ল ’ৰা-ছোৱালীহালৰ সৈতে ৱৰ্কশ্বপত তিৰু আৰু গোমাথি, তেওঁলোকৰ থকা ঘৰৰ পাছফালে সোঁফালেঃ গোমাথি আৰু তেওঁৰ জীয়ৰীয়ে ৱৰ্কশ্বপৰ চাবোনবোৰ চিজিল কৰিছে

২০১১ত তিৰু মূৰ্তী আৰু গোমাথিৰ বন্দৱস্তি বিয়া হৈছিল। তেওঁ ইতিমধ্যে এজন জৈৱিক খেতিয়ক আছিল। কিন্তু মূল্য সংযোজনৰ কথা ইমান নাজানিছিল। ২০১৩ত তেওঁ ফেচবুক খোলে। ফেচবুকত শ্বেয়াৰ কৰা এটা পোষ্টেই তেওঁক সামাজিক মাধ্যমৰ শক্তি আৰু গ্ৰাম্য আৰু নগৰৰ মাজত যোগসূত্ৰ বিচ্ছিন্ন হোৱা আৰু আন বিভিন্ন কথা চিন্তা কৰিবলৈ বাধ্য কৰাইছিল।

তেওঁ শ্বেয়াৰ কৰা পুৱাৰ আহাৰৰ ফটো এখনৰ পৰা সেয়া আৰম্ভ হৈছিল। তেনেই সাধাৰণ খাদ্য ৰাগি কালিৰ ফটো দেখি মানুহে প্ৰশংসা কৰিছিল। মানুহৰ কমেণ্ট আৰু লাইক দেখি তেওঁ উৎসাহিত হৈছিল। খেতিপথাৰত জীৱনটো কেনেকুৱা তাকেই তেওঁ নিয়মীয়াকৈ পোষ্ট কৰিবলৈ ল’লে। সকলো অনলাইন ৰেকৰ্ড হৈছিলঃ বন নিৰোৱাৰ পৰা আৰম্ভ কৰি জৈৱিক সাৰ প্ৰয়োগ কৰা আদি সকলো।

প্ৰথমবাৰ যেতিয়া তেওঁ হালধি খেতি চপায়. অনলাইনতে তেওঁ সেইখিনি বিক্ৰী কৰিছিল। গোমাথিও সেই কামত লাগিবলৈ ধৰে। “চাবোন, তেল আৰু পাউডাৰৰ কাৰণে মোৰ ফোনৰ হোৱাটচআপত অৰ্ডাৰ আহে আৰু মই সেয়া তেওঁলৈ পঠিয়াও।” ঘৰুৱা কাম-বন আৰু ১০ বছৰীয়া নিতুলান আৰু ৪ বছৰীয়া নিগাজিনিক চোৱাৰ উপৰিও গোমাথিয়ে সেই আটাইবোৰৰ পেকিং আৰু শ্বিপিং চম্ভালে।

ক’ভিড লকডাউন আৰু তেওঁৰ ল’ৰাটোৰ অনলাইন ক্লাচে তেওঁৰ জীৱনটো অধিক কঠিন কৰি তোলে। আমি এবাৰ সাক্ষাৎ কৰোঁতে ল’ৰা-ছোৱালীহালে আইনাৰ বটলত লালুকীৰে খেলি আছিল আৰু তেওঁলোকৰ কুকুৰটোৱে বৰ আগ্ৰহেৰে সেয়া চাই আছিল। আন এবাৰ সিহঁতে ষ্টীলৰ পাইপ এডাল বগাবলৈ চেষ্টা কৰি আছিল। “সিহঁতে তাকেই শিকিছে, খুটা বগাবলৈ,” তেওঁ হুমুনিয়াহ কাঢ়ি কয়।

তেওঁক সহায় কৰা এগৰাকী মহিলা আছে, তেওঁ মাজতে কথা ক’লে। “কেতিয়াবা আমাৰ কেটেলগ চাই গ্ৰাহকে আমাৰ ২২ বিধ সামগ্ৰীৰ প্ৰতিবিধৰেই এটাকৈ বিচাৰে। এই কাম সহজ নহয়,” গোমাথিয়ে কয়। তেওঁ ঘৰ চলায়, ব্যৱসায়ো চলায় আৰু কথা যিমান কয় তাতোকৈ বেছি হাঁহে।

