নাগি ৰেড্ডী থাকে তামিলনাডুত, তেওঁ কয় কন্নড় ভাষা আৰু লিখা-পঢ়া কৰে তেলেগুত। ডিচেম্বৰৰ এদিন পুৱা তেওঁক সাক্ষাৎ কৰিবলৈ আমি কেবাকিলোমিটাৰ পথ খোজকাঢ়ি আগবাঢ়িলো। তেওঁৰ ঘৰটো তেওঁ আমাক কোৱামতে বেছি দূৰত নহয়। আচলতে এজোপা বৃহৎ তেঁতেলী গছ পাৰ হৈ পানীৰে উপচি থকা এটা হ্ৰদৰ কাষেৰে ইউকেলিপ্টাছ তিলাটোত উঠি তললৈ নামি আহি আমগছৰ তলেৰে গৈ পহৰাদাৰী কৰা এজাক কুকুৰ, চিঞৰ-বাখৰ কৰি থকা এজাক কুকুৰৰ পোৱালী আৰু গৰুৰ গোহালি পাৰ হৈ তেওঁৰ ঘৰ।

দেশৰ যিকোনো কৃষকে মুৰ পাতি ল’বলগা স্বাভাৱিক সমস্যা আৰু বিৰক্তিৰ উপৰি নাগি ৰেড্ডীৰ আৰু সমস্যা আছে, যাৰ ফলত তেওঁ আগতে যি শস্যৰ খেতি কৰিছিল এতিয়া সলনি কৰিব বিচাৰিছে। তিনিটা বিয়াগোম বস্তুৱে তেওঁৰ পিছ নেৰা হৈছে - মৌট্টাই ৱাল, মাক্কানা আৰু গিৰি।

ইয়াৰ খেতিয়কে জানে যে ইহঁতক সংখ্যাগতভাৱেই হওঁক বা মুখৰ কথাৰেই হওঁক, আওকাণ কৰিব নোৱাৰি। ইহঁত একোটাৰ ওজন চাৰি হাজাৰ/পাঁচ হাজাৰ কিলোগ্ৰাম। এই বৃহৎ আকাৰৰ একোটা হাতীৰ ওজন বা উচ্চতা সঠিকভাৱে জনাব নোৱাৰাৰ কাৰণে স্থানীয় লোকক দোষাৰোপ কৰিব নোৱাৰি।

দুখন ৰাজ্যৰ সীমান্তত অৱস্থিত কৃষ্ণগিৰি জিলাত আমি আছো - তামিলনাডু আৰু কৰ্ণাটক। নাগি ৰেড্ডী থকা সৰু গাওঁ ভদ্ৰা পালায়ম ডেংকানিকোট্টাই তালুকত অৱস্থিত। ই অৰণ্য আৰু হাতীৰ পৰা বেছি দূৰত নহয় আৰু আমি য’ত বহি আছো, এই পকী বাৰান্দাখন তেওঁৰ খেতি পথাৰৰ পৰা কেইমিটাৰমান দূৰত আছে। গাঁৱৰ মানুহে নাগান্না বুলি মতা এই কৃষকজনৰ বয়স ৮৬ বছৰ আৰু তেওঁ অতি পুষ্টিকৰ ৰাগিৰ খেতি কৰে। দশকৰ পিছত দশক ধৰি কৃষিৰ ভাল-বেয়া দিন আৰু প্ৰায়ে ভয়াৱহ হৈ পৰা পৰিস্থিতিৰ তেওঁ সাক্ষী।

“মই যেতিয়া সৰু আছিলো, সেই সময়ত পকা ৰাগিৰ গোন্ধে আকৰ্ষণ কৰা বাবে খেতিৰ বতৰত কেইবাদিনমানৰ কাৰণে বনৰীয়া হাতী আহিছিল। আৰু এতিয়া? সিহঁতৰ মন গ’লে আহে, সিহঁত এতিয়া খাদ্যশস্য আৰু ফল-মূল খোৱাত অভ্যস্ত হৈ পৰিছে।”

নাগান্নাই তামিল ভাষাতে কয়, ইয়াৰ দুটা কাৰণ আছে। “১৯৯০ৰ পিছত এইখন অৰণ্যত হাতীৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে অৰণ্যৰ এলেকা আৰু মান নিম্নগামী হ’বলৈ ধৰে। সেয়ে আহাৰ বিচাৰি সিহঁত গাঁৱলৈ আহে। আপুনি ভাল হোটেল এখনৰ পৰা আহি বন্ধুসকলক কোৱাৰ দৰে সিহঁতেও সিহঁতৰ লগৰীয়াবোৰক খবৰ দিয়ে,” তেওঁ হাঁহি মাৰি কয়। তেওঁৰ এই কৌতুকত তেওঁ ৰস পালেও মই আচৰিত হৈছিলো।

PHOTO • M. Palani Kumar
PHOTO • Aparna Karthikeyan

বাওঁফালেঃ নাগি ৰেড্ডীৰ পথাৰত শস্য চপোৱাৰ সময় হৈছে। সোঁফালেঃ নাগি ৰেড্ডীৰ পুত্ৰ আনন্দৰামুৱে হাতী খেদিবলৈ বন বিভাগে দিয়া এল.ই.ডি. টৰ্চৰ উজ্বলতা পৰীক্ষা কৰিছে আৰু তেওঁ চাই আছে

তেওঁলোকে কেনেকৈ হাতীক বনাঞ্চললৈ ঘূৰাই পঠিয়ায়? “আমি চিঞৰ-বাখৰ কৰোঁ। আমি টৰ্চ জ্বলাও,” এল.ই.ডি. টৰ্চটোলৈ দেখুৱাই তেওঁ কয়। তেওঁৰ পুত্ৰ আনন্দৰামুক মৰমতে আনন্দ বুলি মতা হয়, বনবিভাগে তেওঁক দিয়া টৰ্চটো আমাক দেখুৱালে। পোহৰ বগা, খুব উজ্বল, বহুদূৰলৈ পোহৰায়। “কিন্তু মাত্ৰ দুটা হাতী আঁতৰি যায়,” নাগান্নাই কয়।

টৰ্চটোৰ পিছফালটো আমাক দেখুৱাই বাৰান্দাৰ চুক এটালৈ গৈ আনন্দই কয়, “পোহৰ পৰিলে মোট্টাই ৱালে ঘূৰি চায় আৰু চকু বন্ধ কৰে, কিন্তু খাবলৈ বন্ধ নকৰে। খোৱা শেষ নোহোৱা পৰ্য্যন্ত সি আঁতৰি নাযায়। সি যেন কয়, তই তোৰ কাম কৰ আৰু মই মোৰ কাম কৰিম - তই টৰ্চ জ্বলাই থাক, মই মোৰ পেট নভৰালৈকে খাম।”

তাৰ পেটটো ভৰ্তি নোহোৱালৈকে মোট্টাই ৱালে যি পায়, এফালৰ পৰা খাই যায়। ৰাগি তাৰ প্ৰিয় খাদ্য, কঠালো প্ৰিয়। ওখ গছৰ ডাল ঢুকি নাপালে সি আগঠেং দুটা গছত দি লয়, তাৰ পিছত দীঘল শুঁড়ডালেৰে কঠাল চিঙি আনে। তথাপিও যদি ঢুকি নাপায়, গছডাল বগৰাই ল’ব। তাৰপিছত হ’ব কঠালৰ মহাভোজ। নাগান্নাই কয়, “মোট্টাই ৱাল দহ ফুট ওখ, গছত আগঠেং দুটা দিলে আৰু ছয় বা আঠ ফুট ওখ হয়। ”

“মোট্টাই ৱালে মানুহক আঘাত নকৰে। সি খাদ্যশস্য বা আম অথবা পথাৰত যি পায়, সকলো খাই পেলায়, হাতীয়ে খাই এৰি থৈ যোৱাখিনি বান্দৰ আৰু গাহৰিয়ে খায়,” নাগান্নাই কয়। আমি দিনে-ৰাতিয়ে পহৰা দিব লাগে। যদি নিদিও, তেনেহ’লে গাখীৰ আৰু দৈখিনিও নাপাম। কাৰণ বান্দৰ আহি ৰান্ধনি ঘৰত সোমাব।

“এয়াই যথেষ্ট নহয়, বনৰীয়া কুকুৰে আমাৰ মূৰ্গী চৰাই খাই পেলায়। ইফালে নাহৰফুটুকী আহি আমাৰ ঘৰত থকা কুকুৰ খায়। যোৱা সপ্তাহত আহিছিল,” তেওঁ আঙুলি টোৱাই নাহৰফুটুকী অহা বাটটো অহা দেখুৱালে। আৰু মই ডিচেম্বৰৰ শীতৰ মাজতো ঘামিবলৈ ধৰিলো -  কিমান অনিশ্চয়তাৰ মাজত জীৱন কটাবলগীয়া হয়।

এই পৰিস্থিতিত কেনেকৈ খাপ খাই মানুহ জীয়াই থাকে? মই সুধিলো। “আমি এতিয়া কেৱল নিজৰ ঘৰৰ কাৰণে মাত্ৰ আধা একৰ মাটিত ৰাগিৰ খেতি কৰো। আশী কিলোগ্ৰামৰ এবস্তা ৰাগি ২২০০ টকাত বিক্ৰী কৰি একো লাভ নহয়। তাৰোপৰি অবতৰীয়া বৰষুণ আছেই। বৰষুণত নষ্ট হোৱা যি অৱশিষ্ট থাকে, বনৰীয়া জন্তুৱে খাই শেষ কৰে। আমি এখন পথাৰত এতিয়া ইউকেলিপ্টাছৰ খেতি আৰম্ভ কৰিছো। আন মানুহেই ৰাগি খেতি কৰিবলৈ বাদ দি গোলাপ ফুলৰ খেতি কৰিবলৈ ধৰিছে,” আনন্দই কয়।

হাতীয়ে গোলাপ ফুলৰ কাইটলৈ কেৰেপ নকৰে। এতিয়ালৈকেতো নকৰে... যাহওঁক

PHOTO • M. Palani Kumar

আনন্দৰামুৱে হাতী অহা বাটটোলৈ দেখুৱালে। বনাঞ্চলৰ জীৱ-জন্তু প্ৰায়ে খাদ্যশস্য বা ফল-মূল খাবলৈ খেতিপথাৰলৈ আহে