বজাৰত সাধাৰণতে পোৱা হালধিতকৈ কিয় দুগুণ দামত তেওঁৰ হালধি কিয় বিক্ৰী যায় সেয়া অতিকমেও ১০ জন গ্ৰাহকক বুজাওতে তিৰুৰ দিনটো পাৰ হয়। “জৈৱিক কৃষি, ভেজালকৰণ আৰু কীটনাশকৰ ঘোৰ বিপদৰ বিষয়ক লৈ মই ৰাইজৰ মাজত সজাগতা সৃষ্টিত অতিকমেও দিনে দুঘণ্টা সময় খৰছ কৰো।” তেওঁ যেতিয়া ফেচবুকত কিবা এটা পোষ্ট কৰে, তাৰে তেওঁৰ ৩০ হাজাৰ ফলোৱাৰৰ প্ৰায় ১০০০ লোকে সেয়া লাইক কৰে আৰু ২০০ মানুহে কমেণ্ট কৰে। তেওঁলোকে প্ৰশ্ন কৰে। “তেওঁলোকক যদি মই উত্তৰ নিদিও, মই তেওঁলোকৰ চকুত ‘ভুৱা’ হৈ পৰিম।”

Weighed and packed turmeric powder, which Thiru sells directly through social media.
PHOTO • M. Palani Kumar
Soaps and bottles of hair oil, ready to be sold
PHOTO • M. Palani Kumar
Soaps and bottles of hair oil, ready to be sold
PHOTO • M. Palani Kumar

বাওঁফালেঃ ওজন কৰি পেক কৰা হালধিৰ গুড়ি , ছ’চিয়েল মিডিয়াৰ জৰিয়তে পোনপটীয়াকৈ তিৰুৱে বিক্ৰী কৰে মাজত আৰু সোঁফালেঃ চাবোন আৰু চুলিত সনা তেলৰ বটল , বিক্ৰীৰ বাবে সাজু

তেওঁ খেতিপথাৰত কাম কৰে আৰু ই-বিজনেচ চলায় (“তাক যে ই-বিজনেচ বুলি কয় সেয়া মই যোৱা মাহলৈকে জনা নাছিলো!”)। এই কামত তেওঁ ইমানেই নিমজ্জিত হৈ থাকে যে যোৱা পাঁচ বছৰত তেওঁ এদিনো বন্ধ উদযাপন কৰা নাই। “তাতকৈ বেছিয়েই হ’ব চাগে,” গোমাথিয়ে হাঁহি মাৰি কয়। “তেওঁ খুব বেছি ছঘণ্টা জিৰণি ল’ব পাৰে। তাৰপিছত তেওঁ পুনৰাই তেওঁৰ গৰু, শস্য আৰু কাঠৰ চেক্কুটোলৈ (তেলৰ কল) বুলি উভতি আহিব লাগে।”

কাৰোবাৰ বিয়া থাকিলে তেওঁৰ মাকেই তাত উপস্থিত থাকে, তেওঁৰ ককায়েকে কাৰেৰে তেওঁক লৈ যায়। তিৰুৱে বিয়া-সবাহত উপস্থিত থাকিব নোৱাৰে। “ক’ভিড-১৯ৰ পিছত আমি কিছু টকা বচালো,” তেওঁ হাঁহি মাৰি কয়। “সাধাৰণতে ফাংচন থাকিলে আমি কইম্বাটোৰলৈ গাড়ী লৈ যাব লাগে। অনুষ্ঠানবোৰ নোহোৱা কাৰণে এতিয়া আমাৰ ইন্ধনৰ নামত ১,০০০ টকা বাচিছে।”

পথাৰত শ্ৰমিকবোৰ আহিলে “আম্মাই সেয়া চোৱাচিতা কৰে। মোৰ এইবোৰ কামতে সময়বোৰ যায়।” মই সাক্ষাৎ কৰা দুয়োটা বাৰতে গোমাথি হয় পাকঘৰত নাইবা ৱৰ্কশ্বপত ব্যস্ত হৈ আছিল। তেওঁলোকৰ শোৱনি কোঠাৰ গাতে লাগি থকা ওখ চালিৰ ঘৰটো, তাতেই প্ৰকাৰ আৰু তাৰিখৰ ষ্টিকাৰ লগোৱা চাবোনবোৰ ঠাক ঠাককৈ থোৱা আছে। তিৰু আৰু গোমাথিয়ে পুৱা চাৰে পাঁচ বজাত কাম আৰম্ভ কৰে, কাম চলে বাৰ ঘণ্টা।

বনৌষধি আৰু তাৰ গুণাগুণৰ বিষয়ে তেওঁলোকৰ গভীৰ জ্ঞান আছে আৰু সেই নামবোৰ তেওঁলোকৰ মুখতে লাগি থাকে। গোমাথিয়ে চুলিত সনা সুগন্ধি তেল প্ৰস্তুত কৰিব জানে। ক’ল্ড প্ৰেছড্ নাৰিকলৰ তেলত ফুল আৰু বনৌষধি ডুবাই সেয়া ৰ’দত শুকুৱাই তেওঁ সেই তেল প্ৰস্তুত কৰে। “গ্ৰাহকলৈ পঠিওৱাৰ আগতে আমি প্ৰতিবিধ পণ্য পৰীক্ষা কৰি চাওঁ,” তেওঁ মোক কয়।

এতিয়া গোটেই পৰিয়ালটোৱেই এই ব্যৱসায়ত জৰিত হৈ পৰিছে, তিৰুৱে কয়। তেওঁলোকৰ লেখত নহা শ্ৰমেই তেওঁলোকৰ পণ্যবোৰৰ দাম কমাই ৰাখে।

*****

“আমুল মিল্ক উৎপাদনকৰ্তাই গ্ৰাহকে দিয়া মূল্যৰ ৮০ শতাংশ পায়। সেই আৰ্হিৰ অনুৰূপ আৰ্হি বিশ্বৰ ক’তোৱেই নাপাব।”
বালাসুব্ৰমণিয়ম মুট্টুস্বামী, স্তম্ভলেখক

Thiru spends at least two hours a day educating others about organic farming.
PHOTO • Aparna Karthikeyan
Gomathy and Thiru with an award they received for organic farming
PHOTO • Aparna Karthikeyan

বাওঁফালেঃ তিৰুৱে দিনটোৰ অতিকমেও দুঘণ্টা সময় জৈৱিক কৃষিৰ বিষয়ে সজাগতা সৃষ্টিৰ নামত ব্যয় কৰে সোঁফালেঃ জৈৱিক কৃষিৰ বাবে গোমাথি আৰু তিৰুৱে পোৱা বঁটা

মাটি বন্ধকত লোৱা বা সামান্য মাটি (দুই একৰৰ কম) থকা ক্ষুদ্ৰ খেতিয়কৰ বাবে তিৰুৰ আৰ্হি অনুসৰণ কৰাটো ইমান সহজ নহ’ব। তেওঁৰ আৰ্হি সফলতাৰে অনুসৰণ কৰিব পৰাটোৰো সম্ভাৱনা কম। তামিল বাতৰিৰ প’ৰ্টেল অৰুণচলৰ স্তম্ভলেখক বালাসুব্ৰমণিয়ম মুট্টুস্বামী, যি নিজে ইৰোডৰ এটা খেতিয়কৰ পৰিয়ালৰ পৰা অহা, তেওঁ ভাবে যে সমবায় আৰ্হিয়ে একমাত্ৰ সাম্ভাব্য সমাধান।

গ্ৰাহকে দিয়া মূল্যৰ কিমানখিনি খেতিয়কজনে পায়, সেইখিনি তেওঁ ফঁহিয়াই দেখুৱাইছে। এই আৰ্হিত গাখীৰৰ ক্ষেত্ৰত কৃষকে পোৱা শ্বেয়াৰ বেছি। মানে সমবায় আৰ্হিত কৃষকৰ হাতত বেছি টকা থাকে, তেওঁ আমুলৰ উদাহৰণ দি কয়। আনহাতে গ্ৰাহকে এক কিলোগ্ৰাম হালধিৰ বাবে দিয়া ২৪০ টকাৰ ২৯ শতাংশ হালধি খেতিয়কে পায়। কিন্তু আমুল গাখীৰৰ ক্ষেত্ৰত খেতিয়কে প্ৰায় ৮০ শতাংশ পায়।

সফল হোৱাৰ এটাই উপায় আছে, সেয়া হৈছে বৃহৎ হাৰত কৃষকসকল লগ লগা, বালাসুব্ৰণিয়মে কয়। “ব্যৱসায়ৰ যোগান শৃংখল নিজৰ হাতলৈ আনি মধ্যভোগীক আঁতৰ কৰা।” সমবায় পদ্ধতি আৰু কৃষকৰ সংস্থাবোৰতো সমস্যা আছে, তেওঁ স্বীকাৰ কৰে। “তাক ভালদৰে পৰিচালনা কৰিব লাগিব আৰু সেয়াই একমাত্ৰ উপায়।”