*****

মই ৰাগি পথাৰৰ কাষৰ ঝুলনাখনত ৰৈ আছো
তাৰপৰাই আমি ভাটৌ খেদো, আৰু যেতিয়া সি আহিল
তাক ক’লো, “মহাশয়, মোৰ ঝুলনাখন ঠেলি দিয়াচোন”
“ঠিক আছে ছোৱালী” বুলি কৈ সি অলপ ঠেলি দিলে,
হাতৰ মুঠি শিথিল হোৱাৰ ভাও ধৰি মই তাৰ বুকুৰ ওপৰত পৰিলে,
এয়া যেন বাস্তৱহে, খৰখেদাকৈ সি মোক বুকুত সাৱতি ল’লে,
মই সংজ্ঞাহীন হৈ পৰি থকাৰ ভাও ধৰি থাকিলো

এই প্ৰণয়াশক্ত শাৰীকেইটা ২০০০ বছৰ পুৰণি, ‘কালিতটোক্কাই’ ৰ পৰা লোৱা হৈছে। সংগম যুগত কপিলাৰে এই বাক্যৰ পংক্তি ৰচনা কৰিছে। চেন্থিল নাথানে কয়, ৰাগিৰ প্ৰসংগ নতুন নহয়, তেওঁ OldTamilPoetry.com নামৰ এটা ব্লগ চলাই আছে। ইয়াৰ দ্বাৰা সংগম সাহিত্যৰ কবিতাসমূহ অনুবাদ কৰি প্ৰকাশ কৰা হয়।

“সংগম যুগত ৰাগিৰ পথাৰবিলাক আছিল কবিতাৰ প্ৰেক্ষাপট, এই কবিতাবোৰত ধানতকৈ ৰাগি বা বজাৰৰ উল্লেখ ১২৫ বাৰ কৰা হৈছে। ইয়াৰ পৰা সহজে অনুমান কৰিব পাৰি যে সংগম যুগত (আনুমানিক খ্ৰীষ্টপূৰ্ব ২০০ৰ পৰা খ্ৰীষ্টাব্দ ২০০) মানুহৰ কাৰণে ৰাগি বেছি দৰকাৰী খাদ্যশস্য আছিল। কেইবাবিধ ৰাগিৰ খেতি কৰা হৈছিল।” এইদৰে কয় চেন্থিল নাথানে।

ভাৰতীয় খাদ্যঃ এক ঐতিহাসিক সহযোগী শীৰ্ষক গ্ৰন্থত কে. টি. আচাৰ্য্যই লিখিছিল যে ৰাগিৰ উৎপত্তিস্থল উগাণ্ডা, পূৱ আফ্ৰিকা। কেইবাহাজাৰ বছৰ পূৰ্বে ই দক্ষিণ ভাৰতলৈ আহে আৰু তুংগভদ্ৰা নদীৰ পাৰত কৰ্ণাটকৰ হাল্লুৰ অঞ্চলত (খ্ৰীষ্টপূৰ্ব ১৮০০) ইয়াক পোৱা গৈছিল আৰু তামিলনাডুৰ (খ্ৰীষ্টপূৰ্ব ১৩৯০ত) পায়ামপাল্লিত ৰাগিৰ অস্তিত্বৰ কথা জনা যায়। পায়ামপাল্লি নাগান্নাৰ ঘৰৰ পৰা ২০০ কিলোমিটাৰ দূৰত অৱস্থিত।

ভাৰতত কৰ্ণাটকৰ পিছতে ৰাগি উৎপাদনত দ্বিতীয় স্থানত আছে তামিলনাডু - কৰ্ণাটকে বছৰি ২,৭৪৫ লাখ মেট্ৰিক টন ৰাগি উৎপাদন কৰে। নাগি ৰেড্ডীৰ গাঁৱত থকা কৃষ্ণগিৰি জিলাই অকলে ৰাজ্যখনৰ মুঠ উৎপাদিত ৰাগিৰ ৪২ শতাংশ উৎপাদন কৰে।

ৰাগি (মিলেটৰ এক প্ৰজাতি বা কণীধান)ৰ ‘বিশেষ বৈশিষ্ট’ৰ কথা ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (এফ.এ.অ’.)ই উল্লেখ কৰিছে। সেইবিলাকৰ ভিতৰত দাইল আদি খেতিৰ মাজতো অতিৰিক্ত উৎপাদনৰ বাবে ৰাগিৰ খেতি কৰিব পাৰি। কম বিনিয়োগত আৰু মাটিৰ উৰ্বৰতা কম হ’লেও ইয়াৰ উৎপাদন ভাল হয়।

PHOTO • Aparna Karthikeyan
PHOTO • Aparna Karthikeyan

বাওঁফালেঃ কণীধানৰ থোপা আৰু গুটি। কেৱল কৃষ্ণগিৰি জিলাই তামিলনাডুৰ মুঠ উৎপাদনৰ মুঠ ৪২ শতাংশ উৎপাদন কৰে

তথাপি, ৰাগিৰ উৎপাদন আৰু প্ৰয়োজনীয়তা নিম্নগামী হৈছে। আচৰিত হ’বলগীয়া নহয় যে সেউজ বিপ্লৱৰ ফলত ধানৰ উৎপাদনৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে - ৰাজহুৱা বিতৰণ ব্যৱস্থাই ইয়াক সহজলভ্য কৰি তুলিছে।

সমগ্ৰ দেশত খাৰিফ শস্যৰ বতৰত ৰাগিৰ উৎপাদনত হ্ৰাস-বৃদ্ধি দেখা গৈছে যোৱা কেইবছৰত - ২০২১ত তথাপি প্ৰায় ২ নিযুত টন উৎপাদিত হৈছিল। ২০২২ত অনুমান কৰা উৎপাদন নিম্নগামী হৈছে। ২০১০ত মুঠ উৎপাদন ১.৮৯ নিযুত টন আছিল। ২০২২ বিত্তীয় বৰ্ষৰ প্ৰথম অনুমানিক উৎপাদনৰ লক্ষ্য আছিল ১.৫২ নিযুত টন।

ৰাগি খেতিৰ বাবে কাম কৰা এটা উন্নয়নমূলক সংস্থা ধান ন্যাসৰ মতে “পুষ্টিজনিত গুণ আৰু যিকোনো বতৰত টিকিব পৰা গুণ স্বত্বেও ভাৰতত ৰাগিৰ ব্যৱহাৰ ৪৭ শতাংশ হ্ৰাস পাইছে, যোৱা ৫ দশকত ৰাগিৰ আন ব্যৱহাৰ ৮৩ শতাংশ হ্ৰাস পাইছে।”

দেশৰ সৰ্বাধিক ৰাগি উৎপাদনকাৰী প্ৰতিবেশী কৰ্ণাটকত “মাহে প্ৰতিজন গাঁৱৰ মানুহে গঢ়ে ১.৮ কিলোগ্ৰাম (২০০৪ৰ পৰা ২০০৫) ব্যৱহাৰ কৰিছিল। ২০১১-১২ত এই পৰিসংখ্যা ১.২ কিলোগ্ৰামলৈ হ্ৰাস পায়।”

কিছুমান সম্প্ৰদায় আৰু অঞ্চলে এতিয়াও ৰাগিৰ খেতি কৰি আছে আৰু খাদ্য হিচাপে ব্যৱহাৰৰ বাবে ৰাগি খেতি চলি আছে। ইয়াৰ ভিতৰত কৃষ্ণগিৰি জিলাৰ নাম উল্লেখনীয়।

*****

ৰাগিৰ খেতি বেছিকৈ কৰিলে বেছিকৈ গৰু পুহিব পাৰি। সেইদৰে সাপ্তাহিক উপাৰ্জনো ভাল হয়। পশুখাদ্যৰ অভাৱত বহুত মানুহে গৰু বিক্ৰী কৰিছে।
গোপাকুমাৰ মেনন এজন গ্ৰন্থকাৰ আৰু কৃষক

PHOTO • Aparna Karthikeyan
PHOTO • Aparna Karthikeyan

বাওঁফালেঃ গোল্লাপাল্লি গাঁৱত নিজৰ পথাৰত এদম ৰাগিৰ সৈতে গোপাকুমাৰ মেনন। সোঁফালেঃ বৰষুণত নষ্ট হোৱা ৰাগি

মই নাগন্নাৰ ঘৰলৈ যোৱাৰ আগনিশা গোপাকুমাৰ মেননে মোক হাতীৰ এক শিহৰণকাৰী কাহিনী কয়। গোল্লাপাল্লি গাঁৱত থকা গোপাকুমাৰৰ বাৰান্দাত ডিচেম্বৰ মাহৰ আৰম্ভণিৰ এদিন আমি বহি আছিলো। আমাৰ চাৰিওফালে আন্ধাৰ আৰু হাড়কঁপোৱা ঠাণ্ডা আৰু ইৰ্ষণীয়ভাৱে সুন্দৰ। তেতিয়া নিশাৰ দুই-এটা চৰাই সাৰে আছিল। সিহঁতেও গান গাইছিল, গুণগুণাইছিল। সিহঁতে মনটোক আনন্দ দিয়ে, আকৌ মনযোগো ভংগ কৰে।

“মোট্টাই ৱাল ইয়াত আছে,” অলপ দূৰত থকা আম গছলৈ দেখুৱাই তেওঁ ক’লে। “সি আম বিচাৰিছিল, কিন্তু ঢুকি নাপালে। সেই গছজোপা বগৰাই পেলালে।” মই চাৰিওফালে চালো আৰু হাতীৰ আকাৰৰ কিবা এটা দেখিলো। “চিন্তা নাই, সি যদি এতিয়া ইয়াত থাকে আপুনি গম পাব,” গোপাই মোক আস্বস্ত কৰি কয়।

ইয়াৰ পিছত প্ৰায় এঘণ্টা সময় ধৰি গোপাই মোক বহুতো কাহিনী ক’লে। তেওঁ পাৰিপাৰ্শ্বিক অৰ্থনীতিৰ সমল ব্যক্তি, এজন গ্ৰন্থকাৰ, এজন ব্যৱসায়ী। ১৫ বছৰৰ আগতে গোল্লাপাল্লিত তেওঁ অলপ মাটি ক্ৰয় কৰিছিল। তেওঁ এই মাটিত খেতি কৰাৰ কথা ভাবিলে। তেতিয়াহে তেওঁ জানিলে খেতি কৰা কিমান টান কাম। তেওঁ এতিয়া দুই একৰ মাটিত নেমু আৰু ৰঙা বুটৰ খেতি কৰে। যিসকলে কেৱল খেতিৰ পৰা সম্পূৰ্ণ উপাৰ্জন কৰিব লাগে, তেওঁলোকৰ বাবে খেতি কৰা বৰ কঠিন কাম। কৃষি-কৃষক বিৰোধী নীতি, বতৰৰ পৰিৱৰ্তন, চৰকাৰী নিম্ন সংগ্ৰহ মূল্য আৰু মানুহ-বন্যপ্ৰাণীৰ সংঘাতে পৰম্পৰাগত ৰাগি খেতি ধ্বংস কৰিছে বুলি তেওঁ কয়।

“প্ৰস্তাৱিত আৰু পিছত প্ৰত্যাহাৰ কৰা কৃষি আইন কিয় কাৰ্য্যকৰী নহ’ল - এই ক্ষেত্ৰত ৰাগি উৎকৃষ্ট উদাহৰণ,” গোপাই কয়। “আইনত কোৱা হৈছে যে আপুনি ইয়াত যিকোনো লোকলৈ বিক্ৰী কৰিব পাৰে। তামিলনাডুৰ কথাকে ধৰক। এয়া কেৱল সম্ভাৱনা, কৃষকে অধিক ৰাগি উৎপাদন কৰিব পাৰিলেহেঁতেন, নহয়নে? তামিলনাডু আনন্দই কোৱাৰ দৰে প্ৰতিটন ৰাগিৰ মূল্য যথেষ্ট কম হোৱাৰ বিপৰীতে কৰ্ণাটকত নিম্নতম সমৰ্থিত মূল্য প্ৰতিটন ৰাগিৰ বাবে ৩৩৭১ টকা হোৱা বাবে চোৰাংকৈ কৰ্ণাটকলৈ প্ৰেৰণ কৰা হয়।

তামিলনাডুৰ এই অঞ্চলৰ মানুহে ন্যূনতম সমৰ্থিত মূল্য নাপায়। সেয়ে কিছুমান মানুহে সীমান্ত পাৰ কৰি কৰ্ণাটকলৈ চোৰাং চালান দিয়া বুলি গোপাই কয়।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

গোল্লাপাল্লি গাঁৱৰ বাহিৰত কৃষক শিৱকুমাৰণে ভাৰালৈ লোৱা মাটিডৰাত ৰাগি শস্য শ্ৰমিকে চপাইছে

সম্প্ৰতি আনন্দই কয় যে তামিলনাডুৰ হছুৰ জিলাৰ “একেবাৰে ভাল ৰাগিৰ ৮০ কিলোগ্ৰামৰ দাম ২,২০০ টকা, দ্বিতীয় শ্ৰেণীৰ ৰাগিৰ দাম ২০০০ টকা। প্ৰতি কিলোগ্ৰামৰ দাম হয় ২৫ টকা আৰু ২৭ টকা।”

কমিছন এজেণ্টে ঘৰলৈ আহি কৃষকক এই দাম দিয়ে। সেই মানুহবিলাকে নিজৰ লাভ কৰিব -  আনন্দই অনুমান কৰা মতে প্ৰতি বস্তাত কমেও দুশ টকাকৈ লাভ কৰিব। কৃষকে যদি নিজে মান্দিলৈ গৈ বিক্ৰী কৰিব পাৰিলেহেঁতেন, তেন্তে প্ৰথম শ্ৰেণীৰ ৰাগিৰ একোটা বস্তাত ২৩৫০ টকা পালেহেঁতেন (আশী কিলোগ্ৰামৰি একোটা বস্তাত)। কিন্তু ইয়াৰ পৰা একো লাভ নহয়। “ইয়াৰ কাৰণে টেম্পো ভাৰা কৰা, বোজাই কৰা, মান্দিত কমিছন দিয়া ইত্যাদি” আনন্দই কয়।

তামিলনাডুতকৈ কৰ্ণাটকত ন্যূনতম সমৰ্থিত মূল্য বেছি যদিও দেৰিকৈ সংগ্ৰহ কৰাৰ বাবে অধিকাংশ কৃষকে ন্যূনতম সমৰ্থিত মূল্যতকৈ ৩৫ শতাংশ কম দামত বিক্ৰী কৰিবলগীয়া হয়।

গোপা মেননে কয়, “সঠিক ন্যূনতম সমৰ্থন মূল্য সকলো ঠাইতে প্ৰয়োগ কৰক।” “আপুনি যদি প্ৰতি কিলোত ৩৫ টকাকৈ ক্ৰয় কৰে, মানুহে ৰাগিৰ খেতি কৰিব। আৰু আপুনি যদি নিদিয়ে, অৰ্থাৎ আমাৰ এই অঞ্চলত যি ঘটি আছে, য’ত মানুহে ৰাগিৰ পৰিৱৰ্তে ফুল, বিলাহী আৰু ফ্ৰেন্সবীনৰ খেতি কৰিবলৈ ধৰিছে - এই প্ৰৱণতা স্থায়ী হৈ পৰিব।”

তেওঁৰ অঞ্চলৰ মধ্য বয়সীয়া ক্ষুদ্ৰ কৃষক চীনাপ্পাই বিলাহীৰ খেতি বেছিকৈ কৰিব ধৰিছে। চীনাপ্পাই কয়, “এয়া লটাৰী, এজন খেতিয়কে বিলাহী খেতিৰ পৰা ৩ লাখ টকা পোৱাৰ পিছত এতিয়া সকলো বিলাহী খেতিৰ প্ৰতি আকৰ্ষিত হৈছে। কিন্তু যথেষ্ট বিনিয়োগ কৰিবলগা হয়। তদুপৰি বিলাহীৰ মূল্য উঠা-নমা কৰি থাকে, কেতিয়াবা কিলোত এটকাকৈ বিক্ৰী কৰিবলগা হয় আৰু ১ কিলো বিলাহীৰ মূল্য হয়গৈ ১২০ টকা।”

চীনাপ্পাই যদি ৰাগি খেতি কৰি ভাল দাম পায়, তেন্তে তেওঁ বিলাহী খেতি বন্ধ কৰিব আৰু বেছিকৈ গৰু-ম’হ পালন কৰিব পাৰিব, আৰু সাপ্তাহিক উপাৰ্জন বাঢ়িব। মানুহে পশুখাদ্যৰ অভাৱত পোহনীয়া গৰু-ম’হ বিক্ৰী কৰি দিছে, চীনাপ্পাই কয়।

PHOTO • M. Palani Kumar
PHOTO • Aparna Karthikeyan

বাওঁফালেঃ চপোৱা শস্যবিলাক মুঠা মুঠাকৈ বন্ধা হৈছে। ৰাগি শস্য দুবছৰ পৰ্যন্ত ভঁৰালত থৈ দিব পাৰি। সোঁফালেঃ ৰাগিৰ খেৰবিলাক থৈ দিয়া হয় আৰু গৰু-ম’হৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়

ৰাগি এই অঞ্চলৰ মানুহৰ প্ৰধান খাদ্য বুলি মোক গোপা মেননে কয়। “আপোনাৰ যেতিয়া ধনৰ প্ৰয়োজন হয়, তেতিয়া ৰাগি বিক্ৰী কৰিব পাৰে। ইয়াক দুবছৰ পৰ্যন্ত থৈ দিব পাৰি আৰু দৰকাৰ হ’লে উলিয়াই খাব পাৰি। আন খাদ্যশস্য ইমানদিন ভালে নাথাকে। বাজি ৰাখি জয়ী হওঁক, নতুবা শেষ হৈ যাওঁক।”

অঞ্চলটোত বহুতো সংঘাত আছে আৰু সেই সংঘাত বৰ জটিল। “ইয়াত খেতি কৰা কাঁইটীয়া গোলাপফুল চেন্নাই বজাৰত বিক্ৰী হয়,” গোপা মেননে কয়। “পথাৰৰ ওচৰলৈ এখন গাড়ী আহে আৰু লগে লগে ফুলৰ দাম আদায় দি যায়। কিন্তু ৰাগিৰ ক্ষেত্ৰত, যি শস্য সকলো খাদ্যশস্যৰ ভিতৰত মূল্যৱান, ইয়াৰ দাম পোৱাৰ নিশ্চয়তা নাই। যিকোনো ধৰণৰ ৰাগি থলুৱা বীজৰে হওঁক বা উচ্চ ফল জাতৰ হওঁক বা জৈৱিক সাৰ দি কৰা হওঁক, সকলোবোৰৰ বাবে এক মূল্য দিয়ে,” গোপা মেননে কয়।

“ধনী খেতিয়কে পথাৰত বৈদ্যুতিক বেৰ দি দুখীয়া খেতিয়কৰ পথাৰলৈ হাতী খেতি পঠিয়ায়। ধনী খেতিয়কসকলে বহুত কিবাকিবি খেতি কৰে। দুখীয়া খেতিয়কসকলে কেৱল ৰাগিৰ খেতি কৰে,” এইদৰে গোপাই কৈ যায়। “হাতীৰ ক্ষেত্ৰত ইয়াৰ মানুহ অবিশ্বাস্যভাৱে সহনশীল। তেওঁলোকৰ সমস্যা এয়ে যে হাতীয়ে যিমান শস্য অনিষ্ট কৰে, তাৰ মাত্ৰ বিশ ভাগৰ এভাগ খায়। মই মোট্টাই ৱালক ২৫ ফুট দূৰৰ পৰা দেখিছো।” তাৰপিছত মেননে আকৌ হাতীৰ কাহিনী ক’বলৈ ধৰে। “মানুহৰ নিচিনাকৈ মোট্টাই ৱালেও একাধিক ৰাজ্যত পৰিভ্ৰমণ কৰে। সি তামিলনাডুৰ স্থায়ী বাসিন্দা। সি কৰ্ণাটকৰো অবাঞ্চিত অতিথি। মাক্কানা হ’ল তাৰ সহকাৰী। সিয়েই বৈদ্যুতিক বেৰ পাৰ হ’বলৈ মাক্কানাক শিকায়।”