তিৰুৱে কয় যে হালধি খেতি কৰি ভাল মুনাফা পোৱাটো তেতিয়াহে সম্ভৱ, যদিহে আপুনি তাত মূল্য সংযোজন কৰিব পাৰে। যোৱা সাতটা বছৰত তেওঁ নাৰিকলৰ তেল, কলৰ গুড়ি, কুমকুম (হালধিৰ পৰা প্ৰস্তুত কৰা) আৰু চাবোনৰ উপৰিও ৪,৩০০ কিলোগ্ৰাম হালধি গুড়ি বিক্ৰী কৰিছে। নিজৰ মাটি নাথাকিলে এয়া সম্ভৱ নহ’লহেঁতেন, তেওঁ কয়। (তেওঁৰ আৰ্হিটো আন কৃষকে কিয় অনুসৰণ কৰিব নোৱাৰে তাৰে ইয়ো এক কাৰণ।) “দহ একৰ মাটিত চাৰি কোটি টকা লাগিব! কোনে সেই পইছা দিব?” তেওঁৰ গোটেই ব্যৱসায়টো অনলাইন। তেওঁৰ জিএছটি নম্বৰ আছে আৰু জি পে’, ফোন পে’, পেটিএম, ভিম আৰু তেওঁৰ নিজৰ বেংকৰ খাতাত তেওঁ পেমেণ্ট লয়।

২০২০ চনত অভিনেতা কাৰ্তিক শিৱকুমাৰৰ উজ্জ্বৱন ফাউণ্ডেছনে তিৰুক জৈৱিক কৃষিৰ বাবে বঁটা আৰু ১ লাখ নগদ ধনেৰে পুৰস্কৃত কৰে। জৈৱিক কৃষিত মূল্য সংযোজন কৰা আৰু গ্ৰাহকলৈ পোনপটীয়াকৈ বিক্ৰী কৰাৰ কাৰণেও তেওঁক সেই বঁটাৰে বিভূষিত কৰা হৈছিল। কংগু অঞ্চলৰে তামিল অভিনেতা সত্যৰাজে নিজে তেওঁক সেই বঁটা দিছিল।

প্ৰতিবছৰে সৰু সৰু সফলতাই তিৰুক অধিক দৃঢ়প্ৰতিজ্ঞ কৰি তোলে। তেওঁ হাৰি যাব নোখোজে। “খেতিয়কৰ মুখৰ পৰা মই ‘লোকচান’ শব্দটো শুনিব নোখোজো,” তিৰুৱে কয়। “ভাল হ’বই লাগিব।”

এই প্ৰতিবেদন যুগুতোৱাৰ সময়ত আগবঢ়োৱা সহায় আৰু আতিথ্যৰ বাবে প্ৰতিবেদকে কৃষি জননীৰ প্ৰতিস্থাপক তথা মুখ্য কাৰ্য্যবাহী বিষয়া উষা দেৱী ভেংকটচালামলৈ কৃতজ্ঞতা যাঁচিছে

বেংগালুৰুৰ আজিম প্ৰেমজী ইউনিভাৰ্ছিটিৰ ২০২০ৰ গৱেষণা অনুদান কাৰ্য্যসূচীৰ অনুদানেৰে এই গৱেষণামূলক অধ্যয়ন কৰা হৈছে

প্ৰচ্ছদ আলোকচিত্ৰ: এম . পালানি কুমাৰ

অনুবাদ: পংকজ দাস

Aparna Karthikeyan

Aparna Karthikeyan is an independent journalist, author and Senior Fellow, PARI. Her non-fiction book 'Nine Rupees an Hour' documents the disappearing livelihoods of Tamil Nadu. She has written five books for children. Aparna lives in Chennai with her family and dogs.

Other stories by Aparna Karthikeyan
Photographs : M. Palani Kumar

M. Palani Kumar is PARI's Staff Photographer and documents the lives of the marginalised. He was earlier a 2019 PARI Fellow. Palani was the cinematographer for ‘Kakoos’, a documentary on manual scavengers in Tamil Nadu, by filmmaker Divya Bharathi.

Other stories by M. Palani Kumar
Translator : Pankaj Das

Pankaj Das is the translation editor for Assamese language in PARI. He works with UNICEF, Assam in the capacity of a localization expert. In his free time, he loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das