হঠাৎ তেওঁলোকে অনুমান কৰিলে যে মাটিৰ এঢলীয়া চিৰিৰ ঠিক কাষতে মোট্টাই ৱাল আছে। সি শুনি আছে, “মই হছুৰলৈ যাম আৰু গাড়ীৰ ভিতৰত শুই থাকিম।” মই কিংকৰ্তব্যবিমূঢ় হৈ অলপ হাঁহিলো। গোপাই ৰস পালে। “মোট্টাই ৱাল বিয়াগোম জন্তু, বৰ ডাঙৰ। কিন্তু সি অতি ভদ্ৰ,” তেওঁ কয়। মই প্ৰাৰ্থনা কৰিলো, মই যেন তাক লগ নাপাও বা সোনকালে যেন কাৰো সৈতে মোৰ সাক্ষাৎ নহয়। কিন্তু ভগৱানৰ ইচ্ছা সুকীয়া।

*****

থলুৱা বীজৰ দ্বাৰা খেতি কৰা ৰাগিৰ উৎপাদন কম হয়। কিন্তু সোৱাদ আৰু পুষ্টিগুণ অধিক
নাগি ৰেড্ডী কৃষ্ণগিৰিৰ ৰাগি খেতিয়ক

PHOTO • M. Palani Kumar

বাওঁফালৰ পৰাঃ নাগান্না (নাগি ৰেড্ডী), তেওঁৰ বোৱাৰী প্ৰভা আৰু পুত্ৰ আনন্দ, তেওঁলোকৰ সৰু গাওঁ ভদ্ৰা পালায়ামৰ ঘৰত। নাগান্নাই কয়, 'ৰাগি পাঁচ ধৰণৰ আছে বুলি মোৰ মনত পৰে'

নাগান্না যেতিয়া ডেকা আছিল, ৰাগিবিলাক এবুকু ওখ হৈছিল। তেওঁ প্ৰায় পাঁচফুট দহ ইঞ্চি এজন ক্ষীণকায় লোক। তেওঁ ধুতি আৰু গেঞ্জী পিন্ধি আছে আৰু কান্ধত এখন গামোচা। মাজে-সময়ে এডাল লাঠি লয়, কোনো সামাজিক কাম-কাজলৈ গ’লে শুধ বগা এটা কামিজ পিন্ধি যায়।

“মোৰ পাঁচবিধ ৰাগি মনত পৰে,” এক মুহূৰ্ততে ঘৰৰ বাৰান্দাত বহি নিজৰ গাওঁ, নিজৰ ঘৰ আৰু চোতালখন চকু ফুৰাই ক’লে। “থলুৱা বীজৰ পৰা হোৱা ৰাগিৰ একোটা থোকত চাৰি-পাঁচটা শীহ থাকে। ইয়াৰ উৎপাদন কম হয়, কিন্তু সোৱাদ আৰু পুষ্টিগুণ যথেষ্ট বেছি।”

১৯৮০ত আহিল উচ্চ ফলনজাত বীজ - তেওঁ মনত পেলাবলৈ চেষ্টা কৰে। সেইবোৰক এম.আৰ., এইচ.আৰ. আদি বুলি কোৱা হৈছিল - সেইবিলাকৰ বহুতো শীহ থাকে। উৎপাদন বৃদ্ধি পালে - আশী কিলোগ্ৰামৰ পাঁচ বস্তাৰ ঠাইত ১৮ বস্তা হ’ল। কিন্তু উচ্চ ফলনজাত শস্যই কৃষকক সন্তুষ্ট কৰিব নোৱাৰিলে। কাৰণ উপাৰ্জনৰ লাভ ৰৈ যোৱাকৈ ইয়াৰ বাণিজ্যিক খেতি কৰিলেও দাম বৃদ্ধি নাপালে।

বাৰ বছৰ বয়সতে খেতিত জৰিত হোৱা নাগান্নাই ৭৪ বছৰ খেতি কৰিছে - তেওঁ জীৱনত বহুতো খেতি কৰিছে। “আমাৰ দৰকাৰ হোৱা সকলো খেতি আমি কৰো। আমি নিজৰ পথাৰত খেতি কৰা কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰো। আমি খেতিৰ তিল কাঠেৰে তৈয়াৰ কৰা মিলত পেৰি তেল উলিয়াও। ৰাগি, ধান, ৰঙাবুট, জলকীয়া, নহৰু, পিয়াজ ইত্যাদি সকলো বস্তুৰে খেতি আমি কৰিছিলো।”

পথাৰ আছিল মোৰ বিদ্যালয়। আনুষ্ঠানিক শিক্ষা লাভ কৰা নাই আৰু সেয়া আছিল সাধ্যাতীত। ইয়াৰোপৰি ঘৰতে তেওঁ গৰু-ম’হ, ছাগলী পুহিছিল। সেয়া আছিল বাস্তৱিক জীৱন। ঘৰৰ সকলোৱে কাম কৰিছিল।

নাগান্নাৰ যৌথ পৰিয়াল যথেষ্ট ডাঙৰ। পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা ৪৫ জন। তেওঁৰ ককাদেউতাই তৈয়াৰ কৰা বৃহৎ ঘৰটোত সকলো একেলগে আছিল। উপপথটোৰ একেবাৰে কাষতে ঘৰটো। গৰুৰ গোহালি আৰু পুৰণি গৰুগাড়ীৰ সৈতে এশ বছৰ পুৰণি বাৰান্দাবিলাকত প্ৰতিবছৰে খেতি কৰা ৰাগি শস্য থ’বলৈ ভঁড়াল তৈয়াৰ কৰা হৈছিল।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালেঃ নাগান্নাৰ সৈতে পিতৃগৃহত থকা গোহালি। সোঁফালেঃ ঘৰৰ বাৰান্দাত থকা শস্যৰ ভঁড়াল

তেওঁৰ ১৫ বছৰ বয়স হোৱাৰ সময়তে পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পত্তিৰ ভাগ-বটোৱাৰা হয়। তেওঁ মাটিৰ এটা অংশ পোৱাৰ লগতে সেই সময়ৰ গোহালিটো পালে। সেইটো পৰিষ্কাৰ কৰি থকা ঘৰ কৰিবলগীয়া হ’ল। “সেই সময়ত এবস্তা চিমেণ্টৰ মূল্য আঠ টকা আছিল - সেই মূল্য যথেষ্ট বেছি। এহাজাৰ টকাত ঘৰটো নিৰ্মাণ কৰি দিবলৈ আমি এজন ৰাজমিস্ত্ৰীৰ লগত চুক্তি কৰিছিলো।”

কিন্তু সম্পূৰ্ণ হ’বলৈ কেবাবছৰ লাগিল। এটা ছাগলী আৰু ১০০ চাকি গুড় বিক্ৰী কৰি বেৰা তৈয়াৰ কৰিবলৈ ইটা আনিলো। বস্তুবিলাক গৰুগাড়ীৰে আনিলো। সেই সময়ত নগদ ধন ইমান সুলভ নাছিল। যি কি নহওঁক, এক পাদি (৬০ পাদিত এশ কিলোগ্ৰাম হয় - ৰাজ্যখনৰ ই এক পৰম্পৰাগত জোখ) ৰাগিৰ মূল্য আঠ অনা আছিল।

১৯৭০ চনত বিবাহপাশত আৱদ্ধ হোৱাৰ কেইবছৰমান আগতে নাগান্না এই ঘৰটোলৈ আহিল। ঘৰটোত কোনো আধুনিক কাৰুকাৰ্য্য কৰা নহ’ল বুলি তেওঁ কয়, “মাত্ৰ অলপ ইফাল-সিফাল কৰিছিলো।” তেওঁৰ নাতিয়েকে জোঙা বস্তুৰে বেৰত নিজৰ নাম খোদন কৰিলে - ‘দীনেশ এজন ডন’। সেইদিনা পুৱা ১৩ বছৰীয়া দীনেশক দেখিছিলো - তিলাটোৰ তলেৰে যোৱা বাটেৰে বিদ্যালয়লৈ গৈ আছে, ডন যেন লগা নাই, এটা সুন্দৰ ল’ৰা -  তেওঁ আমাক হেল্ল’ বুলি কৈ দৌৰ মাৰিলে।

‘ডন’ৰ মাতৃ প্ৰভাই আমালৈ চাহ আগবঢ়ালে। নাগান্নাই ৰঙাবুট সিজাবলৈ ক’লে। টিনৰ টেমাত তেওঁ আনি দিলেহি। তেওঁ বুটখিনি জোকাৰি দিওতে টেমাটোৰ পৰা বাদ্যযন্ত্ৰৰ দৰে শব্দৰ সৃষ্টি হ’ল। এই বুট সিজোৱাৰ বিষয়ে তেওঁ আমাক বুজাই দিলে। তেওঁ ক’লে. এনেকৈয়ে খাওঁক -  এনেকৈ খালে ভাল লাগে। আমি সকলোৱে খালো। যথেষ্ট সোৱাদলগা হৈছে। ভাজি লৈ অলপ নিমখ ছটিয়াই দিলে ইয়াৰ সোৱাদ যথেষ্ট ভাল হয়।

কৃষিৰ পৰিৱৰ্তন সম্পৰ্কে মই তেওঁক সুধিলো। তেওঁ ক’লে, “সকলো সলনি হৈছে। কিছুমান পৰিৱৰ্তন ভাল যদিও মানুহে কাম কৰিব নোখোজা হৈছে।” ৮৬ বছৰ বয়সত তেওঁ এতিয়াও পথাৰলৈ যায় আৰু প্ৰতিদিনে পথাৰত কৰিবলগীয়া কামৰ হিচাপে তেওঁৰ স্পষ্ট হৈ থাকে। “এতিয়া আপোনাৰ মাটি থাকিলেও কাম কৰা মানুহ পোৱা নাযায়,” তেওঁ কয়।

PHOTO • M. Palani Kumar

ঘৰৰ বাৰান্দাত বহি নাগান্নাই তেওঁৰ বাল্যকালৰ পৰা সকলো কথা ক’বলৈ ধৰিলে

“ৰাগি পথাৰৰ পৰা কাটি আনিবলৈ মেচিন আছে বুলি মানুহে ক’ব। কিন্তু মেচিনে ৰাগিৰ শীহবোৰৰ মাজত পাৰ্থক্য কৰিব নাজানে। এটা থোপাতে এটা শীহ পকিব পাৰে, আন এটা হয়তো শুকাই থাকিব, কোনোবা এটা শীহ পুৰঠ নোহোৱাকৈ থাকিব পাৰে। মেচিনে পকা-কেঁচা গোটেইবিলাক কাটি পেলাব। যেতিয়া এইবোৰ বস্তাত ভৰোৱা হ’ব, এইবোৰ পচিবলৈ আৰম্ভ কৰিব আৰু গোন্ধাব,” আনন্দই কয়। “এই কাম হাতেৰে কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হয় যদিও এনে ৰাগি বহুদিনলৈ জমা কৰি ৰাখিব পাৰি।”

শিৱ কুমাৰনে ভাৰালৈ লোৱা পথাৰৰ পৰা ৰাগি খেতিৰ ফচল পোন্ধৰ গৰাকী মহিলা শ্ৰমিকে চপাইছে। ‘চুপাৰড্ৰাই ইণ্টাৰনেচনেল’ বুলি লিখা ফুলাম টিচাৰ্ট এটা পিন্ধি থকা শিৱ কুমাৰনে ওপৰত এখন গামোচা লৈছে, কাষলতিৰ তলত কাঁচিখন চেপা মাৰি ধৰি শিৱ কুমাৰনে আমাৰ লগত ৰাগিৰ কথা পাতিলে।

গোল্লাপাল্লি গাঁৱৰ বাহিৰত থকা তেওঁৰ পথাৰত আগৰ সপ্তাহত খুব ধুমুহা-বৰষুণ আহিছিল। পচিশ বছৰীয়া শিৱ এজন বৰ আগ্ৰহী খেতিয়ক, পথাৰত পানী জমা হোৱা আৰু খেতি নষ্ট হোৱাৰ বিষয়ে তেওঁ আমাক কয়। বতাহ ধুমুহাই ৰাগিৰ শস্যবিলাক যেনিতেনি বগৰাই পেলালে। মহিলাসকলে সেইবিলাক থিয় কৰি বাচি-বিচাৰি কাটি মুঠা কৰি বান্ধিবলগীয়া হৈছে। উৎপাদন হ্ৰাস পাইছে। শ্ৰমিক কেইবাগৰাকীয়ে এদিনৰ কাম দুদিন কৰিবলগীয়া হৈছে, কিন্তু মাটিৰ মালিকে ভাৰা সম্পূৰ্ণ ল’ব।

“এই পথাৰৰ মাটিৰ বাবদ মালিকক মই সাত বস্তা ৰাগি দিব লাগিব - অথচ দুই একৰ মাটিতকৈও কম।” তেওঁ কয়। “কৰ্ণাটকত যি দাম পোৱা হয়, সেই দামৰ পৰা লাভ আহে, তামিলনাডুত আমাক প্ৰতি কিলোত ৩৫ টকা দিব লাগে। সেইটো আপোনালোকে লিখিব।” তেওঁ মোক কয়। মই লিখি ৰাখিলো …

তেওঁৰ ঘৰৰ চোতাললৈ উভতি আহিলো, নাগান্নাই মোক মৰণা মৰাত ব্যৱহাৰ কৰা শিল এটা দেখুৱালে। এইটো দেখাত এটা ডাঙৰ চিলিণ্ডাৰৰ নিচিনা, কাটি আনি থোৱা ৰাগিৰ ওপৰত এই শিলটো গৰুৰে টনোৱা হয়। গোবৰেৰে তৈয়াৰ কৰা টান মাটিত ৰাগিৰ গুটিবিলাক বিয়পি পৰে। লাহে লাহে ৰাগিৰ থোকবিলাকৰ ওপৰত শিলটো ঘুৰোৱা হয়, শিলটোৱে শীহৰ পৰা গুটিবিলাক এৰুৱাই পেলায়। পিছত ৰাগি আৰু খেৰবিলাক পৃথকে গোটোৱা হয়। পিছত বাজৰা বা কণীধান (ৰাগি) জোকাৰি পৰিষ্কাৰ কৰি ঘৰৰ সন্মুখত থকা এটা গাঁতত থোৱা হয়। আগতে মৰাপাটৰ বস্তাত ভৰাই থৈছিল, এতিয়া বগা প্লাষ্টিকৰ বস্তাত ভৰোৱা হয়।

“ভিতৰলৈ আহক, আহাৰ খাওক,” নাগান্নাই আমাক আমন্ত্ৰণ জনালে। ৰান্ধনি ঘৰত আৰু কাহিনী শুনিবলৈ পোৱাৰ আশাৰে মই প্ৰভাৰ পিছে পিছে গ’লো।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালেঃ গোলাপাল্লিৰ বাহিৰত থকা ভাৰালৈ লোৱা পথাৰত শিৱকুমাৰনে বৰষুণে নষ্ট কৰা ৰাগি শস্য চপাইছে। সোঁফালেঃ শ্ৰমিকে শস্য কাটিছে আৰু মুঠা বান্ধিছে

*****

পাৰৰ কণীৰ নিচিনা আঙুলি বাজৰা শস্য
বৰষুণে সিক্ত কৰা পথাৰত গজিছিল
গাখীৰত ৰান্ধি মৌৰ লগত মিহলি কৰা হ’ল
মঙহাল শহাপহুৰ মাংস ৰন্ধা হ’ল জুইত
ইষ্ট-কুটুম্বেৰে মই ভোজন কৰিলো

‘পুৰাণুৰু ৩৪,’ আলাথুৰ কিঝাৰৰ সংগম কবিতা
চেন্থিল নাথানৰ দ্বাৰা অনূদিত

প্ৰচুৰ পৰিমাণৰ কেলচিয়াম আৰু আইৰণযুক্ত, গ্লুটেনমুক্ত বহুদিন থৈ দিব পৰা অন্ততঃ দুবছৰ থ’বপৰা এই ৰাগি এবিধ স্বাস্থ্যকৰ খাদ্যশস্য। আনকি ২০০০ বছৰ পূৰ্বে মাংস আৰু গাখীৰ-মৌৰে সোৱাদযুক্ত তামিল আহাৰ প্ৰস্তুত কৰা হৈছিল। আজিকালি ৰাগি প্ৰস্তুত কৰি আহাৰ হিচাপে খোৱা হয়, জলপান হিচাপে ব্যৱহাৰ কৰা হয় - কেঁচুৱাক খুওৱা হয়। তামিলনাডুৰ বহুতো অঞ্চলত নিজা বৈশিষ্টৰ খাদ্য প্ৰস্তুতকৰণৰ পৰম্পৰা আছে। কৃষ্ণগিৰি অঞ্চলত ৰাগিৰ লাৰু তৈয়াৰ কৰা হয় - ইয়াক কালি বুলিও কোৱা হয়, প্ৰভাই আমাক দেখুৱালে।

চিমেণ্টেৰে বনোৱা এডোখৰ পকীৰ ওপৰত ষ্টীলৰ ষ্টোভটো ৰখা তেওঁ ৰান্ধনি ঘৰটোত আমি সোমালো। তেওঁ এলুমিনিয়ামৰ কেৰাহী এখনত অলপ পানী ঢালিলে। এখন হাতত কাঠৰ সৰু মাৰি এডাল লৈ তেওঁ অপেক্ষা কৰিলে। আনখন হাতত আছিল একাপ ৰাগিৰ গুড়ি।

মই সুধিলো, তেওঁ তামিল ক’ব পাৰেনে? তেওঁৰ সৈতে আলাপ কৰাৰ ইচ্ছা হৈছিল। চেলোৱাৰ কামিজ পৰিধান কৰিছিল আৰু সাধাৰণভাৱে দুপদমান অলংকাৰ পিন্ধিছিল আৰু মুখত আছিল এটা হাঁহি, তেওঁ মূৰটো জোকাৰিলে। তেওঁ তামিল বুজি পায় আৰু কন্নড় মিহলি তামিল ভাষাত কোৱাৰ চেষ্টা কৰিলে। “মই যোৱা ১৬ বছৰ ধৰি এয়া বনাই আহিছো,” তেওঁ কয়। তেতিয়া তেওঁৰ বয়স আছিল ১৫ বছৰ।

পানী কেতিয়া উতলিবলৈ আৰম্ভ কৰিব, তেওঁ জানে। ডাঙৰ কাপ এটাত লৈ থকা ৰাগি গুড়ি তেওঁ পানীত ঢালি দিলে। সেয়া কলচীয়া ৰঙৰ এক থুপথুপীয়া বস্তু হৈ পৰিল। তেওঁ চিন্তাৰে কেৰাহীখন ধৰি হাতত লৈ থকা কাঠৰ সৰু হেতাখনেৰে ঘোটনি মাৰিবলৈ ধৰিলে। এইবোৰ কাম কৰিবলৈ দক্ষতা আৰু ধৈৰ্য্যৰ দৰকাৰ। কেইমিনিটমানৰ ভিতৰতে ৰাগিখিনি সিজিল। ডাঠ হৈ পৰা ৰাগিৰ লদাটো বল এটাৰ দৰে হ’ল।

প্ৰতিভাৰ কামৰ মাজেৰে এইটোৱে প্ৰতিফলিত হৈছে যে ইয়াৰ মহিলাই বিগত প্ৰায় ২০০০ বছৰ ধৰি এই কাম কৰি আহিছে, মই তাকেই লক্ষ্য কৰিছো।

“মই সৰু হৈ থাকোতে মাটিৰ চৰুত কাঠখৰিৰ জুইত এই খাদ্যবিধ প্ৰস্তুত কৰা হৈছিল,” নাগান্নাই কয়। জিভাত লগা সোৱাদ আছিল, তেওঁ কয়। তেওঁলোকে খাই থকা থলুৱা প্ৰজাতিৰ সঁচ বা বীজ আনন্দই খেতি কৰিছিল। “ঘৰৰ বাহিৰতে আপুনি ইয়াৰ সুন্দৰ গোন্ধ পাব।” তেওঁ কয়। থলুৱা ৰাগিৰ গোন্ধ সুকীয়া। “উচ্চ ফলনজাত ৰাগিৰ এনে গোন্ধ নাথাকে।”

PHOTO • Aparna Karthikeyan
PHOTO • Aparna Karthikeyan
PHOTO • Aparna Karthikeyan

বাওঁফালেঃ প্ৰভাই প্ৰস্তুত কৰা ৰাগিৰ এটা লদা। মাজত আৰু সোঁফালেঃ প্ৰভাই ৰাগিৰ গৰম লদাটো গ্ৰেনাইটৰ শ্বেবত থৈ হাতৰ তলুৱাত লৈ তাৰপৰা সৰু সৰু লাৰু তৈয়াৰ কৰিছে

সম্ভৱতঃ পৰিয়ালৰ আন সদস্যসকল থকা বাবে প্ৰভাই বেছি কথা নক’লে। ৰান্ধনি ঘৰৰ এটা চুকত থকা এটুকুৰা চাৰিকোণীয়া গ্ৰেনাইটৰ ওপৰত প্ৰভাই কেৰাহীত ৰাগিৰ গৰম লদাটো থ’লে। ডাঙৰ লদাটোৰ পৰা কিছুমান দীঘলীয়া ৰোলৰ নিচিনাকৈ ঘূৰাই ঘূৰাই বনাই তাৰ পৰা চিঙি লৈ কিছুমান সৰু টুকুৰা কৰিলে। এই টুকুৰাবোৰ গ্ৰেনাইটৰ ওপৰত থৈ হাতৰ তলুৱাত ঘূৰাই ঘূৰাই সৰু লাৰু তৈয়াৰ কৰিলে। হাতত শুকাই লাগি ধৰা ৰাগিবিলাক কোমল কৰিবলৈ মাজতে এবাৰ হাতখন পানীত তিঁয়াই ল’লে।

অলপমান লাৰু বনোৱাৰ পিছতে তেওঁ আমালৈ আহাৰ পৰিৱেশন কৰিলে। ষ্টীলৰ থালত আমাক খাবলৈ দিয়া হ’ল। “এয়া এনেকৈ খাওঁক,” নাগান্নাই ক’লে। মোৰ ৰাগিৰ লাৰুটো ভাঙি লৈ ৰঙা বুটেৰে তৈয়াৰ কৰা আঞ্জাতে জুবুৰিয়াই লোৱা হ’ল। প্ৰভাই কম তেলতে ৰন্ধা শাক-পাচলি এবাতি আনি দিলে। এয়া সুস্বাদু আহাৰ, বহু সময়লৈ ভোক লগা নাছিল।

ইয়াৰ নিকটৱৰ্তী বাৰগুৰ অঞ্চলটোও কৃষ্ণগিৰি জিলাৰ অন্তৰ্ভূক্ত। ইয়াৰ লিংগায়াত সম্প্ৰদায়ৰ লোকে ৰাগিৰ পৰা ৰুটি তৈয়াৰ কৰে। বহুদিনৰ আগতে এবাৰ এই অঞ্চললৈ যাওতে কৃষিজীৱি পাৰ্ৱতী সিদ্ধায়াই মোক ৰুটি তৈয়াৰ কৰি খুৱাইছিল, ঘৰৰ বাহিৰত থোৱা এটা চৌকাত ৰুটি তৈয়াৰ কৰিছিল। ৰুটিবোৰ ডাঠ আৰু সোৱাদযুক্ত, ৰুটিবিলাক কেইবাদিনলৈ বেয়া নোহোৱাকৈ থাকে। পৰিয়ালৰ গোপালকসকলৰ বাবে ই স্বাস্থ্যকৰ আহাৰ আৰু দূৰৰ বনাঞ্চলত গৰু-ম’হ চৰাবলৈ যাওতে এনে ৰুটি লৈ যায়।

চেন্নাইৰ খাদ্য ইতিহাসবিদ, কৌতুক কৰাত পাকৈত আৰু প্ৰদৰ্শনীৰ গুৰি ধৰোঁতা ৰাকেশ ৰঘূনাথনে পাৰিবাৰিক আহাৰৰ কথা বৰ্ণনা কৰিছেঃ ‘ৰাগি ৱেল্লা আদাই।’ এবিধ সুমিষ্ট পিঠা, এই পিঠাৰ বাবে ৰাগি গুড়ি লাগে। ইয়াত গুড় আৰু নাৰিকলৰ গাখীৰ মিহলোৱা হয়, অলপমান ইলাইচি আৰু শুকান আদাৰ গুড়ি মিহলোৱা হয়। “মোৰ মাৰ আইতাই মাক এই আদাই (আহাৰবিধ) প্ৰস্তুত কৰিবলৈ শিকাইছিল। থাঞ্জাভুৰ অঞ্চলত ইয়াক প্ৰস্তুত কৰা হয়। বিশেষকৈ কাৰ্তিগাই দীপম (পোহৰৰ পৰম্পৰাগত উৎসৱ)ৰ দিনা পালন কৰা উপবাস ভাঙিবলৈ এই আহাৰ প্ৰথমতে খোৱা হয়।” এই ডাঠ পিঠাবিলাক তৈয়াৰ কৰোঁতে অলপমান ঘি ব্যৱহাৰ কৰা হয়, দুয়োবিধ সামগ্ৰী পুষ্টিকৰ আৰু স্বাস্থ্যসন্মত। বিশেষকৈ উপবাসৰ পিছত খোৱা উপযুক্ত আহাৰ।

পুৰুকোট্টাই জিলাৰ চিন্না বীৰমংগলম গাঁৱৰ গ্ৰাম্য ৰন্ধন চেনেলৰ বিখ্যাত ৰান্ধনিসকলে ৰাগিৰ আহাৰ তৈয়াৰ কৰেঃ তেওঁলোকে শুকান মাছৰ সৈতে ৰাগিৰ কালি (লাৰু) প্ৰস্তুত কৰে। তেওঁলোকৰ ইউটিউব চেনেলটোত ইউএছপি পৰম্পৰাগত খাদ্যসম্ভাৰৰ পৰিৱেশন কৰা। “মোৰ বয়স সাত বা আঠ বছৰ হোৱাৰ পৰা ৰাগি ৰন্ধা দেখিছো আৰু খাই আহিছো। লাহে লাহে ৰাগি অন্তৰ্ধান হৈছে আৰু ভাতৰ আৱিৰ্ভাৱ ঘটিছে।” চেনেলটোৰ সহ-প্ৰতিস্থাপক ৩৩ বছৰীয়া সুব্ৰমণিয়নে টেলিফোনৰ এক সাক্ষাৎকাৰত কয়।

মাত্ৰ দুবছৰতে এই ভিডিঅ’টোৱে আঠ নিযুত দৰ্শক লাভ কৰিছে। আচৰিত হ’বলগীয়া নহয় যে এই চেনেলটোৰ দৰ্শকৰ সংখ্যা ১৫ নিযুতলৈ বৃদ্ধি হ’ব পাৰে। চেনেলটোৱে ৰাগিৰ পৰা প্ৰস্তুত কৰা খাদ্যৰ পৰম্পৰাগত প্ৰক্ৰিয়া খুটি-নাতি মাৰি দেখুৱাব পাৰিছে, গ্ৰেনাইট শিলেৰে ৰাগি গুৰি কৰাৰ পৰা আৰম্ভ কৰি তালগছৰ পাতেৰে তৈয়াৰ কৰা পাতত লৈ ৰাগি খোৱালৈকে সকলো দিশ সামৰি লৈছে।

PHOTO • Aparna Karthikeyan
PHOTO • Aparna Karthikeyan

বাওঁফালেঃ বিগত পাঁচ দশকত ৰাগিৰ ব্যৱহাৰ হ্ৰাস পাইছে। সোঁফালেঃ ৰাগিৰ গছ মৰণা মাৰিবলৈ ব্যৱহাৰ কৰা গৰুৱে টনা ডাঙৰ শিলটো নাগান্নাৰ চোতালত দেখা গৈছে

ৰাগিৰ গুৰিৰ পৰা ডাঙৰ লদা এটা তৈয়াৰ কৰা প্ৰক্ৰিয়াটো খুব আমোদজনক। সুব্ৰমণিয়নৰ ৭৫ বছৰীয়া ককাদেউতাক পেৰিয়াতাম্বিয়ে ভাতৰ লগত ৰাগি মিহলাই তৈয়াৰ কৰা দিশটোত নিজে চকু দিয়ে, এই মিশ্ৰণৰ পৰা লাৰু তৈয়াৰ কৰা হয় আৰু এই লাৰুবিলাক ভাতৰ মাৰত তিঁয়াই থোৱা হয়। এই নিমখীয়া লাৰুবিলাক শুকান মাছৰ লগত খোৱা হয়, কাঠৰ খৰিৰ জুইত শুকান মাছ অলপ সেকি লোৱা হয়। “দৈনন্দিন আহাৰত ইয়াৰ লগতে পিয়াজ আৰু কেঁচা জলকীয়া থাকে,” তেওঁ কয়।

সুব্ৰমণিয়নে ধানৰ থলুৱা প্ৰজাতি আৰু পুষ্টিকৰ গুণ থকা ৰাগিৰ বিষয়ে কয়। ২০২১ৰ বিধানসভা নিৰ্বাচনৰ আগতে ৰাহুল গান্ধী তামিলনাডুলৈ আহোতে তেওঁ আৰু ভাই-ভতিজাসকল খুব আকৰ্ষিত হৈছিল। তেওঁলোকে প্ৰতিটো ভিডিঅ’ত ৰন্ধন বিষয়বিলাক প্ৰায়ে উপস্থাপন কৰে, বিশেষকৈ অৱলুপ্ত হ’বধৰা থলুৱা আপ্যায়নৰ সমলসমূহ তুলি ধৰে।

*****

যি কৃষকে শস্যৰ পথাৰত ৰাসায়নিক দ্ৰব্য ছটিয়ায়, তেওঁলোকৰ লাভৰ ধন চিকিৎসালয়ত ব্যয় হয়।
কৃষ্ণগিৰিৰ ৰাগি কৃষক আনন্দৰামু

নাগান্নাৰ গাওঁখনৰ খেতিপথাৰৰ পৰা ৰাগি অন্তৰ্ধান হ’ব ধৰাৰ তিনিটা কাৰণ আছেঃ অৰ্থনৈতিক আৰু হাতী তথা সম্প্ৰতি আটাইতকৈ বেছি ক্ষতিকাৰক হৈ উঠা পৰিৱৰ্তিত জলবায়ু। প্ৰথমটো কাৰণ সমগ্ৰ তামিলনাডুৰ উমৈহতীয়া সমস্যা। এক একৰ মাটিত ৰাগিৰ খেতি কৰিবলৈ ১৬ হাজাৰৰ পৰা ১৮ হাজাৰ টকা খৰছ হয়। “যদি বৰষুণ হয় বা হাতী আহি যায়, প্ৰত্যেকেই খেতি চপোৱাৰ সময়ত শ্ৰমিক বিচাৰি হাহাকাৰ কৰে আৰু ইয়াৰ ফলত অতিৰিক্ত ২০০০ টকা শ্ৰমিকৰ পাৰিশ্ৰমিক যোগ হয়,” আনন্দই কয়।

“তামিলনাডুত ৮০ কিলোগ্ৰামৰ এবস্তা ৰাগি ২২০০ টকাত বিক্ৰী হয়। প্ৰতি কিলোগ্ৰামৰ দাম ২৭.৫০ টকা। ভাল বতৰত এক একৰ মাটিত ১৫ৰ পৰা ১৮ বস্তা ৰাগি উৎপাদন হয় যদিহে বীজ ভাল হয়, কিন্তু গৰু-ম’হে উচ্চ ফলনজাত ৰাগিৰ খেৰ খাবলৈ বেয়া পায়। সিহঁতে থলুৱা প্ৰজাতিৰ বীজেৰে প্ৰস্তুত কৰা ৰাগিৰ খেৰ খাবলৈ ভাল পায়,” আনন্দই কয়।

এক একৰ মাটিত ৰাগিৰ খেৰৰ দুটা পুঁজি হয়। একোট পুঁজি ১৫ হাজাৰ টকাত বিক্ৰী কৰিব পাৰি। নিজৰ গৰু-ম’হ থকা খেতিয়কে এই খেৰ সিহঁতক খুৱায়। ধুনীয়াকৈ পুঁজি বনাই এবছৰৰ বাবে সংৰক্ষণ কৰে। “আমি ৰাগিও বিক্ৰী নকৰো। অৱশ্যে পিছৰ বছৰত উৎপাদন বেছি হ’লে অলপ বিক্ৰী কৰো। কেৱল আমি নহয়, আমাৰ কুকুৰকেইটা আৰু কুকুৰা চৰাইকেইটাকো ৰাগি লাগে। সকলোৱে খাবলৈ যথেষ্ট ৰাগিৰ প্ৰয়োজন হয়,” আনন্দই কয়।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালেঃ ৰাগিৰ খেৰ খোৱা ভেড়া আৰু ছাগলীবিলাকৰ সৈতে আনন্দ। সোঁফালেঃ নাগান্নাৰ পিতৃগৃহত জাৰি চাফা কৰা ৰাগি শস্য প্লাষ্টিকৰ বস্তাত ভৰোৱা হৈছে

আনন্দৰামুৱে এক প্ৰাচীন সত্য নিশ্চিত কৰিলে। থলুৱা বীজৰ পৰা উৎপাদিত এই ৰাগিবিধ প্ৰাচীন কালৰ পৰা চলি অহাৰ বাবেই নহয়, এই অঞ্চল আৰু ইয়াৰ মানুহৰ মূল সম্ভাৰ। এই শস্যবিধ সহজে উৎপাদিত হয় আৰু অনিষ্ট হোৱাৰ আশংকা কম থাকে বুলি আনন্দই কয়। “দুসপ্তাহ যদি বৰষুণ নিদিয়ে, বা পানী নাপায়, তেতিয়া ইয়াৰ একো নহয়। ইয়াক অনিষ্ট কৰা কীট-পতংগৰ সংখ্যা কম কাৰণে আমি কীটনাশক ব্যৱহাৰ নকৰো, অথচ বিলাহী বা ফ্ৰেন্স বীনত কৰিবলগা হয়। যি কৃষকে কীটনাশক বা আন ৰাসায়নিক দ্ৰব্য ছটিয়ায়, তেওঁলোকে অতিৰিক্তভাৱে কৰা লাভৰ ধন চিকিৎসালয়ত ব্যয় হয়,” আনন্দই কয়।

তামিলনাডু চৰকাৰে শেহতীয়াভাৱে গ্ৰহণ কৰা পদক্ষেপে অলপ সকাহ দিব। ৰাজ্য চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ যোগেদি চেন্নাই আৰু কইম্বোতোৰত ৰাগি বিতৰণ কৰিব ধৰিছে। ২০২২ৰ কৃষি বাজেটৰ ভাষণ দিওঁতে মন্ত্ৰী এম. আৰ. কে. পন্নীৰচেলভামে ৰাগিৰ কথা ১৬ বাৰ উল্লেখ কৰিছিল (ধান-চাউলৰ কথা ৩৩ বাৰ কৈছে)। ৰাগী জনপ্ৰিয় কৰি তুলিবলৈ আগবঢ়োৱা প্ৰস্তাৱবোৰৰ ভিতৰত দুটা বিশেষ অঞ্চল স্থাপন কৰা আৰু ৰাজ্য আৰু জিলা পৰ্যায়ত ৰাগি উৎসৱ পাতিবলৈ ৯২ কোটি টকা আৱণ্টন দিব বুলি ঘোষণা কৰিছে - ইয়াৰ জৰিয়তে ৰাগি বা বাজৰা পুষ্টিকৰ গুণ সম্পৰ্কে ৰাইজক সজাগ কৰিব বিচৰা হৈছে।

ইয়াৰ উপৰি এফ.এ.অ’য়ে ২০২৩ বৰ্ষটো আন্তৰ্জাতিক ৰাগি বৰ্ষ ৰূপে কৰা ঘোষণাই ভাৰত চৰকাৰৰ পুষ্টিকৰ মাহজাতীয় খাদ্যৰ লগতে ৰাগিকো স্থান দিয়াব পাৰে বুলি আশা কৰা হৈছে।

তথাপিও নাগান্নাৰ পৰিয়ালৰ বাবে এই বছৰটো হৈ পৰিছে এক প্ৰত্যাহ্বান। তেওঁলোকে আধা একৰ মাটিত মাত্ৰ তিনি বস্তা ৰাগি পালে। অধিকাংশ বন্যজীৱ আৰু বৰষুণে নষ্ট কৰিলে। “ৰাগি খেতিৰ বতৰত প্ৰতিটো নিশা আমি পথাৰলৈ যাব লাগে আৰু পথাৰৰ মাজত থকা গছৰ ওপৰত তৈয়াৰ কৰা চাংঘৰত উঠি পহৰা দিব লাগে,” আনন্দই কয়।

তেওঁৰ আন সন্তানসকল তেওঁৰ তিনিজন ভাতৃ আৰু এগৰাকী ভনীয়েক কৃষিক বৃত্তি হিচাপে লোৱা নাই, ওচৰতে থকা থাল্লি নগৰত কাম কৰে। আনন্দই কৃষিকাৰ্য্য ভাল পায়। “য’ত মই আগতে বিদ্যালয়লৈ গৈছিলো, মই সাধাৰণতে আম গছত উঠি বহি থাকো আৰু ছুটীৰ সময়ত আন ল’ৰা-ছোৱালীৰ লগত ঘৰলৈ আহো। মই সেইটো ভাল পাইছিলো,” তেওঁ পথাৰত বুটমাহৰ খেতিৰ মাজে মাজে খোজকাঢ়ি মোক এইদৰে কয়।

PHOTO • M. Palani Kumar
PHOTO • Aparna Karthikeyan

বাওঁফালেঃ পথাৰত আনন্দই বুটমাহৰ খেতিডৰাত চকু ফুৰাইছে। সোঁফালেঃ নাগান্নাৰ পথাৰত থকা এজোপা গছৰ ওপৰত তৈয়াৰ কৰা এখন মাচান, ৰাগি খেতিৰ বতৰত ইয়াত উঠি বন্যহাতীৰ বাবে পহৰা দিয়া হয়

বৰষুণে নষ্ট কৰা খেতিবিলাক তেওঁ আমাক দেখুৱায়। “মোৰ ৮৬ বছৰৰ জীৱনকালত কেতিয়াও এনে বৰষুণ দেখা নাছিলো,” ক্ষুব্ধ নাগান্নাই কয়। তেওঁৰ মতে আৰু তেওঁ বিশ্বাস কৰা পঞ্জিকাৰ জ্যোতিষ মতে এইবছৰ বৰষুণ হ’ব ‘বিশাখা’ প্ৰতিটো নক্ষত্ৰৰ নাম অনুসৰি প্ৰতিবছৰৰ বৰষুণৰ নামাকৰণ কৰা হয়। “অৰু মাচাম, মাঝাই, মাঝাই মাঝাই,” অৰ্থাত গোটেই মাহ কেৱল বৰষুণ বৰষুণ বৰষুণ, কেৱল বৰষুণ। “আজি  অলপ ৰ’দ ওলাইছে।” তেওঁৰ কথাই সংবাদপত্ৰইও কৈছে। ২০২১ত তামিলনাডুত ৫৭ শতাংশ অতিৰিক্ত বৃষ্টিপাত হৈছে।

গোপাৰ পথাৰলৈ উভতি আহি আমি দুজন বৃদ্ধ কৃষকক লগ পালো। তেওঁলোকে গাত চাদৰ লৈছে। টুপি পিন্ধিছে আৰু ছাতি লৈছে। কন্নড় ভাষাত তেওঁলোকে ৰাগি খেতিৰ অৱনতি ঘটা বুলি কৈছে। গোপাই মোক অনুবাদ কৰি কৈছে।

কে. ৰাম ৰেড্ডী নামৰ ৭৪ বছৰ বয়সীয়া খেতিয়কজনে মোক ক’লে যে এইবাৰ তেওঁৰ খেতিপথাৰৰ আধাখিনিত ৰাগি খেতি কৰা হৈছে। আগৰ তুলনাত এইবছৰ অলপ বেছিকৈ কৰিছে। তেওঁ ক’লে যে প্ৰতি পৰিয়াল দুই একৰকৈ মাটি আছে। তাতে আমি খেতি কৰো। ইয়াৰ আধাখিনিত বীন আৰু বিলাহীৰ খেতি কৰো। ৬৩ বছৰীয়া কৃষ্ণ ৰেড্ডীয়ে ক’লে যে এতিয়া ৰাগি খেতি কৰা মানে কেৱল উচ্চ ফলনজাত বীজৰ পৰা কৰিবলগা হয়।

ৰাম ৰেড্ডীয়ে কয় যে থলুৱা বীজ বেছি ভাল। তেওঁ নিজৰ সুস্বাস্থ্য দেখুৱাই কয় যে ডেকাকালত তেওঁ কেৱল থলুৱা ৰাগি খাইছিল।

কিন্তু এইবছৰৰ প্ৰচুৰ বৰষুণক লৈ তেওঁ হতাশ। “সাংঘাতিক বেয়া হৈছে,” তেওঁ মন্তব্য কৰে।

চৰকাৰে ক্ষতিপূৰণ দিব বুলি তেওঁ নিশ্চিত নহয়। “ক্ষতিৰ কাৰণ যিয়ে নহওঁক, উৎকোচ অবিহনে আমি একো নাপাওঁ। তাৰোপৰি আমাৰ নিজৰ নামত পট্টা থাকিব লাগিব।” সেইকাৰণে নিজৰ নামত পট্টা নথকা আধিয়াৰ কৃষকে ক্ষতিপূৰণ নাপায়।

PHOTO • Aparna Karthikeyan
PHOTO • Aparna Karthikeyan

বাওঁফালেঃ ৰঙাটুপি পিন্ধা দুই কৃষক ক্ৰমে কৃষ্ণা ৰেড্ডী আৰু ৰাম ৰেড্ডী, গোল্লাপাল্লি গাঁৱত। সোঁফালেঃ হাতীয়ে নষ্ট কৰা শস্যৰ মাজত আনন্দ

সেয়াও সদায় ইমান সহজ নহয় বুলি আনন্দই দুখেৰে কয়। তেওঁৰ দেউতাকক নিজৰ খুড়ায়েকে ঠগিলে। তেওঁৰ দেউতাকক বিশ্বাসঘাটকতা কৰা আনন্দই আমাক অংগি-ভংগিৰে বুজালে। তেওঁ নিজৰ ফালে চাৰিখোজ আগুৱাই আহি আনফালে চাৰিখোজ আগুৱাই গ’ল। “ঠিক তেনেকৈয়ে কেইফুটমান তহঁতৰ আৰু কেইফুটমান মোৰ মাটি বুলি আমাক কৈছিল। মোৰ দেউতা শিক্ষিত নহয়, তেওঁ সহজে মানি ল’লে। আমি চাৰি একৰ মাটিৰ পট্টা পালো।” কিন্তু বাস্তৱত তেওঁলোকে ভালেখিনি খেতি কৰে যদিও নিজৰ নামত গোটেইখিনি মাটিৰ পট্টা নথকা বাবে সমুদায় ক্ষতিৰ বাবদ ক্ষতিপূৰণ নাপায়।

বাৰান্দালৈ উভতি আহি তেওঁ আমাক আলোকচিত্ৰ আৰু নথিপত্ৰ দেখুৱালে। এফালে হাতীয়ে তচনচ কৰিলে, আনফালে গাহৰিয়ে। এডাল বাগৰি পৰা গছ। পথাৰত বিধ্বস্ত শস্য। ভাঙি পৰা এডাল গছৰ কাষত তেওঁৰ দেউতাক থিয় হৈ আছে।

“খেতিৰ পৰা আপুনি কেনেকৈ ধন পাব? আপুনি এখন ভাল বাহন বা ভাল কাপোৰ খেতিৰ ধানেৰে কেনেকৈ কিনিব? উপাৰ্জন ইমান কম যে এই মাটিৰ উপাৰ্জনেৰে একো কৰিব নোৱাৰি,” নাগান্নাই ক’লে। তেওঁ ঘৰত পিন্ধা কাপোৰ সলাই বেলেগ কাপোৰ পিন্ধিলে - এটা বগা কামিজ, নতুন ধূতি, টুপি, এখন মাস্ক আৰু ৰুমান ল’লে। “আহক আমি মন্দিৰলৈ যাওঁ,” তেওঁ মোক ক’লে। মই সন্তোষেৰে তেওঁৰ কথা মানি ল’লো। তেওঁ যাবলৈ ওলাল। ডেংকানিকোট্টাই তালুকত হৈ থকা উৎসৱলৈ, ভাল ৰাস্তাৰে গ’লে আধা ঘণ্টা সময় লাগিব।

গৈ থাকোতে তেওঁ আমাক ইফালে-সিফালে দেখুৱায় গ’ল। ঠাইবোৰ কিমান সলনি হৈছে, সেইবিষয়ে তেওঁ গৈ থাকোতে ক’লে। তেওঁ কয় যে গোলাপ ফুলৰ খেতিয়কবোৰে বৃহৎ পৰিমাণৰ ঋণ লৈছে। এক কিলোগ্ৰামৰ ফুলত ৫০ টকাৰ পৰা ১৫০ টকা পায়। উৎসৱৰ বতৰত দাম বাঢ়ে। গোলাপৰ আকৰ্ষণীয় যি বৈশিষ্ট মই শুনিলো. সেয়া ৰং বা সুগন্ধী নহয় - গোলাপৰ খেতি কৰাৰ আচল কাৰণ হ’ল হাতীয়ে এই ফুলবিলাক খাবলৈ বেয়া পায়।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালেঃ ডেংকানিকোট্টাই মন্দিৰত চলি থকা উৎসৱলৈ নাগান্নাই যাত্ৰা কৰিছে। সোঁফালেঃ আন এটা মন্দিৰৰ পৰা হাতীৰ শোভাযাত্ৰা উলিওৱা হৈছে

আমি মন্দিৰৰ যিমানেই ওচৰ পাইছো, ৰাস্তাত মানুহ ভীৰ বাঢ়ি গৈছে। দীঘলীয়া শোভাযাত্ৰা আৰু আশ্বৰ্য্যজনকভাৱে - এটা হাতী। নাগান্নাই পূৰ্বানুমান কৰিছিল, “আমি আনাইক (হাতী) লগ পাম”। মন্দিৰৰ ৰান্ধনিশালত পুৱাৰ জলপান খাবলৈ তেওঁ আমাক মাতিলে। খিচিৰি আৰু ভাজিজাতীয় বস্তু। অতি সোনকালে তামিলনাডুৰ আন এটা মন্দিৰৰ পৰা এজন মাউত আৰু পুৰোহিতক লৈ এটা হাতী আহি উপস্থিত হ’ল। নাগান্নাই ক’লে - হাতীজনী বুঢ়ী। তাই লাহে লাহে খোজ কাঢ়ে। মানুহে ম’বাইল ফোনেৰে ফটো তুলিলে। বনাঞ্চলৰ পৰা আধা ঘণ্টা দূৰত্বত হাতীৰ ই এক ভিন্ন কাহিনী।

আনন্দই কোৱা কথাবোৰ মই আকৌ তেওঁলোকৰ বাৰান্দাত বহি মনত পেলাবলৈ চেষ্টা কৰিলো। আনন্দই কান্ধত এখন গামোচা লৈ কথাবোৰ কৈছে। “এটা বা দুটা হাতী আহিলে আমি চিন্তা নকৰো। ডেকা মতা হাতীবোৰক কোনোৱে বাধা দিব নোৱাৰে। সিহঁতে যিকোনো ভয়ানক বেৰ পাৰ হৈ সকলো খাই পেলায়।”

আনন্দই সিহঁতৰ ভোকৰ তাড়নাৰ কথা বুজি পায়। “আমি আধা কিলোগ্ৰাম আহাৰৰ কাৰণে কিমান কষ্ট কৰোঁ. হাতীয়ে কি কৰিব? সিহঁতক প্ৰতিদিনে ২৫০ কিলোগ্ৰামৰ প্ৰয়োজন হয়! কঠাল গছডালৰ পৰা আমি তিনি হাজাৰ টকা উপাৰ্জন কৰোঁ। যিবছৰ হাতীয়ে কঠালবিলাক খাই পেলায়, আমি মাত্ৰ ভাবো ইশ্বৰ আমাৰ কাষত আছে”, তেওঁ হাঁহে।

তথাপি এক প্ৰৱল ইচ্ছা তেওঁ মনতে পুহি ৰাখিছে। এদিন ৩০ বা ৪০ বস্তা ৰাগি পাব। “মই নিশ্চয় এইখিনি উপাৰ্জন কৰিম মহাশয়া,” তেওঁ কয়।

মোট্টাই ৱালৰ ইচ্ছা…

বেংগালুৰুৰ আজিম প্ৰেমজী ইউনিভাৰ্ছিটিৰ ২০২০ৰ গৱেষণা অনুদান কাৰ্য্যসূচীৰ অনুদানেৰে এই গৱেষণামূলক অধ্যয়ন কৰা হৈছে।

প্ৰচ্ছদ আলোকচিত্ৰ: এম পালানি কুমাৰ

অনুবাদ: পংকজ দাস

Aparna Karthikeyan

Aparna Karthikeyan is an independent journalist, author and Senior Fellow, PARI. Her non-fiction book 'Nine Rupees an Hour' documents the disappearing livelihoods of Tamil Nadu. She has written five books for children. Aparna lives in Chennai with her family and dogs.

Other stories by Aparna Karthikeyan
Photographs : M. Palani Kumar

M. Palani Kumar is Staff Photographer at People's Archive of Rural India. He is interested in documenting the lives of working-class women and marginalised people. Palani has received the Amplify grant in 2021, and Samyak Drishti and Photo South Asia Grant in 2020. He received the first Dayanita Singh-PARI Documentary Photography Award in 2022. Palani was also the cinematographer of ‘Kakoos' (Toilet), a Tamil-language documentary exposing the practice of manual scavenging in Tamil Nadu.

Other stories by M. Palani Kumar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das